Niketan Class 8 Social Chapter 23 মৌলিক অধিকাৰ

Niketan Class 8 Social Chapter 23 মৌলিক অধিকাৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 23 মৌলিক অধিকাৰ and select need one.

Niketan Class 8 Social Chapter 23 মৌলিক অধিকাৰ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 23 মৌলিক অধিকাৰ Solutions for All Subjects, You can practice these here…

মৌলিক অধিকাৰ

Chapter – 23

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্ৰশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) মৌলিক অধিকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ আমাৰ সংবিধানে সমাজত সঠিক ৰূপে বসবাস কৰিবলৈ প্রয়ােজন হােৱা কেইটামান অধিকাৰ সকলাে নাগৰিককে দিছে । এই অধিকাৰসমূহ উপভােগ কৰাত কোনাে ব্যক্তিয়ে কাকো বাধা প্রদান কৰিব নােৱাৰে । সেয়ে ইয়াক মৌলিক অধিকাৰ বুলি কোৱা হয় । 

( খ ) সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে ? 

উত্তৰঃ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে । 

( গ ) ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ কোনটো সংশােধনী মতে বাতিল কৰা হয় ? 

উত্তৰঃ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ ৪৪ তম সংবিধান সংশােধনীৰ জৰিয়তে ১৯৭৮ চনত বাতিল কৰা হয় । 

( ঘ ) সংবিধানৰ কোনটো অনুচ্ছেদ মতে চৰকাৰী শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা প্রদানত বাধা আৰােপ কৰিছে ?

উত্তৰঃ সংবিধানৰ ২৮ নং অনুচ্ছেদ অনুসৰি চৰকাৰ পৰিচালিত কোনাে শিক্ষানুষ্ঠানতে ধর্মীয় শিক্ষা প্রদানত বাধা আৰােপ কৰিছে । 

( ঙ ) কোন চনত শিশু শিক্ষা অধিকাৰ আইন প্রণয়ন কৰা হয় ? 

উত্তৰঃ ২০০৯ চনত । 

প্রশ্ন ২: খালী ঠাই পূৰ কৰাঃ 

( ক ) ভাৰতবর্ষ এখন ধর্ম ___ ৰাষ্ট্র । 

উত্তৰঃ নিৰপেক্ষ ।

( খ ) শিশু শ্রমিক নিষিদ্ধ আইন ___ চনত জাৰি কৰা হয় । 

উত্তৰঃ ২০০৬ ।

( গ ) মৌলিক অধিকাৰে নাগৰিকৰ ___ বিকাশত সহায় কৰে । 

উত্তৰঃ ব্যক্তিত্ব ।

( ঘ ) ন্যায়ালয় হৈছে মৌলিক অধিকাৰৰ ____ । 

উত্তৰঃ ৰক্ষক । 

প্রশ্ন ৩: শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

( ক ) মৌলিক অধিকাৰৰ পৰা বঞ্চিত হলে নাগৰিকে ন্যায়ালয়ৰ কাষ চাপিব পাৰে / নােৱাৰে। 

উত্তৰঃ পাৰে । 

( খ ) দেশৰ জৰুৰী অৱস্থা বহাল থাকিলে নাগৰিকে সকলােবােৰ মৌলিক অধিকাৰ ভােগ কৰিব পাৰে / নােৱাৰে । 

উত্তৰঃ নােৱাৰে । 

( গ ) আইনৰ চকুত সকলাে সমান হয় / নহয় । 

উত্তৰঃ হয় । 

( ঘ ) মৌলিক অধিকাৰ সংবিধানৰ এক অবিচ্ছেদ্য অংগ হয় / নহয় । 

উত্তৰঃ হয় । 

( ঙ ) আমাৰ দেশৰ নাগৰিকে নিজা নিজা ভাষা , সংস্কৃতি আৰু শিক্ষাৰ সুৰক্ষা লাভ কৰিব পাৰে / নােৱাৰে । 

উত্তৰঃ পাৰে ।

প্রশ্ন ৪: মৌলিক অধিকাৰ সমূহৰ প্ৰয়ােজনীয়তাৰ বিষয়ে লিখা । 

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় । 

◆  মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্রৰ পৰিচয় পােৱা যায় । 

◆  মৌলিক অধিকাৰসমূহ উপভােগ কৰাৰ ক্ষেত্ৰত কোনাে বৈষম্য নথকাৰ বাবে জাতি , ধর্ম , ভাষা , বর্ণ নির্বিশেষে নাৰী – পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভােগ কৰিব পাৰে । 

প্রশ্ন ৫: মৌলিক অধিকাৰৰ প্রধান বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ মৌলিক অধিকাৰৰ প্রদান বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ । 

( খ ) মৌলিক অধিকাৰসমূহ বৈষম্য মূলক নহয় । 

( গ ) ন্যয়ালয় হৈছে মৌলিক অধিকাৰৰ ৰক্ষক । 

( ঘ ) মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে । 

( ঙ ) নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলােৱাত বাধা প্রদান কৰে । 

( চ ) সমাজৰ পিচপৰা লােকক মৌলিক অধিকাৰে সুৰক্ষা প্রদান কৰে । 

প্রশ্ন ৬: ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অধ্যায়ত ১২ অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ৬ প্রকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা আছে । আমাৰ মৌলিক অধিকাৰসমূহ এনে ধৰণৰ –

১। সমতাৰ অধিকাৰ ।

২। স্বাধীনতাৰ অধিকাৰ ।

৩। শোষণৰ বিৰুদ্ধে অধিকাৰ ।

৪। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ ।

৫। ধর্মীয় স্বাধীনতাৰ অধিকাৰ ।

এই অধিকাৰ সমূহৰ যােগেদি সংবিধান প্রণেতা সকলে ভাৰতৰ জনগণক সকলাে ক্ষেত্ৰতে সম অধিকাৰ প্ৰদান কৰিছে , স্বাধীন ভাবে চলা – ফুৰা , ব্যৱসায় বাণিজ্য কৰাৰ অধিকাৰ দিছে , কোনেও যাতে অন্যায় ভাবে শোষণ কৰিব নােৱাৰে তাৰ প্রতিবাদ কৰাৰ অধিকাৰ দিছে , শিক্ষা – দীক্ষা লাভ কৰাৰ অধিকাৰ প্ৰদান কৰিছে , ইয়াৰােপৰি সকলাে ধৰ্মৰ মানুহকে নিজ নিজ ধর্ম আচৰণ কৰাৰ অধিকাৰ অৰ্পন কৰা হৈছে ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: ভাৰতীয় সংবিধানে প্রদান কৰা “ শােষণৰ বিৰুদ্ধে অধিকাৰে শিশু সকললৈ কি সুবিধা আগবঢ়াইছে ? 

উত্তৰঃ আমাৰ সংবিধানৰ ২৩ নং আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে উল্লেখ আছে । আমি সাধাৰণতে হােটেল , দোকান , ইটা ভাটা , চাহ বাগিছা , কল – কাৰখানা , ৰাস্তা নির্মাণ আদিত শিশু সকলক কাম কৰা দেখা পাও । ইয়াৰ কাৰণ হ’ল মালিক সকলে কম মজুৰিত দিনে ৰাতিয়ে কামত নিয়ােগ কৰিব পাৰে । আনকি কেতিয়াবা মালিকসকলে শিশুসকলক বিপদজনক স্থান যেনে খনি আদিত কাম কৰিবলৈও বাধ্য কৰায় । সেয়ে আমাৰ সংবিধানে শােষণৰ বিৰুদ্ধে অধিকাৰৰ ব্যৱস্থা কৰি শ্ৰমিকৰ পৰা বিনা মজুৰীৰে শ্ৰম আদায় , জোৰ – জুলুমকৈ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰােৱা , অন্যায় আৰু অবৈধ কাম – কাজৰ বাবে শিশুক নিয়ােগ আদি আইন বিৰােধী বুলি নিষিদ্ধ কৰিছে । 

শিশু সকলাে ভাৰতৰ নাগৰিক । গতিকে তেওঁলােকক সুৰক্ষা প্রদান কৰাটো সংবিধানৰ পবিত্র কর্তব্য । 

প্রশ্ন ২: শিশু শ্রমিক প্রতিৰোধ আইন ২০০৬ ৰ ওপৰত এটি টোকা লিখা। 

উত্তৰঃ ২০০৬ চনৰ অক্টোবৰ মাহত চৰকাৰে শিশু শ্রমিক প্রতিৰােধ আইন জাৰি কৰি ১৪ বছৰ বয়সৰ তলৰ শিশুক হােটেল , ধাবা , দোকান আদিত আৰু বিপদজনক কল – কাৰখানাৰ কামত নিয়ােগ কৰা বন্ধ কৰিছে । এই আইন ভংগ কৰা সকলক ৩ মাহৰ পৰা দুই বছৰ পর্যন্ত জেলত ৰাখিব পাৰিব আৰু ১০,০০০ ( দহ হাজাৰ ) টকাৰ পৰা ২০,০০০ ( বিশ হাজাৰ ) টকা পর্যন্ত জৰিমনা কৰিব পাৰিব । 

প্রশ্ন ৩: নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হলে কাৰ সহায় লব পাৰে ? 

উত্তৰঃ আমাৰ সংবিধানত ৩২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ সাংবিধানিক প্রতিকাৰৰ অধিকাৰ উল্লেখ আছে । ভাৰতবৰ্ষৰ সংবিধানে যিদৰে নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছে ঠিক সেইদৰে এই অধিকাৰসমূহ উলংঘা কৰাৰ ক্ষেত্ৰতো সংবিধানে প্রতিকাৰৰ ব্যৱস্থা কৰিছে । গতিকে নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হলে আদালতৰ সহায় ল’ব পাৰে । 

প্ৰশ্ন ৪: সংবিধানত উল্লেখ কৰা ধর্মীয় স্বাধীনতাৰ অধিকাৰ অনুচ্ছেদটোৱে নাগৰিকক কি অধিকাৰ প্ৰদান কৰিছে ? 

উত্তৰঃ আমাৰ সংবিধানত ২৫ নং অনুচ্ছেদৰ পৰা ২৮ নং অনুচ্ছেদলৈ ধর্মীয় স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে । ভাৰতবর্ষ হৈছে এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্র ( Secular ) । ইয়াত কোনাে ৰাজ ধর্ম নাই । ভাৰতবৰ্ষত সকলাে ধৰ্মৰ লােকে নিজ ইচ্ছা অনুসৰি ধর্ম গ্রহণ , ধর্মীয় আচাৰ অনুষ্ঠান পালন আৰু নিজ নিজ ধর্ম প্রচাৰৰ স্বাধীনতা উপভােগ কৰে । বিভিন্ন ধৰ্মৰ লােকৰ মাজত যাতে ঐক্য আৰু সংহতি বজাই ৰাখিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়েই আমাৰ সংবিধানে ধর্মীয় অধিকাৰ প্রদান কৰিছে ।

1 thought on “Niketan Class 8 Social Chapter 23 মৌলিক অধিকাৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top