Niketan Class 8 Social Chapter 11 অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি

Niketan Class 8 Social Chapter 11 অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 11 অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি and select need one.

Niketan Class 8 Social Chapter 11 অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 11 অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি Solutions for All Subjects, You can practice these here…

অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি

Chapter – 11

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) মধ্যযুগৰ ৰাজনৈতিক ব্যৱস্থাৰ মূল বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ মুল বৈশিষ্ট্য আছিল ৰাজতন্ত্র । 

( খ ) পাইকসকলে কেনে ধৰণৰ কাম কৰিব লগা হৈছিল ? 

উত্তৰঃ দেশৰ সুৰক্ষাৰ সময়ত পাইকবােৰে যুদ্ধ ক্ষেত্ৰলৈ যাব লাগিছিল আৰু আন সময়ত এওঁলােকে খেতি পথাৰত কাম কৰিব লাগিছিল । 

( গ ) পচা প্রথা কি ? 

উত্তৰঃ স্বৰ্গদেউ প্রতাপ সিংহই পৰ্বতীয়া জনজাতিবােৰে যাতে ভৈয়ামলৈ নামি আহি ভৈয়ামৰ বাসিন্দাসকলৰ ওপৰত উপদ্ৰৱ চলাব নােৱাৰে তাৰ বাবে ভৈয়ামৰ পৰা পৰ্বতীয়া জনজাতি বােৰলৈ নিয়মীয়া ভাবে খাদ্যৰ যােগান ধৰিছিল । ইয়াকে পচা প্রথা বােলা হৈছিল । 

( ঘ ) মধ্য যুগৰ অসমত মহিলাৰ স্থান কেনে পর্যায়ত আছিল ? 

উত্তৰঃ ইতিহাসবিদ সকলৰ মতে ‘ অসমত মহিলাৰ স্থান ’ যথেষ্ট সম্মানীয় পর্যায়ত আছিল । 

( ঙ ) মূলা গাভৰু কোন আছিল ? 

উত্তৰঃ মূলা গাভৰু আছিল ফ্রাচেনমং বৰগোঁহাইৰ বিধবা পত্নী । তেওঁ এগৰাকী সাহসী আৰু দেশপ্রেমিক মহিলা আছিল । তুর্বকৰ অসম আক্ৰমণ কৰাৰ সময়ত তুর্বকৰ বিৰুদ্ধে অসীম সাহসেৰে যুদ্ধ কৰিছিল । 

( চ ) আহােম সকলৰ ৰাজত্ব কালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ? 

উত্তৰঃ আহােম সকলৰ ৰাজত্বত ভূ – সম্পত্তিৰ গৰাকী আছিল ৰজাসকল।

( ছ ) মধ্যযুগৰ প্ৰথম ভাগত বাণিজ্যিক লেন – দেনৰ কি প্রথা প্রচলিত আছিল ? 

উত্তৰঃ বিনিময় প্রথা প্রচলিত আছিল । 

প্রশ্ন ২: ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –

‘ ক ’ অংশ  ‘ খ’অংশ 
মাধৱদেৱকথাগীতা
বললাৰাম সূর্যখৰি দৈবজ্ঞৰত্নমালা
সুকুমাৰ বৰকাইথনামঘােষা
ভট্টদেৱহস্তী বিদ্যার্ণৱ
ৰামনাৰায়ণ চত্ৰৱৰ্ত্তীদৰং ৰাজবংশাৱলী
পুৰােযােত্তম বিদ্যাবাগীশগীত গােবিন্দ

উত্তৰঃ 

‘ ক ’ অংশ  ‘ খ’অংশ 
মাধৱদেৱনামঘােষা
বললাৰাম সূর্যখৰি দৈবজ্ঞদৰংৰাজবংশাৱলী
সুকুমাৰ বৰকাইথহস্তী বিদ্যার্ণৱ 
ভট্টদেৱকথাগীতা 
ৰামনাৰায়ণ চত্ৰৱৰ্ত্তীগীত গােবিন্দ
পুৰােযােত্তম বিদ্যাবাগীশৰত্নমালা 

প্রশ্ন ৩: খালী ঠাই পূৰ কৰা – 

( ক ) বাৰভূঞা সকলৰ বিচাৰালয়ক ___ বােলা হৈছিল । 

উত্তৰঃ কাৰখানা । 

( খ ) ___ মন্ত্ৰীৰে আহােম মন্ত্রী পৰিষদ গঠিত হৈছিল । 

উত্তৰঃ তিনিজন ।

( গ ) স্বৰ্গদেউ ____ দিনতহে বৰ্তমানৰ ৰংঘৰটো পকী কৰা হৈছিল । 

উত্তৰঃ প্রমত্ত সিংহৰ ।

( ঘ ) হাঁচতি , টঙলি আদি ___ ৰেই অৱদান । 

উত্তৰঃ বাৰভূঞা সকল । 

( ঙ ) বৌদ্ধ ভ্রমণ বা ভিক্ষুসকলে ____ সমূহ ৰচনা কৰিছিল । 

উত্তৰঃ চর্যাগীত । 

প্রশ্ন ৪: চমুটোকা লিখা – ( ৫০ টা মান শব্দৰ ভিতৰত লিখিবা ) 

( ক ) মধ্যযুগৰ অসমত নাৰীৰ স্থান ।

উত্তৰঃ ইতিহাসবিদ সকলৰ মতে মধ্যযুগত ‘ অসমত মহিলাৰ স্থান ’ যথেষ্ট সন্মানীয় পর্যায়ত আছিল । মহিলাৰ প্রতি সম্মান প্রদর্শন অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰা স্বৰূপ । অসমীয়া মহিলাসকলে বােৱা কটা, ঘৰুৱা কাম-কাজ কৰা , গৃহস্থৰ সৈতে সকলাে আলােচনাত আগভাগ লব পাৰিছিল । কোনাে কোনাে মহিলা নৃত্য বিষাদো আছিল । অর্থাৎ মহিলা বা নাৰীয়ে সেই যুগতে মুকলিভাবে ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰিছিল । ৰাজবংশৰ মহিলা সকলে ৰাজকার্যত ভাগ লােৱাৰ উপৰিও যুদ্ধনীতিও জানিছিল আৰু যুদ্ধত অংশ গ্রহণ কৰিছিল । উদাহৰণ মুলা গাভৰু। 

( খ ) আহােমসকলৰ স্থাপত্য ভাস্কর্য ।

উত্তৰঃ আহােমসকলৰ স্থাপত্য ভাস্কৰ্যৰ কথা ক’লে অসমত মধ্য যুগত সৃষ্টি হােৱা অনুপম স্থাপত্য ভাস্কর্যসমূহ কথাই মনলৈ আহে । আহােম দিনীয়া দৌল দেৱালয় , ৰাজপ্রসাদ পুখুৰী , শিলৰ সাঁকো আদিয়ে অসমৰ অতীত গৌৰৱ বহন কৰি আছে । আহােম সকলে প্রথম অৱস্থাত ঘৰবােৰ বা ৰাজপ্রসাদসমূহ কাৰুকার্য খচিত কৰি বাঁহ বেতেৰে সাজি লৈছিল । বৰ্তমানৰ পকী ৰং ঘৰটোও প্রথমে বাঁহ – বেতেৰেহে সজা হৈছিল । পিচলৈ আহােম সকলে মঠ – মন্দিৰ বা ঘৰ সজা কামত চেপেটা ইটা ব্যৱহাৰ কৰিছিল । এই ইটাবােৰ যোৰা লগাবলৈ গুৰ , মাটিমাহ , শিলচুন , শামুক চুন , হাঁহৰ কণী , বৰালী মাছ , তেল , ধুপ আদিৰ মিশ্রণ ঘটাই কঢ়াল বুলি এবিধ এঠা জাতীয় বস্তু তৈয়াৰ কৰি লৈছিল । আহােম সকল স্থাপত্য বিদ্যাত পটু আছিল । 

( গ ) কছাৰীসকলৰ স্থাপত্য – ভাস্কর্য । 

উত্তৰঃ কছাৰীসকলেও আহােম সকলৰ দৰে অসমৰ স্থাপত্য – ভাস্কৰ্যৰ ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই গৈছে । কছাৰী সকলৰ ৰাজধানী ডিমাপুৰৰ ভগ্নাৱশেষে কছাৰী সকলৰ উন্নতমানৰ স্থাপত্যৰ উদাহৰণ বহন কৰে । যি সময়ত আহােমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল , সেই সময়ত কছাৰীসকলে ৰাজধানী নির্মাণত ইটাৰ ব্যৱহাৰ কৰিছিল । বাসগৃহ সমূহত নানা ধৰণৰ চিত্র খােদিত স্তম্ভ নির্মাণ কৰিছিল । ৰাজধানীৰ ভিতৰৰ পুখুৰীৰ পানী বা অইন পানী ওলাই যাব পৰাকৈ নলা – নর্দমা নির্মাণ কৰিছিল । কছাৰী সকলৰ স্থাপত্য বিদ্যাত বংগীয় মুছলমানসকলৰ স্থাপত্যৰ কিছু মিল থকা দেখা যায় । 

( ঘ ) সাহিত্য সংস্কৃতি’লৈ কোচ সকলৰ অৱদান । 

উত্তৰঃ অসমৰ সাহিত্য সংস্কৃতিলৈ কোছসকলৰ অৱদান উল্লেখযােগ্য । মধ্যযুগৰ ক্ষণ জন্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপােষকতাতে অসমীয়া সাহিত্যৰ এটি ধাৰা সৃষ্টি কৰি থৈ গৈছে । কোচ ৰজাৰ দিনতে ৰামসৰস্বতীয়ে অসমীয়াত মহাভাৰত আৰু পুৰােযােত্তম বিদ্যাবাগীশে সংস্কৃতত ৰত্নমালা ব্যাকৰণ লিখিছিল । অনন্ত কন্দলীয়ে ভাগৱত আৰু আন পুথি অসমীয়ালৈ ভাঙনি কৰিছিল । হেম সৰস্বতী , কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল । শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তন , ভাগৱত , ‘ ভট্টদেৱৰ কথা গুৰু চৰিত ’ আদি কোচ ৰাজত্ব কালৰ অসমীয়া সাহিত্যৰ ৰত্ন স্বৰূপ । 

( ঙ ) মধ্যযুগৰ অসমৰ অর্থনৈতিক অবস্থা ।

উত্তৰঃ মধ্যযুগৰ অসমীয়া সমাজ প্রধানকৈ কৃষি ভিত্তিক আছিল । ধান আছিল প্রধান খেতি ।ইয়াৰােপৰি মাহজাতীয় শস্য সৰিয়হ , মৰাপাট , কুঁহিয়াৰ , কপাহ , বিভিন্ন ফলমূল , শাক – পাচলিৰ খেতিও ভাল হৈছিল। কৃষি ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা আৰু খেতি নষ্ট হ’ব নােৱৰাকৈ মথাউৰিৰ ব্যৱস্থাও আছিল । গতিকে খেতি – বাতি ভাল হৈছিল আৰু খাদ্যাভাব নাছিল । 

অতীজৰে পৰা অসম ক্ষুদ্র আৰু কুটিৰ শিল্পত চহকী । বস্ত্র শিল্পত চহকী মধ্যযুগীয় অসমীয়া মানুহৰ ঘৰে ঘৰে তাঁতশাল আছিল । ৰঞ্জন শিল্প , ধাতু শিল্প , মৃৎশিল্প , হাতী দাঁতৰ শিল্পকে আদি কৰি অন্যান্য কুটীৰ শিল্পতাে মানুহবােৰ পাৰ্গত আছিল । তিব্বত চীন আদিৰ লগত মধ্যযুগত বহির্বাণিজ্যও চলিছিল । গতিকে মধ্যযুগত অসমৰ অর্থনৈতিক অৱস্থা টনকিয়াল আছিল । 

প্ৰশ্ন ৫: শুদ্ধটো লিখাঃ

( ক ) মধ্যযুগৰ সমাজ ব্যৱস্থাত উদাৰ নীতিক প্রাধান্য দিয়া হৈছিল / নহৈছিল । 

উত্তৰঃ হৈছিল । 

( খ ) পাট কাপােৰৰ কথা অর্থশাস্ত্ৰত / কীৰ্ত্তনত/ত্নমালাত উল্লেখ আছে । 

উত্তৰঃ অর্থশাস্ত্রত । 

( গ ) আহােম / কোচ/ কছাৰী সকলে প্রথমে ইটাৰ ব্যৱহাৰ কৰিছিল । 

উত্তৰঃ কছাৰী ।

( ঘ ) অনন্ত কন্দলীয়ে / শ্ৰীমন্ত শংকৰদেৱে / মাধৱদেৱে পােন প্রথমে অসমত সত্র প্রতিষ্ঠা কৰিছিল । 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ।

( ঙ ) কোচসকলে / আহােমসকলে বংগদেশৰ পৰা লােণ আমদানি কৰিছিল । 

উত্তৰঃ আহােমসকলে । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) আহােমসকলে মঠ – মন্দিৰ বা ঘৰ সজা কার্যত ইটাবােৰ যোৰা লগাবলৈ ‘ কঢ়াল ’ ব্যৱহাৰ কৰিছিল । ‘ কঢ়াল ’ কেনেকৈ তৈয়াৰ কৰিছিল । 

উত্তৰঃ গুৰ , মাটিমাহ , শিলচুন , শামুক চুন , চকাচুন হাঁহৰ কণী , বৰালী মাছ , তেল , ধুপ আদিৰ মিশ্ৰণেৰে কঢ়াল তৈয়াৰ কৰিছিল । 

( খ ) ৰ’হঢলা পুখুৰী কি ? 

উত্তৰঃ বৈজ্ঞানিক পদ্ধতিৰে খন্দোৱা আহােমৰ সময়ৰ পুখুৰীসমূহ ৰ’হ বা পাৰা ঢালি খন্দোৱা বাবে এই পুখুৰীবােৰক ৰ’হটলা পুখুৰী বােলে । 

( গ ) বড়ো মহিলা সকলে পৰিধান কৰা ‘ দখনা ‘ ৰ ব্যৱহাৰ কেতিয়াৰ পৰা চলি আহিছে ? 

উত্তৰঃ মধ্যযুগৰ পৰা । 

( ঘ ) মধ্যযুগত অসমীয়া সভ্রান্ত ঘৰৰ পুৰুষসকলে মূৰত এবিধ সাজ পৰিধান কৰিছিল । সেই সাজ বিধৰ নাম কি ? 

উত্তৰ পাগুৰি । 

( ঙ ) ‘ হস্তীবিদ্যার্ণব ’ পুথিখন কি বিষয়ৰ ওপৰত ৰচিত ?

উত্তৰঃ হাতী চিকিৎসাৰ ওপৰত ৰচিত । 

( চ ) চর্যাগীত সমূহৰ ৰচক কোন ? 

উত্তৰঃ বৌদ্ধ শ্রম বা ভিক্ষুসকল । 

( ছ ) শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা ভাষাটোক কি বুলি জনা যায় । 

উত্তৰঃ ব্ৰজাৱলী । 

( জ ) বর্তমান অৰুণাচল প্রদেশৰ নামনি অঞ্চলত থকা মালিনী থানৰ স্থাপত্য ভাস্কর্যসমূহ কোন জাতিৰ অৱদান ? 

উত্তৰঃ চুটিয়া সকলৰ ।

( ঝ ) সুকুমাৰ বৰকাইথে কাৰ নিৰ্দেশত হস্তীবিদ্যার্ণৱ পুথিখন ৰচনা কৰিছিল । 

উত্তৰঃ বৰ ৰজা ফুলেশ্বৰীৰ নিৰ্দেশত । 

( ঞ ) ‘ শকুন্তলা ’ নাটখনি অসমীয়া পদলৈ কোনে অনুবাদ কৰিছিল ? 

উত্তৰঃ কবিৰাজ চক্রবর্তীয়ে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top