Niketan Class 8 Assamese Chapter 18 বিষয়ীৰ অধােগতি

Niketan Class 8 Assamese Chapter 18 বিষয়ীৰ অধােগতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 18 বিষয়ীৰ অধােগতি and select need one.

Niketan Class 8 Assamese Chapter 18 বিষয়ীৰ অধােগতি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 18 বিষয়ীৰ অধােগতি Solutions for All Subjects, You can practice these here…

বিষয়ীৰ অধােগতি

Chapter – 18

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) ভট্টদেৱৰ সম্পূর্ণ নাম কি ? 

উত্তৰঃ ভট্টদেৱৰ সম্পূর্ণ নাম হ’ল-বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য ।

( খ ) কপিল মুনি কোন? 

উত্তৰঃ কপিল মুনি হ’ল– সাংখ্য – দর্শন ৰচনা কৰা এজন প্রখ্যাত মুনি । 

( গ ) বিষয়ী শব্দৰ অর্থ কি ?

উত্তৰঃ বিষয়ী শব্দৰ অর্থ হ’ল–সংসাৰ সুখত আসক্ত , বিষয়াসক্ত ।

( ঘ ) ভট্টদেৱৰ মাক আৰু দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ মাকৰ নাম তাৰাদেৱী আৰু দেউতাকৰ নাম চন্দ্রভাৰতী আছিল। 

( ঙ ) ভট্টদেৱে কোনজন গুৰুৰ ওচৰত শৰণ লৈছিল ? 

উত্তৰঃ ভট্টদেৱে দামােদৰদেৱৰ গুৰুৰ ওচৰত শৰণ লৈছিল ।

( চ ) “ বিষয়ীৰ অধােগতি ” পাঠটি ক’ৰ পৰা লােৱা হৈছিল ? 

উত্তৰঃ “ বিষয়ীৰ অধােগতি ” পাঠটি ‘ কথা – ভাগৱতৰ ‘ পৰা লােৱা হৈছিল । 

( ছ ) বনাগ্নিৰাে তাপ লাগে মানে কি ? 

উত্তৰঃ বনাগ্নিৰাে তাপ লাগে মানে হ’ল–বন পােৰা জুইৰাে তাপ লাগে ।

( জ ) অসমীয়া গদ্য সাহিত্যৰ জনক কোন ? 

উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ জনক হ’ল– ভট্টদেৱ ।

প্রশ্ন ২: ভট্টদেৱে গদ্যত কি কি পুথি লিখিছিল ? 

উত্তৰঃ ভট্টদেৱে গদ্যত লিখা পুথিসমূহ হৈছে — কথা – গীতা , কথা – ভাগৱত , কথা – ৰত্নাৱলী , শৰণমালিকা , গুৰু বংশাৱলী , প্রসঙ্গমালা , ভক্তিমাৰ আৰু ভক্তিবিবেক । 

প্রশ্ন ৩: বিষয়ী কোন ? তেওঁলােকক বিষয়ী বােলাৰ কাৰণ কি ? 

উত্তৰঃ সংসাৰ সুখত আসক্ত লােক সকলক বিষয়ী বােলা হয় । তেওঁলােকক বিষয়ী বােলাৰ কাৰণ হৈছে— তেওঁলােকে সৎ সংগ নলয় , হৰিক উপাসনা নকৰে । মিছা দেহটোক সঁচা জ্ঞান কৰি সংসাৰ সুখত মত্ত হৈ থাকে । তেওঁলােক পুত্র , ভার্যা আদিক লৈয়ে আসক্ত আৰু তেওঁলােকৰ ভৰণ – পােষণৰ চিন্তাতে থাকে । তেওঁলােক লােভী। লােভৰ বশবর্তী হৈ তেওঁলােকে লােকৰ ধন হৰণ কৰে । 

প্রশ্ন ৪: বিষয়ী সকলৰ নৰক যন্ত্রণাৰ এটি বর্ণনা দিয়া । 

উত্তৰঃ বিষয়ীসকলে নৰকত সীমাহীন যন্ত্রণা ভুগিবলগীয়া হয় । তাত তেওঁলােকৰ গাত খেৰ জাপি জুই জ্বলাই দিয়ে নিজৰ গাৰ মাংস কাটি খুৱায় ; জীৱন্ত অৱস্থাতে শিয়াল – শগুণে পেটৰ নাড়ী – ভূৰি টানি 

উলিয়াই সাপে কামােৰে , বিছায় ডাকে ; মহ ডাহে কামােৰে ; হাত – ভৰি ভাগি দিয়ে ; হাতীৰে গচকায় ; পর্বতৰ পৰা পেলাই দিয়ে ; গাত খান্দি পােতে ; পানীত ডুবাই – এনেকুৱা অনেক যন্ত্রণা ভুগিব লাগে । 

প্ৰশ্ন ৫: “ বিৰক্ত নহে – সংসাৰৰ প্ৰতি ” —তাৎপর্য ব্যাখ্যা কৰা । ” 

উত্তৰঃ বিষয়ী লােকসকল সংসাৰ সুখত আসক্ত । পুত্র – ভার্যাকলৈ তেনে লােকে সুখ অনুভৱ কৰে আৰু তেওঁলােকৰ ভৰণ – পােষণৰ চিন্তাত দেহ নষ্ট কৰে । বৃদ্ধ কালত ধনৰ অভাৱত পুত্র – ভার্যাক পুহিব নােৱাৰা হ’লে , সেই পুত্র – ভার্যায়ে তেওঁলােকক অনাদৰ কৰে । তথাপি তেওঁলােকে সংসাৰৰ প্রতি বিৰক্ত নহয় । কাৰণ তেওঁলােকে এই মিছা দেহটোকে সঁচা বুলি ভাবে , দেহৰ সুখেই সকলাে বুলি ভাবে । সংসাৰখন যে , মায়াৰে আৱৰা , আমি সকলােৱে যে মায়াত বন্দী — এই বােধ তেওঁলােকৰ নাই । তেওঁলােকৰ ঈশ্বৰৰ প্রতিও আসক্তি নাই । সাংসাৰিক সুখ – সম্ভোগেই সর্বস্ব বুলি জ্ঞান কৰি বিষয় – সুখৰ আশাতেই বাচি থাকিব বিচাৰে আৰু দুখ কষ্ট পালেও সংসাৰৰ প্ৰতি বিৰক্ত নহয় । 

প্রশ্ন ৬: কোনে কাৰ আগত বিষয়ীৰ জীৱিত কালৰ দুখ – যন্ত্রণাৰ বৰ্ণনা কৰিছিল ? 

উত্তৰঃ কপিল মুনিয়ে মাতৃৰ আগত বিষয়ীৰ জীৱিত কালৰ দুখ – যন্ত্রণাৰ বৰ্ণনা কৰিছিল । 

প্রশ্ন ৭: ভট্টদেৱৰ সাহিত্য কৃতিৰ বিষয়ে লিখা । 

উত্তৰঃ ভট্টদেৱ ( ১৫৫৮-১৬৩৮ খ্রীঃ ) অসমীয়া গদ্য সাহিত্যৰ জনক । তেওঁৰ প্রকৃত নাম বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচার্য । তেওঁৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী আৰু মাতৃৰ নাম তাৰাদেৱী । ভট্টদেৱৰ পূৰ্ব্বে কোনাে উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচনা হােৱা নাছিল । তেওঁৰ সাহিত্য কৃতীসমূহ হৈছে — কথা – গীতা , কথা – ভাগৱত , কথা ৰত্নাৱলী , শৰণমালিকা , প্রসঙ্গমালা , গুৰুবংশাৱলী , ভক্তিসাৰ আৰু ভক্তিবিবেক । 

ইয়াৰ ভিতৰত কথা – ভাগৱত ’ ,‘ কথা – গীতা ’ আৰু কথা-ৰত্নাৱলীক তেওঁৰ জীৱনৰ কীর্তিস্তম্ভ বুলিব পাৰি । 

ভট্টদেৱে তেওঁৰ ৰচনাত কথ্য ভাষাক গ্ৰহণ কৰা নাই । কথ্যভাষাৰে সাধু আৰু গম্ভীৰ ৰূপ এটা গদ্যত ব্যৱহাৰ কৰিছে। গদ্য ৰীতিক প্ৰকাশৰ মাধ্যম হিচাপে ল’লেও তেওঁৰ গদ্যৰীতি মাজে মাজে ছন্দ গন্ধী ’ হৈ পৰিছে । অসমীয়া গদ্যক গধুৰ ভাব আকাশৰ বাহনৰূপে প্রয়োগ কৰি ভট্টদেৱে অসমীয়া ভাষাক যি মর্যাদা দান কৰিলে তাৰ কাৰণে অসমীয়া সাহিত্যৰ বুৰঞ্জীত তেওঁৰ বিশেষ স্থান থাকিব । 

প্রশ্ন ৮: তাৎপর্য ব্যাখ্যা কৰা ৷ 

( ক ) “ পাপার্জিত ধন সবে খাই , 

          কর্তা মাত্ৰ মৰক যায় । ” 

উত্তৰঃ বিষয়ীলােকে সাংসাৰিক সুখ – সম্ভোগতে সদায় নিমজ্জিত হৈ থাকে। তেওঁলােকে পুত্র – ভার্যাক লৈ সুখ অনুভৱ কৰে আৰু পুত্র – ভার্যাৰ ভৰণ – পােষণৰ বাবে দেহপাত কৰে । এনেলােকে নিজৰ হাতত ধন নাথাকিলে বেয়া কামৰ যােগেদি ধন গােটাই বা আনৰ ধন হৰণ কৰি হ’লেও পুত্র ভার্যাক পােহপাল দিয়ে। এনেকোৱাকৈ ধন গােটোৱা মহাপাপ।পাপ কৰিলে তাৰ ফল ভােগ কৰিব লাগে । গতিকে পাপ কৰি গােটোৱা লােকে জীয়াই থাকোতেওঁ যন্ত্রণা খায় আৰু মৃত্যুৰ পাছতাে নৰকত যমৰ যাতনা ভােগে । কিন্তু এই পাপার্জিত ধন তেওঁ যিবিলাকক খুৱায় তেওঁলােকৰ একো নহয় । 

প্ৰশ্ন ৯: বৃদ্ধ কালত আমি পিতৃ – মাতৃৰ প্ৰতি কেনেকুৱা কর্তব্য পালন কৰিব লাগে ? 

উত্তৰঃ পিতৃ – মাতৃয়ে আমাক জন্ম দি ডাঙৰ – দীঘল কৰিছে । গতিকে বৃদ্ধ কালত সেই পিতৃ – মাতৃৰ প্রতি আমি কিছুমান দায়িত্ব আৰু কর্তব্য 

পালন কৰিব লাগে । বৃদ্ধ কালত স্বাভাৱিকতে মানুহৰ শৰীৰ দুৰ্বল হৈ পৰে । কিছুমানে 

অল – অচৰ হয় ; চকুৰে কম দেখে বা নেদেখা হয় ; কাণেৰে নুশুনা হয় । শৰীৰত নানা অসুখে লগ দিয়ে । নিজে একো কৰিব নােৱাৰা হয় । গতিকে , বৃদ্ধকালত পিতৃ – মাতৃক আমি ভালদৰে চোৱাচিতা কৰিব লাগে । সময়মতে গা – পা ধুৱাই উপযুক্ত খাদ্য খােৱাৰ ব্যৱস্থা কৰিব লাগে ; প্রয়ােজনীয় দৰৱ – পাতি খুৱাব লাগে ; কানি-কাপােৰ ধুই দিব লাগে; প্রয়ােজন সাপেক্ষে অলৈ – তলৈ ধৰিবা দাঙি অনা – নিয়া কৰিব লাগে ; তেওঁলােকৰ লগত ভালদৰে কথা – পাতিব লাগে ইত্যাদি নানা ধৰণৰ কর্তব্য পালন কৰিব লাগে । এইসকলােবােৰ কৰাৰ উপৰিও আমাৰ কথা বতৰা বা আচৰণত বৃদ্ধ পিতৃ – মাতৃয়ে যাতে মনত কোনাে ধৰণৰ আঘাত নাপায় তাৰ প্রতি অতি সচেতন হ’ব লাগে। 

ভাষা-বিচাৰ

প্ৰশ্ন ১: পাঠটি থকা যুৰীয়া শব্দবােৰ বাচি উলিওৱা । 

উত্তৰঃ পাঠটিত থকা যুৰীয়া শব্দবােৰ হৈছে — নৰক – আহাৰ , পুত্র – ভার্যা , পােষণ চিন্তা , জৰা – অৱস্থা , পাে – পােহাৰী , শৃগাল – শগুণ , ডাসে – মশে , হাত – ভৰি , নৰক – দুখ আৰু স্বর্গ সুখ । 

প্ৰশ্ন ২: তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখা ।

       ভাৰ্য্যা , গৃহ , বলুকা , অন্ন , কুৎচিত , আদিত্য , অগ্নি , মনুষ্য

উত্তৰঃ  ভার্যা            –       পত্নী , ঘৈণী ।

          গৃহ               –       ঘৰ, আৱাস ।

          বলুক            –       বালি । 

          অন্ন              –       ভাত ।

          কুৎচিত         –       কুদ্ধচ , কদাকাৰ । 

          আদিত্য        –        সুর্য, ৰবি ।

          অগ্নি            –        জুই, অনল । 

           মনুষ্য          –       নৰ, মানুহ । 

প্রশ্ন ৩: আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা – 

( ক ) পাপার্জিত ধন সৱে খাই , কর্তা মাত্ৰ নৰক যাই ।এমনে পাপ অনুসাৰে নৰক ভােগ কৰি মনুষ্যৰ অধত আউঠ কোটি যােনি অনুক্রমে ফুৰি নানা দুখ পায়া পুনু মনুষ্য হয় । 

উত্তৰঃ পাপৰ দ্বাৰা অৰ্জন কৰা ধন সকলােৱে খায় , কিন্তু পাপ কৰোঁতাজনেহে নৰকলৈ যায় । এনেকুৱাকৈ পাপ অনুসৰি নৰক যন্ত্রণা ভােগ কৰাৰ পাছত মানুহতকৈ নিম্ন আঠ কৌটি যােনিত অনুক্রমে জন্ম লাভ কৰি নানা দুখ – কষ্ট পােৱাৰ অন্তত , অৱশেষত পুনৰ মানুহৰূপে জন্ম লাভ কৰে । 

প্রশ্ন ৪: শব্দার্থ লিখা –

        কহস্ত , সংহৰে , পুষিতে , কুটুম্বে , বেঢ়িয়া , ছাড়ে , বলুকাত , খেদ , দাংকে , শৃগাল । 

উত্তৰঃ  কহস্ত      –        ক’লে । 

          সংহৰে    –        নাশ কৰে , ধ্বংস কৰে । 

          পুষিতে    –       পুহিব । 

          কুটুম্বে     –        নিজৰ বংশ – পৰিয়ালে , আত্মীয়ই । 

          বেঢ়িয়া    –        আগুৰি ধৰি ।

          ছাড়ে      –         এৰে, ত্যাগ কৰে । 

          বলুকাত  –         বালিৰ ওপৰত । 

          খেদ       –         বেজাৰ, অনুশােচনা । 

          দাংকে    –         ডাকে ।

          শৃগাল    –         শিয়াল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top