Niketan Class 4 Social Chapter 18 সৌৰজগতৰ কথা

Niketan Class 4 Social Chapter 18 সৌৰজগতৰ কথা, Sankardev Sishu Niketan Chapter 18 সৌৰজগতৰ কথা Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

সৌৰজগতৰ কথা

Chapter – 18

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা প্রধান পার্থক্য কি ?

উত্তৰ : নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে। কিন্তু গ্ৰহৰ নিজা পোহৰ নাই, ই আনৰ পোহৰেৰে উজ্জ্বল হৈ থাকে- গ্ৰহ আৰু নক্ষত্ৰৰ মাজত এইটোৱেই প্ৰধান পার্থক্য।

প্রশ্ন ২ : সৌৰজগত কাক বোলে ?

উত্তৰ : সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে নিৰন্তৰ ঘূৰি থকা আঠোটা গ্রহ আৰু সেই গ্ৰহৰ উপগ্রহসমূহক লৈ যি পৰিয়ালৰ সৃষ্টি হৈছে, তাকেই সৌৰজগত বোলা হয়। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩ : মহাকর্ষণ শক্তি কি ?

উত্তৰ : নক্ষত্র, গ্রহ, উপগ্রহ আদিৰ পৰস্পৰে পৰস্পৰক কৰি থকা আকর্ষণক মহাকর্ষণ শক্তি বোলে। এই শক্তিৰ ফলতে গ্রহ, নক্ষত্র মহাকাশত ওপঙি থাকিব পাৰিছে।

প্রশ্ন ৪ : ৰঙাগ্ৰহ আৰু নীলা গ্রহ বুলি কোন কেইটা গ্ৰহক কোৱা হয় ?

উত্তৰ : মঙল গ্ৰহক ৰঙা গ্ৰহ আৰু আমাৰ পৃথিৱীখনক নীলা গ্রহ বুলি কোৱা হয় ৷

প্রশ্ন ৫ : সৌৰজগতৰ নতুনকৈ আৱিষ্কৃত গ্ৰহাণুকেইটাৰ নাম কি কি ?

উত্তৰ : চেৰণ, এৰিচ আৰু চেৰিচ। 

প্রশ্ন ৬ : প্লুটো গ্রহ হয়নে ?

উত্তৰ : নহয়। প্লুটোক ‘গ্রহাণু’ বোলা হৈছে। 

প্রশ্ন ৭ : সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো কি ?

উত্তৰ : নেপচুন।

প্রশ্ন ৮ : সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি ?

উত্তৰ : বুধ।

প্রশ্ন ৯ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি ?

উত্তৰ : বৃহস্পতি।

প্রশ্ন ১০ : চন্দ্ৰ গ্রহ নে উপগ্রহ ?

উত্তৰ : চন্দ্ৰ পৃথিৱীৰ উপগ্রহ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘গ্রহাণু’ কাক বোলে ?

উত্তৰ : সূৰ্যৰ চাৰিওফালে ঘূৰি থকা ক্ষুদ্র ক্ষুদ্ৰ জ্যোতিষ্কবোৰকে ‘গ্ৰহাণু’ বোলে। 

প্রশ্ন ২ : ‘গ্রহাণুপুঞ্জ’ কি ?

উত্তৰ : মহাকাশত মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ এটা থূপ আছে। এই থূপটোক ‘গ্রহাণুপুঞ্জ’ বোলা হয়।

প্রশ্ন ৩ : মহাকাশ বিজ্ঞানীসকলে প্লুটোতকৈও দূৰত সৌৰজগতৰ কনিষ্ঠতম গ্ৰহ এটা আবিষ্কৃত হৈছে বুলি দাবী কৰিছে।এই গ্রহটিৰ নাম কি ৰখা হৈছে ?

উত্তৰ : ছেডনা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top