Niketan Class 8 Social Chapter 2 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Niketan Class 8 Social Chapter 2 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 2 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ and select need one.

Niketan Class 8 Social Chapter 2 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 2 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Solutions for All Subjects, You can practice these here…

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Chapter – 2

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা ? 

উত্তৰঃ এক নির্দিষ্ট সময়ৰ ভিতৰত মানুহৰ সংখ্যাগত যি বৃদ্ধি বা বাঢ়ন তাকে জনসংখ্যা বৃদ্ধি বুলি ক’ব পাৰি । 

উদাহৰণ স্বৰূপে ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩২.৮ লাখ । ২০০১ চনৰ লােক পিয়ল মতে , অসমৰ জনসংখ্যা হ’লগৈ ২৬৬,৩৮ , ৮০৭ জন । অর্থাৎ এই নির্দিষ্ট ১০০ বছৰত অসমত জনসংখ্যা বৃদ্ধি হ’ল- ২৬৩,১০,৮০৭ জন । 

প্রশ্ন ২: জনসংখ্যাৰ গুণগত বিকাশ মানে কি ? 

উত্তৰঃ যিসকল লােক শাৰীৰিক , মানসিক ভাৱে সুস্থ , যিসকল লােকে শিক্ষা দীক্ষা আহৰণ কৰি নিজৰ বুদ্ধি বৃত্তি , কাৰিকৰী কৌশল প্রয়ােগ কৰি নিজৰ কাৰ্যদক্ষতাৰ দ্বাৰা দেশৰ সম্পদৰ বিকাশ সাধন কৰিব পাৰে তাকে জনসংখ্যাৰ গুণগত বিকাশ বুলি ক’ব পাৰি । 

প্ৰশ্ন ৩: জনসংখ্যা বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে ? 

উত্তৰঃ একোটা নির্দিষ্ট ভূ – খণ্ডত বসবাস কৰা লােকৰ সংখ্যা যদি বৃদ্ধি হৈ গৈ থাকে তেনেহ’লে সেই ঠাইত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ ভিতৰত প্রধান সমস্যাবােৰ হৈছে— 

১। পৰিবেশৰ ভাৰসাম্যতাৰ অবনতি । 

২।খাদ্যৰ অভাৱ । 

৩। অর্থনৈতিক অনগ্ৰসৰতা । 

৪। প্রাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচা । 

৫। মূল্যবৃদ্ধি । 

৬। সংস্থাপনহীনতা ।

৭। বাসস্থানৰ অভাৱ ।

৮। শিক্ষা আৰু স্বাস্থ্যৰ দিশত অভাৱ । আৰু

৯। মানৱ সম্পদ উন্নয়নৰ অন্তৰায় । 

প্রশ্ন ৪: জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ভূখণ্ডত যি ধৰণে জনসংখ্যা সিঁচৰতি হৈ আছে তাক জনসংখ্যাৰ বিতৰণ বুলি জনা যায়। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশ লােক ধৰাপৃষ্ঠৰ ৩০ শতাংশ ঠাইত বাস কৰে । পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জনসংখ্যাৰ বিতৰণ অসমান । কিছুমান অঞ্চল ঘন বসতিপূর্ণ আৰু আন কিছুমান অঞ্চলৰ বসতি অতি পাতল । 

প্রশ্ন ৫: জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলােৱা কাৰকবােৰ কি কি ? 

উত্তৰঃ জনসংখ্যাৰ অসমান বিতৰণৰ ক্ষেত্ৰত কিছুমান কাৰকে প্রভাৱ বিস্তাৰ কৰে । তেনে কাৰকবােৰৰ ভিতৰত প্ৰধান কাৰক কেইটা হ’ল– 

১। প্রাকৃতিক কাৰক ।

২। অর্থনৈতিক কাৰক । আৰু

৩। সামাজিক সাংস্কৃতিক কাৰক । 

প্ৰশ্ন ৬: জনবসতিৰ কেন্দ্রীভৱন বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ পৃথিৱীৰ সকলাে ঠাইতে সমানুপাতিক হিচাপে মানুহে বসবাস নকৰে । প্রাকৃতিকভাবে সুৰক্ষিত , অর্থনৈতিক দিশত উন্নত আৰু সামাজিক সাংস্কৃতিকভাৱে আগবঢ়া ঠাই মানুহে বসতিৰ বাবে প্রধানকৈ বাচি লয় । এনেদৰেই একো একোখন ঠাইত জনবসতিৰ কেন্দ্রীয়ভৱন হয় । 

সাধাৰণতে সদায় অনুন্নত ঠাইৰ পৰা উন্নত ঠাইলৈ প্ৰবজন ঘটে । যি ঠাইৰ জলবায়ু ভাল , য’ত স্বাস্থ্য – শিক্ষা আদিৰ সুব্যৱস্থা আছে , য’ত জীৱিকা নির্বাহৰ সুবিধা পােৱা যায় , ৰাস্তা ঘাট বা যাতায়াত ব্যৱস্থা যি ঠাইত ভাল সেই ঠাইলৈকেহে মানুহৰ প্ৰৱজন ঘটে । উদাহৰণস্বৰূপে আজিকালি গ্রামাঞ্চলৰ পৰা মানুহে চহৰলৈ গৈ বসতি স্থাপন কৰে । উপৰিউক্ত সকলােবােৰ সুবিধাই নগৰ – চহৰত উপলব্ধ হয় । এই কাৰণবােৰৰ বাবেই আমাৰ গুৱাহাটী চহৰত জনবসতি কেন্দ্রীভূত হৈছে আৰু ইয়াৰ জনসংখ্যা অস্বাভাৱিক ভাবে বৃদ্ধি হ’ব ধৰিছে । 

প্রশ্ন ৭: জনবসতিৰ কেন্দ্রীভৱন কি কি সা- সুবিধাৰ ভিত্তিত ঘটে ? 

উত্তৰঃ কোনাে মানুহেই অসহনীয় পৰিবেশত , জীৱন ধাৰণৰ বাবে সুবিধা বিহীন ঠাইত বাস কৰিব নিবিচাৰে । সেয়ে জীৱন নির্বাহৰ বাবে সুচল ঠাইলৈ মানুহৰ সোঁত , বয় আৰু জনবসতিৰ কেন্দ্রীভৱন হয় । 

নিম্নলিখিত সা – সুবিধাসমূহৰ ভিত্তিত জনবসতিৰ কেন্দ্রীভৱন হয়— 

১। সাধাৰণতে নদী উপত্যকা আৰু উপকুলীয় সমভূমিৰ উৰ্বৰ মাটি মানুহে বসবাসৰ বাবে বাচনি কৰে , যত আয়াসতে খেতি-বাতি কৰি জীৱিকা নির্বাহ কৰিব পাৰে । 

২। সুগম যাতায়াত ব্যৱস্থা থকা ঠাইত বিশেষকৈ জনবসতি কেন্দ্রীভূত হয় । উদাহৰণ স্বৰূপে গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল । 

৩। সম্পদৰ প্রাচুর্য আৰু উদ্যোগিক সা – সুবিধা থকা অঞ্চল সমূহত জনবসতি কেন্দ্রীভূত হয় । 

৪। ব্যৱসায় – বাণিজ্য আৰু নিয়ােগৰ সম্ভাৱনা থকা নগৰ অঞ্চলত জনবসতি অত্যধিক হয় । 

৫। শিক্ষা – সংস্কৃতিৰ কেন্দ্রস্থল সমূহ মানুহে বসতিৰ বাবে পচণ্ড কৰে । 

প্রশ্ন ৮: ঘন বসতিৰ বাবে উদ্ভৱ হােৱা সমস্যাবােৰ কি কি ? সেই সমস্যাবােৰ দূৰ কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা ল’ব পাৰি ? 

উত্তৰঃ মানুহে জীৱনটো সুখ – স্বাচ্ছন্দ্যপূর্ণভাবে কটাবলৈ হাবিয়াস কৰে। সেয়ে সকলাে দিশৰ পৰা সুবিধাজনক স্থানত মানুহে বসবাস কৰিবলৈ আহে । ফলস্বৰূপে একোটা অঞ্চলত বসতি হৈ পৰে অতিকৈ ঘন । ঘন বসতিৰ বাবে উদ্ভৱ হয় বিভিন্ন সমস্যাৰ । 

সমস্যাসমূহঃ- 

( ক ) ঘন বসতিৰ বাবে মাটিৰ পৰিমাণ কমি আহে। ফলস্বৰূপে তাকৰীয়া মাটিতে বাসস্থান সাজি অতি ঠেক পৰিবেশত থাকিবলগীয়া হয় । 

( খ ) ঘন বসতিৰ বাবে একোহত অঞ্চলত এনেকুৱা পৰিবেশৰ সৃষ্টি হয় যে বিশুদ্ধ বায়ুৰো অভাৱ হৈ পৰে । 

( গ ) ঘন বসতিপূর্ণ অঞ্চলৰ বাট পথবােৰ অতি ঠেক হােৱা বাবে বাসিন্দাসকলৰ বিভিন্ন সমস্যা হয়।

( ঘ ) ঘন বসতি প্রধান অঞ্চলত পৰিবেশৰ ভাৰসাম্যতাৰ অৱনতি ঘটা দেখা যায় ।

( ঙ ) ঘন বসতিপূর্ণ এলেকাত প্রাকৃতিক দুর্যোগ যেনে— ভূমিকম্প , বানপানী , অগ্নিকাণ্ড , আদিত বিস্তৰ ক্ষতি হােৱা দেখা যায় । 

( চ ) ঘন বসতিপূর্ণ অঞ্চলত মুকলি ঠাই বা আওহতীয়া ঠাই নথকা বাবে দৈনন্দিন ব্যৱহার্য সামগ্ৰীৰ পেলনীয়া ভাগ পেলাবলৈও বাসিন্দা সকলে মূৰ ঘমাবলগীয়া হয় । 

সমস্যা দূৰীকৰণৰ ব্যৱস্থা – 

ঘন বসতিপ্রধান অঞ্চলৰ সমস্যাসমূহ দূৰীকৰণৰ বাবে ল’ব পৰা ব্যৱস্থা সমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) সাধাৰণতে শিক্ষা – স্বাস্থ্য , কর্ম সংস্থাপনৰ সুবিধা থকা ঠাইত মানুহৰ বসতি ঘন হয় । সেয়ে চৰকাৰে এই সুবিধাসমূহ বিকেন্দ্রীকৰণ কৰিলে জনসাধাৰণো কেন্দ্রীভূত নহৈ বিভিন্ন ঠাইত বসবাস কৰিব আৰু বসতি পাতল হ’ব । 

( খ ) জনসাধাৰণেও বসতি কৰা এলেকাৰ স্বাস্থ্যবিধি সম্পর্কে আগতীয়া চিন্তা চৰ্চা কৰিব লাগিব । তেওঁলােকে নাগৰিক সমিতি গঠন কৰি বাট – পথ , নলা – নর্দমাৰ দিহা কৰিব লাগিব । চৰকাৰী বিভাগবােৰে এই ক্ষেত্ৰত নজৰ দিব লাগিব । 

( গ ) ঘন বসতিপূর্ণ এলেকাত জাবৰ – জোথৰ , পেলনীয়া সামগ্রী নিষ্কাষণৰ ক্ষেত্ৰত চৰকাৰ সজাগ হ’ব লাগিব । জনসাধাৰণাে সচেতন হ’ব লাগিব । 

( ঘ ) গণতান্ত্রিক দেশবােৰত নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য বুলি দুটা কথা আছে । গতিকে জনসাধাৰণে কেৱল অধিকাৰ দাবী কৰি চৰকাৰক ব্যতি ব্যস্ত নকৰি নিজৰ কৰ্ত্তব্য সুচাৰুৰূপে পালন কৰি নিজ এলেকাক সমস্যা মুক্ত কৰিব পাৰে । 

প্রশ্ন ৯: জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা ? 

উত্তৰঃ জনসংখ্যা ঘনত্ব ( Population Density ) বুলি ক’লে কোনাে এখন ঠাইৰ প্রতি বর্গ কিলােমিটাৰ মাটি কালিৰ অংশত স্থানীয় ভাৱে বসবাস কৰা লােকৰ সংখ্যাকে বুজায় । অঞ্চলভেদে জনসংখ্যা ঘনত্ব বেলেগ বেলেগ হয় । 

প্রশ্ন ১০: পৃথিৱীৰ অধিক জনসংখ্যা ঘনত্বৰ অঞ্চল কেইটা উল্লেখ কৰা । 

উত্তৰঃ জন সংখ্যা ঘনত্বৰ ভিত্তিত পৃথিৱীৰ চাৰিটা বিশেষ অঞ্চলক অতি ঘনবসতি পূর্ণ বুলি চিহ্নিত কৰিব পাৰি । সেই কেইটা হ’ল— 

( ১ ) পুৱ – এছিয়া ।

( ২ ) দক্ষিণ পূর্ব এছিয়া ।

( ৩ ) পশ্চিম আৰু মধ্য ইউৰােপ । আৰু

( ৪ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকুলীয় অঞ্চল । 

এই কেইটা অঞ্চলত পৃথিৱীৰ মুঠ জন সংখ্যাৰ ৭৪ শতাংশ লােকে বাস কৰে । 

প্রশ্ন ১১: জন-প্ৰব্ৰজন বুলিলে কি বুজা ? জন – জন-প্ৰব্ৰজনৰ প্ৰধান কাৰণবােৰ কি কি ? 

উত্তৰঃ কর্মসূত্রে বা অন্য কাৰণত মানুহে যেতিয়া নিজৰ বাসভূমি এৰি অন্য ঠাইত বাস কৰিবলৈ যায় তাকে জন-প্ৰব্ৰজন বুলি কোৱা হয় । জন- প্ৰব্ৰজনৰ প্ৰধান কাৰকবােৰ হ’ল— 

১। সামাজিক কাৰণ — ( বিবাহ প্রথা , সামাজিক বাধ্য বাধকতা , আন্দোলন , নিৰাপদ জীৱন যাপন ) 

২। কৃষি ভূমিৰ প্রাচুর্য ।

৩। উন্নত শিক্ষা আৰু কর্ম সংস্থাপনৰ সুবিধা ।

৪। সম্পদৰ প্রাচুর্য ।

৫। ধর্মীয় কাৰক ।

৬। ৰাজনৈতিক কাৰক ।

৭। প্রাকৃতিক কাৰক ( ভূমিকম্প , বানপানী , গৰাখহনীয়া , মহামাৰী )।

৮। উদ্যোগ আৰু নগৰ  আৰু 

৯। বল প্রয়ােগ ( চৰকাৰী আঁচনি , ৰাজনৈতিক নীতি ) 

প্রশ্ন ১২: জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজাই লিখা। 

উত্তৰঃ কোনাে এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হােৱা অৱস্থাটোক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয় । 

জনসংখ্যা বিস্ফোৰণৰ কিছুমান কাৰণ আছে । সেইবােৰ আমি তলত দিয়া ধৰণে বিশ্লেষণ কৰিব পাৰো । 

১। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত বর্ধিত ব্যৱধান অর্থাৎ জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্রাস । বিশ্বৰ উন্নয়নশীল দেশবােৰৰ উন্নয়নমূলক আঁচনিৰ ফলস্বৰূপে মৃত্যুৰ হাৰ ক্ষিপ্রগতিত হ্রাস পাইছে আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে । 

২। নিৰক্ষৰতা জনসংখ্যা বৃদ্ধিৰ এটা প্রধান কাৰণ। শিক্ষা – দীক্ষা নথকা লােকসকলে পৰিয়াল পৰিকল্পনা কি তাক ভালদৰে নাজানে । গতিকে অধিক সন্তান জন্ম দি জনবিস্ফোৰণত সহায় কৰে। 

৩। ধর্মীয় অন্ধবিশ্বাস আৰু পুৰণি-কলীয়া ৰীতি-নীতিৰ প্ৰতি ৰক্ষণশীলতাই মানুহক বিজ্ঞান প্রযুক্তিৰ কথা চিন্তা কৰিবলৈ নিশিকায় । সতি – সন্ততি ভগৱানৰ দান , সন্তান জন্মত মানুহৰ কোনাে কৰণীয় নাই;এই মান্ধাতাযুগীয়া ধর্মীয় বিশ্বাসক সাৰোগত কৰি বহুত মানুহে জন্ম নিয়ন্ত্রণ কৰিবলৈ অস্বীকাৰ কৰে । এনে ব্যৱস্থাই জন – বিস্ফোৰণত প্রভূত বৰঙণি আগ বঢ়াইছে । 

৪। গৰিষ্ঠ সংখ্যক লােকেই ভবিষ্যত দর্শী নহয় । জনসংখ্যা বৃদ্ধিৰ ফলত ভবিষ্যতে কি ফলাফল হ’ব পাৰে বা কি দুর্ভোগ ভুগিব লাগিব পাৰে , সেই কথা আগতীয়াকৈ নভবা বাবেই জন – বিস্ফোৰণে এক বিশেষ স্থিতি লৈছে । 

প্রশ্ন ১৩: জনসংখ্যা বিস্ফোৰণৰ ফলত সৃষ্টি হােৱা সমস্যাবােৰ কি কি ? 

উত্তৰঃ জনসংখ্যাৰ বিস্ফোৰণে নানান ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে । ইয়াৰ ভিতৰত প্রধান সমস্যাবােৰ হৈছে –

১। পৰিৱেশৰ ভাৰসাম্যতাৰ অৱনতি । 

২। খাদ্যৰ অভাৱ । 

৩। অর্থনৈতিক অনগ্ৰসৰতা । 

৪। প্রাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচা । 

৫। মূল্যবৃদ্ধি । 

৬। সংস্থাপনহীনতা । 

৭। বাসস্থানৰ অভাৱ । 

৮। শিক্ষা আৰু স্বাস্থ্যৰ দিশত অভাৱ । আৰু 

৯। মানৱ সম্পদ উন্নয়নৰ অন্তৰায় ইত্যাদি । 

প্রশ্ন ১৪: মানব সম্পদ হবলৈ কি কি গুণৰ প্ৰয়ােজন ? 

উত্তৰঃ মানুহৰ আকৃতি লৈ জন্ম লাভ কৰিলেই মানৱ সম্পদ হব নােৱাৰে।মানৱ সম্পদ হ’বলৈ হ’লে কিছুমান গুণৰ অধিকাৰী হ’ব লাগিব ; যিবােৰ অবিহনে মানৱ বা মানুহ সম্পদ নহৈ সমাজৰ বাবে বিপদহে হ’ব পাৰে । মানৱ সম্পদ বুলি ক’লে সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক মানসিক অৰিহনা আগবঢ়াব পৰা 

মানুহক বুজায় । সম্পদ হ’বলৈ মানুহক কিছুমান গুণৰ প্রয়ােজন । সেইবােৰ হ’ল – 

( ১ ) শিক্ষা ।

( ২ ) বুদ্ধিবৃত্তি ।

( ৩ ) কাৰিকৰী কৌশল ।

( ৪ ) কর্মদক্ষতা । আৰু

( ৫ ) উচ্চস্তৰীয় চিন্তা চর্চা । 

প্ৰশ্ন ১৫: মানৱ সম্পদক কিয় শ্রেষ্ঠ সম্পদ বুলি আখ্যা দিয়া হয় ? 

উত্তৰঃ মানুহেই পৃথিৱীত একমাত্র জীৱ যাৰ চিন্তা শক্তি আছে । চিন্তা শক্তি থকা বাবেই মানুহে ভাল বেয়াৰ ব্যৱধান বুজি পায় , শিক্ষা – দীক্ষা গ্রহণ কৰি বুদ্ধিবৃত্তিৰ জৰিয়তে কর্মদক্ষতা অর্জন কৰি উচ্চ স্তৰীয় চিন্তা চর্চাৰে কাৰিকৰী কৌশল আয়ত্ব কৰি দেশ , জাতি , মানৱ সমাজ তথা জীৱ কুললৈ প্রভূত বৰঙণি আগবঢ়াব পাৰে । এনেবােৰ গুণৰ বাবেই মানৱ সম্পদক শ্রেষ্ঠ সম্পদ আখ্যা দিয়া হয়। 

প্রশ্ন ১৬: আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ বাবে কেনেধৰণৰ ব্যৱস্থা লােৱা হৈছে ? 

উত্তৰঃ উচ্চ দক্ষতা সম্পন্ন লােক দেশৰ মুল্যবান সম্পদ । তেওঁলােকে দেশৰ উৎপাদনমুখী কার্যত জড়িত হৈ দেশক উন্নতিৰ পথত আগুৱাই নিয়ে । পৃথিৱীৰ উন্নত দেশ সমূহৰ শিক্ষিত কাৰিকৰী বিদ্যাত পাৰদৰ্শী লােকসকলে উৎপাদনমুখী কার্যত জড়িত হৈ দেশক চহকী কৰি তুলিছে । আমাৰ দেশ ভাৰতবর্ষ উন্নত দেশৰ শাৰীত এতিয়াও পৰা নাই । ই এখন বর্তমান উন্নয়নশীল দেশ । জনসংখ্যাৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষৰফালে স্থান পালেও মানৱ সম্পদত চহকী বুলি ক’ব নােৱাৰি । মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । উদাহৰণ স্বৰূপে— 

১। খাদ্য সুৰক্ষা আঁচনি ।

২। ইন্দিৰা আৱাস যােজনা ।

৩। সর্বশিক্ষা অভিযান ।

৪। প্রধান মন্ত্ৰীৰ গ্ৰাম চড়ক যােজনা । আৰু

৫। ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান আদি । 

প্ৰশ্ন ১৭: আমাৰ দেশত মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যােৱাৰ প্ৰৱণতা বৃদ্ধি পােৱাৰ কাৰণ কি বুলি ভাবা ? 

উত্তৰঃ বর্তমান বিশ্বায়নৰ যুগত গােটেই পৃথিৱীতে মুক্ত বাণিজ্য সম্ভৱ হৈ উঠিছে । ৰাজনৈতিক , বাণিজ্যিক গােষ্ঠীবােৰে কাৰিকৰী দিশত পাৰদৰ্শী লােক সকলক নিযুক্তি দি বিশ্বত বাণিজ্যিক প্রসাৰ ঘটাইছে । এনেধৰণৰ নিযুক্তি লাভৰ বাবে যুৱ প্ৰজন্মৰ মাজত অন্য দেশলৈ যােৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে । 

উন্নয়নশীল দেশ আমাৰ ভাৰতবৰ্ষত জনসংখ্যা অনুপাতে দক্ষলােক বা মানৱ সম্পদৰ হাৰ বেছি নহ’লেও যথেষ্ট সংখ্যক দক্ষতা সম্পন্ন লােক আমাৰ দেশতাে আছে । কিন্তু পৃথিৱীৰ উন্নত দেশ সমূহৰ দৰে আমাৰ দেশে সেই লােকসকলৰ বাবে উপযুক্ত কর্ম সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই । সেয়ে বিশ্বায়নৰ সুযােগ গ্ৰহণ কৰি আমাৰ দেশৰ মানৱ সম্পদ বাহিৰৰ দেশলৈ যােৱাৰ প্রৱণতা বৃদ্ধি পাইছে । 

প্ৰশ্ন ১৮: জনসংখ্যাৰ বিস্ফোৰণ বুলিলে কি বুজা ?

উত্তৰঃ কোনাে এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হােৱা অৱস্থাটোকে জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয় । জনসংখ্যা বিস্ফোৰণৰ কিছুমান কাৰক আছে । সাধাৰণতে পৃথিৱীৰ উন্নয়নশীল দেশবােৰতহে জন বিস্ফোৰণ হােৱা দেখা যায় । উন্নয়নশীল দেশবােৰত ৰাষ্ট্রযন্ত্রই জনসাধাৰণক সম্পূৰ্ণৰূপে শিক্ষিত কৰি গঢ়ি তুলিব পৰা নাই । মানুহবোৰ শিক্ষিত নহলে ধর্মীয় অন্ধ বিশ্বাস আৰু ৰক্ষণশীলতা কেতিয়াও মনৰ পৰা আঁতৰি নাযায় । তেওঁলােকে জনসংখ্যা বিস্ফোৰণৰ ফলত হ’ব পৰা পৰিণাম সম্পর্কেও সচেতন নহয় । সেয়ে সতি – সন্ততি ভগৱানৰ দান আৰু ইয়াত বাধা প্রদান কৰাটো পাপ বুলি ভাবি সন্তান জন্ম দিয়েই থাকে । ফলশ্রুতিত সময়ত জনবিস্ফোৰণ হয় আৰু সমাজে দুর্ভোগ ভুগিবলগীয়া হয় । 

অইন দেশৰ পৰা প্ৰবজন কৰা লােকেও জন বিস্ফোৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ । 

প্ৰশ্ন ১৯: মানুহক কিয় সম্পদ বুলি গণ্য কৰা হয় ? 

উত্তৰঃ সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক মানসিক অৰিহণা একমাত্র মানুহেই আগবঢ়াব পাৰে বাবেই মানুহক সম্পদ বুলি গণ্য কৰা হয় । 

প্রশ্ন ২০: জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি ? 

উত্তৰঃ পৃথিৱীত দ্রুত হাৰত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্রাস । শিক্ষা , বিজ্ঞান , প্রযুক্তি বিদ্যা , সামাজিক তথা অর্থনৈতিক উন্নতি আদিয়ে মৃত্যুৰ হাৰ যথেষ্ঠ পৰিমাণে হ্রাস কৰিছে । আনহাতে নিৰক্ষৰতা , অন্ধবিশ্বাস আদিৰ প্ৰভাৱত পিচপৰি থকা অঞ্চলত জনসংখ্যা নিয়ন্ত্রণ কৰা আঁচনিবিলাক আশানুৰূপ ভাবে ৰূপায়ণ নােহােৱাটো জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ । 

প্রশ্ন ২১: মানব সম্পদ উন্নয়নৰ বাবে চৰকাৰে লােৱা কেইখনমান আঁচনিৰ নাম উল্লেখ কৰা ৷

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে কিছুমান আঁচনি গ্ৰহণ কৰিছে । সেইবােৰৰ কেইখনমান তলত উল্লেখ কৰা হ’ল — 

১। খাদ্য সুৰক্ষা আঁচনি ।

২। ইন্দিৰা আবাস যােজনা ।

৩। প্রধান মন্ত্ৰীৰ গ্ৰাম চড়ক যােজনা ।

৪। সর্বশিক্ষা অভিযান । আৰু

৫। ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান ইত্যাদি । 

প্রশ্ন ২২: শুদ্ধ উত্তৰটো লিখাঃ 

( ক ) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ? 

১। নিৰক্ষীয় অঞ্চল ।

২। মেৰু অঞ্চল ।

৩। পুব – এচিয়া ।

৪। আফ্রিকাৰ চাহাৰা মৰুভূমি ।

উত্তৰঃ পূব – এচিয়া । 

( খ ) কোনখন মহাদেশৰ জনসংখ্যা সর্বাধিক ? 

১। ইউৰােপ ।

২। আফ্রিকা ।

৩। এচিয়া ।

৪। অষ্ট্রেলিয়া ।

উত্তৰঃ এচিয়া । 

( গ ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল –

১। ২.২৪ কোটি ।

২। ৩.১২ কোটি ।

৩। ২.৩৫ কোটি ।

৪। ২.৮৬ কোটি । 

উত্তৰঃ ৩.১২ কোটি । 

( ঘ ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই । 

১। এচিয়া ।

২। দক্ষিণ – আমেৰিকা ।

৩। কুমেৰু ।

৪। ইউৰােপ ।

উত্তৰঃ কুমেৰু । 

প্ৰশ্ন ২৩: খালী ঠাই পূৰ কৰা –

( ক ) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ __ বৃদ্ধিক বুজায় । 

উত্তৰঃ সংখ্যাগত । 

( খ ) পৃথিৱীৰ বেছিভাগ মানুহে __ গােলাৰ্দ্ধত বাস কৰে । 

উত্তৰঃ উত্তৰ গােলাৰ্দ্ধত । 

( গ ) প্রতি বর্গ কিলােমিটাৰ এলেকাত যিমান সংখ্যক লােকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ __ । 

উত্তৰঃ ঘনত্ব । 

( ঘ ) ২০১১ চনৰ হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা ___ ।

উত্তৰঃ ১২১.১ কোটি ।

( ঙ ) উন্নত দেশ সমূহৰ জনবসতি অতি __ । 

উত্তৰঃ পাতল । 

( চ ) জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিক __ বােলা হয় । 

উত্তৰঃ জনসংখ্যাৰ বিস্ফোৰণ । 

( ছ ) জনসংখ্যা বৃদ্ধি মানে ইয়াৰ ___ আৰু বিকাশ মানে ইয়াৰ ___ ।

উত্তৰঃ সংখ্যাগত বৃদ্ধি , গুণগত উৎকর্ষ । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্ৰশ্ন ১: প্ৰব্ৰজন মূলতঃ কেইপ্ৰকাৰ ? কি কি বুজাই লিখা । 

উত্তৰঃ প্ৰব্ৰজন মূলতঃ দুই প্রকাৰ ।

১। আন্তঃ প্রব্রজন । আৰু 

২। বহিঃ প্রব্রজন । 

১। আন্তঃপ্ৰব্ৰজন :- অন্য ঠাই বা অন্য চুবুৰীয়া দেশৰ পৰা অন্য এখন ঠাই বা দেশলৈ লােকসকল বসবাস কৰিবলৈ অহা প্রক্রিয়াক আন্তঃপ্রব্রজন বােলে । উদাহৰণ স্বৰূপে অসমলৈ বহিঃ ৰাষ্ট্রৰ পৰা হােৱা প্ৰব্ৰজন । 

২। বহিঃপ্ৰব্ৰজন :- অন্য ঠাই বা অন্য চুবুৰীয়া দেশলৈ বসবাস কৰিবলৈ যােৱাটোক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয় । উদাহৰণ স্বৰূপে আমাৰ ৰাজ্য বা দেশৰ পৰা বহুলােকে বহিঃৰাষ্ট্ৰলৈ কর্ম সংস্থাপনৰ বাবে যােৱাটো । 

প্রশ্ন ২: পৃথিৱীৰ পাঁচখন উন্নত দেশৰ নাম লিখা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র , জার্মানী , ফ্রান্স , জাপান আৰু চীন । 

প্রশ্ন ৩: উন্নত দেশ আৰু উন্নয়নশীল দেশৰ মাজৰ পাৰ্থক্যবােৰ লিখা । 

উত্তৰঃ উন্নত দেশবােৰত অধিকাংশ মানুহ শিক্ষিত , কাৰিকৰী বিদ্যাত পাৰদর্শী আৰু উচ্চ দক্ষতা সম্পন্ন । তেওঁলােকে দেশৰ উৎপাদন মুখী কার্যত জড়িত হৈ দেশক উন্নতিৰ পথত আগবঢ়াই নিয়ে । 

আনহাতে উন্নয়নশীল দেশ সমূহত জনসংখ্যা বেছি হ’লেও মানৱ সম্পদত চহকী বুলি ক’ব নােৱাৰি । কাৰণ সেইবােৰ দেশৰ সৰহসংখ্যক লােক শিক্ষা , স্বাস্থ্য , কাৰিকৰী বিদ্যা আদিত পিছপৰা । দেশৰ উন্নয়নমূলক কামত শাৰীৰিক আৰু মানসিকভাৱে অৰিহণা যােগাবলৈ অসমর্থ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top