Niketan Class 8 Assamese Chapter 13 হাঁহি

Niketan Class 8 Assamese Chapter 13 হাঁহি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 13 হাঁহি and select need one.

Niketan Class 8 Assamese Chapter 13 হাঁহি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 13 হাঁহি Solutions for All Subjects, You can practice these here…

হাঁহি

Chapter – 13

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: অতি চমু উত্তৰ দিয়া –

( ক ) হাঁহি পাঠটিৰ ৰচক কোন ? 

উত্তৰঃ হাঁহি পাঠটিৰ ৰচক হ’ল – ‘ জ্ঞানদাভিৰাম বৰুৱা ‘ ।

( খ ) আমাৰ শৰীৰটোৰ ভাল – বেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ আমাৰ শৰীৰৰ ভাল – বেয়া হজমৰ ওপৰত নিৰ্ভৰ কৰে ।

( গ ) লিখকে কিমান চনত আমেৰিকাৰ পৰা ওলােৱা ন – ভাবৰ কিতাপবােৰ পঢ়িছিল ? 

উত্তৰঃ লিখকে ১৯০৪ চনত আমেৰিকাৰ পৰা ওলােৱা ন – ভাবৰ কিতাপবােৰ পঢ়িছিল ।

( ঘ ) কোন বিলাক মানুহে নির্ভয়ে হাস্পাতাললৈ গৈছিল ? 

উত্তৰঃ আমেৰিকা ইউৰােপৰ মানুহে নির্ভয়ে হাস্পাতাললৈ গৈছিল ।

( ঙ ) লিখকে উল্লেখ কৰা গপটোত আমেৰিকাৰ বেমাৰীজনে কেতিয়া হাঁহিছিল বুলি কৈছে ? 

উত্তৰঃ ডাক্তৰৰ পৰামর্শমতে এজন মানুহে নিতৌ পুৱা কিছুপৰ আমেৰিকাৰ সেই বেমাৰীজনৰ বিচনাৰ ওচৰলৈ গৈ হাঁহিছিল । 

কেবাদিনৰ পিছত এই মানুহটিক তেনেকৈ হাঁহি থকা দেখি বেয়াৰী মানুহ জনেও হাঁহিছিল । 

( চ ) আর্চি চাই লিখকে কিমান মিনিট সময় হাঁহিব দিছে ? 

উত্তৰঃ আর্চি চাই লিখকে দুই মিনিট সময় হাঁহিব দিছে ।

( ছ ) লেখকে বাটৰুৱা জনক কি খােৱাৰ কথা কৈছিল ? 

উত্তৰঃ লেখকে বাটৰুৱা জনক এটুপি চাহ – পানী অথবা উতলাই চেঁচা কৰি থােৱা এটুপি খােৱাপানী , নহ’লে এচিলিমমান ধপাত অথবা এখন তামােল নিজক কাটি খাবলৈ কৈছিল । কথাৰ পাকৰ পৰা বুজা যায় যে লেখকে প্রকৃততে বাটৰুৱা জনক একো খুৱাব খােজা নাছিল । 

( জ ) লিখকৰ আলহীজনৰ বয়স কিমান আছিল ? 

উত্তৰঃ লেখকৰ আলহীজনৰ বয়স একত্তৰ বছৰ আছিল । 

প্রশ্ন ২: পাঠটিৰ আধাৰত হাঁহিৰ উপকাৰিতাৰ বিষয়ে লিখা । 

উত্তৰঃ হাঁহিৰ বহুত উপকাৰিতা আছে । হাঁহিলে যকৃৎ আদিৰ ক্রিয়া ভাল হয় , তেজৰ ক্রিয়া ভাল হয় , হজম শক্তি বাঢ়ে । হজমৰ ওপৰতে আমাৰ শৰীৰৰ ভাল বেয়া নিৰ্ভৰ কৰে । মানুহে যি খায় তাক যদি সুন্দৰৰূপে হজম কৰিব পাৰে , তেনেহ’লে কোনাে ৰােগে সহজে আক্রমণ কৰিব নােৱাৰে । হাঁহিলে হজম হয় । মন প্রফুল্ল থাকিলে হজম হয় । নিজৰ মন প্রফুল্ল থাকিলে , লগৰ আন মানুহৰ মন প্রফুল্ল কৰি ৰাখিব পাৰি । আনকি হাঁহিৰ দ্বাৰা বেমাৰী মানুহকো আৰােগ্য কৰিব পাৰি। 

প্রশ্ন ৩: ডাক্তৰজনে বেমাৰীজনলৈ কি দৰব ধার্য কৰিছিল ? 

উত্তৰঃ ডাক্তৰজনে বেমাৰীজনলৈ এই দৰৱ ধার্য কৰিছিল যে — সেই বেমাৰীৰ ওচৰলৈ গৈ এজন মানুহে ৰাতিপুৱা কিছুপৰ হাঁহিবগৈ । 

প্রশ্ন ৪: লিখকে কোনবােৰ ঠাইত নেহাঁহিবা বুলি কৈছে ? 

উত্তৰঃ লিখকে ঠাই বুজি হবিলৈ কৈছে । গোঁসাই সেৱা কৰিবলৈ গৈ , পঢ়াশালিত বা যিবােৰ ঠাইত সামাজিক নিয়ম আছে যে হঁহা ভাল নহয় , সেইবােৰ ঠাইত লিখকে হাঁহিবলৈ মানা কৰিছে । 

প্রশ্ন ৫: জ্ঞানদাভিৰাম বৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল ? 

উত্তৰঃ জ্ঞানদাভিৰাম বৰুৱা ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হােৱা অসম সাহিত্য সভাৰ সভাপতি আছিল । 

প্রশ্ন ৬: “ খুব হাঁহিবা , যেতিয়াই সুবিধা পােৱা তেতিয়াই হাঁহিবা । ” — কোনে কেতিয়া কাক কৈছিল ? 

উত্তৰঃ কথাখিনি লণ্ডনৰ এজন বিশেষজ্ঞ ডাক্তৰে কৈছিল । আমাৰ দেশী উচ্চ কাম কৰা বিষয়া , এজনে সেই বিশেষজ্ঞ ডাক্তৰজনৰ ওচৰলৈ বেমাৰৰ চিকিৎসা কৰিবলৈ যাওঁতে , ডাক্তৰজনে বিষয়াজনক এই কথাখিনি কৈছিল ।

প্রশ্ন ৭: প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা –

( ক ) “ কান্দি চকুত পানী অনাতকৈ হাঁহি চকুত পানী অনা ভাল । ” 

উত্তৰঃ কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , জ্ঞানদাভিৰাম বৰুৱাদেৱে লিখা । “ হাঁহি’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

হাঁহিৰ উপকাৰিতাৰ বিষয়ে ক’বলৈ গৈ লিখকে এই কথাষাৰ কৈছে । 

হাঁহিৰ বহু উপকাৰিতা আছে । হাঁহিলে যকৃৎ আদিৰ ক্রিয়া ভাল হয় , তেজৰ ক্রিয়া ভাল হয় , হজম শক্তি বাঢ়ে । হহা মানেই মন প্রফুল্ল থকা । মন প্রফুল্ল থাকিলে হজম হয় । খােৱা বস্তু সুন্দৰৰূপে হজম কৰিব পাৰিলে , শৰীৰত সহজে ৰােগে আক্রমণ কৰিব নােৱাৰে । আনকি হঁহাৰ অভ্যাস কৰাৰ ফলত বেমাৰী মানুহেও আৰােগ্য লাভ কৰা দেখা যায় । সেয়ে লিখকে চিঞৰি , মন খুলি হাঁহিব কৈছে , চকুত পানী অহা কৰি হাঁহিব কৈছে । কান্দি চকুত পানী অনাতকৈ হাঁহি চকুত পানী অনা ভাল। কান্দিলে মন বিষন্ন হয় , ই ক্ষতিকাৰক । হাঁহিয়ে নিজৰ লগতে আনৰ উপকাৰ কৰে । 

( খ ) “ খুব হাঁহিবা , যেতিয়াই সুবিধা পােবা তেতিয়াই হাঁহিবা । ”

উত্তৰঃ কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , জ্ঞানদাভিৰাম বৰুৱাদেৱেৰচনা কৰা ‘ হাঁহি’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 

লণ্ডনৰ বিশেষজ্ঞ ডাক্তৰজনে তেওঁৰ ওচৰলৈ চিকিৎসা কৰিবলৈ যােৱা আমাৰ দেশৰ বিষয়াজনক হঁহাৰ বাবে এইদৰে পৰামর্শ দিছিল । 

বিশেষজ্ঞ ডাক্তৰজন বয়সীয়াল অভিজ্ঞ লোক আছিল । তেওঁ ৰােগীজনলৈ অলপ পৰ চাই থাকি বুজি পাইছিল যে ৰােগীজনে তেনেকৈ নাহাঁহে । নহঁহা মানুহৰ মন প্রফুল্ল নাথাকে । যাৰ মন ভালে নাথাকে , তেনেকুৱা ৰােগীক চিকিৎসা বা দৰৱ পাতিয়ে কাম নিদিয়ে । সেয়ে ডাক্তৰজনে ৰােগীজনক খুব হাঁহিব কৈছিল , যেতিয়াই সুবিধা পায় তেতিয়াই হাঁহিব কৈছিল । হাঁহিলে মানুহৰ মন প্রফুল্ল হয় । মন প্রফুল্ল হ’লে এনেয়ে ৰােগৰ পৰা বহু উপশম পােৱা যায় । কবলৈ গ’লে হাঁহি হৈছে ৰােগীৰ নিজৰ লগত থকা ডাক্তৰ ।

প্রশ্ন ৮: লিখকে বয়সীয়াল মানুহৰ লগত কথা পতাটো কিহৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ লিখকে বয়সীয়াল মানুহৰ লগত কথা পতাটো উচ্চ শিক্ষাৰ লগত তুলনা কৰিছে । 

ভাষা-বিচাৰ

প্রশ্ন ১: এটা শব্দত প্ৰকাশ কৰা –

( ক ) যিয়ে কাকোৱে ভয় নকৰে –

উত্তৰঃ অকুতােভয় । 

( খ ) বাটেৰে গৈ থকা মানুহ –

উত্তৰঃ বাটৰুৱা ।

( গ ) মন মাৰি থকা— 

উত্তৰঃ বিমর্ষ । 

( ঘ ) এক হাজাৰ গুণৰ সমাহাৰ –

উত্তৰঃ সহস্রগুণ । 

( ঙ ) মন আনন্দিত কৰি ৰখা— 

উত্তৰঃ প্রফুল্ল । 

প্রশ্ন ২: বিপৰীত শব্দ লিখা — 

        সুন্দৰ , প্রফুল্ল , হাঁহি , উপকাৰিতা , উচ্চ , বিষাদ 

উত্তৰঃ  সুন্দৰ              –      কুৎসিৎ ।

          প্রফুল্ল              –      বিমর্ষ । 

          হাঁহি               –      কান্দোন । 

          উপকাৰিতা      –     অপকাৰিতা ।

          উচ্চ               –      নীচ ।

          বিষাদ            –      আনন্দ ।

প্ৰশ্ন ৩: প্রতিশব্দ লিখা – 

        তেজ , আর্চি , দেৱাই , সঙ্গী , ৰং 

উত্তৰঃ তেজ         –           শােণিত , ৰক্ত । 

         আর্চি         –           দাপােণ, মুকুৰ । 

         দেৱাই        –          দৰৱ ঔষধ । 

         সঙ্গী           –         লগৰীয়া, সহচৰ । 

         ৰং            –          বৰণ, ৰহণ । 

প্রশ্ন ৪: সমাস কাক বােলে ? সমাস কেইপ্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বালে । 

সমাস মুঠতে ছয় প্রকাৰৰ । সেইবােৰ হৈছে — দ্বন্দ্ব , বহুব্রীহি , কর্মধায়, তৎপুৰুষ , দ্বিগু আৰু অব্যয়ীভাব । ইয়াৰ বাহিৰেও নঞ বােলা এবিধ সমাস আছে , যি তৎপুৰুষ সমাসৰ অন্তৰ্গত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top