Niketan Class 8 Social Chapter 12 বাণিজ্যবাদ আৰু ভাৰতলৈ উৰােপীয় সকলৰ আগমন

Niketan Class 8 Social Chapter 12 বাণিজ্যবাদ আৰু ভাৰতলৈ উৰােপীয় সকলৰ আগমন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 12 বাণিজ্যবাদ আৰু ভাৰতলৈ উৰােপীয় সকলৰ আগমন and select need one.

Niketan Class 8 Social Chapter 12 বাণিজ্যবাদ আৰু ভাৰতলৈ উৰােপীয় সকলৰ আগমন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 12 বাণিজ্যবাদ আৰু ভাৰতলৈ উৰােপীয় সকলৰ আগমন Solutions for All Subjects, You can practice these here…

বাণিজ্যবাদ আৰু ভাৰতলৈ উৰােপীয় সকলৰ আগমন

Chapter – 12

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: এটা শব্দ বা বাক্যত উত্তৰ লিখা – 

( ক ) ভাৰতত বেপাৰ কৰিবলৈ অহা প্রথম ইউৰােপীয় দেশখনৰ নাম লিখা । 

উত্তৰঃ পর্তুগাল । 

( খ ) হলেণ্ড বা নেডাৰলেণ্ডৰ অধিবাসীসকলক কি বুলি জনা যায় ? 

উত্তৰঃ ডাচ । 

( গ ) ১৪৯৮ চনৰ ১৭ মে তাৰিখে ভাৰতৰ মালাৱাৰ উপকুলৰ কালিকট বন্দৰত উপস্থিত হােৱা নাবিকজন কোন আছিল ?

উত্তৰঃ ভাস্ক’ডা – গামা । 

( ঘ ) বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৬০০ চনত । 

( ঙ ) বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন কৰাৰ সময়ত ইংলণ্ডৰ ৰাণী কোন আছিল ? 

উত্তৰঃ মহাৰাণী এলিজাবেথ । 

প্রশ্ন ২: খালী ঠাই পূৰ কৰা — 

( ক ) বাণিজ্যবাদ শব্দটো ___ ৰ লগতেই জড়িত । 

উত্তৰঃ ব্যৱসায় বাণিজ্য । 

( খ ) ___ ভাৰতলৈ অহাৰ সামুদ্রিক পথ বিচাৰি ভুলবশতঃ আমেৰিকা আবিষ্কাৰ কৰে । 

উত্তৰঃ খ্রীষ্টফাৰ কলম্বাছে । 

( গ ) ১৬৬১ চনত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে ____ খন ইংৰাজ কোম্পানীক লীজত দিয়ে । 

উত্তৰঃ বােম্বাই ।

( ঘ ) বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে মােগল সম্রাট ____ ৰ পৰা তিনিখন ফৰমান লাভ কৰিছিল। 

উত্তৰঃ সম্রাট ফাৰুকচিয়াৰ ।

( ঙ ) ভাৰতত ব্যৱসায়ৰ ক্ষেত্ৰত বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে আটাইতকৈ ডাঙৰ শত্রু আছিল – 

উত্তৰঃ ফৰাছী সকল । 

প্রশ্ন ৩: চমুটোকা লিখা – 

( ক ) বার্থোলমিউ দিয়াজ ।

উত্তৰঃ বার্থোলমিউ দিয়াজ ( Bertholomew Diaz ) এগৰাকী পর্তুগীজ নাবিক আছিল । পর্তুগালৰ ৰাজকুমাৰ হেনৰীৰ অনুপ্ৰেৰণাত পর্তুগীজ নাবিকসকলে সামুদ্রিক অভিযান চলাইছিল— বিভিন্ন ঠাইৰ সন্ধানত সমুদ্ৰত নিজৰ জীৱনকো তুচ্চ কৰি জাহাজ মেলি দিছিল।সামুদ্রিক অভিযানৰ বাবে হেনৰীয়ে অর্থ সাহায্য প্রদান কৰিছিল। হেনৰীৰ মৃত্যুৰ পিছতো সাগৰীয় যাত্ৰাৰে নতুন ঠাই আবিষ্কাৰ কৰাৰ প্রচেষ্টা অব্যাহত আছিল । বার্থোলমিউ দিয়াজে হেনৰীৰ মৃত্যুৰ পিছত ১৪৮৭ চনত নতুন আৱিস্কাৰৰ সন্ধানত আটলান্টিক মহাসাগৰেদি যাত্ৰা আৰম্ভ কৰি আহি আহি আফ্রিকা মহাদেশৰ দক্ষিণত অৱস্থিত উত্তম আশা অন্তৰীপ আবিষ্কাৰ কৰিছিল। 

( খ ) ভাস্ক’ডা গামা ।

উত্তৰঃ ভাস্ক’ডা গামা এগৰাকী পতুর্গীজ নাবিক আছিল । নাবিকসকলৰ উদ্দেশ্যই আছিল নানা বাধা – বিঘিনী অতিক্রমি সাগৰীয় পথেদি যাত্ৰা কৰি ন ন ঠাই আবিষ্কাৰ কৰা । ১৪৯৮ খ্রীষ্টাব্দত ভাস্ক’ডা গামাই আফ্রিকাৰ আটলান্টিক মহাসাগৰৰ উপকূলৰে যাত্ৰা আৰম্ভ কৰিছিল । তেওঁ উত্তম আশা অন্তৰীপৰ কাষেৰে গৈ ভাৰত মহাসাগৰত উপস্থিত হৈছিল আৰু ১৪৯৮ চনৰ ১৪ মে ’ তাৰিখে ভাৰতৰ মালৱাৰ উপকুলৰ কালিকট বন্দৰত ভৰি দিয়ে । 

ভাস্ক’ডা গামাৰ এই সাগৰীয় নতুন পথৰ আৱিষ্কাৰৰ ফলত ভাৰতীয় বয়বস্তু পর্তুগাললৈ নিব পৰা হ’ল । ১৬ শতিকাৰ শেষৰ পিনে গােৱা , ডমন ডিউ , চালচেটিকে আদি কৰি ইয়াৰ ওচৰৰ বিস্তীর্ণ অঞ্চল পর্তুগীজসকলৰ অধীনলৈ যায় । 

( গ ) ওলন্দাজ সকল ।

উত্তৰঃ ইউৰােপৰ বাণিজ্যিক দেশসমূহৰ ভিতৰত এখন হ’ল হলেণ্ড বা নেদাৰলেণ্ড । এই দেশৰ অধিবাসী সকলক ডাচ বুলি কোৱা হয় । ভাৰতত তেওঁলােক ওলন্দাজ নামে জনা গৈছিল । ভাৰতৰ লগত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত পর্তুগীজ সকলৰ সফলতাই ডাচ বা ওলন্দাজ সকলকো ভাৰতলৈ আকর্ষিত কৰিছিল । তেওঁলােকে যােড়শ শতিকাৰ শেষৰফালে কেইবাটাও ব্যৱসায়িক প্রতিষ্ঠান গঠন কৰি ভাৰতত ব্যৱসায় চলাবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাছিল । সেয়ে ১৬০২ চনত সৰু সৰু কোম্পানীবােৰ একেলগ কৰি ‘ ডি ইউনাইটেড ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন কৰে । নেডাৰলেণ্ডছ’ নামে এটা কোম্পানী গঠন কৰে । নেডাৰলেণ্ডছ চৰকাৰে এই সংযুক্ত প্রতিষ্ঠানটোক ব্যৱসায় বাণিজ্যৰ কাৰণে অধিকাৰ প্ৰদান কৰে । তেওঁলােকে ভাৰতৰ কৰমণ্ডল উপকূলত বাণিজ্য কুঠি নির্মাণ কৰিছিল । 

( ঘ ) ফাৰুকচিয়াৰ ।

উত্তৰঃ ফাৰুকচিয়াৰ এগৰাকী মােগল সম্রাট আছিল । মােগল সম্রাট ঔৰংজেৱৰ উত্তৰাধিকাৰী সম্রাট আছিল ফাৰুকচিয়াৰ । ঔৰংজেৱৰ মৃত্যুৰ পিছত ভাৰতত ইংৰাজসকলে ব্যৱসায় সম্প্ৰসাৰণ ঘটাবলৈ বিশেষভাৱে সুবিধা পায় । এই ক্ষেত্ৰত ফাৰুকচিয়াৰৰ অৱদান আটাইতকৈ বেছি । ১৭১৭ চনত ইংৰাজসকলৰ এটা প্রতিনিধি দল ভাৰতলৈ আহিছিল । লগত আহিছিল উইলিয়াম হেমিলটন নামৰ এজন চিকিৎসক । সেই সময়ত ফাৰুকচিয়াৰ টান নৰিয়াত পৰি আছিল । ডাঃ হেমিলটনে তেওঁক চিকিৎসা কৰি আৰােগ্য কৰে । ইয়াতেই সন্তুষ্ট হৈ ফাৰুকচিয়াৰে কোম্পানীক তিনিখন ফৰমান প্রদান কৰে । ইয়াৰ ফলত কোম্পানীক ৩০০০ টকাৰ বিনিময়ত বঙ্গদেশত মুক্তভাবে ব্যৱসায় কৰিবলৈ অনুমতি দিয়ে । লগতে কলিকতাৰ ওচৰে পাজৰে প্রয়ােজন মতে মাটি অধিগ্রহণ কৰাৰ ক্ষমতাও প্রদান কৰে । এইদৰে ফাৰুকচিয়াৰৰ বাবে ইংৰাজ সকল অধিক লাভবান হ’ল । 

প্রশ্ন ৪: ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা – 

‘ ক ’ অংশ ‘ খ ’ অংশ
( ক ) ১৪৫৩ চনফৰাচীসকলৰ পণ্ডিচেী দখল
( খ ) ১৫০০ চনতুর্কীসকলৰ কষ্টান্টটিনপল দখল
( গ ) ১৬০২ চনইষ্ট-ইণ্ডিয়া কোম্পানী গঠন
( ঘ ) ১৬৭৩ চনদি ইউনাইটেড ইষ্ট-ইণ্ডিয়া কোম্পানী অৱ দা নেডাৰলেণ্ডছ গঠন

 উত্তৰঃ

‘ ক ’ অংশ ‘ খ ’ অংশ
( ক ) ১৪৫৩ চনতুর্কীসকলৰ কষ্টান্টটিনপল দখল
( খ ) ১৫০০ চনইষ্ট-ইণ্ডিয়া কোম্পানী গঠন
( গ ) ১৬০২ চনদি ইউনাইটেড ইষ্ট-ইণ্ডিয়া কোম্পানী অৱ দা নেডাৰলেণ্ডছ গঠন ।
( ঘ ) ১৬৭৩ চনফৰাচীসকলৰ পণ্ডিচেৰী দখল

প্রশ্ন ৫: বাণিজ্যবাদ বুলিলে কি বুজা লিখাঃ 

উত্তৰঃ বাণিজ্যবাদ শব্দটো ব্যৱসায় বাণিজ্যৰ লগতেই জড়িত বুলি সাধাৰণতে অনুমান কৰিব পাৰি । ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাই অর্থনৈতিক উন্নতিৰ কাৰণে প্রচেষ্টা কৰি যেতিয়া চৰকাৰে ব্যৱসায় বাণিজ্য বা অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰে তাকেই বাণিজ্যবাদ বােলা হয় । 

প্রশ্ন ৬: ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন কোন ঠাইত বাণিজ্যৰ সম্প্ৰসাৰণ কৰিছিল লিখা । 

উত্তৰঃ ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্য সম্প্রসাৰণ কৰা ঠাইবােৰ আছিল ক্রমে — চুৰাট , আগ্রা , আহম – দাবাদ , মাদ্রাজ ( বর্তমান চেন্নাই ) , বােম্বাই ( বর্তমান মুম্বাই , কলকাতা ( হুগলী ) আদি।

প্রশ্ন ৭: মােগল সম্রাট ফাৰুকছিয়াৰে ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীক দিয়া ফৰমানৰ জৰিয়তে কি কি সুবিধা লাভ কৰিছিল চমুকৈ লিখা । 

উত্তৰঃ মােগল সম্রাট ফাৰুকছিয়াৰে ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীক দিয়া ফৰমানৰ জৰিয়তে বছৰি মাত্র ৩০০০ টকাৰ বিনিময়ত কোম্পানীয়ে বঙ্গদেশত কৰমুক্ত ভাবে ব্যৱসায় কৰিবলৈ অনুমতি পাইছিল । 

কলকতাৰ ওচৰে পাজৰে প্রয়ােজন মতে মাটি অধিগ্রহণ কৰাৰ ক্ষমতাও লাভ কৰিছিল । নিজামৰ ৰাজ্য হায়দৰাবাদতো বছৰি দিবলগীয়া ৰাজহৰ বাদে আন সকলাে সামগ্ৰী কৰৰ পৰাই ৰেহাই পাইছিল । 

কোম্পানীয়ে মুদ্রা প্রস্তুত কৰিবলৈও অধিকাৰ পাইছিল । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) ভাৰতলৈ নতুন সাগৰীয় পথ আবিষ্কাৰ কৰি বেপাৰ বাণিজ্য চলােৱা প্রথম ইউৰােপীয় দেশখনৰ নাম কি ? 

উত্তৰঃ পর্তুগাল । 

( খ ) ‘ উত্তম আশা অন্তৰীপ ‘ ক ইংৰাজীত কি বুলি জনা যায় ? 

উত্তৰঃ Cape of Good Hope .

( গ ) খ্রীষ্টফাৰ কলম্বাছে কোন দেশৰ সাহায্যত ভাৰতলৈ অহাৰ সামুদ্রিক পথ বিচাৰি ভুলবশতঃ আমেৰিকা পাইছিল গৈ ?

উত্তৰঃ স্পেইন । 

( ঘ ) ইষ্ট-ইণ্ডিয়া কোম্পানী ভাৰতত উপস্থিত হােৱা সময়ত মােগল সম্রাট কোন আছিল ? 

উত্তৰঃ জাহাঙ্গীৰ ।

( ঙ ) ভাৰতত ইংৰাজসকলে খােপনি পােত কোন মােগল সম্রাটৰ অৰিহণা বেছি ? 

উত্তৰঃ ফাৰুকছিয়াৰৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top