ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা | Dr. Bhabendra Nath Shaikia Essay in Assamese

ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা | Dr. Bhabendra Nath Shaikia Essay in Assamese

Join Telegram channel

এই বিশ্বলৈ যুগে যুগে অনেক লোকৰ আগমন ঘটিছে আৰু স্ব-কৰ্মেৰে ইয়াৰে কিয়দাংশ লোকে নিজৰ নাম যাউতিযুগীয়া কৰি থৈ গৈছে। সাহিত্যৰ জগতখনৰ কথা আৰু সুকীয়া ৷ মেধা আৰু প্ৰজ্ঞাৰ সাধনাৰে সাহিত্যৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰি যোৱা সাহিত্যিকৰ সংখ্যা বিশ্বত এতিয়াও যথেষ্ট নহয়। প্রাত্যহিক জীৱনৰ দুখ-দুর্দশা, হতাশা, প্ৰত্যাহ্বানক হেলাৰঙে জয় কৰি যাৰ কলমে উপহাৰ দিছে শ্রেষ্ঠতম সাহিত্য তেওঁৱেই শ্রেষ্ঠ সাহিত্যিক। তেওঁৰ সাহিত্য কালজয়ী, অক্ষয়, অব্যয়। এনে একোগৰাকী সাহিত্যিকেই হৈ পৰে পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা | Dr. Bhabendra Nath Shaikia Essay in Assamese

মোৰ প্ৰিয় সাহিত্যিকগৰাকী হৈছে এই যুগৰ অন্যতম পুৰোধা ড’ ভবেন্দ্ৰনাথ শইকীয়া৷ অসমীয়া সাহিত্য জগতৰ কীৰ্তিত্তপ্তস্বৰূপ ড° শ‍ইকীয়াৰ সূক্ষ্মবোধ, স্বকীয় ভাব আৰু ৰীতি, মনস্তাত্বিক বিচাৰ-বিশ্লেষণ আৰু মানৱতাবাদী জীৱনদৰ্শনে মোক গভীৰভাৱে আকৃষ্ট কৰি আহিছে। সেয়ে মোৰ প্ৰিয় সাহিত্যিকৰ আসনখনত তেওঁক বহুৱাই গৌৰৱ অনুভৱ কৰিছো। কেৱল মোৰ বাবেই নহয়, অসমৰ কণ কণ শিশুৰ পৰা অশীতিপৰ বৃদ্ধলৈকে সকলোৰে বাবে তেওঁৰ সাহিত্য বিশেষভাৱে সমাদৃত। অসমৰ সাহিত্য-সংস্কৃতি, চলচ্চিত্র, সাংবাদিকতা- এই আটাইবোৰ দিশলৈকে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সোণসেৰীয়া অৱদানৰ কথা কোনেও পাহৰিব নোৱাৰিব।

জন্ম | Birth

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনা, নগাঁৱৰ ফৌজাদাৰী পট্টিত। পিতৃ বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শ‍ইকীয়া। পিতৃ নগাঁও মোক্তাব স্কুলৰ শিক্ষক হোৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা।

শিক্ষা, কর্মসংস্থান বিবাহ

ভবেন্দ্ৰনাথ শইকীয়াই ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সেই কলেজৰ পৰাই ১৯৫২ চনত পদার্থবিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ বি. এছ. ছি. ডিগ্রী লাভ কৰে। ১৯৫৫-৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেছিডেন্সি কলেজৰপৰা পদার্থবিজ্ঞানত দ্বিতীয় শ্রেণী সহ স্নাতকোত্তৰ ডিগ্ৰী লয়। ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰপৰা উল্লিখিত বিষয়ত গৱেষণা কৰি পি. এইচ. ডি আৰু একে বছৰতে লণ্ডনৰ ইম্পেৰিয়ল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ ডিপ্লমা লাভ কৰে।

শিক্ষা সমাপ্ত কৰি ড° ভবেন্দ্ৰনাথ শইকীয়াই শিৱসাগৰ কলেজত পদার্থবিজ্ঞানৰ প্ৰবক্তা হিচাপে প্রথম কৰ্মজীৱনৰ পাতনি মেলে। পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰে। তদুপৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাত পাঠ্যপুথি প্ৰণয়নৰ সনন্বয়ৰক্ষী সমিতিৰ সচিব আৰু গুৱাহাটীৰ ৰেল সেৱা আয়োগৰ অধ্যক্ষ ৰূপেও নিযুক্ত হৈছিল। ১৯৬৫ চনত তেওঁ প্ৰীতি শ‍ইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুটি কন্যা সন্তান সংগীতা আৰু ৰশ্মি।

Read Also: ড° ভূপেন হাজৰিকা ৰচনা | Dr. Bhupen Hazarika Essay in Assamese

সাহিত্যিক প্রতিভা

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰ আছিল বিস্তৃতভাৱে পৰিব্যাপ্ত পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত ‘পথ নিৰূপণ’ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্ৰথম প্ৰৱেশ কৰা ভৱেন্দ্ৰনাথ শইকীয়াই পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে। ড° শইকীয়াই ১৯৪৭ চনৰ পৰা গল্পকাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পৰা অৰ্দ্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটি প্ৰৱৰ্তিত কৰে। তেওঁৰ গল্পসমূহত প্রাত্যহিক জীৱনৰ সৰু-বৰ ঘটনাৰ সৰস বৰ্ণনা, চৰিত্ৰৰ নিখুঁত ৰূপায়ণ, পৰিৱেশ আৰু পৰিস্থিতিৰ যথাযথ উপস্থাপনৰ বাবে সকলো শ্ৰেণীৰ পাঠকৰ বাবে সুখপাঠ্য হৈ পৰে। ‘সেন্দূৰ’‘গহ্বৰ’, ‘শৃংখল’, ‘এন্দুৰ’, ‘প্ৰহৰী’ আদি গল্পৰ ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰিব? ড° শ‍ইকীয়াৰ প্ৰথম গল্প সংকলন ‘প্ৰহৰী’ কে মুখ্য কৰি কেবাখনো গল্প-সংকলন ইতিমধ্যে প্রকাশ পাইছে। সেয়া হ’ল- ‘প্ৰহৰী’, ‘বৃন্দাবন’, ‘গহ্বৰ’, ‘সেন্দূৰ’, ‘শৃংখল’, ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প’ (গল্প সংগ্ৰহ), ‘তৰংগ’, ‘আকাশ’, (নেশ্যনেল বুক ট্ৰাষ্ট) ‘এই বন্দৰৰ আবেলি’, ‘উপকণ্ঠ’ আৰু ‘সান্ধ্যভ্রমণ”। ইয়াৰে ‘শৃংখল’ নামৰ গল্প সংকলনটিৰ বাবে তেওঁ ১৯৭৬ চনৰ ‘সাহিত্য অকাডেমী বঁটা লাভ কৰে। হিন্দী আৰু বাংলা ভাষাত নেশ্যনেল বুক ট্রাষ্টে প্রকাশ কৰা ‘আকাশ’ আৰু ভাবতী জ্ঞানপীঠে হিন্দী ভাষাত প্ৰকাশ কৰা ‘ঢলান কি বেলা’ চুটিগল্প সংকলনে সমগ্ৰ ভাৰততে সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।

দুই-চাৰিটামান পদ্য আৰু চুটিগল্প ৰচনাৰ পিছতে ভবেন্দ্ৰনাথ শইকীয়াই মেট্রিক পৰীক্ষা দি উঠাৰ আজৰি সময়ছোৱাত ‘আতংকৰ শেষত’ নামৰ ডিটেক্টিভ উপন্যাস লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে। ১৯৫২ চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায়। তেওঁৰ সামাজিক উপন্যাস দুখন ‘অন্তৰীপ’ আৰু ‘ৰম্যভূমি’। এই কেইখন উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাসৰ ইতিহাসত ড° শইকীয়াই নিজা এডোখৰ ঠাই উলিয়াই ল’বলৈ সক্ষম হ’ল।

অসমীয়া শিশু-সাহিত্যলৈ ড° শ‍ইকীয়াৰ অৱদান অনস্বীকার্য। বিশেষকৈ শিশু আৰু কিশোৰৰ উপযোগী ‘মৰমৰ দেউতা’, ‘তোমালোকৰ ভাল হওক’, ‘শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট’, ‘মহাদুষ্টৰ’ দুই বুদ্ধি’ আদি গ্ৰন্থৰ বাবেই তেওঁ স্মৰণীয় হৈ ৰ’ব। ‘‘সঁফুৰা’ নামৰ শিশু আলোচনীখনৰ সম্পাদনা তেওঁৰ জীৱনৰ এক বিশেষ কীর্তিস্তম্ভ।

অসমৰ ভ্ৰাম্যমাণ নাট্যজগতত ড° ভবেন্দ্রনাথ শইকীয়া আছিল মহীৰূহস্বৰূপ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ ২০০১ চনলৈকে ২৬ খন নাটক ৰচনা কৰিছিল। ১৯৮১-৮২ চনত ‘ৰামধেনু’ নাটকৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত প্ৰৱেশ কৰা ড° শ‍ইকীয়াৰ কেইখনমান মঞ্চসফল নাট- ‘গহ্বৰ’, ‘দীনবন্ধু’, ‘বৃন্দাবন’, ‘আম্রপালি’, ‘বিষকুম্ভ’, ‘জন্মভূমি’, ‘সমুদ্র মন্থন’, ‘ৰম্যভূমি’, ‘গধূলি’, ‘এজাক জোনাকীৰ জিলমিল’, ‘পুতলা নাচ’, ‘বাওনা’, ‘অৱৰোধ’ আদি নাটক বিশেষভাৱে সমাদৃত।

ড° ভবেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ’ নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত ‘কোলাহল’, ‘দুর্ভিক্ষ’, ‘ইতিহাস’, ‘জোনাকীৰ বিয়া’, আৰু ‘দেউতা, শিশু উপযোগী শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট, আদি ধাৰাবাহিক আকাশবাণীৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত হৈছে। পিছলৈ ডিব্ৰুগড় কেন্দ্ৰৰ পৰাও তেখেতৰ নাটসমূহ প্ৰচাৰিত হয়। নাট্যকাৰ অৰুণ শৰ্মাই আকাশবাণী যোগে প্ৰচাৰিত আঢ়ৈকুৰি নাটকৰ সংকলন ‘অনাতাঁৰ নাট্যাৱলী’ত ড° শ‍ইকীয়াৰ ‘জংঘল’ নাটকখনিও সন্নিবিষ্ট হৈছে।

চলচ্চিত্র নির্মাণ

অসমীয়া চলচ্চিত্র জগতত ড° ভবেন্দ্ৰনাথ শইকীয়াৰ নাম প্ৰাতঃস্মৰণীয় হৈ ৰ’ব৷ ‘সতী বেউলা’ নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া ড° শইকীয়াই সন্ধ্যাৰাগ ‘অনির্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবৰ্তন’, ‘ইতিহাস’ আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’, নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্র জগতলৈ জোৱাৰ আনে। ‘এন্দুৰ’ গল্পৰ আধাৰত ‘কোলাহল’, ‘অন্তৰীপ’ উপন্যাসৰ চিত্ৰনাট্য ‘অগ্নিস্নান’, ‘ফাউণ্ডেচন’ গল্পৰ আধাৰত নিৰ্মিত ‘সাৰথি’ চলচ্চিত্ৰৰ কাহিনীয়ে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বাস্তৱধৰ্মিতা আৰু প্ৰকাশভংগীৰ সৰলতা, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তীয় জীৱনৰ প্ৰতিফলন হোৱাৰ বাবে আটাই কেইখন চলচ্চিত্রকে দৰ্শকে আগ্ৰহেৰে আঁকোৱালি লোৱাটো সাফল্যৰ বিষয়। উল্লেখযোগ্য যে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ চলচ্চিত্ৰই শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা আৰু ‘সন্ধ্যাৰাগ’ ‘অনির্বাণ’, ‘কোলাহল’, ‘আৱৰ্তন’, ‘ইতিহাস’ আৰু ‘সাৰথি’ চলচ্চিত্ৰই ৰজত কমল বঁটা লাভ কৰে।

ড° ভবেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ প্ৰজ্ঞা আৰু সাধনাৰ দস্তাবেজ স্বৰূপ ‘প্রান্তিক’ৰ বাবে পিতামহ স্বৰূপ৷ আজিও প্রান্তিকৰ ‘শেষ পৃষ্ঠা’ই ড’ শ‍ইকীয়াক জীয়াই ৰাখিছে। অসমৰ প্ৰতি ঘৰে ঘৰে পষেকীয়া ‘প্রান্তিক’ আলোচনীয়ে সমাদৃত হোৱাৰ মূলতে হ’ল ড° ভবেন্দ্ৰনাথ শইকীয়া। ১৯৮৩ চনত জন্ম লাভ কৰা শিশু আলোচনী ‘সঁফুৰা’ৰ সাফল্যৰ মূলতো এইজনা পুৰোধা জড়িত। নির্ভুল আখৰ- জোটনিৰ বাবেও দুয়োখন আলোচনী জনপ্রিয় ।

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী ‘জীৱন বৃত্ত’ত সন্নিবিষ্ট হৈছে তেওঁৰ জীৱনৰ দীঘ আৰু বাণি ৷ ‘কৰ্মই ধৰ্ম’ এই বাণীক সাৰোগত কৰি দুৰাৰোগ্য ব্যাধিকো হেলাৰঙে উপেক্ষা কৰি তেওঁ কেৱল সাহিত্য-সংস্কৃতিৰ নীৰৱ সাধনা কৰি গ’ল। নিপীড়িত, উপেক্ষিত, সর্বহাৰাৰ বাবে ‘আৰোহণ’ৰ নিৰ্মাণ কাৰ্য্যত ৰত হৈ দেখুৱালে অন্য এক উদাৰতাৰ দৃষ্টান্ত।

গুৱাহাটীৰ বেলতলা স্থিত ‘আৰোহণ’ এতিয়াও তেখতক সোঁৱৰাই দিয়ে। আৰোহণ’ত এটি শিশু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে গুৱাহাটীৰ বেলতলাত ‘আৰোহণ’ নামৰ এটি শিশু ন্যাস প্ৰতিষ্ঠা কৰা হৈছে। য’ত শিশুৰ বাবে সকলোধৰণৰ উপযোগিতা উপলদ্ধ কৰা হৈছে।

বঁটা, সন্মান

সুযোগ্য পুৰুষে লাভ কৰা সন্মানৰ সীমা সংখ্যা নাই। এই জনা বিদ্ব্যত্ পুৰুষেও বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে বিভূষিত হৈ আহিছিল। সংগীত নাটক একাডেমি’, সাহিত্য অকাডেমীৰ কাৰ্যকৰী আৰু সাধাৰণ পৰিষদ’, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সন্মানীয় সদস্য, জ্যোতি চিত্ৰবনৰ সভাপতি, অসম ৰাজ্যিক চলচ্চিত্র নিগম লিমিটেডৰ অধ্যক্ষ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি ৰূপে কাৰ্য নিৰ্বাহ কৰি ভাৰত তথা অসমৰ কলা-সাহিত্য-সংস্কৃতিৰ মঞ্চ জীপাল কৰি তুলিছিল।

১৯৮১ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াক বংগীয় সাহিত্য পৰিষদে কলকাতাৰ সাহিত্যিক ‘হৰনাথ ঘোষ বঁটা’, ১৯৯০ চনত মেগৰ শৈক্ষিক ন্যাসে ‘অসম উপত্যকা বঁটা’, ১৯৯৮ চনত অসম চৰকাৰে অসমৰ সৰ্বোচ্চ সন্মান ‘শ্ৰীমন্ত শংকৰদেৱ বঁটা’ আগবঢ়ায়। ২০০১ চনত এইজনা প্ৰজ্ঞাৰ সাধকক ‘পদ্মশ্রী’ সন্মানেৰে বিভূষিত কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলচ্চিত্ৰ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা হীৰামূলীয়া অৱদানৰ বাবে ২০০১ চনৰ ১৮ অক্টোবৰৰ দিনা অনুষ্ঠিত অষ্টম সমাৱৰ্তনত ডি. লিট উপাধিৰে সন্মানিত কৰে।

Read Also: Class 8 Science Solution

সামৰণি

ড° ভবেন্দ্ৰনাথ শইকীয়া কেৱল ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। বটবৃক্ষৰ দৰে অসমীয়া সাহিত্য সংস্কৃতিক ছাঁ দি থকা ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰে মই শৈশৱৰেপৰা প্ৰভাৱান্বিত হৈ আহিছো । কুৰি শতিকাৰ এজন শ্রেষ্ঠ অসমীয়া ড° ভবেন্দ্ৰনাথ শইকীয়াক মোৰ প্ৰিয় সাহিত্যিক ৰূপে ক’বলৈ পাই সঁচাকৈয়ে মই নিজকে ধন্য মানিছোঁ। এজন জীৱন শিল্পী, প্রতিভাশালী অথচ নিৰহংকাৰী, সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতিভুৰূপে ড° শ‍ইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বর্ণিল বাট কাটিবলৈ সক্ষম হ’ল। এনে এক মহাজীৱনৰ মহাপ্রয়াণ হ’লেও তেওঁক উত্তৰ পুৰুষে সদায় মনত ৰাখিব।

1 thought on “ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা | Dr. Bhabendra Nath Shaikia Essay in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top