Niketan Class 8 Social Chapter 22 ভাৰতৰ সংবিধান

Niketan Class 8 Social Chapter 22 ভাৰতৰ সংবিধান is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 22 ভাৰতৰ সংবিধান and select need one.

Niketan Class 8 Social Chapter 22 ভাৰতৰ সংবিধান

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 22 ভাৰতৰ সংবিধান Solutions for All Subjects, You can practice these here…

ভাৰতৰ সংবিধান

Chapter – 22

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: দুই নম্বৰৰ বাবে এটা বা দুটা বাক্যত উত্তৰ লিখা । 

( ক ) আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ সংবিধানৰ কি কি আদর্শ ভাৰতীয় সংবিধানত অনুসৰণ কৰা হৈছে ? 

উত্তৰঃ সংসদীয় গণতন্ত্রৰ ব্যৱস্থাটো বৃটিছ সংবিধানৰ পৰা আৰু ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিৰ ধাৰণাটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লােৱা হৈছে। 

( খ ) ১৯৩৫ চনৰ আইনৰ পৰা কি কি ধাৰণা ভাৰতীয় সংবিধানৰ বাবে গ্রহণ কৰা হ’ল । 

উত্তৰঃ ১৯৩৫ চনৰ আইনৰ পৰা যুক্তৰাষ্ট্ৰীয় চৰকাৰ , যুক্ত ৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ধাৰণা আদি গ্ৰহণ কৰা হৈছে । 

( গ ) প্রস্তাৱনাত কি পােৱা যায় ?

উত্তৰঃ প্ৰস্তাৱনাত সংবিধনাৰ লক্ষ্য আৰু আদৰ্শৰ আভাস পােৱা যায় । 

( ঘ ) ভাৰতবৰ্ষক কিয় গণৰাজ্য বােলা হয় ? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্র প্রধানকে ধৰি প্রশাসক সকল প্রত্যক্ষ বা পৰােক্ষভাৱে নির্বাচিত হয় জনগণৰ দ্বাৰা । গতিকে ভাৰত এখন গণৰাজ্য । 

( ঙ ) ধর্মনিৰপেক্ষ বুলিলে কি বুজা ? 

উত্তৰঃ আমাৰ ৰাষ্ট্ৰত বাস কৰা সকলাে ধৰ্মৰ লােক আইনৰ চকুত সমান আৰু ধৰ্মৰ নামত কোনাে নাগৰিককে অধিকাৰ উপভােগৰ পৰা বঞ্চিত কৰিব নােৱাৰে । সেয়ে ই ধর্ম নিৰপেক্ষ ৰাষ্ট্র। 

প্রশ্ন ২: চাৰি নম্বৰৰ বাবে – চাৰিটা বা পাঁচটা বাক্যত উত্তৰ লিখা । 

( ক ) ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল । 

১। পৃথিৱীৰ দীর্ঘতম সংবিধান । 

২। এটা বাক্যত সংবিধানখনৰ সকলাে আদর্শ প্রতিফলিত কৰা এটা প্রস্তাৱনা সংযােজন । 

৩। সমাজবাদী ৰাষ্ট্ৰ হিচাপে অভিহিত কৰণ । আৰু 

৪। আইনৰ চকুত সকলাে ধৰ্মৰ লােকে সমান অধিকাৰ লাভ কৰা ধৰ্মনিৰপেক্ষ দেশৰ ঘােষণা । 

( খ ) বৃটিছ চৰকাৰে ভাৰত শাসনৰ বাবে প্রণয়ন কৰা চাৰিখন আইনৰ নাম লিখা— 

উত্তৰঃ বৃটিছ চৰকাৰে ভাৰত শাসনৰ বাবে প্রণয়ন কৰা চাৰিখন আইনৰ নাম হৈছে –

১। ১৮৬১ চনৰ ভাৰত পৰিষদ আইন । 

২। ১৮৯২ চনৰ সংশােধিত ভাৰত পৰিষদ আইন । 

৩। ১৯০৯ চনৰ ভাৰত চৰকাৰ আইন । আৰু 

৪। ১৯১৯ চনৰ ভাৰত চৰকাৰ আইন । 

( গ ) ভাৰতৰ সংবিধানখন দীঘল হােৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ভাৰতৰ সংবিধানখন দীঘল হােৱাৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল –

১। ভাৰতৰ সংবিধানখনত ৩৯৫ টা অনুচ্ছেদ , ২২ টা অধ্যায় আৰু ১২ খন অনুসূচী আছে । গতিকে সংবিধানখন দীঘলীয়া ।

২। পৃথিৱীৰ কেইবাখনাে সংবিধানৰ পৰা বছা বছা আদর্শ সমূহ সংগ্রহ কৰি আমাৰ সংবিধানত অন্তর্ভুক্ত কৰাৰ বাবে সংবিধানখন অতি দীঘলীয়া হৈছে । 

৩। আমাৰ সংবিধানত কিছুমান বিষয় বৰ বিতংভাৱে বৰ্ণনা কৰা হৈছে যাৰ ফলত ই দীঘলীয়া হৈছে । আৰু 

৪। সংবিধানখন বহুবাৰ সংশােধন কৰি মূল দফাবােৰৰ লগত অতিৰিক্ত ধাৰা সংযােজন কৰা হৈছে ফলস্বৰূপে সংবিধানখন দীঘলীয়া হৈছে । 

( ঘ ) ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা একাত্মক গুণ উল্লেখ কৰা । 

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় গুণ — 

১। ক্ষমতাৰ বিতৰণ । আৰু 

২। নিৰপেক্ষ নাগৰিকত্ব । 

একাত্মক গুণ – 

১৷ কেন্দ্রীয় চৰকাৰ । আৰু

২। একক নাগৰিকত্ব । 

( ঙ ) ভাৰতীয় শাসন ব্যৱস্থাক কিয় সংসদীয় গণতন্ত্র বােলা হয় ? 

উত্তৰঃ যেতিয়া গণতান্ত্রিক ৰাষ্ট্ৰ এখনত চৰকাৰৰ তিনিওটা শাখাৰ ভিতৰত আইন সভা বা সংসদ আটাইতকৈ ক্ষমতাশালী হয় তেন্তে সেই ব্যৱস্থাক সংসদীয় গণতন্ত্র বােলা হয় । ভাৰত চৰকাৰৰ আটাইতকৈ শক্তিশালী অংগ হৈছে সংসদ । সেইবাবে ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় গণতন্ত্র বােলা হয় । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্ৰশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) আমাৰ দেশখন ভাৰতীয় সংবিধানৰ মতে কেতিয়াৰ পৰা পৰিচালিত হ’ল ৷ 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা । 

( খ ) প্রথমতে কাৰ উদগণিত কিমান চনত ভাৰতবৰ্ষৰ বাবে নিজাকৈ এখন সংবিধান ৰচনা কৰাৰ বাবে যােজা চলিছিল ? 

উত্তৰঃ এনি বেচাস্তৰ উদগণিত ১৯২২ চনত । 

( গ ) পােন প্রথমে কিমান চনত ভাৰতৰ শাসনৰ বাবে নিজা সংবিধান এখন বৃটিছ চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল আৰু এইখন কোনে প্রস্তুত কৰিছিল । 

উত্তৰঃ ১৯২৭ চনত । ৰচনা -মতিলাল নেহৰু । 

( ঘ ) দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৩৯ চনত । 

( ঙ ) দ্বিতীয় বিশ্বযুদ্ধৰ কেতিয়া সামৰণি পৰিছিল ? 

উত্তৰঃ ১৯৪৫ চনত । 

( চ ) ১৯৪৬ চনত গঠিত হােৱা সংবিধান সভাৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ । 

( ছ ) ১৯৪৭ চনৰ ২৭ আগষ্টত গঠন কৰা সংবিধান খচৰা প্ৰস্তুত কমিটি সভাপতি কোন আছিল ? 

উত্তৰঃ ড° বাবা চাহেব ভীমৰাও আম্বেদকাৰ । 

( জ ) সংবিধান খচৰা প্ৰস্তুত কমিটিয়ে কেতিয়া সংবিধানখন প্রস্তুত কৰি ৰাইজৰ পৰামৰ্শ আৰু মতামতৰ বাবে এৰি দিয়ে । 

উত্তৰঃ ১৯৪৮ চনৰ জানুৱাৰী মাহত । 

( ঝ ) সংবিধানখন কোন চনৰ কোন তাৰিখে সংবিধান সভাত গৃহীত হয় । 

উত্তৰঃ ১৯৪৮ চনৰ ২৬ নবেম্বৰত ।

( ঞ ) ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কার্যক্ষম হয় । 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ৰাষ্ট্রপতি ৰাজেন্দ্র প্রসাদৰ দ্বাৰা স্বাক্ষৰিত হােৱাত ভাৰতীয় সংবিধানখন কার্যক্ষম হয় । 

প্রশ্ন ২: ভাৰতীয় সংবিধানখনৰ আৰম্ভণিতে এটা প্ৰস্তাৱনা সন্নিৱিষ্ট কৰা হৈছে । প্রস্তাৱনানাে কি ? 

উত্তৰঃ প্রস্তৱনা হৈছে পাতনি । সাধাৰণ কিতাপত থকাৰ দৰে ভাৰতীয় সংবিধানতাে এটা প্রস্তৱনা আছে । প্রস্তাৱনাত সংবিধানৰ লক্ষ্য আৰু আদৰ্শৰ আভাস পােৱা যায় । এখন কিতাপৰ পাতনি পঢ়িলে যেনেকৈ কিতাপখনৰ ভিতৰৰ লিখনিত কি পােৱা যাব সেই বিষয়ে এটা আভাস পােৱা যায় , সংবিধানৰ প্ৰস্তাৱনাতাে সংবিধানৰ ভিতৰত থকা মুলনীতি , নিয়ম , ব্যৱস্থা আদিৰ বিষয়ে আগতীয়া আভাস পাব পাৰি । প্ৰস্তাৱনা সংবিধানৰ ভিতৰৰ অংশ নহয় । ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা খন মাত্র এটা বাক্যত সম্পূর্ণ কৰা হৈছে আৰু ইয়াৰ প্ৰতিটো শব্দই তাৎপর্যপূর্ণ । 

প্রশ্ন ৩: ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো লিখা । 

উত্তৰঃ “ আমি ভাৰতবাসী ৰাইজে , ভাৰতবৰ্ষক এখন সার্বভৌম , সমাজবাদী ,ধর্মনিৰপেক্ষ লােক তান্ত্রিক গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিবৰ বাবে দৃঢ়তাৰে সংকল্পবদ্ধ হৈ ভাৰতৰ সকলাে লােকৰ বাবে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় , চিন্তা আৰু ভাব প্রকাশ , ধর্ম বিশ্বাস আৰু উপাসনাৰ স্বাধীনতা , সম মর্যাদা , আৰু সমান সুবিধা লাভ কৰিবলৈ আৰু সকলােৰে মাজত ব্যক্তিৰ মর্যাদা , জাতীয় একতা আৰু সংহতি নিশ্চিত কৰি ভাতৃত্ববােধৰ বিকাশ কৰিবলৈ আজি ১৯৪৯ চনৰ নবেম্বৰ মাহৰ ২৬ তম দিনত সংবিধানখন আমাৰ সংবিধান সভাত নিজকে নিজে প্রদান কৰিলাে । ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top