যাদুৰাম ডেকা বৰুৱা (Jaduram Deka Baruah) আছিল অসমীয়া ভাষাৰ ইতিহাসত এক অগ্ৰগণ্য ব্যক্তিত্ব, যিয়ে প্ৰথমবাৰৰ বাবে অসমীয়া অভিধান প্ৰণয়ন কৰিছিল। তেওঁ ১৮০১ চনৰ এপ্ৰিল মাহত লখিমপুৰ জিলাৰ শালকটা ঘিলামাৰী গাঁৱৰ জ্ঞাতি পৰিয়ালত জন্মগ্ৰহণ কৰে। ১৮৩৯ চনত তেওঁ নিজৰ হাতৰে এখন বঙলা-অসমীয়া অভিধান প্ৰস্তুত কৰে। যদিও অভিধানখন প্ৰকাশ লাভ নকৰিলে, ইয়াৰ বিশেষ ঐতিহাসিক মূল্য আছে। সেই সময়ৰ অসমৰ গৱৰ্ণৰ জেনকিন্সক তেওঁ অভিধানখন উপহাৰ হিচাপে দিয়ে। পিচত, জেনকিন্সে সেইখন আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলক প্ৰদান কৰে। অনুমান কৰা হয় যে, মাইলচ্ ব্ৰনছনে ১৮৬৭ চনত ৰচনা কৰা ‘অসমীয়া-ইংৰাজী অভিধান’খনৰ মূল আধাৰ আছিল যাদুৰাম ডেকা বৰুৱাৰ এই অগ্ৰণী প্ৰয়াস।
আশ্চৰ্যজনকভাৱে, যাদুৰামৰ অভিধানখন প্ৰকাশিত নহ’লেও ইয়াৰ প্ৰভাৱ অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰত গভীৰভাৱে অনুভূত হয়। তেওঁৰ জীৱন তথা কাৰ্যই অসমৰ ভাষা সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদৰ্শন কৰিছিল। তেওঁ ১৮৬৯ চনৰ অক্টোবৰ মাহত শিৱসাগৰত মৃত্যুবৰণ কৰে। অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত তেওঁৰ অৱদান অমূল্য।

সম্পূৰ্ণ নাম: যাদুৰাম ডেকা বৰুৱা (Jaduram Deka Baruah)
জন্ম: এপ্ৰিল, ১৮০১
জন্মস্থান: শালকটা ঘিলামাৰী, লখিমপুৰ, অসম
মৃত্যু: অক্টোবৰ, ১৮৬৯
মৃত্যুস্থান: শিৱসাগৰ, অসম
পেচা: অভিধান প্ৰণেতা
ভাষা: অসমীয়া
ৰাষ্ট্ৰীয়তা: ভাৰতীয়
নাগৰিকত্ব: ভাৰতীয়
প্ৰসিদ্ধি: অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰণেতা
যাদুৰাম ডেকা বৰুৱা (Jaduram Deka Baruah) ৰ– জন্ম, বংশ পৰিচয় আৰু জীৱনৰ আৰম্ভণি
জন্মস্থান আৰু সময়
প্ৰসিদ্ধ অসমীয়া ঐতিহাসিক আৰু বুৰঞ্জীবিদ যাদুৰাম ডেকা বৰুৱাৰ জন্ম হয় ১৮০১ চনত উত্তৰ লখিমপুৰ জিলাৰ ঘিলামাৰী নামৰ গাঁওখনত। এই স্থান তেতিয়া অসমৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশৰ এটা বিশেষ সাক্ষী আছিল।
পৰিয়ালিক পটভূমি
তেওঁৰ পিতৃ কৃষ্ণদাস আছিল উত্তৰপাৰৰ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ পৰম্পৰাগত বংশধৰ। পিতৃ-পরিয়াল তেতিয়ালৈকে পৰ্যাপ্ত সম্পদশালী আছিল, কিন্তু ক্ৰমে অৰ্থনৈতিক দিশত সৰ্বশ্ৰান্ত হৈ পৰে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে যোৰহাট নগৰলৈ স্থানান্তৰিত হয়। যাদুৰাম ডেকা বৰুৱা চাৰিজন ককাই-ভাইৰ ভিতৰত এওঁ আছিল, যাক পৰিয়ালৰ মাজত বৰ-মাজু বুলি সম্বোধন কৰা হ’ল। তেওঁ দুইজন পুত্ৰৰ পিতৃ আছিল – পুত্ৰ কেইজনৰ নাম হৈছে কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ।
যোৰহাটলৈ আহি কৃষ্ণদাসে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সান্নিধ্য লাভ কৰে। যাদুৰাম আৰু চন্দ্ৰকান্ত সিংহ প্রায় সমবয়সীয়া আছিল, যাৰ ফলত তেওঁলোকৰ মাজত নিকট সম্পৰ্ক গঢ়ি উঠে। কিছুদিনৰ ভিতৰতে যাদুৰামে “ভঁৰালী বৰুৱা” পদত নিয়োগ লাভ কৰে।
পদবি আৰু উপনামৰ উৎস
চন্দ্ৰকান্ত সিংহৰ দিনতে তেওঁৰ পিতৃ কৃষ্ণদাসে ‘বৰ ভাণ্ডাৰ বৰুৱা’ পদ লাভ কৰে। তাৰ পিছতেই পুতেক যাদুৰামক ‘ডেকা বৰুৱা’ বুলি কোৱা আৰম্ভ হয়। সৰু আৰু ক্ষীণদেহী হোৱাত তেওঁৰ আন এটা উপনাম আছিল – ‘লেৰেলী ডেকা বৰুৱা’।
যাদুৰাম ডেকা বৰুৱাৰ (Jaduram Deka Baruah) ৰ কৰ্মজীৱন
প্ৰাৰম্ভিক চাকৰি আৰু সেৱা
যাদুৰাম ডেকা বৰুৱাই প্ৰথমতে যোৰহাটত চাকৰি আৰম্ভ কৰিছিল। তাত কিছু সময় সেৱা আগবঢ়োৱাৰ পাছত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ কালত তেওঁ উত্তৰ লখিমপুৰৰ গৰাকীজনৰ বাব ৰূপে কাৰ্য্য নিৰ্বাহ কৰিছিল।
বৰপেটা আৰু ডিব্ৰুগড়ত সদৰামিন হিচাপে দায়িত্ব
১৮৬০ চনৰ ১৫ জুনত তেওঁ বৰপেটালৈ গ’ল আৰু তাত সদৰামিন হিচাপে পদ গ্ৰহণ কৰিলে। কিন্তু এই পদত বহুদিন নাথাকি, সেই একে বছৰেই ৩ নৱেম্বৰত তেওঁ ডিব্ৰুগড়ত সদৰামিনৰ পদত নিযুক্তি লাভ কৰিলে। ডিব্ৰুগড় জিলাত সদৰামিন হিচাপে থকা অৱস্থাতে তেওঁৰ কৰ্মজীৱনৰ উল্লেখযোগ্য পৰিসমাপ্তি ঘটে।
ব্যৱহাৰ কৰা মোহৰ আৰু পদমৰ্যাদা
সদৰামিন হিচাপে সেৱা আগবঢ়াই থাকোতে যাদুৰামে যি মোহৰ ব্যৱহাৰ কৰিছিল, তাত লিখা আছিল— ‘মোহৰ আদালত পঞ্জাৱতি মোকাম বিশ্বনাথ মলুক য়াচাম।’ আদম হোৱাইটে ১৮৩২ চনত তেওঁক ঘিলামাৰীত “ৰাজখোৱা” উপাধি প্ৰদান কৰিছিল। লগতে কলাবাৰীত তেওঁৰ ৩০০ পুৰা মাটিৰ এক গোপনীয় গিফ্ট তথা গ্ৰাণ্ট দিয়া হৈছিল।
সামাজিক সংস্কাৰ আৰু ব্যক্তিগত জীৱনৰ সিদ্ধান্ত
যাদুৰাম ডেকা বৰুৱা সামাজিক সংস্কাৰৰ ক্ষেত্ৰতো এজন সাহসী আগবঢ়োৱা আছিল। তেওঁ সতী প্ৰথাৰ দৃঢ়ভাৱে বিৰোধিতা কৰিছিল। লগতে বিধবা বিবাহৰ সমৰ্থক আছিল আৰু নিজৰ জীৱনত এই প্ৰথাৰ প্ৰতি বিশ্বাস প্ৰতিপন্ন কৰিবলৈ তেওঁ নিজেই এগৰাকী বিধৱাক বিবাহ কৰিছিল।
ৰাজনৈতিক ঘটনাত অংশগ্ৰহণ
গোমধৰ কোঁৱৰৰ ৰাজদ্ৰোহীতাৰ বিচাৰত জুৰীৰ সদস্য হিচাপে যাদুৰামে গুৰুত্বপূর্ণ ভুমিকা পালন কৰিছিল। এই ঘটনাই তেওঁৰ সামাজিক আৰু ৰাজনৈতিক সচেতনতা প্ৰকাশ কৰিছিল।
যাদুৰাম ডেকা বৰুৱা কেৱল চৰকাৰী চাকৰি কৰা এজন কৰ্মচাৰী নহয়, তেওঁ আছিল সামাজিক সংস্কাৰক, সতী প্ৰথাৰ বিৰোধী আৰু বিধবা বিবাহৰ সমৰ্থক। তেওঁৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱন উভয়ে সেই সময়ৰ অসমীয়া সমাজত নতুন দিশ প্ৰদান কৰিছিল।
যাদুৰাম ডেকা বৰুৱা (Jaduram Deka Baruah) ৰ ভাষা আন্দোলনত অৱদান
চৰকাৰী চাকৰিৰ কামৰ মাজতো যাদুৰাম ডেকা বৰুৱাই সাহিত্যিক কাম-কাজত বিশেষ মনোযোগ দিছিল। তেওঁ ‘সমাচাৰ চন্দ্ৰিকা’, ‘সমাচাৰ দৰ্পণ’ আদি তৎকালীন প্ৰসিদ্ধ বাংলা কাকতত বিভিন্ন প্ৰৱন্ধ লিখি প্ৰকাশ কৰিছিল। সেই সময়ত অসমীয়া ভাষা সংৰক্ষণ আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ সৈতে হাত মিলাই বৃটিছ চৰকাৰৰ নীতিৰ বিপক্ষে দৃঢ়ভাবে প্ৰতিবাদ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰা অসমীয়া ল’ৰাৰ মিত্ৰ গ্ৰন্থখন ছপাবলৈ প্রয়োজনীয় অৰ্থ-সাহায্য যাদুৰাম ডেকা বৰুৱাই আগবঢ়াই দিছিল।
১৮৩৯ চনত তেওঁৰ হাতৰে লিখা অসমীয়া-বাংলা (কোনো কোনো মতানুসাৰে বাংলা-অসমীয়া) অভিধানখন যাদুৰামে জেনকিন্স চাহাবৰ হাতত সমৰ্পণ কৰে। পাছত জেনকিন্সে সেই অভিধানখন শিৱসাগৰৰ আমেৰিকান বেপ্টিষ্ট মিছনৰ হাতেৰে দিয়ে। ১৮৬৭ চনত মাইলচ্ ব্ৰনছনে যাদুৰাম বৰুৱাৰ বৰ্ণ বিন্যাসৰ পদ্ধতি অনুসৰি প্ৰায় ১৪,০০০ শব্দৰ অসমীয়া-ইংৰাজী অভিধান প্ৰস্তুত কৰে। এই অভিধান প্ৰস্তুতৰ পৃষ্ঠপোষকতা আৰু ভাষাগত ভিত্তি নিৰ্মাণত যাদুৰাম ডেকা বৰুৱাৰ অবদান অমূল্য।
মৃত্যু
যাদুৰাম ডেকা বৰুৱা ১৮৬৯ চনৰ অক্টোবৰ মাহত শিৱসাগৰত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুতে অসমীয়াৰ ভাষা আৰু সংস্কৃতি আন্দোলনে এজন সাহসী সমৰ্থক হেৰুৱাইছিল।
উপসংহাৰ
যাদুৰাম ডেকা বৰুৱাৰ জীৱন অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ বাবে এক অনুপ্ৰেৰণা। তেওঁ কেৱল অভিধান প্ৰণেতা নহয়, সামাজিক সংস্কাৰক আৰু ভাষাৰ সত্যিকাৰ সমৰ্থক আছিল। তেওঁৰ অদেখা অভিধানেও ভাষাৰ বিকাশত গভীৰ প্ৰভাৱ পেলাইছিল। আজিও অসমীয়া ভাষাৰ সংৰক্ষণৰ ইতিহাসত তেওঁৰ নাম সোনালী আখৰেৰে লিখা আছে।
FAQs
1. যাদুৰাম ডেকা বৰুৱাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৮০১ চনৰ এপ্ৰিল মাহত।
2. তেওঁ ক’ত জন্মগ্ৰহণ কৰিছিল?
উত্তৰ: লখিমপুৰ জিলাৰ শালকটা ঘিলামাৰী গাঁৱত।
3. যাদুৰাম ডেকা বৰুৱাৰ মুখ্য ৱবদান কি আছিল?
উত্তৰ: অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰণয়ন।
4. তেওঁ কিমান চনত অভিধান প্ৰস্তুত কৰিছিল?
উত্তৰ: ১৮৩৯ চনত।
5. তেওঁ কোন সামাজিক সংস্কাৰ সমৰ্থন কৰিছিল?
উত্তৰ: সতী প্ৰথাৰ বিৰোধিতা আৰু বিধবা বিবাহৰ সমৰ্থন।
6. তেওঁ কেতিয়া মৃত্যুবৰণ কৰিছিল?
উত্তৰ: ১৮৬৯ চনৰ অক্টোবৰ মাহত, শিৱসাগৰত।
Read also: Bhabananda Deka Biography | ভৱানন্দ ডেকাৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.








