Niketan Class 8 Assamese Chapter 7 জন – সাহিত্য

Niketan Class 8 Assamese Chapter 7 জন – সাহিত্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 7 জন – সাহিত্য and select need one.

Niketan Class 8 Assamese Chapter 7 জন – সাহিত্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 7 জন – সাহিত্য Solutions for All Subjects, You can practice these here…

জন – সাহিত্য

Chapter – 7

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১: তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া – 

( ক ) জন সাহিত্য কাক বোলে ? 

উত্তৰঃ সাধাৰণ লােক বা নিৰক্ষৰজনৰ মুখ বাগৰি অহাৰচনা বিলাকক জন – সাহিত্য বােলা হয় ।

( খ ) অসমীয়া জন – সাহিত্যৰ সমলৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ অসমীয়া জন সাহিত্যৰ অনেক সমল আছে , যেনে— সাধুকথা , ফকৰা যােজনা , ডাকৰ বচন , বিহুগীত , বনঘােষা , মালিতা , আইনাম , বিয়ানাম , ফুলকোঁৱৰৰ গীত , মণিৰাম দেৱানৰ গীত ইত্যাদি।এই জন সাহিত্যবােৰৰ পটভূমি হৈছে গাঁও আৰু পথাৰ , তাৰ প্রেৰণা হৈছে – জনসাধাৰণৰ সুখ – দুখ , আশা – নিৰাশা , কাম কাজ , প্রেম – বিৰহ আদি । অসমীয়া সাহিত্যই লিখিত ৰূপ পােৱাৰ আগৰে পৰা আনকি লিখিত ৰূপ পােৱাৰ পিছতাে নিৰক্ষৰ লােকৰ মুখে এইবােৰ ৰচিত হৈ পুৰুষানুক্রমে মৌখিকভাবে চলি আহিছে । কিছুমান জন – সাহিত্যত ( যেনে – পটন্তৰ বা ফকৰা- যােজনা ) সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলক নীতি , জাতিৰ মনস্তত্ত্ব , আচাৰ ব্যৱহাৰ আনকি সমালােচনাও পােৱা যায় । কিছুমান জন সাহিত্য বুৰঞ্জীমূলক , ( মণিৰাম দেৱানৰ গীত , হৰদত্ত-বীৰদত্তৰ গীত ) কিম্বদন্তিমূলক আৰু কাল্পনিক । অসমীয়া কৃষ্টিৰ গুৰুত্বপূর্ণ অংগ এইজন – সাহিত্যবােৰৰ প্ৰায় ভাগকে বর্তমান লিখিত ৰূপ দিয়া হৈছে ।

( গ ) মালিতা কি?

উত্তৰঃ মালিতা হ’ল বনঘােষাধর্মী এক শ্রেণীৰ দীঘলীয়া কাহিনী বা ঘটনাপ্রধান লােকগীত । মালিতাবােৰৰ মাজত কাৰুণ্য , দুখ – বিষাদৰ সুৰ , অলৌকিকতা , বীৰত্বৰ কাহিনী আদি পােৱা যায় । 

( ঘ ) অসমীয়াত ‘ জন সাহিত্য ’ শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল বুলি ভবা হৈছে ? 

উত্তৰঃ ডিম্বেশ্বৰ নেওগে ।

( ঙ ) বর্ষানৃত্য কি ? 

উত্তৰঃ কোনাে জনগােষ্ঠীয়ে বৰষুণৰ প্রার্থনাৰে কৰা দলগত নৃত্যকে বর্ষাকৃত্য বােলে । যিদৰে বৰষুণৰ আগন্তুক হয় , যিদৰে পানী পৰে সেই সকলাে প্রাকৃতিক বর্ণনা সেই নৃত্যত প্রকাশ পায় ।

( চ ) কবিতাৰ প্রধান লক্ষণ কি ? 

উত্তৰঃ কবিতাৰ প্রধান লক্ষণ হৈছে লয় ( Rhythm )

( ছ ) বনঘােষাক কিয় পথৰুৱা গীত বুলি কোৱা হয় ? 

উত্তৰঃ বনঘেষাবােৰ হৈছে প্ৰধানকৈ উদ্দাম যৌৱনৰ যৌন বাসনাৰ উন্মুক্ত প্রকাশ । গৰখীয়া বা পথৰুৱা ডেকাবােৰে এইবােৰ সাধাৰণতে মুকলি পথাৰত বা নির্জন বনস্থলীত গােট খাই গােৱাৰ নিয়ম আছিল । সেইবাবেই বনঘােষাক পথৰু গীত বুলিও কোৱা হয় । 

প্ৰশ্ন ২: অসমীয়া সমাজত প্ৰচলিত জনকৃষ্টিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ অসমীয়া সমাজত বহুতাে জনকৃষ্টিৰ প্ৰচলন আছে ; যেনে — বিহু , ভঠেলি , মহােহাে , আমতি , ভেকুলিৰ বিয়া, জন্মাষ্টমী , অশােকাষ্টমী , লখিমী আদৰা উৎসৱ , ফাকুৱা , অপেচৰা সবাহ , ৰাস , 

দুর্গাপূজা , দৌল ইত্যাদি । এই জনকৃষ্টি সমূহৰ সংমিশ্ৰণতেই বাৰে বৰণীয়া অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে । জনকৃষ্টি সমূহৰ বেছিভাগে প্রকৃতি আৰু কৃষিৰ লগত জড়িত । কিছুমান কিবা অলৌকিক শক্তিৰ ওপৰত থকা বিশ্বাসৰ ভেটিত গঢ় লৈ উঠিছে । বিভিন্ন নীতি – নিয়ম বা লােকাচাৰ , গীত – মাত – নৃত্য আদিৰ মাজেৰে এইবােৰ পালন কৰা হয়।সাধাৰণতে সমূহীয়াভাবে পালন কৰা হয় বাবে জনকৃষ্টিয়ে মানুহৰ মাজত একতা – ভাতৃত্ববােধ গঢ়ি উঠাত সহায় কৰে । 

প্রশ্ন ৩: নিচুকণি গীত আৰু ফুলকোঁৱৰৰ গীতৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ নিচুকণি গীত শিশুক টোপনি নিয়াবলৈ বা ক্ষন্তেকৰ বাবে ভুলাই ৰাখিবলৈ মাকহঁতে বা জ্যেষ্ঠজনে গােৱা কল্পনা প্রসুত গীতবােৰেই হ’ল নিচুকণি গীত । এই শ্রেণীৰ গীতৰ লগত কোনাে ধর্ম বা পুজা – অর্চনাৰ সম্পর্ক নাই । শিয়াল , বাঘ , ভেকুলী , সাপ , জোনাই , কুকুৰ , বাৰীৰ বগৰী জোপা আদি হ’ল নিচুকণি গীতৰ বিষয়বস্তু । অসমীয়া সমাজত প্ৰচলিত এটি নিচুকণি গীত হ’ল— 

শিয়ালীয়ে নাহিবি ৰাতি 

           তোৰে কাণ কাটি লগামে বাতি । 

ফুলকোঁৱৰৰ গীত :- এই গীতবােৰ জনশ্রুতি মূলক। এক প্ৰকাৰ মালিতা বা আখ্যানমূলক গীত। ইংৰাজীত এনেধৰণৰ গীতক ‘ বেলাত ’ বুলি কোৱা হয় । গ্রাম্য সৰল লােকৰ মনত আনন্দ দিয়াৰ বাবেই কল্পনাৰ ৰং সানি এনেবােৰ গীত মুখৰচক ভাবে চলি আহিছিল । ফুলকোঁৱৰত গীতৰ সময় নিৰূপণ কৰা কঠিন যদিও ইয়াত আহােম ৰাজত্বৰ পৰিৱেশ পােৱা যায় বাবে আহােম ৰাজত্বৰ সময়ত ৰচিত বুলি কিছুমানে কয়। ফুলকোঁৱৰৰ গীতৰ এটা উদাহৰণ হৈছে – 

       মালিনীৰ বাৰীতে পৰি ফুলকোঁৱৰে মিচিকাই পেলালে হাঁহি । 

সেউতি মালতি তগৰ গুটিমালী সবেও মেলিলে পাহি । 

প্রশ্ন ৪: অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস সম্পর্কে উদাহৰণসহ পাঠৰ আধাৰত লিখা । 

উত্তৰঃ সকলাে মানৱ সমাজত অন্ধবিশ্বাসৰ প্রচলন আছে । অসমীয়া সমাজো তাৰ ব্যতিক্রম নহয় । অসমৰ গাঁও – ভুইত থকা বেজ – ওজাবােৰ তাৰ উদাহৰণ । অসমত গাঁও – ভূঁইৰ এচাম মানুহে এতিয়াও ঘা , ফোহা হ’লে , নৰীয়াত পৰিলে বা মানুহৰ গাত ৰোগৰ কিছুমান বিশেষ লক্ষণ দেখা দিলে অপদেৱতাই লম্ভা বুলি বেজৰ ওচৰ চাপে । বেজে বেমাৰ ভাল কৰিবলৈ বা অপদেৱতা খেদিবলৈ মন্ত্র মাতে , পানী জাৰি দিয়ে , বিহ ঢেকীয়া , বিহলঙনি আদিৰে ৰােগীক কোবাই কোবাই জাৰে । ডাক্তৰৰ কাষ চাপি বেজৰ ওপৰত বিশ্বাস কৰাৰ ফলত বহুত ৰােগীৰ কৰুণ মৃত্যু হােৱাও দেখা যায় । সেইদৰে অসমৰ কিছুমান জনজাতিৰ মাজত প্ৰচলিত বর্ষা নৃত্যও এক প্ৰকাৰৰ অন্ধবিশ্বাস । প্রয়ােজনীয় সময়ত ৰষুণন হ’লে তেওঁলােকে দলবদ্ধভাবে – যিদৰে বৰষুণৰ আগন্তুক হয় , যিদৰে পানী পৰে সেই সকলাে প্রাকৃতিক বর্ণনা বর্ষা নৃত্যৰে প্ৰকাশ কৰে । এনেকৈ নৃত্য কৰাৰ ফলত বৰষুণ দিয়ে বুলি তেওঁলােকে বিশ্বাস কৰে ।

প্ৰশ্ন ৫: “ আদিম যুগৰ মানুহে পৃথিৱীখন ভয় আৰু বিস্ময়ৰ চকুৰে চাবলগীয়া হৈছিল ” —কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ আদিম যুগৰ মানুহৰ জীৱন আৰু জগত সম্পর্কে অভিজ্ঞতা আছিল । নিচেই তাকৰ । তেওঁলােকৰ প্রয়ােজন আছিল বহুত — খাদ্য , শৰীৰৰ কাৰণে উত্তাপ , আশ্ৰয়ৰ কাৰণে নিৰাপদ ঠাই , বন্য জন্তু আৰু শত্ৰুৰ পৰা নিৰাপত্তা । তেওঁলােকৰ চাৰিওফালে বিপদ আৰু আশংকা । কেতিয়াবা ধুমুহা আৰু বানপানীৰ তাণ্ডৱ , কেতিয়াবা খৰাং বতৰ , কেতিয়াবা বনজুই , কেতিয়াবা মাৰিমৰক । এই বিলাকৰ সন্মুখীন হ’লে তেওঁলােকে ভীষণ ভয় খাইছিল আৰু এইবােৰৰ আতি – গুৰি একো বুজি নাপাই বিস্ময় মানিছিল । সেয়ে আদিম যুগত মানুহে পৃথিৱীখন ভয় আৰু বিস্ময়ৰ চকুৰে চাবলগীয়া হৈছিল । 

প্ৰশ্ন৬: অসমীয়া লােক বিশ্বাসত দেওভূতৰ প্ৰভাৱ সম্পর্কে লিখা । 

উত্তৰঃ অসমীয়া লােকবিশ্বাসত প্ৰভাৱ পেলােৱা বহুতাে দেও – ভূত আছে। মানুহে এইবিলাকক বিভিন্ন ৰূপত কল্পনা কৰি বিভিন্ন নাম দিছে ; যেনে— যখিনী , ধনগুলৈ , ঘােৰাপাক , বিৰা , দ’ত ইত্যাদি । মানুহৰ কিবা অপায় – অমংগল হ’লে এই দেও – ভূত বিলাকৰ কোনােবাটোৰ প্ৰভাৱত হােৱা বুলি এচাম মানুহে বিশ্বাস কৰে । দেও – ভূতৰ পৰা হাত সৰাৰ বাবে বহু মানুহে ভগৱানক পুজা – পাতল কৰে , গোঁসাই ঘৰত নৈবদ্য আগবঢ়ায় আৰু সেই দেও – ভূতৰ নামটো পূজা দিয়ে । ৰাতি ধনগুলৈ দেখি সেয়া কোনাে প্রেতাত্মাৰ মায়া বহু মানুহে বিশ্বাস কৰে আৰু ভয় খায় । যখিনী বুলি বিশ্বাস কৰা ভূতবিধৰ অসমীয়া লোক বিশ্বাসত বিশেষ প্রভাৱ আছে । 

জপৰা চুলিৰে ভয়লগা চেহেৰাৰ যখিনী হেনােবাৰীৰ জোপােহা গছত বাস কৰে । এবিধ গছৰ পৰা ওলােৱা থুইৰ নিচিনা ফেনৰ কাৰণ নাজানি অজ্ঞলােকে তাক যখিনীৰ থুই বুলি কয় । সেইদৰে ৰাতি মাছ মাৰিবলৈ গ’লে অকলশৰীয়া অৱস্থাত মানুহক ঘােৰা পাকে লম্ভে বুলি লােকবিশ্বাস আছে । এই ভুতটোৱে হেনাে খালৈত হােৱা মাছ মনে মনে খাই নােহােৱা কৰে । ঘােৰাপাকৰ ভয়ত বহু মানুহে ৰাতি অকলশৰে মাছ মাৰিবলৈ নাযায় । ঘােৰাপাক মানুহ আকৃতিৰ , কিন্তু মানুহতকৈ বহু ওখ , হাত – ভৰি – আঙুলিবােৰ দীঘল দীঘল বুলি মানুহে বিশ্বাস কৰে। সেইদৰে বীৰা, দ’ত আদিয়েও মানুহৰ অন্যায় কৰে বুলি মানুহৰ মাজত বিশ্বাস আছে । এই দেও – ভূতবােৰৰ পৰা হাত সাৰি থাকিবৰ উদ্দেশ্যে বহু মানুহে ওজা বা বেজৰ পৰা মাদুলি – তাবিজ আদি লােৱা দেখা যায় । 

ওপৰোক্ত আলােচনাৰ পৰা দেখা যায় যে অসমীয়া লােকবিশ্বাসত দেও – ভূতৰ যথেষ্ট প্রভাৱ আছে । 

প্রশ্ন ৭: গীত – পদ – সাধুকথাৰ মাজেৰে কিদৰে জাতিৰ পৰিচয় পাব পাৰি। উদাহৰণ দি পাঠৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ এটা জাতিৰ আচাৰ – ব্যৱহাৰ , সংস্কাৰ কুসংস্কাৰ , ধর্ম , সামাজিক কর্তব্য সম্বন্ধে যিবিলাক নীতি নিয়ম পালন কৰা হয় , সেইবিলাকৰ বিষয়ে সেই জাতিটোৰ লােক সমাজত প্রচলিত গীত – পদ সাধুকথাৰ মাজেৰে জানিব পৰা যায় । সেইদৰে মানুহে কিদৰে চিন্তা কৰে, কিদৰে ভাব প্রকাশ কৰে ইয়াৰ প্রতিফলনাে গীত – পদ সাধুকথাত পােৱা যায় । এইবােৰৰ পটভূমি একে হ’লেও পাৰিপাৰ্শ্বিক অৱস্থাই ঠাই ভেদে এইবােৰক বেলেগ ৰূপ দিয়ে । উদাহৰণ হিচাপে – পথাৰ বা মানুহক পটভূমি হিচাপে লৈ যদি গীত – পদ – সাধুকথা ৰচনা হয় , সকলাে ঠাইৰ গীত – পদ – সাধুকথাৰ ৰূপ একে নহ’বও পাৰে । কাৰণ সেই ঠাইৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ এইবােৰত পৰিব । 

অসমৰ পথাৰৰ পাৰিপাৰ্শ্বিকতা আন ঠাইৰ লগত নিমিলিব পাৰে । অসমৰ মানুহৰ আচাৰ ব্যৱহাৰ ; সংস্কাৰ কুসংস্কাৰ আদি পঞ্জাৱ বা চিকিমৰ মানুহৰ লগত নিমিলে । অসমীয়া সামাজিক জীৱনৰ চিত্ৰ , অসমৰ প্ৰাকৃতিক শােভা , অসমীয়া মানুহৰ ধর্ম বিশ্বাস , মানসিকতা— এইসকলােবােৰৰ আভাস আমি অসমীয়া গীত – পদ সাধু কথাবােৰত পাওঁ । সেইদৰে আন এটা জাতিৰ বিষয়েও সেই জাতিটোৰ লােকসমাজত প্রচলিত গীত – পদ সাধু কথাৰ জৰিয়তে জানিব পৰা যায় । প্রত্যেক জাতিৰ ভাষাই লিখিত ৰূপ পােৱাৰ আগৰে পৰাই যিহেতু লােকসমাজত গীত – পদ সাধুকথাৰ প্রচলন হৈ আহিছে , গতিকে এইবােৰে আমাক বহু অতীতৰ পৰা জাতিটোৰ পৰিচয় লাভ কৰাত সহায় কৰে। 

প্রশ্ন ৮: ব্যাখ্যা কৰাঃ 

( ক ) গাইগুটীয়া কামতকৈ সমূহীয়া কামত এই লয় বেছি নিয়মিত হয় , অর্থাৎ তাত বেমেজালি থাকে কম ।

উত্তৰঃ গাইগুটীয়া কামতকৈ ____ বেমেজালি থাকে কম । 

ওপৰোক্ত কথাফাকি ড° প্রফুল্ল দত্ত গােস্বামীদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ জন – সাহিত্য ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

কথাফাকিৰ মাজেৰে লেখকে লয় সম্পর্কে আমাক এটি আভাস দিব বিচাৰিছে । কামৰ মাজে মাজে মানুহে যি বিৰাম অনুভৱ কৰে , সেই বিৰাম বােধ কৰিব পৰা গতি বা প্রবাহেই লয় । কাম আৰু পাৰিপাৰ্শ্বিকতা অনুসৰি লয়ৰ প্ৰভেদ আছে । গাই গুটিয়া কামত , যেনে— ধােৱা বা খৰিকটীয়াৰ কামত , এই লয় সিমান নিয়মীয়া নহয়। কিন্তু সামূহিক কামত লয় বেছি নিয়মীয়া হয় । আদিম মানুহে তেওঁলােকৰ যি কামনা তাক তেওঁলােকে মন্ত্র কৰি উত্তেজিত হৈ উচ্চাৰণ কৰিছিল আৰু উচ্চাৰণ কৰিছিল সমূহ ৰাইজে এটা লয় অনুসৰণ কৰি কিছুমান সময়ত এই মন্ত্ৰ এজন ওজা বামুখীয়াল মানুহে লগাই দিয়ে আৰু আনবিলাকে ধৰি যায় । ওজাপালি নৃত্যত ইয়াৰ চানেকি পােৱা যায় । ওজাজনে এটা নিয়মিত লয়ত পদ লগাই দিয়ে আৰু পালিবােৰে তাক অনুসৰণ কৰে । গাইগুটীয়া এইটো নহয় । 

( খ ) বুৰঞ্জী আৰু ভূগােলেও যদি কোনাে এক জাতিৰ মনৰ পৰিচয় দিবলৈ অসমর্থ হয় , তেনেহলে সেই পৰিচয় দিব পাৰে সেই জাতিৰ মাজত বৰ্তি থকা গীত পদ সাধুবােৰেহে । 

উত্তৰঃ বুৰঞ্জী আৰু ভূগােলেও যদি কোনাে এক জাতিৰ মনৰ পৰিচয় দিবলৈ অসমর্থ হয় , তেনেহলে সেই পৰিচয় দিব পাৰে সেই জাতিৰ মাজত বৰ্তি থকা গীত – পদ সাধুবােৰেহে । 

ওপৰােক্ত বাক্যটি ড° প্রফুল্ল দত্ত গােস্বামীদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অর্ন্তগত ‘ জন – সাহিত্য ‘ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

জাতি এটাৰ লােক সমাজত প্ৰচলিত গীত – পদ – সাধুবােৰৰ গুৰুত্ব কিমান , তাকে লেখকে উক্ত বাক্যটিৰ জৰিয়তে প্ৰকাশ কৰিছে । 

বুৰঞ্জী আৰু ভূগােলৰ পৰা জাতি এটাৰ বিষয়ে বহু কথা জানিব পাৰি যদিও এইবােৰৰ এটা সীমাবদ্ধতা থাকে । এইবােৰে সামাজিক জীৱনৰ আটাইবােৰ দিশ সামৰি নলয় । সেয়েহে জাতি এটাৰ মনৰ পৰিচয় এইবােৰৰ জৰিয়তে পাব নােৱাৰি । কিন্তু জাতি এটাৰ লােকসমাজত প্রচলিত গীত – পদ সাধুবােৰৰ পৰা সেই পৰিচয় পাব পাৰে । গীত – পদ সাধুবােৰত এটা জাতিৰ লােক সমাজৰ আচাৰ – ব্যৱহাৰ , সংস্কাৰ কুসংস্কাৰ , চিন্তা – চৰ্চা , ধর্ম , মানসিকতা আদিৰ প্রতিফলন ঘটে । এইবােৰ সাধাৰণ লােকৰ অভিজ্ঞতা , ভাব – ধাৰা আৰু উপলব্ধিৰ স্বতঃস্ফূর্ত প্রকাশ। ইয়াত জটিল মানসিকতাৰ মেৰ-পাক নাই , মিছা কথাৰ মায়াজাল নাই । বাস্তৱতাৰ লগত কৰবাত কল্পনাৰ ৰহণ লাগিছে, কৰবাত অলৌকিতাৰ অলপ স্পর্শ আছে । গীত – পদ সাধুবােৰ জাতি এটাৰ তেজ – মঙহৰ লগত জড়িত। এইবােৰত পােৱা যায় জাতি এটা প্রাণস্পন্দন , যিটো বুৰঞ্জী আৰু ভূগােলত পােৱা নাযায় । সেয়েহে , গীত – পদ – সাধুবােৰত জাতি এটাৰ মনৰ পৰিচয় পােৱা যায় । 

প্ৰশ্ন ৯: অসমৰ জনজাতিৰ মাজত প্ৰচলিত বর্ষা নৃত্যৰ তাৎপর্য সম্পর্কে লিখা । 

উত্তৰঃ অসমৰ কাৰ্বি , গাৰাে আদি জনজাতিৰ মাজত বর্ষানৃত্যৰ প্রচলন আছে । ই এক প্ৰকাৰ দলীয় নৃত্য । পৰম্পৰাগত লােক বিশ্বাসৰ আধাৰত বৰষুণৰ প্রার্থনাৰে এই জনজাতিবােৰে বৰ্ষা নৃত্য কৰে । যদি ৰষুণৰ দৰকাৰ হয় তেনেহ’লে তেওঁলােকে গােটেই খেলটো লগ হৈ সময়মতে পানী ঢালি না ছটিয়াই বৰষুণৰ অনুৰণ কৰি নৃত্য কৰে । এনেকুৱা কৰিলে বৰষুণ হয় বুলি এই জনজাতি সকলে বিশ্বাস কৰে । 

প্ৰশ্ন ১০: চমুটোকা লিখাঃ 

( ক ) ফকৰা ।

উত্তৰঃ ফকৰা অসমীয়া গাঁৱলীয়া জীৱনত প্রচলিত ওভতা নাইবা গুপুত অর্থ থকা পদবিলাকক ফকৰা বুলি কোৱা হয়। ইয়াক ভকত শ্ৰেণীৰ 

মানুহৰ মাজত বেছিকৈ প্রচলিত হােৱা দেখা যায় । অসমীয়া ফকৰা জনগীত , বৰগীত , চর্যাপদ আদিতাে পােৱা যায়। চন্দ্ৰধৰ বৰুৱাই ভকতীয়া অর্থ থকা যােজনবােৰকে ফকৰা বুলি কৈছে । ফৰাৰে এটা উদাহৰণ হ’ল— 

                         গুৰুক মাৰিবা ভকতক মাৰিবা ।

                         মাৰিবা সােদৰৰ ভাই 

                         সঙ্গৰ ভকতক মৰিয়াই মাৰিবা 

                         তেবেসে গুৰুক পায় ।

ফকৰাবােৰক দহৰ জ্ঞান আৰু একৰ বাণী বুলি কোৱা হয় । ইয়াৰ গুঢ়ার্থ আৰু আপাত অর্থ বেলেগ । 

( খ ) পটন্তৰ । 

উত্তৰঃ পটন্তৰ বা যােজনবােৰ জাতীয় জীৱনৰ শৈশৱ কালৰ সৃষ্টি । নিৰক্ষৰ চহা লােকৰ মাজত পটন্তৰ হ’ল সঞ্চিত অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰা। অসমীয়া সমাজৰ মেলত কথাৰ মােৰ মাৰিবলৈ প্ৰায়ে পটন্তৰ ব্যৱহাৰ কৰা হয় । আইন- বিচাৰ ; খেতিবাতি , বিয়া – বাৰু , স্ত্রী – পুৰুষ , ল’ৰা – ছােৱালী আদিৰ প্রসঙ্গত পটন্তৰ ব্যৱহাৰ হােৱা দেখা যায়। ইজিপ্তত আজিৰ পৰা পাঁচ হাজাৰ বছৰ আগেয়ে যােজনা বা পটন্তৰৰ ব্যৱহাৰ হােৱা দেখা গৈছে । অসমীয়া সমাজতো 

অতি প্রাচীন কালৰে পৰা এনে পটন্তৰ ব্যৱহাৰ হৈ আহিছে । নীতিমূলক ব্যংগ অর্থত ইয়াৰ বহুল প্রয়ােগ হয় । পটৰ এটা উদাহৰণ হৈছে— 

                            মাটি কিনিবা মাজ খাল 

  ছােৱালী আনিবা জাত ভাল । 

                            গৰু কিনিবা ৰিংটোৰ বাটত 

     ছােৱালী দিবা দিনটোৰ বাটত । 

( গ ) লােকগীত ।

উত্তৰঃ অসমীয়া সাহিত্যৰ এবিধ মূল্যবান সম্পদ হৈছে লােকগীত । লােক গীতবােৰক প্ৰধানকৈ তিনি শ্রেণীত ভগাব পাৰি— 

( ১ ) অনুষ্ঠানমূলক :- যেনে— বিহুগীত , আম , বিয়ানাম ইত্যাদি ; 

( ২ ) আখ্যানমূলক , যাক ইংৰাজীত বেলাড বােলা হয়ঃ যেনে — মণিকোঁৱৰৰ গীত , শান্তি বাৰমাহীৰ গীত , বৰফুকনৰ গীত ইত্যাদি । 

( ৩ ) বিবিধ বিষয়ক :- যেনে— নিচুকনি গীত , নাওখেলােৱা গীত , মহ খেদা গীত , গৰখীয়া গীত ইত্যাদি । 

বিষয়বস্তুৰ পার্থক্য আৰু ৰচনা কালৰ ব্যৱধান থাকিলেও লােক গীতবােৰৰ প্রকাশভঙ্গীৰ সাদৃশ্য আছে । অনাড়ম্বৰ সৰল ভাষা , ঘৰুৱা চিত্র , আঞ্চলিক প্রকাশভঙ্গী , ভাৱৰ মুকলি প্রকাশ , সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰভাৱ লােকগীত সমূহত লক্ষ্য কৰা যায় । লােক গীতবােৰত ব্যক্তি বিশেষৰ ভাৱ – অনুভূতি প্রকাশ হােৱাতকৈ সামূহিক জীৱনৰ আশা – আকাংখাহে বেছি পৰিস্ফুট হােৱা দেখা যায় । 

( ঘ ) হুঁচৰি ।

উত্তৰঃ হুঁচৰি বিহুৰ এটা অংগ ব’হাগ বিহুত ঢােল , পেঁপা , টকা , তাল আদি লৈ গাঁৱৰ ৰাইজে দলবদ্ধভাৱে মানুহৰ ঘৰে ঘৰে হুঁচৰি গায় । যি ঘৰলৈ হুঁচৰি দল যায় , সেই ঘৰৰ গৃহস্থই তামােল – পাণ , শৰাই আগবঢ়াই হঁচৰি দলটোক সেৱা জনাই আশীর্বাদ লয় । হুচৰি দলত অকল পুৰুষ মানুহ থাকে , ইয়াত নাৰীৰ স্থান নাই । বিহু গীতত যিদৰে প্রেম – ভালপােৱা , মৌনবাসনা , অশ্লীলতাৰ গােন্ধ থাকে , হুঁচৰি গীতত নাথাকে । ঈশ্বৰৰ নামেৰে হুঁচৰি আৰম্ভ হয় আৰু সমূহ ৰাইজৰ মাজত গাব পৰা অশ্লীলতা নথকা বিহু নামৰে নৃত্য – গীত কৰা হয় । হুঁচৰি গীতৰ এটা উদাহৰণ দাঙি ধৰা হ’ল— 

কৃষ্ণাইৰ মূৰতে বকুলফুল এপাহি । 

          নিয়ঁৰ পাই মুকলি হল— গােৱিন্দাই ৰাম । 

( ঙ ) বর্ষানৃত্য ।

উত্তৰঃ বৰষুণৰ কামনাৰে দলবদ্ধভাৱে কৰা নৃত্যই হৈছে বর্ষা নৃত্য । বষুণৰ দৰকাৰ হ’লে কিছুমান জনগােষ্ঠীৰ গােটেই খেলটো গােট খাই বর্ষানৃত্য কৰে । ৰষুণৰ আগন্তুক যিদৰে হয় , পানী যিদৰে পৰে — এই সকলাে প্রাকৃতিক ঘটনা তেওঁলােকৰ নৃত্যত প্রকাশ পায় । অসমৰ কাৰ্বি, গাৰাে আদি কিছুমান জনজাতিৰ মাজত বৰ্ষানৃত্যৰ প্রচলন আছে । তেওঁলােকে সময়মতে পানী ঢালি বা পানী ছতিয়াই বর্ষানৃত্য কৰে । এনেকুৱা কৰিলে বৰষুণ হয় বুলি তেওঁলােকৰ মাজত লােকবিশ্বাস আছে। 

ভাষা-বিচাৰ

প্রশ্ন ১: তলৰ বাক্যবােৰৰ খালী ঠাইত বন্ধনীত থকা উপযুক্ত পদ বহুৱাই বাক্যবােৰ সম্পূর্ণ কৰা — 

( দেও – ভূত , পূজা – পাতাল , তন্ত্র মন্ত্র , জন সাহিত্য , পাটনাদ ) 

( ক ) অসমৰ মায়ং নামৰ ঠাইখন পুৰণি কালৰে পৰা ____ ৰ বাবে বিখ্যাত । 

উত্তৰঃ অসমৰ মায়ং নামৰ ঠাইখন পুৰণি কালৰে পৰা তন্ত্র – মন্ত্ৰৰ বাবে বিখ্যাত ।

( খ ) অসমীয়া সাহিত্যৰ বুৰঞ্জীত ____ ৰ  ভঁড়াল অতি চহকী । 

উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জীত জন – সাহিত্যৰ ভঁড়াল অতি চহকী।

( গ ) জেতুকী বাইহঁতৰ ঘৰৰ পিছফালে এটা পুৰণি ___ আছে । 

উত্তৰঃ জেতুকী বাইহঁতৰ ঘৰৰ পিছফালে এটা পুৰণি পাটনাদ আছে ।

( ঘ ) জোনালীয়ে ____ ৰ সাধু শুনিবলৈ বৰ ভয় খায় । 

উত্তৰঃ জোনালীয়ে দেও – ভূতৰ সাধু শুনিবলৈ বৰ ভয় খায় ।

( ঙ ) দেৱ – দেৱীক সন্তুষ্ট কৰিবলৈ জনজাতি সমাজত বিভিন্ন ____ কৰা হয় ।

উত্তৰঃ দেৱ – দেৱীক সন্তুষ্ট কৰিবলৈ জনজাতি সমাজত বিভিন্ন পূজা – পাতল কৰা হয় । 

প্ৰশ্ন ২: তলৰ শব্দবােৰৰ একে অর্থ বুজোৱা আন শব্দ লিখা— 

        জন , গাঁও , সংস্কৃতি , বৰষুণ , দেও , শত্রু , টেটোন , আখ্যান 

উত্তৰঃ জন          –       লােক । 

         গাঁও          –       গ্রাম । 

         সংস্কৃতি      –       কৃষ্টি । 

         বৰষুণ       –       বৃষ্টি । 

         দেও          –       ভূত, অপদেৱতা । 

         শত্রু          –       অৰি, বৈৰী, শতৰু । 

         টেটোন       –       ঠগ । 

         আখ্যান      –       কাহিনী , সাধুকথা ।

প্রশ্ন ৩: বাক্য সাজা – 

         তন্ত্র-মন্ত্র , গীত – পদ , ভাব – চিন্তা , গােট – পিট , নৃত্য-গীত 

উত্তৰঃ তন্ত্র – মন্ত্র  – ইমান শিক্ষিত মানুহ , তথা তন্ত্র – মন্ত্রত বিশ্বাস এৰিব পৰা নাই । 

গীত – পদ  — আমাৰ আইতাই বৰ শুৱলাকৈ গীত – পদ গাব পাৰে । 

ভাব – চিন্তা  — উচ্চ ভাৱ চিন্তাইহে মানুহক মহান কৰে । 

গােট – পিট  – এনেকৈ চাই থাকিলে নহয় , মানুহখিনি গােট – পিট খুৱাই কথাটো আলােচনা কৰ । 

নৃত্য – গীত  — ইমান সুন্দৰ নৃত্য-গীতৰ অনুষ্ঠান মই আগতে দেখা নাছিলাে । 

প্রশ্ন ৪: প্রত্যয় ভাঙি দেখুওৱা — 

         চহৰীয়া , সামাজিক , মানসিক , মৌখিক , লৌকিক , গাৱলীয়া নিচুকণি 

উত্তৰঃ চহৰীয়া       –    চহৰ + ঈয়া ।

         সামাজিক     –    সমাজ + ষ্ণিক ।

         মানসিক       –   মনস্ + ষ্ণিক ।

         মৌখিক        –   মুখ + ষ্ণিক ।

         লৌকিক       –    লােক + ষ্ণিক ।

         গাৱলীয়া      –    গাঁও + অলীয়া ।

          নিচুকণি     –     নিচুকা + অনি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top