Niketan Class 8 Social Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ

Niketan Class 8 Social Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ and select need one.

Niketan Class 8 Social Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ Solutions for All Subjects, You can practice these here…

ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ

Chapter – 13

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: এটা শব্দ বা বাক্যত উত্তৰ লিখাঃ 

( ক ) প্রথম কর্ণাটক যুদ্ধৰ সময়ত ফৰাচী গৱৰ্ণৰ কোন আছিল ? 

উত্তৰঃ ডুপ্লে । 

( খ ) পলাশী যুদ্ধৰ সময়ত থকা বঙ্গদেশৰ নবাব জনৰ নাম লিখা । 

উত্তৰঃ চিৰাজউদ্দৌলা । 

( গ ) কোন চনত ৰেগুলেটিং এক্ট প্রণয়ন কৰা হৈছিল ? 

উত্তৰঃ ১৭৭৩ চনত । 

( ঘ ) বশ্যতামূলক মিত্রতা নীতি কোনে প্রৱৰ্তন কৰিছিল । 

উত্তৰঃ ওৱেলচলিয়ে । 

( ঙ ) স্বত্ববিলােপ নীতি প্রয়ােগ কৰি ভাৰতত বৃটিছ সাম্রাজ্য সম্প্রসাৰণ ঘটোৱা ইংৰাজ গৱৰ্ণৰ জেনেৰেল জনৰ নাম লিখা । 

উত্তৰঃ লর্ড ডেলহাউচী । 

প্ৰশ্ন ২: খালী ঠাই পূৰ কৰা –

( ক ) কর্ণাটকৰ যুদ্ধ ইংৰাজ আৰু __ মাজত সংঘটিত হৈছিল । 

উত্তৰঃ ফৰাচী সকলৰ । 

( খ ) ___ ১৭৪২ চনত ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ হৈ মাদ্রাজলৈ আহিছিল । 

উত্তৰঃ ৰবার্ট ক্লাইব । 

( গ ) ৰেগুলেটিংএক্টৰ দ্বাৰা গৱৰ্ণৰ পদটো ____ লৈ উন্নীত কৰা হৈছিল। 

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল ।

( ঘ ) ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়লয়ৰ প্ৰথম ন্যায়াধীশ আছিল ___ ।

উত্তৰঃ চাৰ এলিজা ইম্প । 

( ঙ ) ভাৰতৰ ভিতৰুৱা ব্যৱস্থাত হস্তক্ষেপন কৰিবলৈ গৱৰ্ণৰ জেনেৰেল____ নিৰপেক্ষ নীতি গ্রহণ কৰিছিল । 

উত্তৰঃ চাৰ জন ছােৰে । 

প্রশ্ন ৩: চমুটোকা লিখাঃ 

( ক ) পলাশীৰ যুদ্ধ ।

উত্তৰঃ ১৭৫৭ খ্রীঃত বঙ্গৰ নৱাব চিৰাজউদ্দোলা আৰু ইংৰাজ বাহিনীৰ মাজত পলাশী নামে ঠাইত যি যুদ্ধ সংঘটিত হৈছিল সেই যুদ্ধ খনকেই পলাশীৰ যুদ্ধ নামে জনা যায় । 

আমি এই কথা জানাে যে ইংৰাজ সকলৰ ভাৰতত প্রধান শত্রু আছিল ফৰাছী সকল । ১৭৫৭ চনত ইংৰাজ সকলে ফৰাছী ঘাটি চন্দন নগৰ অধিকাৰ কৰাত বঙ্গৰ নবাব চিৰাজউদ্দৌলাই ইংৰাজ বিলাকক চন্দন নগৰ ফৰাছী সকলক ঘূৰাই দিবলৈ ক’লে । ইংৰাজসকল অমান্তি হ’ল আৰু তেওঁলােকে নবাবক এসেকা দিয়াৰ ষড়যন্ত্র কৰি চিৰাজউদ্দৌলাৰ সেনাপতি মিৰজাফৰক বঙ্গৰ নবাব পতাৰ প্রতিশ্রুতি দি হাত কৰিলে । ইয়াৰ পিচত ক্লাইবে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে আলিনগৰ চুক্তি ভংগৰ মিছা অভিযােগ আনিলে । 

চিৰাজে ক্লাইবৰ অভিসন্ধিৰ কথা গম পাই সৈন্য – সামন্ত লৈ আগবাঢ়ি গ’ল । ১৭৫৭ চনৰ ২৩ জুন তাৰিখে পলাচী নামে ঠাইত যুদ্ধ হ’ল । এই যুদ্ধত নবাবৰ সেনাপতি আছিল মােহন লাল আৰু মীমদন । মুখ্য সেনাপতি মিৰজাফৰে কৌশলেৰে যুদ্ধৰ পৰা আঁতৰি আছিল । নবাব বাহিনীয়ে বৰ পৰাক্ৰমেৰে যুঁজিছিল যদিও শেষত পৰাস্ত হ’ল । পলাচীৰ যুদ্ধৰ পিচৰে পৰা ইংৰাজে বঙ্গদেশত খােপনি পুতিলে আৰু লাহে লাহে নিজৰ অধীন কৰি ললে। 

( খ ) মিৰজাফৰ ।

উত্তৰঃ বংগৰ নৱাব চিৰাজউদ্দৌলাৰ প্রধান সেনাপতি আছিল মিৰজাফৰ । সুবিধাবাদী মিৰজাফৰে ইংৰাজৰ প্রলােভনত ভােল গৈ ১৭৫৭ খ্রীষ্টাব্দৰ পলাশীৰ যুদ্ধত নবাবৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হৈ নৱাবক পৰাস্ত কৰােৱায় আৰু ইংৰাজৰ অনুগ্ৰহত বঙ্গ নবাব হয় । দুর্ভাগ্যৰ বিষয় তেওঁ ইংৰাজৰ হাতৰ পুতলা হ’ব লগা হয় । মিৰজাফৰ অসন্তুষ্ট হ’ল । তেওঁ ইংৰাজৰ বিৰুদ্ধে সমৰ সজ্জাৰ যাে – জা কৰি ভাৰতত থকা ওলন্দাজ সকলক লগ কৰিলে । ৰবার্ট ক্লাইবে সকলাে কথা গম পাই দেশলৈ উভতি গ’ল । তেওঁৰ পিছত অহা গৱৰ্ণৰ ভান্সটার্টে মিৰজাফৰক সিংহাসনৰ পৰা নমাই তেওঁৰ জোঁৱায়েক মিৰকাছিমক বঙ্গৰ নবাব পাতে । 

( গ ) মিৰকাছিম ।

উত্তৰঃ মিৰজাফৰৰ জোঁৱায়েক মিৰকাছিমক ইংৰাজ গবর্ণৰে শহুৰেকক পদচ্যুৎ কৰি সিংহাসনত বই বঙ্গৰ নবাব পাতিছিল । নৱাবী পদ গ্রহণ কৰিয়ে মিৰকাছিমে বর্ধমান , মেদিনীপুৰ আৰু চট্টগ্রাম নামৰ তিনিখন জিলা কোম্পানীক দিব লগাত পৰে । মিৰকাছিম স্বাধীন চেতীয়া স্বভাৱৰ লােক আছিল । কোম্পানীৰ অনুগ্রহত নবাব পদ পালেও তেওঁ কিন্তু কোম্পানীৰ বহতীয়া হৈ থাকিবলৈ টান পাইছিল । তেওঁ ইংৰাজৰ পৰা মুক্ত হােৱাৰ চিন্তাৰে নিজ প্রতিৰক্ষা সুদৃঢ় কৰণৰ বাবে দৃঢ় প্রতিজ্ঞ হ’ল । সৈন্যবাহিনীৰ সামৰিক ক্ষমতা বৃদ্ধিৰ বাবে তেওঁ ইউৰােপীয় প্রণালীৰে নিজ সৈন্য সকলক শিক্ষিত তথা সজ্জিত কৰি তুলিলে । ইয়াৰ উপৰিও ইংৰাজসকলৰ প্রভাৱৰ পৰা নিজকে মুক্ত কৰিবৰ বাবে তেওঁ মুৰ্ছিদাবাদৰ পৰা নিজ ৰাজধানী মুংগেৰলৈ তুলি নিলে । 

মীৰকাছিমৰ এনেবােৰ কার্যত ইংৰাজসকলে অস্বস্তি বােধ কৰিলে । 

মীৰকাছিমৰ নীতিত অতি অসন্তষ্ট হৈ পাটনাৰ বাণিজ্য কুঠিৰ এজেন্ট এলিচ ( Ellis ) এ পাটনা দখল কৰাত মীৰকাছিমে ইংৰাজৰ বিপক্ষে অস্ত্রধাৰণ কৰিলে । নবাবে অতি সােনকালেই পাটনা পুনৰ অধিকাৰ কৰিলে । কিন্তু ঠিক তেনেতে ইংৰাজসকলে এক বিশাল বাহিনী লৈ মিৰকাছিমক যুদ্ধত হৰুৱালে । মিৰকাছিম পলাই গৈ অযোধ্যাৰ নবাব চুজউদ্দৌলাৰ কাষ পালেগৈ ৷ চুজাউদ্দোলা আৰু মােগল সম্রাট দ্বিতীয় ছাহ আলমে মিৰকাছিমক সহায় কৰিবলৈ গল যদিও ইংৰাজৰ হাতত হাৰিল । যুদ্ধত হাৰি মিৰকাছিম পলাল । ইংৰাজে পুনৰবাৰ মিৰজাফৰক বঙ্গৰ নবাব পাতিলে । 

( ঘ ) অন্ধকুল হত্যা ।

উত্তৰঃ মােগল সম্রাট ফাৰুকচিয়াৰৰ ‘ ফৰমান ‘ ৰ জৰিয়তে বঙ্গদেশত যথেষ্ট সা সুবিধা পাইছিল । তেওঁলােকে বঙ্গদেশত নিজৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ সুযােগত ৰৈ আছিল । এনেতে বঙ্গদেশৰ নবাব আলিবর্দিখাৰ মৃত্যু হ’ল । আলিবর্দিখাৰ কোনাে পুত্র সন্তান নাছিল । সেয়ে নবাবে তেওঁৰ তিনি গৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দোলাক বংগৰ সিংহাসনৰ উত্তৰাধিকাৰী মনােনীত কৰি গৈছিল।এই কথাই নবাবৰ ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুতেক চৌকত জং অসন্তুষ্ট হৈ আছিল । এওঁলোক চিৰাজউদ্দৌলাৰ বিৰুদ্ধে ষড়যন্ত্র লিপ্ত হল । এই গৃহকলৰ সুযােগ লৈ ইংৰাজ আৰু ফৰাছী দুয়াে পক্ষই বংগদেশত এটা দূর্গ সাজিবলৈ আগবাঢ়িলে । চিৰাজউদ্দোলাই তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ উভয় পক্ষকে আদেশ দিলে।ফৰাচীসকলে আদেশ মানিলে যদিও ইংৰাজসকলে তেওঁলােকৰ সামৰিক প্রস্তুতি চলায়ে থাকিল । 

ইংৰাজসকলৰ এনে বেপৰােৱা কার্যত চিৰাজউদ্দৌলাৰ খং উঠিল আৰু ইংৰাজ ইষ্ট- ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিলে । নবাবে কাচিম বজাৰ কুঠি দখল কৰি ফর্ট উইলিয়াম দুর্গত আক্রমণ কৰিলে । সেই সময়ত কলিকতাৰ গবর্ণৰ আছিল ৰজাৰ ড্রেক। নবাবৰ এই আক্রমণত ড্রেকে কিছুমান বিষয়াৰ সৈতে অইন ঠাইত আশ্রয় ল’লে । দূর্গত থকা আন কিছুমান লােকে নবাবৰ ওচৰত আত্ম সমর্পন কৰিলে । আত্মসমর্পণ কৰা ১৪৬ জন লােকক নবাবে এটা অতি সৰু কোঠালিত আবদ্ধ কৰি ৰাখিলে । এইদৰে ৰখাত উশাহ – নিশাহ বন্ধ হৈ ১২৩ জন তােক মৃত্যুৰ মুখত পৰিল । এই ঘটনাক অন্ধকুল হত্যা ( Black Hole tragedy ) নামে জনা যায় । 

( ঙ ) বক্সাৰ যুদ্ধ ।

উত্তৰঃ ইংৰাজ সকলে বঙ্গদেশত নিজৰ আধিপত্য বৃদ্ধি কৰিব বিচৰা কথাত বঙ্গৰ নবাব মিৰকাছিম অসন্তুষ্ট হৈছিল । ইংৰাজৰ কবলৰ পৰা মুক্ত হ’বলৈ তেওঁ পশ্চিমীয়া আৰ্হিত নিজৰ সৈন্য বাহিনী গঠন কৰিলে , ৰাজধানী মুর্চিদাবাদৰ পৰা মুংগেৰলৈ তুলি নিলে তাৰােপৰি কোম্পানীৰ সামগ্ৰীৰ ব্যৱসায়ৰ ‘ দস্তক ’ ব্যৱস্থাতো হাত দিয়ে । এই কথাত অসন্তুষ্ট হৈ পাটনাত থকা ইংৰাজ কুঠিৰ এজেন্ট জনে পাটনা অধিকাৰ কৰাৰ চেষ্টা চলায় । কিন্তু নৱাবৰ সৈন্য বাহিনীয়ে তেওঁলােকক খেদি পঠিয়াই । 

ইয়াৰ পিছত ইংৰাজ কোম্পানীয়ে মিৰকাছিমৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে।ইংৰাজ বাহিনীয়ে নবাবক কেইবাখনাে যুদ্ধত পৰাস্ত কৰিলে । তেওঁলােকৰ পৰা ৰক্ষা পাবৰ বাবে মিৰকাছিম পলাই গৈ অযােধ্যাৰ নবাব চুজাউদ্দোলাৰ ওচৰ পালেগৈ । চুজাউদ্দোলা আৰু মােগল সম্রাট দ্বিতীয় চাহ আলমে মিৰকাছিমৰ সৈতে এক সন্মিলিত সৈন্য বাহিনী লৈ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িল । ১৭৬৪ চনত বিহাৰৰ সীমান্তত থকা বক্সাৰ নামৰ ঠাইত দুয়ােপক্ষৰ মাজত প্রচণ্ড যুঁজ সংঘটিত হয় । যুদ্ধত হাৰি মিৰকাছিম পলাই গ’ল আৰু সেই ঠাইত দ্বিতীয়বাৰৰ কাৰণে মিৰজাফৰক অধিষ্ঠিত কৰা হয় । বক্সাৰৰ যুদ্ধত জয়লাভ কৰাৰ পাছত ইংৰাজৰ শক্তি দুগুণ বৃদ্ধি হ’ল । 

( চ ) চিৰস্থায়ী বন্দবস্ত ।

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশােধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল । কোম্পানীৰ ৰাজহ বিভাগ টনকিয়াল কৰিবলৈ কৃষিভূমিৰ ক্ষেত্ৰত লর্ড কর্ণাৱলিছে চিৰস্থায়ী বন্দবস্ত কৰিছিল । এই ব্যৱস্থা অনুসৰি ভূমি সমূহ ভাগ ভাগ কৰি প্রত্যেক খণ্ডত একোজন জমিদাৰক দিছিল । এই বন্দবস্ত আছিল যেতিয়ালৈকে জমিদাৰজনে নির্দিষ্ট হাৰত ৰাজহদি থাকিব তেতিয়ালৈকে জমিদাৰী থাকিব খেতিবাতি হওকে বা নহওকেই নির্দিষ্ট হাৰত ৰাজহ কোম্পানী চৰকাৰক দিব নােৱাৰিলেই জমিদাৰী উচ্ছেদ হ’ব আৰু লগে লগে ই চৰকাৰৰ হাতলৈ যাব । এই চুক্তিত জমিদাৰসকল ভীত হৈছিল আৰু তেওঁলােকে কৃষক সকলক অত্যধিক হেঁচা প্রয়ােগ কৰিছিল । ফলস্বৰূপে কৃষক সকল জমিদাৰ সকলৰ অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছিল । 

( ছ ) দস্তক । 

উত্তৰঃ বঙ্গদেশত ইংৰাজে ব্যৱসায়ৰ নামত চলােৱা এক ব্যৱস্থা হ’ল দস্তক । ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে মােগল সম্রাটৰ পৰা ‘ ফৰমান ’ লাভ কৰি যথেষ্ট সুবিধা গ্রহণ কৰিছিল । এইবাৰ তেওঁলােকে ব্যৱসায়ৰ আৰু সম্প্ৰসাৰণ কৰিবলৈ এটা কৌশল অৱলম্বন কৰিলে । তেওঁলােকে দস্তক নামৰ এখন প্রমাণপত্র ব্যৱহাৰ কৰিছিল আৰু এই প্রমাণপত্ৰ খনত কোম্পানীৰ বস্তু বুলি লিখি দিলেই সেই বস্তু এঠাইৰ পৰা আনঠাইলৈ বিনা শুল্কে নিব পৰা হৈছিল । এই ব্যৱস্থা কেৱল বহিঃবাণিজ্যৰ ক্ষেত্ৰতহে প্রযােজ্য আছিল যদিও কোম্পানীৰ কৰ্মচাৰীসকলে আভ্যন্তৰীণ ক্ষেত্ৰতো এই একেই ব্যৱস্থা প্রয়ােগ কৰিছিল । ইয়াৰ ফলত নবাবৰ পাবলগীয়া শুক্ল কমি গৈছিল । সেয়ে নবাব মিৰকাছিমে এই প্রথা উঠাই দিব বিচাৰি বিফল হ’ল । শেষত নবাবে দেশীয় ব্যৱসায়ী সকলকো বিনা শুক্লে ব্যৱসায় কৰাৰ অনুমতি দিলে । ইয়াতে অসন্তুষ্ট হৈ ইংৰাজে নৱাবৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হ’ল । 

( জ ) স্বত্ববিলােপনীতি ।

উত্তৰঃ পলাশী যুদ্ধৰ পিছৰ পৰা বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে যি সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰিছিল লর্ড ডেলহাউচৰ দিনত , পূর্ণ পর্যায় পাইছিল বুলি ক’ব পাৰি । ভাৰতৰ বৃটিছ সাম্রাজ্যবাদৰ সম্প্ৰসাৰণৰ বাবে ডেলহাউছীয়ে যি কেইটা নীতি গ্রহণ কৰিছিল তাৰ ভিতৰত আটাইতকৈ উল্লেখযােগ্য আছিল স্বত্ববিলােপ নীতি । এই নীতি প্রয়ােগ কৰি ডেলহাউছীয়ে কেইবাখনাে দেশীয় ৰাজ্য বৃটিছ সাম্রাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল । স্বত্ববিলােপ নীতিৰ দ্বাৰা নিয়ম কৰা হ’ল যে যদি কোনােবা দেশীয় ৰজাই নিজৰ পুত্র নথকাৰ বাবে আন কাৰােবাক তােলনীয় পুত্র কৰি ৰাখে তেতিয়া সেই তােলনীয়া পুত্ৰই ৰজাৰ মৃত্যৰ পিছত ৰাজ্যৰ উত্তৰাধিকাৰী হ’ব নােৱাৰিব । সেই দেশীয় ৰাজ্যখন ৰজাজনৰ পিছত বৃটিছ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰি লােৱা হ’ব । এই নীতি অনুসৰি ডেলহাউছীয়ে ভালেকেইখন ৰাজ্য ইংৰাজৰ অধীন কৰি লৈছিল । 

প্রশ্ন ৪: শুদ্ধ উত্তৰ বাছি উলিওৱা –

( ক ) কর্ণাটকৰ যুদ্ধ সংঘটিত হৈছিল— ইংৰাজ আৰু পর্তুগীজ /পর্তুগীজ আৰু ফ্রান্স / ইংৰাজ আৰু ফ্ৰান্সৰ মাজত । 

উত্তৰঃ ইংৰাজ আৰু ফ্ৰান্সৰ মাজত । 

( খ ) পলাশী যুদ্ধৰ সময়ত বঙ্গৰ নৱাব আছিল— মিজাফৰ / মিৰকাছিম / চিৰাজউদ্দোলা ।

উত্তৰঃ চিৰাজউদ্দোলা ।

( গ ) বেগুলেটিং এক্ট প্রণয়ন কৰিছিল— ৰবার্ট ক্লাইব / ডুপ্লে / বৃটিছ সংসদে । 

উত্তৰঃ বৃটিছ সংসদে । 

( ঘ ) দ্বিতীয় বাজীৰাওৰ তােলনীয়া পুতেকৰ বছৰেকীয়া পেঞ্চন বন্ধ কৰিছিল— ৰবার্ট ক্লাব / ওৱেলছলি / ডেলহাউছিয়ে । 

উত্তৰঃ ডেলহাউছিয়ে । 

প্রশ্ন ৫: ভাৰতত ইংৰাজ আৰু ফৰাছী সকলৰ মাজত লগা যুদ্ধত ফৰাচীসকলে কিয় পৰাজয় বৰণ কৰিছিল তাৰ কাৰণ সমূহ লিখা । 

উত্তৰঃ ভাৰতত ইংৰাজ আৰু ফৰাছী সকলৰ মাজত যিবােৰ যুদ্ধ হৈছিল সেই আটাই কেইখনতে ফৰাচীসকল হাৰিছিল । ইয়াৰ কাৰণ সমূহ তলত উল্লেখ কৰা হল— 

১। ভাৰতত বেহা – বেপাৰৰ বাবে অহা ফৰাছী কোম্পানীটো ফৰাচী চৰকাৰৰ দ্বাৰা প্রতিষ্ঠিত আৰু ইয়াৰ কৰ্মচাৰী বিলাকো চৰকাৰৰ দ্বাৰা নিয়ােজিত আছিল । চৰকাৰৰ দ্বাৰা পৰিচালিত বাবে তেওঁলােকে ইয়াত স্বাধীনভাৱে কাম কৰিব পৰা নাছিল । বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত লওঁতে তেওঁলােকৰ বিলম্ব হৈছিল । আনহাতে ফৰাছী চৰকাৰাে সেই সময়ত বৰ দুর্বল আছিল । তেওঁলােকে ভাৰতত থকা তেওঁলােকৰ কোম্পানীটোৰ কথা সঠিক ভাবে ভাবিব পৰা নাছিল । আনহাতে ইষ্ট-ইণ্ডিয়া কোম্পানীটো ইয়াৰ বিপৰীত আছিল । 

২। ইংলেণ্ডৰ নৌ-বাহিনী অতি শক্তিশালী হােৱাৰ বিপৰীতে ফৰাচী সকলৰ নৌ-বাহিনী আছিল দুর্বল। 

৩। ফৰাছীসকলৰ মাজত উপযুক্ত নেতৃত্বৰ অভাৱ আছিল । ডুপ্লে এজন দক্ষলােক হ’লেও তেওঁৰ আন কৰ্মচাৰীৰ লগত বুজা-বুজিৰ অভাৱত বহু ক্ষেত্ৰত বিফল হ’ব লগা হৈছিল । কিন্তু ইংৰাজে ৰবার্ট ক্লাইবৰ নিচিনা উপযুক্ত এজন নেতা পাইছিল । 

৪। ফৰাচী সকলৰ একমাত্র উল্লেখযােগ্য বাণিজ্যিক ঘাটি আছিল পণ্ডিচেৰী । অর্থাৎ তেওঁলােকে ভাৰতত খােপনি মজবুত কৰিব পৰা নাছিল । কিন্তু ইংৰাজসকলে কলিকতা , মাদ্রাজ আৰু বােম্বাইত নিজৰ স্থিতি দৃঢ়কৰি সাম্রাজ্য স্থাপনত মনােনিবেশ কৰিছিল । 

প্রশ্ন ৬: ৰেগুলেটিং এক্টৰ বিধি – বিধানসমূহ কি আছিল লিখা । 

উত্তৰঃ ৰেগুলেটিং এক্টৰ মূল বিধি – বিধান সমূহ আছিল এনে ধৰণৰ 

১। এই আইন মতে বংগৰ গভর্ণৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল । বােম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বঙ্গৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনলৈ অনা হৈছিল । গৱৰ্ণৰ জেনেৰেলক সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হ’ল । 

২। এই আইন অনুসৰি ভাৰতত থকা কোম্পানী চৰকাৰে বৃটিছ চৰকাৰক সময়ে সময়ে শাসন সম্পর্কীয় কথাবােৰ জনাই থাকিবলগীয়া হ’ল । 

৩। ৰেগুলেটিং এক্টৰ আন এটা গুৰত্বপূর্ণ চর্ত অনুসৰি , কোম্পানীৰ চাকৰিয়াল সকলৰ ব্যক্তিগত ব্যৱসায় নিষিদ্ধ কৰা হ’ল । 

৪। ৰেগুলেটিং এক্টৰ দ্বাৰা বিচাৰ ব্যৱস্থাতাে কিছু পৰিবর্তন অনা হৈছিল।ন্যায় বিচাৰৰ কাৰণে ইংলেণ্ডৰ ৰজাই নিযুক্ত এজন মুখ্য ন্যায়াধীশ আৰু দুজন সহকাৰী ন্যায়ধীশৰে কলিকতাত এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয় । 

প্রশ্ন ৭: পিটৰ ভাৰত শাসন আইনৰ ওপৰত চমুকৈ লিখা । 

উত্তৰঃ বৃটিছ সংসদে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰত শাসন কৰাৰ বাবে প্রণয়ন কৰা ৰেগুলেটিং এখন আসোঁৱাহপূর্ণ হােৱা বাবে ১৭৮৪ চনত আন এখন , আইন প্রণয়ণ কৰে । ইংলণ্ডৰ প্ৰভাৱশালী প্রধানমন্ত্রী কণিষ্ঠ উইলিয়াম পিটৰ দিনত এই আইনখন প্রণয়ন হােৱা হেতুকে ইয়াক পিটৰ ভাৰত শাসন আইন ’ বুলি কোৱা হয় । এই আইনখনে বৃটিছ চৰকাৰক কোম্পানীৰ কার্যকলাপ আৰু প্ৰশাসনৰ ওপৰত সম্পূর্ণ দায়িত্ব দিয়ে । তলত এই আইনখনৰ নিয়ম সমূহ উল্লেখ কৰা হ’ল । 

১। ভাৰতত ছয়জনীয়া সদস্যৰে এখন নিয়ন্ত্রণ পৰিষদ গঠন কৰা হ’ল । এই সদস্য কেইগৰাকী বৃটিছ পার্সিয়ামেন্টে মনােনীত কৰিব । ভাৰতত কোম্পানী অধিকৃত ৰাজ্যসমূহৰ পৰিচালনাৰ ক্ষমতা এই পৰিষদৰ ওপৰত দিয়া হ’ল ।

২। বঙ্গদেশত গৱৰ্ণৰ জেনেৰেলক সহায় কৰাৰ বাবে গঠন কৰি দিয়া সদস্য সংখ্যা চাৰিজনৰ পৰা তিনিজন কৰা হয় । 

৩। যুদ্ধ , কুটনীতি আৰু ৰাজহ বিষয়ত মাদ্রাজ আৰু বােম্বেৰ গৱৰ্ণৰ দুজনক সম্পূৰ্ণৰূপে বংগৰ গৱৰ্ণৰ জেনেৰেল পৰিষদৰ অধীনলৈ অনা হয়। 

প্ৰশ্ন ৮: চিৰস্থায়ী বন্দবস্ত কি আৰু কোনে প্রৱৰ্ত্তন কৰিছিল । চিৰস্থায়ী বন্দবস্তৰ ফলাফল সম্পর্কে লিখা । 

উত্তৰঃ কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশােধন কৰাৰ নামত ভাৰতীয় লােকৰ পৰা ৰাজহ আদায়ৰ সুবিধাৰ অৰ্থে ভূমি সমূহ ভাগ ভাগ কৰি প্রতি খণ্ডতে একোজন জমিদাৰৰ অধীনত দিয়াৰ ব্যৱস্থা কৰিছিল । এই বন্দবস্ত মতে জমিদাৰ সকলে কৃষকৰ পৰা ৰাজহ বা খাজনা আদায় কৰি দিবলৈ বাধ্য আছিল । ইয়াকে চিৰস্থায়ী বন্দবস্ত বােলা হৈছিল । 

চিৰস্থায়ী বন্দবস্ত প্রৱৰ্তন কৰিছিল ইংৰাজ গৱৰ্ণৰ জেনেৰেল কর্ণৱালিছে।চিৰস্থায়ী বন্দবস্তৰ ফলত ভাৰতত জমিদাৰ শ্ৰেণীৰ সৃষ্টি হ’ল । জমিদাৰ সকলে বংশানুক্রমিক ভাৱে জমিদাৰী পােৱাৰ ব্যৱস্থা যদিহে তেওঁলােকে নিয়মিত ভাবে খাজনা আদায় দি থাকিব পাৰে । আনহাতে এই ব্যৱস্থাৰ ফলত কৃষক সকলে যুগ যুগ ধৰি ভােগ কৰি অহা মাটিৰ ওপৰত স্বত্ব হেৰুৱালে । 

প্রশ্ন ৯: লর্ড ওৱেৰ্চেলিৰ দিনত ভাৰতত বৃটিছ সাম্রাজ্য বিস্তাৰ সম্পর্কে চমুকৈ বর্ণনা কৰা । 

উত্তৰঃ চাৰ জনছেৰৰ পাছত ওৱেলচলি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহিছিল । তেওঁ আহিয়েই পূর্বৰ নীতি নিয়ম বাদ দি সাম্রাজ্যবাদী নীতি গ্রহণ কৰিছিল । দেশীয় ৰাজ্যসমূহ কৌশলৰে অধিগ্রহণ কৰি নিজৰ আয়ত্বলৈ অনাৰ বাবে তেওঁ এটা নীতি গ্রহণ কৰিছিল । সেইটো হৈছে কৰদ মৈত্রী নীতি বা ‘ বশ্যতামূলক মিত্ৰতা নীতি ‘ । 

এই নীতিৰ মূল কথা হ’ল— যিবােৰ দেশীয় ৰজাই ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিব সেইসকলক ইংৰাজসকলৰ সৈন্য-বাহিনীয়ে সুৰক্ষা দিব । অৱশ্যে সৈন্য-বাহিনীৰ খৰছ দেশীয় ৰজাই বহন কৰিব । 

এই নীতিৰ অধীনত দেশীয় ৰজাসকলৰ ওপৰত আৰু এটা চর্ত বান্ধি দিলে । সেইটো হ’ল এই চুক্তিৰ অধীনত যিবোৰ দেশীয় ৰজা সােমাব তেওঁলােকে অন্য কোনাে শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হ’লে নাইবা আন কিবা আলােচনা কৰাৰ আগেয়ে ইংৰাজ কোম্পানীৰ অনুমতি ল’ব লাগিব। 

এই চুক্তিত প্রথম স্বাক্ষৰ কৰে হায়দৰাবাদৰ নিজামে । ইয়াৰ পিছতে আন আন সৰু ৰাজ্য কিছুমানেও চুক্তিবদ্ধ হয় । ফলস্বৰূপে ওৱেলচলিয়ে ভাৰতত সাম্রাজ্য বিস্তাৰ কৰাৰ সুযােগ লাভ কৰে । 

প্রশ্ন ১০: লর্ড ডেলহাউছীয়ে কি কি নীতি অবলম্বন কৰি ভাৰতত বৃটিছ সাম্রাজ্য সম্প্রসাৰিত কৰিছিল ? তেওঁৰ সাম্রাজ্য বিস্তাৰ সম্পর্কে বর্ণনা কৰা । 

উত্তৰঃ পলাশী যুদ্ধৰ পিছৰ পৰা বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে সাম্রাজ্যবাদী নীতি গ্রহণ কৰিছিল । বিভিন্ন জন গৱৰ্ণৰ জেনেৰেলে দেশীয় ৰাজ্যসমুহ অধিগ্রহণ কৰাৰ খাতিৰত ভাৰতত বিভিন্ন নীতি প্রয়ােগ কৰিছিল । ভাৰতৰ গৱৰ্ণৰ জেনেৰেল সকলৰ ভিতডত লর্ড ডেলহাউছীয়েই আছিল আটাইতকৈ বেছি সাম্রাজ্যবাদী মনােভাৱাপন্ন লােক আছিল । ভাৰতৰ ৰাজ্যসমূহ অধিগ্রহণ কৰিবলৈ তেওঁ তিনিটা প্রধান নীতি গ্রহণ কৰিছিল। সেইকেইটা হ’ল – 

১। স্বত্ব বিলােপ নীতি ।

২। যুদ্ধ জয় । আৰু

৩। কুশাসনৰ দোহায় । 

ইয়াৰোপৰি ৰাজকীয় মর্যাদা কাঢ়ি লৈ , পেঞ্চন আদি বন্ধ কৰিও ৰাজ্য অধিগ্রহণ কৰিছিল । 

স্বত্ব বিলােপ নীতিঃ স্বত্ব বিলােপ নীতিৰ দ্বাৰা কোনােবা দেশীয় ৰজাই পুত্রহীন হােৱা বাবে আন কাৰােবাক তােলনীয় পুত্র কৰি লয় , সেই তােলনীয় পুত্ৰই ৰজাৰ মৃত্যুৰ পাছত ৰাজ্যৰ উত্তৰাধিকাৰী হ’ব নােৱাৰিব । সেই দেশীয় ৰাজ্যখন ৰজাৰ মৃত্যুৰ পিছত বৃটিছ সাম্রাজ্যৰ অন্তর্ভুক্ত হ’ব । এই নীতিৰ জৰিয়তে ডেল হাউছীয়ে ভালে কেইখন ৰাজ্য বৃটিছ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিছিল । 

যুদ্ধ কৰি ৰাজ্য অধিগ্রহণঃ ডেলহাউছীয়ে কিছুমান দুর্বল ৰাজ্য যুদ্ধ কৰি জয় কৰি বৃটিছ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিছিল । এই ক্ষেত্ৰত উল্লেখযােগ্য হ’ল — পঞ্জাৱ , নামনি ব্রহ্মদেশ আৰু ছিকিমৰ একাংশ। 

কুশাসনৰ দোহায়ঃ কুশাসনৰ দোহাই দি অর্থাৎ দেশীয় ৰজাই ভাল শাসন চলােৱা নাই বুলিও ডেলহাউছীয়ে ৰাজ্য গ্রাস কৰিছিল । ডেলহাউছীয়ে অযােধ্যাৰ নবাব ওৱাজিদ আলিৰ ওপৰত এই অভিযোগ তুলি অযােধ্যা বৃটিছ সাম্রাজ্যভুক্ত কৰিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top