Niketan Class 6 Assamese Chapter 6 বাঘ খােৱা শিয়াল

Niketan Class 6 Assamese Chapter 6 বাঘ খােৱা শিয়াল is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 6 বাঘ খােৱা শিয়াল and select need one.

Niketan Class 6 Assamese Chapter 6 বাঘ খােৱা শিয়াল

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 6 বাঘ খােৱা শিয়াল Solutions for All Subjects, You can practice these here.

বাঘ খােৱা শিয়াল

Chapter – 6

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
তাল – ফালঅসহশব্দ , হুলস্থূল
নােদোকা শকত – আৱত
এমা – ডিমানিচেই সৰু
সতৰ্কসাৱধান
থেন থেন মেন মেনসৰুকৈ কন্দা / পেনপেনাই সৰু সৰুকৈ কান্দি থকা
ফুটুকাএবিধ বনৰীয়া সৰু গছ
ভেকাহিখঙেৰে ডাবি দিয়া 
ছলাহীধূৰ্ত
তুলকামনে মনে থকা
গৰালজন্তু থবলৈ বেৰি লােৱা ঠাই
এসেকাএক চোটোকা , শাস্তি
সতকাইসহজে

প্রশ্ন ২। সাধুটো নিজৰ ভাষাত চমুকৈ লিখা । 

উত্তৰঃ এখন হাবিত এহাল শিয়াল – শিয়ালীয়ে বাস কৰিছিল । সিহঁতৰ তিনিটা পােৱালি আছিল । এদিন পােৱালিকেইটা বাপেকৰ লগত থৈ শিয়ালী হুৱা দিবলৈ গল । অলপ পিছতে পােৱালিকেইটাই কিবা খাবলৈ বাপেকক আমনি কৰিবলৈ ধৰিলে । শিয়ালটো গাতৰ মুখলৈ আহি পহু – চৎ কিবা পায় নেকি বুলি ইফালে – সিফালে চাই আছিল । তেনেতে সেইফালে এটা বাঘ আহি থকা দেখিবলৈ পালে । বাঘে পােৱালিকেইটা থকা বুলি গম পালে গতৰফালে খেদা মাৰিব বুলি ভয়তে শিয়ালে লৰালৰিকৈ ভিতৰলৈ সােমাই গ’ল । বাঘক ভয় খুৱাবলৈ বুলি শিয়ালে পােৱালিকেইটাক গালি পৰাৰ চলতে ডাঙৰ ডাঙৰকৈ ক’লে— “ বােলাে ঐ ৰাক্ষসহ’ত । বাঘৰ মঙহ নহ’লে নহয় তহঁতক । মই কৈছিলাে নহয় , ঠিক ঠাইতে ফান্দি পাতি থৈছোঁ ।এইফালে বাঘ এটা আহিলেই হয় । লগে লগে পৰিব । তেতিয়া আৰু তহঁতক পায় কোনে ? ” শিয়ালৰ কথা শুনি বাঘে ভয়তে অহা বাটেই লৰ ধৰিলে । 

শিয়াল আৰু বাঘৰ এই কাণ্ডটো দেখি আছিল এটা বান্দৰে । সি বাঘৰ অৱস্থা দেখি মনত দুখ পালে । বাঘৰ পিছে পিছে গৈ সি বাঘক লগ ধৰি শিয়ালৰ সকলাে ছলাহি কথা ক’লে আৰু বাঘক ভয় নাখাবলৈয়াে ক’লে । সি বাঘক বুজাই বঢ়াই পুনৰ উভতাই আনিলে । বাঘেও শিয়ালক এসেকা দিওঁ বুলি বান্দৰটোক পিঠিত উঠাই লৈ শিয়ালৰ গাঁতৰ ফালে আহিল ।

শিয়ালে বাঘক উভতি যােৱা দেখিলে যদিও সি সতর্ক হৈ আছিল , কিজানি বাঘ আকৌ আহেই । তেনেতে সঁচাকৈয়ে বাঘটো এটা বান্দৰৰ সৈতে সেইফালে আহি থকা দেখিলে । শিয়ালে আগৰ দৰেই বাঘক ভয় খুৱাবলৈ বুলি চিঞৰি চিঞৰি পােৱালিকেইটাক গালি পাৰিলে । এইবাৰ শিয়ালে ক’লে সি পাতি থােৱা ফালত বাঘ পৰিবহি । তাৰ বাবে সি এটা বান্দৰক ফান্দ পাতি থােৱা ঠাইলৈ এটা বাঘক বিচাৰি ফুচুলাই আনিবলৈ পঠাইছে । শিয়ালৰ এনে কথা শুনি বাঘৰ জীৱ বাহিৰ হােৱাৰ দৰে হ’ল । বান্দৰটোৰ ওপৰত তাৰ ভীষণ খং উঠিল । সি বান্দৰটোক পিঠিৰ পৰা থেকেচা মাৰি পেলালে আৰু এটা লাঠি মাৰি ভিৰাই লৰ মাৰিলে।

ইফালে শিয়ালীয়ে হুৱা দি উভতি আহোঁতে গাঁৱৰ এঘৰৰ গড়ালৰ পৰা এজনী হাঁহ ধৰি লৈ আহি আছিল । খৰ – খেদাকৈ আহি থাকোতে তাই বাটত থেকেচা খাই পৰি থকা বান্দৰটোক দেখাই নাপালে। তাই আহি তাৰ গাতে উজুতি খাই পৰিল আৰু মুখৰ পৰা হাঁহজনী এৰাই গ’ল । শিয়ালীয়েও খঙতে আধামৰা হৈ পৰি থকা বান্দৰটোক আকৌ এটা লাঠি মাৰি গুচি আহিল । 

প্রশ্ন ৩। সাধুটোত থকা বর্ণনাৰ ভিত্তিত শিয়ালে ‘হুৱা’ দিয়াৰ বিষয়ে ছয়টা বাক্য লিখা । 

উত্তৰঃ ( ১ ) শিয়ালে সন্ধিয়াহ্বা দিয়ে । 

( ২ ) শিয়ালে সমবেত হৈ হুৱা দিয়ে । 

( ৩ ) প্রথমতে এটা শিয়ালে ‘হুৱা – হুৱা’ বুলি লগাই দিয়ে আৰু পিছত বাকীবােৰেও তেনেদৰে ৰাগ টানে । 

( ৪ ) শিয়ালে আকাশলৈ চাই হুৱা দিয়ে । 

( ৫ ) জোনাক নিশা হ’লে জোনটোলৈ চাই হুৱা দিয়ে । 

( ৬ ) শিয়ালে হুৱা দিলে গােটেই অঞ্চলটোতে তালফাল লাগে আৰু মানুহে ছুঃ দুঃ ছুঃ বুলি চিঞৰে । 

প্রশ্ন ৪। গাঁতৰফালে বাঘটো অহা দেখি শিয়ালে বাঘক ভয় খুৱাবলৈ কি বুধি কৰিলে ? 

উত্তৰঃ গতৰফালে বাঘটো অহা দেখি শিয়ালে বাঘক ভয় খুৱাবলৈ বুলি বুদ্ধি কৰি পােৱালিকেইটাকে গালি পৰাৰ চলেৰে ডাঙৰ ডাঙৰকৈ ক’লে,‘ ঐ ৰাক্ষসহঁত । বাঘৰ মঙহ নহ’লে নহয় তহঁতক । মই কৈছিলােৱেই নহয় , মই ঠিক ঠাইতেই ফান্দ পাতি থৈছে । এইফালে বাঘ এটা আহিলেই হয় । লগে লগে পৰিব । তেতিয়া আৰু তহঁতক পায় কোনে ? 

প্রশ্ন ৫। বাঘৰ পিঠিত বান্দৰটো উঠি অহা দেখি শিয়ালে সিহঁতক ভয় খুৱাবলৈ কি বুধি কৰিলে ?

উত্তৰঃ বাঘৰ পিঠিত বান্দৰটো উঠি অহা দেখি শিয়ালে সিহঁতক ভয় খুৱাবলৈ বুলি চিঞৰি চিঞৰি ক’লে যে সি এটা বান্দৰক বাঘ এটা বিচাৰি সি পাতি থােৱা ফান্দৰফালে ফুচুলাই আনিবলৈ পঠাইছে । গতিকে বাঘ ফান্দত পৰিবই। 

প্রশ্ন ৬। ধৰি অনা হাঁহজনী শিয়ালীয়ে পােৱালিকেইটাক খুৱাব নােৱাৰিলে কিয় ? 

উত্তৰঃ শিয়ালীয়ে হাঁহজনী মুখত লৈ খৰ – খেদাকৈ আহি থাকোতে বাটতে পৰি থকা বান্দৰটোৰ গাত খুন্দা খাই পৰিল আৰু মুখৰ পৰা হাঁহজনী এৰাই গ’ল । ফলত শিয়ালীয়ে হাঁহজনী পােৱালিকেইটাক খুৱাব নােৱাৰিলে ।

প্রশ্ন ৭। বাঘটোৱে বান্দৰটোক কিয় পিঠিত তুলি লৈছিল ? 

উত্তৰঃ বাঘটোৱে শিয়ালৰ গাতটো দেখুৱাই দিবলৈ বান্দৰটোক কান্ধত তুলি লৈছিল । 

প্রশ্ন ৮। বাঘটোৱে কি ভাবি শিয়ালৰ গাঁতৰ ওচৰৰ পৰা দৌৰি পলাল ? 

উত্তৰঃ বাঘে জানে যে শিয়াল অতি শিয়ান জন্তু , তাৰ বুদ্ধিৰ অন্ত নাই । গতিকে সি সঁচাকৈ পাতি থবও পাৰে । সেয়ে পলাই সৰাই ভাল বুলি ভাবি বাঘটোৱে শিয়ালৰ গাঁতৰ ওচৰৰ পৰাই দৌৰি পলাল । 

প্রশ্ন ১০। বাক্য ৰচনা কৰা – 

            এমা – ডিমা , ভেকাহি , তলকা , ফান্দ , সাউতকৈ , নােদোকা, সতর্ক , আধামৰা , চটফটনি , এসেকা দিয়া , চোচা লােৱা 

উত্তৰঃ এমা – ডিমা :- বামুণীয়ে তাইৰ এমা – ডিমা ল’ৰা – ছােৱালী দুটা এৰি দিনটো ঘূৰি ফুৰে ।

ভেকাহি :- ৰাহুলক মাকে খঙতে ভেকাহি মাৰি কথাটো ক’লে ।

তলকা :- দীপকে তলকা মাৰি শিক্ষকৰ কথাবােৰ শুনি আছে ।

ফান্দ :- নিগনিৰ উৎপাতত থাকিব নােৱাৰি মায়াই এইবাৰ ফান্দ পাতিছে নিগনি ধৰিবলৈ । 

সাউতকৈ :- কাউৰীজনীয়ে সাউতকৈ আহি চাবােন টুকুৰা লৈ গ’ল । 

নােদোকা :- হাতীৰ পােৱালিবােৰ বৰ নােদোকা । 

সতৰ্ক :- বাঘটো পুনৰ আহিব পাৰে বুলি ভাবি শিয়ালটো সতৰ্ক হৈ আছিল । 

আধামৰা :- ৰাগিয়াল বস্তু খাই খাই মানুহটো আধামৰা হ’ল । 

চটফটনি :- বান্ধি থােৱা কুকুৰাটোৰ চটফটনিত বান্ধটো খুলি গ’ল । 

এসেকা দিয়া :- পল্লৱে অতুলক এসেকা দিয়াৰ ব্যৱস্থা কৰিছে । 

চোঁচা লােৱা :- মানুহটোৱে চোৰটোক মাৰিবলৈ চোঁচা লােৱা দেখি সকলােৱে বাধা দিছে । 

প্রশ্ন ১০। তলৰ কথা দুফাকি কেতিয়া ব্যৱহাৰ কৰা হয় ? 

( ক ) ‘ৰদো দিছে বৰষুণো দিছে , 

          আজি খৰা শিয়ালবিয়া। ‘

উত্তৰঃ উক্ত কথাষাৰ ৰ’দ বৰষুণ একেলগে আহিলে কোৱা হয় । 

( খ ) শিয়ালীয়ে নাহিবি ৰাতি , 

        তোৰে কাণ কাটি 

        লগামে বাতি ।’ 

উত্তৰঃ কান্দি থকা কেঁচুৱা বা টোপনি নহা কেঁচুৱাক ভয় খুৱাই শুৱাবলৈ এই গীতটি গােৱা হয় ।

1 thought on “Niketan Class 6 Assamese Chapter 6 বাঘ খােৱা শিয়াল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top