Niketan Class 4 Social Chapter 19 পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ

Niketan Class 4 Social Chapter 19 পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ, Sankardev Sishu Niketan Chapter 19 পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ

Chapter – 19

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : পথিৱীৰ আকাৰ কেনেকুৱা ? পৃথিৱীৰ আকাৰ কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ : পৃথিৱীৰ আকাৰ গোলাকাৰ। কিন্তু ইয়াৰ দুই মেৰু কিছু ভিতৰলৈ সোমোৱা। সেয়ে পৃথিৱীৰ আকাৰ এটা ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি। 

প্রশ্ন ২ : পৃথিৱীৰ আকাৰৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য প্রমাণ দাঙি ধৰা৷

উত্তৰ : পৃথিৱীখন যে গোলাকাৰ তাৰ তিনিটা নিৰ্ভৰযোগ্য প্ৰমাণ হৈছে—

(১) মহাকাশযানবোৰে পঠোৱা আলোকচিত্ৰবোৰত পৃথিৱীখন গোলাকাৰ দেখা গৈছে। গতিকে পৃথিৱীৰ আকাৰ গোলাকাৰ।

(২) চন্দ্ৰ গ্ৰহণৰ সময়ত পৃথিৱীৰ ছাঁটো ঘূৰণীয়া হৈ চন্দ্ৰৰ ওপৰত পৰে। পৃথিৱীখন গোলাকাৰ নহ’লে ছাঁটোও গোলাকাৰ নহ’লহেঁতেন।

(৩) পৃথিৱীৰ সকলো ঠাইত সূৰ্যৰ পোহৰ একে সময়তে নপৰে। পৃথিৱীখন গোলাকাৰ নোহোৱা হ’লে সূৰ্যৰ পোহৰ সকলো ঠাইতে একে সময়তে পৰিলেহেঁতেন।

প্রশ্ন ৩ : পৃথিৱীৰ আৱৰ্তন বা আহ্নিক গতি কাক বোলে? ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন লিখা।

উত্তৰ : পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি পশ্চিমৰ পৰা পূৰ্বলৈ সম্পূৰ্ণ এপাক ঘূৰা গতিটোক আৱর্তন বা আহ্নিক গতি বোলে।আহ্নিক গতিৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন হ’ল

(১) আহ্নিক গতিৰ বাবে পৃথিৱীত দিন আৰু ৰাতি হয়।পৃথিৱীখন যিহেতু গোলাকাৰ, সেয়ে ই নিজ মেরুদণ্ডত ঘুৰি থাকোতে যিটো অঞ্চলত সূৰ্যৰ পোহৰ পৰে তাত দিন হয় তার বিপৰীতফালে আন্ধাৰ, অর্থাৎ বাতি হয়।

(২) পৃথিৱীৰ আৱৰ্তন আহ্নিক গতিৰ বাবেই আমি সময়ৰ গণনা কৰিব পাৰোঁ। পৃথিৱীয়ে সম্পূর্ণ এবাৰ আৱৰ্তন কৰিবলৈ ২৪ ঘণ্টা সময় লয়। সুবিধাৰ বাবে ২৪ ঘণ্টাক ২৪ ভাগ কৰি প্ৰতি ভাগক এঘণ্টা বা ৬০ মিনিট, প্রতি মিনিটক ৬০ ছেকেণ্ড কৰি লোৱা হৈছে। সেইদৰে পৃথিৱীৰ আৱৰ্তনৰ বাবে দিনটোত আমি পুৱা, দুপৰীয়া, ‘সন্ধিয়া আদি বিভিন্ন ভাগ পাওঁ।

(৩) পৃথিৱীৰ আহ্নিক গতিৰ বাবেই ভূ-পৃষ্ঠৰ বতাহ আৰু সাগৰীয় সোঁতৰ দিশৰ পৰিৱৰ্তন হয়। উত্তৰ গোলাৰ্দ্ধত বতাহ আৰু সাগৰীয় সোঁত সোঁফালে আৰু দক্ষিণ গোলাৰ্দ্ধত বাওঁফালে ঘূৰে। 

প্রশ্ন ৪ : বার্ষিক গতি কাক বোলে আৰু ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰ : পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে এবছৰত এপাক ঘূৰা গতিটোক পৃথিৱীৰ পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলে। বাৰ্ষিক গতিৰ ফলত হোৱা দুটা পৰিৱৰ্তন হ’ল— 

(১) পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলতে দিন-ৰাতি চুটি-দীঘল হয়। পৃথিৱীৰ মেৰদণ্ডডাল ইয়াৰ কক্ষপথৰ সমতলৰ লগত ৬৬.৫ ডিগ্রী কোণ কৰি হেলনীয়া হৈ থকাৰ বাবে পৃথিৱীৰ সকলো অঞ্চলত সূৰ্যৰ পোহৰ সমানে নপৰে। গ্রীষ্মকালত পৃথিৱীৰ উত্তৰ গোলাৰ্দ্ধ সূৰ্যৰ ফালে ঢাল খায়, সেয়ে এই সময়ছোৱাত উত্তৰ গোলাৰ্দ্ধই অধিক সময় ধৰি সূৰ্যৰ পোহৰ পায়। সেইবাবেই উত্তর গোলাৰ্দ্ধত দিন দীঘল ৰাতি চুটি হয়। আনহাতে দক্ষিণ গোলাৰ্দ্ধত দিন চুটি বাতি দীঘল হয়। পুনৰ শীতকালি দক্ষিণ গোলাৰ্দ্ধ সূৰ্যৰ ফালে ঢাল খায় আৰু অধিক সময় সূৰ্যৰ পোহৰ পায়। এই সময়ছোৱাত দক্ষিণ গোলাৰ্দ্ধত দিন দীঘল ৰাতি চুটি হয়।

(২) দিন-ৰাতি চুটি-দীঘল হোৱাৰ দৰেই পৃথিৱীৰ বাৰ্ষিক গতিৰ বাবে ঋতু পৰিৱৰ্তন হয়। সেয়ে আমি বছৰটোৰ বিভিন্ন সময়ত গ্ৰীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এই ছটা ঋতু পাওঁ।

প্রশ্ন ৫ : এটা গোলক আঁকি তাত মেৰুব্যাস, দ্রাঘিমা ৰেখা, অক্ষৰেখা আৰু বিষুৱ ৰেখাৰ চিত্ৰ অংকন কৰা।

উত্তৰ :

এটা গোলক আঁকি তাত মেৰুব্যাস, দ্রাঘিমা ৰেখা, অক্ষৰেখা আৰু বিষুৱ ৰেখাৰ চিত্ৰ অংকন কৰা

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘অধিবর্ষ’ কাক বোলে ? 

উত্তৰ : প্রতি চাৰি বছৰৰ অন্তত ফেব্ৰুৱাৰী মাহত এটা দিন বঢ়াই লোৱা হয়। এইদৰে এদিন বঢ়াই লোৱা ৩৬৬ দিনীয়া বছৰবোৰক ‘অধিবর্ষ’ বোলা হয়।

প্রশ্ন ২ : বিষুৱীয় ব্যাস কাক বোলে ? ইয়াৰ দৈর্ঘ্য কিমান ?

উত্তৰ : আমাৰ প্রায় গোলাকাৰ পৃথিৱীখনত সোঁ মাজেদি পূবা-পশ্চিমাকৈ এডাল বেখা কল্পনা কৰা হৈছে। এই বেখাডালকে বিষুৱীয় ব্যাস বোলে। বিষুৱীয় ব্যাসৰ দৈর্ঘ্য ১২,৭৫৭ কিলোমিটাৰ।

প্রশ্ন ৩ : পৃথিৱীখনৰ পৰিধি কিমান ?

উত্তৰ : ৪০,০৬৭ কিলোমিটাৰ। 

প্রশ্ন ৪ : শতাংশৰ হিচাপত পৃথিৱীৰ উপৰিভাগৰ পানী আৰু মাটিৰ পৰিমাণ উল্লেখ কৰা।

উত্তৰ : পানী ৭১% আৰু মাটি ২৯% ৷

প্রশ্ন ৫ : দ্রাঘিমা বেখা কাক বোলে ?

উত্তৰ : উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু লগ লগাই পৃথিৱীৰ ওপৰেদি কল্পনা কৰি লোৱা ৰেখাবোৰক দ্রাঘিমা রেখা বোলে।

প্রশ্ন ৬ : অক্ষ ৰেখা কাক বোলে ?

উত্তৰ : বিযুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণত বিষুব্ধ ৰেখাৰপৰা সমান সমান দূৰত পৃথিৱীৰ ওপৰেদি কল্পনা কৰি লোৱা ৰেখাবোৰক অঙ্ক বেখা বোলে।

সানমিহলি প্রশ্নোত্তৰ

প্রশ্ন ১ : অসমত প্রতি বছৰে বানপানী হেৱোৰ প্ৰধান কাৰণ তিনিটা উল্লেখ কৰা। 

উত্তৰ: অসমত প্ৰতিবছৰ বানপানী হোৱাৰ প্ৰধান কাৰণ তিনিটা হৈছে―

(১) অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ উৎপত্তিস্থল পৰ্বত-পাহাৰ। এইবোৰে অসমৰ অধিকাংশ ঠাই আগুৰি আছে। উপনৈসমূহৰ দৈৰ্ঘ্য কম হোৱা বাবে পৰ্বত-পাহাৰৰ পৰা সজোৰে নামি অহা বৰষুণৰ পানীয়ে সহজে বানপানীৰ সৃষ্টি কৰে। 

(২) ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল সু-উচ্চ হিমালয় পর্বত।সুউচ্চ হিমালয়ৰ পৰা সজোৰে নামি অহা পানীয়ে ব্ৰহ্মপুত্ৰৰ একা-বেকা গতি পথৰ ভূ-ভাগ খহাই নদীৰ বুকু তৰাং কৰি বানপানীৰ সৃষ্টি কৰে।

(৩) মানুহে জধে-মধে গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত পৰ্বত-পাহাৰৰ মাটি নিতৌ খহিব ধৰিছে। বৰষুণৰ পানীয়ে এই মাটি উটুৱাই আনি নৈৰ বুকুত পেলায়। ফলত নৈবোৰ ক্ৰমে বাম হৈ পৰাৰ বাবে বানৰ প্ৰকোপ বছৰি বাঢ়ি যায়।

প্রশ্ন ২ : ভূমিকম্পৰ তীব্রতা কিহৰ সহায়েৰে জোখা হয় ? 

উত্তৰ : ভূকম্পলেখ (Seismograph)ৰ সহায়ত।

প্রশ্ন ৩ : অসমত হোৱা দুটা ডাঙৰ ভূমিকম্পৰ সময় উল্লেখ কৰা।

উত্তৰ : ১৮৯৭ আৰু ১৯৫০ চনত হোৱা ভূমিকম্প।

প্রশ্ন ৪ : আগ্নেয়গিৰিৰ উদ্‌গিৰণ বুলিলে কি বুজা ?

উত্তৰ : পৃথিৱীৰ অন্তৰ্ভাগত থকা অতি উত্তপ্ত গলিত পদার্থসমূহৰ লগতে জুই, ছাঁই, ধোঁৱা আদি কোনো কোনো সময়ত ওপৰৰ ভূ-খণ্ড ফালি প্ৰৱল বেগেৰে ওপৰলৈ ওলাই আহে; ইয়াকে আগ্নেয়গিৰিৰ উদ্‌গিৰণ বোলা হয়।

প্রশ্ন ৫ : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ?

উত্তৰ : ৩,১২,০৫,৫৭৬ জন।

প্রশ্ন ৬ : অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি ?

উত্তৰ : তিনিটা। সেইবোৰ হৈছে— 

(১) ব্রহ্মপুত্র উপত্যকা।

(২) বৰাক উপত্যকা।

(৩) উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং পার্বত্য অঞ্চল। 

প্রশ্ন ৭: ব্ৰহ্মপুত্ৰৰ তিনিখন উত্তৰ বাহিনী আৰু তিনিখন দক্ষিণ বাহিনী নৈৰ নাম লিখা।

উত্তৰ : উত্তৰ বাহিনী নৈ — কপিলী, কাকডোঙা, কিলিং।

দক্ষিণ বাহিনী নৈ — কালদিয়া, চাউলখোৱা, বেঁকী।

প্রশ্ন ৮ : ব্রহ্মপুত্র উপত্যকাত কেইখন জিলা অন্তর্ভুক্ত হৈছে ?

উত্তৰ : ২২ খন।

প্রশ্ন ৯ : বৰাক উপত্যকাৰ জিলা কেইখনৰ নাম লিখা।

উত্তৰ : কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি।

প্রশ্ন ১০ : উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : আমেৰিকাৰ অ’ৰভিপ্লে ৰাইট আৰু উইলবাৰ ৰাইট নামৰ 

প্রশ্ন ১১ : ডাক টিকট প্রথম কেতিয়া ব্যৱহাৰ হৈছিল ?

উত্তৰ : ১৮৪০ চনত।

প্রশ্ন ১২ : এখন পষেকীয়া আলোচনীৰ (অসমীয়া) নাম লিখা।

উত্তৰ : প্রান্তিক।

প্রশ্ন ১৩ : বানপানী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কি কি ব্যৱস্থা হাতত লয় ?

উত্তৰ : বানপানী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নদীৰ দুয়োপাৰে মথাউৰি দিয়া, নদীৰ উৎসৰ পৰা আৰম্ভ কৰি সমগ্ৰ উপত্যকাতে গছ-গছনি ৰোৱা, নদীৰ মাজভাগ মাজে সময়ে খন্দা আদি ব্যৱস্থা।

প্রশ্ন ১৪ : বড়ো আৰু মিচিংসকলে পালন কৰা প্রধান দুটা উৎসৱৰ নাম লিখা।

উত্তৰ : বাথৌ পূজা-আৰু আলি-আয়ে লৃগাং। 

প্রশ্ন ১৫ : অসমৰ দীৰ্ঘতম ৰে’ল সুৰংগটোৰ নাম কি আৰু ই কোন জিলাত অৱস্থিত ?

উত্তৰ : মাহুৰ। ই ডিমা-হাচাও জিলাত অৱস্থিত। 

প্রশ্ন ১৬ : ৰাজ্যিক আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মুৰব্বী দুজনক কি বোলে ?

উত্তৰ : ৰাজ্যিক মন্ত্ৰীসকলৰ মুৰব্বীজনক মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মুৰব্বীজনক প্রধানমন্ত্রী বোলে।

প্রশ্ন ১৭ : ভাৰতৰ দুখন নদীৰ নাম লিখা।

উত্তৰ : গংগা আৰু গোদাব্বী।

প্রশ্ন ১৮ : পনীয়া সোণ বুলিলে কি বুজা ? অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় ?

উত্তৰ : খাৰুৱা তেলক পনীয়া সোণ বুলি কোৱা হয়। খাৰুৱা তেল উৎপাদনত অসমে ভাৰতত শীৰ্ষস্থান দখল কৰি আছে। অসমৰ ডিগবৈ, নাহৰকটীয়া, হুগ্ৰীজান, দুলীয়াজান, গেলেকী, লাকুৱা, মৰাণ, ৰুদ্ৰসাগৰ, খোৰাওঘাট আৰু বৰাক উপত্যকাৰ কেইটামান অঞ্চলত খাৰুৱা তেল পোৱা যায়। খারুরা তেল উৎপাদনত অসম ভাৰতৰ ভিতৰতে চহকী বাবে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। 

প্রশ্ন ১৯ : টেলিভিছনৰ কেইটামান সুবিধা উল্লেখ কৰা।

উত্তৰ : টেলিভিছন হ’ল যোগাযোগ ব্যৱস্থাৰ এটা উন্নত আৰু শক্তিশালী মাধ্যম। ইয়াৰ সহায়ত আমি নিজ দেশৰ ভিন্‌ ভিন্‌ অঞ্চলৰ উপৰি পৃথিৱীৰ নানা দেশৰ বা বাতৰি, কলা-সংস্কৃতি, শিক্ষা, স্বাস্থ্য, কৃষি, শিল্প আদিৰ বিষয়ে জানিব পাৰো। পৃথিৱীৰ বিভিন্ন প্রান্তত ঘটি থকা বিশেষ ঘটনা, খেল-ধেমালি, বিশেষ অনুষ্ঠান আদিৰ পোনপটীয়া জীৱন্ত সম্প্ৰচাৰো টেলিভিছনযোগে দেখিবলৈ পোৱা যায়। টেলিভিছনৰ বিশেষ সুবিধা এই যে ইয়াৰ যোগেদি পৰিৱেশিত অনুষ্ঠানসমূহ ঘৰত বহিয়েই উপভোগ কৰিব পৰা যায়।

প্রশ্ন ২০ : অসমত ধুমুহা কেতিয়া হয় ?

উত্তৰ : অসমত সাধাৰণতে চ’ত-বহাগ মাহত ধুমুহা হয়। 

প্রশ্ন ২১ : ভাৰতৰ প্ৰাকৃতিক বিভাগৰ সাগৰৰ পাৰৰ উপকূল অঞ্চলত কি কি ৰাজ্য অন্তর্গত ?

উত্তৰ : উৰিষ্যা, অন্ধ্রপ্রদেশ, তামিলনাড়ু, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা।

প্রশ্ন ২২ : উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত জনবসতি কিয় ঘন ?

উত্তৰ : উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ মাজেৰে চিত্ৰপ্ৰৱাহমান ব্ৰহ্মপুত্ৰ, বৰাক, গংগা, যমুনা আদি প্ৰধান নদীৰ উপৰিও ইয়াৰ উপনৈসমূহ বৈ গৈ অঞ্চলটোৰ ভূমি ঊৰ্বৰ হোৱাত সহায় কৰিছে। এই অঞ্চলটোৰ মাটিভাগ সমান আৰু সাৰুৱা হোৱা “বাবে ইয়াত খেতি-বাতি ভাল হয়। মাটিভাগ সমান হোৱা বাবে যাতায়াত আৰু যোগাযোগ ব্যবস্থাও সুচল। ঘৰ-দুৱাৰ, উদ্যোগ আদি স্থাপন কৰিবলৈও সুবিধা হয়। সেইবাবেই এই অঞ্চলত জনবসতি ঘন।

প্রশ্ন ২৩ : পঞ্চায়ত মানে কি ?

উত্তৰ : ভাৰতৰ গাঁও অঞ্চলৰ শাসন আৰু উন্নয়নৰ বাবে গঠন কৰা স্থানীয় স্বায়ত্ত শাসনৰ গোটকেই পঞ্চায়ত বোলা হয়।

প্রশ্ন ২৪ : উদ্যোগৰ পৰা আমি লাভ কৰা সুবিধাসমূহ কি কি ?

উত্তৰ : উদ্যোগৰ পৰা আমি লাভ কৰা কিছুমান সুবিধা হৈছে উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো। উদ্যোগক জীৱিকা হিচাপে ল’ব পৰা যায়। উদ্যোগত উচ্চ পদস্থ বিষয়াৰ পৰা সাধাৰণ শ্রমিকলৈকে বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰয়োজন৷ গতিকে, ই কৰ্মসংস্থাপনৰ বাট মুকলি কৰে। উদ্যোগে মানুহৰ শাৰীৰিক শ্রম লাঘৱ কৰে। উদ্যোগত কম শ্ৰমেৰে কম সময়ত অধিক বস্তু উৎপাদন কৰিব পৰা যায়। ঘৰতে পৰি থকা ব্যৱহাৰৰ অযোগ্য বহুতো পেলনীয়া সামগ্ৰী কিছুমান উদ্যোগত কেঁচামাল হিচাপে ব্যৱহৃত হয়। তেনে সামগ্ৰীবোৰ বিক্ৰী কৰি অৰ্থ উপার্জন কৰিব পৰা যায়।

প্রশ্ন ২৫ : ৰোপণ খেতি কাক বোলে ?

উত্তৰ : পুলি ৰুই কৰা খেতিক ৰোপণ খেতি বোলে। 

প্রশ্ন ২৬ : প্ৰাণী সমাজৰ ভাৰসাম্য মানে ?

উত্তৰ : প্ৰকৃতিয়ে সদায় বিভিন্ন প্ৰজাতিৰ শ্ৰেণীৰ মাজত এক সমতা ৰক্ষা কৰি চলি থাকে। অর্থাৎ স্বাভাৱিক অৱস্থাত কোনো প্ৰজাতিৰে প্ৰাণীৰ সংখ্যা অতিপাত বাঢ়ি বা কমি নাযায়।এই অৱস্থাকে প্রাণী সমাজৰ ভাৰসাম্যতা বুলি কোৱা হয়। 

প্রশ্ন ২৭ : গছ-গছনিয়ে প্ৰদূষণ বোধ কৰাত কেনেদৰে সহায় কৰে ?

উত্তৰ : গছ-গছনিয়ে প্ৰাণীৰ উপযোগী অক্সিজেন গেছ বায়ুমণ্ডলত এৰি দিয়ে আৰু বায়ু প্ৰদূষিত কৰা, প্ৰাণীৰ বাবে অনিষ্টকাৰী কাৰ্বন-ডাই – অক্সাইড গেছ বায়ুমণ্ডলৰ পৰা শুহি লয় ৷ গছ-গছনিয়ে বৰষুণৰ পৰিমাণ বৃদ্ধি কৰে; বৰষুণে বায়ুত থকা দুষিত পদাৰ্থসমূহ ধুই নিকা কৰে।

প্রশ্ন ২৮ : অসমৰ পাঁচখন চাহ বাগিচাৰ নাম লিখা।

উত্তৰ : ডুমুনী, চিৰাজুলি, ঢেকীয়াজুলি, টোকোলাই, হেলেম। 

প্রশ্ন ২৯ : ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে আৰু নির্মীয়মান দলংকেইখন কি কি ?

উত্তৰ : তিনিখন— শৰাইঘাট দলং, নৰনাৰায়ণ সেতু আৰু কলিয়াভোমোৰা দলং। চতুৰ্থখন বগীবিলত আৰু পঞ্চমখন শৰাইঘাট দলঙৰ কাষতে নির্মীয়মান অৱস্থাত আছে।

প্রশ্ন ৩০ : পৰ্যটনৰ পৰা পোৱা পাঁচটা সুবিধা উল্লেখ কৰা।

উত্তৰ : পৰ্যটনৰ পৰা পোৱা পাঁচটা সুবিধা হৈছে— 

(১) পর্যটনে ভূগোল আৰু ইতিহাসৰ জ্ঞান বৃদ্ধি কৰে।

(২) মনত বিমল আনন্দ প্ৰদান কৰে।

(৩) বিভিন্ন ঠাইৰ মানুহৰ লগত ভাৱ-ভাষা আৰু সংস্কৃতিৰ আদান-প্রদান আৰু পৰিচয় হয়।

(৪) চৰকাৰৰ ৰাজহ বৃদ্ধি হয়।

(৫) ভিন্ন ঠাইৰ, ভিন্ন সংস্কৃতিৰ, ভিন্ন ধৰ্মৰ মানুহৰ মাজত বন্ধুত্বৰ সম্পৰ্ক বৃদ্ধি পায়।

প্রশ্ন ৩১ : বাঘ সংৰক্ষণ প্রকল্প কোন অভয়াৰণ্যত আছে ?

উত্তৰ : বাক্‌সা জিলাৰ মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত আছে। 

প্রশ্ন ৩২ : ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত কি পোৱা যায় ? 

উত্তৰ : দেওহাঁহ আৰু বনৰীয়া ঘোঁৰা পোৱা যায়। 

প্রশ্ন ৩৩ : ভাৰতৰ প্ৰথম তেল শোধনাগাৰ ক’ত আৰু কেতিয়া স্থাপন হৈছিল ? 

উত্তৰ : ডিগবৈত ১৯০১ চনত স্থাপন হৈছিল।

প্রশ্ন ৩৪ : অসমৰ চাৰিটা জনজাতীয় ভাষা আৰু চাৰিটা অজনজাতীয় ভাষাৰ নাম লিখা।

উত্তৰ : জনজাতীয় ভাষা — বড়ো, মিচিং, কাৰ্বি আৰু ৰাভা। 

অজনজাতীয় ভাষা — অসমীয়া, চাওঁতালী, হিন্দী, নেপালী।

প্রশ্ন ৩৫ : মণিপুৰৰ দুটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰ : মণিপুৰী আৰু কুকি ৷

প্রশ্ন ৩৬ : মেঘালয়ৰ দুটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰ : খাচী আৰু গাৰো।

প্রশ্ন ৩৭ : চাহ বাগিচাৰ বনুৱাসকলৰ প্ৰধান উৎসৱ কি ?

উত্তৰ : কৰ্ম আৰু টুছু পূজা। 

প্রশ্ন ৩৮ : শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) এখন ঠাইৰ জলবায়ু নিৰ্ণয় কৰিবলৈ ঠাইখন বতৰৰ অৱস্থা ১ বছৰ / ২ বছৰ/কেইবাবছৰ ধৰি লক্ষ্য কৰা হয়।

উত্তৰ : এখন ঠাইৰ জলবায়ু নিৰ্ণয় কৰিবলৈ ঠাইখন বতৰৰ অৱস্থা কেইবাবছৰ ধৰি লক্ষ্য কৰা হয়।

(খ) অসমৰ প্ৰধান শস্য ধান/ ঘেঁহু/মাহ।

উত্তৰ : অসমৰ প্ৰধান শস্য ধান।

(গ) অসমত বছৰটোৰ অধিক সময়/কম সময় সূৰ্যৰ পোহৰ প্ৰায় থিয়কৈ পৰে।

উত্তৰ : অসমত বছৰটোৰ অধিক সময় সূৰ্যৰ পোহৰ প্ৰায় থিয়কৈ পৰে।

(ঘ) ১২২৬/১২২৮/১৫২৪ খ্রীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন হয়। 

উত্তৰ : ১২২৮ খ্রীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন হয়।

(ঙ) ভাৰতবৰ্ষত বৰ্তমান সংবিধান স্বীকৃত ভাষা ১৮/২১/২২ টা।

উত্তৰ : ভাৰতবৰ্ষত বৰ্তমান সংবিধান স্বীকৃত ভাষা ২২ টা।

প্রশ্ন ৩৯ : কিয় বিখ্যাত লিখা–

গুৱাহাটী, শুৱালকুছি, ডিব্ৰুগড়, যোৰহাট, ডিগবৈ, নামৰূপ, ডিফু, শিলচৰ।

উত্তৰ : গুৱাহাটী : গুৱাহাটী অসমৰ প্ৰধান মহানগৰ। অসমৰ ৰাজধানী দিছপুৰ গুৱাহাটীৰ অন্তৰ্গত। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা বাণিজ্য আৰু চিকিৎসা সেৱাৰ প্রধান কেন্দ্ৰ। উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল গুৱাহাটীত কেইবাখনো বিশ্ববিদ্যালয়, বন মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, আভিযান্ত্রিক মহাবিদ্যালয়, ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানকে ধৰি বহুতো শিক্ষা প্রতিষ্ঠান আছে।

ইয়াৰ উপৰি আকাশবাণী কেন্দ্ৰ, দূৰদৰ্শন কেন্দ্ৰ, ৰাজ্যিক চিৰিয়াখানা, ৰাজ্যিক সংগ্রহালয়, তাৰকাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ ইত্যাদিও গুৱাহাটীত অৱস্থিত। কামাখ্যা, উমানন্দ, দৌলগোবিন্দ, মদন কামদেৱ, নৱগ্ৰহ আদি প্রসিদ্ধ তীর্থস্থান তথা পর্যটন স্থান গুৱাহাটী আৰু ইয়াৰ আশে-পাশে অবস্থিত। ইয়াৰ নিচেই ওচৰতে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে।

শুৱালকুছি : শুৱালকুছি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। ইয়াক বস্ত্ৰনগৰী বুলি কোৱা হয়। পাট-মুগাৰ বস্ত্ৰৰ উৎপাদন আৰু বাণিজ্য কেন্দ্ৰ। অসমৰ উপৰি বাহিৰতো শুৱালকুছিৰ বস্ত্ৰৰ বিশেষ সমাদৰ আছে। পাট-মুগাৰ বস্ত্ৰৰ উৎপাদন আৰু বাণিজ্য কেন্দ্ৰ হিচাপে শুৱালকুছি ঠাইখন বিখ্যাত।

ডিব্ৰুগড় : ডিব্ৰুগড় ব্রহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন প্রধান চহৰ। জিলাৰ সদৰ ঠাই। ইয়াত ডাঙৰ জাহাজঘাট, ৰে’ল ষ্টেচন আৰু ওচৰতে মোহনবাৰীত এটা বিমানকোঠ আছে। ইয়াৰ ওচৰে-পাজৰে বহুতো চাহ বাগিচা আছে। ইয়াত আকাশবাণী কেন্দ্ৰ, দূৰদৰ্শন কেন্দ্ৰ, অসম চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু এটা ৰেল মেৰামতি কৰা কাৰখানা আছে।

যোৰহাট : যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। জিলাখনৰ সদৰ ঠাই। যোৰহাট উজনি অসমৰ অন্যতম প্রসিদ্ধ ঠাই। যোৰহাটত আঞ্চলিক গৱেষণাগাৰ, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, বন গৱেষণা কেন্দ্র, অভিযান্ত্রিক মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, মহিলা বিশ্ববিদ্যালয় আদি আছে। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ইয়াতে অৱস্থিত। ইয়াৰ ওচৰৰে ৰৰৈয়াত এটা বিমানকোঠ আছে। ইয়াৰ আশে-পাশে বহুতো চাহ বাগান আছে।

ডিগবৈ : তিনিচুকীয়া জিলাত অৱস্থিত ডিগবৈ এখন প্রসিদ্ধ ঠাই। ডিগবৈত ‘পনীয়া সোণ’ খাৰুৱা তেলৰ পুং আছে। ১৯০১ চনত ডিগবৈত ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো স্থাপন হয়। প্রথম তেল শোধনাগাৰ স্থাপন হোৱা ঠাই হিচাপে ডিগবৈ গোটেই ভাৰততে জনাজাত।

নামৰূপ : নামৰূপ ডিব্ৰুগড় জিলাত অৱস্থিত। সাব কাৰখানাৰ বাবে নামৰূপ ঠাইখন বিখ্যাত। ইয়াত পেট্ট’-ৰাসায়ণিক উদ্যোগ, তাপবিদ্যুৎ কেন্দ্রেও আছে।

ডিফু : ডিফু কাৰ্বি আংলং জিলাত অবস্থিত আৰু জিলাখনৰ সদব স্থান। ইয়াত কফি গৱেষণা কেন্দ্ৰ আৰু প্লাইউডৰ কাৰখানা আছে।

শিলচৰ : অসমৰ দক্ষিণ অংশত অৱস্থিত শিলচৰ কাছাৰ জিলাৰ সদৰ ঠাই। গুৱাহাটীৰ পিছতে ই অসমৰ দ্বিতীয় বৃহৎ জনবহুল চহৰ। ই বৰাক উপত্যকাৰ বাণিজ্য আৰু যাতায়াতৰ কেন্দ্ৰস্থল। ইয়াত অসম বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, কুম্ভীৰগ্ৰাম নামৰ এটা বিমানবন্দৰ, এখন চিকিৎসা মহাবিদ্যালয়, আকাশবাণী কেন্দ্র, দূৰদৰ্শন কেন্দ্ৰ আদি আছে।

প্রশ্ন ৪০ : চমু টোকা লিখা—

সামাজিক বনানিকৰণ, ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক, অসমৰ কুটীৰ শিল্প, অসমৰ প্রাচীন কীৰ্তিচিহ্ন।

উত্তৰ : সামাজিক বনানিকৰণ : সামাজিক বনানিকৰণ এখন চৰকাৰী আঁচনি। পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছে। বায়ুমণ্ডল পৰিষ্কাৰকৈ ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল বৃক্ষৰোপণ। গছ-গছনিয়ে বায়ুত জীৱৰ উপযোগী অক্সিজেন গেছৰ পৰিমাণ বৃদ্ধি কৰে আৰু জীৱৰ অনিষ্টকাৰী কাৰ্বন-ডাই-অক্সাইড গেছ বায়ুৰ পৰা শুহি লয়। গছ-গছনিয়ে বৰষুণৰ পৰিমাণ বৃদ্ধি কৰে আৰু বৰষুণে বায়ুত থকা দূষিত পদার্থসমূহ ধুই নিকা কৰে। সেইবাবেই ৰাস্তাৰ দুয়ো দাঁতিত, নদীৰ উপত্যকা অঞ্চলত, চৰকাৰী মাটি তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদ আদিত সামাজিক বনানিকৰণ আঁচনিৰ জৰিয়তে চৰকাৰে বৃক্ষৰোপণৰ ব্যৱস্থা হাতত লৈছে। এই আঁচনিখন বানপানী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো সহায়ক হৈছে। উল্লেখযোগ্য যে সকলো স্তৰৰ মানুহৰ পৰাই এই আঁচনিখনে ব্যাপক সমৰ্থন লাভ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক : ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে অশোক স্তম্ভ। এই প্রতীকটো সাৰনাথত থকা এটি স্তম্ভৰপৰা লোৱা হৈছে। প্রতীকটোত এখন বেদীৰ ওপৰত পিঠিয়াপিঠিকৈ তিনিটা সিংহ আছে। প্ৰতিটো সিংহৰ তলতে একোটাকৈ চক্র আছে। এই চক্ৰটোক আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত মাজৰ বগা ৰংটোৰ সোঁমাজত ব্যৱহাৰ কৰা হৈছে। চক্ৰটোৰ বাঁওফালে এটা ঘোঁৰা আৰু সোঁফালে এটা ষাঁড় আছে। চক্ৰটোৰ ঠিক তলতে ‘সত্যমেৱ জয়তে’ বুলি এযাৰ বাণী লিখা আছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কামত এই ৰাষ্ট্ৰীয় প্রতীক চিহ্ন ব্যৱহাৰ কৰা হয়।

অসমৰ কুটীৰ শিল্প : প্রাচীন কালৰে পৰা অসম কুটীৰ শিল্পত চহকী। আহোমসকলৰ ৰাজত্বকালতো কুটীৰ শিল্পত তৈয়াৰী বস্তুৰ প্ৰমাণ পোৱা যায়। বর্তমান সময়তো অসমৰ কুটীৰ শিল্পৰ দেশ বিদেশত সুনাম থকাৰ উপৰি এনে শিল্পৰ ওপৰত নিৰ্ভৰ কৰি কিছুসংখ্যক লোকে জীৱিকা নির্বাহ কৰিবলৈ সক্ষম হৈছে। অসমৰ কিছুমান কুটীৰ শিল্প হ’ল— শুৱালকুছি আৰু ঢকুৱাখনাৰ বয়ন শিল্প, সৰ্থেবাৰীৰ কাঁহৰ শিল্প, হাজোৰ পিতল শিল্প, নলবাৰীৰ বাঁহ শিল্প, আশাৰীকান্দি, শালমৰা তিতাবৰৰ মৃৎ শিল্প, যোৰহাট, নগাঁও, বৰপেটাৰ গহনা শিল্প। ইয়াৰে কিছুমান কুটীৰ শিল্পই, বিশেষকৈ বয়ন শিল্প আৰু কাহ-পিতলৰ শিল্পই বৰ্তমান বজাৰত নকল বস্তুৰ পয়োভৰ আৰু কেঁচা সামগ্ৰীৰ নাটনি তথা অত্যধিক মূল্যবৃদ্ধিৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।

অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন : অসমত বহুতো প্রাচীন কীৰ্তিচিহ্ন আছে। বিশেষকৈ শিৱসাগৰ জিলাখন প্রাচীন কীৰ্তিচিহ্নৰে ভৰপৰ। ইয়াৰে কেইটিমান উল্লেখযোগ্য কীৰ্তিচিহ্ন হ’ল—চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম, শিৱসাগৰৰ শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, ৰংঘৰ, তলাতল ঘৰ, গোলাঘৰ, গড়গাঁৱৰ কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো। সেইদৰে কামৰূপ জিলাৰ মদন-কামদেৱ মন্দিৰ, উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলৰ শিলালিপি, গোৱালপাৰা জিলাৰ শ্ৰীসূর্য পাহাৰ, শোণিতপুৰ জিলাৰ অগ্নিগড়, ডিমা হাচাও জিলাৰ মাইবং, কাছাৰ জিলাৰ খাচপুৰৰ কছাৰী ৰজাৰ কীৰ্তিচিহ্ন, মৰিগাঁও জিলাৰ কাছশিলা শিলালিপি, গোলাঘাট জিলাৰ নুমলীগড়ৰ ওচৰৰ দেওপাহাৰ আদি একো একোটা উল্লেখযোগ্য প্রাচীন কীৰ্তিচিহ্ন। এই কীৰ্তিচিহ্নসমূহ অসমৰ বিভিন্ন ঠাইৰ পৰা যোৱা আৰু বাহিৰৰ পৰা অসমলৈ অহা পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্র বিন্দু।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top