Niketan Class 8 Science Chapter 6 দহন আৰু শিখা

Niketan Class 8 Science Chapter 6 দহন আৰু শিখা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 6 দহন আৰু শিখা and select need one.

Niketan Class 8 Science Chapter 6 দহন আৰু শিখা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 6 দহন আৰু শিখা Solutions for All Subjects, You can practice these here…

দহন আৰু শিখা

Chapter – 6

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। দহন কাক বোলে ? দাহ্য পদার্থ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্রয়োজন ?

উত্তৰঃ দহনঃ যি ৰাসায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয় তাকে দহন বোলে। দাহ্য পদার্থ এটা দাহিত কৰিবলৈ তিনিটা চৰ্তৰ প্ৰয়োজন – এইবোৰ হ’ল – বায়ু, ইন্ধন, আৰু তাপ।

২। জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচ এটাৰে ঢাকি ধৰিলে কি ঘটে ?

উত্তৰঃ মমবাতিডাল কিছু সময়ৰ পিছত নুমাই যাব। কাৰণ, তাত থকা বায়ু খিনি দহনৰ ফলত শেষ হৈ যাব। ইয়াৰ পৰা আমি সিদ্ধান্ত কৰিব পাৰোঁ যে দহনৰ বাবে বায়ুৰ প্ৰয়োজন ৷

৩। প্রজ্জ্বলন উষ্ণতা কি ? এই উষ্ণতাৰ লগত দহনৰ সম্বন্ধ কি ?

উত্তৰঃ যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য পদার্থ এটাৰ দহন হয়, সেই উষ্ণতাকে দাহ্য পদার্থটোৰ প্ৰজ্বলন উষ্ণতা বোলে।

দহনৰ সহায়কৰ উপস্থিতিত দাহ্য পদার্থ এটাই নির্দিষ্ট উষ্ণতা লাভ কৰিলেহে তাৰ দহন ঘটে। ভিন ভিন দাহ্য পদাৰ্থৰ এই নিম্নতম উষ্ণতা নির্দিষ্ট উষ্ণতাৰ মান ভিন ভিন। প্ৰজ্বলন বিন্দুৰ তলৰ উষ্ণতাত দাহ্য পদার্থৰ দহন নঘটে। কেৰাচিনতকৈ পেট্ৰ’লত সহজে জুই লাগে, কাৰণ পেট্ৰ’লৰ প্ৰজ্বলন উষ্ণতা কেৰাচিনতকৈ কম।

৪। শিখা কি ? ই কেনেদৰে সৃষ্টি হয় ?

উত্তৰ: কোনো দাহ্য গেছ বা বায়ু জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰ সৃষ্টি হয় তাকে শিখা বোলে।

গেছীয় অৱস্থাত থকা পদাৰ্থৰ দহনৰ ফলত শিখাৰ সৃষ্টি হয়। মমবাতিৰ দহনত উৎপন্ন হোৱা তাপে মমত থকা বিভিন্ন হাইড্ৰ’কার্বন বাষ্পীভূত কৰে। এই বাষ্পবায়ুৰ পৰিবেশত জ্বলি শিখা উৎপন্ন কৰে। তেলৰ চাকিৰ তেল বাষ্পীভূত হৈ তাৰ বাষ্প দাহিত হৈ শিখা উৎপন্ন কৰে।

৫। মমবাতিৰ শিখাৰ পৰা আমি কিয় পোহৰ পাওঁ ? 

উত্তৰ: মমবাতিৰ শিখাত অদাহ্য অৱস্থাত কার্বন থাকে। কাৰ্বন পৰমাণু শিখাৰ উত্তাপত জ্বলি পোহৰ বিলায়। সেয়ে মমবাতিৰ শিখা উজ্বল আৰু ই পোহৰ উৎপন্ন কৰে।

৬। খালী ঠাঁই পূৰ কৰা :

  (ক) জুই নিয়ন্ত্রণ কৰিবলৈ সাধাৰণতে —– ব্যৱহাৰ কৰা হয়।

উত্তৰ : পানী ।

(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ’ল —– ।

উত্তৰ : তৰলীকৃত পেট্ৰলিয়াম গেছ ।

(গ) —– বৰষুণে শস্য, বিল্ডিং আৰু মাটিৰ অনিষ্ট কৰে। 

উত্তৰ : এছিড ।

(ঘ) দহন প্রক্রিয়াত —– আৰু —– সৃষ্টি হয়।

উত্তৰ : তাপ , পোহৰ ।

৭। যানবাহনত চি. এন. জিৰ ব্যৱহাৰে নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা।

উত্তৰ : যানবাহনত চি. এন. জিৰ ব্যৱহাৰে নগৰবোৰত পূৰ্বৰ তুলনাত প্ৰদূষণ ভালেখিনি কমাইছে। কিয়নো চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্রব্য উৎপন্ন হয়। চি. এন. জি. এটা আপেক্ষিক ভাৱে পৰিষ্কাৰ ইন্ধন।

৮। মমবাতি শিক্ষা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

উত্তৰ:

চিত্ৰ: মম বাতিৰ শিখাৰ বিভিন্ন মণ্ডল

৯। ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি ?

উত্তৰ: কিল’জুল প্রতি কেজি বা kj/kg ৷

১০। কার্বনডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে ?

উত্তৰঃ বৈদ্যুতিক আহিলা আৰু পেট্ৰ’লৰ নিচিনা প্ৰজ্বলক দ্রব্যত লগা জুই নুমাবৰ বাবে কাৰ্বন ডাই অক্সাইড হৈছে (CO2) উত্তম নির্বাপক। কার্বন-ডাই-অক্সাইড বায়ুতকৈ গধুৰ হোৱা বাবেই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰি ইন্ধন আৰু অক্সিজেনৰ সংস্পৰ্শৰ পৰা বিচ্ছিন্ন কৰে। ফলত জুই নিয়ন্ত্ৰণ হয়।

১১। সোণ আৰু ৰূপ গলাবলৈ সোণাৰীয়ে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ?

উত্তৰঃ সোণাৰীয়ে সোণ আৰু ৰূপ গলাবলৈ ফুলনীৰে শিখাৰ বাহিৰত মমণ্ডলটো যুৱাই দি সোণ আৰু ৰূপ গলাই অলংকাৰ গঢ়ে। কাৰণ শিখাৰ এই দীপ্তিহীন বহিৰ্তম মণ্ডলটোৰ উষ্ণতা সর্বাধিক।

১২। মামৰে ধৰা প্ৰক্ৰিয়াটো দহন বুলি ক’ব পাৰিবানে ? ব্যাখ্যা কৰা ৷

উত্তৰঃ মামৰে ধৰা প্ৰক্ৰিয়াটো দহন বুলি ক’ব নোৱাৰি।কাৰণ, দহনত তাপ আৰু পোহৰৰ উৎপন্ন হয়। কিন্তু মামৰে ধৰা প্ৰক্ৰিয়াত তাপ আৰু পোহৰৰ উৎপন্ন নহয় ৷

১৩। কাৰণ দর্শোৱা :

(ক) বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।

(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এলপিজি অধিক ভাল৷

উত্তৰ : (ক) বৈদ্যুতিক আহিলাত লগা জুইত পানী ঢালিলে, পানীয়ে বিদ্যুৎ পৰিবহন কৰি জুইত পানী ঢালিবলৈ চেষ্টা কঁৰোতা জনৰ অপকাৰহে কৰিব পাৰে। সেইবাবে বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানীৰ সলনি কার্বন-ডাই অক্সাইড ব্যৱহাৰ কৰা হয়।

(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল। কাৰণ ই পৰিষ্কাৰ ইন্ধন, অতি সহজতে পৰিবহন কৰিব পাৰি, ইয়াৰ দহনৰ দ্বাৰা অতি উচ্চ শক্তি লাভ | কৰিব পাৰি ৷ লগতে ইয়াৰ দহনত কোনো ছাই উৎপন্ন নহয় আৰু সেইবাবে প্ৰদূষণ কম হয়।

আনহাতে কাঠৰ নিচিনা ইন্ধনে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে, ফলত কাৰ্বন মন’অক্সাইডৰ দৰে বিষাক্ত গেছৰ সৃষ্টি কৰে, যিয়ে মানুহৰ মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে। আকৌ কাঠৰ ব্যৱহাৰে প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট কৰে আৰু গোলকীয় উষ্ণতাৰ কাৰক বুলি বিশ্বাস কৰা হৈছে।

১৪। অগ্নি নির্বাপক যন্ত্ৰ এটাৰ আৰ্হি বনোৱা। বেকিং ছ’ডাপূর্ণ সৰু থাল এখনত এডাল চুটি মমবাটি আৰু এডাল সামান্য ওখ মমবাতি থিয়কৈ ৰাখা। এটা ডাঙৰ বাটিৰ তলত থালখন ৰাখা। দুয়োডাল মম জ্বলোৱা এতিয়া বেকিং ছ’ডা থকা থালখনত ভিনেগাৰ ঢালা। সাৱধান হ’বা যাতে মম বাতিৰ ওপৰত ভিনেগাৰ নালাগে ৷ ফেন উঠা বিক্রিয়াটো পর্যবেক্ষণ কৰা মম বাটি দুডালৰ কি ঘটিল ? কিয় কি ক্ৰমত ? 

উত্তৰ: মমবাতি দুডাল নুমাই যাব। কাৰণ বেকিং ছ’ডা আৰু ভিনেগাৰৰ মাজত বিক্রিয়া ঘটিব আৰু ইয়াৰ ফলত পানী উৎপন্ন হ’ব। ইয়াৰে মমডাল আগতে নুমাই যাব আৰু দীঘল মমডাল পিছত নুমাই যাব।

অতিৰিক্ত প্রশ্নোক্তৰ

১। তলত দিয়া ইন্ধন সমূহৰ পৰা কি কি কার্য সম্পাদিত কৰা হয় – এখন তালিকা প্ৰস্তুত কৰা।

পেট্রল, ডিজেল, কয়লা, গৰুৰ গোবৰ, কাঠ, সংকুচিত প্রাকৃতিক গেছ।

ইন্ধন কার্য সম্পাদিত
(ক) পেট্রলগাড়ী, মটৰ চলোৱা
(খ) ডিজেলগাড়ী, মটৰ, ৰেলৰইঞ্জিন, কল-কাৰখানা চলোৱা।
(গ) কয়লাৰেলৰ ইঞ্জিন, তাপ বিদ্যুৎ প্রকল্প, উদ্যোগৰ ইন্ধন হিচাপে ।
(ঘ) গোবৰৰান্ধনি শালাৰ ইন্ধন হিচাপে, গোবৰ গেছ হিচাপে।
(ঙ) কাঠঘৰুৱা কাম যেনে ৰান্ধনি শাল আদিত ব্যৱহাৰ।
(চ) সংকুচিত প্রাকৃতিক গেছগাড়ী মটৰ চলোৱা ।

উত্তৰ : তালিকা

২। দাহ্য পদার্থ কাক বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক দাহ্য পদার্থ বোলে।

৩। কেই প্ৰকাৰ মান দহনৰ নাম লিখা।

উত্তৰঃ দ্ৰুত দহন, স্বতঃস্ফুর্ত দহন, বিস্ফোৰণ ইত্যাদি।

৪। শিখাৰ কেইটা অংশ আছে ? নাম বোৰ লিখা।

উত্তৰঃ শিখাৰ সাধাৰণতে চাৰিটা অংশ আছে। সেইবোৰ হ’ল দীপ্তিহীন মণ্ডল, দ্বীপ্তিমান মণ্ডল, নীলা মণ্ডল আৰু অদহন মণ্ডল।

৫। ইন্ধনৰ দহনে পৰিবেশৰ ওপৰত কি ক্ষতি কাৰক প্ৰভাৱ পেলাইছে উল্লেখ কৰা।

উত্তৰঃ ইন্ধনৰ দহনে পৰিবেশৰ ওপৰত পেলোৱা ক্ষতিকাৰক প্ৰভাৱ সমূহ হ’ল –

(ক) কাঠ, কয়লা, পেট্ৰলিয়ামৰ নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে। এই সুক্ষ্ম অদাহিত কণাবোৰ বিপদজ্জনক প্ৰদূষক আৰু ই এজমাৰ নিচিনা শ্বাস-প্রশ্বাসৰ বেমাৰ সৃষ্টি কৰে।

(খ) ইন্ধনবোৰৰ অসম্পূর্ণ দহনে কার্বন মন’ক্সাইড গেছ সৃষ্টি কৰে। ই অতি বিষাক্ত। কার্বন মন’ক্সাইড গেছে মানুহৰ মৃত্যু ঘটাব পাৰে।

(গ) প্ৰায়  ভাগ ইন্ধনৰ দহনে পৰিবেশত কাৰ্বন মন’ক্সাইড এৰি দিয়ে। বায়ুত কার্বন মন’ক্সাইডৰ বৰ্দ্ধিত গাঢ় তাক গোলকীয় উষ্ণতাৰ কাৰক বুলি বিশ্বাস কৰা হৈছে।

৬। ইন্ধন কি ? ইন্ধনৰ দক্ষ তাক কিদৰে প্ৰকাশ কৰা হয় ?

উত্তৰ : ঘৰুৱা বা উদ্যোগিক ক্ষেত্ৰত তাপ শক্তিৰ উৎস প্ৰধানকৈ কাঠ, এঙাৰ, কেৰাচিন, পেট্ৰল আদি দ্ৰব্যবোৰক ইন্ধন বোলে।

ইন্ধনৰ দক্ষতা কেলৰি মান হিচাপে প্ৰকাশ কৰা হয় যাক কিল’জুল প্রতি এককত প্ৰকাশ কৰা হয়।

৭। জুই জ্বলিবলৈ কি কি তিনিটা চৰ্ত পূৰ্ণ কৰাৰ দৰকাৰ।

উত্তৰ: জুই জ্বলিবৰ বাবে লগা তিনিটা চৰ্ত হ’ল – বায়ু, পানী আৰু তাপ।

৮। কেঁচাপাতৰ দ’ম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। ব্যাখ্যা কৰা।

উত্তৰ: কেঁচাপাতৰ দ’ম এটা পুৰিবলৈ টান, কাৰণ কেঁচা পাতৰ প্ৰজ্বলন উষ্ণতা শুকান পাতৰ প্ৰজ্বলন উষ্ণতাতকৈ বেছি। সেইবাবে, শুকান পাতৰ দমত সহজে জুই লাগে, যিহেতু শুকান পাতৰ প্ৰজ্বলন উষ্ণতা কম।

৯। খালী ঠাই পূৰ কৰা।

(ক) দাহ্য পদাৰ্থবোৰৰ জ্বলন উষ্ণতা ——।

উত্তৰ: কম।

(খ) বৈদ্যুতিক আহিলা আৰু পেট্ৰলৰ নিচিনা প্ৰজ্বলক দ্ৰব্য তল গা জুই নুমাবৰ বাবে —–হৈছে উত্তম নির্বাপক।

উত্তৰঃ কার্বন ডাই-অক্সাইড (CO2) ।

(গ) দহনৰ বাবে বায়ুত থকা —– ৰ প্ৰয়োজন।

উত্তৰ: অক্সিজেন ।

(ঘ) কাঠ, বাঁহ, কাগজ, মমবাতি, মিথেন গেছ, এল পি জি আদি মিশ্ৰ গেছ হ’ল —– পদার্থ।

উত্তৰ: দাহ্য ।

(ঙ) মটৰ গাড়ী, বেল গাড়ী, উৰাজাহজ চলাবলৈ  —— প্রয়োজন।

উত্তৰ: ইন্ধনৰ ।

(চ) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ —— ঘটায়।

উত্তৰ : প্ৰদূষণ ।

(ছ)দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ —– , —– নিশ্চয়কৈ তপতাব লাগে।

উত্তৰ: প্ৰজ্বলন, উষ্ণতালৈ ।

  (জ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক —– ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

উত্তৰ: পানীৰ ।

(ঝ) শিখাৰ —— মণ্ডলৰ উষ্ণতা সৰ্বাধিক।

উত্তৰ: দীপ্তিহীন ।

(ঞ) পেট্ৰ’লৰ প্ৰজ্বলন উষ্ণতা কেৰাচিনতকৈ —— ।

 উত্তৰ: কম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top