Mental Health Issues Unit 5 Yoga for Mental Health

Mental Health Issues Unit 5 Yoga for Mental Health Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Mental Health Issues Unit 5 Yoga for Mental Health to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Mental Health Issues Unit Unit 5 Yoga for Mental Health Question Answer can be of great value to excel in the examination.

Mental Health Issues Unit Unit 5 Yoga for Mental Health

Join Telegram channel

Mental Health Issues Unit Unit 5 Yoga for Mental Health Notes cover all the exercise questions in UGC Syllabus. The Mental Health Issues Unit Unit 5 Yoga for Mental Health provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Yoga for Mental Health

EDUCATION

MENTAL HEALTH ISSUES

মানসিক স্বাস্থ্যৰ বিচাৰ্য বিষয়সমূহ

Q.1. যুগদর্শনৰ মূলনীত এটি উল্লেখ কৰা?

উত্তৰঃ যুগদর্শনৰ হৈছে বিশ্ব,মানুহ আৰু মানৱীয় সম্পৰ্কৰ লগত জড়িত ঘটনা, কাৰ্যকলাপ আৰু বাস্তৱতাৰ বিশ্লেষণ।

Q.2. সত্ত্ব কি?

উত্তৰঃ সত্ত্ব শব্দটোৱেই যিহেতু সৎ শব্দৰ পৰা আহিছে সেয়েহে ইয়াৰ অৰ্থও হৈছে দোষমুক্ত কৰি তোলা।সত্ত্ব গুণত সাধুতা বা দয়া, উজ্জ্বলতা,প্ৰসন্নতা আদিবোৰ জড়িত থাকে যিয়ে ব্যক্তিসকলৰ মাজত প্ৰীতি ,সুখ,আনন্দৰ সৃষ্টি কৰে।ছান্দোগ্য উপনিষদৰ মতে ইয়াৰ ৰং হৈছে বগা।

সত্বই বিকাশ লাভ কৰা যিকোনো বস্তু বা প্ৰাণীসমূহৰ পূৰ্ণতা লাভ কৰা আকৃতিটোক বুজায়।যিয়ে পৰিৱৰ্তন আৰু উদ্বমুখী গতিশীলতা তথা নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰাত বাহক আৰু সুখ-শান্তি, সন্তোষ আশীৰ্বাদ আদি প্ৰদান কৰে।

Q.3. ৰজ কি?

উত্তৰঃ ৰজ গুণৰ লগত গতি, কাৰ্য্য, আৰামহীনতা, আৱেগ আদি জড়িত হৈ থাকে যিয়ে ব্যক্তিৰ মাজত দুখ,কষ্ট আদিৰ সৃষ্টি কৰে।এই গুণৰ মূলতে হ’ল প্ৰবৃত্তি, যিয়ে মানুহৰ মনৰ সচেতন আৰু অচেতন এই দুয়োবিধ বস্তুৰে কার্য প্ৰণালীক নিৰ্দেশ কৰে।ছান্দোগ্য উপনিষদৰ মতে ইয়াৰ ৰং হৈছে ৰঙা।

মুঠৰ ওপৰত ৰজৰ স্থান হৈছে সত্ত্ব গুণৰ পিছত।ৰজৰ গুণে সত্ত্ব গুণত নিৰ্দেশ কৰা পূৰ্ণ আকৃতিৰ বস্তুটোক সকলো বাধা বিঘনি নেওচি উদ্ভাসিত কৰি তোলাৰ শক্তিক বুজায়।

Q.4. তম কি?

উত্তৰঃ তমই তমসা আন্ধাৰক বুজাইছে।এই তম গুণৰ লগত বিৰাগ,উদাহীনতা, অৱজ্ঞা, এলেহুৱা, লেহেমীয়া,খেলিমেলি, নিৰাশা, বিয়োগাত্মক মনোভাৱ, বিবুদ্ধি আদিবোৰ জড়িত হৈ থাকে।ছান্দোগ্য উপনিষদৰ মতে ইয়াৰ ৰং হৈছে ক’লা।

Q.5. পুৰুষ আৰু প্ৰকৃতিৰ দুটা পাৰ্থক্য লিখা?

উত্তৰঃ পুৰুষ আৰু প্ৰকৃতিৰ মাজত পৰিলক্ষিত দুটা পাৰ্থক্যসমূহৰ হ’ল- 

(১) পুৰুষ হৈছে সচেতন প্ৰক্ৰিয়া।ইয়াত প্ৰত্যকজন পুৰুষে যিকোনো কাম কৰোতে সচেতন হৈ থাকে।সচেতনতাই হৈছে পূৰুষৰ  বৈশিষ্ট্য যিয়ে প্ৰকৃতিৰ পৰা নিজকে পৃথক ৰূপে প্ৰতিষ্ঠিত কৰা দেখা যায়।

আনহাতে প্ৰকৃতি হৈছে অচেতন প্ৰক্ৰিয়া।ইয়াত প্ৰকৃতিয়ে অচেতনভাৱে কাৰ্য সম্পাদন কৰা দেখা যায়।এই অচেতনতাই প্ৰকৃতিক পুৰুষৰ পৰা পৃথক কৰে।

(২) পুৰুষ হৈছে নিস্ক্ৰিয় আৰু অপৰিবৰ্তনীয় পুৰুষ নিস্ক্ৰিয় হৈ থাকে আৰু ই সময়ে সময়ে পৰিৱৰ্তন হৈ নাথাকে।সেয়েহে ইয়াক অপৰিবৰ্তনীয় বুলি আখ্যা দিয়া হয়।অৰ্থাৎ ইয়াত সাল-সলনি হোৱা স্থিৰতা বিৰাজ কৰা দেখিবলৈ পোৱা যায়।

Q.6. চমুটোকা লিখা?

(ক) যোগ আৰু ব্যক্তিত্বৰ দৈহিক দিশ।

উত্তৰঃ দৈহিক উপাদানসমুহ আমাৰ দেহৰ লগত সম্পৰ্কিত ।

আমাৰ দেশৰ প্ৰত্যকটো অংগ-পতঙ্গ আৰু পদ্ধতিসমূহৰ সুস্থ বিকাশ সাধনত যোগ বা যোগভ্যাসে সহায় কৰে।ই আমাৰ শৰীৰটোক ৰো”}ত্বপূৰ্ণ ভূমিকা পালন কৰে।তদুপৰি আসন আৰু প্রানায়ামে দেহৰ ক্ৰিয়াকলপসমূহক উন্নতি সাধনত সহায় কৰে।

যোগাভ্যাসে ব্যক্তিৰ উচ্চতা আৰু ওজন বৃদ্ধিত সহায় কৰাৰ লগতে শিশুসকলৰ পেশী সঞ্চালন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ শৰীৰ সঞ্চালনমূলক ক্রিয়া কলাপ সম্পাদন কৰিবৰ বাবে উপযুক্ত হৈ উঠে।ইয়াৰ উপৰিও পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন, ৰক্তচাপ আদি স্বভাৱিক কৰি ৰখাত সহায় কৰে।

ব্যক্তিত্বৰ দৈহিক দিশ বুলি কওঁতে নিম্নলিখিত দিশ কেইটা পৰিলক্ষিত হয়।

(ক) যোগভ্যাসে শিশু তথা ব্যক্তিৰ দ্ৰুত দৈহিক বিকাশ সাধনত সহায় কৰে।

(খ) যোগভ্যাসে শিশু তথা ব্যক্তিৰ গঠন সুন্দৰ ৰূপত গঢ়ি তোলাত সহায় কৰে।

(গ) যোগে শিশু তথা ব্যক্তিসকলৰ দৈহিক অংগ প্ৰতংগৰ কৰ্মক্ষমতা বৃদ্ধি কৰি তোলাত সহায় কৰে।

(ঘ) যোগে শিশুসকলক আকৰ্ষণীয় ব্যক্তি হিচাপে গঢ়ি তোলে।

(ঙ) যোগে শিশুসকল শাৰীৰিক শক্তি বৃদ্ধি কৰি তোলাৰ লগে লগে স্বাস্থ্যৰ প্ৰতি সচেতন কৰি তোলাত সহায় কৰে।

(চ) যোগে ব্যক্তিসকলৰ মাংসপেশী সবল,সুঠাম আৰু শক্তিশালী কৰি তোলাত সহায় কৰে।

(ছ) যোগে ব্যক্তিৰ পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন ক্ষমতা,ৰক্তচাপ আদিক স্বাভাৱিক অৱস্থাত ৰখাত সহায় কৰে।

(খ) যোগ আৰু ব্যক্তিত্বৰ আবেগিক দিশ।

উত্তৰঃ যোগ বায়োগভ্যাসে আবেগিক দিশৰ বিকাশ সাধনৰ ক্ষেত্ৰটো সহায় কৰে।যোগভ্যাসে আবেগিক দিশ যেনে আৱেগ-অনুভূতি মনোভাৱ আদিসমূহৰ সুস্থ বিকাশ সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে।এই ক্ষেত্ৰত আমি দুই ধৰণৰ আৱেগ থকা দেখিবলৈ পাওঁ।ইতিবাচক বা ধনাত্মক আৱেগ আৰু নেতিবাচক বা খনাত্মক আৱেগ।মৰম ভালপোৱা স্নেহ আদি ধণাত্মক আৱেগৰ ভিতৰত পৰে আৰু খং,ভয় আদি নেতিবাচক বা ঋণাত্মক আৱেগৰ শাৰীত পৰে।আবেগিক দিশৰ বিকাশ সাধনৰ বাবে ইতিবাচক মনোভাবসমূহক নিয়ন্ত্ৰণ কৰিব লগা হয়।যোগে ইতিবাচক আবেগিক দিশৰ বিকাশ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ই আবেগিক স্থিৰতা বজাই ৰাখে।লগতে নেতিবাচক আবেগিক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।যোগভ্যাস যেনে য়ম বা য়ম,নিয়ম,আসন, প্রানায়াম,প্ৰত্যহাৰ, ধ্যান আদি হৈছে আবেগিক ব্যৱস্থাপনাৰ অংশ।

যোগে আৱেগিক দিশৰ বিকাশ সাধনত নিম্নলিখিত ধৰণেৰে সহায় কৰে।

(ক) যোগে শিশু তথা সুস্থ সমায়োজনত সহায় কৰিব পাৰে।

(খ) যোগে নেতিবাচক আৱেগ অনুভূতি যেনে নিৰাশা, হতাশা, খং,ভয় আদিবোৰক নিয়ন্ত্ৰণ কৰি সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰে।

(গ) যোগে অপৰাধ প্ৰৱণতা,উগ্ৰবাদিতা,বিচ্ছিনতাবাদিতা ইত্যাদিৰ দৰে সমস্যা সমুহ সমাধান কৰাত সহায় কৰে।

(গ) যোগ আৰু ব্যক্তিত্বৰ বৌদ্ধিক দিশ।

উত্তৰঃ বৌদ্ধিক দিশৰ বিকাশ সাধন বুলি কওঁতে আমাৰ মানসিক যোগ্যতা আৰু প্ৰক্ৰিয়া যেনে চিন্তণ ক্ষমতা,স্মৃতি শক্তি,প্ৰহনেন্দ্ৰিয়,সিদ্ধান্ত গ্ৰহণ, কল্পনা শক্তি, সজনক্ষমতা, আদিক বুজায়।নতুন নতুন কথা শিকা,জ্ঞান আৰু কৌশল আহৰণৰ বাবে বৌদ্ধিক দিশৰ বিকাশ সাধন হোৱাটো নিতান্তই প্ৰয়োজন।যোগভ্যাস যেনে আসন,প্ৰণায়াম আদিয়ে বৌদ্ধিক দিশৰ বিকাশ সাধন কৰি যিকোনো বিষয়বস্তুৰ ওপৰত গভীৰ মনযোগ দিয়াত আৰু স্মৃতি কার্য শক্তিশালী কৰাত সহায় কৰে।যোগে ব্যক্তিত্বৰ বৌদ্ধিক দিশৰ লগত তুলত উল্লেখ কৰা দিশসমূহৰ ধৰণেৰে জড়িত হৈ থকা দেখা যায়।

(ক) যোগে ব্যক্তিৰ মানসিক শক্তি ক্ষমতাসমুহক পৈণত অৱস্থা লাভ কৰাত সহায় কৰে।

(খ) যোগে ব্যক্তিসকলৰ চিন্তা, যুক্তি, বিচাৰ শক্তি,কল্পনা শক্তি,ৰোধ শক্তি আদিৰ যথোপযুক্ত বিকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰে।

(গ) যোগে ব্যক্তিৰ স্মৃতি শক্তি মনযোগ ক্ষমতা,গঠণাত্মক কল্পনা আদি মানসিক শক্তিবোৰক সবল কৰি তোলাত সহায় কৰে।

উত্তৰঃ ব্যক্তিত্বৰ আধ্যাত্মিক দিশসমূহ ব্যক্তিৰ মূল্যবোধৰ বিকাশ সাধনৰ লগত জড়িত হৈ থাকে।আধ্যাত্মিক দিশৰ বিকাশ সাধনে ব্যক্তিসকলক নিজকে শুদ্ধ তথা ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰে।উপযুক্ত আধ্যাত্মিক দিশৰ বিকাশ সাধনে শুদ্ধ-অশুদ্ধ, ন্যায়-অন্যায় বিচাৰ বিবেচনা কৰি আত্ম উপলব্ধি কৰাত সহায় কৰে।আধ্যাত্মিক দিশৰ বিকাশৰ বাবে য়ম,নিয়ম,প্ৰত্যহাৰ আৰু ধ্যান আদি যোগভ্যাসৰ প্ৰয়োজন হয়।যোগ আৰু ব্যক্তিত্ব আধ্যাত্মিক দিশৰ মাজত নিম্নলিখিত ধৰণেৰে সম্পৰ্ক থকা দেখা যায়।

(ক) যোগে ব্যক্তিসকলৰ মানসিক চিন্তাধাৰাক বিকশিত কৰি উন্নীত কৰাত সহায় কৰে।

(খ) যোগভ্যাসে ব্যক্তিৰ জীৱন যাত্ৰাৰ প্ৰণালীৰ উন্নতি সাধনত সহায় কৰে।

(গ) যোগভ্যাসে ব্যক্তিসকলৰ দৈহিক বল শক্তি,মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস আদি গঢ়ি তোলে।যিয়ে অসম্ভৱ কামকো সম্ভৱ কৰি তোলাৰ বাবে প্ৰেৰণা যোগায়।

(ঘ) ইয়াৰ ফলস্বৰূপে শিশু তথা ব্যক্তিসকল সজাগ আৰু সচেতন হৈ উঠে।

(ঙ) যোগে শিশু তথা ব্যক্তিৰ আত্মমূল্যয়ন তথা আত্মঅধ্যয়ন কৰাত সহায় কৰে।

(ঙ) যোগ আৰু ব্যক্তিত্বৰ সামাজিক দিশ।

উত্তৰঃ শৈশৱ কালত সামাজিক বিকাশ সাধনৰ বাবে প্ৰথমতে পৰিয়ালৰ লোকসকলৰ মাজত সামাজিকীকৰণ হোৱাটো নিতান্তই বাঞ্ছনীয়।এই ক্ষেত্ৰত মাক-দেউতাক, বাই-ভনী, ককাক-আইতাক আদি উল্লেখযোগ্য।পৰিয়ালৰ পিছতেই সমাজিকীকৰনৰ ক্ষেত্ৰত প্ৰভাৱ পেলাই সমনীয়া, ওচৰ চুবুৰীয়া, সমাজ আদিয়ে।ইয়াৰ বাবে শিশুসকলে বিভিন্নজনৰ লগত সস্পৰ্শলৈ আহি সকলোৰে লগত মিলা প্ৰীতিৰে থাকি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়।এই ক্ষেত্ৰত যোগভ্যাসে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।যোগে পৰিয়াল,বন্ধুবৰ্গ,বা সমনীয়া, শিক্ষক, অন্যান্য ব্যক্তি আদি সকলোৰে লগত এটা ভাল সম্পৰ্ক ৰক্ষা কৰিব পৰাকৈ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে।

Q.7. যোগ বা যোগভ্যাস কি ?

উত্তৰঃ যোগ শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে।যাক অসমীয়া ভাষাত কোৱা হয় যোগ কৰা, জোৰা লগোৱা বা সংযোগ ঘটোৱা বুজোৱা হয়।এক কথাত ক’বলৈ গলে যোগৰ প্ৰধান উদ্দেশ্যটোৰে হৈছে জীৱাত্মা আৰু বিশ্বজনীন আত্মাক সংযোগ সাধন কৰা।শ্ৰী মদভাগৱত গীতাত যোগৰ অৰ্থ বেলেগ ধৰণেৰে ব্যখ্যা কৰা দেখিবলৈ পোৱা যায়।গীতাত স্পষ্টভাৱে উল্লেখ আছে যে যোগ হৈছে মনৰ এক সৰ্ব্বোচ্চ অৱস্থা আৰু এই অৱস্থাত সৰ্বাধিক কষ্টয়ো মনক সামান্যভাৱে হলেও তলাব নোৱাৰে।এনে ধৰণৰ এটা অৱস্থা প্ৰাপ্তি হ’বৰ বাবেই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিছে।যোগৰ অৰ্থ সম্পৰ্কত পতঞ্জলিৰ লিখনিতো ব্যখ্যা থকা দেখা পোৱা যায়।ইয়াত উল্লেখ আছে যে শৰীৰ,ইন্দ্ৰিয় সমূহ আৰু মনক উপযুক্তভাৱে নিয়ন্ত্ৰণ কৰি আধ্যাত্মিক প্ৰচেষ্টাৰ জৰিয়তে সম্পূৰ্ণতা লাভ কৰিবলৈ চেষ্টা চলোৱা হয়।যোগ হৈছে এক অতি গুৰুত্বপূৰ্ণ বিষয় যোগে আমাৰ দেহৰ আভ্যন্তৰীণ শক্তি সমূহক বিকশাই তোলাৰ ক্ষেত্ৰত সহায় কৰে।তদুপৰি আত্ম উপলব্ধিৰ ক্ষেত্ৰতো সহায় কৰে।

Q.8. যোগভ্যাসৰ দৃষ্টিত স্বাস্থ্যৰ এটি ধাৰণা দিয়া?

উত্তৰঃ(ক)পতঞ্জলি দৰ্শনে ব্যক্তিসকলৰ মানসিক জগতখনক সক্রিয় আৰু শান্তিপূৰ্ণভাৱে ৰখা অৱস্থাটোকে স্বাস্থ্য বুলি আখ্যা দিছে।

(খ) যোগে  ব্যক্তিসকলে বসবাস কৰা পৰিবেশ টোৱে তেওঁলোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাৱা কথা উল্লেখ কৰিছে।সুস্থ পৰিবেশে সুস্থ স্বাস্থ্য আৰু অসুস্থ পৰিবেশে অসুস্থ স্বাস্থ্য গঢ়ি তোলে।

(গ) স্বাস্থ্যৱান লোকসকলে পৰিৱৰ্তনশীল পৰিবেশ পৰিস্থিতিৰ সৈতে ভালদৰে খাপ খাব পাৰে।

(ঘ) স্বাস্থ্যৱান ব্যক্তিসকলে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় ক্ৰিয়া-কলাপ সমূহ সুন্দৰভাৱে সম্পাদন কৰিব পাৰে।

(ঙ) ব্যক্তিসকলৰ আভ্যন্তৰীণ ক্ৰিয়া কলাপ যেনে শ্বাস-প্রশ্বাস, 

ৰক্ত সঞ্চালন আদি কাৰ্যসমূহ ভালদৰে পৰিচালিত হয়।

(চ) খং,ঈৰ্ষা, হিংসা, অন্যায় আদিৰ দৰে নেতিবাচক আবেগসমূহক নিয়ন্ত্ৰণ কৰি মানসিক শান্তিয়ে বিৰাজ কৰা দেখা যায়।

(ছ) ব্যক্তিসকলে বিভিন্ন ৰোগ ব্যাধি আদিৰ পৰা মুক্ত হৈ থকা দেখা যায়।

Q.9. মানসিক স্বাস্থ্য উন্নতি সাধনত প্ৰণায়ামৰ ভূমিকা আলোচনা কৰা?

উত্তৰঃ (ক) খংৰ পৰিমাণ হ্ৰাস : খং হৈছে এক নেতিবাচক আৱেগ।খঙে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বিকাশত হেঙাৰ স্বৰূপে থিয় দিয়ে।অতিমাত্ৰা খঙাল প্ৰকৃতিৰ ব্যক্তিয়ে যিকোনো পৰিস্থিতিতে সহজে মিলিব নোৱাৰে।বহু লোকে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱাও উদাহৰণ আমি দেখিবলৈ পাওঁ।এই খঙক কমাবলৈ বা হ্ৰাস কৰিবলৈ দৈনিক প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে।কিয়নো প্ৰণায়মে ব্যক্তিৰ খং কমোৱাত বা হ্ৰাস কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে।

(খ) হতাশা দুৰ কৰা : হতাশা হৈছে ব্যক্তিৰ এই নেতিবাচক আৱেগ।হতাশাত ভোগা ব্যক্তিসকলে কেতিয়াও ভাল চিন্তা-চৰ্চা কৰা, ভাল আচৰণ প্ৰদৰ্শন কৰা, মুঠৰ ওপৰত কোনো এটা কামেই ভালদৰে সম্পাদন কৰিব নোৱাৰে।এই হতাশা জন্ম হয় সাধাৰণতে যেতিয়া ব্যক্তিসকলে বিচৰা ধৰনেৰে কোনো ক্ষেত্ৰত সফল হ’ব নোৱাৰে।এই হতাশা আকৌ হতাশা বৃদ্ধি কৰি নিয়াতহে সহায় কৰে।গতিকে এই হতাশাক নিয়ন্ত্ৰণ কৰিব বাবে দূৰ কৰিবৰ বাবে দৈনিক প্ৰাণায়ম কৰাৰ অভ্যাস গঢ়িব লাগে।প্ৰানায়ামহে ব্যক্তিসকলৰ মনৰ পৰা হতাশা দূৰ কৰি সফলতা পথ অগ্ৰসৰ হোৱাত সহায় কৰে।

(গ) মানসিক বিশ্ৰাম : ব্যক্তিসকলে বিভিন্ন কাম-কাজসমূহ সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে মানসিক বিশ্ৰামৰ  প্ৰয়োজন হয়।শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মানসিক বিশ্ৰামৰ বিশেষকৈ প্ৰয়োজন।তেওঁলোকে একেৰাহে  শিক্ষণীয় বিষয়বস্তুসমূহ অধ্যয়ন কৰি থকাৰ পিছত ভাগৰ অনুভৱ কৰে।আনকি কেতিয়াবা এনে অৱস্থা প্ৰাপ্ত হয় যে তেওঁলোকে কি পঢ়ি আছে তাকে কব নোৱাৰা হয়।পঢ়াৰ কথাবোৰ মনত ৰাখিব নোৱাৰে ।এই সকলোবোৰ সমস্যা সমাধান কৰিবৰ বাবে মানসিক বিশ্ৰামৰ প্ৰয়োজন হয় আৰু মানসিক বিশ্ৰাম পাবৰ বাবে বা মনটোক বিশ্ৰামত ৰখাৰ ক্ষেত্ৰত প্ৰাণায়ামে বিশেষভাৱে সহায় কৰে।সেয়েহে শিক্ষাৰ্থীৰ অৱস্থাৰ পৰাই দৈনিক প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে।

(ঘ) স্নায়ুতন্তৰক সুৰক্ষিতকৰণ : স্নায়ুতন্তই হৈছে ব্যক্তিৰ শৰীৰৰ আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ অংশ।যিয়ে দেহৰ সকলোবিলাক ক্ৰিয়াকলাপ নিয়ন্ত্ৰিত আৰু পৰিচালিত কৰে।সেয়েহে এই স্নায়ুতন্ত্ৰসমূহ সুৰক্ষিত হৈ থকাটো অতিকৈ প্ৰয়োজন।প্ৰণায়ামে স্নায়ু তন্ত্ৰসমূহক সুৰক্ষিত কৰি ৰখাত বহু পৰিমাণে সহায় কৰে।গতিকে সৰুৰেপৰাই শিশুসকলক প্ৰণায়ামৰ গুৰুত্ব উপলব্ধি কৰাই প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে।

(ঙ) শ্বাস প্রশ্বাস নিয়ন্ত্ৰণ : প্ৰণায়ামৰ অৰ্থই হৈছে শ্বাস প্রশ্বাস নিয়ন্ত্ৰণ কৰা।অৰ্থাৎ প্ৰণায়ামে পুৰক,কুম্ভক আৰু ৰেচকৰ মাজেৰে শ্বাস প্রশ্বাস কাৰ্যক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।পুৰকে উশাহ ভিতৰলৈ নিয়াত,কুম্ভকে এক নিৰ্দিষ্ট সময়লৈকে ভিতৰত সংৰক্ষণ কৰাত আৰু ৰেচকে নিৰ্দিষ্ট নিয়ম অনুসৰি উশাহত বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।

(চ) মানসিক হেঁচা,চিন্তা আৰু উদ্বেগ দূৰ কৰা : প্ৰণায়ামে মানুহৰ হাওঁফাওঁক সুস্থ কৰি ৰখাত সহায় কৰে আৰু ই শ্বাসৰোগীসকলৰ বাবেও উপযোগী।শ্বাসৰোগীসকলৰ উশাহ নিশাহ লোৱাত কষ্ট হয়।বহু শ্বাসৰোগী লোক মৃত্যু মুখতো পৰা দেখা যায়।গতিকে শ্বাস প্রশ্বাস প্ৰক্ৰিয়াটোক প্ৰণায়ামৰ সহায়ত নিয়ন্ত্ৰন কৰিব পৰা যায়।তদুপৰি হাওঁফাওঁকো সুস্থ কৰি ৰখাত সহায় কৰে।

Q.10. যোগদর্শনৰ তাত্ত্বিক ভিত্তি সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ যোগদৰ্শনৰ তাত্ত্বিক ভিত্তি হৈছে সাংখ্য দৰ্শনৰ মূল তত্ত্ব’পুৰুষ’আৰু প্ৰকৃতি ‘।ইয়াত পূৰুষে জ্ঞাতাক আৰু প্ৰকৃতিয়ে জ্ঞেয়ক সূচাইছে।গতিকে যি জানিব পাৰে তেৱেঁই হৈছে পুৰুষ আৰু যাক জানিব পাৰি সিয়েই হৈছে প্ৰকৃতি।অৰ্থাৎ পুৰুষ মানে হৈছে ব্যক্তি আৰু প্ৰকৃতি মানে হৈছে বস্তু বা বিষয়।জগতখন অংসধ্য পুৰুষ আৰু সদা সক্রিয় প্ৰকৃতিৰ পৰা সৃষ্টি, ই কোনো ঈশ্বৰৰ সৃষ্টি নহয় বুলি সাংখ্য দৰ্শনৰ উল্লেখ আছে।

সাংখ্যৰ পুৰুষৰ  ধাৰণাৰ সৈতে উপনিষদৰ আত্মাক ধাৰণা প্ৰায় মিল থকা দেখিবলৈ পোৱা যায়।আত্মাৰ যিদৰে আদি, অন্ত আৰু গুণ নাই ঠিক সেইদৰে পুৰুষৰো কোনো আদি,অন্ত আৰু গুণ নাই।কিন্তু প্ৰকৃতি হৈছে সত্ত্ব।ৰজ আৰু তম এই গুণৰ দ্বাৰা গঠিত।এইকেইটাক কেতিয়াও পৃথক কৰিব নোৱাৰি।এই তিনিটা গুণৰ উপাদান হিচাপে প্ৰকৃতিৰ প্ৰত্যকটো বস্তুতে থকা দেখিবলৈ পোৱা যায়।

সত্ত্ব: সত্ত্ব শব্দটোৱেই যিহেতু সৎ শব্দৰ পৰা আহিছে সেয়েহে ইয়াৰ অৰ্থও হৈছে দোষমুক্ত কৰি তোলা।সত্ত্ব গুণত সাধুতা বা দয়া, উজ্জ্বলতা,প্ৰসন্নতা ,আদিবোৰ জড়িত থাকে যিয়ে ব্যক্তিসকলৰ মাজত প্ৰীতি,সুখ,আনন্দৰ সৃষ্টি কৰে।ছান্দ্যোগ্য উপনিষদৰ মতে ইয়াৰ ৰং হৈছে বগা।

সত্বই বিকাশ লাভ কৰা যিকোনো বস্তু বা প্ৰাণীসমূহৰ পূৰ্ণতা লাভ কৰা আকৃতিটোক বুজায়।যিয়ে পৰিৱৰ্তন বা উদ্বমুখী গতিশীলতা তথা নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰাত বাহক আৰু সুখ-শান্তি, সন্তোষ আশীৰ্বাদ আদি প্ৰদান কৰে।ৰজ :  ৰজ গুণৰ লগত গতি, কাৰ্য্য,আৰামহীনতা, আৱেগ আদি জড়িত হৈ থাকে যিয়ে ব্যক্তিৰ মাজত সুখ ,কষ্ট আদিৰ সৃষ্টি কৰে।এই গুণৰ মূলতে হ’ল প্ৰবৃত্তি, যিয়ে মানুহৰ মনৰ সচেতন আৰু অচেতন এই দুয়োবিধ বস্তুৰে কার্য প্ৰণালীক নিৰ্দেশ কৰে।ছান্দোগ্য উপনিষদৰ মতে ইয়াৰ ৰং হৈছে ৰঙা।

মুঠৰ ওপৰত ৰজৰ স্থান হৈছে সত্ত্ব গুণৰ পিছত।ৰজৰ গুণৰ সত্ত্ব শুনত নিৰ্দেশ কৰা পূৰ্ণ আকৃতিৰ বস্তুটোক সকলো বাধা বিঘনি নেওচি উদ্ভাৱন কৰি তোলাৰ কৰি তোলাৰ শক্তিক বুজায়।

তম : তমই তমসা বা আন্ধাৰক বুজাইছে।এই তম গুণৰ লগত বিৰাগ,উদাহীনতা, অৱজ্ঞা, এলেহুৱা, লেহেমীয়া, খেলিমেলি, নিৰাশা, বিয়োগাত্মক মনোভাৱ, বিবুদ্ধি আদিবোৰ জড়িত হৈ থাকে।ছান্দোগ্য উপনিষদৰ মতে ইয়াৰ ৰং হৈছে ক’লা।

একাদিক্ৰমে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে তমৰ স্থান হৈছে সন্ত ৰজৰ পিছত।গতিকে এই তম গুণে পূৰ্ণতা লাভ কৰা বস্তু বা প্ৰাণী সমূহৰ আকৃতিটোক উপলব্ধি কৰি উঠিবৰ বাবে চলোৱা প্ৰচেষ্টাৰ ক্ষেত্ৰত যিবিলাক বাধা বিঘনি প্ৰতিবন্ধকতা আহি পৰে সেইসমূহক নিৰ্দেশ কৰে।প্ৰকৃতিত থকা প্রতিটো বস্তুটো সত্ত্ব,ৰজ আৰু তম এই তিনিওটা গুনক প্ৰকৃতিৰ বস্তুসমূহৰ বিদ্যমান বুলি আখ্যা দিয়া হয়।ইয়াৰ এটা গুণো যদি কেনেবাকৈ নাথাকে তেতিয়া প্ৰকৃতিৰ বস্তুসমূহ অসম্পূৰ্ণ।উদাহণস্বৰূপে ,ভাতৰ ৰান্ধোতে যিদৰে চাউল,পানী আৰু জুই আদি অংগাঙ্গীভাৱে জড়িত হৈ থাকে ঠিক সেইদৰে প্ৰকৃতিৰ লগত সত্ত্ব, ৰজ আৰু তম সংলগ্ন হৈ থাকে।

Q.11. পুৰুষ আৰু প্ৰকৃতিৰ মাজত পাৰ্থক্য আলোচনা কৰা?

( Difference between Purusha And Prakriti)

উত্তৰঃ পুৰুষ আৰু প্ৰকৃতিৰ মাজত পৰিলক্ষিত হোৱা পাৰ্থক্যসমূহ হ’ল নিম্নলিখিত ধৰণৰ-

(১) পুৰুষ হৈছে সচেতন প্ৰক্ৰিয়া।ইয়াত প্ৰত্যকজন পুৰুষে যিকোনো কাম কৰোতে সচেতন হৈ থাকে।সচেতনতাই হৈছে পুৰুষৰ বৈশিষ্ট্য যিয়ে প্ৰকৃতিৰ পৰা নিজকে পৃথক ৰূপে প্ৰতিষ্ঠিত কৰা দেখা যায়।

আনহাতে প্ৰকৃতি হৈছে অচেতন প্ৰক্ৰিয়া।ইয়াত প্ৰকৃতিয়ে অচেতনভাৱে কার্য সম্পাদন কৰা দেখা যায়।এই অচেতনতাই প্ৰকৃতিক পুৰুষৰ পৰা পৃথক কৰে।

(২) পুৰুষ হৈছে নিস্ক্ৰিয় আৰু অপৰিবৰ্তনীয় পুৰুষ নিস্ক্ৰিয় হৈ থাকে আৰু ই সময়ে সময়ে পৰিৱৰ্তন হৈ নাথাকে।সেয়েহে ইয়াক অপৰিবৰ্তনীয় বুলি আখ্যা দিয়া হয়।অৰ্থাৎ ইয়াত সাল-সলনি হোৱা স্থিৰতা বিৰাজ কৰা দেখিবলৈ পোৱা যায়।

আনহাতে প্ৰকৃতি হৈছে সক্ৰিয় আৰু পৰিবৰ্তনীয় ।প্ৰকৃতিয়ে কার্যসমূহ সক্ৰিয় ভাৱে সংঘটিত কৰে আৰু প্ৰকৃতিৰ বস্তু বা বিষয়সমূহ সক্ৰিয় সময়ৰ লগে লগে সাল-সলনি হোৱা পৰিলক্ষিত হয়।

(৩) পুৰুষ মানে হৈছে ব্যক্তি, পৃথিৱীৰ প্ৰত্যকজন ব্যক্তিয়ে হৈছে একো একোজন পুৰুষ।এই ব্যক্তি সকলেই সচেতন প্রক্ৰিয়া আৰু অপৰিবৰ্তনীয় ৰূপত থকা পৰিলক্ষিত হয়।আনহাতে প্ৰকৃতি মানে হৈছে বস্তু বা বিষয়।পৃথিৱীত থকা সকলো বস্তু বা বিষয়ক প্ৰকৃতি বুলি কোৱা হৈছে।এই বস্তু বা বিষয়বিলাৰ পৰিৱৰ্তন হৈ থাকে।

(৪) পুৰুষ হৈছে গুণ ৰহিত। আনহাতে প্ৰকৃতিত সত্ত্ব, ৰজ আৰু তম গুণ থাকে।অৰ্থাৎ প্ৰকৃতিত পোৱা প্ৰত্যকটো বস্তু বিষয়ৰ মাজত সত্ত্ব, ৰজ আৰু তম এই তিনিওটা গুনক বিচাৰি পোৱা যায়।এই তিনিওটাৰ ভিতৰত যিকোনো এটা গুণৰ অবিহনে প্ৰকৃতিৰ বস্তু বা বিষয়সমূহ কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে।

Q.12. যোগদর্শনৰ মূলনীতিসমূহ কি কি?ব্যাখ্যা কৰা? 

( Principles of Yoga Philosophy )

উত্তৰঃ যোগদৰ্শনৰ মুনীতিসমূহ হ’ল নিম্নলিখিত ধৰণৰ-

(১) সাংখ্য দৰ্শনৰ তাত্ত্বিক সিদ্ধান্তৰ ব্যৱহাৰিক প্ৰয়োগেই হৈছে যোগদৰ্শন : সংখ্যদৰ্শনৰ সৈতে মহৰ্ষি পতঞ্জলিৰ বিষয় বস্তুসমূহ প্ৰায় একে ধৰণৰ হোৱা দেখা যায়।অৰ্থাৎ সংখ্যদৰ্শনৰ বিষয়বস্তুসমূহ যেনে জ্ঞানতত্ত্ব,আধ্যত্মতত্ত্ব আৰু মোক্ষতত্ত্ব এই তিনিওটা তত্ত্বক যোগদর্শনেও অপৰিহাৰ্য বুলি মন্তব্য কৰে।মুঠৰ ওপৰত সাংখ্য দৰ্শনে তাত্ত্বিক জ্ঞান আহৰণ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে।আনহাতে যোগদর্শনে সংখ্যদৰ্শনে তাত্বিক জ্ঞানক প্ৰায়োগিক ৰূপ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(২) যোগদৰ্শন হৈছে বিশ্ব, মানুহ আৰু মানৱীয় সম্পৰ্কৰ লগত জড়িত ঘটনা, কাৰ্যকলাপ আৰু বাস্তৱতাৰ বিশ্লেষণ : আধুনিক দাৰ্শনিকসকলৰ মতে দৰ্শন হৈছে বিশ্ব, মানুহ আৰু মানৱীয় সম্পৰ্কৰ লগত জড়িত ঘটনা, কাৰ্যকলাপ আৰু বাস্তৱবাদ দৃষ্টিভংগীৰে বিচাৰ বিশ্লেষণ আগবঢ়োৱা। সাধাৰণ দৃষ্টিভঙ্গী অনুসৰি জীৱন যাপনৰ প্ৰক্ৰিয়াত চলি থকা বিভিন্ন ক্ৰিয়াকলাপ সমুহৰ তাত্ত্বিক বিশ্লেষণ।

(৩) যোগদৰ্শন হৈছে তত্ত্ববিজ্ঞান, সংযম আৰু ধ্যান বিজ্ঞান : তত্ত্ববিজ্ঞান,সংযম আৰু ধ্যান বিজ্ঞান হিচাপেও যোগদর্শনক আখ্যা দিয়া হয় কাৰণ ই তত্ত্ব, যোগ আৰু যোগৰ লক্ষ্য সম্পৰ্কে বিস্তৃত ভাৱে অধ্যয়ন কৰে।

(৪) মোক্ষ লাভৰ উপায় নিৰূপণ কৰা আৰু স্বৰূপ উপলব্ধি বাবে মানুহক সমৰ্থবান কৰি তোলাই যোগদৰ্শনৰ প্ৰধান বিষয়বস্তু : যোগদৰ্শনৰ প্ৰধান লক্ষ্য হৈছে মোক্ষ লাভ কৰা।সেয়েহে ই মায়া মোহত আবদ্ধ হৈ থকা জীৱাত্মাক মুক্ত কৰি ৰাখিবলৈ মোক্ষ লাভৰ উপায় আৰু প্ৰণালী সম্পৰ্কে মানুহক জ্ঞান প্ৰদান কৰে।কিন্তু দেখা যায় যে চিত্তবৃত্তিয়ে জন্ম দিয়া অবিদ্যাই প্ৰত্যকজন ব্যক্তিক মোক্ষ লাভৰ পথত হেঙাৰ তথা প্ৰবন্ধতা হিচাপে থিয় দিয়ে।সেয়েহে এই হেঙাৰ তথা প্ৰতিবন্ধাক যিকোনো প্ৰকাৰে আঁতৰাই জ্ঞান আহৰণৰ দিশত আগবাঢ়িব পাৰিলেহে মোক্ষ লাভ কৰিব পৰা যাব ।যেতিয়াই এই জ্ঞান লাভ কৰিব পাৰি তেতিয়াই বিবেকৰ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হয় আৰু লগতে মানুহে প্ৰকৃত স্বৰূপক হিদয়ংসম কৰিব পাৰে।

(৫) ধ্যান ধাৰণাৰ পাৰা মুক্ত হলেহে যোগ সম্ভৱ হয় : মানুহৰ মনৰ বা চিওৰ প্ৰধান কৰ্ম হৈছে ক্ষিপ্ত,মূঢ়,বিক্ষিপ্ত, একাগ্ৰ আৰু নিৰুদ্ধ।যাক একেলগে চিত্তভূমি বুলি আখ্যা দিয়া হয়।যোগদর্শনৰ মতে যেতিয়া ধ্যান ধাৰণাৰ পৰা মন মুক্ত হয় তেতিয়াহে যোগ সম্ভৱ হ’ব।ইয়াত সংলগ্ন হৈ থকা পাঁচ প্ৰকাৰৰ চিওৰ ভিতৰত ক্ষিপ্ত, মুঢ়,আৰু বিক্ষিপ্ত এই তিনিওটা বাহিৰে একাগ্ৰ আৰু নিৰুদ্ধৰ  দ্যাৰা চিওবৃত্তি আৰু যোগ সম্ভৱ হোৱা দেখা যায়।অৰ্থাৎ ক্ষিপ্ত,মুঢ়,আৰু বিক্ষিপ্ত এই তিনিওটা চিওবৃত্তি আৰু যোগ সম্ভৱ হোৱা দেখা নাযায়।

(৬) যোগক সম্প্ৰজ্ঞাত আৰু অসম্প্ৰজ্ঞাত এই দুই ভাগত ভাগ কৰিব পাৰি : সম্প্ৰজ্ঞাত যোগত মন বিষয়বস্তুৰ ওপৰত নিবিষ্ট থাকে আৰু সেই বিষয়বস্তুসমূহৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হয়।অসম্প্ৰজ্ঞাত যোগত মন বিষয়বস্তুৰ পাৰা মুক্ত হৈ পৰে আৰু কেৱল শুদ্ধ চৈতন্যস্বৰূপ পুৰুষ বা আত্মাহে সচেতন হৈ থাকে।

Q.13. ব্যক্তিত্বৰ বিকাশ সাধনৰ বাবে বৈজ্ঞানিক পদ্ধতি হিচাপে যোগৰ এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ ব্যক্তিত্ব বুলি কওঁতে এজন ব্যক্তিৰ গাত থকা শাৰীৰিক, মানসিক, আবেগিক, বৌদ্ধিক, নৈতিক আদি সকলোখিনি গুণ বা দিশক বুজোৱা হয়।গতিকে ব্যক্তিত্ব বিকাশ সাধন বুলি কওঁতে এই সকলোখিনি দিশৰ সুস্থ বিকাশ সাধনৰ কথা উল্লেখ কৰিছে।এই ব্যক্তিত্ব বিকাশ সাধনৰ যোগে এক বৈজ্ঞানিক পদ্ধতি হিচাপে ভূমিকা পালন কৰা দেখা যায়।তলত সেইসমূহৰ বিষয়ে আলোচনা কৰা হ’ল-

(১) যোগ আৰু ব্যক্তিত্বৰ দৈহিক দিশ : দৈহিক উপাদনসমূহ আমাৰ দেহৰ লগত সম্পৰ্কিত।আমাৰ দেহৰ প্ৰত্যটো অংগ-প্ৰতংগ আৰু প্ৰদ্ধতিসমূহৰ সুস্থ বিকাশ সাধনত যোগ বা যোগভ্যাসে সহায় কৰে।ই আমাৰ শৰীৰটোক ৰোগমুক্ত কৰি সুস্থ কৰি ৰখাত সহায় কৰে।আসন,প্রানায়াম আদিয়ে এটি শিশুৰ সুস্থ দৈহিক বিকাশ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।তদুপৰি আসন আৰু প্রানায়ামে দেহৰ ক্ৰিয়াকলাপ সমূহক উন্নতি সাধনত সহায় কৰে।

যোগভ্যাসে ব্যক্তিৰ উচ্চতা আৰু ওজন বৃদ্ধিত সহায় কৰাৰ লগতে শিশুসকলৰ পেশী সঞ্চালন ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে।ইয়াৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ শৰীৰ সঞ্চালনমূলক ক্ৰিয়া কলাপ সম্পাদন কৰিব বাবে উপযুক্ত হৈ উঠে।ইয়াৰ উপৰিও পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন।ৰক্তচাপ আদি স্বভাৱিক কৰি ৰখাত সহায় কৰে। ব্যক্তিত্বৰ দৈহিক দিশ বুলি কওঁতে নিম্নলিখিত দিশ কেইটা পৰিলক্ষিত হয়।

(ক) যোগভ্যাসে শিশু তথা ব্যক্তিৰ দ্ৰুত দৈহিক বিকাশ সাধনত সহায় কৰে।

(খ) যোগভ্যাসে শিশু তথা ব্যক্তিসকলৰ দৈহিক গঠন সুন্দৰ ৰূপত গঢ়ি তোলাত সহায় কৰে।(গ)যোগে শিশু তথা ব্যক্তিসকলৰ দৈহিক অংগ-প্ৰতংগৰ কৰ্মক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

(ঘ) যোগে শিশুসকলক আকৰ্ষণীয় ব্যক্তি হিচাপে গঢ়ি তোলে।

(ঙ) যোগে শিশু তথা ব্যক্তিসকলক শাৰীৰিক শক্তি বৃদ্ধি কৰি তোলাৰ লগে লগে স্বাস্থ্যৰ প্ৰতি সচেতন কৰি তোলাত সহায় কৰে।

(চ) যোগে ব্যক্তিসকলৰ মাংসপেশী সবল,সুঠাম আৰু শক্তিশালী কৰি তোলাত সহায় কৰে।

(ছ) যোগে ব্যক্তিৰ পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন ক্ষমতা,ৰক্তচাপ আদি স্বভাৱিক অৱস্থাত ৰখাত সহায় কৰে।

(২) যোগ আৰু ব্যক্তিত্বৰ আৱেগিক দিশ : যোগ বা যোগভ্যাসে আৱেগিক দিশৰ বিকাশ সাধনৰ ক্ষেত্ৰতো সহায় কৰে।যোগভ্যাসে আৱেগিক দিশ যেনে আৱেগ অনুভূতি মনোভাৱ আদিসমূহৰ সুস্থ বিকাশ সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে।এই ক্ষেত্ৰত আমি দুই ধৰণৰ আৱেগ দেখিবলৈ পাওঁ।ইতিবাচক বা ধনাত্মক আৱেগ আৰু নেতিবাচক বা ঋণাত্মক আৱেগ।মৰম ভালপোৱা স্নেহ আদি ধনাত্মক আৱেগৰ ভিতৰত পৰে আৰু খং ভয় আদি নেতিবাচক বা ঋণাত্মক আৱেগৰ শাৰীত পৰে।

আৱেগিক দিশৰ বিকাশ সাধনৰ বাবে ইতিবাচক আৱেগ অনুভূতি, মনোভাৱ আদিক বিকাশ সাধন কৰা আৰু নেতিবাচক মনোভাবসমূহক নিয়ন্ত্ৰণ কৰিব লগা হয়।যোগে ইতিবাচক আৱেগিক দিশৰ বিকাশ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ই আৱেগিক স্থিৰতা বজাই ৰাখে।লগতে নেতিবাচক আৱেগক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।যোগভ্যাস যেনে যম বা যম,নিয়ম,আসন, প্রানায়াম ,প্ৰত্যহাৰ, ধ্যান আদি হৈছে আবেগিক ব্যৱস্থাপনাৰ অংশ।

যোগে আৱেগিক দিশৰ বিকাশ সাধনত নিম্নলিখিত ধৰণেৰে সহায় কৰে।

(ক) যোগে শিশু তথা ব্যক্তিসকলক সুস্থ সমায়োজনত সহায় কৰিব পাৰে।

(খ) যোগে নেতিবাচক আৱেগ অনুভূতি যেনে নিৰাশা, হতাশা, খং,ভয় আদিবোৰক নিয়ন্ত্ৰণ কৰি সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰে।

(গ) যোগে অপৰাধ প্ৰৱণতা,উগ্ৰবাদিতা,বিচ্ছিনতাবাদিতা ইত্যাদিৰ দৰে সমস্যা সমূহ সমাধান কৰাত সহায় কৰে।

(৩) যোগ আৰু ব্যক্তিত্বৰ বৌদ্ধিক দিশ : বৌদ্ধিক দিশৰ বিকাশ সাধন বুলি কওঁতে আমাৰ মানসিক যোগ্যতা আৰু প্ৰক্ৰিয়া যেনে চিন্তণ ক্ষমতা,স্মৃতি শক্তি, গ্ৰহণেন্দ্ৰিয়,সিদ্ধান্ত গ্ৰহণ, কল্পনা শক্তি,সৃজনক্ষমতা,আদিক বুজায়।নতুন নতুন কথা শিকা,জ্ঞান আৰু কৌশল আহৰণৰ বাবে বৌদ্ধিক দিশৰ বিকাশ সাধন হোৱাটো নিতান্তই প্ৰয়োজন।যোগভ্যাস যেনে আসন,প্রানায়াম আদিয়ে গভীৰ মনযোগ দিয়াত আৰু স্মৃতি কার্য শক্তিশালী কৰাত সহায় কৰে।যোগে ব্যক্তিত্বৰ বৌদ্ধিক দিশৰ লগত তলত উল্লেখ কৰা দিশসমূহৰ ধৰণেৰে জড়িত হৈ থকা দেখা যায়।

(ক) যোগে ব্যক্তিৰ মানসিক শক্তি ক্ষমতাসমূহক পৈণত অৱস্থা লাভ কৰাত সহায় কৰে।

(খ) যোগে ব্যক্তিসকলৰ চিন্তা, যুক্তি, বিচাৰ শক্তি,কল্পনা শক্তি,ৰোধ শক্তি আদিৰ যথোপযুক্ত বিকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰে।

(গ) যোগে ব্যক্তিৰ স্মৃতি শক্তি মনযোগ ক্ষমতা ,গঠণাত্মক কল্পনা আদি মানসিক শক্তিবোৰক সবল কৰি তোলাত সহায় কৰে।

(৪) যোগ আৰু ব্যক্তিত্বৰ আধ্যাত্মিক দিশ : ব্যক্তিত্বৰ আধ্যাত্মিক দিশসমূহৰ ব্যক্তিৰ মূল্যবোধৰ বিকাশ সাধনৰ লগত জড়িত হৈ থাকে।আধ্যাত্মিক দিশৰ বিকাশ সাধনে ব্যক্তিসকলক নিজকে শুদ্ধ তথা ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰে।উপযুক্ত আধ্যাত্মিক দিশৰ বিকাশ সাধনে শুদ্ধ-অশুদ্ধ, ন্যায়-অন্যায় বিচাৰ বিবেচনা কৰি আত্ম উপলব্ধি কৰাত সহায় কৰে।আধ্যাত্মিক দিশৰ বিকাশৰ বাবে য়ম ,নিয়ম,প্ৰত্যহাৰ আৰু ধ্যান আদি য়োগভ্যাসৰ প্ৰয়োজন হয়।যোগ আৰু ব্যক্তিত্ব আধ্যাত্মিক দিশৰ মাজত নিম্নলিখিত ধৰণেৰে সম্পৰ্ক থকা দেখা যায়।

(ক) যোগে ব্যক্তিসকলৰ মানসিক চিন্তাধাৰাক বিকশিত কৰি উন্নীত কৰাত সহায় কৰে।

(খ) যোগভ্যাসে ব্যক্তিৰ জীৱন যাত্ৰাৰ প্ৰণালীৰ উন্নতি সাধনত সহায় কৰে।

(গ) যোগভ্যাসে ব্যক্তিসকলৰ দৈহিক বল শক্তি,মানসিক দৃঢ়তা আৰু আত্মবিকাশ আদি গঢ়ি তোলে।যিয়ে অসম্ভৱ কামকো সম্ভৱ কৰি তোলাৰ বাবে প্ৰেৰণা যোগায়।

(ঘ) ইয়াৰ ফলস্বৰূপে শিশু তথা ব্যক্তিসকল সজাগ আৰু সচেতন হৈ উঠে।

(ঙ) যোগে শিশু তথা ব্যক্তিৰ আত্মমূল্যায়ন তথা আত্মঅধ্যয়ন কৰাত সহায় কৰে।

(৫) যোগ আৰু ব্যক্তিত্বৰ সামাজিক দিশ : শৈশৱ কালত সামাজিক দিশৰ বিকাশ সাধনৰ  বাবে প্ৰথমতে পৰিয়ালৰ লোকসকলৰ মাজত সামাজিকীকৰণ হোৱাটো নিতাওই বাঞ্ছনীয়।এই ক্ষেত্ৰত মাক-দেউতাক, বাই-ভনী, ককাক-আইতাক আদি উল্লেখযোগ্য।পৰিয়ালৰ পিছতেই সামাজিকীকৰণৰ ক্ষেত্ৰত প্ৰভাৱ পেলাই সমনীয়া,ওচৰ চুবুৰীয়া, সমাজ আদিয়ে।ইয়াৰ বাবে শিশুসকলে বিভিন্নজনৰ লগত সস্পৰ্শলৈ আহি সকলোৰে লগত মিলা প্ৰীতিৰে থাকি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়।এই ক্ষেত্ৰত যোগভ্যাসে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।যোগে পৰিয়াল, বন্ধুবৰ্গ,বা সমনীয়া, শিক্ষক, অন্যান্য ব্যক্তি সকলোৰে লগত এটা ভাল সম্পৰ্ক ৰক্ষা কৰিব পৰাকৈ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে।

ওপৰৰ আলোচনাৰ পৰা এই কথা পৰিলক্ষিত যে যোগ বা যোগভ্যাসে হৈছে এনে এক প্দ্ধতি যিয়ে ব্যক্তিসকলৰ দৈহিক আৰু মানসিক দিশৰ সুস্থ বিকাশ সাধনত সহায় কৰে ।মুঠতে যোগে ব্যক্তিত্বৰ বিকাশ সাধনৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি হিচাপে ভূমিকা পালন কৰে।

যোগ আৰু ব্যক্তিত্বৰ সামাজিক দিশ বুলি কওঁতে তলত উল্লেখ কৰা দিশসমূহক সামৰি লোৱা দেখা যায়।

(ক) যোগে ব্যক্তিসকলক সমাজত অৰ্থপূৰ্ণ জীৱন যাপন কৰি জীয়াই থাকিব পৰাকৈ উপযুক্ত হিচাপে গঢ়ি তোলে।

(খ) যোগে সহযোগিতা, প্ৰতিযোগিতা।আৰু বন্ধুত্বৰ ভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা দেখা যায়।

(গ) যোগভ্যাসে শিশু তথা ব্যক্তিৰ আত্মকেন্দ্ৰিক প্ৰৱণতা হ্ৰাস কৰি সামাজিক কৰি তোলাত সহায় কৰে।

(ঘ) ইয়াৰ ফলত ব্যক্তিয়ে সমাজৰ প্রতি নিজৰ দায়িত্ব, কৰ্তব্য আৰু অধিকাৰৰ প্ৰতি আত্মসচেতনত হোৱাত সহায় কৰে।

Q.14. দৈহিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ আমি প্ৰথমতে যোগ ধাৰণাটো বিশ্লেষণ কৰোতেই জানিব পাৰিছো যে যোগ মানে হৈছে যোগ কৰা, জোৰা লগোৱা, সংযোগ ঘটোৱা যিয়ে জীৱাত্মাৰ লগত পৰমাত্মাক সংযোগ সাধন কৰে।ব্যক্তিসকলৰ সুস্থ শাৰীৰিক স্বাস্থ্য থকাৰ লগতে এটা সুস্থ মানসিক স্বাস্থ্য থকাটো নিতান্তই প্ৰয়োজনীয়।এই ক্ষেত্ৰত যোগ বা যোগভ্যাসৰ যথেষ্ট প্ৰয়োজনীয়তা থকা দেখা যায়।অৰ্থাৎ ব্যক্তিসকলৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ বাবে যোগৰ যথেষ্ট প্ৰয়োজন থকা দেখা যায়।সেই প্ৰয়োজনীয়তা সমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

(১) শাৰীৰিক স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা : শাৰিৰীক স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা হ’ল নিম্নলিখিত ধৰণৰ- 

(ক) স্নায়ু আৰু মাংসপেশীৰ বিকাশ : যোগে স্নায়ু আৰু মাংসপেশীৰ বিকাশ সাধনত সহায় কৰে।যোগভ্যাসৰ ফলত স্নায়ু বিলাক সবল হোৱাৰ ক্ষেত্ৰতে মাংসপেশীৰ ৰক্ত সঞ্চালন ক্ষমতা বৃদ্ধি হয় ফলত ই আমাৰ শৰীৰটোক সুস্থ সবল কৰি ৰখাত সহায় কৰি ৰাখে।এৰিষ্ট’টলে কোৱাৰ দৰে সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়।অৰ্থাৎ প্ৰথমতে দেহ তথা শৰীৰটোক সুস্থ সবল কৰি ৰাখিব লাগিব।তেতিয়াহে মনটো সুস্থ সবল হৈ থাকিব।এই ক্ষেত্ৰত প্ৰত্যকজন ব্যক্তিয়ে গুৰুত্ব দিব লাগিব দেহৰ স্নায়ু আৰু মাংসপেশীসমূহৰ সুস্থ বিকাশ সাধনৰ ওপৰত।কিয়নো মানুহৰ শৰীৰটোক পৰ্যবেক্ষণ কৰিলে দেখা যায় যে শৰীৰটোক স্নায়ু আৰু মাংসপেশীসমূহে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰে।গতিকে এই ক্ষেত্ৰত যোগক এক উত্তম আহিলা বুলিও ক’ব পাৰি।

(খ) শ্বাসপ্ৰশ্বাস প্ৰক্ৰিয়াৰ উৎকৰ্ষ সাধন : যোগে বা যোগভ্যাসে শ্বাস-প্রশ্বাস প্ৰক্ৰিয়াৰে উৎকৰ্ষ সাধনত সহায় কৰে।অৰ্থাৎ যোগভ্যাসৰ ফলত ব্যক্তিয়ে ভাল ধৰণেৰে শ্বাস ভিতৰলৈ নিয়া আৰু নিৰ্দিষ্ট নিয়ম অনুসৰি শ্বাস এৰি দিয়া কাৰ্য সম্পাদন কৰিব পাৰে।শ্বাস -প্রশ্বাসৰ অবিহনে মানুহৰ জীৱনটো সমাপ্ত।যেনেদৰে এখন গাড়ী চলাবলৈও পেট্ৰল ডিজেলৰ প্ৰয়োজন ঠিক তেনেদৰে মানুহৰ জীৱনটো চলিবলৈও শ্বাস-প্রশ্বাসৰ প্ৰয়োজন।যোগে মানুহক শ্বাস প্রশ্বাস প্ৰক্ৰিয়াটোক সুস্থ সবল কৰি ৰখাত সহায় কৰে।এই শ্বাস -প্রশ্বাস প্ৰক্ৰিয়াটো যদি বিসংগতি পূৰ্ণ হয় তেতিয়া শৰীৰটোক সুস্থ সবল ৰূপত পাব নোৱাৰি।আনকি কেতিয়াবা মৃত্যুৱে হাত বাউল দি মাতিব পাৰে।সেয়েহে এই সকলোবিলাকক স্বভাৱিক অৱস্থাত ৰাখিব বাবে যোগে বহু পৰিমাণে সহায় কৰে।

(গ) সবল আৰু নমনীয় দৈহিক বিকাশ সাধন : যোগে ব্যক্তিসকলৰ সবল আৰু নোমনীয় দৈহিক বিকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰে।যোগভ্যাসে ব্যক্তিসকলক শাৰীৰিকভাৱে সুস্থ, সবল আৰু নিৰোগী কৰি তোলাত সহায় কৰে।প্ৰত্যকজন ব্যক্তিয়েই দেহটোক সুস্থ-সবল কৰি ৰাখিব বিচাৰে।তথাপি ব্যক্তিসকলক বিভিন্ন ৰোগে আক্ৰান্ত কৰে।ব্যক্তিসকলে যদিহে দৈনিক যোগভ্যাস কৰে তেতিয়া দেহটোক কোনো ৰোগে সহজতে আক্ৰান্ত কৰিবলৈ সুবিধা নাপায়।তদুপৰি শিশু তথা ব্যক্তিসকলৰ দৈহিক বিকাশ সাধন হোৱাটো নিতান্তই বাঞ্ছনীয়।যথোপযুক্ত দৈহিক বিকাশ সাধন হ’লেহে ব্যক্তিসকলে খোজ-কঢ়া, দৌৰা,খোৱা-বোৱা,দৰে কাৰ্যসমূহ স্বভাৱিক ৰূপত সম্পাদন কৰিবলৈ সক্ষম হ’ব ।মুঠৰ ওপৰত এজন সুস্থ ব্যক্তিৰ গাত থাকিব লগীয়া গুণটোৱে হৈছে সবল আৰু নোমনীয় দৈহিক বিকাশ সাধন হোৱা।গতিকে এই সকলোবিলাকৰ ক্ষেত্ৰত যোগে মুখ্য ভূমিকা পালন কৰে।

(ঘ) শাৰীৰিক সচেতনতা আৰু সম্বন্ধয় সাধন : যোগে ব্যক্তিসকলক সমাজ আৰু দেশৰ বাবে উপযুক্ত সদস্য হিচাপে গঢ়ি তুলিবৰ বাবে তেওঁলোকৰ দৈহিক, মানসিক তথা আধ্যাত্মিকতাৰ মাজত সম্বন্ধয় সাধম কৰাত সহায় কৰে। অৰ্থাৎ আজি জন্ম লাভ কৰা এটি শিশুৱেই গৈ এদিন সমাজ তথা দেশৰ ভবিষ্যতৰ নাগৰিক হ’ব লাগিব সেয়ে সৰু অৱস্থাৰ পৰাই প্ৰত্যেকজন শিশু তথা ব্যক্তিয়েই নিজৰ শাৰীৰিক অৱস্থাটোক সুস্থ সবল কৰি ৰাখিবৰ বাবে সচেতন হৈ থাকিব লাগিব।তদুপৰি দৈহিক বা শাৰীৰিক অৱস্থাৰ লগতে মানসিক তথা আধ্যাত্মিকতা দিশৰ সমন্বয় সাধন কৰাত গুৰুত্ব আৰোপ কৰিব লাগে।কিয়নো দেহ আৰু মন একোটা মুদ্ৰাৰে দুটা ফালৰ দৰে সম্বন্ধ  আছে।দেহ-তথা শাৰীৰিক অৱস্থা ভালে থাকিলেহে মানসিক তথা আধ্যাত্মিক অৱস্থাটো ভালে থাকিব।ঠিক সেইদৰে মানসিক অৱস্থাটো ভালে থাকিলেহে প্ৰতিজন ব্যক্তিয়ে নিজৰ শাৰীৰিক অৱস্থাটোৰ প্ৰতি সদা সচেতন হৈ থাকিব।

(ঙ) অৱসাদ দূৰীকৰণ : ব্যক্তিসকলৰ অৱসাদ দূৰ কৰি টোপনি স্বাভাৱিক কৰি তোলাৰ লগতে কাম কৰাৰ স্পৃহা বৃদ্ধি কৰিবৰ বাবে যোগৰ প্ৰয়োজন হয়।অৰ্থাৎ ব্যক্তিসকলে যিকোনো এটা কার্য সম্পাদন কৰাৰ পিছত যেতিয়ালৈকে যথেষ্ঠ পৰিমাণে অৱসাদ অনুভৱ কৰি থাকে তেতিয়ালৈকে পুনৰ অন্য এটা কৰিবলৈ কোনো ব্যক্তি ইচ্ছুক নহয় আৰু অনিচ্ছা সত্বেও যদি কৰা যায় তেতিয়া সুচাৰুৰূপে কাৰ্যটো ১০০ শতাংশ মনযোগেৰে কৰিব নোৱাৰে।সেয়েহে এই অৱসাদ দূৰীকৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু এই ক্ষেত্ৰত যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।ফলস্বৰূপে ব্যক্তিসকলে পিছৰ কাৰ্যসমূহ সুন্দৰ ভাৱে কৰিব পৰা হয়।

(চ) প্ৰতিৰোধ ক্ষমতা সবল : যোগে ব্যক্তিসকলৰ নিজৰ নিজৰ শৰীৰটোক ৰোগ ব্যাধিৰ পৰা আঁতৰা কৰি ৰাখিবৰ বাবে প্ৰতিৰোধ ক্ষমতাক সবল কৰা ৰখাত সহায় কৰে ইয়াত প্ৰতিৰোধ ক্ষমতা বুলি কওঁতে বাধা প্ৰদান কৰা ক্ষমতাৰ কথাকে কোৱা হৈছে।শিশু তথা ব্যক্তি এজনে জীৱিত কালত বিভিন্ন ৰোগ ব্যাধিৰ কৱলত পৰি কষ্ট পাব লগা হয়।বহু সময়ত মৃত্যুকো বহুলোকে সাৱটি ল’ব লগা হয়।দেখা যায় যে যিমানেই প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব সিমানেই সহজতে বেমাৰ আজাৰে ব্যক্তিক হেঁচা মাৰি ধৰিব।সেয়েহে ব্যক্তিসকলে কিছু পৰিমাণে হলেও হাত সাৰি থাকিবৰ বাবে তথা প্ৰতিৰোধ ক্ষমতাক সবল কৰি ৰাখিবৰ বাবে যোগৰ প্ৰয়োজন হয়।

Q.15. মানসিক স্বাস্থ্য বিকাশত যোগৰ প্ৰভাৱসমুহ আলোচনা কৰা?

উত্তৰঃ মানসিক স্বাস্থ্য বাবে প্ৰয়োজনীয়তা মানসিক স্বাস্থ্যৰ বাবে যোগে নিম্নলিখিত ধৰণৰ ভূমিকাসমূহ পালন কৰে- 

(ক) ধ্যান ধাৰণা আৰু মনযোগ বৃদ্ধি : মানুহৰ মনৰ চঞ্চলতাক আঁতৰ কৰি যিকোনো কামত একান্ত মনেৰে ধ্যান আৰু গভীৰ মনযোগ দিবৰ বাবে যোগ বা যোগভ্যাসৰ প্ৰয়োজন হয়।অৰ্থাৎ মানুহৰ মনটো হৈছে অস্থিৰ প্ৰকৃতিৰ।শিশু তথা ব্যক্তিসকলে সাধাৰণতে একোটা বস্তু বা বিষয়ৰ ওপৰত একেৰাহে বহু সময় ধৰি মনযোগ দিব নোৱাৰে বা মনটোক স্থিৰ কৰি ৰাখিবলৈ অসমৰ্থ হয়।কাৰণ মানুহৰ মনটোক বাহ্যিক জগতৰ বিভিন্ন উদ্দীপক সমূহে ক্ৰিয়া কৰি থাকে ।গতিকে এই সকলোবিলাকৰ পৰা মানুহৰ মনটোক আঁতৰাই যিকোনো এটা কাম বা বস্তু বা বিষয়ত একান্ত মনেৰে ধ্যান আৰু গভীৰ মনোযোগ দিয়াৰ ক্ষেত্ৰত যোগ বা যোগভ্যাসে সহায় কৰে।

(খ) মনটোক পৰিস্কাৰ আৰু শান্ত কৰা : ব্যক্তিসকলে তেওঁলোকৰ উদ্বেগ,উৎকণ্ঠা আৰু অস্তিৰতাক নিয়ন্ত্ৰণ কৰি মনটোক পৰিস্কাৰ আৰু শান্ত কৰি তুলিবৰ বাবে যোগৰ অতি প্ৰয়োজন।অৰ্থাৎ ব্যক্তিসকলৰ মনটোক ভয়,  খং, লাজ, হিংসা,উদ্বেগ,উৎকণ্ঠা, অস্তিৰতা আদিয়ে প্ৰভাৱ পেলায়।বিশেষকৈ এই সমূহে নেতিবাচক বা ঋণাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় যিয়ে মানসিক অশান্তিৰ সৃষ্টি কৰে। ফলস্বৰূপে লগত সমায়োজন কৰিব নোৱাৰে।বহু ক্ষেত্ৰত সংঘাত সৃষ্টি হোৱাও দেখা যায়।তথাপিও আমি এইবিলাকক ইচ্ছা কৰিলেও আমাৰ মাজৰ পৰা একেবাৰে নাইকিয়া কৰিব নোৱাৰো।কিন্তু যোগ বা যোগভ্যাসৰ সহায়ত এই সকলোবিলাক নিয়ন্ত্ৰণ কৰি মনটোক পৰিস্কাৰ আৰু শান্ত কৰি ৰাখিব পাৰি।গতিকে দেখা যায় যে যোগৰ যথেষ্ট প্ৰয়োজন আছে।

(গ) চিন্তণ আৰু স্মৃতি শক্তিৰ উৎকৰ্ষ সাধন : যোগে চিন্তা আৰু স্মৃতি শক্তিৰ উৎকৰ্ষ সাধনত সহায় কৰে।ই ব্যক্তিসকলৰ চিন্তণ ক্ষমতাৰ উন্নতি সাধন আৰু যিকোনো কথা সহজে আৰু দ্ৰুত গতিত মনত ৰাখিব বাবে স্মৃতি শক্তিৰ উন্নতি সাধন কৰি তোলে।আমি আগৰ আলোচনাত উল্লেখ কৰিছে।যে যোগে মানুহৰ মনটোক অ-প্রয়োজনীয় কামত মনযোগ দিয়া, অপ্ৰয়োজনীয় বিষয়সমূহ মনত ৰখা ইত্যাদি সমূহৰ পৰা আঁতৰত ৰাখিব পাৰে।ইয়াৰ পৰিবৰ্তে প্ৰয়োজনীয় কাম বা বিষয়ত একান্ত মনেৰে মনোযোগ দিয়াত সহায় কৰে, উচ্চ চিন্তা-চৰ্চাত সহায় কৰে আৰু বিচাৰ বিশ্লেষণ কৰি প্রয়োজনীয় বিষয়বস্তুসমূহ সহজতে আৰু  তৎক্ষণিকভাৱে মনত ৰাখি যেতিয়াই প্ৰয়োজন হয় তেতিয়াই স্মৰণ কৰি সৎ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে।ইয়াৰ পৰাই আমি যোগৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিব পাৰো।

(ঘ) মানসিক চাপ আৰু উৎকণ্ঠা : যোগে মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাত সহায় কৰে।অৰ্থাৎ ব্যক্তিসকলৰ মানসিক চাপ আৰু উৎকণ্ঠাক দূৰ কৰি সুস্থ মানসিক স্বাস্থ্য অটুট ৰাখিবৰ বাবে যোগৰ প্ৰয়োজন হয়।যোগভ্যাসৰ সহায়ত মানুহৰ মানসিক অৱস্থাটোক স্বাভাৱিক অৱস্থাত ৰাখিব পাৰি তথা মানসিক শান্তি লাভত ই সহায় কৰে।কাৰণ অত্যাধিক মানসিক চাপ আৰু উৎকণ্ঠা থাকিলে বহুলোকে মানসিক হেৰুৱাই পেলোৱা উদাহৰনো দেখা যায়।তদুপৰি আমি এজন সুস্থ ব্যক্তিৰ গাত থকা লক্ষণসমূহ যদি চাব যাও তেতিয়া তাত দেখা পাম যে ব্যক্তিজন মানসিক চাপ আৰু উৎকণ্ঠাৰ পৰা মুক্ত হ’ব লাগিব।কিয়নো অত্যধিক মানসিক চাপ আৰু উৎকণ্ঠা সমূহক নিয়ন্ত্ৰণত ৰাখি মনক ভাৰসাম্য অৱস্থাত ৰাখিবৰ বাবে অত্যন্ত প্ৰয়োজন হয়।

(ঙ) শ্ৰৱণ প্ৰক্ৰিয়াক সক্ৰিয় কৰা : শ্ৰৱণ প্ৰক্ৰিয়াক সক্ৰিয় কৰি ৰাখিবৰ বাবে যোগৰ প্ৰয়োজন হয়।ই শ্ৰৱণ প্ৰক্ৰিয়াক উদ্দীপিত কৰি তোলাৰ লগতে প্ৰতিক্ৰিয়াশীল কৰি তোলে। অৰ্থাৎ আমাৰ কাণ নামৰ অৱণ ইন্দ্ৰিয়টোক বাহ্যিক জগতৰ উদ্দীপকসমূহে অহৰণ ক্ৰিয়া কৰি থাকে।সেয়েহে আমি এটা কথা শুনি থকা সময়ত যদি হঠাৎ উচ্চ স্তৰৰ পৰা শব্দ হয় নাইবা ওচৰতে যদি কোনোবাই কথা-বতৰা পাতি থাকে তেতিয়া কেনেবাকৈ আমিও শুনা পাম নেকি বুলি শুনিবলৈ বিচাৰো। কিন্তু আমি একে সময়তে যে আন এটা গুৰুত্বপূৰ্ণ কথা শুনি আছিলো সেই কথা ক্ষন্তেকলৈ হ’লেও পাহৰি যায় ফলত কোনো এটা বিষয়ে আমি সক্ৰিয় ভাৱে শুনিব নোৱাৰে। গতিকে এই সকলোবিলাকৰ পৰা অৱন ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি শ্ৰৱণ প্ৰক্ৰিয়াটোক সক্ৰিয় কৰি ৰখাটো যোগে সহায় কৰে।

(চ) সুস্থ চিন্তাৰ অভ্যস্ত : ব্যক্তিসকলত সুস্থ চিন্তাত অভ্যস্ত কৰি ৰাখিবৰ বাবে যোগৰ প্ৰয়োজন।ই ব্যক্তিসকলক অসুস্থ চিন্তা ভাৱনা ত্যাগ কৰি সুস্থ চিন্তা ভাৱনাত অভ্যস্ত কৰি ৰখাত সহায় কৰে।কিয়নো অসুস্থ চিন্তা চৰ্চাই মানুহ তথা ব্যক্তিৰ ওপৰত কেতিয়াও ধনাত্মক প্ৰভাৱ পেলাব নোৱাৰে।অসুস্থ চিন্তাত মানুহৰ মনটো অনবৰতে নিমগ্ন হৈ থাকিলে মানৱীয় গুণসমূহ ধ্বংস হৈ পাশবিক ৰূপ পাবলৈ বেছি সময় নালাগে। তদুপৰি ই নিজৰ ঘৰখনৰ লগতে সমাজখনআৰু দেশখনৰ ওপৰতো কুপ্ৰভাব পেলাব।গতিকে অসুস্থ চিন্তা-চৰ্চাৰ পৰা মানুহক সম্পূৰ্ণ ৰূপত আঁতৰাই সুস্থ চিন্তা-চৰ্চাত অভ্যস্ত থাকিবলৈ হ’লে একমাত্ৰ উপায়টোৱে হৈছে যোগ।নিয়মীয়া যোগভ্যাসৰ ব্যৱস্থা কৰি ব্যক্তিসকলে সুস্থ চিন্তা-চৰ্চাত ব্যস্ত থাকিব লাগে তেতিয়া ঘৰ সমাজ তথা দেশখনতো সুখ শান্তিয়ে বিৰাজ কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top