Mental Health Issues Unit 3 Mental Health And Agencies of Education Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Mental Health Issues Unit 3 Mental Health And Agencies of Education to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Mental Health Issues Unit 3 Mental Health And Agencies of Education Question Answer can be of great value to excel in the examination.
Mental Health Issues Unit 3 Mental Health And Agencies of Education
Mental Health Issues Unit 3 Mental Health And Agencies of Education Notes cover all the exercise questions in UGC Syllabus. The Mental Health Issues Unit 3 Mental Health And Agencies of Education provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Mental Health And Agencies of Education
EDUCATION
MENTAL HEALTH ISSUES
মানসিক স্বাস্থ্যৰ বিচাৰ্য বিষয়সমূহ
Q.1. মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা বিদ্যালয়জনিত দুটা কাৰক উল্লেখ কৰা?
উত্তৰঃ ছাত্র-ছাত্ৰীৰ মানসিক স্বাস্থ্য ক্ষতি কৰা বিদ্যালয়জনিত কাৰকবোৰ তলত আলোচনা কৰা হ’ল-
১) শৈক্ষিক বোজা : সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ক্ষতি কৰা এটা প্ৰধান কাৰক হ’ল বিদ্যালয়ে জাপি দিয়া শৈক্ষিক বোজা।কোমলমতীয়া ল’ৰা-ছোৱালীবোৰৰ ওপৰত মাত্ৰাধিক বিষয়বস্তু আৰু শৈক্ষিক কাম-কাজ জাপি দিলে তেওঁলোকৰ ওপৰত মানসিক চীপ পৰে।বিদ্যালয়ে প্ৰদান কৰা শৈক্ষিক বোজা সহিব নোৱাৰি কিছুমান ছাত্ৰ-ছাত্ৰী হতাশগ্ৰস্ত আৰু মানসিক ভাৰসমতাহীন হৈ পৰে।শ্ৰেণী কৰ্মৰ নামত বা গৃহ কৰ্মৰ নামতো কিছুমান বিদ্যালয়ে ল’ৰা-ছোৱালীৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়া যায়।
২) পৰীক্ষাণ হেঁচা : ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ক্ষতি কৰা অন্যতম বিদ্যালয়জনিত কাৰক হ’ল পৰীক্ষাৰ হেঁচা।পৰীক্ষাৰ নামত সৃষ্টি হোৱা অপ্ৰয়োজনীয় চীপে ল’ৰা-ছোৱালীৰ লগতে অভিভাৱকৰ মাজতো বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়।নম্বৰ আৰু স্থানৰ পিছে-পিছে দৌৰ মৰাৰ মানসিকতা সৃষ্টি হোৱাৰ ফলত অসুস্থ প্ৰতিযোগিতা সৃষ্টি হয়।মানসিকতাৰ পৰ্যায় ইমানেই অৱনমিত কৰিলে যে ফেইল কৰিলে বা ভবাতকৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰো উদাহৰণ অলেখ।
Q.2. শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতিৰ দুটা কাৰক চিনাক্ত কৰা?
উত্তৰঃ শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি হ’ব পৰা কাৰকবোৰ এনেধৰণৰ হ’ব পাৰে-
ক) শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতিৰ কাৰক: শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰা বিভিন্ন কাৰক দেখিবলৈ পোৱা যায়।সেই কাৰকবোৰ চিনাক্ত কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে শিক্ষকসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰিব পৰা যায়।কাৰণ শিক্ষকৰ মানসিক অসুস্থতাই কেৱল তেওঁলোককে নহয়, দেশৰ সম্পদস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলকো ক্ষতি কৰে।শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰা কেইটামান কাৰক আলোচনা কৰা হ’ল-
২) শিক্ষকৰ মাজত সংঘাত : শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতি ঘটোৱা অন্য এটা কাৰক হ’ল শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা সংঘাতময় পৰিবেশ।শিক্ষক-শিক্ষকৰ সংঘাত বা শিক্ষক-প্ৰধান শিক্ষকযঅধ্যক্ষৰ সংঘাত বা শিক্ষক-শিক্ষাৰ্থীৰ সংঘাতে পোনপটীয়াভাৱে শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰে।সংঘাতময় পৰিবেশে শিক্ষকসকলৰ মাজত ভয়,শংকা,উৎকণ্ঠা, হতাশা, বিদ্ধষ আৰু মানসিক চাপ সৃষ্টি কৰে।
Q.3. মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা?
উত্তৰঃ শিক্ষকসকল মানসিকভাৱে স্বাস্থ্যৱান হবই লাগিব।মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকেহে ছাত্ৰ-ছাত্ৰীক যথোপযুক্তভাৱে পথ প্ৰদৰ্শন কৰিব পাৰিব। মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকৰ ক্ষেত্ৰত নিম্নোক্ত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়-
১) মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকে নিজৰ শিক্ষকতা বৃত্তিটোৰ প্ৰতি আগ্ৰহ আৰু সন্মান প্ৰদৰ্শন কৰে।
২) সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰদৰ্শন কৰা আচৰনত গণতান্ত্ৰিক দৃষ্টিভংগী প্ৰতিফলিত হয়।
৩) নিজ6দুৰ্বলতা আৰু ভুল-ক্ৰুটিবোৰ চিনাক্ত কৰিব পৰা ক্ষমতা থাকে।
৪) নিজৰ অভিমত,বিশ্বাস আৰু মনোভাৱত নমনীয়তাৰ ভাৱ থাকে।
Q.4. চমু টোকা লিখা ?
(ক) শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ঘৰখনত ভূমিকা।
উত্তৰঃ ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বিকাশ আৰু সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ঘৰখনে।ঘৰ বা পৰিয়ালক সামাজিক সংৰচনাৰ ভেটি বুলি অভিহিত কৰা হয়।শিশুৰ বৃদ্ধি আৰু বিকাশৰ কঠীয়াতলী হ’ল এই ঘৰখন। এটা শিশু জন্ম হোৱাৰ পিছত পোনপ্ৰথমে ঘৰখন সদস্যসকলৰ সান্নিধ্য লাভ কৰে।মাক-দেউতাক, ককাক- আইতাক,ককাই-ভাই বা বাই-ভনীৰ সান্নিধ্যতে শিশুৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনৰ বুনিয়াদ ৰচিত হয়।শিশুৰ সামাজিক আৰু সাংস্কৃতিক ভেটি ঘৰখনতেই সংৰচিত হয়।ঘৰখন বা পৰিয়ালটোৰ পৰিকাঠামোৰ আধাৰতেই শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ গতি-প্ৰকৃতি নিৰ্ভৰ কৰে।ঘৰখনৰ কথা আহিলেই প্ৰথমে পিতৃ-মাতৃৰ কথাই আহি পৰে যাৰ তত্বাৱধান,মৰম-চেনেহ,শাসন-যত্নত শিশুসকল ডাঙৰ-দীঘল হয়।এটা নৱজাতক শিশুক যিহেতু ঘৰখনেই বিশেষকৈ পিতৃ-মাতৃয়েই প্ৰথমে পায় সেয়েহে তেওঁলোকৰ ভূমিকাই আটাইতকৈ বেছি।পিতৃ-মাতৃৰ চিন্তাধাৰা, আবেগিক পৰিপক্কতা,আচাৰ-ব্যৱহাৰৰ ওপৰতেই শিশুসকলৰ ব্যক্তিত্ব আৰু চৰিত্ৰ যথেষ্ট পৰিমাণে নিৰ্ভৰশীল।মনোবিজ্ঞানীসকলৰ মতে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে সামগ্ৰীক ব্যক্তিত্ব গঠনৰ বুনিয়াদ শৈশৱ কালতেই ৰচিত হয়-যি শৈশৱ কাল শিশুৱে অতিবাহিত কৰে ঘৰখনৰ পিতৃ- মাতৃ, ককাক- আইতাকৰ বুকুৱে পিঠিয়ে উঠি।
দুৰ্ভাগ্যৰ বিষয় ভাৰতবৰ্ষৰ নিচিনা দেশত মানসিক স্বাস্থ্যৰ লগত জড়িত বিষয়বস্তুবোৰ সন্দৰ্ভত যাৱতীয় সচেতনতা আৰু বোধগম্যতা এতিয়াও গঢ় লৈ উঠা নাই।আমাৰ দেশত এতিয়াও স্বাস্থ্য বুলিলে কেৱল শাৰীৰিক স্বাস্থ্যৰ কথাহে বুজা মানুহৰ সংখ্যাই অধিক।মনৰো যে স্বাস্থ্য থাকিব পাৰে, শাৰীৰিক স্বাস্থ্যৰ লগত মানসিক স্বাস্থ্যৰো যে নিবিড় সম্পৰ্ক আছে-এই কথাবোৰ এতিয়াও সৰ্বসাধাৰণ মানুহৰ মাজলৈ যোৱাগৈ নাই।এতিয়াও বহু মাক-দেউতাকে সাধাৰণ জ্বৰ চৰ্দি লাগিলে যিদৰে ডাক্তৰৰ ওচৰলৈ নি ল’ৰা-ছোৱালীক ঔষধ-পাতিৰ ব্যৱস্থা কৰে ঠিক সিমানখিনি গুৰুত্ব দি মানসিকভাৱে ভাগি পৰা প্ৰবল হতাশা আৰু মানসিক অস্বস্তিক ভুগী থকা ল’ৰাটোক বা ছোৱালীজনীক মানসিক চিকিৎসা বা পৰামৰ্শ প্ৰদানৰ কথা কিন্তু নাভাৱে।বহু মাক-দেউতাকে শিশুৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ মাজৰ সম্পৰ্ক বুজি উঠা নাই।ব্যক্তিৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক উপলব্ধি কৰিয়েই বিশ্ব স্বাস্থ্য সংস্থাৰ প্রথম গৰাকী সঞ্চালক প্ৰদান ডাঃ ব্ৰুক চিশ্বল্মএ কৈছিল”মানসিক স্বাস্থ্য অবিহনে প্ৰকৃত শাৰীৰিক স্বাস্থ্য সম্ভৱ নহয়”।ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উন্নতি আৰু অৱনতি ঘটোৱাত ঘৰখনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
খ) শিশুৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা পাঁচটা ঘৰুৱা কাৰক।
উত্তৰঃ ১) দৰিদ্ৰতা : ঘৰখনৰ দৰিদ্ৰতা মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়।দৰিদ্ৰ অৱস্থাৰ কাৰণে বহু মাক-দেউতাকে ল’ৰা -ছোৱালীৰ দৈনন্দিন প্ৰয়োজন সমূহ পুৰণ কৰাত ব্যৰ্থ হয়, দৰকাৰী সময়ত যাৱতীয় চিকিৎসা কৰাব নোৱাৰে।শিশুৰ সামাজিক-সাংস্কৃতিক চাহিদাবোৰ পূৰণৰ বাবে সুবিধা কৰি দিব নোৱাৰে ইত্যাদি।এনেদৰে ঘৰখনৰ অৰ্থনৈতিক দুৰৱস্থাই শিশুক স্বাভাৱিক আৰু স্বাস্থ্যসন্মত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিবেশৰ পৰা বঞ্চিত কৰে।দৰিদ্ৰতাই কোঙা কৰা, দুবেলা দুমুঠি খাদ্যৰ বাবে সংগ্ৰাম কৰা মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সমতাৱনাই অধিক।দৰিদ্ৰতা গ্রাসত পৰি মানুহে দিক-বিদিক হেৰুৱাই পেলায়, ভাল-বেয়া, শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰিবলৈ অপাৰগ হয়,পথজষ্ট হয় আৰু বহু সময়ত মানসিক ভাৰসমতা হেৰুৱাই পেলায়।দৰিদ্ৰতাৰ পৰা উদ্ভত পুষ্টিহীনতাৰ প্ৰভাৱতো মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
২) পৰিয়ালৰ সদস্যৰ আকস্মিক মৃত্যু : ঘৰখনৰ কোনো ঘনিষ্ঠ সদস্য যেনে – মাক-দেউতাক,ককাই-ভাই বা বাই-ভনীৰ আকস্মিক মৃত্যুৱে ব্যক্তিৰ মানসিক স্বাস্থ্য হানি কৰিব পাৰে।মৰম-চেনেহ,আদৰ-যত্নৰে ডাঙৰ-দীঘল কৰা মাক-দেউতাকৰ যদি হঠাতে দুৰ্ঘটনাজনিত বা অন্য কাৰণত মৃত্যু হয় তেতিয়া ল’ৰা ছোৱালীয়ে দিক-বিদিক হেৰুৱাই মানসিকভাৱে উৎকণ্ঠিত আৰু ভাৰসমতাহীন হৈ পৰাটোৱেই স্বাভাৱিক।ওলোটাকৈ পুত্ৰ-কন্যাৰ আকস্মিক বিয়োগত মাক-দেউতাকেও মানসিকভাৱে ভাগি পৰি বিভিন্ন মনোবিজ্ঞানসন্মত জটিলতাৰ সন্মুখীন হবলগীয়াত পৰে।পৰিয়ালৰ নিকট সদস্যৰ আকস্মিক মৃত্যুৱে সৃষ্টি কৰা মানসিক জটিলতাৰ চিকাৰৰ উদাহৰণ বহুত দেখিবলৈ পোৱা যায়।
৩) সামাজিকভাৱে বিচ্ছেদিত ঘৰ : বিভিন্ন কাৰণত পৰিয়াল এটা সমাজৰ পৰা বিচ্ছেদিত বা আতৰি থাকিব পাৰে।পৰিয়ালটোৰ সদস্যৰ কু-কৰ্মৰ কাৰণেই হওক বা পৰিয়ালটোৰ অহংকাৰী আৰু আত্মকেন্দ্ৰীয়কতা মনোভাৱৰ কাৰণেই হওক সামাজিক ভাৱে বৰ্জিত আৰু এঘৰীয়া কৰা পৰিয়ালত ডাঙৰ-দীঘল হোৱা শিশুৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যমূলক সমস্যাৰ উদ্ভৱ হয়।সামাজিকভাৱে বিচ্ছেদিত একাকীকত্বত জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ সদস্যৰ মাজত উদাহীনতা,উৎকণ্ঠা,ৰাগীয়াল দ্ৰব্য সেৱন, মানসিক উন্মাদনা আদি মানসিক স্বাস্থ্যতনিত উপসর্গ দেখিবলৈ পোৱা যায়।সামাজিক একাকীত্বই ব্যক্তিৰ মনত নীচাত্মিকাবোধ আৰু আত্ম-প্ৰত্যয়হীনতাৰ সৃষ্টি কৰি মানসিক স্বাস্থ্য বিশিত কৰিব পাৰে।
৪) দুৰ্ব্যৱহাৰ : ব্যক্তিৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা অন্য এটা ঘৰুৱা কাৰণ হ’ব পাৰে শাৰীৰিক, মানসিক, আবেগিক অথবা যৌন দুববৱিহাৰ।সঘনাই শাৰীৰিকভাৱে অপদস্ত কৰা, মানসিক নিৰ্যাতন, তিৰস্কাৰ,ভৎসনন।আদিয়ে মানুহৰ শৰীৰ আৰু মগজুত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়।দুববৱিহাৰৰ কৱলত পৰা ব্যক্তি বা শিশু মানসিক উদাহীনতা, নীচাত্মিকাবোধ, হতাশাগ্রৰস্ততা আদি সমস্যাত পৰে।ঘৰখনৰ এজন সদস্যৰ সঘন দুবৱিহাৰত অন্য এজন সদস্যৰ মনত জগতখনত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰি বিভিন্ন মানসিক স্বাস্থ্যজনিত সমস্যা যেনে-অনিদ্ৰাৰোগ, আকাকীকত্ব,উৎকণ্ঠা, হতাশাগ্ৰস্ত,অপৰাধবোধ,আবেগিক ভাৰসমতাহীন আদি সৃষ্টি কৰে।
৫) মনোবিজ্ঞান বিৰোধী আচৰণ : ঘৰৰসদস্যৰ মনোবিজ্ঞান বিৰোধী কাৰ্যকলাপে মানসিক স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়।ব্যক্তিৰ,বিশেষকৈ মানসিকতা অনুযায়ী আচৰণ প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে।অপৈনত বয়সৰ শিশুসকলৰ পৰা পৈনত বয়সৰ আচৰণ আশা নকৰাটোৱেই মংগোলজনক। শিশুসকল শিশোৱৈই। শিশুক শিশুমনোবিজ্ঞানৰ জলঙাৰে চাব নাজানিলে সমস্যাৰ উদ্ভৱ হয়।বহুসময়ত মাক-দেউতাকে শিশুৰ সন্মুখত প্রাপ্তবয়স্ক আচৰণৰ মানদণ্ড বলপূৰ্বকভাৱে আৰোপিত কৰি মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে।
(গ) স্বাস্থ্যসন্মত ঘৰুৱা পৰিবেশৰ পাঁচটা গুণাগুণ।
উত্তৰঃ ১) সমতা : সমতা আৰু ন্যায়ৰ আধাৰত প্ৰতিষ্ঠিত পাৰিবাৰিক বাতাবৰণ শিশুসকলৰ মানসিক স্বাস্থ্যৰ বাবে উপযোগী।ঘৰখনৰ সদস্যসকলৰ মাজত সমস্যা আৰু ন্যায় প্ৰতিষ্ঠিত হোৱা উচিত।কোনো সদস্যৰ প্ৰতি কেতিয়াও বৈষম্যমূলক আচৰণ বা অন্যায় প্ৰদৰ্শন কৰিব নালাগে।ল’ৰা-ছোৱালীৰ প্ৰতি মাক-দেউতাকে প্ৰদৰ্শন কৰা বৈষম্যমূলক আচৰণ অতিকৈ মাৰাত্মক এনে আচৰণৰ প্ৰভাৱত বহু ল’ৰা-ছোৱালী হতাশ আৰু অসুখী হৈ পৰে।সেয়েহে মাক-দেউতাকে ল’ৰা-ছোৱালীবোৰৰ মাজত মৰম-চেনেহ আৰু আদৰ যত্নৰ পাৰ্থক্য আনিব নালাগে।কোনোবা এটা ল’ৰাক সামান্য ভুলতে মাৰ-পিঠ কৰি অন্য এটাক ডাঙৰ ভুল কৰাৰ স্বত্তেও আওকান কৰাটো বৈষম্যমূলক আচৰণৰ উদাহৰণ।
২) চাহিদাৰ পূৰণ : ঘৰ এখনৰ সদস্যসকলৰ প্ৰত্যেকৰে কিছুমান নিৰ্দিষ্ট দেহ মানসিক প্ৰয়োজন বা চাহিদা থাকে।খাদ্য,বস্ত্ৰ আদি মৌলিক প্ৰয়োজনবোৰৰ উপৰি অন্যান্য মানসিক প্ৰয়োজন যেনে মৰম-চেনেহ,আৱেগিক নিৰাপত্তা, মনোযোগ, সন্মান, উৎসাহ-উদগনি আদি পূৰণৰ ব্যৱস্থা কৰিব লাগিব।আৱেগিক নিৰাপত্তা আটাইতকৈ ডাঙৰ বস্তু।আৱেগিক আৰু মানসিক চাহিদাবোৰ পূৰণ নহলে বিভিন্ন মানসিক জটিলতাৰ উদ্ভৱ হৈ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।সেয়েহে কোৱা হয় যে এটা সুস্থ আৰু মনোবিজ্ঞানসন্মত ঘৰুৱা পৰিবেশৰ ক্ষেত্ৰত থাকিবলগীয়া এটা অত্যৱশীয় গুণাগুণ হ’ল দেহ মানসিক চাহিদাবোৰ পূৰণৰ সু-ব্যৱস্থা।
৩) নমনীয়তা : এটা সুস্থ আৰু মনোবিজ্ঞানসন্মত ঘৰুৱা বাতাবৰনত থাকিবলগীয়া অন্য এটা গুণাগুণ হ’ল নমনীয়তা।দৃঢ় নিয়মী আৰু কঠোৰ শৃংখলাতাৱদ্ধতাৰ সলনি এৰাধৰা আৰু শিথিলতাপূৰ্ণ বাতাবৰণনতহে ঘৰৰ সদস্যসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত হয়।ঘৰখনত সদস্যসকলৰ মাজৰ চিন্তাধাৰা আৰু আচৰণত নমনীয়তা প্ৰতিফলিত হলেহে প্ৰত্যেক সদস্যই সন্মানিত আৰু আবেগিকভাৱে নিৰাপত্তা অনুভৱ কৰিব পাৰিব।ঘৰখনৰ বাবে উমৈহতীয়া সিদ্ধান্তবোৰ গ্ৰহণ কৰোতে বা সন্মুখত আহি পৰা জটিলতাবোৰৰ সৈতে মুখামুখি হওঁতে এৰা-ধৰা আৰু আত্মত্যাগৰ মনোভাৱৰ প্ৰয়োজন।অকোৰগোজ আৰু মইমতালি স্বভাৱে পৰিয়ালৰ সদস্যসকলৰ মাজত ভাঙোন আৰু উদ্বিগ্নতা কঢ়িয়াই আনে।
৪) দায়ৱবদ্ধতাবোধ : এটা সুস্থ ঘৰুৱা পৰিবেশত থাকিবলগীয়া অন্য এটা বৈশিষ্ট্য হ’ল সদস্যসকলৰ দায়বদ্ধতাবোধ।ঘৰখনৰ প্ৰতিজন সদস্যই নিজ নিজ আচৰণৰ ক্ষেত্ৰত দায়বদ্ধ হোৱা উচিত।দায়বদ্ধতা আৰু কৰ্তব্যবোধ থকা ব্যক্তিৰ ওপৰতহে ঘৰখনৰ আন সদস্যসকলে দৰকাৰী সময়ত ভৰসা কৰিব পাৰিব।দায়বদ্ধতা আৰু কৰ্তব্যবোধৰৰ বেষ্টনিত থকা পৰিয়ালতেহে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুৰক্ষিত হয়।কোনোধৰণৰ আ’ৰ-বেৰ নাৰাখি এক স্বচ্ছ আৰু কৰ্তব্যবোধৰ চানেকিৰে পৰিচালিত ঘৰ এখনত মানসিক স্বাস্থ্যজনিত সমস্যাবোৰ উদ্ভৱেই নহয়।সেয়েহে শিশুসকলৰ মন-মগজুত দায়বদ্ধতাৰ বীজ ৰোপণ কৰাৰ প্ৰয়োজনীয়তা সকলোৱে উপলব্ধি কৰা।উচিত।
৫) পৰ্যাপ্ত স্বাস্থ্য সজাগতা : ঘৰ এখনৰ সদস্যসকলে বিশেষকৈ জ্যেষ্ঠ সদস্যসকল যেনে-মাক-দেউতাক, ককাক-আইতাকে নিজৰ লগতে অন্যসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পৰ্কে সচেতন হ’ব লাগে।তেওঁলোকে শিশুসকলৰ শাৰীৰিক আৰু মানসিক জগতখনৰ প্ৰতিটো খবৰ ৰাখিব লাগিব।শিশুসকলে সন্মখীন হোৱা সৰু বৰ প্ৰতিটো শাৰীৰিক আৰু মানসিক সমস্যাৰ প্ৰতি মনোযোগ দি নিজে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থাও কৰিব লাগিব।এই ক্ষেত্ৰত অভিভাৱকসকলে কৰিবলগীয়া দুটামান কাম এনেধৰণৰ-শিশুসকলৰ আচৰণত পৰিৱৰ্তন দেখিলে অৱজ্ঞা নকৰি মনোযোগ দিয়া’যিমান পাৰি সিমান শিশুৰ আভ্যন্তৰীণ জগতখনলৈ গৈ কথা পাতিবলৈ যত্ন কৰা,প্ৰয়োজন হলে ডাক্তৰৰ ওচৰলৈ নিয়া ইত্যাদি।
৬) যথোপযুক্ত মনোৰঞ্জনৰ ব্যৱস্থা : যথোপযুক্ত মনোৰঞ্জনৰ ব্যৱস্থাই মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে।সেইখন ঘৰকহে স্বাস্থ্যসন্মত বাতাবৰণযুক্ত ঘৰ বুলি কোৱা হ’ব য’ত ইয়াৰ সদস্যসকলৰ মনোৰঞ্জন আৰু অৱসৰকালীন সময় কটাবৰ বাবে পৰ্যান্ত ব্যৱস্থা থাকে।অৱসৰবিনোদমূলক কাৰ্যৱালী যেনে-খেলা-ধূলা, নৃত্য, নাটক,সংগীত, চিনেমা, চিত্ৰাংকণ আদিত অংশগ্ৰহণ কৰিলে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক দেহত নতুন শক্তিৰ সঞ্চাৰ কৰি আমাক উৎকণ্ঠা, হতাশগ্ৰস্ততা, মানসিক অৱসাদ,মনৰ অস্থিৰতা,সংশয় আদিৰ পৰা আঁতৰাই ৰাখে।সেয়েহে এখন আদৰ্শ ঘৰত অৱসৰ বিনোদনমূলক কাৰ্যৱালীৰ চৰ্চাৰ সুবিধা থকাৰ লগতে সদস্যসকলে এনে কাৰ্যৱালীত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰে।
(ঘ) শিশু প্ৰতিপালন ৰীতিৰ শৈলী হিচাপে প্ৰভাৱশালী শৈলী।
উত্তৰঃ প্ৰভাৱশালী শিশু প্ৰতিপালন ৰীতি গণতান্ত্ৰিক প্ৰকৃতিৰ।এই শৈলীত শিশুসকলৰ প্ৰতি অভিভাৱক সংবেদনশীল।প্ৰভাৱশালী শৈলীত শিশুসকলৰ কাৰণে অভিভাৱকে আচৰণৰ মানদণ্ড ঠিক কৰি দিয়ে আৰু সেই মানদণ্ড অনুসৰি আচৰণ কৰিবলৈ শিকিছেনে নাই সেয়া পৰ্যবেক্ষণ কৰে।অৰ্থাৎ কৰণীয় আৰু আকাংক্ষিত আচৰণবোৰ শিশুৰ পৰা দাবী কৰে কিন্তু জোৰ জুলুম নকৰে বা অযথা হস্তক্ষেপ নকৰে।এই শৈলীত অনুশাসন ব্যৱস্থা সহযোগিতামূলক,শান্তিমূলক নহয়।আত্ম অনুশাসনৰ ওপৰতহে গুৰুত্ব দিয়া হয়।বাউমৃন্দৰ অধ্যয়নত পোৱা গৈছে এই শৈলীৰ জড়িয়তে যোগাত্মক ফলাফল বেছিকৈ পোৱা যায়।প্ৰভাৱশালী শৈলীত অভিভাৱকসকল তুলনামূলকভাৱে শিথিল প্ৰকৃতিৰ হয়।ইয়াত শিশুসকলে যথেষ্ট স্বাধীনতা লাভ কৰে।শিশুসকলৰ স্বাধীনচিতিয়া আৰু মৌলিক চিন্তা-চৰ্চাৰ ওপৰত গুৰুত্ব দিয়া হয়।এনে শৈলীত অভিভাৱক আৰু শিশুৰ মাজত এটা উষ্ণ আৰু সংবেদনশীল সম্পৰ্ক গঢ় লৈ উঠে।শিশুসকলৰ শাৰীৰিক আৰু আবেগিক চাহিদবোৰ পূৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এনে শৈলী গণতান্ত্ৰিক চৰকাৰৰ সৈতে মিলে।
প্ৰভাৱশালি শৈলী আৰু ব্যক্তিত্বৰ বিকাশ : শিশু বিশেষজ্ঞসকলৰ মতে,শিশু প্ৰতিপালনৰ আটাইতকৈ উত্তম শৈলীবিধেই হ’ল প্ৰভাৱশালী শৈলী শিশুৰ ব্যক্তিত্বৰ বিকাশত এই শৈলীৰ প্ৰভাৱ নিম্নোক্ত ধৰণৰ-
১) প্ৰভাৱশালী শৈলীৰে ডাঙৰ-দীঘল হোৱা শিশুসকল দক্ষ, সুখী আৰু সফল প্ৰকৃতিৰ হয়।
২) শিশুসকল আবেগিকভাৱে সু-নিয়ন্ত্ৰিত হয়।
৩) শিশুসকল আত্ম-বিশ্বাসী আৰু আত্ম-অভিলাষী প্ৰকৃতিৰ হয়।
৪) এনে শৈলীৰে ডাঙৰ-দীঘল হোৱা শিশুসকল সামাজিকভাৱে কৌশলী প্ৰকৃতিক হয়।
৫) শিশুসকল সু-সিদ্ধান্তকাৰী আৰু দায়বদ্ধ প্ৰকৃতিৰ হয়।
৬) উচ্চ পৰ্যায়ৰ শৈক্ষিক কৃতিত্বৰ অধিকাৰী হয়।
৭) মানসিক স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্ত হয়।
Q.5. মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা ঘৰুৱা কাৰকবোৰ কি কি? আলোচনা কৰা?
( What are the home factors that deteriorate mental health of children)
উত্তৰঃ ঘৰ এখনৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত পৰিয়ালটোৱে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ঠিক তেনেদৰে কিছুমান কাৰণত মানসিক স্বাস্থ্যৰ অৱনতিও ঘটাব পাৰে।ঘৰ এখনে ইয়াৰ বিপৰীতে কেতিয়াবা কিছুমান ক্ষেত্ৰত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থহে কৰি তুলিব পাৰে।তলৰ আলোচনাত মানসিক স্বাস্থ্যৰ অৱনতি ঘটাব পৰা ঘৰৰ লগত জড়িত কেইটামান কাৰক উপস্থাপন কৰা হ’ল-
১) অৱহেলা বা উদাহীনতা : বহু সময়ত দেখা যায় যে পিতৃ মাতৃ বা অন্য জ্যেষ্ঠসকলে ঘৰখনৰ সৰু ল’ৰা-ছোৱালীক অৱহেলা কৰে।কিছুমান মাক-দেউতাকে জীৱন-জীৱিকাৰ কাৰণেই হওক বা ব্যক্তিগত বিলাসিতাৰ কাৰণতে হওক-ইমানেই ব্যস্ত হৈ থাকে যে ল’ৰা-ছোৱালীৰ প্ৰতি মনোযোগ দিবলৈকে আজৰি নাপায়।ল’ৰা-ছোৱালীক কেৱল খাদ্যবস্তুৰ যোগান ধৰিলেই ন’হব।সিঁহতৰ আৱেগিক, মানসিক, সাংস্কৃতিক চাহিদাবোৰৰো খবৰ ৰাখিব লাগিব।এনেদৰে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱেই হওক,শিশুসকলক অৱহেলা কৰিলে সিহঁতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰে।
২) বৈষম্যমূলক আচৰণ : ঘৰখনৰ সদস্যসকলৰ মাজত বৈষম্যমূলক আচৰণ সৃষ্টি হ’লে ব্যক্তিৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে।একোটা ভুলৰ কাৰণে এজনক গালি-গালাজ কৰি অন্য এজনক মৰম-চেনেহ কৰাটো বৈষম্যমূলক আচৰণত শিশুসকল অস্বকস্তিত পৰে আৰু ভাল-বেয়া,শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰিবলৈ অসুবিধাত পৰে। মাক-দেউতাকৰ এনে বৈষম্যমূলক আচৰণত শিশুসকল স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰে বা হতাশাগ্রস্ত হৈ পৰে।মাক-দেউতাকৰ এনে ইচ্ছাকৃত বা অনিচ্ছাকৃত বৈষম্যপূৰ্ণ আচৰণে শিশুৰ মনোজগতখনত বিশৃংখল, বিদ্ধষপূৰ্ণ, নিৰাশবাদী,চিন্তাক্লিষ্ট আৰু সংঘাতৰ দৰে মানসিক উপসর্গৰ সৃষ্টিকৰিব পাৰে।
৩) গাৰ্হস্বাস্থ্য হিংসা : ব্যক্তিৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা অন্য এটা কাৰক হ’ল গাৰ্হস্থ্য হিংসামূলক কাৰ্যকলাপ মাক-দেউতাকৰ মাজত অনবৰতে কাজিয়া- পেচাল,মাৰ- পিট,সামান্য কথাতে ল’ৰা-ছোৱালীক মাৰ-পিট কৰা, অনবৰতে তিৰস্কাৰ কৰি থকা, মাদক দ্ৰব্য সেৱন কৰি ঘৰখনত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা, বিবাহ বিচ্ছেদৰ উপক্রম হোৱা আদি গাৰ্হস্থ্য হিংসাৰ উদাহৰণ।ঘৰা হিংসামূলক কাৰ্যকলাপে মানুহৰ মাজত সমন্ধবোৰ তিক্ততাপূৰ্ণ, উদ্বেগজনক আৰু হতাশাজনক কৰি তোলে।অনবৰতে হাই-কাজিয়া, মাৰ-পিটেৰে ভাৰাক্ৰান্ত ঘৰ এখনৰ সদস্যৰ মাজত বিভিন্ন মানসিক আৰু আবেগিক জটিলতাৰ সৃষ্টি হয়।গাৰ্হস্থ্য হিংসামূলক কাৰ্যকলাপে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটায়।
৪) দৰিদ্ৰতা : ঘৰখনৰ দৰিদ্ৰতাই মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়।দৰিদ্ৰ অৱস্থাৰ কাৰণে বহু মাক-দেউতাকে ল’ৰা-ছোৱালীৰ দৈনন্দিন প্ৰয়োজন সমূহ পূৰণ কৰাত ব্যৰ্থ হয়, দৰকাৰী সময়ত যাৱতীয় চিকিৎসা কৰাব নোৱাৰে।শিশুৰ সামাজিক-সাংস্কৃতিক চাহিদাবোৰ পূৰণৰ বাবে সুবিধা কৰি দিব নোৱাৰে ইত্যাদি।এনেদৰে ঘৰখনৰ অৰ্থনৈতিক দুৰৱস্থাই শিশুক স্বাভাৱিক আৰু স্বাস্থ্যসন্মত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিবেশৰ পৰা বঞ্চিত কৰে।দৰিদ্ৰতাই কোঙা কৰা, দুবেলা দুমুঠি খাদ্যৰ বাবে সংগ্ৰাম কৰা মানুহৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ সমতাৱনাই অধিক।দৰিদ্ৰতাৰ গ্রাসত পৰি মানুহে দিক-বিদিক হেৰুৱাই পেলায়, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰিবলৈ অপাৰগ হয়, পঠজষ্ট হয় আৰু বহু সময়ত মানসিক ভাৰসামতা হেৰুৱাই পেলায়।দৰিদ্ৰতাৰ পৰা উদ্ভুত পুষ্টিহীনতাৰ প্ৰভাৱতো মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
৫) পৰিয়ালৰ সদস্যৰ আকস্মিক মৃত্যু : ঘৰখনৰ কোনো ঘনিষ্ঠ সদস্য যেনে-মাক-দেউতাক, ককাই-ভাই বা বাই-ভনীৰ আকস্মিক মৃত্যুৱে ব্যক্তিৰ মানসিক স্বাস্থ্য হানি কৰিব পাৰে।মৰম-চেনেহ,আদৰ-যত্নৰে ডাঙৰ-দীঘল কৰা মাক-দেউতাকৰ যদি হঠাতে দুৰ্ঘটনাজনিত বা অন্য কাৰণত মৃত্যু হয় তেতিয়া ল’ৰা-ছোৱালীয়ে দিক-বিদিক হেৰুৱাই মানসিকভাৱে উৎকণ্ঠিত আৰু ভাৰসমতাহীন হৈ পোৱাটোৱেই স্বাভাৱিক।ওলোটাকৈ পুত্ৰ-কন্যাৰ আকস্মিক বিয়োগত মাক-দেউতাকেও মানসিকভাৱে ভাঙি পৰি বিভিন্ন মনোবিজ্ঞানসন্মত জটিলতাৰ সন্মুখীন হবলগীয়াত পৰে।পৰিয়ালৰ নিকট সদস্যৰ আকস্মিক মৃত্যুৱে সৃষ্টি কৰা মানসিক জটিলতাৰ চিকাৰৰ উদাহৰণ বহুত দেখিবলৈ পোৱা যায়।
৬) সামাজিকভাৱে বিচ্ছেদিত ঘৰ : বিভিন্ন কাৰণত পৰিয়াল এটা সমাজৰ পৰা বিচ্ছেদিত বা আতৰি থাকিব পাৰে।পৰিয়ালটোৰ সদস্যৰ কু-কৰ্মৰ কাৰণেই হওক বা পৰিয়ালটোৰ অহংকাৰী আৰু আত্মকেন্দ্ৰিকতা মনোভাৱৰ কাৰণেই হওক সামাজিক ভাৱে বৰ্জিত আৰু এঘৰীয়া কৰা পৰিয়ালত ডাঙৰ-দীঘল হোৱা শিশুৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যমূলক সমস্যাৰ উদ্ভৱ হয়।সামাজিকভাৱে বিচ্ছেদিত হৈ আকাকীকত্বত জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ সদস্যৰ মাজত উদাহীনতা, উৎকণ্ঠা, ৰাগীয়াল দ্ৰব্য সেৱন, মানসিক উন্মাদনা আদি মানসিক স্বাস্থ্যতনিত উপসৰ্গ দেখিবলৈ পোৱা যায়।সামাজিক একাকীকত্বই ব্যক্তিৰ মনত নীচাত্মিকাবোধ আৰু আত্ম-প্ৰত্যয়হীনতাৰ সৃষ্টি কৰি মানসিক স্বাস্থ্য বিশ্লেত কৰিব পাৰে।
৭) দুৰ্ব্যৱহাৰ : ব্যক্তিৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা অন্য এটা ঘৰুৱা কাৰণ হ’ব পাৰে শাৰীৰিক, মানসিক, আবেগিক অথবা যৌন দুববৱিহাৰ।সঘনাই শাৰীৰিকভাৱে অপদস্ত কৰা, মানসিক নিৰ্যাতন, তিৰস্কাৰ, ভৎসনন ।আদিয়ে মানুহৰ শৰীৰ আৰু মগজুত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়।দুবৱিহাৰৰ কৱলত পৰা ব্যক্তি বা শিশু মানসিক উদাহীনতা, নীচাত্মিকাবোধ, হতাশাগ্ৰস্ততা আদি সমস্যাত পৰে।ঘৰখনৰ এজন সদস্যৰ সঘনে দুবৱিহাৰৰত অন্য এজন সদস্যৰ মনৰ জগতখনত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰি বিভিন্ন মানসিক স্বাস্থ্যজনিত সমস্যা যেনে-অনিদ্ৰাৰোগ,একাকীকত্ব,উৎকণ্ঠা, হতাশাগ্ৰস্ততা,অপৰাধবোধ,আবেগিক ভাৰসমতাহীনতা আদি সৃষ্টি কৰে।
৮) মনোবিজ্ঞান বিৰোধী আচৰণ : ঘৰৰ সদস্যৰ মনোবিজ্ঞান বিৰোধী কাৰ্যকলাপে ব্যক্তিৰ মানসিক স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। ব্যক্তিৰ, বিশেষকৈ মানসিকতা অনুযায়ী আচৰণ প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে ।অপৈনত বয়সৰ আচৰণ আশা নোকোৰাটোৱেই মংগোলজনক। শিশুসকল শিশোৱোই । শিশুক শিশুমনোবিজ্ঞানৰ জলঙাৰে চাব নাজানিলে সমস্যাৰ উদ্ভৱ হয়।বহুসময়ত মাক-দেউতাকে শিশুৰ সন্মুখত প্ৰাপ্তবয়স্ক আচৰণৰ মানদণ্ড বলপূৰ্বকভাৱে আৰোপিত কৰি মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে।
৯) স্বাধীনতাৰ অভাৱ: কঠোৰ আৰু দৃঢ় অনুশাসন জাপি দি ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰিলে মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।ঘৰৰ জ্যেষ্ঠসকলে বিশেষকৈ মাক-দেউতাকে নিজৰ সন্তানৰ ওপৰত অতিমাত্ৰা শাসন আৰু অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰিবলৈ গলে হিতে-বিপৰীতে হোৱাৰহে সম্ভাৱনা থাকে।মাত্ৰাধিক ভয়,শংকা আৰু আনৰ আগুলিৰ ঠাৰত চলিবলৈ শিকা শিশুৰ মানসিকতা দুৰ্বল প্ৰকৃতিৰ হৈ পৰে।স্বাধীনচিতিয়া আৰু সৃষ্টিশীলতাৰে কাম কৰিবলৈ নোপোৱাৰ ফলত এনেবোৰ শিশু ভয়াতুৰ,মানসিকভাৱে দুৰ্বল, পৰমূখাপেক্ষী আৰু নিৰূৎসাহী প্ৰকৃতিৰ হৈ পৰে।স্বাধীনচিতিয়াভাৱে কাম কৰিবলৈ নাপালে শিশুবোৰৰ শৰীৰ আৰু মনৰ কাৰ্যকলাপবোৰ অকামিলা আৰু জঠৰতাপূৰ্ণ হৈ পৰে।
১০) মানসিক স্বাস্থ্য সম্পৰ্কীয় সচেতনতাৰ অভাৱ : ঘৰখনৰ সদস্যসকলৰ মানসিক স্বাস্থ্য সম্বন্ধীয় সচেতনতাৰ অভাৱ ঘটিলে ব্যক্তিৰ মানসিক স্বাস্থ্য অৱনতি ঘটিব পাৰে।অনুন্নত দেশ আৰু ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত এতিয়াও মানসিক স্বাস্থ্য সম্বন্ধীয় পযণ্ডি সচেতনতাৰ সৃষ্টি হোৱা নাই।বহু মাক-দেউতাকে এতিয়াও ল’ৰা-ছোৱালীৰ শাৰীৰিক স্বাস্থ্য সম্বন্ধীয় বিষয়ত যি তৎপৰতা আৰু সচেতনতা প্ৰদৰ্শন কৰে ঠিক সিমান পৰিমাণৰ তৎপৰতা বা সচেতনতা কিন্তু মানসিক স্বাস্থ্যৰ লগত জড়িত সমস্যাবোৰত প্ৰদৰ্শন কৰিব নোখোজে ।মানসিক স্বাস্থ্য সম্বন্ধীয় জটিলতাবোৰ সদায় উপেক্ষিত আৰু গুৰুত্বহীন হৈ থাকে।ফলত মানসিক স্বাস্থ্য সম্বন্ধীয় উপসর্গবোৰে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়।এনে এক প্ৰেক্ষাপটতে মানসিক স্বাস্থ্য সম্বন্ধীয় সাক্ষাৰতা নামৰ নতুন অৱধাৰনাৰ উৎপত্তি হৈছে।
Q.6. মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা বিদ্যালয়জনিত কাৰকবোৰ কি কি?বর্ণনা কৰা?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ক্ষতি কৰা বিদ্যালয়জনিত কাৰকবোৰ তলত আলোচনা কৰা হ’ল-
১) শৈক্ষিক বোজা : সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ক্ষতি কৰা এটা প্ৰধান কাৰক হ’ল বিদ্যালয়ে জাপি দিয়া শৈক্ষিক বোজা।কোমোলমতিয়া ল’ৰা-ছোৱালীবোৰৰ ওপৰত মাত্ৰাধিক বিষয়বস্তু আৰু শৈক্ষিক কাম-কাজ জাপি দিলে তেওঁলোকৰ ওপৰত মানসিক চীপ পৰে।বিদ্যালয়ে প্ৰদান কৰা শৈক্ষিক বোজা সহিব নোৱাৰি কিছুমান ছাত্ৰ-ছাত্ৰীৰ হতাশাগ্রস্ত আৰু মানসিক ভাৰসমতাহীন হৈ পৰে।শ্ৰেণী কৰ্মৰ নামত বা গৃহ কৰ্মৰ নামতো কিছুমান বিদ্যালয়ে ল’ৰা-ছোৱালীৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়া দেখা যায়।
২) পৰীক্ষাৰ হেঁচা : ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ক্ষতি কৰা অন্যতম বিদ্যালয়জনিত কাৰক হ’ল পৰীক্ষাৰ হেঁচা।পৰীক্ষাৰ নামত সৃষ্টি হোৱা অপ্ৰয়োজনীয় চীপে ল’ৰা-ছোৱালীৰ লগতে অভিভাৱকৰ মাজতো বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়।নম্বৰ আৰু স্থানৰ পিছে পিছে দৌৰ মৰাৰ মানসিকতা সৃষ্টি হোৱাৰ ফলত অসুস্থ প্ৰতিযোগিতাৰ সৃষ্টি হয়।পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ পৰ্যায় ইমানেই অৱনমিত কৰিলে যে ফেইল কৰিলে বা ভবাততকৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰো উদাহৰণ অলেখ।
৩) অনুশাসনমূলক সমস্যা : বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ শৃংখলা আৰু অনুশাসনৰ মাজত ৰখা বা শাসনৰ সম্পূৰ্ণ অনুপস্থিত ৰখা কোনোটোৱেই গ্ৰহণযোগ্য নহয়।কঠোৰ অনুশাসন আৰু শান্তিৰ শংকাই ছাত্ৰ-ছাত্ৰীৰ ভীতি-বি।আৰু মানসিকভাৱে দুৰ্বল কৰি তোলে।ওলোটাকৈ ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনতকৈ অধিক স্বাধীনতা প্ৰদান কৰি বিদ্যালয় পৰিবেশ বিশৃংখল কৰি পেলোৱাটোও অশুদ্ধ কথা।মুঠৰ ওপৰত অনুপযুক্ত অনুশাসন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ লগতে সামগ্ৰীক ব্যক্তিত্বৰ ক্ষতি কৰে।
৪) বৈষম্যমূলক আচৰণ : ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকে প্ৰদৰ্শন কৰা বৈষম্যমূলক আচৰণ আৰু সঙ্গতিহীন কাৰ্যকলাপ মানসিক স্বাস্থ্যৰ পৰিপন্থী।কিছুমান ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকে প্ৰদৰ্শন কৰা অহেতুক প্ৰীতি বা অশুভ আচৰণ গ্ৰহণযোগ্য নহয়।শিক্ষকৰ অসমতাসূচক আৰু অগণতান্ত্ৰীক আচৰণে ছাত্ৰ-ছাত্ৰীৰ মনত অন্ত অন্তৰ্দ্বদ্ধ,হীনমন্যতাবোধ,হতাশা আৰু বিদ্বেষভাৱৰ সৃষ্টি কৰে।
৫) সচেতনতাৰ অভাৱ : বিদ্যালয় শিক্ষক-কৰ্মচাৰীৰ সচেতনতাৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যত আউল লাগিব পাৰে।বিদ্যালয়ৰ মনোবিজ্ঞান বিৰোধী কাৰ্যকলাপে ছাত্ৰ-ছাত্ৰীৰ ক্ষতি সাধন কৰে।ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ খবৰ ৰখাটো বিদ্যালয়ৰ প্ৰাথমিক দায়িত্ব।বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সম্বন্ধীয় নূন্যতম সচেতনতাৰ অভাৱ পৰিলক্ষিত হয়।শিশুৰ শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্যৰ যতন লোৱাটো যে প্ৰয়োজন সেই কথাটো বহু বিদ্যালয়ে উপলব্ধি নকৰে।
৬) শিক্ষকৰ অশিষ্ট আচৰণ : শিক্ষকৰ অশিষ্ট আৰু আমানৱীয় আহৰণে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰে।বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ কঠোৰ আৰু আমানৱীয় আচৰণত ছাত্ৰ-ছাত্ৰীয়ে মানসিক ভাৰসমতা হেৰুৱাই পেলায়।সামান্য দোষতে অভব্য গালি- গালাজ,মাৰ-পিটবা অপমানিত কৰাটো ক্ষতিকৰ।
Q.7. মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা আৰু কাৰ্যৱালী আলোচনা কৰা?
উত্তৰঃ ১)সুস্থ বিদ্যালয় পৰিবেশ : ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰীসকলৰ মানসিক স্বাস্থ্যৰ গতি-প্ৰকৃতি নির্ভৰ কৰে বিদ্যালয়খনৰ পৰিবেশৰ ওপৰত।ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ বিদ্যালয়বোৰত একো একোটা সুস্থ পৰিবেশ সৃষ্টি কৰা উচিত।বিদ্যালয়ৰ পৰিবেশ সকলোধৰণৰ জাতিগত, গোষ্টীগত,ধর্মীয় আৰু লিংগভিত্তিক বিদ্বেষৰ পৰা মুক্ত হ’ব লাগে।এনে বিদ্বেষ আৰু বৈষম্যই ছাত্ৰ-ছাত্ৰীৰ মাজত শংকা,উদ্বেগ আৰু হতাশাৰ ভাৱ সৃষ্টি কৰে।ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ক্ষতিসাধন হয়।সেয়েহে বিদ্যালয়ত এটা মুক্ত, নিৰাপদ আৰু সুহ্ৰদমূলক পৰিবেশ গঢ়ি তুলাটো অতিকে প্রয়োজনীয়।
২) সহ পাঠ্যক্ৰমিক কাৰ্যৱালী : বিদ্যালয়ত পৰিকল্পিত আৰু সুসংগঠিতভাৱে সহ-পাঠ্যক্ৰমিক কাৰ্যৱালী ৰূপায়ণ কৰি ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ পৰা হাত সাৰিব পাৰি।সহ-পাঠ্যক্ৰমিক কাৰ্যৱালীৰ যোগেদি তেওঁলোকৰ শাৰীৰিক, আবেগিক আৰু মানসিক স্বাস্থ্যৰ বিকাশ সাধন কৰিব পাৰি।হতাশা, উৎকণ্ঠাৰ জটিলতাবোৰ নাইকিয়া কৰে আৰু শৰীৰ আৰু মনত শক্তি আৰু উৎসাহ জাগ্ৰত কৰে।সেয়েহে বিদ্যালয়ত বিভিন্ন প্ৰকাৰৰ সহ-পাঠ্যক্ৰমিক কাৰ্যৱালী যেনে খেলা-ধূলা, আলোচনা, তৰ্কসভা, নাটক, সংগীত, নৃত্য, চিত্ৰাংকণ,সাহিত্য চৰ্চা,শিক্ষামূলক ভ্ৰমণ আদিৰ সু-ব্যৱস্থা থকা উচিত।এনে কাৰ্যকলাপে ছাত্ৰ-ছাত্ৰীক শাৰীৰিকভাৱে বিকশিত কৰি তোলাৰ লগতে মানসিক তৃপ্তি আৰু সন্তুষ্টি প্ৰদান কৰে।
৩) ব্যক্তিগতভাৱে মনোযোগ প্ৰদান: অন্য এটা ভূমিকা হ’ল প্ৰতিজন শিক্ষাৰ্থীৰ প্ৰতি ব্যক্তিগতভাৱে মনোযোগ প্ৰদান কৰা।ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাৱে জানিলেহে তেওঁলোকৰ প্ৰত্যেকৰ নিজা নিজা সমস্যা আৰু জটিলতাবোৰ চিনাক্ত কৰিব পৰা যায়।প্ৰত্যেক শিশুৰ ব্যক্তিগত সমস্যা,অসুবিধা, ঘৰুৱা পটভূমি,মানসিক স্থিতি,অৰ্থনৈতিক অৱস্থা আদি শিক্ষকসকলে জানিব লাগে।যিহেতু বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী থকা ডাঙৰ ডাঙৰ শ্ৰেণীবোৰত ব্যক্তিগতভাৱে মনোযোগ প্ৰদান কৰিবলৈ অসুবিধা হয় সেয়েহে শ্ৰেণী সমূহৰ আকাৰ পৰাপক্ষত সৰু হোৱা উচিত।তদুপৰি শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত বিজ্ঞানসন্মত হোৱা উচিত।
৪) পাঠ্যক্ৰমিক কাৰ্যৱালী: তাত্বিক,স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায়। অপ্ৰয়োজনীয় উপাদানেৰে মেদবহুল পাঠ্যক্ৰম মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।সেয়েহে বিদ্যালয়ে প্ৰয়োগিক,গতিশীল আৰু কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।তদুপৰি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে।বহুমুখী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন, ক্ষমতা আৰু উপযোগিতা পৰিতৃপ্ত কৰাটো বিদ্যালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ কৰ্তব্য।
৫) অনুশাসন ব্যৱস্থা : বিদ্যালয়ৰ অনুশাসন ব্যৱস্থাৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে।বিদ্যালয়ৰ অনুশাসন ব্যৱস্থা আভ্যন্তৰীণ আৰু আত্ম-অনুশাসনৰ আধাৰত প্ৰতিষ্ঠিত হ’ব লাগে।কঠোৰ আৰু দমনমূলক অনুশাসন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰে ।অনুশাসনৰ নামত প্ৰদান কৰা কঠোৰ শাস্তি প্ৰদান কৰিলে ছাত্ৰ-ছাত্ৰী ভীতিগ্ৰস্ত, উৎকণ্ঠীত আৰু হতাশগ্ৰস্ত হৈ পৰে আৰু শিক্ষক-,শিক্ষাৰ্থীৰ মধুৰ সম্বন্ধত আউল লাগে।বিদ্যালয়ত যি ধৰণৰ পৰিবেশ সৃষ্টি কৰিলে ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজে নীতি নিয়ম মানি চলি অনুশাসিত হবলৈ চেষ্টা কৰিব আৰু সংযত আচৰণ প্ৰদৰ্শন কৰিব তেনে পৰিবেশ প্ৰদান কৰিবলৈ বিদ্যালয়ে চেষ্টা কৰিব লাগিব।
৬) ঘৰ আৰু বিদ্যালয়ৰ সম্বন্ধ : ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত আৰু বিকশিত কৰি তুলিবৰ কাৰণে ঘৰ আৰু বিদ্যালয়ৰ মাজত সম্বন্ধয় সাধনৰ প্ৰয়োজন।ঘৰখনৰ লগত বিদ্যালয়ৰ সংযোগ সাধন হলেহে ছাত্ৰ-ছাত্ৰীৰ বহু মানসিক জটিলতাৰ সমাধান সূত্ৰ বিচাৰি পোৱা যায়।অভিভাৱক আৰু শিক্ষকসকলে যুটীয়াভাৱে শিশুসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত চকু ৰাখিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
৭) পৰামৰ্শদান ব্যৱস্থা : ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যজনিত বিষয়তবোৰত দিহা পৰামৰ্শ সেৱাৰ ব্যৱস্থা থকা উচিত।এই পৰামৰ্শ দিশত পথ নিৰ্দেশনা প্ৰদান কৰিব পাৰে।পৰামৰ্শ আৰু নিৰ্দেশন ।ব্যৱস্থাক অবিৰত আৰু বিজ্ঞানসন্মত কৰি তুলিবৰ কাৰণে প্ৰশিক্ষণপ্রাপ্ত আৰু দক্ষ পৰামৰ্শদাতা নিযুক্তি দিব লাগে।
৮) যৌন শিক্ষা আৰু নৈতিক শিক্ষা : কিশোৰ-কিশোৰীৰ মানসিক অশান্তি আৰু অস্তিৰতা সৃষ্টি কৰা বেছিভাগ সমস্যাই যৌন আৰু নৈতিক শিক্ষাৰ লগত সম্পৰ্কিত ।যৌন শিক্ষাৰ অভাৱ আৰু নৈতিকতাৰ অবক্ষয়ৰ গ্ৰাসত পৰি বহু ছাত্ৰ-ছাত্ৰী মানসিকভাৱে ভাৰাক্ৰামন্ত আৰু অসুস্থ আচৰণযুক্ত হৈ পৰে।সেয়েহে,বিদ্যালয়ৰ পাঠ্যক্ৰমত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ যৌন শিক্ষা আৰু নৈতিক শিক্ষা প্ৰদান ব্যৱস্থা থাকিব লাগে।
৯) ভাৱ প্ৰকাশৰ স্বাধীনতা : ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়ত মনৰ ভাৱ অনুভূতি প্ৰকাশ কৰিবলৈ স্বাধীনতা প্ৰদান কৰিব লাগে।শিক্ষক-শিক্ষয়িত্ৰীৰ সন্মুখত বা আন ছাত্ৰ-ছাত্ৰীৰ লগত মুকলি মনেৰে কথা-বতৰা পতাৰ পৰিবেশ প্ৰদান কৰাটো অতিকে প্ৰয়োজনীয়।ভাৱ প্ৰকাশৰ স্বাধীনতা আৰু সহ্ৰদতামূলক কথা বতৰাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰে।
Q.8. শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতিৰ কাৰকবোৰ কি কি?( What are the factors that deteriorates teacher’s mental health.)
উত্তৰঃ শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি হ’ব পৰা কাৰকবোৰ এনেধৰণৰ হ’ব পাৰে-
১) শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতিৰ কাৰক : শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰা বিভিন্ন কাৰক দেখিবলৈ পোৱা যায়।সেইকাৰকবোৰ চিনাক্ত কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে শিক্ষকসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰিব পৰা যায়।কাৰণ শিক্ষকৰ মানসিক অসুস্থতাই কেৱল তেওঁলোককে নহয়, দেশৰ সম্পদস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলকো ক্ষতি কৰে।শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰা কেইটামান কাৰক আলোচনা কৰা হ’ল–-
২) অসুস্থ বিদ্যালয় পৰিবেশ : শিক্ষকসকলৰ মানসিক স্বাস্থ্য অৱনতি ঘটোৱা এটা প্ৰধান কাৰক হ’ল অসুস্থ বিদ্যালয় পৰিবেশ।নীতি-নিয়ম নথকা,বিশৃংখল আৰু মানৱীয় সম্পৰ্কবিহীন পৰিবেশযুক্ত বিদ্যালয়ে শিক্ষকৰ স্বাস্থ্য ক্ষতি কৰে ।সহযোগিতা, সহানুভূতি, পাৰস্পৰিক বুজাবুজি আৰু গণতান্ত্ৰিক আদৰ্শৰে পৰিচালিত বিদ্যালযত শিক্ষকসকলৰ কৰ্মোদ্যম আৰু মানসিক সফলতা বৃদ্ধি পায়।
৩) শিক্ষকৰ মাজত সংঘাত : শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতি ঘটোৱা অন্য এক কাৰক হ’ল শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা সংঘাতময় পৰিবেশ ।শিক্ষক-শিক্ষকৰ সংঘাত বা শিক্ষক-প্ৰধান শিক্ষকযঅধ্যক্ষৰ সংঘাত বা শিক্ষক-শিক্ষাৰ্থীৰ সংঘাতে পোনপটীয়াভাৱে শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰে।সংঘাতময় পৰিবেশে শিক্ষকসকলৰ মাজত ভয়,শংকা,উৎকণ্ঠা, হতাশা,বিদ্বেষ আৰু মানসিক চাপ সৃষ্টি কৰে।
৪) কামৰ বুজা : কামৰ অতিৰিক্ত বুজা বা হেঁচাই শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতি ঘটায়।কামৰ প্ৰকৃতি আৰু পৰিমাণৰ অনুপাতে শিক্ষক-কৰ্মচাৰীৰ নিযুক্তিৰ ব্যৱস্থা নকৰিলে শিক্ষকৰ মাজত দায়িত্ব আৰু কৰ্তব্যৰ বব নোৱাৰা বুজা সৃষ্টি হয়।দৈনিক পাঁচ-ছয়টা ক্লাছ কৰাৰ পিছতো বিভিন্ন সহ-পাঠ্যক্ৰমিক কাম-কাজ কৰিবলৈ শিক্ষকসকলৰ বাধ্য কৰিলে তেওঁলোকৰ মানসিক জিৰণি আৰু অৱকাশ নাইকিয়া হয়।এনেধৰণৰ শাৰীৰিক আৰু মানসিক হেঁচাই শিক্ষকসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য জুৰুলা কৰি তোলে।
৫) মনোৰঞ্জন ব্যৱস্থাৰ অভাৱ : শিক্ষকসকলৰ মানসিক স্বাস্থ্য ক্ষতিগ্ৰস্ত কৰা আন এটা কাৰক হ’ল মনোৰঞ্জনমূলক বা অৱসৰ বিনোদনমূলক ব্যৱস্থাৰ অভাৱ।শিক্ষকসকলে অবিৰতভাৱে বিভিন্ন মানসিক কাৰ্যকলাপ সম্পাদন কৰিবলগীয়া হয়।মানসিক বিশ্ৰাম আৰু পুনৰোদীপ্তকৰণে শিক্ষকসকলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখে।কিন্তু ভাৰতীয় শিক্ষানুষ্ঠানবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে বেছিভাগতে শিক্ষকৰ মনোৰঞ্জনমূলক সুবিধাৰ অভাৱ।ফলত শিক্ষকৰ মানসিক চাহিদা আৰু আকাংক্ষাবোৰ অৱদমিত হৈ ৰয়।
৬) কৃতপক্ষৰ দমনশীলতা : বহু বিদ্যালয়ত শিক্ষকসকলৰ ওপৰত উৰ্দ্ধতন কৃতপক্ষই দমন নীতি চলায়।প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে শিক্ষকসকলৰ স্বতন্ত্ৰতা আৰু মৌলিক চিন্তা-চৰ্চিক আওকণীয়া মনোভাৱ প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰা দেখা যায়।শিক্ষকসকলৰ ওপৰত চলোৱা মানসিক নিৰ্যাতন, মানসিক চীপয় ,প্ৰদৰ্শন কৰা অৱহেলা ,ইতিকিং আদিয়ে শিক্ষকসকলৰ মানসিক স্বাস্থ্য ক্ষতি কৰে।কৃতপক্ষৰ দমনশীলতা আৰু মানসিক নিৰ্যাতনে শিক্ষক সমাজৰ মাজত উৎকণ্ঠা আৰু উদাহীনতা সৃষ্টি কৰে।
৭) দৰমহা সম্পৰ্কীয় সমস্যা : দৰমহা সম্পৰ্কীয় সমস্যাইও শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰে।আমাৰ ভাৰতৰ নিচিনা দেশবোৰত শিক্ষকসকলৰ বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় অতি কম পৰিমাণৰ দৰমহা প্ৰদান কৰা হয়।টকা-পইচাৰ সমস্যাই শিক্ষকসকলক ইমানেই কোঙা কৰি পেলায় যে বিদ্যালয়ত শিক্ষাদান কৰিবলৈ তেওঁলোকৰ প্ৰয়োজনীয় মানসিক উদ্যমেই নাথাকে।দ’ছি ধাৰা আৰু যোগেশ যগছানৰ গৱেষণাত পোৱা গৈছে যে চৰকাৰী বিদ্যালয়ৰ তুলনাত বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক-সকলৰ কৰ্মসমতুষ্টি আৰু মানসিক স্বাস্থ্য নিম্ন সত্তৰৰ। আনহাতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকৰ ক্ষেত্ৰতো অনিয়মীয়া দৰমহা আৰু অন্য চাকৰিৰ তুলনাত দৰমহাৰ পৰিমাণ কম হোৱাৰ বাবে কিছুমান জটিলতাৰ সৃষ্টি হয়।
৮) চাকৰিৰ নিৰাপত্তাহীনতা : চাকৰিৰ নিৰাপত্তাহীনতাই বহু শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতি কৰা দেখা যায়।বেচৰকাৰী বিদ্যালয়ত চাকৰি কৰা শিক্ষকসকলৰ লগতে চৰকাৰী বিদ্যালয়ত চুক্তিবদ্ধ হৈ সেৱা আগবঢ়োৱা শিক্ষকসকলে অনবৰতে নিৰপতাহীনতা ভুগিব লগীয়া হয়।এনে শিক্ষকে কোন মুহূৰ্তত চাকৰিৰ পৰা আতৰি আহিবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাথাকে।চাকৰিৰ নিৰাপত্তাহীনতাত সেৱা আগবঢ়োৱা শিক্ষকৰ মানসিক স্বাস্থ্য স্বাভাৱিকতে ভাগি পৰে।
৯) শিক্ষাদান সঁজুলিৰ অভাৱৰ : বিদ্যালয়ত শিক্ষাদান সঁজুলি আৰু অন্যান্য সা-সুবিধাৰ অভাৱতো শিক্ষকৰ মানসিক স্বাস্থ্যৰ ক্ষতি হয়।আমাৰ দেশত এনে বহু বিদ্যালয় আছে য’ত কিছুমান ন্যূনতম শিক্ষাদান সঁজুলি আৰু সা-সুবিধা যেনে ব্লেকবৰ্ড, আচবাব পত্ৰ, পুথিভঁৰাল, পৰীক্ষাগাৰ, আলোচনী আদিৰ অভাৱে শিক্ষকসকলৰ মাজত হতাশা আৰু নৈৰাশ্য ভাৱ সৃষ্টি কৰে।শুনাত আচহুৱা যেন লাগিলেও এইটো কথা।সত্য পৰ্যাপ্ত শিক্ষাদান সঁজুলিৰ অভাৱত শিক্ষকৰ মানসিক স্বাস্থ্য ক্ষতিগ্ৰস্ত হয়।
১০) নিম্ন সামাজিক স্থিতি : শিক্ষকসকলৰ ভগৱানৰ দ্বিতীয় ৰূপ বুলি কোৱা হয় যদিও বহু সমাজত এতিয়াও শিক্ষকসকলৰ সামাজিক মৰ্যাদা সম্ভোষজনক নহয়।এচ, এচ চৌহান নামৰ মনোবিদজনে এটা অধ্যয়নত প্ৰমাণ কৰি থৈছে যে শিক্ষকসকলৰ সামাজিক স্থিতি আৰু পদমৰ্যাদা অতিকে দুখজনক।বিশেষকৈ নিৰক্ষৰ লোকসকলৰ মাজত এই মৰ্যাদা নিম্ন মানৰ ।আনকি শিক্ষিত আৰু তথাকথিত উচ্চশ্ৰেণীৰ লোকসকলৰ দৃষ্টিভঙ্গীতো শিক্ষকসকলৰ সামাজিক স্থিতি আকাংক্ষিত ধৰণৰ নহয়।বহুতো মানুহৰ সামাজিক স্থিতি ধন-সম্পদৰ লেখেৰে চাবলৈ বিচাৰে সমাজৰ এনে মনোভাৱে শিক্ষকৰ মানসিক স্বাস্থ্য আৰু কৰ্মনিষ্ঠাত প্ৰভাৱ পেলায়।
১১) শিক্ষকতা বৃত্তিৰ প্ৰতি আগ্রহীনতা : নথকা স্বত্তেও পৰিস্থিতিৰ বাধ্যবাধকতা জীৱন-নিৰ্বাহৰ উপায় হিচাপে শিক্ষক হোৱাসকলৰ মানসিক স্বাস্থ্য আৰু কৰ্মস্পৃহাৰ অৱনতি ঘটোৱাৱেই স্বাভাৱিক।উচ্চহাৰৰ দৰমহাৰ চাকৰিত নিযুক্তি লভিবলৈ সক্ষম নোহোৱাৰ পিছতহে শেষ আশ্ৰয় হিচাপে শিক্ষকতা বৃত্তি গ্ৰহণ কৰা শিক্ষকৰ সংখ্যা কিন্তু কম নহয়।
ওপৰৰ আলোচিত কাৰকবোৰৰ উপৰি শিক্ষকসকলৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱা অন্য কিছুমান কাৰক হ’ল—
১) পদোন্নতিজনিত সমস্যা।
২) সঘন সমালোচনা।
৩) পৰিবৰ্তিত শৈক্ষিক পৰিৱেশ।
৪) ৰাজনৈতিক হস্তক্ষেপ।
৫) স্বাধীনতাৰ অভাৱ।
Q.9. শিক্ষকৰ মানসিক স্বাস্থ্য অৱনতিৰ কাৰকবোৰ কি কি?
( Explain the role of home in preserving mental health of children)
উত্তৰঃ ব্যক্তিৰ সুষম আৰু সংগতিপূৰ্ণ বিকাশত ঘৰখনৰ ভূমিকা আটাইতকৈ বেছি।ঘৰখনৰ প্ৰদৰ্শিত ব্যক্তিৰ আচৰণ আৰু সৃষ্টি কৰা পৰিবেশৰ জৰিয়তে মানসিক স্বাস্থ্য সম্বন্ধীয় সমস্যাবোৰৰ পৰা হাত সাৰিব পৰা যায়।সদস্যসকলৰ বিশেষকৈ শিশুসকলৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ঘৰখনে বহুমুখী ভূমিকা পালন কৰে।তলৰ আলোচনাত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়াল আৰু ঘৰখনৰ দায়িত্ব আৰু ভূমিকা সন্দৰ্ভত উপস্থাপন কৰা হ’ল –
১) মৌলিক প্ৰয়োজনসমূহৰ পূৰণ : ব্যক্তিৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত ঘৰখনে পালন কৰিবলগীয়া এটা ভূমিকা হ’ল মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰা।মানুহৰ মৌলিক প্ৰয়োজন বুলি কলে অন্ন,বস্তু আৰু বাসস্থান-এই তিনিটাকে বুজোৱা হয়।মানুহৰ এই মৌলিক চাহিদাবোৰ পূৰণ কৰি পৰিয়াল বা ঘৰখনে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য সুৰক্ষিত কৰে।এই বুনিয়াদী চাহিদাবোৰৰ পূৰণ নহলে শৰীৰৰ লগতে মনৰ স্বাস্থ্যৰো ক্ষতি হয়।যথাসময়ত মানুহৰ বুনিয়াদী প্ৰয়োজনবোৰ পূৰণৰ ব্যৱস্থা কৰাটো অতিকে গুৰুত্বপূৰ্ণ।সেয়েহে ঘৰৰ জ্যেষ্ঠ সদস্যসকলে লক্ষ্য ৰাখিব লাগে যাতে কোনো শিশুৱেই এই মৌলিক প্ৰয়োজনবোৰৰ পৰা বঞ্চিত নহয়।
২) মৰম আৰু যত্ন : ঘৰখনেই হ’ল এনেকুৱা এক স্থান য’ত মৰম-চেনেহ,আদৰ-যত্নৰ উমাল পৰশ লাভ কৰি শিশুসকল ডাঙৰ-দীঘল হয়।শান্তিপূৰ্ণ আৰু মৰমৰ আবেষ্টনিযুক্ত ঘৰত মানসিক স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱেই নহয়।মৰম-চেনেহৰ পৰা বঞ্চিত শিশুসকলৰ মাজত মানসিক স্বাস্থ্যজনিত সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায়।সেয়েহে শিশুক সৰুৰে পৰা মৰম-চেনেহৰ মাজত ডাঙৰ-দীঘল কৰিবলৈ মাক-দেউতাক যত্নবান হোৱা উচিত।আবেগিক নিৰাপত্তা আৰু ভাৰসাই শিশুক মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰাখিব পাৰে।
৩) অভিভাৱকৰ সচেতনতা : মানসিক স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া ঘৰখনৰ অন্য এটা ভূমিকা আৰু কাৰ্য হ’ল মানসিক স্বাস্থ্য সম্বন্ধীয় সচেতনতা।ঘৰখনৰ জ্যেষ্ঠ সদস্যসকল বিশেষকৈ মাক-দেউতাকসকল,শিশু আৰু কিশোৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্বন্ধীয় বিষয়বোৰত সচেতন হবই লাগিব।তেওঁলোক মানসিক স্বাস্থ্য সম্বন্ধীয় বিষয়বোৰত প্ৰাথমিক জ্ঞানসমৃদ্ধ হ’ব লাগিব।মানসিক স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ উদ্ভৱ হ’লেই তেওঁলোকে তৎপৰতাৰে প্ৰাথমিক যত্ন আৰু পৰিচৰ্যা প্ৰদৰ্শন কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব।ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণৰ বেলিকা অভিভাৱকৰ সচেতনতা প্ৰাথমিক চৰ্তস্বৰূপ ।
৪) পৰিয়ালৰ সংযোগ প্রক্রিয়া : পৰিয়ালৰ সদস্যসকলৰ মাজত সংযোগ প্ৰক্ৰিয়া সদায় পোনপটীয়া আৰু মুক্ত প্ৰকৃতিৰ হোৱা উচিত।
এই সংযোগ প্ৰক্ৰিয়াৰ যোগেদি এজনে ঘৰখনৰ সদস্যসকলৰ মাজত সংঘটিত এই সংযোগ প্ৰক্ৰিয়াৰ জৰিয়তে সদস্যসকলৰ মাজত বুজা-বুজি মৰম-শ্ৰদ্ধা, দায়বদ্ধতা আদি গঢ় লৈ উঠে।পৰিয়ালৰ সংযোগ ব্যৱস্থা বাধাগ্ৰস্ত হ’লে বিভিন্ন ধৰণৰ ঘৰুৱা সমস্যা যেনে-বিবাহ বিচ্ছেদ, কাজিয়া, আচৰণজনিত সমস্যা উদ্ভৱ হয়।সেয়েহে ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণৰ ক্ষেত্ৰত ঘৰখনৰ সদস্যসকলে পালন কৰিবলগীয়া এটা ভূমিকা হ’ল ঘৰখনৰ এটা পোনপটীয়া আৰু মুকলিমূৰীয়া কথা-বতৰা, ভাৱ-অনুভূতি বিনিময়ৰ পৰিবেশ সৃষ্টি কৰা।
৫) ঘৰখনৰ সামাজিক সংস্পৰ্শ : ব্যক্তিৰ মানসিক স্বাস্থ্য বহু পৰিমানে নিৰ্ভৰ কৰে ঘৰখনৰ সামাজিক সংস্পৰ্শ আৰু স্হিতিৰ ওপৰত।ঘৰখনৰ এটা সামাজিক মনোভাৱ গঢ়ি তুলিব লাগে।সামাজিক সান্নিধ্য আৰু সামাজিক অনন্ত:ক্ৰিয়াই মানুহৰ আবেগিক আৰু মানসিক জীৱন প্ৰফুল্ল আৰু উপভোগ্য কৰি তোলে।সেয়েহে শিশুসকলক সমনীয়াৰ সৈতে খেলিবলৈ সুবিধা দিব লাগে।চৌপাশৰ সামাজিক সমস্যা, বিষয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ঘৰখনৰ সদস্যসকল জড়িত হ’ব লাগে।ওচৰ চুবুৰীয়া আৰু চৌপাশৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰিবেষ্টনীত ডাঙৰ-দীঘল হোৱা শিশুৰ মানসিক স্বাস্থ্য সুস্থ-সবল হোৱাৰ সম্ভাৱনাই অধিক।
৬) দৈনিক কার্যসূচীৰ তালিকা প্ৰস্তুতকৰণ : দৈনিক কার্যসূচীৰ তালিকা মানি চলিলে মনলৈ সংযম আৰু সুস্থিৰতা আহে।ঘৰখনৰ সদস্যসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ কিছুমান দৈনন্দিন কাৰ্যতালিকা বা ৰুটিন যেনে- পুৱা শুই উঠাৰ সময়,গধূলি ঘৰলৈ সময় আদি নিৰ্দিষ্ট সময়মতে হোৱা উচিত।বিশৃংখল আৰু বে-হিচাবি কাম -কাজে শৰীৰ আৰু মনৰ স্বাস্থ্যৰ ক্ষতি কৰে।অৱশ্যে এই দৈনিক কাৰ্যতালিকাত অত্যধিক কঠোৰতা অৱলম্বন নকৰি প্ৰয়োজন আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নমনীয়তা আৰু এৰা ধৰাৰ ব্যৱস্থা থাকিব লাগে।মুঠৰ ওপৰত দৈনিক কাৰ্যতালিকা প্ৰস্তুত আৰু ৰূপায়ণৰ জৰিয়তে ঘৰখনে ব্যক্তিৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পাৰে।
৭) আচৰণৰ নমনীয়তা : নমনীয়তা মানে ঘৰখনৰ সদস্যসকলৰ মাজত কাম-কাজ আৰু চিন্তা চৰ্চাত এৰা-ধৰা আৰু সাল-সলনি কৰাটোকে বুজায়।নীতি নিয়ম আৰু শৃংখলাতাৱদ্ধতাত কঠোৰভাৱে লাগি নাথাকি প্ৰয়োজন সাপেক্ষে নীতি-নিয়ম আৰু শৃংখলাত শিথিলতা প্ৰতিফলিত হ’ব লাগে।মাক-দেউতাক বা আন জ্যেষ্ঠজনৰ আচৰণৰ নমনীয়তা আৰু শিথিলতাত শিশোৱে আশ্রয় আৰু আশ্বাস বিছাৰি পায়।সেয়েহে,অতিমাত্ৰা শৃংখলা আৰু শাসনৰ মাজত শিশুক ডাঙৰ-দীঘল কৰাৰ সলনি স্বাধীন চিন্তা আৰু মুকলিমূৰীয়া পৰিবেশৰ মাজত ৰাখিব লাগে।কিন্তু এটা কথা ঠিক আচৰণৰ নমনীয়তা মানে শাসন আৰু শৃংখলাৰ সম্পূৰ্ণ অস্তিত্বহীনতাক নুবুজায়।শাসনৰ অভাৱত শিশুৰ মানসিক স্বাস্থ্য হানি হোৱাৰহে সম্ভৱনা থাকে।
৮) মানসিক অসুস্থতাৰ চিকিৎসা : মানসিক স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভূগা ঘৰখনৰ সদস্যক প্ৰয়োজন হ’লে বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰাটো ঘৰখনৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে।।আমি যিমানে সাৱধানতা অৱলম্বন নকৰো লাগে; কেতিয়াবা কিছুমান কাৰকৰ প্ৰভাৱত মানসিক স্বাস্থ্য ভাগি পৰিব পাৰে।তেনেক্ষেত্ৰত প্ৰতিকাৰৰ প্ৰশ্নটো আহি পৰে। সেয়েহে পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰত এনে পৰিস্থিতিত সৃষ্টি হ’লে চিকিৎসা বিজ্ঞানৰ সহায় ল’ব লগীয়া হয় সাম্প্ৰতিক সময়ত মানসিক অসুস্থতাৰ চিকিৎসাৰ ক্ষেত্ৰত বহুতো নতুন নতুন কলা-কৌশলৰ উৎপত্তি হৈছে।মুঠৰ ওপৰত, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰখনৰ সদস্যসকলৰ পৰিপক্কতা আৰু তৎপৰতা অত্যন্ত জৰুৰী।
৯) অনুশাসন ব্যৱস্থা : শিশুৰ লগত ঘৰখনৰ আন আন সদস্যৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে ঘৰখনত প্ৰচলিত অনুশাসন ব্যৱস্থাৰ গতি-প্ৰকৃতিৰ ওপৰত।ঘৰখনৰ বাহ্যিক অনুশাসনৰ সলনি আভ্যন্তৰীণ অনুশাসনৰ ব্যৱস্থাহে প্ৰচলন কৰিব লাগে।আভ্যন্তৰীণ অনুশাসন পদ্ধতিত মানুহে আত্ম-উপলব্ধি আৰু আত্ম নিয়ন্তণৰ জিড়িয়তে অনুশাসিত হয়।পিতৃ-মাতৃয়ে জাপি দিয়া দৈহিক শান্তি আৰু কঠোৰ দমন নীতিৰ আধাৰত প্ৰতিষ্ঠিত অনুশাসন ব্যৱস্থাই শিশুৰ মানসিক স্বাস্থ্য ক্ষতি কৰে।
Q.10. ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত শিক্ষকৰ ভূমিকা কি হোৱা উচিত?আলোচনা কৰা?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত শিক্ষকে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে বা কৰা উচিত।ছাত্ৰ-ছাত্ৰীক প্ৰকৃত পথ-নিৰ্দেশনা প্ৰদান কৰি এটা সুস্থ আৰু আকাংক্ষিত বিকাশৰ পথ দেখুৱাবলৈ যাওঁতে মাক-দেউতাক বা ওচৰ চুবুৰীয়া বা আন কৃৰ্তপক্ষসমূহৰ তুলনাত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ অতি ওচৰৰ পৰা পায়।তাতকৈ ডাঙৰ কথা শিক্ষকসকল বিভিন্ন বৃত্তিগত প্ৰশিক্ষণ আৰু সা-সুবিধাৰে পৰিপুষ্ট।অভিজ্ঞতা আৰু মনোবিজ্ঞানৰ জ্ঞানেৰে সমৃদ্ধ এই শিক্ষকসকল শিশুৰ জীৱনৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিও।শিশুকৰ এটা ভুল নিৰ্দেশনাও ছাত্ৰ-ছাত্ৰীয়ে কিন্তু অনায়াসে মানি চলিবলৈ প্ৰয়াস কৰে।পিতৃ-মাতৃ আৰু শিক্ষকৰ দ্বাৰা প্ৰেৰিত নিৰ্দেশনাৰ মাজত যদি কেতিয়াবা সংঘাতৰো সৃষ্টি হয় তেতিয়াও শিশুৰ মানসিতাই কিন্তু অগ্ৰাধীকাৰ প্ৰদান কৰে শিক্ষকসকলৰ নিৰ্দেশনাতহে ।বিদ্যালয়ত ভুলকৈ শিকাই পঠোৱা কথাও শিশুসকলৰ কাৰণে শিলৰ ৰেখা।মাক-দেউতাকে হেজাৰ বাৰ শুদ্ধ কৰি দিলেও শিশুৱে মানি নলয়।শিক্ষকৰ কথাখিনিহে আখৰে আখৰে পালন কৰিবলৈ শিশুসকল যেন বদ্ধপৰিকৰ।
ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ লগতে বিকাশৰ ক্ষেত্ৰত শিক্ষকসকলে পালন কৰিব লগীয়া ভূমিকা আৰু কাৰ্যৱালীবোৰ উপস্থাপন কৰা হ’ল-
১) শ্ৰেণীকোঠাত পাঠদান কৰোতে শিক্ষকে এটা গণতান্ত্ৰিক পৰিবেশ সৃষ্টি কৰিব লাগে।সমতা, ন্যায় আৰু সহযোগিতাৰ আধাৰত ৰচিত এক মুকলিমূৰীয়া পৰিবেশত পাঠদান কৰিব লাগে।
২) শিক্ষকে শ্ৰেণীকোঠাত একো একোজন মৰমিয়াল আৰু দয়ালু ব্যক্তিৰ ৰূপত অৱতীণ হব লাগে শিক্ষকসকলৰ মৰমৰ আৰু আবেগৰ টানত ছাত্ৰ-ছাত্ৰীৰ বহু জটিল সমস্যা সমাধান হৈ যায়।
৩) শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নিজৰ ভাৱ-অনুভূতি প্ৰকাশ কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে।অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পোনপটীয়া সম্পৰ্ক প্ৰতিষ্ঠা কৰিব লাগে।
৪) ছাত্ৰ-ছাত্ৰীক সহ-পাঠ্যক্ৰমিক কাৰ্যৱালীত অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰিব লাগে।এইক্ষেত্ৰত দক্ষ আৰু আগৰণুৱা শিক্ষকসকলে গুৰি ধৰিব লাগে।
৫) শিক্ষকে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰৰ উপৰি ব্যক্তিগত আৰু বৃত্তিগত দিশত পথ প্ৰদৰ্শন বা পৰামৰ্শদাতা হিচাপে সহায় কৰিব লাগে।
৬) ঘৰ আৰু বিদ্যালয়ৰ মাজত সমন্বয় স্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যতনিত সমস্যাবোৰ উমৈহতীয়াভাবে সমাধান কৰিবলৈ যত্ন কৰিব লাগে।
৭) শিক্ষকে ছাত্ৰ-ছাত্ৰীক কঠোৰ আৰু দৃঢ় অনুশাসনৰ বান্ধোনত ৰাখিব নালাগে।আত্ম-অনুশাসনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে।
৮) ছাত্ৰ-ছাত্ৰীক অত্যধিক সমালোচনা বিশেষকৈ আন ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কৰিব নালাগে।ব্যক্তিগতভাবে মাতি আনিহে ভুল ক্ৰুটিবোৰ আঙুলিয়াই দেখুৱাব লাগে।
৯) মানসিক অসুস্থতাত ভোগা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰি বিশেষজ্ঞ ডাক্তৰৰ হতুৱাই চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
১০) ছাত্ৰ-ছাত্ৰীৰ আবেগিক আৰু মানসিক চাহিদাবোৰ পূৰণ কৰিবলৈ যত্ন কৰিব লাগিব।
১১) ছাত্ৰ-ছাত্ৰীসকলক নৈতিক আৰু মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগিব।
১২) ছাত্ৰ-ছাত্ৰীক মানসিক স্বাস্থ্যৰ গুৰুত্ব, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা,মানসিক অসুস্থতাৰ কাৰণ, মানসিক অসুস্থতাৰ ফলাফল আদি বিষয়বোৰৰ সম্যক জ্ঞান প্ৰদান কৰিব লাগিব।
১৩) সমাজৰ মাজতো মানসিক স্বাস্থ্য সম্বন্ধীয় সচেতনতা সৃষ্টি কৰিব লাগিব।
১৪) ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধনৰ ব্যৱস্থা কৰিব লাগিব।কাৰণ শাৰীৰিক স্বাস্থ্যইহে মানসিক স্বাস্থ্য নিৰ্ধাৰণ কৰে।
১৫) শিক্ষাদানৰ আধুনিক আৰু মনোবিজ্ঞানসন্মত পদ্ধতিৰ ব্যবহার কৰিব লাগে।খেলভিত্তিক পদ্ধতি, কৰ্মকেন্দ্ৰিক পদ্ধতি, প্ৰকল্প পদ্ধতি, মন্টেশ্বৰী পদ্ধতি আদি আধুনিক পদ্ধতিৰে শিক্ষাদান কৰিব লাগে।
১৬) শিক্ষকে কোনো কাৰণতে ছাত্র-ছাত্ৰীৰ মাজত তুলনা কৰি দেখুৱাব নালাগে।
১৭) শিক্ষকে পক্ষপতিত্বমূলক আচৰণ প্ৰদৰ্শন নকৰি সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰতি নিৰপেক্ষ দৃষ্টিভঙ্গীৰে আচৰণ কৰিব লাগে।
১৮) ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বোজা জাপি দিব নালাগে।
Q.11. বিদ্যালয়ৰ শিক্ষকৰ মানসিক স্বাস্থ্য উন্নতি কেনেকৈ কৰিব পৰা যায়?কিছুমান পৰামৰ্শ দিয়া?
উত্তৰঃ শিক্ষকসকলৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰিব পৰা কিছুমান ব্যৱস্থা উপস্থাপন কৰা হ’ল-
১) আন্ত:ব্যক্তি সম্পৰ্কৰ উন্নয়ন : বিদ্যালয় এখনৰ সফলতা নিৰ্ভৰ কৰে ইয়াৰ শিক্ষক-কৰ্মচাৰী, প্ৰধান শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ় লৈ উঠা সুস্থ আন্ত:সম্পৰ্কৰ ওপৰত।বিদ্যালয়ৰ বিভিন্ন পক্ষৰ মাজত গঢ় লৈ উঠা ভুল বুজাবুজি আৰু মানসিক দূৰত্ব হ্ৰাস কৰিবৰ কাৰণে সঘনাই সভা-সমিতি, বনভোজ,খেলা-ধূলা আদি অনুষ্ঠিত কৰিব লাগে।আন্ত:ব্যক্তি সম্পৰ্কৰ ওচৰতে শিক্ষকসকলৰ মানসিক স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল।
২) বৃত্তিগত উন্নতিৰ ব্যৱস্থা : শিক্ষকসকলৰ মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে তেওঁলোকেৰ সমৃদ্ধ কৰিবলৈ কৰ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে।তুদুপৰি পৰীক্ষা-নিৰীক্ষা কৰিবৰ বাবে উপযুক্ত পৰীক্ষাগাৰ ,পুথিভঁৰাল সু-ব্যৱস্থা, গৱেষণামূলক কাম-কাজৰ সুবিধা আদিৰ জৰিয়তে সুফল লাভ কৰা হয়।
৩) বিনোদনমূলক কাৰ্যৱালীৰ সুবিধা : বিদ্যালয়বোৰত শিক্ষক-কৰ্মচাৰীসকলৰ কাৰণে বিনোদনমূলক কাৰ্যৱালীৰ পৰ্যাপ্ত সা-সুবিধা থাকিব লাগে।দিনযোৰা কৰ্মব্যস্ততাৰ মাজে মাজে শৰীৰ আৰু মনৰ উজ্জীৱিতকৰণৰ কাৰণে কৰিলে ভাল।বিনোদনমূলক কাৰ্যাৱলীয়ে শিক্ষকৰ মানসিক স্বাস্থ্য সুকলমে ৰাখে আৰু নতুন উদ্যমেৰে কাম কৰি যাবলৈ শক্তিৰ সঞ্চাৰ কৰে।
৪) বিত্তীয় অৱস্থাৰ উন্নতিকৰণ : শিক্ষকসকলৰ বিত্তীয় অৱস্থা টনকিয়াল আৰু সন্তোষজনক কৰি তুলিব পাৰিলে মানসিক স্বাস্থ্যভনিত বহু সমস্যা স্বৰ্তমুকৃতভাৱে নাইকিয়া হৈ যাব।ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা সন্মানজনকভাৱে বৃদ্ধি কৰিব লাগে।তদুপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক উচ্চ হাৰৰ দৰমহা প্ৰদানৰ লগতে অন্যান্য সা-সুবিধা যেনে চিকিৎসা সুবিধা, বাসস্থানৰ সুবিধা,ভ্ৰমণ বানচৰ ব্যৱস্থা আদিৰ বন্দোবস্ত কৰিব লাগে মুঠৰ ওপৰত শিক্ষকসকলক অর্থনৈতিক নিৰাপত্তা প্ৰদান কৰিব লাগে।
৫) বিদ্যালয়ৰ পৰিবেশ : যিহেতু বিদ্যালয়ৰ পৰিবেশে শিক্ষকসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেয়েহে বিদ্যালয়বোৰত একো একোটা সুস্থ পৰিবেশ সৃষ্টি কৰিব লাগে।সমতা, ন্যায় আৰু সহযোগিতাৰ আদৰ্শৰে পৰিবেষ্টিত গণতান্ত্ৰিক পৰিবেশ সৃষ্টি কৰি তুলিলে মানসিক স্বাস্থ্যজনিত বহু সমস্যাৰ পৰা হাত সাৰিব পাৰি।বিদ্যালয়ত বৈষম্যহীন এটা পৰিবেশ সৃষ্টি কৰি সকলোৱে মুকলি মনেৰে আনন্দময় পৰিবেশত কাম কৰিবলৈ পাব লাগে।
৬) চাকৰিৰ নিৰাপত্তা প্ৰদান : ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক চাকৰিৰ নিৰাপত্তাহীনতাত ভোগা শিক্ষকসকলক নিৰাপত্তা প্ৰদান কৰি মনৰ ভয় শংকা আঁতৰাব লাগিব।চাকৰিৰ নিৰাপত্তাই শিক্ষকক কৰ্মসন্তুষ্টি প্ৰদান কৰে।শিক্ষকসকলৰ সৃষ্টিশীলতা আৰু সফলতাক উৰ্ধতন কৃতপক্ষই স্বীকৃতি প্ৰদান কৰিব পাৰিব লাগিব।উৎকৃষ্ট সেৱা প্ৰদান কৰা শিক্ষকসকলক পুৰস্কাৰ, পদোন্নতি, প্ৰসংশা প্ৰদানৰ ব্যৱস্থা থাকিব লাগে।
৭) আলোচনাচক্ৰ ,কৰ্মশালা আৰু অধিবেশন : শিক্ষকসকলে সঘনাই আলোচনাচক্ৰ,কৰ্মশালা, অধিবেশন আদিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা উচিত।এনেধৰনৰ বিদ্যায়তনিক মঞ্চত শিক্ষক সকলৰ সমস্যা আৰু প্ৰত্যাহ্বান বোৰ আলোচিত হোৱাৰ উপৰি শেহতীয়া শৈক্ষিক আৰু প্ৰযুক্তিবিদ্যাগত ধাৰাবোৰৰ সৈতে তেওঁলোক পৰিচিত হৈ পৰে।তদুপৰি শিক্ষকসকলৰ আত্মবিশ্বাস, আত্মমৰ্যাদা,সংযোগ কৌশল, সামাজিক মনোভাৱ বৃদ্ধিত ইবোৰৰ প্ৰভাৱ মন কৰিবলগীয়া।
৮) সামাজিক মৰ্যাদা বৃদ্ধি : শিক্ষকসকলৰ মানসিক স্বাস্থ্য আৰু কৰ্মনিষ্ঠাৰ বিকাশৰ কাৰণে তেওঁলোকৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰিব লাগিব।সমাজৰ সৰ্বসাধাৰণ লোকৰ মাজত শিক্ষকতা বৃত্তিটোৰ মান-মৰ্যাদাৰ সঠিক মূল্যায়ন হ’ব লাগিব।সমাজৰ মানসিকতাৰ পৰিৱৰ্তন সাধন কৰি শিক্ষকসকলৰ সামাজিক স্থিতি আৰু সন্মান টকা-পইচা আৰু ধন সম্পদৰ লেখেৰে চাবলৈ এৰিব লাগিব।
৯) কামৰ বোজা হ্ৰাসকৰণ : শিক্ষকসকলৰ কামৰ বোজা হ্ৰাস কৰিব লাগিব।ওপৰে ওপৰে চালে শিক্ষকৰ কাম দুই তিনিটা ক্লাচ কৰাতে শেষ যেন লাগে।কিন্তু গভীৰভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে নিয়মীয়া ক্লাছ কৰাৰ উপৰি শিক্ষকে বিভিন্ন প্ৰশাসনিক, বিত্তীয় আৰু সামাজিক দায়-দায়িত্ব পালন কৰিব লগীয়া হয়।আজিকালি প্ৰচলিত অবিৰত আৰু সামগ্ৰীক মূল্যয়নৰ ক্ষেত্ৰত শিক্ষকসকলে পৰীক্ষা সংক্ৰান্তীয় কামকাজবোৰ অনবৰতে কৰিয়েই থাকিবলগীয়া হয়।তদুপৰি চৰকাৰে সময়ে সময়ে দিয়া লোকপিয়ল,সামাজিক জৰীপ,নিবচীনি কাম-কাজৰ বোজাবোৰ আছেই।এনেধৰণৰ বহুমুখী আৰু পীড়াদায়ক কাম-কাজৰ বোজা হ্ৰাস কৰাটো অতিকে প্ৰয়োজনীয় কথা।
Q.12. মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা?
উত্তৰঃ শিক্ষকসকলে মানসিকভাৱে স্বাস্থ্যৱান হবই লাগিব।মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকেহে ছাত্ৰ-ছাত্ৰীক যথোপযুক্ত পথ প্ৰদৰ্শন কৰিব পাৰিব।মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকৰ ক্ষেত্ৰত নিন্মোক্ত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়-
১) মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকে নিজৰ শিক্ষকতা বৃত্তিটোৰ প্ৰতি আগ্ৰহ আৰু সন্মান প্ৰদৰ্শন কৰে।
২) সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰদৰ্শন কৰা আচৰণত গণতান্ত্ৰিক দৃষ্টিভংগী প্ৰতিফলিত হয়।
৩) নিজৰ দুৰ্বলতা আৰু ভুল-ক্ৰুটিবোৰ চিনাক্ত কৰিব পৰা ক্ষমতা থাকে।
৪) নিজৰ অভিমত,বিশ্বাস আৰু মনোভাবত নমনীয়তাৰ ভাৱ থাকে।
৫) শ্ৰেণীকোঠাৰ ভিতৰে-বাহিৰে ৰসিক আচৰণ প্ৰদৰ্শন কৰে।
৬) শ্ৰেণীকোঠাত পাঠদান কৰিবলগীয়া বিষয়বস্তুৰ ওপৰত পৰ্যাপ্ত জ্ঞান থাকে।৭)ছাত্ৰ-ছাত্ৰী বা অন্য সহকৰ্মীয়ে কৰা ভাল কামৰ প্ৰশংসা কৰিব পাৰে।
৮) সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ থাকে।
৯) প্ৰচলিত নীতি-নিয়ম আৰু পৰম্পৰাৰ প্ৰতি আনুগত্য ভাৱ থাকে।
১০) সহকৰ্মীসকলৰ সৈতে সহযোগিতা, বন্দুত্বপূৰ্ণ আৰু বুজাপৰাৰ ভাৱ থাকে।
১১) ছাত্ৰ-ছাত্ৰীৰ প্ৰতি মৰম, চেনেহ আৰু আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ কৰে।
১২) নিজৰ চিন্তা আৰু কৰ্ম বাস্তৱৰ আধাৰত প্ৰতিষ্ঠিত।
Q.13. স্বাস্থ্যসন্মত ঘৰুৱা পৰিবেশৰ গুণাগুণবোৰ বর্ণনা কৰা?
( Describe Qualities of Healthy Home Environment )
উত্তৰঃ এটা স্বাস্থ্যসন্মত ঘৰুৱা বাতাবৰণৰ ক্ষেত্ৰত প্ৰতিফলিত হ’বলগীয়া গুণাগুণ বা বৈশিষ্ট্যবোৰ উপস্থাপন কৰা হ’ল—
১) মুক্ত আৰু প্ৰত্যক্ষ সংযোগ : মানসিক স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পৰা পৰিবেশৰ এটা গুণাগুণ হ’ল সদস্যসকলৰ মাজত মুক্ত আৰু প্ৰত্যক্ষ সংযোগ।ঘৰ এখনৰ মাজত সদায় খেলা-ধূলা আৰু পোনপটীয়াভাৱে ভাৱ-অনুভূতিৰ আদান-প্ৰদান হোৱা উচিত।তেতিয়াহে প্ৰত্যকে প্ৰত্যকেৰে প্ৰয়োজন, ইচ্ছা বা আকাংক্ষাবোৰ উপলদ্ধি কৰিব পাৰিব।সদস্যসকলৰ মাজত অস্পষ্ট আৰু কথাখিনি পোনপটীয়া আৰু স্পষ্ট ভাষাৰে কোৱা উচিত।পৰোক্ষ সংযোগে মানসিক ব্যৱধান সৃষ্টি কৰে।দেউতালৈ ভয় কৰি পুতেকে নিজৰ প্ৰয়োজন বা অভীসাবোৰ পৰোক্ষভাৱে মাকৰ জৰিয়তে ব্যক্ত কৰাটো মনোবিজ্ঞানবিৰোধী কথা।
২) নমনীয়তা : এটা সুস্থ আৰু মনোবিজ্ঞানসন্মত ঘৰুৱা বাতাবৰণত থাকিবলগীয়া অন্য এটা গুণাগুণ হ’ল নমনীয়তা।দৃঢ় নিয়মী আৰু কঠোৰ শৃংখলাৱদ্ধতাৰ সলনি এৰাধৰা আৰু শিথিলতাপূৰ্ণ বাতাবৰণনতহে ঘৰৰ সদস্যসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত হয়।ঘৰখনত সদস্যসকলৰ মাজৰ চিন্তাধাৰা আৰু আবেগিকভাৱে নিৰাপত্তা অনুভৱ কৰিব পাৰিব। ঘৰখনৰ বাবে উমৈহতীয়া সিদ্ধান্তবোৰ গ্ৰহণ কৰোতে বা সন্মুখত আহি পৰা জটিলতাবোৰৰ সৈতে মুখামুখি হওঁতে এৰা-ধৰা আৰু আত্মত্যাগৰ মনোভাৱৰ প্ৰয়োজন। আকুৰগোজ আৰু মইমতালি স্বভাৱে পৰিয়ালৰ সদস্যসকলৰ
৩) সদস্যসকলৰ স্বাধীনতা : ঘৰুৱা পৰিবেশত থাকিবলগীয়া অন্য এটা গুণাগুণ হ’ল ঘৰখনৰ সদস্যসকলৰ স্বতন্ত্ৰতা।কৰিবলৈ আৰু নিজৰ মনোভাৱ ব্যক্ত কৰিবলৈ সুবিধা পাব লাগে।ঘৰখনৰ জ্যেষ্ঠ আৰু প্ৰভাৱশালী ব্যক্তি যেনে মাক-দেউতাক বা ককাক-আইতাকৰ দমনীয়তা আৰু অবাঞ্চিত হস্তক্ষেপৰ প্ৰভাৱত শিশুসকল ভীষণ অসুখী আৰু উৎকণ্ঠিত হৈ পৰে।মত প্ৰকাশ আৰু কৰ্ম সম্পাদনৰ স্বাধীনতাই ঘৰৰখনত এটা আনন্দময় আৰু শান্তিপূৰ্ণ পৰিবেশ ৰচনা কৰিব পাৰে।স্বাধীনচিতীয়া মানসিকতাৰ শিশুসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত হয়।
৪) সমতা : সমতা আৰু ন্যায়ৰ আধাৰত প্ৰতিষ্ঠিত পাৰিবাৰিক বাতাবৰণ শিশুসকলৰ মানসিক স্বাস্থ্যৰ বাবে উপযোগী।ঘৰখনৰ সদস্যসকলৰ মাজত সমতা আৰু ন্যায় প্ৰতিষ্ঠিত হোৱা উচিত।কোনো সদস্যৰ প্রতি কেতিয়াও বৈষম্যমূলক আচৰণ বা অন্যায় প্ৰদৰ্শন কৰিব নালাগে।ল’ৰা-ছোৱালীৰ প্ৰতি মাক-দেউতাকে প্ৰদৰ্শন কৰা বৈষম্যমূলক আচৰণ অতিকে মাৰাত্মক এনে আচৰণৰ প্ৰভাৱত বহু ল’ৰা-ছোৱালী হতাশ আৰু অসুখী হৈ পৰে। সেয়েহে মাক-দেউতাকে ল’ৰা-ছোৱালীবোৰৰ মাজত মৰম-চেনেহ আৰু আদৰ যত্নৰ পাৰ্থক্য আনিব নালাগে।কোনোবা এটা ল’ৰাক সামান্য ভুলতে মাৰ-পিট কৰি অন্য এটাক ডাঙৰ ভুল কৰা স্বত্বেও আওকাণ কৰাটো বৈষম্যমূলক আচৰণৰ উদাহৰণ।
৫) চাহিদাৰ পূৰণ : ঘৰএখনৰ সদস্যসকলৰ প্ৰত্যেকৰে কিছুমান নিৰ্দিষ্ট দেহ মানসিক প্ৰয়োজন বা চাহিদা থাকে।খাদ্য,বস্ত্ৰ আদি মৌলিক প্ৰয়োজনবোৰৰ উপৰি অন্যান্য মানসিক প্ৰয়োজন যেনে মৰম-চেনেহ আবেগিক নিৰাপত্তা, মনোযোগ, সন্মান, উৎসাহ-উদগনি আদি পূৰণৰ ব্যৱস্থা কৰিব লাগিব।আবেগিক নিৰাপত্তা আটাইতকৈ ডাঙৰ বস্তু।আবেগিক আৰু মানসিক চাহিদাবোৰ পূৰণ নহলে বিভিন্ন মানসিক জটিলতাৰ উদ্ভৱ হৈ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।সেয়েহে কোৱা হয় যে এটা সুস্থ আৰু মনোবিজ্ঞানসন্মত ঘৰুৱা পৰিবেশৰ ক্ষেত্ৰত থাকিবলগীয়া এটা অত্যাৱশ্যকীয় গুণাগুণ হ’ল দেহ মানসিক চাহিদাবোৰ পূৰণৰ সু-ব্যৱস্থা।
৬) দায়বদ্ধতাবোধ : এটা সুস্থ ঘৰুৱা পৰিবেশত থাকিবলগীয়া অন্য এটা বৈশিষ্ট্য হ’ল সদস্যসকলৰ দায়বদ্ধতাবোধ ।ঘৰখনৰ প্ৰতিজন সদস্যই নিজ নিজ আচৰণৰ ক্ষেত্ৰত দায়বদ্ধ হোৱা উচিত।দায়বদ্ধতা আৰু কৰ্তব্যবোধ থকা ব্যক্তিৰ ওপৰতহে ঘৰখনৰ আন সদস্যসকলে দৰকাৰী সময়ত ভৰসা কৰিব পাৰিব।দায়বদ্ধতা আৰু কৰ্তব্যবোধৰ বেষ্টনিত থকা পৰিয়ালতহে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুৰক্ষিত হয়।কোনোধৰণৰ আ’ৰ-বেৰ নাৰাখি এক স্বচ্ছজনিত সমস্যাবোৰ উদ্ভৱেই নহয়।সেয়েহে শিশুসকলৰ মন-মগজুত দায়বদ্ধতাৰ বীজ ৰোপন কৰাৰ প্ৰয়োজনীয়তা সকলোৱে উপলদ্ধি কৰা উচিত।
৭) পৰ্যাপ্ত স্বাস্থ্য সজাগতা : ঘৰএখনৰ সদস্যসকলে বিশেষকৈ জ্যেষ্ঠ সদস্যসকল যেনে-মাক-দেউতাক, ককাক-আইতাকে নিজৰ লগতে অন্যসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পৰ্কে সচেতন হ’ব লাগে।তেওঁলোকেৰ শিশুসকলৰ শাৰীৰিক আৰু মানসিক জগতখনৰ প্ৰতিটো খবৰ ৰাখিব লাগিব।শিশুসকলে সন্মুখীন হোৱা সৰু বৰ প্রতিটো শাৰীৰিক আৰু মানসিক সমস্যাৰ প্ৰতি মনোযোগ দি নিজে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থাও কৰিব লাগিব।এই ক্ষেত্ৰত অভিভাৱকসকলে কৰিবলগীয়া দুটামান কাম এনেধৰণৰ -শিশুসকলৰ আচৰণত পৰিৱৰ্তন দেখিলে অৱজ্ঞা নকৰি মনোযোগ দিয়া,যিমান পাৰি সিমান শিশুৰ আভ্যন্তৰীণ জগতখনলৈ গৈ কথা পাতিবলৈ যত্ন কৰা, প্ৰয়োজন হলে ডাক্তৰৰ ওচৰলৈ নিয়া ইত্যাদি।
৮) যথোপযুক্ত মনোৰঞ্জনৰ ব্যৱস্থা : যথোপযুক্ত মনোৰঞ্জনৰ ব্যৱস্থাই মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে।সেইখন ঘৰকহে স্বাস্থ্যসন্মত বাতাবৰণযুক্ত ঘৰ বুলি কোৱা হ’ব য’ত ইয়াৰ সদস্যসকলৰ মনোৰঞ্জন আৰু অৱহৰকালীন সময় কটাবৰ বাবে পৰ্যাপ্ত ব্যৱস্থা থাকে।অৱসৰ বিনোদনমূলক কাৰ্যৱালী যেনে- খেলা-ধূলা, নৃত্য, নাটক, সংগীত, চিনেমা, চিত্ৰাংকণ আদিত অংশগ্ৰহণ কৰিলে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক সতেজতা সৃষ্টি হয়।মনোৰঞ্জনমূলক কাৰ্যৱালীয়ে আমাৰ দেহত নতুন শক্তিৰ সঞ্চাৰ কৰি আমাক উৎকণ্ঠা, হতাশগ্ৰস্ততা ,মানসিক অৱসাদ,মনৰ অস্থিৰতা,সংশয় আদিৰ পৰা আঁতৰাই ৰাখে।সেয়েহে এখন আদৰ্শ ঘৰত অৱসৰ বিনোদনমূলক কাৰ্যৱালীৰ চৰ্চাৰ সুবিধা থকাৰ লগতে সদস্যসকলে এনে কাৰ্যৱালীত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰে।
Q.14. শিশু প্ৰতিপালন ৰীতি কি?শিশুৰ ব্যক্তিত্ব গঠনৰ প্ৰতিপালন ৰীতিৰ ভূমিকা ব্যাখ্যা কৰা?
( What is rearing practice? Explain the role of Child Rearing Practices in personality development of Children)
উত্তৰঃ শিশু প্ৰতিপালন ৰিটি হ’ল মাক-দেউতাকে শিশুসকলক ডাঙৰ-দীঘল আৰু লালন-পালন কৰাৰ শৈলী আৰু দৃষ্টিভঙ্গীৰ সমষ্টি।শিশু সময়ছোৱাত মাক-দেউতাক বা আন অভিভাৱকে বৌদ্ধিক, শাৰীৰিক আবেগিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত সহযোগিতা আৰু উদ্যোগ গ্ৰহণ কৰা প্ৰক্ৰিয়াটোকে সাধাৰণ অৰ্থত আমি শিশুপালন ৰীতি বুলি কব পাৰো।
শিশুসকলে জন্মগ্ৰহণ কৰাৰ পিছৰে পৰা জ্যেষ্ঠসকলৰ অবিৰত পৰিচৰ্যা আৰু নিৰীক্ষণত ডাঙৰ-দীঘল হয়।জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত শিশুসকলৰ শাৰীৰিক প্ৰয়োজনসুমুহ পূৰণ কৰাটোৱেই জ্যেষ্ঠসকলৰ প্ৰথম আৰু প্ৰধান দায়িত্ব।ভোকৰ সময়ত খাদ্য ,গৰম বা ঠাণ্ডাৰ লগত ৰজিতা খুৱাই কাপোৰ, বেমাৰ-আজাৰৰ কাৰণে চিকিৎসা আদি শাৰীৰিক প্ৰয়োজনবোৰৰ পূৰণ কৰাটোৱেই এইছোৱা সময়ৰ মূল কথা।কিন্তু শিশুসকল একলা-দুকলাকৈ বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ চাহিদাৰ পৰিধিও বাঢ়ি যায়।শাৰীৰিক প্ৰয়োজনৰ সমান্তৰালভাৱে মানিসিক, আবেগিক আৰু সামাজিক চাহিদাবোৰেও যথাসময়ত মূৰ দাঙি উঠে।এনেদৰে ঘৰৰ জ্যেষ্ঠসকলে শিশুৰ শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু শৈক্ষিক প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যাওঁতে প্ৰত্যেকে নিজৰ নিজৰ ধৰণেৰে আগবাঢ়ে।প্ৰচলিত প্ৰথা-পৰম্পৰা আৰু নিজস্ব চিন্তা-দর্শন অনুসৰি প্ৰত্যেক নিজৰ নিজৰ ধৰনেৰে শিশুসকলক আগবাঢ়ি লৈ যায় আৰু তেনেদৰেই শিশুসকলে এটা সময়ত সমাজৰ একো একোজন পুনঙ্গী সদস্যলৈ ৰূপান্তৰিত হয়।এনেদৰে শিশুসকলে জন্মৰ পৰা প্ৰাপ্তবয়স্ক বয়সলৈকে মাক-দেউতাক বা ঘৰখনৰ আন জ্যেষ্ঠ সদস্যসকলে সচেতনভাৱেই হওক বা স্বস্ফূৰ্তভাৱেই হওঁক যি কৌশল আৰু পদ্ধতিৰে ডাঙৰ-দীঘল কৰে সেয়াই শিশু প্ৰতিপালন ৰীতি।
শিশুসকল যথোপযুক্তভাৱে প্ৰতিপালন কৰাটো প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক মানুহৰ প্ৰধান দায়িত্ব।এটা সুন্দৰ আৰু বিকাশোপযোগী পৰিবেশ প্ৰদান কৰি শিশুসকলক বিকাশৰ পথৰে আগুৱাই লৈ যোৱাটো কিন্তু সহজ নহয়।যি কি নহওঁক, শিশু প্ৰতিপালন ৰীতিৰ অৰ্থ অধিক বোধগম্য কৰি তুলিবৰ বাবে দুটা গুৰুত্বপূৰ্ণ সংজ্ঞা তলত উল্লেখ কৰা হ’ল-
জুদী কৰ্লিয়নৰ মতে,”শিশু প্ৰতিপালন ৰীতি হ’ল এটা সাধাৰনীকৃত অৱধাৰণা যাৰ যোগেদি শিশু পৰিচালনা বা শিশুৰ সৈতে প্ৰদৰ্শন কৰা আচৰণৰ বৈশিষ্ট্যসূচক ধৰণক বুজোৱা হয়।”Thomas J.Bouchard ৰ মতে,”শিশু প্ৰতিপালন ৰীতি হ’ল পিতৃ-মাতৃৰ পৰা সতী-সন্ততিলৈ পৰম্পৰা, বিশ্বাস, সংস্কৃতি,আৰু সংজ্ঞানাত্মক কাৰ্যৱালীৰ হস্তান্তৰকৰণ”
সমাজ আৰু সংস্কৃতি অনুসৰি শিশু প্ৰতিপালন ৰীতিবোৰ গঢ় লৈ উঠে।সেয়েহে সমাজ আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ৰীতিবোৰতো পৰিৱৰ্তন আহে।সমাজভেদে শিশু প্ৰতিপালন ৰীতিবোৰ বেলেগ বেলেগ হোৱাৰ কাৰনে শিশুসকলৰ ব্যক্তিত্বৰ গতি-প্ৰকৃতিও বেলেগ বেলেগ হৈ পৰে।কাৰণ শিশুৰ ব্যক্তিত্ব গঠনত এই শিশু প্ৰতিপালন ৰীতিবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।তেনে কাৰণতে প্ৰত্যেক শিশুৰে ব্যক্তিত্ব নিজস্ব ধৰণেৰে গঢ় লৈ উঠে।অভিভাৱক সকলে নিজা নিজা চিন্তা দৰ্শনেৰে শিশুসকলক লালন-পালন কৰে।
সাধাৰণ অৰ্থত শিশু প্ৰতিপালন ৰীতি বুলি কলে তিনিটা বহল দিশ অন্তৰ্ভুক্ত হৈ থাকে।সেইকেইটা হ’ল-
১) শিশুৰ যত্ন।
২) শিশুৰ অনুশাসন।
৩) শিশু প্ৰতিপালন সম্পৰ্কীয় দৃষ্টিভঙ্গী শিশু প্ৰতিপালন ৰীতিয়ে শিশুৰ ব্যক্তিত্ব গঠনত কেনে ধৰণৰ ভূমিকা পালন কৰে সেই বিষয়টো আলোচনা কৰিবলৈ যাওঁতে এই তিনিটা দৃষ্টিকোণৰ পৰা আলোচনা কৰিব পৰা যায়।
১) শিশুৰ যত্ন : মাক-দেউতাকে ধৰি আন জ্যেষ্ঠসকলে শিশুসকলক ডাঙৰ-দীঘল কৰোতে যি ধৰনৰ পৰিচৰ্যা আৰু যত্ন লয় তাৰ ওপৰত শিশুসকলৰ ব্যক্তিত্ব বহু পৰিমানে নিৰ্ভৰ কৰে।শিশুসকলে লাভ কৰা খাদ্য,শাৰীৰিক পৰিচৰ্যা, মৰম-চেনেহ,খেলা-ধূলাৰ সুবিধা,শৌচ-প্ৰস্ৰাৱ কৰাৰ প্ৰশিক্ষণ আদিৰ ওপৰত তেওঁলোকৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে।পুষ্টিকৰ খাদ্যৰ অভাৱত, স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচন্নতাৰ পৰ্যাপ্ত পৰিচৰ্যাৰ অভাৱত শিশুৰ ব্যক্তিত্বত কেৰোণ লাগে।সেয়েহে খাদ্যাভ্যাস,মৰম-চেনেহ আদিৰ লগত জড়িত ৰীতিবোৰ বিজ্ঞানসন্মত আৰু যোগাত্মক প্ৰকৃতিৰ হ’ব লাগে।মৰম-চেনেহৰ পৰিবেষ্টনীত ডাঙৰ-দীঘল হোৱা শিশু আৰু মাক-দেউতাকৰ মৰম-যত্নৰ পৰা উপেক্ষিত শিশুৰ ব্যক্তিত্বৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়।
২) শিশুৰ অনুশাসন : শিশুসকলৰ সন্মুখত উপস্থাপন কৰা অনুশাসনমূলক ৰীতি-নীতিবোৰে তেওঁলোকৰ ব্যক্তিত্ব গঠনত এটা প্ৰভাৱশালী ভূমিকা পালন কৰে।শিশু প্ৰতিপালন ৰীতি এটা অবিচ্ছেদ্য অংগ হ’ল এই অনুশাসন ব্যৱস্থা।জন্মসূত্রে লাভ কৰা সহজাত প্ৰবৃত্তিমূলক আচৰণবোৰক সংশোধিত কৰি শিশুক পশুত্বৰ পৰা মনুষ্যত্বলৈ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত অনুশাসন ব্যৱস্থাই মূল ভূমিকা লয়।ঘৰখনত প্ৰচলিত অনুশাসনৰ ৰীতি অনুসৰি শিশুসকলে ভাল- বেয়া, শুদ্ধ- অশুদ্ধ, নৈতিক-অনৈতিক আদি গুণাগুণবোৰ আয়ত্ব কৰে।অনুশাসন ব্যৱস্থাই শিশুক ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য বুজি পোৱাত সহায় কৰে।কিন্তু সেই অনুশাসন মৰম আৰু চেনেহৰ মাজেৰে আহিব লাগিব।শাস্তিৰ প্ৰয়োগ আৰু ভীতি প্ৰদৰ্শন কৰি শিশুক অনুশাসিত কৰিবলৈ গলে ব্যক্তিত্ব গঠন প্ৰক্ৰিয়াত কু-প্ৰভাৱ পৰে।
৩) শিশু প্ৰতিপালন সম্পৰ্কীয় সাধাৰণ দৃষ্টিভংগীৰ : শিশুৰ প্ৰতিপালনৰ লগত জড়িত অন্যান্য দৈনন্দিন ৰীতি-নীতি আৰু আচাৰ-আচৰণবোৰেও শিশুসকলৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায়।শিশুসকলক শিশু মনোবিজ্ঞানৰ দৃষ্টিভঙ্গীৰে চাব লাগিব।শিশুসকল শিশোৱেই। শিশুসকলৰ মাজত প্ৰাপ্তবয়স্ক মানুহৰ আচৰণ বিচাৰি ফুৰিলে নহব।
শিশু প্ৰতিপালনৰ ক্ষেত্রত আন কিছুমান কথা মন কৰিবলগীয়া।শিশুসকলক প্ৰদান কৰা উপনাম,শুৱাবৰ কাৰণে মাকে গোৱা নিচুকনি গীত, সাধু, নীতিকথা, অন্নপ্ৰসনৰ পৰম্পৰা, শিশু আৰু অভিভাৱকৰ মাজৰ আত্ম:সম্পৰ্ক ,ধৰ্মীয় আৰু সামাজিক কাৰ্যসূচী আদিৰ প্ৰভাৱত শিশুৰ ব্যক্তিত্ব গঢ় লৈ উঠে।খেল হৈছে শিশুৰ ভাষা।শিশুসকল অত্যন্ত খেল প্ৰয়াসী।শিশুক খেলা-ধূলাৰ কাৰণে পৰ্যাপ্তত সুবিধা প্ৰদান কৰিব লাগে।সমনীয়াৰ লগত খেলা-ধূলা কৰি শিশুৱে সামাজিক গুণবোৰ আয়ত্ব কৰে।
শিশুৰ ব্যক্তিত্ব গঠনত ঘৰখনত প্ৰচলিত বস্ত্ৰ ৰীতি,শৈক্ষিক বাতাবৰণ, লিংগভিত্তিত আচৰণ আদিয়েও বলিষ্ঠ ভূমিকা পালন কৰে।