Niketan Class 8 Social Chapter 18 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Niketan Class 8 Social Chapter 18 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 18 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা and select need one.

Niketan Class 8 Social Chapter 18 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 18 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা Solutions for All Subjects, You can practice these here…

মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Chapter – 18

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: চমু উত্তৰ লিখা –

( ক ) মানব সম্পদ বুলিলে কি বুজা ? 

উত্তৰঃ শাৰীৰিক ভাৱে সক্ষম , মানসিক ভাবে সুস্থ , উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ লৈ দক্ষতা অর্জন কৰি উৎপাদনমুখী কার্যত নিজকে নিয়ােজিত কৰিব বিচৰা লােককে মানৱ সম্পদ বুলি কোৱা হয় । 

( খ ) ভাৰতত মানৱ সম্পদ বিকাশৰ সুবিধাসমূহ পর্যাপ্ত হয় নে ? 

উত্তৰঃ ভাৰতবর্ষ এখন উন্নয়নশীল দেশ । মানৱ সম্পদ বিকাশৰ সুবিধাসমূহ এতিয়াও পর্যাপ্ত পৰিমানৰ হৈ উঠা নাই । 

( গ ) মানৱ সম্পদ কিয় প্রয়ােজন ? 

উত্তৰঃ মানৱ সম্পদ শ্রেষ্ঠ সম্পদ । দেশৰ প্রাকৃতিক সম্পদক মানৱ সম্পদেহে গঢ় দিব পাৰে। গতিকে দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে মানৱ সম্পদৰ অতীব প্রয়ােজন ।

( ঘ ) কেতিয়াৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে ? 

উত্তৰঃ ২০০৯ চনৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে । 

( ঙ ) অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয় কেইখন আছে আৰু কি কি ? 

উত্তৰঃ ১০ খন । অসম কৃষি বিশ্ববিদ্যালয় , যােৰহাট , গুৱাহাটী বিশ্ববিদ্যালয় , গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয় , ডিব্ৰুগড় , কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় , গুৱাহাটী অসম ৰাজ্যিক মহিলা বিশ্ববিদ্যালয় , যােৰহাট , অসম ৰাজ্যিক সমবায় বিশ্ববিদ্যালয় , শিৱসাগৰ , কুমাৰ ভাস্কৰবৰ্মা ৰাজ্যিক সংস্কৃত বিশ্ববিদ্যালয় , নলবাৰী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় , নগাওঁ , অসম বিন আৰু প্ৰযুক্তি বিদ্যাৰ বিশ্ববিদ্যালয় , গুৱাহাটী আৰু শ্ৰীমন্ত শঙ্কৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় , গুৱাহাটী ৷ ( বর্তমানে আৰু কেইখনমান বিশ্ববিদ্যালয় চৰকাৰে স্থাপন কৰিছে । )

প্রশ্ন ২: পাঠটোৰ আধাৰত সম্পূর্ণ নামটো লিখাঃ 

( ক ) UNDP 

উত্তৰঃ United Nations Development Programme. 

( খ ) IIT 

উত্তৰঃ Indian Institute of Technology.

( গ ) HRD 

উত্তৰঃ Human Resource Development. 

( ঘ ) NIIT 

উত্তৰঃ National Institute of Information Technology.

প্রশ্ন ৩: মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাবােৰ কি কি ? যিকোনাে তিনিটা অসুবিধাৰ বিষয়ে বহলাই লিখা— 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা বা অসুবিধাৰ ভিতৰত উল্লেখযােগ্য হ’ল মাত্রাধিক জনসংখ্যা , মূলধন বা পুঁজিৰ অভাৱ , দৰিদ্ৰতা , নিৰক্ষৰতা , অন্ধবিশ্বাস , কু – সংস্কাৰ , বিষমতা , নিম্নস্তৰৰ প্রযুক্তি বিদ্যা , দৰিদ্ৰতাৰ পাকচক্র ইত্যাদি । এই বাধাসমূহৰ বাবেই বিশেষকৈ অনুন্নত দেশসমূহত উপযুক্ত মানৱ সম্পদ গঢ়ি উঠিব পৰা নাই । 

এই অসুবিধাসমূহৰ ভিতৰত তলত তিনিটাৰ বিষয়ে ( প্রশ্নানুসৰি ) আললাচনা কৰা হল— 

( ক ) অধিক জনসংখ্যা ।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ প্রধান অন্তৰায় হৈছে অত্যাধিক জনসংখ্যা।অত্যাধিক জনসংখ্যাই দেশৰ উন্নতিত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে । উন্নয়নশীল ৰাষ্ট্ৰবােৰত মূলধন সীমিত । এই সীমিত বা তাকৰীয়া মূলধনেৰে দেশৰ জনগণক উপযুক্ত স্বাস্থ্য , শিক্ষা , প্রশিক্ষণ , জীৱন ধাৰণৰ নিম্নতম সা – সুবিধা আদি প্ৰদান কৰিব নােৱাৰে । ফলস্বৰূপে এইবােৰ দেশত মানৱ সম্পদ গঢ়ি তােলাতাে যথেষ্ঠ কঠিন বা কষ্টকৰ ।

( খ ) নিৰক্ষৰতা ।

উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে অভিশাপ । শিক্ষাৰ অভাৱত জনসাধাৰণৰ জ্ঞান চক্ষু মেল নাখায় । ফলস্বৰূপে অজ্ঞান আন্ধাৰত ডুব গৈ থাকি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হ’ব লগা হয় । নিৰক্ষৰতাই মানুহৰ জ্ঞান , বুদ্ধি বিকাশত বাধাৰ সৃষ্টি কৰে । জ্ঞান , বুদ্ধি অবিহনে দক্ষতা বা কাৰিকৰী কুশলতা অর্জন কৰা সম্ভৱ নহয় । ফলস্বৰূপে নিৰক্ষৰতা হৈ পৰে মানৱ সম্পদ উন্নয়নৰ প্রধান অন্তৰায় । নিৰক্ষৰ লােকসকল সাধাৰণতে আর্থিক , সামাজিক শোষণৰ বলি হােৱা দেখা যায় । নিৰক্ষৰতা দূৰীকৰণৰ বাবে শিক্ষাৰ ব্যাপক প্রচাৰ চলিব লাগিব, বিশেষকৈ স্ত্রী শিক্ষাৰ উন্নতি সাধিব লাগিব । 

( গ ) দৰিদ্ৰতা ।

উত্তৰঃ নিৰক্ষৰতাৰ দৰে দৰিদ্ৰতাও মানব সম্পদ উন্নয়নৰ ক্ষেত্ৰত অইন এটা অভিশাপ । কাৰণ দৰিদ্ৰজনে পেটৰ ক্ষুধা নিবাৰণৰ বাবে ন্যূনতম খাদ্যখিনিও নাপায় , ফলত এনেলােক পুষ্টিহীনতাত ভােগে আৰু দুর্বল হৈ পৰে । শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা বাবে তেওঁৰ কর্মক্ষমতা আৰু কর্মদক্ষতা হ্রাস হয় , লগে লগে তেওঁৰ উৎপাদন আৰু আয়ৰ পৰিমাণ হ্রাস পায় । আর্থিকভাবে দুর্বল হৈ দৰিদ্ৰতাৰ চাকনৈয়াত ককবকাই থাকে । এনেলােকে উন্নয়নৰ আশা কৰাটো অলীক কল্পনা হৈ পৰে । গতিকে দৰিদ্ৰতাক মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এটা বাধা বুলি ক’ব পাৰি । 

প্রশ্ন ৪: “ দৰিদ্ৰ হােৱা বাবেই এখন দেশ দৰিদ্ৰ ” —এই কথাষাৰ কোনে কৈছিল ? দৰিদ্ৰতা মানব সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক অভিশাপ ৰূপে কিয় ভবা হয় ? 

উত্তৰঃ ‘ দৰিদ্ৰ হােৱা বাবেই এখন দেশ দৰিদ্র ’— এই কথাষাৰ কোৱা ব্যক্তি গৰাকী হ’ল নাক্সে । তেওঁ কোৱা ইংৰাজী উক্তিটো আছিল— “ A Country is poor because it is poor ” . 

নিৰক্ষৰতাৰ দৰে দৰিদ্ৰতাও মানবসম্পদ উন্নয়নৰ ক্ষেত্ৰত অইন এটা অভিশাপ । কাৰণ দৰিদ্ৰজনে পেটৰ ক্ষুধা নিবাৰণৰ বাবে ন্যূনতম খাদ্যখিনিও নাপায় , ফলত এনেলােক পুষ্টিহীনতাত ভােগে আৰু দুর্বল হৈ পৰে । শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা বাবে তেওঁৰ কর্মক্ষমতা আৰু কর্মদক্ষতা হ্রাস হয় , লগে লগে তেওঁৰ উৎপাদন আৰু আয়ৰ পৰিমাণ হ্রাস পায় । আর্থিকভাবে দুর্বল হৈ দৰিদ্ৰতাৰ চাকনৈয়াত ককবকাই থাকে । এনে লােকে উন্নয়নৰ আশা কৰাটো অলীক কল্পনা হৈ পৰে । গতিকে দৰিদ্ৰতাক মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এটা বাধা বুলি ক’ব পাৰি ।

প্রশ্ন ৫: মানব সম্পদ উন্নয়নৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ আগেয়ে আমি ইয়াৰ অন্তৰায় সমূহ ভালদৰে চিনাক্ত কৰিব লাগিব । মানৱ সম্পদ উন্নয়নৰ অন্তৰায় বা বাধাসমূহ হ’ল — অত্যধিক জনসংখ্যা , মুলধন বা পুঁজিৰ অভাৱ , দৰিদ্ৰতা , নিৰক্ষৰতা , অন্ধবিশ্বাস , বিষমতা আদি । 

উক্ত কাৰকসমূহ ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় প্রায়বােৰৰ মুলতে শিক্ষাৰ অভাৱ । শিক্ষা অবিহনে মানুহৰ জ্ঞান চক্ষু মুকলি নহয় , শিক্ষা অবিহনে মানুহ অজ্ঞান এন্ধাৰত ডুব গৈ থাকে । পৃথিবীৰ ক’ত কি হৈ আছে তেওঁলােকে গম নাপায় , ভাল , বেয়া বিচাৰ কৰিবলৈ তেওঁলােক অপাৰগ । নিৰক্ষৰ লােকসকলে শিক্ষাৰ আভাষ নাপায় । অশিক্ষিত লােক সকলেই ঈশ্বৰৰ কৃপা বুলি ভাবি অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিত অৰিহণা যােগায় , অন্ধ বিশ্বাসত আকোৰ – গােজ হয় । গতিকে এইবােৰ দূৰীকৰণৰ বাবে শিক্ষাৰ ব্যাপক বিস্তাৰ সাধিব লাগিব । 

দৰিদ্ৰতা নির্মূল কৰিবলৈও শিক্ষাৰ প্রয়ােজন । উচ্চ শিক্ষা নহলেও বৃত্তিমূলক শিক্ষা প্রদান কৰি কাৰিকৰী শিক্ষাৰ জৰিয়তে মানুহ স্বাৱলম্বী হ’ব পাৰে । এনে শিক্ষা থাকিলে মানুহে মটৰ মেকানিক , কাঠমিস্ত্রী , পেইণ্টাৰ , ইলেকট্রিচিয়ান আদি কামত নিয়ােজিত হৈ উপার্জন কৰি দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাব পাৰে । সকলাে মানুহ এইদৰে দক্ষতা অনুযায়ী সৰু বৰ কামত নিয়ােজিত হলে দেশৰ জনমুৰি আয় বৃদ্ধি হ’ব আৰু ক্ষুদ্র সঞ্চয় আদিৰ যােগেদি দেশৰ মূলধন গঠনতো সহায়ক হ’ব । এই সকলােবােৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট কৰণীয় থাকিব আৰু প্রয়ােজন হ’ব মানুহৰ ইচ্ছা শক্তিৰ । এনেবােৰ ব্যৱস্থাৰে উন্নয়নৰ অৰ্থায়বােৰ আঁতৰাই মানৱ সম্পদৰ উন্নয়ন সাধিব পৰা হ’ব । 

প্রশ্ন ৬: শিক্ষা ক্ষেত্ৰৰ উন্নয়নে মানব সম্পদ উন্নয়ন কেনে ধৰণৰ প্ৰভাৱ পেলাই বহলাই লিখা । 

উত্তৰঃ শিক্ষা মানুহৰ জ্ঞান চক্ষু । এই তৃতীয় চকুটি মেল খালেহে মানুহৰ জ্ঞানৰ দুৱাৰ মুকলি হয় আৰু চিন্তাৰ প্ৰসাৰ ঘটে । শিক্ষাৰ জৰিয়তেহে মানুহে শুদ্ধ পথ বাচি ল’বলৈ সক্ষম হয় । আমি আমাৰ পাঠ্য পুথিত বাৰে বাৰে পাই আহিছো যে শাৰীৰিক আৰু মানসিক ভাবে সক্ষম যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কাম কাজত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় । অর্থাৎ মানৱ সম্পদ হ’বলৈ শিক্ষাৰ প্রয়ােজন অত্যাৱশ্যকীয় । শিক্ষা অবিহনে কাৰিকৰী প্রশিক্ষণ লােৱাটো অসম্ভৱ । কাৰিকৰী প্রশিক্ষণ অবিহনে দক্ষতা অর্জন হ’ব নােৱাৰে । গতিকে শিক্ষা নােহােৱাকৈ মানৱ সম্পদ হ’বই নােৱাৰে , মানৱ সম্পদৰ প্রাথমিক চৰ্তটোৱেই শিক্ষা । 

মানৱ সম্পদ উন্নয়নৰ অন্তৰায়সমূহ , যেনে — নিৰক্ষৰতা , অন্ধবিশ্বাস জনসংখ্যা বৃদ্ধি আদি সমস্যাসমূহে শিক্ষাৰ জৰিয়তেই অৱসান ঘটাব পাৰি । গতিকে দেখা যায় শিক্ষা ক্ষেত্ৰৰ উন্নয়নে মানৱ সম্পদ উন্নয়নত যথেষ্ট প্রভাৱ পেলাব পাৰে। 

প্রশ্ন ৭: খালী ঠাই পূৰ কৰাঃ 

( ক ) উন্নত দেশ সমূহৰ উন্নতিৰ মূল চালিকা শক্তি হৈছে ____।

উত্তৰঃ মানৱ সম্পদ ।

( খ ) ___ লােকসকল অতি সহজেই আর্থিক , সামাজিক শোষণৰ বলি হয় । 

উত্তৰঃ নিৰক্ষৰ । 

( গ ) বিষমতা মানব সম্পদ উন্নয়নৰ এটা প্রধান ____ । 

উত্তৰঃ প্রতিবন্ধক ।

( ঘ ) এখন দেশৰ ___ উন্নয়নত সেইখন দেশৰ চৰকাৰৰ দায়িত্ব তথা ভূমিকা অতি বেছি । 

উত্তৰঃ মানৱ সম্পদ । 

( ঙ ) ভাৰতীয় সংবিধানে প্ৰদান কৰা শিক্ষাৰ অধিকাৰ আমাৰ এক ____ অধিকাৰ । 

উত্তৰঃ মৌলিক ।

প্রশ্ন ৮: শুদ্ধ / অশুদ্ধ নির্ণয় কৰা –

( ক ) অত্যধিক জনসংখ্যাই এখন দেশৰ অর্থনৈতিক উন্নয়ন বাধাৰ সৃষ্টি নকৰে । 

উত্তৰঃ অশুদ্ধ । 

( খ ) মানুহ মাত্রেই মানৱ সম্পদ নহয় । 

উত্তৰঃ শুদ্ধ । 

( গ ) মূলধনে দেশৰ অৰ্থনীতিৰ উৎপাদন ক্ষমতা তথা আয় বৃদ্ধি কৰে ।

উত্তৰঃ শুদ্ধ । 

( ঘ ) অন্ধ বিশ্বাসো মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক বাধাস্বৰূপ ৷ 

উত্তৰঃ শুদ্ধ । 

( ঙ ) ২০০১ চনৰ পৰাই ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে । 

উত্তৰঃ অশুদ্ধ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top