Niketan Class 7 Science Chapter 10 প্ৰাণীৰ পৰিবহন তন্ত্র

Niketan Class 7 Science Chapter 10 প্ৰাণীৰ পৰিবহন তন্ত্র is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 10 প্ৰাণীৰ পৰিবহন তন্ত্র and select need one.

Niketan Class 7 Science Chapter 10 প্ৰাণীৰ পৰিবহন তন্ত্র

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 10 প্ৰাণীৰ পৰিবহন তন্ত্র Solutions for All Subjects, You can practice these here…

প্ৰাণীৰ পৰিবহন তন্ত্র

Chapter – 10

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। খালী ঠাই পূৰ্ণ কৰা :- 

(ক) —— ৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজশৰীৰৰ বিভিন্ন 

অংশলৈ পৰিবাহিত হয়।

উত্তৰঃ ধমনীৰ

(খ) —— ৰক্ত কণিকাত হিম’গ্লবিন পোৱা যায়।

উত্তৰ: লোহিত

(গ) হৃদযন্ত্ৰৰ সুসংহত সংকোচন আৰু প্ৰসাৰণক ——– বোলে।

উত্তৰঃ হৃদস্পন্দন

(ঘ) ——- ৰ কাৰণে তেজৰ ৰং ৰঙা।

উত্তৰঃ হিম’গ্লবিন।

(ঙ) অনুচক্রিকাৰ কাম তেজৰ ——।

উত্তৰ: মখাবন্ধা।

(চ) ধমনীৰ বেৰখন ——।

উত্তৰঃ ডাঠ।

(ছ) শৰীৰক বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰাটো —— ৰক্ত কণিকা কাম ।

উত্তৰ: শ্বেত।

(জ) মানুহৰ প্ৰধান ৰেচন দ্ৰব্য হ’ল ——-।

উত্তৰ: ইউৰিয়া।

(ঝ) ঘামত পানী আৰু —— থাকে।

উত্তৰ: ৰেচন ।

(ঞ) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্রব্যক বোলে।

উত্তৰ: প্ৰসাৱ ।

২। তেজৰ উপাদানসমূহ কি কি ? এইবোৰৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ।

উত্তৰঃ তেজৰ উপাদান সমূহ হ’ল – প্লাজমা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, আৰু অনুচক্রিকা থাকে ৷ প্লাজমা প্লাজমা হ’ল তেজৰ জুলীয়া ভাগ। ৯২ শতাংশ পানী আৰু ৮ শতাংশ বিভিন্ন জৈৱ অজৈৱ পদাৰ্থৰে প্লাজমা গঠিত।

প্লাজমাত দ্ৰৱীভূত হৈ খাদ্যৰ সৰল পদার্থ, হৰম’ন ইত্যাদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় আৰু কোষত উৎপন্ন হোৱা কার্বন-ডাই-অক্সইডৰো এটা অংশ প্লাজমাৰ জৰিয়তে পৰিবাহিত হয়।

লোহিত ৰক্ত কণিকা (RBC): লোহিত রক্ত কণিকাবোৰ উভয় অৱতল। ইহঁত অতি ক্ষুদ্র। এটা লোহিত ৰক্ত কণিকাৰ গড় ব্যাস মাঁথো ৪ মাইক্রন।

লোহিত ৰক্ত কণিকাত হিম’গ্লবিন নামৰ এবিধ ৰঙা ৰঞ্জক পদার্থ থাকে। হিম’গ্লবিন অক্সিজেনৰ সৈতে যুক্ত হৈ অক্সিজেনক শৰীৰৰ বিভিন্ন অংশলৈ আৰু অৱশেষত সকলোবোৰ কোষলৈ পৰিবাহিত কৰে। হিমগ্লবিন অবিহনে শৰীৰৰ কোষবোৰলৈ উপযুক্তভাৱে অক্সিজেন যোগান ধৰাটো সম্ভৱ নহয়। হিম’গ্লবিনৰ উপস্থিতিয়ে তেজৰ ৰঙ ৰঙা কৰে।

শ্বেত ৰক্তকণিকা (WBC) : শ্বেত ৰক্তকণিকাবোৰ বৰণহীন। শ্বেত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত আৰু ভিন ভিন আকৃতিৰ। শ্বেত ৰক্তকণিকাৰ গড় ব্যাস ৮-১২ মাইক্রন।

দেহক ৰোগৰ পৰা ৰক্ষা কৰা আৰু শৰীৰত প্ৰৱেশ কৰা বীজাণু প্রতিহত কৰাই শ্বেত ৰক্তকণিকাৰ কাম।

অণুচক্রিকা (Blood Platelets): অনুচক্রিকাবোৰ বৃত্তাকাৰ বা উপবৃত্তাকাৰ অতি ক্ষুদ্র কোষ। ইহঁতৰ গড় ব্যাস মাত্র ১ – ৪ মাইক্রন।

অনুচক্রিকাৰ কাম হ’ল তেজৰ মখা বন্ধা।

৪। শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্রয়োজন ?

উত্তৰঃ আমাৰ শৰীৰৰ কোষবোৰক অহৰহ অক্সিজেনৰ প্ৰয়োজন হয়। তেজে কোষবোৰক অক্সিজেনৰ যোগান ধৰে। আমি খোৱা সৰল পদাৰ্থবোৰো তেজেই কোষক যোগান ধৰে ৷ আমাৰ শৰীৰৰ বৰ্জিত দ্রব্যসমূহো তেজেই কোষৰ পৰা দেহৰ বিভিন্ন অংগলৈ কঢ়িয়ায়, য’ৰ পৰা সিহঁত দেহৰ বাহিৰলৈ ওলাই যায়। এই কাৰণসমূহৰ বাবেই শৰীৰৰ সকলো অংশৰ বাবে তেজৰ প্ৰয়োজন।

৫। হৃদযন্ত্ৰৰ মাজেদি তেজৰ চলাচল বৰ্ণনা কৰা।

উত্তৰঃ হৃহৃদযন্ত্ৰ এনে এটা অংগ যি অবিৰ্তভাৱে স্পন্দন কৰি থাকে আৰু তেজৰ লগতে অন্যান্য দ্রব্য কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে।

অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা কোষলৈ যাওঁতে আৰু কাৰ্বন-ডাই-অক্সাইড যুক্ত তেজ কোষৰ পৰা হাওঁফাওঁলৈ যাওঁতে হৃদযন্ত্ৰৰ মাজেদি সোমাইহে যাব লাগে। অৰ্থাৎ হৃদযন্ত্ৰৰ মাজেদি অক্সিজেনযুক্ত ( বিশুদ্ধ ) আৰু কার্বন-ডাই-অক্সাইডযুক্ত ( দূষিত ) দুয়ো প্ৰকাৰৰ তেজ চলা চল কৰে। অলিন্দক বিভক্ত কৰা আন্তঃঅলিন্দীয় বেৰ আৰু নিৰ্ণয়ক বিভক্ত কৰা আন্তঃনিলয় বেৰে দুই প্ৰকাৰৰ তেজক মিহলি হোৱাত বাধা দিয়ে।

চিত্ৰত দেখুওৱাৰ দৰে হৃদযন্ত্ৰৰ সোঁফালৰ পৰা আৰম্ভ কৰাৰ পিছত কাঁড় চিহ্নবোৰেৰে আগবাঢ়িলে দেখা যাব যে নিম্নভাগৰ সোঁফালৰ কাঁড় চিহ্নডালে বুজাইছে যে শৰীৰৰ কোষবোৰত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইডলৈ তেজ সিৰাৰে হৃদপিণ্ডৰ সোঁফালে সোমাইছে। ওপৰৰ সোঁফালৰ কাঁড় চিহ্নডালে বুজাইছে যে এই তেজ হৃদযন্ত্ৰৰ পৰা ক্লোম ধমনীৰে হাঁওফাঁওলৈ গৈছে। এই তেজত থকা কার্বন-ডাই-অক্সাইড হাঁওফাঁওত এৰি দি অক্সিজেনলৈ যায়। বাওঁফালৰ ওপৰৰ কাঁড় চিহ্নডালে বুজাইছে যে এই অক্সিজেনযুক্ত তেজ ক্লোমসিৰাৰে হৃদপিণ্ডৰ বাওঁফালেদি সোমাইছে। বাওঁফালৰ তলৰ কাঁড় চিহ্নডালে বুজাইছে যে ধমনীয়ে এই অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন কোষলৈ পৰিবাহিত কৰিছে। গতিকে দেখা গ’ল যে তেজে দেহত এটা চক্রসম্পূর্ণ কৰিবলৈ হৃদযন্ত্ৰৰ ভিতৰত দুবাৰ সোমাব লগা হৈছে। এবাৰ অক্সিজেন বিহীনভাৱে সোঁফালেদি আৰু এবাৰ অক্সিজেনযুক্ত হৈ বাওঁফালেদি। এনে ধৰণৰ পৰিবহনক দ্বিচক্ৰী পৰিবহন বোলে।

৫। ৰেচন দ্রব্যসমূহ দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্রয়োজন ?

উত্তৰঃআমাৰ দেহৰ কোষসমূহে অনবৰতে কিছুমান জৈৱ ৰাসায়নিক কার্য সম্পাদন কৰি থাকে। এইবোৰ কাম কৰোঁতে কিছুমান অলাগতিয়াল আৰু শৰীৰৰ বাবে অপকাৰী পদাৰ্থৰ সৃষ্টি হয়। এইবোৰ শৰীৰত বেছি সময়লৈ থাকিলে শৰীৰৰ ক্ষতি সাধন হয়। সেয়ে এইবোৰ শৰীৰৰ পৰা উলিয়াই দিয়াটো অত্যন্ত প্রয়োজন।

৬। মানুহৰ ৰেচনতন্ত্ৰৰ এখন চিহ্নিত ছবি আঁকা।

উত্তৰঃ

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

6 thoughts on “Niketan Class 7 Science Chapter 10 প্ৰাণীৰ পৰিবহন তন্ত্র”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top