Niketan Class 7 Assamese Chapter 21 ভাৰত জননী

Niketan Class 7 Assamese Chapter 21 ভাৰত জননী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 21 ভাৰত জননী and select need one.

Niketan Class 7 Assamese Chapter 21 ভাৰত জননী

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 21 ভাৰত জননী Solutions for All Subjects, You can practice these here…

ভাৰত জননী

Chapter – 21

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। হিমৰ ৰজা বুলি কাৰ কথা কোৱা হৈছে ? 

উত্তৰঃ হিমালয় পর্বতৰ কথা কোৱা হৈছে । 

প্রশ্ন ২। কোনে ভাৰত জননীৰ চৰণ ধুৱায় ? 

উত্তৰঃ সুনীল সাগৰে । 

প্ৰশ্ন ৩। গায়ত্রী গীতা কাৰ দুহিতা ? 

উত্তৰঃ ভাৰত জননীৰ দুহিতা । 

প্রশ্ন ৪। ৰঘুপতি কোন ? 

উত্তৰঃ শ্ৰীৰামচন্দ্র । 

প্রশ্ন ৫। ‘ পতিত পাৱনী ’ শব্দৰ অর্থ কি ? 

উত্তৰঃ পাপী উদ্ধাৰ কৰোঁতা ( স্ত্রী ) । 

প্রশ্ন ৬। ভাৰত ভূমিৰ মাজেৰে বৈ যােৱা তিনিখন পৱিত্ৰ নদীৰ নাম লিখা। 

উত্তপ্ত গঙ্গা , যমুনা , ব্রহ্মপুত্র । 

প্রশ্ন ৭। ‘ ৰত্ন প্রসৱিনী ’ বুলি কাৰ কথা কোৱা হৈছে ? 

উত্তৰঃ ভাৰত জননীৰ কথা কোৱা হৈছে । 

প্রশ্ন ৮। কবিতাটিৰ মাজেৰে কবিৰ দেশৰ প্ৰতি থকা ভালপােৱা কিদৰে প্রকাশ পাইছে ?

উত্তৰঃ ভাৰতবর্ষ এখন বিশাল দেশ । কবিৰ জন্মভূমি এই দেশখনৰ গৌৰৱময় ইতিহাস আছে । কবিয়ে কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈকে সেই গৌৰৱময় সােণালী ইতিহাস বর্ণনা কৰি নিও যেন গৌৰৱান্বিত হৈছে । সৃষ্টিৰ পাতনিতে জন্ম লাভ কৰা এই দেশখন পৱিত্ৰ আৰু শান্তি – সম্প্ৰীতিৰে ভৰা । বৰফাবৃত সু – উচ্চ গিৰিৰাজ হিমালয় এই দেশৰ শিৰৰ মুকুট । সুনীল সাগৰে এই দেশক চৰণ ধুৱায় দিয়ে , পৱিত্ৰ নদীবােৰে অলংকাৰ পিন্ধাই সজাই পৰাই তােলে । বেদ , উপনিষদত পুৰাণৰ পাতে পাতে স্বর্ণাক্ষৰেৰে বৰ্ণিত হৈছে এই দেশৰ গৌৰৱৰ ইতিহাস । এই দেশ ৰত্ন প্রসৱিনী । মহাকবি বাল্মিকী , বেদব্যাস , কালিদাস ; ত্যাগৰ মূৰ্ত্তি দধীচি ; সত্য ন্যায়ৰ প্রতীক যুধিষ্ঠিৰ , ৰঘুপতি ৰাম ; কৃষ্ণ , বুদ্ধ , গান্ধী আদি ৰত্নবােৰ এই দেশতেই জন্মিছিল । ইয়াত জন্মিলে পাপীৰাে পাপ নাশ হয় । ৰূপ – সৌন্দর্যৰে ভূৱন ভূলােৱ ভাৰত জননী’ক লৈ কবি সদায় গৌৰৱ অনুভৱ কৰে । ‘ 

‘ ভাৰত জননী ’ কবিতাটিত এনেদৰে কবিৰ দেশৰ প্ৰতি থকা ভালপােৱা প্রকাশ পাইছে । 

প্রশ্ন ৯। শ্যমন্তক মণিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ শ্যমন্তক এটা প্রসিদ্ধ মণি । ই দিনে আঠ বাৰকৈ সােণ দিয়ে আৰু দুর্ভিক্ষ , অকাল মৃত্যু , অমঙ্গল আদি দূৰ কৰাৰ উপৰিও সর্প , ব্যাধি , মাৰি মৰক আদিৰ ভয়াে দূৰ কৰে । এই আচৰিত মণিটো সাধুৰ বাবেহে মঙ্গলদায়ক , অসাধুৰ প্রতি কিন্তু ই মাৰাত্মক । সূর্যই তেওঁৰ ভক্ত সত্রাজিতক এই মণি দিয়ে । এই মণি ক্রমে সত্রাজিতৰ পৰা তেওঁৰ ভায়েক প্রসেন , প্রসেনৰ পৰা এটা সিংহ , সিংহৰ পৰা জাম্বৱন্ত আৰু জান্বৱন্তৰ পৰা কৃষ্ণৰ হাতলৈ যায় । কৃষ্ণই মণিটো পুনৰ সত্রাজিতক দিয়ে । কিছুদিন পাছত সত্রাজিতক মাৰি মণিটো শতধন্বাই লৈ যায় । কৃষ্ণই শতধন্বক বধ কৰাৰ পাছত মণিটো অৰৰ হাতত পায়গৈ । শেষত সকলােৱে মণিটো অৰৰ হাতত থকাটোৱে বিচাৰে। 

প্রশ্ন ১০। ‘ ক ’ অংশৰ লগত  ‘ খ ’ অংশ মিলােৱা ।

‘ ক ’ অংশ  ‘ খ ’ অংশ 
কৃষ্ণা ৰাম
ইতিহাসমহাকবি
বাল্মিকীজননী
কালিদাসএখন নৈ
গাণ্ডীৱবুৰঞ্জী
ৰঘুপতিঅর্জুন
ভাৰতএজন ঋষি

উত্তৰঃ 

‘ ক ’ অংশ  ‘ খ ’ অংশ 
কৃষ্ণা এখন নৈ
ইতিহাসবুৰঞ্জী
বাল্মিকীএজন ঋষি
কালিদাসমহাকবি
গাণ্ডীৱঅর্জুন
ৰঘুপতিৰাম
ভাৰতজননী   

প্রশ্ন ১১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –

( ক ) পতিত পানী ভুৱন মােহিনী , 

        তেৱেই আমাৰ ভাৰত জননী 

উত্তৰঃ কবিতাফাঁকি সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেশপ্রেমমূলক কবিতা ‘ ভাৰত জননীৰ’ পৰা উদ্ধৃত কৰা হৈছে । 

কবিতাফাঁকিৰ জৰিয়তে কবিৰ দেশপ্রেমৰ প্রকাশ ঘটিছে ।

অনেক মানুহে নানা অন্যায় , অধর্ম , অনৈতিক কামত লিপ্ত হৈ পাপ অর্জন কৰে । পাপ সহজে খণ্ডন কৰিব পৰা নাযায় । ইয়াৰ ফলত পাপীসকলে নানা জীয়াতু ভুগিব লগীয়া হয় । কিন্তু গংগা – যমুনা ব্ৰহ্মপুত্র আদি পৱিত্ৰ নদী বুকুত লৈ থকা , অগণিত জ্ঞান তপস্বী ঋষি মুনি আদি পূণ্যাত্মাৰ পাদস্পৰ্শৰে ধন্য এই ভাৰতবর্ষ এনেকুৱা এখন পৱিত্ৰ ঠাই যে ইয়াৰ মাটিৰ স্পর্শ পালেই পাপীসকলৰ পাপ নিজে নিজে খণ্ডন হৈ যায় । অকল সেয়াই নহয় এই দেশৰ ৰূপ সৌন্দর্য , শৌর্যবীর্যৰ জ্যোতিত গােটেই জগতখনেই মােহাচ্ছন্ন । কবিয়ে সেয়ে এই দেশখনক ভাল পায় , দেশখনক লৈ তেওঁ গৌৰৱান্বিত । 

প্রশ্ন ১২। চমুটোকা লিখা ।

          বুদ্ধ , গায়ত্রী , কালিদাস , ৰাম 

উত্তৰঃ বুদ্ধ :- খ্রীঃপূঃ ৫৬৬ ত ব’হাগী পূর্ণিমাৰ দিনা কপিলাবস্তুৰ লুম্বিনী নামৰ ঠাইত বুদ্ধদেৱে জন্ম লাভ কৰে । তেওঁ আগতে সিদ্ধার্থ আৰু গৌতম বুদ্ধ বুলি পৰিচিত আছিল । বুদ্ধদেৱ সৰুৰে পৰাই অতি চিন্তাশীল আছিল । ভােগ – বিলাসৰ প্রতি তেওঁৰ অলপাে আকাংক্ষা নাছিল । মানুহৰ জৰাব্যাধি মৃত্যু দেখি বুদ্ধদেৱ অত্যন্ত ব্যথিত হৈছিল । সেয়ে জৰা , মৃত্যু , ব্যাধিৰ পৰা হাত সৰাৰ উপায় বিচাৰি আৰু জন্ম – মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ অৰ্থে এদিন তেওঁ সংসাৰৰ সকলাে মায়া – মােহ ত্যাগ কৰি মনে মনে ঘৰৰ পৰা গুচি যায় । ছবছৰ কাল বিভিন্ন ঠাইত অনাই – বনাই ঘূৰি ফুৰি নানা শাস্ত্র অধ্যয়ণ কৰি শেষত গয়াৰ ওচৰৰ এজোপা আঁহত গছৰ তলত ধ্যানমগ্ন হয় । তাতেই কঠোৰ তপস্যাৰ মাজতে এদিন ব’হাগী পূর্ণিমাৰ ৰাতি তেওঁ মুক্তি আৰু পৰম জ্ঞানৰ সম্ভেদ পায় । তেতিয়াই তেওঁ ‘ বুদ্ধ হৈ পৰে । 

বুদ্ধদেৱে প্ৰচাৰ কৰা ধর্মটোৱে হৈছে ‘ বৌদ্ধধর্ম ‘ । বিহাৰ , মগধ , কোশল আদি ৰাজ্যত তেওঁৰ ধৰ্ম প্ৰচাৰ হয় । সত্য , অহিংসা , পৰােপকাৰ এইবােৰ তেওঁৰ ধৰ্মৰ মূল মন্ত্র । আশী বছৰ বয়সত ব’হাগী পূর্ণিমাৰ দিনাখনেই কাশী নগৰত বুদ্ধদেৱে নশ্বৰ দেহ ত্যাগ কৰে । হিন্দু শাস্ত্ৰত বুদ্ধদেৱক বিষ্ণুৰ নৱম অৱতাৰ হিচাপে দেখুৱা হৈছে । বুদ্ধদেৱে ব’হাগী পূর্ণিমাতে জন্ম লাভ , জ্ঞান লাভ কৰাৰ লগতে নশ্বৰ দেহ ত্যাগ কৰা বাবে এই পূর্ণিমাটোক বুদ্ধ পূর্ণিমা বােলে । বৌদ্ধধর্মী আৰু হিন্দুসকলে বৰ শ্ৰদ্ধা ভক্তিসহকাৰে ‘ বুদ্ধপূর্ণিমা ’ পালন কৰে । 

গায়ত্রী :- গায়ত্রী ঋকবেদৰ এটা পৱিত্ৰ শ্লোক । গায়ত্রী ছন্দত ইয়াক ৰচনা কৰা হৈছে । শক্তিৰ উৎস সূৰ্যৰ প্রতি এই শ্লোক নিবেদিতা এই শ্লোকটি বাৰে বাৰে আওঁৰালে মানুহৰ মুক্তি লাভ হয় । যি লােকে স্বর্গ প্রাপ্তিৰ কামনা কৰে , তেওঁ প্রতিদিনে এহেজাৰ বাৰ গায়ত্রী আওৰাব লাগে । প্রতিদিনে  তিনিহাজাৰ বাৰলৈ এমাহ গায়ত্রী আওৰাই অতি গুৰুত্বৰ দোষৰ পৰাও মানুহে মুক্ত হ’ব পাৰে । 

হিন্দুৰ সকলাে সম্প্রদায়ে গায়ত্রী মন্ত্রৰ গুৰুত্ব আৰু আৱশ্যকতা মানে । আনকি আর্য সমাজৰ লােকসকলেও , যিয়ে মূর্তি পূজাত বিশ্বাস নকৰে , তেওঁলােকেও এটি পৱিত্ৰ মন্ত্ৰ হিচাপে ইয়াক গ্ৰহণ কৰিছে ৷ কৃতকার্যতা আৰু মুক্তি লাভৰ কামনাৰে আর্য সমাজৰ লােকসকলে প্রতি প্রার্থনাৰ সময়ত গায়ত্রী মন্ত্র আওৰায় । 

দেৱী হিচাপে গায়ত্রীক ব্রহ্মাৰ পত্নী আৰু চাৰি বেদৰ মাতৃ হিচাপেও জনা যায় । 

কালিদাস :- কালিদাস প্রাচীন ভাৰতৰ আটাইতকৈ বিখ্যাত কবি আৰু নাট্যকাৰ । তেওঁৰ সময় সম্বন্ধে পণ্ডিত সকলৰ মাজত মতভেদ আছে । যদিও বেছিভাগ পণ্ডিতে তেওঁক উজ্জয়িনীৰ বিখ্যাত ৰজা বিক্রমাদিত্যৰ ৰাজসভাৰ ‘ নৱ ৰত্ন ’ ৰ অন্যতম বুলি কয় ।

কালিদাসে তিনিখন নাটক ক্ৰমে ‘ অভিজ্ঞান শকুন্তলম , ‘ মালবিকাগ্নিমিত্রম ’ আৰু ‘ বিক্রমােৰ্বশীয়ম ’ ৰ লগতে তিনিখন কাব্য ‘ ৰঘুবংশ’, ‘ কুমাৰ সম্ভৱ ‘ আৰু মেঘদূত ’ ৰচনা কৰি গৈছে । তেওঁ ‘ ঋতুসংহাৰ ‘ নামৰ খণ্ডকাব্য এখনাে ৰচনা কৰিছিল । ‘ মেঘদূত ’ খনকো বহুতে খণ্ডকাব্য বুলি ক’ব খােজে । এই ৰচনা বােৰৰ ভিতৰত কালিদাসৰ উৎকৃষ্টতম সৃষ্টি হৈছে ‘ অভিজ্ঞান শকুন্তলম ‘ নামৰ নাটকখন । 

কালিদাসৰ গ্রন্থাৱলী বিশ্ব সাহিত্যৰেই অমূল্য সম্পদ । তেওঁৰ গ্রন্থবােৰৰ বিশেষকৈ ‘ অভিজ্ঞান শকুন্তলম ’ ৰ সাহিত্যিক , কাব্যিক , কলাত্মক আদি সৌন্দর্যত প্রাচ্য পাশ্চাত্যৰ সাহিত্যমােদী পণ্ডিত সকল মুগ্ধ হৈ পৰিছে ।

ৰাম :- ত্রেতা যুগৰ শেষত ৰজা দশৰথৰ পুত্ৰৰূপে অৱতীৰ্ণ হােৱা বিষ্ণুৰ সপ্তম অৱতাৰ হৈছে ৰাম । আদি কবি বাল্মীকিয়ে ৰামৰ আদ্যোপান্ত জীৱনলীলাক লৈয়েই ৰচনা কৰিছিল ‘ ৰামায়ণ ‘ মহাকাব্য । ৰজা দশৰথে প্রজাঞ্জক পুত্র ৰামক অযােধ্যাৰ ৰাজপাটত বহুৱাবলৈ সকলাে ঠিক – ঠাক কৰিও ৰাণী কৈকেয়ীৰ ষড়যন্ত্রত বনবাস দিব লগীয়া হয় । পিতৃ সত্য পালনার্থে ৰামেও সীতা আৰু লক্ষ্মণৰ সৈতে বনবাসলৈ যায় । বনবাসত থাকোতেই পঞ্চৱতী বনৰ পৰা লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰে । ৰামে লংকালৈ গৈ নিজৰ সেনাৰ সহযােগত যুদ্ধ কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰে । বহু ঘটনা , বহু কাহিনী বাদ দি অতি সংক্ষেপে এয়াই ৰামৰ কাহিনী । 

সীতাক উদ্ধাৰ কৰি ঘূৰি অহাৰ পাছত ৰামে অযােধ্যাৰ ৰাজপাটত বহে৷ৰজা হিচাপে ৰাম আছিল ধার্মিক , সত্যবাদী , ন্যায়নিষ্ঠ আৰু প্রজাবৎসল । তেওঁৰ ৰাজত্বকালত অযােধ্যাৰ চাৰিওফালে জয়জয় – ময়ময় হৈছিল ৷ সেয়েহে আজিও মানুহে কথাই কথাই ‘ ৰাম ৰাজ্য ‘ ৰ কথা কয় । ৰামক বাদ দি ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা ভাবিৱই নােৱাৰি । ভাৰতীয় সংস্কৃতি সভ্যতাৰ আঁহে আঁহে সােমাই আছে ৰামৰ নাম । 

প্রশ্ন ১৩। বাক্য সাজা –

          শান্তি – সম্প্রীতি , প্রেম – অহিংসা , জননী , অযুত , সুবাস । 

উত্তৰঃ শান্তি – সম্প্রীতি :- শান্তি – সম্প্রীতিৰে বসবাস কৰা সমাজ এখনেহে উন্নতিৰ পথত আগবাঢ়িব পাৰে । 

প্রেম – অহিংসা :- বুদ্ধদেৱে মানুহৰ মাজত প্রেম – অহিংসাৰ বাণী বিলাইছিল । 

জননী :- ভাৰতবর্ষ আমাৰ জননী স্বৰূপা । 

অযুত :- পুৰাণ – ভাগৱত আদি গ্রন্থত দেৱ – দেৱীৰ বিষয়ে অযুত কাহিনী পােৱা যায় । 

সুবাস :- ফুলৰ ভিতৰত বকুল ফুলৰ সুবাস মই আটাইতকৈ ভাল পাওঁ । 

প্রশ্ন ১৪। সমার্থক শব্দ লিখা –

           হিম , চৰণ , লৌহিত্য , বক্ষ , প্রেম , জননী , দুহিতা 

উত্তৰঃ হিম         –        নিঠুৰ , তুষাৰ ।

         চৰণ        –        ভৰি , পদ ।

         লৌহিত্য   –       ব্রহ্মপুত্র , লুই ।

         বক্ষ         –       বুকু , হৃদয় । 

         প্রেম        –       ভালপােৱা , প্রীতি , ভক্তি , অনুৰাগ । 

         জননী      –       মাতৃ , আই , জন্মদাত্রী । 

         দুহিতা     –       জীয়াৰী , কন্যা ।

প্রশ্ন ১৫। তলৰ সমাসবােৰৰ ব্যাস বাক্য লিখা –

        বীণাপাণি , বশিষ্টমুনি , কালিদাস , ত্রিভূৱন , গংগা – যমুনা চৰণ

উত্তৰঃ বীণাপাণি        ―    বীণা আছে পাণিত যাৰ । 

         বশিষ্টমুনি       ―    বশিষ্ট নামে মুনি । 

         কালিদাস        ―    কালিৰ যি দাস ৷ 

         ত্রিভূৱন          ―    ত্রি ভূৱনৰ সমাহাৰ ।

         গংগা – যমুনা   ―    গংগা আৰু যমুনা ।

Leave a Reply

error: Content is protected !!
Scroll to Top