SEBA Class 10 Assamese Question Paper Solved 2024 | দশম শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 Assamese Question Paper Solved 2024 PDF Download, দশম শ্ৰেণীৰ অসমীয়া 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board SEBA Class 10 Assamese Previous Years Question Paper Solved 2024 can be of great value to excel in the examination.
SEBA Class 10 Assamese Question Paper Solved 2024
HSLC Old Question Paper provided is as per the Assam Board Exam and covers all the questions from the SEBA HSLC 2024 Question Paper. Access the detailed SEBA Class 10 Assamese 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Old Question Paper Solved, SEBA Class 10 Assamese 2024 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.
Assamese Question Paper Solved
2024
ASSAMESE OLD PAPER
ALL QUESTION ANSWER
বিভাগ – ক |
১। অতি চমু উত্তৰ লিখা:
(ক) এজন উদ্যোগী অর্থাৎ আল্ট্রাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?
উত্তৰঃ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধানটো হ’ল এলাহ।
(খ) অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি?
উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ’ল— সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।
২। চমু উত্তৰ লিখা (যিকোনো দুটা):
(ক) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন?
উত্তৰঃ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি।
(খ) আৰ্টৰ বিপৰীত পন্থা দুটা কি কি?
উত্তৰঃ আৰ্টৰ বিপৰীত পন্থা দুটা হৈছে—
১। কাৰু- কাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি।
২। সংযম আৰু আড়ম্বৰহীনতা।
(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰঃ চাহউদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক।
এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।
৩। উত্তৰ লিখা:
(ক) “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে, পাঠৰ সহায়ত বুজাই লিখা।
উত্তৰঃ শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদবাক্য যে, “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ’ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসঙ্গত শিক্ষকজনে এই প্রবাদ বাক্যশাৰী ছাত্র-ছাত্রীসকলক কৈ শুনাইছিল।
নাইবা
(খ) “বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।” ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বুজাই লিখা।
উত্তৰঃ উক্ত বক্তব্যই চাহ উদ্যোগৰ কথা উল্লেখ কৰিছে। অর্থাৎ ব্রিটিছে অসমত ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে জনসমাজৰ পৰা নিলগতহে চাহ বাগানবােৰ স্থাপন কৰিছিল আৰু চাহ বাগানৰ আশে-পাশেই ইয়াত কাম কৰা বনুৱাবােৰক থাকিবলৈ আবাসৰ সুবিধা কৰি দিছিল। এই বনুৱাবােৰৰ বাগান, কলঘৰৰ মাজতে জীৱন সীমাবদ্ধ আছিল।
এওঁলােকৰ শিক্ষা-দীক্ষাৰ প্রতি কোনাে ব্যৱস্থা নকৰাত এওঁলােক বহুক্ষেত্ৰত পিছ পৰি ৰৈছিল। যাৰ ফলত অসমৰ জনসমাজৰ লগত মিলা-মিচাৰ সুবিধা নাপাই অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খােৱাতাে যথেষ্ট পলম হৈছিল। সেয়ে থলুৱা সংস্কৃতিৰপৰা এই বনুৱা বা চাহ মজদুৰসকল আঁতৰি পৰিছিল ।
৪। অতি চমু উত্তৰ লিখা:
(ক) কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি?
উত্তৰঃ কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম হ’ল শ্বেৰন।
(খ) হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল?
উত্তৰঃ হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।
৫। চমু উত্তৰ লিখা:
“ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্রশ্ন নুঠে। যি হয় দেখা যাব।”
কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিল?
উত্তৰঃ কথাষাৰৰ বক্তা অৰুণিমা সিন্হা ৷ অৰুণিমাই শ্বেৰপাজনক উদ্দেশ্য কৰি কথাষাৰ কৈছিল ৷
৬। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা:
(ক) “এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে।” কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণৰ ভায়েক পলে হেনো ইণ্টাৰনেটত ইমান গেম খেলাত মগ্ন হৈ পৰিছে যে তাৰ পঢ়া, আন কামৰ প্ৰতি মনোযোগ, আদি কমি অহাই নহয়, সুবিধা পালে ইয়াৰ বাবে ‘সি স্কুল খটি কৰিও মোবাইলত গেম খেলাত ব্যস্ত হৈ পৰে। পঢ়া-শুনাত ভাল ল’ৰা হিচাপে খ্যাত হেনো পলে হে ছমাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিছে। এই কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল। কাৰণ কুঁৱলীৰ ইতিমধ্যে ইণ্টাৰনেট আহক্ত হৈ পৰিছিল।
(খ) অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰঃ এভাৰেষ্ট অভিযানৰ আগতে লাড়াখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যর্থ হ’লেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপােন ভাগি যােৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনােবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা।
মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তােলাৰ, ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনােৱাৰ অভিপ্রায়েৰে দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লগত লৈ গৈছিল৷ চাৰি নং কেম্প পাওঁতে দুয়ােখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনাে প্রায় শেষ হওঁ হওঁ হৈছিল গৈ। লগত যােৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল, যে যিকোনাে মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে। তেতিয়া মৃত্যু নিশ্চিত।
পিছে কোনাে সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল। বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবােৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্রীৰ মৃত দেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। প্রচণ্ড পৰিশ্রম, অদম্য মনােবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্রা কৰাৰ দিনৰ অন্তত নিশা প্রায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সমৰ্থ হ’ল। তেওঁৰ অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যােৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰােধ কৰিলে। সপােন পূৰ হােৱাৰ আনন্দত তেওঁ সেই শিখৰত প্রায় ডেৰঘণ্টা সময় আছিল। তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে।
৭। অতি চমু উত্তৰ লিখা:
(ক) অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল?
উত্তৰঃ অংকৰ ছাৰ ৰঞ্জিত হাজৰিকাক অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে দায়িত্ব দিয়া হৈছিল।
(খ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ ১৯৭৯ চনৰ পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।
৮। চমু উত্তৰ লিখা:
প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰঃ প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা-প্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন গছ ওচৰা-ওচৰিকৈ মিলা-প্ৰীতিয়ে থাকে। আকৌ, কল গছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাঁইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
৯। (ক) “অ’ বাইদেউহঁত আমাক বচোৱা বচোৱা।” কোনে, কাক বাইদেউহঁত বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল?
উত্তৰঃ উক্ত কথাষাৰ পলে মাছমৰীয়া তথা জাকৈয়া ছোৱালীকেইজনীক উদ্দেশ্য কৈছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি ‘অৰণ্যযাত্ৰা’ কৰা পল-পাহিহঁতৰ দলটো অৱশেষত গন্তব্যস্থানত উপনীত হ’লগৈ। কাজিৰঙা পোৱাৰ পাছত, ছাত্র ছাত্ৰীসকলক ধুনীয়া আৱাস আৰু কিছুমান সুন্দৰ ওখ চাংঘৰত থাকিবলৈ দিয়া হয়। দুপৰীয়া ভাত-পানী খাই প্রত্যেকেই নির্দিষ্ট কোঠালিত বিছনাবোৰত শোৱাৰ সময়তে পল, আফতাব আৰু সৌৰভে মনে মনে বাহিৰলৈ ওলাই পুখুৰী বুলি ভবা বিল এখনত থকা নাওখনত আগপাছ নুগুনি উঠি দিলেগৈ। নাওখনে তিনিওটাৰ ভৰ সহিব নোৱাৰি টুলুং-ভুটুং কৰিবলৈ ধৰিলে। আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল খুঁটিৰ পৰা খুলি পেলালে। ব’ঠাপাট পলেই হাতত ল’লে৷ নাওখন পানীৰ ওপৰতে লৰচৰ কৰি থাকিল। পলে স্থিৰ পানীখিনিত সৰ্বশক্তিৰে ব’ঠা মাৰিলে। নাওখন লৰচৰ কৰি আগুৱাই গ’ল। কিছুদূৰ এইদৰে নাওখন গৈ মেটেকাৰ মাজত সোমাই পৰিল৷ ইফালে নাওখনৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিলে। সিহঁত তিনিওটাৰে ভয়ত অৱস্থা নোহোৱা হ’ল। প্ৰাণপণে সিহঁত তিনিওটাই চিঞৰিবলৈ ধৰিলে৷ সিহঁতে নাৱৰ পানী সোমোৱা ফুটাটো জোতাৰে সজোৰে বন্ধ কৰাৰ চেষ্টা চলালে, মেটেকাবোৰ ব’ঠাৰে গুচাই নাওখন পাৰলৈ আনিব খুজিলে। কিন্তু নাওখন একে ঠাইতে ঘূৰি থাকিল।
এনেতেই সিহঁতে পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহি থকা দেখিবলৈ পালে। তেতিয়া সিহঁতে জাকৈয়া ছোৱালীকেইজনীক বাইদেউ বুলি সম্বোধন কৰি উদ্ধাৰৰ বাবে কাতৰ অনুৰোধ জনালে।
নাইবা
(খ) শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ শ্বিৰীণ ইবাডি এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু এগৰাকী সংগ্রামী ব্যক্তি। কঠোৰপন্থীসকলৰ অমানৱীয় কার্যকলাপৰ বিৰুদ্ধে তেওঁ কঠোৰ সংগ্ৰাম কৰিছিল। তেওঁক বিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ।
তেওঁ সেইবােৰ লােকৰ বাবে যুঁজিছিল য’ত যুৱতীক ধর্ষণ কৰা হৈছিল, শাসনবিৰােধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱাৰূপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয়। সকলােকে চমকিত কৰি ইৰাণবাসীয়ে তেওঁক টেহৰাণৰ বিমানবন্দৰত বিপুল আদৰণি জনালে।
১০। অতি চমু উত্তৰ লিখা:
(ক) মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে?
উত্তৰঃ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে ঐশ্বৰিক ভক্তিৰ ভাব প্রকাশ পাইছে।
(খ) “আচমানৰ কুটুব তৰা আদমৰ জাত।” ইয়াত আদম কোন?
উত্তৰঃ আচমানৰ কুটুব তৰা আদমৰ জাত।” ইয়াত আদম হৈছে আদি মানৱ।
১১। চমু উত্তৰ লিখা:
(ক) মাধৱদেৱ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা।
উত্তৰঃ মাধৱদেৱ ৰচিত ঝুমুৰাসমূহৰ নাম হ’ল- চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজনবিহাব।
(খ) ‘জিকিৰ’ কবিতাটোৰ কবি আজান ফকিৰৰ চমু পৰিচয় দিয়া।
উত্তৰঃ ইছলাম ধর্ম প্রচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মণ্ডৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে, কোনোৰ মতে আৰব দেশৰ পৰা আৰু কোনোৰ মতে আজমীৰৰ পৰা। আজান ফকিৰৰ অসম আগমনৰ সময় সম্পর্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্রীষ্টীয় সপ্তদশ শতিকাৰ মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিৰে কম সময়ৰ ভিতৰতে অসমীয়া মাত-কথা সুন্দৰকৈ শিকি, জিকিৰ আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। জনশ্রুতি মতে আজান ফকিৰেই পোনপ্রথম অসমত ‘আজান’ (আহ্বান) দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয়। আজান ফকিৰৰ জীৱন বৰ সংঘাতপূর্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ’ব লগা হৈছিল। পিচত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকিৰে ছকুৰি ভকতৰ সৈতে ধর্ম চৰ্চা আৰম্ভ কৰে। তাতেই চাহাবৰ মৃত্যু হয়।
১২। “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।”
ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে, কিয় এনেদৰে কৈছে, চমুকৈ লিখা।
উত্তৰঃ ভগৱানৰ অপাৰ মহিমা প্রকাশ কৰাৰ প্রসংগত, ভগৱানৰ বিষয়ে এনেদৰে কৈছে।
ভগৱানক পােৱাটো সহজ নহয়। সনক সনন্দ আদি যােগসিদ্ধ পুৰুষ সকলেও যিজন পৰম পুৰুষকক ধ্যান কৰে, সকলাে বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পােৱা নাযায়, তেওঁৰ মহিমা অপাৰ।
সহস্ৰমুখ অনন্তইও যাৰ গুণ গাই শেষ কৰিব নােৱাৰে, সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে আৰু তেওঁ জনাতাে সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে। সংসাৰৰ বিষয়বাসনাত আতুৰ হৈ তাৰ পৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণল’ব বিচাৰিছে। কিয়নাে ভকতৰ বাবে ভগবানেই একমাত্র জীৱনস্বৰূপ। গতিকে এনেজনা পৰমপুৰুষ যিজনৰ মহিমা যােগী পুৰুষ বেদেও বিচাৰি নাপায় তেওঁৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে। সেইবাবেই কবিয়ে প্রশ্নোদ্ধত বৰগীতফাকিত কৈছে।
১৩। তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা:
(ক) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ প্রকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে।
(খ) অসমৰ হেংদাং ক’ত জিলিকিছিল?
উত্তৰঃ দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল।
(গ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল?
উত্তৰঃ নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজন কুকুৰীকণা আছিল।
১৪। তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা:
(ক) “উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,
উঠা যত মুক্তি পথযাত্রী।”
কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে, বুজাই লিখা।
উত্তৰঃ প্রশস্তি কবিতাটিত কবিয়ে ৰাতিপুৱাৰ এক মনমােহা বর্ণনা দিছে। নিশাৰ অৱসান ঘটাই পূৱ দিশত হেঙুলী আভাৰে সূৰ্য্যদেৱতাই সুকি মৰাৰ লগে লগে গােটেই প্রকৃতি জগততে এক অপৰূপৰূপ সৌন্দৰ্যৰ সৃষ্টি হৈছে।
কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দসন্ধানী-আলােকসন্ধানী, তেনেক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্রেষ্ঠ হৈও কিয় পােহৰৰ সন্ধান কৰা নাই। প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়ে কবিয়ে মানুহক ‘ঋত্বিক ধ্যানী অমৃতৰ পুত্র’ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে।
(খ) কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ জীৱণে-মৰণে অসমীয়া হ’ব খােজা কবিয়ে অতীত ৰােমন্থন কৰি কৈছে যে মােগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছিল। অসমীয়া সেনানীৰ সমৰ কৌশল তথা বীৰত্বৰ সন্মুখত মােগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ অসমীয়া হৈ পৰিল। হাড়ে-হিমজুয়ে তেওঁলােক অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। তেওঁলােকৰে উত্তৰপুৰুষ কবিয়েও অসমীয়া হৈ অসমৰ বাবে যুঁজিবলৈ বিচাৰিছে। স্বদেশৰ প্রতি গভীৰ আনুগত্য আৰু স্বজাতিৰ প্রতি থকা নিভাঁজ ভালপােৱাৰ বাবে কবিয়ে মৰাৰ পিছত পুনৰ অসমতে জনম ল’ব বুলি ভাবিছে।
(গ) “এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালো আৰু।”
কোনে, কাক বিচাৰি নাপালে? বিচাৰি নোপোৱাৰ কাৰণ কি?
উত্তৰঃ প্রশ্নোদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হৰেকৃষ্ণ ডেকা বিৰচিত ‘দৃশ্যান্তৰ’ নামৰ আধুনিক কবিতাটোৰ পৰা তুলি অনা হৈছে।
ৰূঢ় বাস্তৱ কংক্রীটৰ সমাজখনত ক্ৰমাৎ মানুহবোৰ হেৰাই গৈছে, লগতে হেৰাই গৈছে মানুহৰ মাজৰ মানৱতা, দয়া, মমতা তাকে প্রকাশ কৰিবলৈ কবিয়ে এই কবিতাফাকি কবিতাটিৰ শেষত অৱতাৰণা কৰিছে।
পঁচিশ বছৰৰ আগতে দেখা পজাঘৰটিৰ চিনমােকাম নােহােৱা হৈ বর্তমান তাত ওখ ওখ অট্টালিকা গঢ়ি উঠিছে। যিবােৰৰ ৰূপ ইটোতকৈ সিটো চৰা। সেই কংক্রীটৰ ওখ ওখ প্রাচীৰৰ মাজত ভাড়ালৈও ঘৰ পােৱা যায়, কিন্তু তাত শান্তি নাই। মৰিলে সৎকাৰ কৰিবলৈ মানুহৰ সময়ৰ অভাৱ। যখৰ পােৱালি স্বৰূপ এওঁলােক কোনেও কাকো চিনি নাপায়। বৃদ্ধজনে মনৰ মাজৰ ক্ষোভ প্রকাশ কৰি কংক্রীটৰ ওখ ওখ অট্টালিকাৰে গঢ়া হাবিৰ মাজত সােমাই গ’ল। তেওঁক আৰু বিচাৰি পােৱা নগ’ল। এইদৰে প্রতিজন লােকেই নিজৰ মাজতে হেৰাই যাব ধৰিছে।
১৫। উত্তৰ লিখা:
(ক) ‘প্রশস্তি’ কবিতাটোত প্রকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰঃ প্ৰকৃতিৰৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে। প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে। পােহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে, জল-স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে। সেইদৰে গছ বন, ফুল-ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে, চৰাই-চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।
নাইবা
(খ) ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ “মই অসমীয়া” কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দর্যই কবিক আকষর্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে এই কবিতাটোত। কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। কবিৰ মতে মোগল সকল আছিল প্ৰৱল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগলসকল আহিছিল। মোগলসকল যেতিয়া অসম আক্রমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগলসকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগলসকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক এই বিজয়ক সুৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দর্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দর্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগলসকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সাগৰীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে। পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।
১৬। (ক) তলৰ যিকোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখা:
পঞ্চনদ; কীটপতঙ্গ; বনভোজ।
উত্তৰঃ পঞ্চনদ – দ্বিগু সমাস।
কীটপতঙ্গ – দ্বন্দ্ব সমাস।
বনভোজ – তৎপুৰুষ সমাস।
(খ) তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা:
ইত্যাদি; উল্লেখ; সংহাৰ।
উত্তৰঃ ইত্যাদি – ইতি + আদি।
উল্লেখ – উল + লেখ।
সংহাৰ – সম্ + হাৰ।
(গ) তলত দিয়া বাক্যটি মিশ্র বাক্যলৈ পৰিৱৰ্তন কৰা:
মিছা কোৱাজনক সকলোৱে বেয়া পায়।
উত্তৰঃ যিসকল মিছা কথা কয় তেওঁলোকক সকলোৱে বেয়া পায়।
(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা:
উত্তৰায়ণ; কণ্টক; সুষমা।
উত্তৰঃ উত্তৰায়ণ – উত্তৰ শব্দৰ লগত অয়ন শব্দ যুক্ত হলে অয়ন শব্দৰ দন্ত্য ন মূধ্যন হয়।
কণ্টক – ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে ন সদায় মূৰ্দন্য ণ হয়।
সুষমা – সু’ৰ পাছত থকা ‘সম’ শব্দৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হয়।
(ঙ) যথা স্থানত যতি চিহ্ন বহুওৱা:
দেউতাকে ছোৱালীজনীক সুধিলে আজি তুমি কি কৰিবা।
উত্তৰঃ দেউতাকে ছোৱালীজনীক সুধিলে, “আজি তুমি কি কৰিবা”?
(চ) তলৰ যিকোনো এটাৰ অৰ্থ প্রকাশ হোৱাকৈ এটি বাক্য-বচনা কৰা:
গাখীৰতে ম’হৰ খুটি; টুপাই বুৰমাৰ; দূৰতে বিদূৰ হ।
উত্তৰঃ গাখীৰতে ম’হৰ খুটি: গাখীৰতে ম’হৰ খুটি কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া।
টুপাই বুৰমাৰ: টুপাই বুৰমৰা চৰিএৰ লোক সহজতে অবিশ্বাসৰ পাত্র হয়।
দূৰতে বিদূৰ হ: মানিকৰ অৱস্থা দেখি হলধৰ দূৰতে বিদূৰ হ হ’ল।
(ছ) তলৰ যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখা:
বিস্তৃত; সুখ্যাতি; সুকৰ।
উত্তৰঃ বিস্তৃত – অবিস্তৃত।
সুখ্যাতি – কুখ্যাতি।
সুকৰ – দুকৰ।
(জ) এটা শব্দত প্রকাশ কৰা (যিকোনো এটা):
যি আগেয়ে হোৱা নাই; গড়ৈ মাছৰ সৰু সৰু পোৱালি; আনৰ দোষ দেখা স্বভাৱ।
উত্তৰঃ যি আগেয়ে হোৱা নাই – অভূতপূৰ্ব।
গড়ৈ মাছৰ সৰু সৰু পোৱালি – গড়ৈচিৰিকা।
আনৰ দোষ দেখা স্বভাৱ – অসূয়া।
(ঝ) তলত দিয়া যিকোনো এটা শব্দব প্রত্যয় ভাঙি দেখুওৱা:
কলপতীয়া; লাজুৱা; মৰমিয়াল।
উত্তৰঃ কলপতীয়া – কলপ + ঈতয়া।
লাজুৱা – লাজ + উৱা।
মৰমিয়াল – মৰম + ইয়াল।
(ঞ) তলৰ যিকোনো এটাৰ সমার্থক শব্দ লিখা:
নবীন; বিপদ; কটকী।
উত্তৰঃ নবীন – নতুন।
বিপদ – সংকট।
কটকী – দূত।
১৭। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা:
(ক) ভাব-সম্প্ৰসাৰণ কৰা:
চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।
উত্তৰঃ প্রতিটো কামৰে একো একোটা প্রাসংগিক সময়, স্থান বা পাত্র থাকে। উপযুক্ত সময়ত, উপযুক্ত স্থান বা কার্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেনে কার্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে।
চোৰে যাতে সর্বস্ব চুৰ কৰি লৈ যাব নোৱাৰে তাৰ বাৰে বুদ্ধি খটুৱাই নিজৰ সামগ্রী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতেই কৰিব লাগিব। অন্যথা চোৰে চুৰ কৰি লৈ যোৱাৰ পাছত সেই বুদ্ধিৰ কোনো মূল্য নাথাকে। ঠিক সেইদৰে, বৰষুণত তিতাৰ পৰা হাত সাৰিবলৈ জাপি ব্যৱহাৰ কৰা হয়। কিন্তু বৰষুণ দি থকাৰ সময়ত প্রয়োজন হোৱা জাপিটো ব্যৱহাৰ নকৰি, বৰষুণ এৰাৰ পাছত ব্যৱহাৰ কৰিলে, সেই জাপিৰ ব্যৱহাৰ অনর্থক হৈ পৰে। গতিকে, চোৰে চুৰ কৰি গুচি যোৱাৰ আগেয়েই নিজৰ বুদ্ধিক কামত খটুৱাব পাৰিব লাগে বা বৰষুণৰ সময়তহে জাপি ব্যৱহাৰ কৰিব পাৰিব লাগে। গতিকে, সঠিক সময়ত সঠিক পদক্ষেপ ল’বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হোৱাৰ পূর্বেই নিবাৰণৰ সম্ভাৱ্য কার্যকৰী উপায় কামত খটুৱাব লাগে।
(খ) তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ খেলা-ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয় প্রধানলৈ এখন আবেদনপত্র লিখা। (আবেদনত তোমাৰ নাম, ঠিকনা উল্লেখ নকৰিবা)
উত্তৰঃ
প্ৰতি,
মাননীয় প্রধান (বিদ্যালয়ৰ নাম) প্ৰধান শিক্ষক মহোদয়ৰ সমিপেষু
তাৰিখ – xx/xx/xx
বিষয় – খেলা-ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি আবেদন।
মহাশয়,
সন্মান পূর্ব্বক বিনীত নিবেদন এই যে বর্তমানলৈ আমাৰ বিদ্যালয়খনত খেলা-ধূলাৰ যিখিনি সামগ্ৰীৰ ব্যৱস্থা আছে, ছাত্র-ছাত্রীৰ চাহিদালৈ চাই সেয়া পর্যাপ্ত নহয়। তাতে আজি কেইবা-বছৰ ধৰি খেলা-ধূলাৰ নতুন সা-সঁজুলি একো কিনা হোৱা নাই। ইতিমধ্যে আগৰ সামগ্রীসমূহৰ বেছিখিনিয়েই ব্যৱহাৰ অনুপযোগী হৈ পৰিছে।
গতিকে এই অসুবিধাসমূহ আঁতৰাই খেলা-ধূলাৰ অধিক সা-সঁজুলি ব্যৱস্থা হাতত লবলৈ বিশেষভাৱে মাননীয় প্ৰধান শিক্ষকলৈ অনুৰোধ জনোৱা হ’ল।
ইতি
আপোনাৰ বিদ্যালয় খেল বিভাগৰ সম্পাদক
নাম :- x
বিদ্যালয়ৰ নাম :- x
(গ) তোমাৰ অঞ্চলত বানপানীৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা, ডেক্স-বেন্স আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি বাতৰিকাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা।
উত্তৰঃ
প্ৰতি,
মাননীয় প্ৰতিদিন বাতৰি কাকতৰ মহোদয় সম্পাদক বিষয়া,
জিলা : x
তাৰিখ: x
বিষয়: বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাৰ, ডেক্স-বেন্স আদি মেৰামতিৰ কাৰণে চৰকাৰলৈ সাহায্য বিচাৰি আবেদন।
মহাশয়,
সম্মানসহকাৰে জনাওঁ যে আমি দুখীয়া (দৰিদ্র) পৰিয়ালৰ অন্তর্গত …………….. জিলাৰ ………….. গাঁৱৰ বাসিন্দা হওঁ।
আমাৰ অঞ্চলত বানপানীৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা, ডেক্স-বেন্স আদি বহুতো ক্ষতিগ্ৰস্ত হৈ যায়। সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ ওচৰত সাহায্য বিচাৰি বিনম্ৰভাৱে অনুৰোধ জনোৱা হ’ল।
গতিকে, প্ৰতিদিন বাতৰি কাকতৰ মহোদয় সম্পাদকে দয়া কৰি এই আবেদনখন চৰকাৰৰ ওচৰলৈ দৃষ্টি আকৰ্ষণ কৰি দিয়ে যেন।
ইতি –
আপোনাৰ গাঁওবাখৰ বিশ্বাসী –
নাম –
১৮। তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা:
(ক) অসমৰ পৰ্যটন উদ্যোগ।
(আৰম্ভণি-পর্যটক আকর্ষক স্থল-পর্যটনৰ সম্ভাৱনা-সামৰণি)
উত্তৰঃ আৰম্ভণি: নেদেখা বস্তু দেখিবলৈ, নজনা কথা জানিবলৈ, নুশুনা কথা শুনিবলৈ মানুহৰ এক সহজাত কৌতুহল আছে। এই কৌতুহল নিবাৰণৰ বাবে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যায়। এনেদৰে কৌতুহল নিবাৰণৰ বাবে কোনো নতুন ঠাইলৈ যোৱা বা ভ্ৰমণ কৰাই হৈছে ‘পৰ্যটন’। প্ৰকৃতিয়ে পৃথিৱীখনক অনিন্দ্য সৌন্দৰ্য সুষমা আৰু ৰহস্যৰ সৈতে সৃষ্টি কৰিছে। সেয়ে এইবোৰ দেখি, স্পৰ্শ কৰি মানুহে নয়ন-মন সাৰ্থক কৰাৰ দুৰ্বাৰ আকাঙ্খা কৰে। পৃথিৱীত পৰ্যটনৰ বাবে বহুতো স্থান আছে। ভাৰতৰ নুমলী জীয়ৰী অসমকো প্ৰকৃতিয়ে সৌন্দৰ্যৰ অনুপম সুষমাৰে সৃষ্টি কৰিছে। ইয়াৰ পাহাৰ-পৰ্বত, হাবি-বননি, জান-জুৰি, খাল-বিল সকলোতে সৌন্দৰ্যৰ আকৰেৰে ভৰি আছে। সেয়ে এইবোৰে দূৰ-বিদেশৰ মানুহক হাত বাউল দি মাতে আৰু প্ৰতি বছৰ দেশ-বিদেশৰ বহু পৰ্যটক এইবোৰ চাবলৈ অসমলৈ ঢাপলি মেলে।
সামৰণি: অসমত লাভজনক পৰ্যটন শিল্পৰ এক প্ৰচুৰ সম্ভৱনা আছে। ইয়াৰ বাবে উপৰিউক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে অসমত এই শিল্পই নিশ্চয় গা কৰি উঠিব আৰু অসমে প্ৰতিবছৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰাত সক্ষম হ’ব। আমি আশাবাদী যে অসমবাসী তথা চৰকাৰে এই পৰ্যটন উদ্যোগৰ সমস্যাসমূহ আঁতৰ কৰি ইয়াক এক লাভজনক ব্যৱসায়লৈ উন্নীত কৰিব।
(খ) তোমাৰ প্ৰিয় গ্রন্থ।
(আৰম্ভণি-গ্ৰন্থখনৰ পৰিচয়-ভাল লগাৰ কাৰণ সামৰণি)
উত্তৰঃ আৰম্ভণি: মই এজন মজলীয়া অৱস্থাৰ গাঁৱলীয়া পৰিয়ালৰ ছাত্ৰ। আজৰি পৰত মই ঘৰুৱা কাম বনতো অলপ লাগি-ভাগি দিব লাগে। তথাপি তাৰ মাজতে ঢৌতে খৰ মাৰি দুই চাৰিখন বাহিৰা কিতাপো নপঢ়া নহয়। আমাৰ মা দেউতা উচ্চ শিক্ষিত নহলেও শিক্ষাৰ প্ৰতি অনুৰাগী। আমাৰ ঘৰত ন-পুৰণি দুয়োবিধ পুথিৰে অলপ অচৰপ চৰ্চা হয়। সৰুতে আইতাৰ মুখত বকাসুৰ বধ, কুলাচল বধ, জংঘাসুৰ বধ আৰু অশ্বকর্ণ বধৰ পুৰণি পুথিৰ কাহিনীবোৰ শুনি শুনি কিমান যে আমোদ পাইছিলো। এই কাহিনীবোৰ শুনিয়েই নেকি পুৰণি পুথি পঢ়িবলৈ লওঁ। পুথিখন পঢ়ি ইমান ৰস পাঁও যে ভাত-পানী পর্যন্ত খোৱাৰ কথা পাহৰি যাওঁ। ইয়াৰ পাছতো আৰু কেইবাবাৰো মই সেই কিতাপখন পঢ়িছোঁ আৰু সিদিনা টেষ্ট পৰীক্ষাৰ পাছতো আকৌ এবাৰ পঢ়োঁ। এতিয়া মোৰ দৃষ্টিভংগী সলনি হৈছে। তথাপি পুথিখনৰ আকৰ্ষণ কমা নাই। গল্প বস্তুৰ আকৰ্ষণ কমিলেও সাহিত্যিক সৌন্দৰ্য্যই মোক এতিয়া বেছিকৈহে আকর্ষিছে। মই যিমানবোৰ কিতাপ পুথি পঢ়িছোঁ, সেইবোৰ আটায়ে মোৰ ভাল লগা পুথি। তথাপি আজি মই ভাল পোৱা পুথি এখন নিৰ্দিষ্ট কৰিবলগীয়া হোৱাত মোৰ মনলৈ সেই পুথিখনৰ কথা বাৰে বাৰে আহিছে। সেইখনিয়ে হ’ল ৰাম সৰস্বতী ৰচিত ‘ভীম চৰিত’ নামৰ এধানিমান পুথিখন।
সামৰণি: ওপৰত আলোচনা কৰা এই গুণ সমূহৰ কাৰণেই 500 বছৰ আগেয়ে ৰচনা কৰা এই এধানিমান পুথিখনিয়ে আজিও যিকোনো পাঠকৰ চিত্ত আকৰ্ষণ কৰে। এইবোৰ কাৰণতহে বাৰে বাৰে পঢ়িও পুথিখন মোৰ ভাল লাগে, আৰু মই ভাবো যদিও ভিন্ন ৰুচিহি লোকো মানুহৰ ৰুচি ভিন ভিন, তথাপি ইয়াক পঢ়ি মোৰ দৰেই আৰু বহুতে ভাল পাব।
(গ) বিজ্ঞানৰ অৱদান।
(আৰম্ভণি-বিজ্ঞানৰ উৎপত্তি আৰু ক্রমবিকাশ-বৈজ্ঞানিক আৱিষ্কাৰ আৰু উপকাৰিতা-সামৰণি)
উত্তৰঃ আৰম্ভণিঃ মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও উন্নতৰ হবলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জল-স্থল, আকাশ-বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয়- ‘বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ’।
বৈজ্ঞানিক আৱিষ্কাৰঃ অতীজত মানুহে হাবিৰ মাজত, পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ, খেতি-বাতি কৰিবলৈ, জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি-বাতি কৰিব জনা হ’ল।
সামৰণিঃ বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত আদি আটাইৰে পৰিবৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আবিষ্কাৰ সমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত ‘হিৰোশ্বিমা’ আৰু ‘নাগাচাকি’ নামৰ চহৰ দুখন যেতিয়া ধংসস্তুপত পৰিণত হ’ল, তেতিয়া বিজ্ঞানীসৱৰ ‘এটমবোম’ হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ। কিয়নো, বিজ্ঞান হ’ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ – প্ৰকৃতিৰ কথাকেহে সুচায়। বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সুচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে।
১৯। ‘বৈচিত্র্যময় অসম’ নামৰ দ্রুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা।
উত্তৰঃ ১। আহোম জনগোষ্ঠী – লাচিত বৰফুকন: অসমৰ ইতিহাসত দেশপ্রেমিক বীৰ বুলি ক’লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। ঐতিহাসিক আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল’ব লগা হৈছিল লাচিত বৰফুকনে। মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুবর্তিতা আৰু একমুখী কাৰ্যপন্থাৰ উদাহৰণ পোৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। এইগৰাকী লাচিত বৰফুকনৰ জন্ম হয় ১৬২২ খ্রীষ্টাব্দত। দিন-বাৰ আৰু স্থান সম্পর্কে সঠিকভাৱে জনা নহ’লেও গড়গাঁৱৰ ওচৰে-পাজৰে বুলি অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। কনিষ্ঠ সন্তান লাচিতৰ তিনিজন ককায়েক আছিল। তেওঁলোক হ’ল-লালুকসোলা, মৰংগী আৰু ভাৰধৰা। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী।
২। কাৰ্বিসকল – ছেমছনছিং ইংতি: তেওঁ হ’ল কাৰ্বি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্ম গ্রহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী (কাজিৰ তিমুংপী)। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চাঁন্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে। তেওঁ স্নাতক ডিগ্রী গ্ৰহণ কৰাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্রেক গঠন হোৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আনি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায়।তেওঁ লিখা পুথিকেইখন হ’ল ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুৰু আৰু ৱপী’।
২০। তোমাৰ দ্রুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ-পার্বণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ১। কাৰ্বিসকলৰ উৎসৱ-পার্বণ: পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।
২। গাৰোসকল: গাৰোসকলৰ পূৰ্বপুৰুষে পূজা-অর্চনা কৰিছিল। এইদৰে পূজা কৰা লোকসমূহক গাৰোসকলে সংসাৰেক বুলি কয়। এওঁলোকৰ দেৱ-দেৱী আছিল চালজং, গৱেৰা, খালখামে, আসিমা, ডিংসিমা, সুসিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া হৈছিল। কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰোসকল খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে আৰু পূজা-অর্চনা লুপ্ত হ’বলৈ ধৰে। গাৰোসকলৰ জাতীয় উৎসৱ ওৱানগালাও।
বিভাগ – খ |
২১। তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা:
(ক) ভট্টদেৱৰ সম্পূর্ণ নামটো কি?
উত্তৰঃ ভট্টদেৱৰ সম্পূর্ণ নামটো হ’ল বৈকুন্ঠনাথ ভাগৱত ভট্টাচার্য।
(খ) হেমচন্দ্র গোস্বামীৰ প্ৰথম অসমীয়া ছনেটটোৰ নাম লিখা।
উত্তৰঃ হেমচন্দ্র গোস্বামীৰ প্ৰথম অসমীয়া ছনেটটোৰ নাম হ’ল প্রিয়তমাৰ চিঠি।
২২। উত্তৰ লিখা:
(ক) কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম আৰু যুধিষ্ঠিৰে বজোৱা শংখকেইটাৰ নাম লিখা।
উত্তৰঃ কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম আৰু যুধিষ্ঠিৰে বজোৱা শংখকেইটাৰ নাম হ’ল-
কৃষ্ণ | পাঞ্চজন্য। |
অর্জুন | দেৱদত্ত। |
ভীম | পৌণ্ড্রক। |
যুধিষ্ঠিৰ | অনন্ত। |
(খ) আর্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলাবিদ্যা শিকোৱা যিকোনো দুটা বিভাগৰ নাম লিখা।
উত্তৰঃ আর্য শিক্ষাৰ কলাবিদ্যা ৬৪ টা। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলাবিদ্যা শিকোৱা যিকোনো দুটা বিভাগৰ নাম হ’ল- সাহিত্য আৰু গৃহপাল বিদ্যা।
২৩। উত্তৰ লিখা:
(ক) “যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো।” কথাষাৰ কোনে, কেতিয়া, কাৰ আগত কৈছিল, তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ উক্ত কথাষাৰ অর্জুনে কৈছিল, যিখন মহাভাৰতৰ ভাগৱত গীতাৰ প্ৰথম অধ্যায়ত উল্লেখিত। এই কথা কৃষ্ণৰ আগত কৈছিল, কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ আগত, যেতিয়া অর্জুনে স্বজন-বন্ধু আৰু আত্মীয়ৰ সৈতে যুদ্ধ কৰিব লগা পৰিস্থিতি দেখি মনোবল হেৰুৱাই বৈৰাগ্য অনুভৱ কৰিছিল।
নাইবা
(খ) আজি-কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই লিখা।
উত্তৰঃ আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়।
(i) আগৰ দিনত ছাত্রই শিক্ষা লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই।
(ii) আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা। আনহাতে, আজিৰ দিনত শিক্ষাৰ উদেশ্য হ’ল চাকৰি গ্ৰহণ কৰা।
(iii) প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধপৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে, আধুনিক শিক্ষা ব্যৱস্থা হৈছে পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা। নৈতিক চৰিত্ৰ গঠন দিবলৈ শিক্ষা ব্যৱস্থাত সুযোগ কমেই।
(iv) আগৰ শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা-পইচা খৰছ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুনেই উৎকৃষ্ট আছিল।
২৪। অতি চমু উত্তৰ লিখা:
(ক) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
(খ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল?
উত্তৰঃ ১৯৫০ চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল।
২৫। “হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।’
কবিতাফাকিত উল্লেখ কৰা ‘জাতিৰ ঝাড়ুদাৰ’ মানে কি, চমুকৈ লিখা।
উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ ধাৰে-ঋণে জীৱন দিয়ে ‘ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত ‘হিংসা-দ্বেষৰ, ভেদাভেদৰ, ঘৃণা-ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি’ পােত খালে, মুখত ‘কাজল – ছাই’ পৰিল।
এইবােৰ সাৰি–পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব।
২৬। তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা:
(ক) “গাততে পোততে পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই।”
ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে?
উত্তৰঃ ধনত জুই লাগিব বুলি এই উক্তি কৃষ্ণই কৈছে।
ইয়াৰ মূল কাৰণ হ’ল কৃষ্ণই যশোদাক অভিযোগ কৰিছে যে যশোদাই ধন সাঁচি ৰাখিছে, কিন্তু কৃষ্ণৰ প্ৰতি স্নেহ আৰু যত্ন দেখুৱাবলৈ ধনৰ সঠিক ব্যৱহাৰ কৰিব পৰা নাই। তেওঁ কৈছে, যশোদাই তেওঁৰ দুখ-কষ্টৰ কথা বুজিব পৰা নাই আৰু তেওঁৰ বাবে এটা সোণৰ বাঁহী বনাই দিবলৈও প্ৰস্তুত হোৱা নাই। কৃষ্ণৰ মতে, যশোদাই এনে ধন সাঁচি ৰাখিলে তাত জুই লাগিব।
নাইবা
(খ) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল। তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি–পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা–দ্বেষৰ, ভেদা-ভেদৰ, ঘৃণা–ঘৃণিৰ, ভেম–অহংকাৰৰ যিবােৰ মলি–মামৰ গােট খালে তাক সকলােৱে মিলিজুলি, সাৰি–পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।
তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব, বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব। সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে।
২৭। (ক) তলৰ বাক্যটি শুদ্ধকৈ লিখা:
মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ।
উত্তৰঃ মই কালি বৰপেটালৈ গৈছিলোঁ।
(খ) ‘উপ’ উপসর্গ ব্যৱহাৰ কৰি এটা শুদ্ধবাক্য লিখা।
উত্তৰঃ উপ = ৰামে ৰহিমক সদায় উপকাৰ কৰে।
(গ) খালী ঠাইত উপযুক্ত অনুসর্গ বহুওৱা:
তুমি বৰষুণতে গ’লা _________।
উত্তৰঃ তুমি বৰষুণতে গ’লা দেখোন।
(ঘ) তলত দিয়া যিকোনো এটাৰ সমার্থক শব্দ লিখা:
উপাসনা; অনন্তকাল।
উত্তৰঃ উপাসনা – প্ৰাৰ্থনা।
অনন্তকাল – অনাদিকাল।
(ঙ) তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা:
আসি; পুহাইল।
উত্তৰঃ আসি – আহি।
পুহাইল – ৰাতিপুৱা।
২৮। তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্র লিখি উদাহৰণ দিয়া:
লেচাৰি ; কুসুমমালা; ঝুনা।
উত্তৰঃ লেচাৰি: ইয়াত স্তৱকত প্ৰতিটো চৰণত তিনিটা পৰ্ব যুক্ত শেষ আখৰৰ মিল থকা দুটা চৰণ থাকে প্রত্যেক চৰণৰ প্ৰথম আৰু দ্বিতীয় পৰ্বত দহমাত্ৰা আৰু তৃতীয় পৰ্বত চৈধ্য মাত্ৰা থাকে ইয়াক লেচাৰি ছন্দ বোলে।
উদাহৰণ: চুলি ধৰি দুঃশাসন বাঘে/ধৃতৰাষ্ট্ৰ শ্বশুৰৰ আগে/ ঘসইলেক মোক অনা/থিনী পৰবাসু। পাঞ্চপতি মোৰ সেহি থানে/বিলাই বিপত্তি ভৈল মানে আগতে আছিল গান্ধা/ৰিণী জ্যেষ্ঠা শাসু।।
কুসুমমালা: আটাইতকৈ সৰু আৰু খৰতকীয়া সমছন্দ হৈছে কুসুমমালা। কুসুমমালা ছন্দক ‘গুণমালা’ ছন্দ বুলিলেও ভুল বোলা নহয়। শংকৰদেৱৰ গুণমালায়ে এই ছন্দক বিখ্যাত কৰি দিলে। খুব সম্ভৱ তেৱেঁই এই ছন্দৰ প্ৰবৰ্তকো। পিছত বহুতে এই ছন্দৰ কম-বেছি ব্যৱহাৰ কৰি গৈছে।
কুসুমমালাৰ চাৰিটা চৰণ আৰু প্ৰতি চৰণত ছয়টাকৈ আখৰ, চৰণবোৰ মিলিতান্ত। পাদাস্তত কেৱল যতি পৰে।
উদাহৰণ – নমো নিৰঞ্জন/
পাতক ভঞ্জন/
ঝুনা – এটা চৰণত এঘাৰটাকৈ আখৰ যুক্ত ছন্দক ঝুনা ছন্দ বোলে।
যেনে – গোপাল গোবিন্দ যুদ্ধ নন্দন।