Niketan Class 8 Assamese Chapter 17 ধৰ ঝাড়ু ধৰ ভাই

Niketan Class 8 Assamese Chapter 17 ধৰ ঝাড়ু ধৰ ভাই is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 17 ধৰ ঝাড়ু ধৰ ভাই and select need one.

Niketan Class 8 Assamese Chapter 17 ধৰ ঝাড়ু ধৰ ভাই

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 17 ধৰ ঝাড়ু ধৰ ভাই Solutions for All Subjects, You can practice these here…

ধৰ ঝাড়ু ধৰ ভাই

Chapter – 17

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: অতি চমু উত্তৰ দিয়া –

( ক ) অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্ম ক’ত হৈছিল ? 

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বৰপেটাত জন্ম হৈছিল । 

( খ ) ‘ ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটিৰ পটভূমি কি ? 

উত্তৰঃ ‘ ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটিৰ পটভূমি হ’ল– ভাৰতৰ স্বাধীনতা আন্দোলন ।

( গ ) কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কাৰাবাস খাটিছিল ? 

উত্তৰঃ ১৯২১ চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কাৰাবাস খাটিছিল ।

( ঘ ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছে ? 

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক ‘ অসম কেশৰী ’ নামেৰে আখ্যা দিয়া হৈছে।

( ঙ ) জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ? 

উত্তৰঃ জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ।

( চ ) সাতাম পুৰুষীয়া ‘ সােণৰ চোতাল ঘৰ ’ কিহেৰে পােত খাই থকা বুলি কৈছে ? 

উত্তৰঃ সাতাম পুৰুষীয়া ‘ সােণৰ চোতাল ঘৰ ’ যুগৰ ভূহঁৰ পৰি পােত খাই থকা বুলি কৈছে । 

( ছ ) “ পূজা দিলি পৰ চৰণত ” —ইয়াত কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে ?

উত্তৰঃ “ পূজা দিলি পৰ চৰণত ” —ইয়াত ভাৰতীয় মানুহে বৃটিছৰ চৰণত পুজা দিয়াৰ কথা কৈছে । 

প্রশ্ন ২: কবিতাটিৰ মাজেৰে কবিৰ স্বদেশ প্ৰীতিৰ ভাব কেননদৰে প্ৰকাশ পাইছে ? 

উত্তৰঃ “ ধৰ ঝাড়ু ধৰ ভাই ” কবিতাটিৰ মাজেৰে কবি অম্বিকাগিৰি ৰায় চৌধুৰীদেৱৰ তীব্র স্বদেশ প্রীতি আৰু জাতীয় চিন্তা প্রকাশ পাইছে । বৃটিছৰ পদানত হৈ থাকিবলগীয়া হােৱাটো কবিয়ে সহ্য কৰিব পৰা নাছিল । পৰাধীনতাই যেন স্বদেশৰ মুখত কাজল ছাই সানি দিছে । ইমান দিনে স্বদেশৰ মানুহে বৃটিছৰ যি গােলামী কৰিলে , সিহঁতৰ চৰণত পূজা দিলে , তাৰ ওৰ পেলাবলৈ জাতিৰ ঝাড়ুদাৰ হ’বলৈ স্বদেশানুৰাগী কবিয়ে দেশবাসীৰ প্রতি আহ্বান জনাইছে । জাতিটোৰ মানুহৰ মাজত থকা হিংসা – দ্বেষ , ভেদাভেদ , ঘৃণা – ঘৃণী , স্বার্থপৰতা , ভেম আদি মলি – মামৰৰ চেপাত জাতিৰ জীৱনটোৱে ইযাৰ বুলি কবিয়ে অনুভৱ কৰিছে । এনেকুৱা মলি – মামৰবােৰ বীৰ বেশেৰে , চাফা কৰি জাতিৰ জীৱন মনােহৰ কৰাৰ বাবেও তেওঁ সকলােৰে প্রতি আহ্বান জনাইছে । এনে নকৰিলে বিশ্বৰ স্বাধীন , উন্নত আৰু সুসভ্য দেশৰ লগত একেশাৰীতে আমাৰ জাতিটোৱে যে থিয় হ’ব নােৱাৰিব সেই বিষয়েও কবিয়ে সঁকিয়াই দিছে । 

ওপৰৰ কথাবােৰৰ মাজতেই কবিৰ স্বদেশ প্রীতিৰ ছবিখন আমি দেখিবলৈ পাওঁ । 

প্রশ্ন ৩: “ নহ’লে যে বিশ্ব সভাত 

                 নহ’ব তােৰ বহাৰ ঠাই ” — বিশ্ব সভা মানে কি বুজাইছে ? বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ আহ্বান জনাইছে ? 

উত্তৰঃ পৃথিৱীৰ স্বাধীন , উন্নত আৰু সুসভ্য দেশ আৰু জাতিসমূহক কবিয়ে বিশ্ব সভা বুলি কৈছে । বিশ্ব সভাত বহাৰ ঠাই পাৰ বাবে আমাৰ জাতিটোক পৰাধীনতাৰ পৰা মুক্তঃ কৰিবলৈ আৰু মানুহৰ মাজত থকা হিংসা – হিংসি , ভেদাভেদ , ঘৃণা – ঘৃণী , স্বার্থ , ভেম আদি চাফা কৰি জাতিৰ জীৱনটো মনােহৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে । 

প্ৰশ্ন ৪: “ হিংসা – দ্বেষ , ভেদাভেদৰ 

        ঘৃণা-ঘৃণী স্বার্থ – ভেমৰ 

            কত যে কি মলি মামৰ 

            ভৰি জাতিৰ জীৱন যায় । ” 

— কবিতাফাঁকিৰ ভাৱ মােকলাই লিখা । 

উত্তৰঃ হিংসা – দ্বেষ , ভেদাভেদ , ঘৃণা – ঘৃণী , স্বার্থ – ভেম আদি অতি বেয়া গুণ । এই বেয়া গুণবােৰে মানুহক নষ্ট কৰে আৰু তেনে মানুহে সভ্য , ভদ্র , উন্নত মানুহৰ সমাজত আদৰ নাপায় । কোনাে এটা জাতিৰ সৰহভাগ মানুহৰ গাত এই বেয়া গুণবােৰ থাকিলে সি গােটেই জাতিটোৰ শ্ৰীহানি কৰি নষ্ট কৰে । তেনেকুৱা জাতিয়ে পৃথিৱীৰ সভ্য , ভদ্র , উন্নত জাতিৰ মাজত স্থান নাপায় । কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দৃষ্টিত আমাৰ জাতিটোৰ মানুহৰ মাজত থকা এই বেয়া গুণবোৰে জাতিটোৰ সৌন্দর্য হানি কৰাৰ লগতে ইয়াক মৃতপ্রায় কৰি তুলিছে । সেয়েহে , স্বদেশানুৰাগি কবি গৰাকীয়ে এই বেয়া গুণবােৰ সাৰি – পুচি চাফা কৰি আমাৰ জাতিটোক পৃথিৱীৰ আন উন্নত জাতিৰ সৈতে একেলগে বহিব পৰা কৰি তুলিবলৈ সকলােৰে প্রতি আহ্বান জনাইছে । 

প্রশ্ন ৫: কবিতাটিৰ মূলভাব লিখা । 

উত্তৰঃ ‘ ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটিৰ মূলভাব এনেকুৱা — বৃটিছৰ পদানত হৈ থাকিবলগীয়া হােৱা কথাটোৱে আমাৰ জাতিটোৰ মুখত কাজল ছাই সনাৰ নিচিনা হৈছে । পৰৰ গােলাম হৈ , পৰৰ চৰণ ধুৱাই থকাৰ সময় , এতিয়া আৰু নাই । আমাৰ জাতিৰ মানুহৰ মাজত থকা হিংসা – দ্বেষ ভেদাভেদ , ঘৃণা – ঘৃণী , স্বার্থ – ভেম আদি বেয়া গুণবোৰে জাতিটোৰ শ্ৰীহানি কৰাৰ লগতে ইয়াক দুর্বল কৰি মৃতপ্রায় কৰি তুলিছে। এতিয়া সময় হৈছে মলি – মামৰৰ নিচিনা এই বেয়া গুণবােৰ মনৰ পৰা মচি পেলােৱাৰ । ঝাডুৱে জাহি – জাৱৰ সাৰি – পুচি চাফা কৰাৰ দৰে এই বেয়া গুণবােৰ আমি মনৰ পৰা সাৰি – পুচি আতৰাব লাগে আৰু ঐক্যবদ্ধ হৈ বীৰবেশেৰে পৰাধীনতাৰ শিকলি ছিঙি পেলাব লাগে । তেনে কৰিলেহে আমাৰ দেশে , আমাৰ জাতিয়ে পৃথিৱীৰ স্বাধীন , উন্নত আৰু সু – সভ্য দেশৰ মাজত স্থান পাব । 

ভাষা-বিচাৰ

প্রশ্ন ১: তলৰ খালী ঠাইবােৰত উপযুক্ত শব্দ বহুৱা – 

( ক ) নিজ দেশত থাকি জাতিৰ বিৰুদ্ধে বিদেশী শত্ৰুৰ লগত মিতিৰালি কৰাজনক ____ বুলি কোৱা হয় । ( দেশহিতৈষী / সন্ত্রাসবাদী / ঘৰবৈৰী বিভীষণ ) 

উত্তৰঃ ঘৰবৈৰী বিভীষণ । 

( খ ) যুদ্ধ ক্ষেত্ৰত সাহসেৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াজনকে ___ বােলে । ( কাপুৰুষ / ভীৰু / বীৰ ) 

উত্তৰঃ বীৰ ।

( গ ) অম্বিকাগিৰি ৰায় চৌধুৰী ___ আছিল । ( গােলামি / বিপ্লৱী / সশস্ত্র সংগ্রামী )

উত্তৰঃ বিপ্লৱী ।

প্রশ্ন ২: তলৰ শব্দবােৰত মুর্ধন্য ণ হােৱাৰ কাৰণ দর্শোৱাঃ 

       ঘৃণা , সােণ , ঋণে , কোণ , তৃণ 

উত্তৰঃ ঘৃণা :- ‘ ঋ ‘ ৰ পাছত থকা দন্ত্য ‘ ন ‘ মূর্ধন্য – ‘ ণ ’ হৈছে । 

সােণ :- স্বাভাৱিকতে মুর্ধন্য ‘ ণ ’ হৈছে । 

ঋণে :- ‘ ঋ ’ ৰ পাছত থকা দন্ত্য ‘ ন ’ মুর্ধন্য ‘ ণ ’ হৈছে । 

কোণ :- স্বাভাৱিকতে মুর্ধন্য ‘ ণ ’ হৈছে । 

তৃণ :- ‘ ঋ ’ ৰ পাছত থকা দন্ত্য ‘ ন ‘ মুর্ধন্য ‘ ণ ’ হৈছে । 

প্রশ্ন ৩: বাক্য সাজা – 

        কাজল ছাই , ধাৰে – ঋণে , ঘৃণা – ঘৃণী , চুকে – কোণে 

উত্তৰঃ কাজল ছাই :- পৰাধীনতাই ভাৰতীয়সকলৰ মুখত কাজল ছাই সনাৰ নিচিনা কৰিছিল । 

ধাৰে – ঋণে :- লােকনাথে ধাৰে – ঋণে কিবাকৈ ঘৰখন চলাই আছে । 

ঘৃণা – ঘৃণী :- মানুহৰ মাজত ঘৃণা – ঘৃণী থাকিলে সমাজৰ উন্নতিত ব্যাঘাত হয় । 

চুকে – কোণে :- বর্তমান ভাৰতবৰ্ষৰ চুকে – কোণে স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱ পৰা দেখা গৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top