Niketan Class 6 Social Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী

Niketan Class 6 Social Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী and select need one.

Niketan Class 6 Social Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী Solutions for All Subjects, You can practice these here.

সৌৰজগতত আমাৰ পৃথিৱী

Chapter – 1

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। উত্তৰ লিখা— 

( ক ) সৌৰজগতত কোনকেইটা গ্রহ উপগ্রহ নাই ? 

উত্তৰঃ সৌৰজগতত থকা বুধ আৰু শুক্র গ্রহৰ উপগ্রহ নাই । 

( খ ) সূৰ্যৰ বহির্ভাগৰ উত্তাপ কিমান ? 

উত্তৰঃ সূৰ্যৰ বহির্ভাগৰ উত্তাপ ৬০০০° চেলচিয়াছ। 

( গ ) পৃথিৱীয়ে কিমান কিল’মিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ? 

উত্তৰঃ পৃথিৱীয়ে ঘণ্টাত ১৬৭০ কি.মি. বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে। 

( ঘ ) পৃথিৱীৰ যমজ গ্রহ বুলিলে কোনটো গ্রহক বুজায় ? 

উত্তৰঃ শুক্র গ্রহক পৃথিৱীৰ যমজ গ্রহ বুলি কোৱা হয় । 

( ঙ ) পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ চন্দ্রক কিমান দিন লাগে ? 

উত্তৰঃ চন্দ্রই পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ ২৯ দিন লাগে । 

( চ ) কোনকেইটা গ্রহৰ মাজত গ্রহাণুপুঞ্জ দেখা যায় ? 

উত্তৰঃ মঙল আৰু বৃহস্পতি গ্রহৰ মাজত গ্রহাণুপুঞ্জ দেখা যায় । 

প্রশ্ন ২। সৌৰজগতৰ চিত্র চাই উত্তৰ লিখা –

( ক ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত ? 

উত্তৰঃ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান তৃতীয় । 

( খ ) সৌৰজগতৰ শেষ প্রান্তত থকা গ্ৰহটোৰ নাম কি ? 

উত্তৰঃ সৌৰজগতৰ শেষ প্রান্তত থকা গ্ৰহটোৰ নাম হ’ল নেপচুন । 

( গ ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ? 

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ’ল বৃহস্পতি ।

( ঘ ) সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটোৰ নাম কি ? 

উত্তৰঃ সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটোৰ নাম হ’ল– বুধ। 

প্রশ্ন ৩। সংক্ষিপ্ত উত্তৰ দিয়া-

( ক ) হাতীপটি মানেনো কি ? 

উত্তৰঃ হাতীপটি হ’ল অসংখ্য তৰাৰ সমষ্টি । ই এক তাৰকাপুঞ্জ । 

( খ ) সৌৰজগত বুলিলে কি বুজা ? 

উত্তৰঃ সূর্য আৰু ইয়াৰ আঠটা গ্রহ আৰু ইহঁতৰ উপগ্রহবােৰৰ পৰিয়ালটোকে সৌৰজগত বুলি কোৱা হয় । 

( গ ) উল্কা বা পপীয়া তৰা বুলিলে কি বুজা ? 

উত্তৰঃ ৰাতিৰ আকাশত মাজে মাজে একো একোটা জ্যোতিষ্ক হঠাৎ অতি বেগেৰে তললৈ নামি আহি থিতাতে নােহােৱা হয় , এনেদৰে খহি পৰা জ্যোতিষ্কবােৰকে উল্কা বা পপীয়া তৰা বুলি কোৱা হয় । 

( ঘ ) ধূমকেতু মানেনো কি ? 

উত্তৰঃ ধূমকেতু উজ্জ্বল বাষ্পৰ দ্বাৰা গঠিত । দেখাত ধূমকেতুটো এটা উজ্জ্বল তৰাৰ দৰে , কিন্তু ইয়াৰ এডাল নেজ থাকে । সৌৰশক্তিৰ চাপেৰে বাষ্পীভূত হােৱা পদার্থবােৰ পিছলৈ জোৰেৰে ঠেলি পঠিওৱাৰ বাবে ধূমকেতুৰ নেজডাল সৃষ্টি হয় । ইহঁতেও সূর্যৰ চাৰিওফালে ঘূৰি থাকে । 

( ঙ ) সূৰ্যৰ চাৰিওফালে ওলােটা পাকে ঘূৰা গ্ৰহটোৰ নাম কি ? 

উত্তৰঃ সূৰ্যৰ চাৰিওফালে ওলােটা পাকে ঘূৰা গ্ৰহটোৰ নাম হ’ল শুক্র । 

অতিৰিক্ত প্রশ্নোত্তৰ

( ক ) অতি চমু প্রশ্নোত্তৰ –

প্রশ্ন ১। মঙল গ্ৰহটোৰ বৰণ কেনেকুৱা ? 

উত্তৰঃ মঙল গ্ৰহটোৰ বৰণ ৰঙচুৱা । 

প্রশ্ন ২। সৌৰজগতৰ কোনটো গ্রহ উপগ্রহ আটাইতকৈ বেছি ? 

উত্তৰঃ শনি গ্রহ উপগ্রহ আটাইতকৈ বেছি । 

প্রশ্ন ৩। চন্দ্রপৃষ্ঠত পদার্পণ কৰা প্ৰথমজন ব্যক্তিৰ নাম কি আছিল ? 

উত্তৰঃ চন্দ্রপৃষ্ঠত পদার্পণ কৰা প্ৰথমজন ব্যক্তিৰ নাম হ’ল — নীল আমষ্ট্রং ।

প্রশ্ন ৪। ধূমকেতুৰ আন এটা নাম কি ? 

উত্তৰঃ ধূমকেতুৰ আন এটা নাম নেজাল তৰা । 

প্রশ্ন ৫। ৰাতিৰ আকাশত দেখা পােৱা ডাঙৰ জ্যোতিষ্কটোৰ নাম কি ? 

উত্তৰঃ ৰাতিৰ আকাশত দেখা পােৱা ডাঙৰ জ্যোতিষ্কটোৰ নাম হ’ল — চন্দ্র । 

প্রশ্ন ৬। পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান ? 

উত্তৰঃ পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব হ’ল প্রায় ৩,৮৬,০০০ কি.মি .। 

( খ ) চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জ্যোতিষ্ক কাক বােলে ? 

উত্তৰঃ ৰাতিৰ আকাশত দেখা পােৱা উজ্জ্বল বস্তুবােৰকে জ্যোতিষ্ক বােলে। 

প্রশ্ন ২। নক্ষত্র কাক বােলে ? 

উত্তৰঃ যিবােৰ জ্যোতিষ্কৰ নিজা পােহৰ থাকে , তেনে জ্যোতিষ্কক নক্ষত্র বােলে । যেনে — সূর্য । 

প্রশ্ন ৩। গ্ৰহ কাক বােলে ? 

উত্তৰঃ যিবােৰ জ্যোতিষ্কৰ নিজা পােহৰ নাথাকে , তেনেবােৰ জ্যোতিষ্কক গ্রহ বােলে । যেনে — পৃথিৱী , মঙল গ্রহ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top