নলিনীবালা দেৱী ৰচনা | Nalini Bala Devi Essay in Assamese

নলিনীবালা দেৱী ৰচনা | Nalini Bala Devi Essay in Assamese

অসমৰ কাব্যজগতৰ এটি প্রথিতযশা নাম

নলিনীবালা দেৱী। ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি, ‘অলকানন্দা’ আদি অনুপম কাব্য-গ্ৰন্থ ৰচনা কৰি তেখেতে আমাৰ সাহিত্য সু-সমৃদ্ধ কৰি গৈছে। ‘অলকানন্দা’ কাব্যৰ বাবে তেখেতে ১৯৬৮ চনত সাহিত্য-অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল।

নলিনীবালা দেৱী ৰচনা | Nalini Bala Devi Essay in Assamese

নলিনীবালা দেৱী ৰচনা | Nalini Bala Devi Essay in Assamese

Read Also: ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা | Dr. Bhabendra Nath Shaikia Essay in Assamese

মোৰ কি প্রিয়

কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বৰ জীয়াৰী নলিনীবালাৰ জন্ম হয় ১৮৯৮ চনত। তেওঁৰ মাতৃৰ নাম হেমন্তকুমাৰী দেৱী আৰু স্বামীৰ নাম জীৱেশ্বৰ চাংকাকতি। অকাল বৈধৱ্য্য আৰু দুটি পুত্ৰ-বিয়োগৰ নিৰ্মম আতব পাছত তেওঁ কাব্যচৰ্চাত আশ্রয় লয়। নলিনীবালা দেৱীৰ কবিতা মই ভাল পাওঁ। সেয়েহে তেওঁ মোৰ প্ৰিয় কৰি। তেওঁৰ কবিতা মই কিয় ভাল পাওঁ, তেওঁৰ কবিতাৰ বিশ্লেষণেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম।

মানুহৰ হৃদয় অনন্ত অনুভূতিৰ উৎস। অনুভূতি যেতিয়া উচ্ছ্বসিত হৈ ছন্দেবে ব শয়িত হয়, তেতিয়াই কবিতা নাম পায়। সেই কবিতাই যেতিয়াই আনব অনুভূতিক স্পর্শ কৰিব পাৰে, তেতিয়াই সি আনৰো আদৰণীয় হয়। এই ক্ষেত্ৰত কবিৰ “সন্ধিয়াৰ সুব”- গ্ৰন্থখনিৰ সম্পৰ্কত তলৰ মন্তব্যটি প্রণিধানযোগ্য- “জীৱনৰ বিশাল পটভূমিত সাহিত্যৰ সুন্দৰ্তম ফালটোৱে কাব্য। সেই কাব্যন ‘কেভাছ’ত অপৰূপ ৰূপকৰ দ্বাৰা পৰিব্যাপ্ত কৰিবলৈ গৈ তাত তেওঁ প্ৰাণৰ সমগ্ৰ আবেগ ঢালি আনি দিয়ে এটি অনুপম অনির্বাচনীয়তা। কবিৰ ধ্যান দৃষ্টিত দৃশ্য আৰু অদৃশ্য জগতে এটা পৰম ঐক্যব মাজেদি বিস্ময় বিমুগ্ধকৰ ৰূপত দেখা দিয়ে। সেইসকল কবিৰ কবিতা শান্ত, স্নিগ্ধ এটা সত্যৰ জ্যোতিৰ দ্বাৰা নিত্য উদ্ভাসিত; তেওঁৰ কবিতাৰ প্ৰাণবায়ু হ’ল আধ্যাত্মিকতা আৰু অতীন্দ্ৰিয় ভাবৰ তন্ময়তা। পৰিদৃশ্যমান জাগতিক বৈচিত্র্য বহুলতাৰ অন্তৰালত লুকাই থকা চিব শাশ্বত সুন্দৰৰ আৰাধনাই কবিৰ চূড়ান্ত কামনা।” প্রতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালায়ো সেই সুৰেৰেই কৈছে-  “সুন্দৰৰ আৰাধনা জীৱনৰ খেল।”

“সংসাৰৰ শোক-তাপ, সংসাৰৰ সুখ-সম্ভোগৰ দৰেই দুদিনীয়া; তাৰ অন্তত কোনো অজ্ঞাত জগতত, কোনো অজ্ঞাত ভৱিষ্যত আৰু কোনো অজ্ঞেয় পুৰুষৰ ওচৰত শান্তি আৰু সুখ দেদীপ্যমান হৈ আছে; লেখিকাৰ এই প্ৰগাঢ় বিশ্বাস আৰু প্ৰাঞ্জল আশাই অনেকৰ দুখ ক্লিষ্ট প্ৰাণত সান্ত্বনা দিব পাৰিব। আঙুৰ আকাংক্ষা লৈ তাপিত প্ৰাণে আকুল হৈ বিচাৰি ফুৰে-

“অ’ মোৰ পৰম প্রিয়,

তুমি ক’ত, তুমি ক’ত, ক’ত?”

সুন্দৰৰ অৰূপ ৰূপৰ জ্যোতিৰে উদ্ভাসি জীৱনৰ মোহনীয়তাকো অতিক্ৰম কৰি কবি-হৃদয় সেই অনন্ত জ্যোতিৰ সন্ধান পাবলৈ উদ্বাউল হৈ উঠে। নলিনীবালাৰ সন্ধিয়াৰ সুৰ গ্ৰন্থত তাৰেই সুৰ বাজি উঠিছে। কবিয়ে অনন্তজনৰ চৰণ ধিয়াই সেইবাবে ব্যাকুল হয়। তেতিয়া তেওঁ বুজি উঠে-

“জীৱনৰ প্ৰতি পাতে পাতে

অঁকা তযু চৰণৰ ৰেখা।”

তথাপি সংসাৰী মায়াই কবিক এনেভাৱে মোহান্ধ কবি ৰাখিছে যে সকলোবোৰ পাহৰি, দিগন্তৰ পাৰে পাৰে উৰি যোৱা নীড়-মুখী বিহংগৰ ৰিং শুনি উদাস হৈ পৰে আৰু সেয়েহে অশান্ত আত্মাই কোনোবা অচিন পাৰত নিজকে মিলাই নিব খোজে-

“দূৰণিৰ পখী জাকি উৰি যায় ৰিঙিয়াই

বিয়াকুল উদাসী সুৰত

প্ৰতিধ্বনি বাজে সুদূৰত৷

মোৰো এই পিঁজৰাৰ অশান্ত পখীটি দেখোঁ

মিলি যাব খোজে অনস্তত

অসীমৰ অচিন বাটত।”

নলিনীবালা দেৱী ৰহস্যবাদী কবি, তেওঁ জন্মান্তৰবাদত বিশ্বাসী। চিৰসুন্দৰৰ বাঞ্ছিত পৰম পদ লভিবলৈ ‘অপূৰ্ণ কৰ্মৰ ভাৰ বান্ধি লৈ’ কবি বাৰে বাৰে সংসাৰলৈ আহিছে। কবি আশাবাদী, তেওঁৰ এই যাত্ৰা মৰণকালত হ’লেও সাৰ্থক হ’বই। চিৰসুন্দৰৰ স’তে মিলনত তেওঁৰ জীৱন পূৰ্ণ হৈ উঠিব-

“চিতাগ্নি হোমাগ্নি হ’ব

সমীৰণ মলয় চন্দন;

সিদিনা সার্থক হ’ব।

পূৰ্ণ অৰ্ঘ্য, পুর্ণই জীৱন।”

কবিয়ে জানে যে জগতৰ প্ৰতিটো অণু-পৰমাণুৰ মাজতে ভগৱানৰ অস্তিত্ব নিহিত হৈ আছে। তথাপি গভীৰ আশ্বাস আৰু বিশ্বাসৰ মাজতো সন্দেহৰ অৱকাশ থাকি যায় জীৱনত ঘটি থকা বিপৰ্যয়বোৰ কাৰণেই। সেয়েহে-

“অন্তৰ বিদৰি নিতে

উঠে হাহাকাৰ বিৰহৰ

আছা তুমি, আছা তুমি ক’ত?”

কিন্তু এই ভাব খন্তেকীয়া। পিছ মুহূর্ততে কবি প্রকৃতিস্থ হৈ দেখে-

“তুমি জ্যোতি মই ৰেণু

হে অৰূপ! ৰূপৰ আলয়,

অনুৰূপ অনাদিত

তোমাতেই লীন হ’ম গৈ।”

আধ্যাত্মিক জগতত সুন্দৰৰ সন্ধান বিচাৰি ফুৰা কবিয়ে বাস্তৱ জীৱনত “জনমভূমিৰ” প্ৰতি থকা অপৰিসীম শ্রদ্ধা, প্ৰেম-প্রীতিকো ওজস্বী ভাষাৰে মানুহৰ অন্তৰ পৰশি যোৱাকৈ প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে মৰাৰ পাছতো মাতৃ-ভূমিৰ বুকুত ভাগৰুৱা আত্মাৰ জিৰণিৰ স্থল-বিৰিখ হৈ, পুৱতিৰ লগে লগে সুৱদি গীত গাই মাতৃভূমিক জগাই তুলিবলৈ পৰী হৈ, তৰাৰ দীপালীৰে মাতৃ-ভূমিৰ আঁৰতি কৰিবলৈ তৰা হৈ, নিতে মাতৃৰ চৰণ যুগল পখালিবলৈ নদী হৈ, মাতৃৰ শেঁতা পৰা ওঁঠত হাঁহি বিৰিঙাবলৈ, সোণালী মেঘ হৈ জন্ম ল’বলৈ বাঞ্ছা কৰিছে। কবিৰ কাৰণে জন্মভূমি-

“দুখীয়াৰ ভঙা পূঁজা

একোখনি তীর্থ তাত

একোখনি পুণ্যৰ আশ্ৰম….”

পুত্ৰশোকত ব্যথাতুৰা জননীৰ চিৰন্তন ব্যাকুল বেদনাময় অনুভূতিক কবিয়ে কেনে মর্মস্পশী ভাষাৰে প্ৰকাশ কৰিছে-

“ধেমালি সামৰি থৈ সন্ধিয়া পৰত

যোৱা তুমি কাৰ কাষলৈ?

ধূলি-বালি মচি কোনে মোৰ দৰে বাৰু

বুকুত সাৱটি তুলি লয়?”

এনে নিদাৰুণ শোকৰ মাজতো কবিয়ে এই বিশ্বাস হেৰুওৱা নাই যে আত্মা অমৰ আৰু আত্মাই আত্মাৰ অনুভূতি উপলব্ধি কৰিব পাৰে। সেয়েহে “পুতলীৰ” ওচৰত তেওঁ অনুৰোধ-

“আঙুলি মূৰত তুমি দিন লেখি লেখি

বাটলৈ একো বেলি চাবা,

সময় আহিলে মোৰ অচিনাকি বাট

তুমি আহি নিজে লৈ যাবা।”

“অলকানন্দা” গ্রন্থই সাহিত্য একাডেমিৰ দ্বাৰা পুৰস্কৃত হ’লেও আমি ক’ব লাগিব যে “সন্ধিয়াৰ সুৰ”হে ভাষাৰ লালিত্য, ছন্দৰ মাধুৰ্য, ভাৱৰ সুউচ্চ মুক্ত ধাৰাবাহিক স্পন্দনৰ ফালৰপৰা শ্রেষ্ঠতম কাব্য গ্রন্থ।

“সন্ধিয়াৰ সুৰ”ৰ বুকুত বাজি উঠা অনন্তজনৰ প্ৰতি গভীৰ বিশ্বাস আৰু তেওঁৰ চৰণত আত্ম-নিবেদনৰ সনম্ৰ সুৰ “সপোনৰ সুৰ” আৰু “অলকানন্দা”ৰ বুকুতো বাজি উঠিছে।

“সৃষ্টি আৰু মানৱত্ব

একেডালি সূতাতেই গঁথা

মানুহে আদিতে গালে

মানুহৰ পৰাণৰ কথা।

– সপোনৰ সুৰ

কবিৰ মতে কর্মফল মানুহে ভুগিবই লাগিব। সুখ-দুখ, ব্যথা-বেদনাও স্ৰষ্টাৰ নীতিৰে একোটা স্ফুলিংগ । বিশ্ব চলিছে সেই নীতি মানিয়েই।

“সুখ দুখ কৰ্ম্মফল

বন্ধা ধৰা নীতি জগতৰ

এনে বিশ্ব নীতি

চিৰন্তন মানুহ জন্মৰ ।

-বিচাৰ (সঃসুঃ)

ভগৱানে নিজেই মানুহক হঁহুৱাই, কাৰোবাক কন্দুৱাই, কাৰোবাৰ হিয়াত জুই জ্বলাই, নিজেই শান্তি পানী ঢালি সকলোকে পাহৰাই ৰাখে।

“কাৰোবা মুখত হাঁহি

চকু পানী কাৰোবা বোৱাই,

হিয়া জুৰি জুই জ্বালি

শান্তি ঢালি দিছা নুমুৱাই।” 

– বিচাৰ

আকৌ ভঙা আৰু গঢ়াকে লৈ মহাপ্ৰকৃতিৰ গতি চিৰ ধাৱমান; এই গতিৰ কেতিয়া আৰু ক’ত শেষ হ’ব এই প্রশ্নকে লৈ মানুহ ব্যাকুল।

“সেই আদি পাতনিৰে পৰা

বৈ আছে মহান নিয়তি

কোনে জানে কোন বা যুগত

ৰৈ যায় এই মহা গতি।”

– অতীত

মানৱ ধৰ্মত ক্ৰুৰতা নাই, কলুষ কালিমা নাই; আছে দয়া, ক্ষমা, প্রেম, প্রীতি, ধৈৰ্য আৰু সুবিচাৰ । আৰু আছে মানুহৰ অন্তৰত চিৰন্তন নাৰায়ণ। সেই বাবেই-

“প্রাণে প্রাণে জাগিল চেতনা

উঠিল মিলন সুৰ

সুৰে পালে গীতি

প্রাণে পালে প্রাণ।”

– কথা

“নাটঘৰ” ‘সপোনৰ সূৰ’ গ্ৰন্থৰ সৰ্বশ্রেষ্ঠ কবিতা কবিৰ বেদনাময় নিৰাশ বীণত বাজি উঠা এটি সকৰুণ ঝংকাৰ। সংসাৰ নাটঘৰত জনমে জনমে বিভিন্ন ৰূপত ভাও দি দিও অন্ত নপৰা জীৱনৰ ব্যথা-বেদনা, ব্যর্থতা, বিফলতাৰ-তদুপৰি পাই হেৰুওৱাৰ মৰ্মস্তুদ বেদনাৰ বিৰাট হুমুনিয়াহ কবিৰ বুকু ভেদি ওলাই আহি সকলোতেই অনিত্যতাৰ মোহজাল দেখিবলৈ পাইছে।

“কোন কাৰ জগতৰ            কোন কাৰ মৰমৰ

চকুৰ চিনাকি দুদিনৰ

সসীমৰ ৰূপৰেখা                  অসীমত বুৰ যাব

 খহি গলে জৰী মৰমৰ।”

‘অলকানন্দা’ৰ-গীত আৰু কবিতা সমূহতো চিৰ সুন্দৰৰ অনন্ত মহিমাৰ এটি অনাবিল আন প্ৰকাশেই প্ৰতিভাত হৈ উঠিছে। কবিৰ মতে জীৱন এটি আৱহ সঙ্গীত।

“জীৱন মাথোন এটি আৱহ সংগীত

 মই গীতিকাৰ।”

-বিশ্বসুৰ

এই আৱহ সংগীতৰ সুৰে কবিক উন্মনা কৰি এক শান্ত, স্নিগ্ধ আৰু বিমল আনন্দত উপনীত কৰিছে। জীৱনৰ গতি ছন্দৰ মধুৰতাখিনি কবিৰ কাৰণে আজন্ম প্ৰেৰণাৰ উৎস। পাৰ্থিৱ জগতখন অতিক্ৰম কৰি সেই বাবেই এক অপার্থির জ্যোতিৰ সন্ধানত কবিয়ে আত্মপ্ৰকাৰ কৰিছে। সেইবাবে কবিয়ে কৈছে-

“বিশ্বৰ সৌন্দৰ্য্য মই সুন্দৰৰ সুৰকাৰ।”

মুঠতে নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজত সুন্দৰৰ অপৰূপ সৌন্দৰ্যৰ মূৰ্ত প্রকাশ ঘটিছে। সেই সৌন্দৰ্যৰ মাজত বুৰ গৈ কবিয়ে তেওঁৰ অনন্ত ৰূপৰ লগত মিলি যাবলৈকে প্ৰয়াস কৰিছে। সেয়েহে তেওঁৰ সন্ধানতে তেওঁ আকুল-ব্যাকুল। কবিতাসমূহত ছন্দৰ মধুৰ লালিমা, ভাৱ আৰু অনুভূতিৰ দিগন্ত প্ৰসাৰী উচ্ছ্বসিত গতি; শব্দৰ মনোমোহা ৰূপায়ণ; সৰ্বতোপৰি হিন্দু সমাজৰ সনাতন আধ্যাত্মিকতাৰ নিবিড় পৰশে কবিতাসমূহত সাৰ্বজনীনতা সানি দিছে। সেয়েহে নলিনীবালা দেৱীৰ কবিতা মই ভাল পাওঁ আৰু সেয়েহে তেওঁ মোৰ প্ৰিয় কবি। 

Read Also: Class 11 Sociology Solution

সামৰণি

চিৰ দুখিনী এইগৰাকী কবিয়ে জীৱনৰ সকলো কামনা-বাসনা, আশা-আকাঙ্ক্ষা অনন্ত জনৰ চৰণতে অৰ্পণ কৰি তেওঁৰ অনন্ত জ্যোতিৰ স’তে ৰেণু ৰূপে মিলি যাবলৈকে অনন্ত প্ৰয়াস কৰিছিল। তেওঁৰ স্বৰ্গীয় আত্মাই সেই অনন্তজ্যোতিৰ লগত বিলীন হৈ পৰম্পদ লাভ কৰক এয়ে কামনা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top