Niketan Class 5 Science Chapter 7 বিভিন্ন পৰিৱেশৰ প্রাণী

Niketan Class 5 Science Chapter 7 বিভিন্ন পৰিৱেশৰ প্রাণী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 7 বিভিন্ন পৰিৱেশৰ প্রাণী and select need one.

Niketan Class 5 Science Chapter 7 বিভিন্ন পৰিৱেশৰ প্রাণী

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 7 বিভিন্ন পৰিৱেশৰ প্রাণী Solutions for All Subjects, You can practice these here.

বিভিন্ন পৰিৱেশৰ প্রাণী

Chapter – 7

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। খালী ঠাই পূৰ কৰা :

(ক) মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল —— আৰু ——। 

উঃ ডাঠ আৰু নোমাল ।

(খ) মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য ——- থাকে। 

উঃ কাঁইট ।

(গ) ——– অঞ্চলত থকা পেংগুইনে দল বান্ধি থাকে।

উঃ দক্ষিণমেৰু ।

(ঘ) বেছিকৈ জাৰ পৰিলে —– বৰফত গাত খান্দি কেইবা মাহো সোমাই থাকিব পাৰে। 

উঃ মাইকী ভালুকে ।

(ঙ) ——– জলবায়ুৰ পৰিৱেশত বিস্তীর্ণ তৃণভূমি অঞ্চল থাকে। 

উঃ গৰম ।

(চ) —— থকাৰ বাবে উদ্ভিদৰ ৰং সেউজীয়া ।

উঃ পত্ৰহৰিৎ ।

  (ছ) মাছে ——- সহায়ত পানীত সাতুৰিব পাৰে। 

উঃ ফিচাৰ ।

(জ) ভেকুলী এবিধ ——-  প্রাণী।

উঃ উভচৰ ।

  (ঝ) মাংসহাৰী চৰাইৰ ভৰিৰ নখ ——- হয়।

উঃ দীঘল ।

(ঞ) কেঁচু, শহাপহূ আদি প্রাণীয়ে ——-  ভিতৰত বাস কৰে।

উঃ গাতৰ ।

২। উত্তৰ কৰা : 

(ক) পৰিবেশ বুলিলে কি বুজা ?

উঃ উদ্ভিদ, প্রাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থা পৰিবেশ বোলে।

(খ) মৰুভূমিত থকা উদ্ভিদৰ গাত কাঁইট থাকে কিয় ?

উঃ মৰুভূমিৰ উদ্ভিদে যিখিনি পানী পায় সেইখিনিকেই ইহঁতে মঙহাল গা-গছত জমা কৰি ৰাখে। মৰুভূমিৰ উদ্ভিদৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰ হোৱা বাবে ইহঁতৰ দেহৰ পৰা পানী বাহিৰলৈ ওলাই যাব নোৱাৰে।

(গ) মৰুভূমিৰ প্রাণী উটৰ পিঠিত থকা কুজটোৱে কেনেদৰে সহায় কৰে ?

উঃ উটৰ পিঠিৰ কুঁজটোত বহু পৰিমাণে চর্বি আৰু পানী ইহঁতে জমা কৰি ৰাখে। মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰত জমা হৈ থকা চৰ্বি আৰু পানীৰে বহুদিনলৈ চলিব পাৰে।

(ঘ) পৃথিৱীত কিমান বিধৰ কেকটাছ আছে ? 

উঃ পৃথিৱীত প্রায় এহেজাৰ বিধৰ কেকটাছ আছে।

(ঙ) মৰুভূমিৰ প্ৰাণীয়ে গৰম কেনেদৰে সহ্য কৰিব পাৰে লিখা।

উঃ মৰুভূমিৰ প্রাণীবোৰৰ গাৰ ছাল ডাঠ আৰু নোমাল হোৱা বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে।

(চ) শীতল ঠাইৰ প্ৰাণীৰ বৈশিষ্ট্য লিখা।

উঃ শীতল ঠাইৰ প্ৰাণীৰ বৈশিষ্ট্য হল-

 (i) প্রাণীৰ শৰীৰটো দীঘল আৰু ঘন নোমেৰে ঢকা। 

(ii) ইহঁতৰ ভৰিৰ তলতো নোম থাকে।

(ছ) বল্গা হৰিণ ক’ত পোৱা যায় ? 

উঃ বল্গা হৰিণ উত্তৰ মেৰু অঞ্চল আৰু উত্তৰ আমেৰিকাত পোৱা যায়।

(জ) তৃণভূমি অঞ্চলত কোনবোৰ প্রাণী বাস কৰে ? 

উঃ তৃণভূমি অঞ্চলত থকা প্রাণী সমূহহ’ল – সিংহ, জিৰাফ, জেব্রা,হাতী আদি। 

(ঝ) মাছে কিহৰ সহায়ত পানীত উশাহ লয় ? 

উঃ মাছে ফুলৰ সহায়ত পানীত উশাহ লয়।

(ঞ) পানীত হোৱা কেইবিধ মান উদ্ভিদৰ নাম লিখা।

উঃ পানীত হোৱা কেইবিধমান উদ্ভিদ হ’ল – পদুম ফুল, মেটেকা,ভেট ফুল আদি।

(ট) উভচৰ প্ৰাণীৰ বৈশিষ্ট্য কি ? 

উঃ উভচৰ প্ৰাণীৰ বৈশিষ্ট্য-

  (১) উভচৰ প্রাণী মাটি, পানী উভয়তে থাকিব পাৰে। 

(২) উভচৰ প্ৰাণীৰ ঠেঙৰ আঙুলিবোৰ পাতল ছালেৰে লগ লগোৱা বাবে পানীত সাঁতুৰিব পাৰে। 

(৩) উভচৰ প্ৰাণীৰ গাৰ গঠন মাটি আৰু পানী দুয়োটা পৰিৱেশত জীয়াই থকাৰ কাৰণে উপযোগী।

(ঠ) চৰাইৰ শাৰীৰিক গঠন বর্ণনা কৰা।

উঃ চৰাইবোৰ বতাহত উৰিব পাৰে। চৰাই ওপৰলৈ উৰিব পৰাকৈ ডাঙৰ ডেউকা থাকে। মাংসহাৰী চৰাইৰ চিকাৰ কৰি খাব,ঠেঙৰ নখ দীঘল হয়। ‘ 

(ড) কেইবিধমান মাটিত বগাই যোৱা প্ৰাণীৰ নাম লিখা। 

উঃ মাটিত বগাই যোৱা প্রাণী হ’ল জেঠী, সাপ, ঘৰিয়াল আদি। 

(ঢ) অভিযোজন কাক বোলে ? 

উঃ সকলো জীৱই বিভিন্ন পদ্ধতিৰে পৰিবেশৰ লগত খাপ খাবলৈ যত্ন কৰে। পৰিৱেশৰ লগত খাপ খাবলৈ যত্ন কৰা এই কৌশলক অভিযোজন বোলে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। উটৰ ঠেঙত থকা খুড়াবোৰ ফাঁট মেলা হয় কিয় ? 

উঃ উটৰ ঠেঙত থকা খুড়াবোৰ ফাঁট মেলা বাবে ইহঁতে গৰম বালি, – খোজ কাঢ়োঁতেও অসুবিধা নাপায়। খুড়াৰ ফাটেৰে বালিবোৰ সহজতে ওলাই যায়।

২। সাগৰ ফেনাৰ গঠন বর্ণনা কৰা।

উঃ সাগৰ ফেনা মৰুভূমিত হোৱা এবিধ উদ্ভিদ । সাগৰ ফেনাৰ ডাল -পাত নাথাকে। গাত অসংখ্য কাঁইট থাকে। গা-গছ মঙহাল আৰু সেউজীয়া। সাগৰ ফেনাই যিখিনি পানী পায় সেইখিনিকেই মঙহাল গা-গছত জমা কৰি ৰাখে। ইহঁতৰ পাতবোৰ কাঁইটলৈ । ৰূপান্তৰ হোৱা বাবে ইহঁতৰ দেহৰ পৰা পানী বাহিৰলৈ ওলাই যাব নোৱাৰে। খাদ্য ইহঁতৰ গা-গছেই প্রস্তুত কৰে।

৩। কেকটাছ পানীৰ অভাৱত কেনেদৰে জীয়াই থাকিব পাৰে? 

উঃ কেকটাছৰ শিপা মাটিৰ বহু তললৈকে যায় আৰু তলৰ পৰা পানী সংগ্রহ কৰি কাণ্ডত জমা কৰি ৰাখে। সেয়েহে পানীৰ অভাৱতো ই বহুদিনলৈ জীয়াই থাকিব পাৰে। 

৪। পেংগুইনৰ বিষয়ে চমুকৈ লিখা। 

উঃ পেংগুইন হ’ল শীতল ঠাইত বাস কৰা এবিধ প্রাণী। ই পানীত থকা এবিধ চৰাই। ইহঁতৰ পাখিবোৰ সৰু সৰু। সেইবাবে ইহঁতে উৰিব নোৱাৰে। কিন্তু পানীত সাঁতোৰাত ইহঁত বৰ পাকৈত। ইহঁত খোজ কাঢ়ি ফুৰিবও পাৰে। সাগৰৰ সৰু সৰু মাছবোৰ ইহঁতৰ খাদ্য। সাধাৰণতে দক্ষিণ মেরু অঞ্চলত থকা পেংগুইনবোৰে দল বান্ধি থাকে।

 ৫। শ্লেজ কি ? 

উঃ শ্লেজ হ’ল বৰফত চলা গাড়ী। বৰফত বল্লা হৰিণৰ সহায়ত শ্লেজ গাড়ী চলোৱা হয়। 

৬। ছীল আৰু য়াকৰ বিষয়ে লিখা।

উঃ ছীল হ’ল বৰফৰ মাজত থকা এবিধ প্রাণী। ইহঁত বৰফত গাত খান্দি থাকে। ছীলে পানীতে সাঁতুৰিব পাৰে। সাগৰৰ মাছ ইহঁতৰ খাদ্য।

ঠাণ্ডা দেশৰ আন এবিধ প্রাণী হ’ল য়াক। ইহঁতৰ গাটো দীঘল দীঘল নোমেৰে আৱৰা ।

৭। মাছৰ দেহৰ গঠন চমুকৈ বর্ণনা কৰা। 

উঃ মাছৰ গাটো নাও এখনৰ দৰে। মূৰ আৰু নেজৰ ফালে ঠেক গাটো বহল।মাছৰ ঠেং নাই। ফিচাৰ সহায়ত মাছে পানীত সাতুৰিব পাৰে। মাছে ফুলৰ সহায়ত উশাহ লয়। সঘনে মুখ খন জপোৱা মেলা কৰি থাকে বাবে মাছৰ মুখেৰে পানী সোমাই ফুলেৰে ওলাই যায়। ফুলৰ মাজেৰে যোৱা পানীত থকা অক্সিজেন মাছে শুহি লয় । 

৮। বর্তমান পৃথিৱীত পোৱা আটাইতকৈ ডাঙৰ প্রাণীবিধ কি?

উঃ বর্তমান পৃথিৱীত পোৱা আটাইতকৈ ডাঙৰ প্রাণীবিধ হ’ল তিমি । ই এবিধ স্তন্যপায়ী প্রাণী। 

৯। সৰীসৃপ প্রাণী কাক বোলে ? 

উঃ মাটিত বগাই যাব পৰা প্ৰাণীক সৰীসৃপ প্রাণী বলে। যেনে – জেঠী, সাপ, ঘঁৰিয়াল আদি। 

১০। মাটিত গাত খান্দি বাস কৰা দুবিধ প্রাণীৰ নাম লিখা।

উঃ মাটিত গাত খান্দি বাস কৰা দুবিধ প্রাণী হ’ল কেঁচু, শহাপহু।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top