History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি

History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি Question Answer can be of great value to excel in the examination.

Join Telegram channel

History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি

History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 6 আধুনিক অসমীয়া সাহিত্যৰ পটভূমি in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

আধুনিক অসমীয়া সাহিত্যৰ পটভূমি

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। মিছনেৰী যুগৰ অসমীয়া সাহিত্য সন্দৰ্ভত এটি টোকা লিখা? 

উত্তৰঃ খৃষ্টান মিছনেৰীসকলে অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিয়ে ভাষাৰ সমস্যাত পৰিছিল। সেয়েহে এওঁলোকে অসমীয়া ভাষাক পুনৰ অসমত চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত আত্মনিয়োগ কৰিছিল। মিছনেৰী যুগৰ অসমীয়া সাহিত্যক তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি। 

(১) প্ৰাক্‌ অৰুণোদয় স্তৰ।

(২) অৰুণোদয় স্তৰ।

(৩) হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ স্তৰ।

(১) প্ৰাক অৰুণোদয় স্তৰ : এই স্তৰৰ অসমীয়া সাহিত্যসমূহ হ’ল— আত্মাৰাম শৰ্মাৰ ‘বাইবেল’ৰ অসমীয়া ভাঙনি, ২য় সংস্কৰণ (১৯৩৩), ৰবিন্সন চাহাবৰ ইংৰাজীত লিখা ‘অসমীয়া ব্যাকৰণ’ (১৮৩৯), কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰনজি পুথি’ (১৮৪৪) ও টি কট্টৰৰ পত্নীৰ ‘অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য (১৮৪০), মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ ‘বুৰঞ্জী বিবেক ৰত্ন’ (১৮৩৮) আদি প্রধান।

(২) অৰুণোদয় স্তৰ : ১৮৪৬ চনত খৃষ্টান মিছনেৰীসকলৰ যত্নত এওঁলোকে শিৱসাগৰত স্থাপন কৰা ছপাশালৰ পৰা ‘অৰুণোদয়’ নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। এইখনেই আছিল প্রথম মাহেকীয়া বাৰ্তালোচনী। এইখনৰ প্রথম সম্পাদক আছিল নাথান ব্রাউন। এই আলোচনীখন ১৮৮০ চনলৈকে প্ৰকাশ হৈছিল।

অৰুণোদয়ৰ জৰিয়তে ভালকেইজন দেশী-বিদেশী লেখকে অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ যোগেদি অসমীয়া আধুনিক সাহিত্যৰ বুনিয়াদ গঢ়ি তুলিছিল। এইসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল – ড° নাথান ব্রাউন, এলিজা ব্রাউন, ড” মাইলছ ব্ৰন্সন, অলিভাৰ টমাছ কট্টৰ, এ কে গার্নি, নিধি লিবাই ফাৰোৱেল, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

নাথান ব্ৰাউনৰ ‘Grammatical Notices of The Assamese Language’ (১৮৪৮) এখন অতি উল্লেখযোগ্য ব্যাকৰণ পুথি ৷ ইয়াৰোপৰি এ কে গাৰ্নিৰ ‘কামিনীকান্তৰ চৰিত’, ‘কানি বেহেৰুৱাৰ কথা’ আৰু শ্ৰীমতী গাৰ্নিৰ ‘ফুলমণি আৰু কৰুণাৰ কাহিনী’ নামৰ অনুদিত গ্রন্থখন বিশেষভাৱে উল্লেখযোগ্য।

অৰুণোদয়ত লিখা-মেলাৰ যোগেদি অসমীয়া ভাষাক পুনৰ প্রতিষ্ঠাত পুনৰ আগভাগ লোৱা আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। এওঁ অসমীয়া ল’ৰাৰ মিত্ৰ আৰু A Few Remarks on the Assamese Language and on Vernacular Education in Assam দুখন উল্লেখযোগ্য পুথি।

(৩) হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ স্তৰ : খৃষ্টান মিছনেৰীসকলে অৰুণোদয়ৰ যোগেদি অসমীয়া ভাষা প্রতিষ্ঠা আৰু আধুনিক অসমীয়া সাহিত্যৰ বুনিয়াদ সূচনা কৰিলে যদিও ইয়াৰ মাজত অসমীয়া জাতিৰ প্ৰাণৰ সন্ধান, অসমীয়া সমাজৰ সমস্যা, জীৱন যাত্ৰাৰ অভিব্যক্তি দেখা নাযায়। এই ক্ষেত্ৰত অৰুণোদয় কাকততে সাহিত্যিক জীৱন আৰম্ভ কৰা হেমচন্দ্র বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ নাম উল্লেখযোগ্য। এওঁলোকৰ বচনাৰ মাজত স্বদেশপ্রীতি আৰু জাতীয়তাবোধৰ সুৰ স্পষ্ট।

হেমচন্দ্ৰ বৰুৱাৰ ৰচিত পুথিসমূহ হ’ল- ‘অসমীয়া ব্যাকৰণ’, ‘আদিপাঠ’, ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’, ‘হেমকোষ’ আদি ৰচনাৰ উপৰি কানীয়াৰ কীৰ্ত্তন (১৮৬১) আৰু বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী দুখন উল্লেখযোগ্য গ্রন্থ। 

গুণাভিৰাম বৰুৱাই ‘ৰাম নবমী’ (১৮৫৭) নামৰ নাটক এখন ৰচনা কৰিছিল। এইখন অসমীয়া সাহিত্যৰ প্রথম সামাজিক নাটক।

এই দুজন পুৰুষে ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ নাওখনৰ গুৰিবঠা ধৰি চলাই নিছিল। এই সময়ছোৱাৰ আন কেইজনমান সাহিত্যিক হ’ল— পদ্মাবতী দেৱী যুদ্ধমনী, ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, লম্বোধৰ বৰা, কমলাকান্ত ভট্টাচার্য আদি।

২। নৱজাগৰণ আৰু অসমীয়া সাহিত্যৰ পটভূমি সম্পর্কে এটি আলোচনা যুগুত কৰা?

উত্তৰঃ ইউৰোপৰ নৱন্যাস বা নৱজাগৰণ (Renaissance) মধুযুগ (দ্বাদশ-ষোড়শ শতিকা)ৰ এক যুগান্তৰকাৰী ঘটনা। কনষ্টাণ্টিন’পলৰ পতনৰ পিছত গ্ৰীক আৰু ৰোমান ক্লাছিকসমূহৰ দ্ৰুত প্ৰসাৰৰ লগে লগে চতুৰ্দশ শতিকাৰ ইটালিৰ পৰা ষষ্ঠদশ-সপ্তদশ শতিকাৰ ইংলেণ্ড পর্যন্ত ইউৰোপৰ বহুবোৰ দেশত জ্ঞানৰ মুক্ত চৰ্চাৰ লগে লগে মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তনে দেখা দিলে। 

সাহিত্য-শিল্প-চিত্রকলা-ভাস্কৰ্যৰ নতুনত্বৰ পৰা আৰম্ভ কৰি শিল্প-বাণিজ্যৰ প্ৰসাৰ, সাগৰীয় অভিযান, বিজ্ঞান চৰ্চাৰ আৰম্ভণি, ব্যক্তিৰ ওপৰত গুৰুত্ব আদি অনেক নতুন নতুন ধ্যান-ধাৰণা, দৃষ্টিভঙ্গী আৰু চিন্তা চৰ্চাই বিধৌত কৰা এছোৱা বিশেষ সময়ক ইউৰোপত নৱন্যাস বা নৱজাগৰণৰ যুগ বুলিছিল। ডাণ্টে-পেট্টাৰ্কৰ পৰা মাইকেল এঞ্জেলো লিওনার্ডো দ্য ভিন্সি, মার্ল’, শ্বেইক্সপীয়েৰলৈকে বহুতকে নৱন্যাসৰ অৱদান বোলা হয়। ভাৰতীয় সামাজিক ইতিহাসত ব্ৰিটিছ শাসনৰ আৰম্ভণিতে উদ্ভৱ হোৱা বঙ্গীয় নৱজাগৰণ অন্যান্য প্ৰদেশবোৰলৈয়ো লাহে লাহে প্ৰসাৰিত হয় বোলা হৈছে- ‘অসমতকৈ প্ৰায় এশ বছৰ আগতে বাঙালীসকল ইংৰাজী শিক্ষা আৰু পাশ্চাত্য জীৱন দৰ্শনৰ সংস্পৰ্শলৈ আহে। তাৰ ফলত বংগদেশত নৱজাগৰণৰ সূচনা হয়। ইয়াৰ প্ৰভাৱ ভাৰতৰ আন আন প্ৰান্তলৈ বিয়পি যায় আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত সংস্কাৰ আন্দোলন গঢ় লৈ উঠে। এই নৱজাগৰণৰ ভেটিতেই ভাৰতত ৰাজনৈতিক চেতনাৰ স্তৰ গঠন হয় আৰু তাৰ বিস্তৃতিয়ে ভাৰতীয় জাতীয়তাবাদৰ জন্ম দিয়ে। (অসমৰ ইতিহাস, অসম সাহিত্য সভা, ২০০৭, পৃঃ ৪৬২)।

অসমীয়া নৱজাগৰণৰ কাল বুলিলে ১৮৪৬ চনত ‘অৰুণোদই’ প্ৰকাশৰ পৰা কুৰি শতিকাৰ তৃতীয় দশকত স্বাধীনতা আন্দোলনৰ আৰম্ভণিলৈকে বুলিব পাৰি। অৱশ্যে কোনো এটা যুগ এটা বিশেষ চন তাৰিখৰ পৰা আৰম্ভ আৰু শেষ নহয়। এইছোৱা সময়ত অসমৰ সমাজ-জীৱনৰ প্ৰায়বোৰ দিশতে এক নতুন জাগৰণ আৰু উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। অসমত নৱজাগৰণৰ লক্ষণসমূহ চমুকৈ এনেধৰণৰঃ 

(১) সামন্তযুগীয় সমাজ-ব্যৱস্থাৰ অৱসান আৰু পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি আগ্ৰহ।

(২) মধ্যবিত্ত শ্ৰেণীৰ উত্থান।

(৩) সকলোৰে বাবে শিক্ষাৰ আৰম্ভণি।

(৪) উদ্যোগ, ব্যৱসায়-বাণিজ্য আৰু যাতায়াতৰ উন্নয়ন।

(৫) ছপাশাল স্থাপন আৰু সংবাদপত্ৰৰ প্ৰচলন।

(৬) ভাষা আৰু সাহিত্যৰ আধুনিকীকৰণ।

(৭) বুৰঞ্জীসমূহৰ মুদ্ৰণ আৰু জাতীয় চেতনাৰ উন্মেষ।

(৮) জ্ঞান চৰ্চাৰ প্ৰসাৰ আৰু বিজ্ঞান চৰ্চাৰ আৰম্ভণি।

(৯) সমাজ-সংস্কাৰ, স্ত্রী-শিক্ষা আৰু নাৰীৰ সাহিত্য-চর্চা।

ইংৰাজ শাসন কালত ভূমি-ব্যৱস্থা আৰু ৰাজহ-ব্যৱস্থাৰ পৰিৱৰ্তন, সৰ্বসাধাৰণৰ বাবে শিক্ষাৰ ব্যৱস্থা, কলিকতা (কলকাতা)ত শিক্ষা লাভ কৰোঁতাসকলৰ সংস্কাৰকামী প্ৰচেষ্টা, চাহ-কয়লা-পেট্রোলিয়াম উদ্যোগ স্থাপন, যাতায়াতৰ উন্নয়ন, ছপাশাল স্থাপন আৰু ‘অৰুণোদই’ কাকতৰ যোগেদি বহির্বিশ্বৰ লগত পৰিচয়, মধ্যবিত্ত শ্ৰেণীৰ অদ্ভুদয় আৰু জাতীয়তাবাদী অনুষ্ঠানসমূহৰ প্ৰচেষ্টা আদিৰ জড়িয়তে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অসমত মধ্যযুগৰ সামন্তবাদী সমাজখনৰ ঠাইত নতুন চিন্তা-চৰ্চাৰে এক নৱজাগৰণৰ সূচনা হয়। ব্ৰিটিছ শাসনকাৰ্যৰ বাবে আমোলা শ্ৰেণীটোত অন্তৰ্ভুক্ত হ’ব পৰাকৈ ইংৰাজী শিক্ষাদানৰ বাবে গুৱাহাটীত ১৮৩৫ চনত প্ৰথমখন ইংৰাজী স্কুল স্থাপন হয় আৰু শিৱসাগৰত ১৮৪১ চনত। এংল’-ভাৰ্নেকুলাৰ (বেঙ্গলী) ‘জিলা স্কুল’ একোখনকৈ প্ৰতি জিলাত স্থাপন হোৱাৰ পিছত ১৮৭৩ চনত শিক্ষাৰ মাধ্যম অসমীয়া হোৱাৰ লগে লগে স্কুলৰ সংখ্যা বাঢ়ি গৈ ১৮৭১-৭২ চনৰ ২০৪ খনৰ ঠাইত ১৮৮২-৮৩ চনত ১,৩৫১ খন হয়গৈ (দ্য কম্প্রিহেনচিভ হিষ্ট্ৰী অব আচাম, চতুর্থ খণ্ড, পৃঃ ৩৫৭)। 

অসমত শিক্ষাৰ মাধ্যম অসমীয়া হোৱাটো যে কিমান গুৰুত্বপূৰ্ণ কথা এইটোৱেই প্ৰমাণ কৰে। এই ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰচেষ্টা বিশেষভাৱে উল্লেখযোগ্য। আনন্দৰামৰ পিছতেই গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, কমলাকান্ত ভট্টাচার্য, যদুৰাম ডেকাবৰুৱা, জগন্নাথ বৰুৱা আদিয়ে সমাজ সংস্কাৰ, বিধবা বিবাহ, স্কুল-কলেজ প্রতিষ্ঠা, ভাষা-সাহিত্য চর্চা আদি নানা কামেৰে সমাজক নতুন পথেৰে আধুনিক পৃথিৱীৰ ফালে আগুৱাই নিবৰ চেষ্টা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হৰকান্ত বৰুৱা আদি আছিল উচ্চ শ্ৰেণীৰ প্ৰশাসনীয় বিষয়া, অসমৰ প্ৰথম স্নাতক আৰু ইংলেণ্ডত ইণ্ডিয়ান চিভিল চাৰ্ভিচ লাভ কৰা (১৮৭২) প্রথম চিভিলিয়ান আনন্দৰাম বৰুৱাই প্ৰমাণ কৰে যে অসমীয়াও বিদ্যা-বুদ্ধিত পশ্চিমীয়া সকলতকৈ কম নহয়। এই উচ্চ শ্ৰেণীৰ বিষয়াসকল আৰু অসমীয়া চাহ খেতিয়কসকলৰ পিছে পিছে আহিছিল মৌজাদাৰ, চৌধুৰী, তহচীলদাসকল, তাৰ পিছত আহিল অসমতে দুশ্ৰেণীমান পঢ়া মহৰী-কেৰাণী, মণ্ডল, কাননও আৰু পণ্ডিতসকল। মণিৰাম দেৱান, জগন্নাথ বৰুৱা, ৰাধাকান্ত সন্দিকৈ, মাণিকচন্দ্ৰ বৰুৱা আদিয়ে চাহ বাগিচা স্থাপন কৰিছিল। তেল কয়লা-চাহৰ উদ্যোগৰ সুবিধাৰ অৰ্থে জলপৰিবহন আৰু ৰেল লাইন স্থাপন হৈছিল। মাণিকচন্দ্ৰ বৰুৱা, ভোলানাথ বৰুৱা আদিয়ে ব্যৱসায়ত দক্ষতাৰ পৰিচয় দিছিল। মাণিকচন্দ্ৰ বৰুৱা আৰু অন্নদাৰাম ফুকনৰ বৰুৱা-ফুকন ব্রাদার্ছ নামৰ ব্যৱসায় কেন্দ্ৰ গঢ়ি উঠিছিল। আনন্দৰাম-গুণাভিৰামৰ জ্ঞানদায়িনী সভা (১৮৫৭), আসাম লিটাৰেৰী ছ’’চাইটি, যোৰহাট সার্বজনিক সভা, আপাৰ আসাম এছ’চিয়েচন, নগাঁও ৰায়ত সভা আদিয়ে বিভিন্ন দাবীৰে অসমৰ উন্নতিত অৰিহনা যোগাইছিল আৰু প্ৰবল জাতীয় চেতনাৰ উন্মেষ ঘটাইছিল । 

নৱজাগৰণ আৰু অসমীয়া সাহিত্য : আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ কৰা মাহেকীয়া ‘অৰুণোদই’ কাকতে (১৮৪৬-১৮৮০) অসমীয়া ভাষা-সাহিত্যলৈ বৃহৎ বৰঙনি আগবঢ়োৱাৰ লগতে পশ্চিমীয়া জগতৰ সাহিত্য সংস্কৃতিৰ লগত অসমীয়া মানুহক পৰিচয় কৰাই দি অসমীয়া জাতিৰ চিন্তা চৰ্চালৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনি অসমীয়া নৱজাগৰণৰ সূচনা কৰে। এই কাকতত আলোচনী আৰু সংবাদপত্ৰ দুয়োটা খণ্ড আছিল যদিও ১৮৫৬ চনৰ পৰা সংবাদপত্র অংশটো উঠাই দিয়া হয়। ১৮৬৭ চনৰ পিছত এৰা ধৰাকৈহে এই কাকত প্ৰকাশ হৈছিল। নাথান ব্ৰাউন, এ.এইচ. ডেনফোর্ড, মাইল্‌চব্রন্সছন আদি কেইবাজনেও এই কাকত সম্পাদনা কৰিছিল। প্ৰধানকৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে এই কাকত উলিওৱা হৈছিল যদিও বিভিন্ন দেশৰ সংবাদ, বিভিন্ন ঐতিহাসিক ঘটনা, বাইবেলৰ কাহিনী, নৈতিক শিক্ষা, হিন্দুস্তানৰ বিৱৰণ, ইতিহাস, জীৱনী, সাধুকথা, ভূগোল, বিজ্ঞান, নৃতত্ত্ব, স্তুতিগীত আদি অনেক বিষয় অৰুণোদয়ত প্ৰকাশ পাইছিল। দেওধাই অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী আৰু কামৰূপৰ বুৰঞ্জীৰ প্ৰকাশে মানুহক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিছিল। ‘ৰাম-নৱমী’ নাটৰ প্ৰকাশ আৰু ‘পিলগ্রিম্‌ছ প্ৰগ্ৰেছ’ৰ অনুবাদ লেখত ল’বলগীয়া আছিল। এই কাকতৰ যোগেদি প্ৰথমবাৰৰ বাবে অসমীয়া মানুহে সংবাদ আৰু জ্ঞান চৰ্চাৰ নিয়মীয়া সোৱাদ পাইছিল আৰু নিজেও হাতত কলম তুলি লৈছিল। আনকি বিষ্ণুপ্রিয়া দেৱী, স্বর্ণলতা দেৱী, পদ্মাৱতী দেৱী ফুকননী আদিয়ে অসমীয়া লেখিকাৰ ধাৰা এটাৰো বাট কাটিছিল।

মিছনেৰী লেখক-লেখিকাসকলৰ উপৰি ‘অৰুণোদই’ৰ প্ৰধান তিনিজন অসমীয়া লেখক হ’ল আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা। আনন্দৰামে ‘অৰুণোদই’ত ‘ইংলণ্ডৰ বিৱৰণ’ (১৮৪৭) আৰু ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ (১৮৪৯) প্ৰকাশ কৰে। ফুকনে ইংৰাজীত লিখা ‘এ ফিউ বিমাৰ্কৰ্ড অন আচামিজ লেংগুরেজ’ (১৮৫৫) এ অসমীয়া ভাষা অসমত পুনৰ প্ৰতিষ্ঠা হোৱাত বিশেষ অৰিহনা যোগায়। ইংৰাজী অসমীয়া আৰু অসমীয়া-ইংৰাজী দুখন অভিধানৰ আৰ্হিও তেওঁ অৰুণোদইলৈ পঠাইছিল।

হেমচন্দ্ৰ বৰুৱা (১৮৩৫-৬৯) ই অৰুণোদইত ভাষা সম্পৰ্কীয় প্ৰবন্ধ লেখিবলৈ আৰম্ভ কৰি “অসমীয়া ব্যাকৰণ’ (১৮৫৭), ‘আদিপাঠ’(১৮৭৩), ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’ (১৮৮৬), ‘পঢ়াশলীয়া অভিধান’ (১৮৯২), ‘সংক্ষিপ্ত হেমকোষ’ (১৮৯৪) আৰু সেইখন পৰিবৰ্ধিত কৰি অসমীয়া অভিধানৰ কীৰ্তিস্তম্ভ ‘হেমকোষ’ (১৯০০) প্ৰকাশ কৰে। তেওঁৰ ‘কানীয়া কীর্তন’ (১৮৬১) দ্বিতীয়খন আধুনিক অসমীয়া নাটক আৰু ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’ এখন তীব্র ব্যঙ্গাত্মক ৰচনাৰ পুথি৷ অসমীয়াৰ দোষ ত্রুটি আঁতৰাই সংস্কাৰ সাধনেই ইয়াৰ লক্ষ্য। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে অসমীয়া সাহিত্যত ‘বুদ্ধিনিষ্ঠ, ব্যঙ্গাত্মক আৰু সমাজ-সচেতন হাস্যৰসৰ সৃষ্টি হয় প্রথম হেমচন্দ্ৰ বৰুৱাৰ লেখনীত। (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ ২৬৫)

গুণাভিৰাম বৰুৱা (১৮৩৭-৯৪)য়ো কলিকতাত শিক্ষা লাভ কৰি আহি ‘অৰুণোদই’ত লিখিবলৈ লয়। প্ৰথমখন আধুনিক অসমীয়া নাটক ‘ৰাম নৱমী’ (১৮৫৭)ৰ বক্তব্য হৈছে বিধৱা-বিবাহ। এই নাটকত পোনপ্ৰথমে পাশ্চাত্য নাটকৰ কলা-কৌশল ব্যৱহৃত হয় আৰু ভাৰতীয় নাট্য-ঐতিহ্যৰ বিপৰীতে বিয়োগাত্মক পৰিণতি অঙ্কিত হয়। ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ’ (১৮৮০) প্রথম আধুনিক অসমীয়া জীৱনী।

‘অৰুণোদই’ৰ প্ৰভাৱমুক্ত আন কেইজনমান লেখক হৈছে দুতিৰাম হাজৰিকা, দীননাথ বেজবৰুৱা, হৰকান্ত বৰুৱা ইত্যাদি। হৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনী প্রাত্যহিক খটিয়ানৰ ৰূপত লিখা প্ৰথমখন অসমীয়া আত্মজীৱনী আৰু যদুৰাম ডেকা বৰুৱাই ‘অৰুণোদই’ত প্ৰবন্ধ লিখিছিল আৰু তেওঁৰ প্ৰধান খ্যাতি হ’ল বঙলা-অসমীয়া অভিধান (১৮৩৯)। ‘অৰুণোদই’ৰ পিছে পিছে আত্মপ্রকাশ কৰে কেইবাখনো সংবাদপত্রই। মাণিকচন্দ্ৰ বৰুৱাই ‘অসম নিউজ’ (১৮৮২) নামৰ অসমীয়া আৰু ইংৰাজী দুয়োটা বিভাগ থকা অসমৰ প্ৰথমখন সাদিনীয়া বাতৰি কাকত প্ৰকাশ কৰে। ইয়াৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা। ১৮৮৫ চনৰ পৰা ডেৰ বছৰ কাল গুণাভিৰাম বৰুৱাই সম্পাদনা কৰি প্রকাশ কৰে ‘আসাম-বন্ধু’ নামৰ মাহেকীয়া কাকত । দত্তদের গোস্বামীয়ে আউনীআটি সত্ৰৰ নিজা ছপাশালৰ পৰা প্ৰকাশ কৰে ‘আসাম বিলাসিনী’ (১৮৭১-৮৩)। ‘আসাম মিহিৰ’, ‘আসাম দর্পণ’ আদি অন্যান্য কাকতো কম দিনৰ বাবে চলিছিল।

৩। অসমীয়া সাহিত্যৰ চুটিগল্পৰ উদ্ধৱ আৰু বিকাশৰ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা?

উত্তৰঃ চুটিগল্প হৈছে বৰ্তমান যুগৰ সাহিত্যৰ এটা বিশিষ্ট অংগ। চুটি গল্পক যদিও আধুনিক যুগৰ সৃষ্টি বুলি কোৱা হয় প্রকৃতপক্ষে অতি প্রাচীন কালৰ পৰা আমাৰ দেশত গল্প কোৱাৰ ৰীতি চলি আহিছে। যাযাবৰী মানুহৰ মনত যেতিয়া পোন প্ৰথমে কথা কোৱাৰ বিচিন্ন অনুভূতিয়ে দেখা দিছিল সিদিনাখন তেওঁলোকে নিজৰ মনৰ ভাব ভাষাৰ মাধ্যমেৰে আনৰ আগত প্ৰকাশ কৰিব পাৰিছিল। আমাৰ বোধেৰে মানুহৰ গল্প কোৱাৰ আকাংক্ষাও সেইদিনাৰ পৰাই আৰম্ভ হৈছিল। “Creative Technique in Fiction নামৰ কিতাপখনত এই বিষয়ে স্পষ্ট উল্লেখ আছে।

The art of telling stories is one of the oldest arts in the world. It began when men first learned to make a number of noises which were more intelligible to his fellows.

গল্প কোৱা আৰু শুনাটো মানুহৰ এটা স্বাভাৱিক ধৰ্ম। সভ্যতাৰ পোহৰ নপৰা কালতো মানুহে তেওঁলোকৰ চিকাৰৰ অভিজ্ঞতা নিজৰ পৰিয়াল বা আন মানুহৰ আগত বৰ্ণনা কৰিছিল। এইবোৰেই একো একোটা কাহিনীৰ ৰূপ লৈছিল। হাবিতলীয়া মানুহৰ নিজৰ অভিজ্ঞতাৰ কাহিনীবোৰ কালক্ৰমত ৰূপ সলনি হৈ আহি গল্পৰ যিটো ৰূপ গ্ৰহণ কৰিছিল সেইটো ৰূপ আছিল নীতি শিক্ষাৰ। শ্রোতাক নৈতিক শিক্ষা দিবলৈ সাধাৰণতে একোটা গল্প কোৱা হৈছিল। এইবোৰৰ লগত আধুনিক চুটিগল্পৰ কোনো ক্ষেত্ৰতে মিল দেখা নাযায়। কিন্তু কোনো শিল্পই স্বয়ম্ভ নহয়। সকলোৰে আঁৰত ক’ৰবাত তাৰ বীজ থাকে। ৰ’দ, বতাহ, পানী পাই সেই বীজৰ এদিন অংকুৰণ ঘটে।

সমাজ আৰু সাহিত্যৰ এটা নিবিড় সম্পৰ্ক আছে। এটা আনটোৰ পৰিপূৰক। সমাজক কেন্দ্ৰ কৰিয়েই সাহিত্যৰ সৃষ্টি হয়। মানৱ সমাজ ক্রমোন্নতিৰ পথত আগবাঢ়ি যোৱাৰ লগে লগে মানুহৰ জীৱনৰ গতিধাৰাও পৰিৱৰ্তিত হোৱাটো স্বাভাৱিক। সেয়েহে প্রাচীন সেই গল্পবোৰে প্ৰাচীনতাৰ মাজত আৱদ্ধ নাথাকি গতানুগতিকতাৰ পৰিধি ভাঙি নতুন ৰূপেৰে ঊনবিংশ শতিকাত সাহিত্যৰ এক বিশিষ্ট অংগ হিচাবে ওলাই আহে।।

চুটিগল্পৰ উদ্ভৱ আৰু জনপ্ৰিয়তাৰ কাৰণঃ চুটিগল্প বুলিলে প্ৰকৃততে আমি যি শ্রেণীৰ সাহিত্যক বুজো দশকৰ পৰা। অষ্টাদশ শতিকাৰ দ্বিতীয় তৃতীয় দশকৰ পৰা। অষ্টাদশ শতিকাৰ শেষৰ ফালে সমগ্ৰ ইউৰোপতে শিল্প বিপ্লৱ হয়। বিপ্লৱৰ ফলত দেশৰ সমাজ গাঁথনিৰ সাল সলনি হয়। বিজ্ঞানৰ ন-ন আৱিষ্কাৰে মানুহৰ মনৰ প্ৰাচীন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মোহজাল কাটি সুস্থ আৰু মুক্ত বাতাবৰণৰ মাজলৈ লৈ আহে। মানুহৰ জীৱন যাত্ৰা অতি ক্ষিপ্ৰ হৈ পৰে। 

মানুহৰ কৰ্মময় জীৱনত অৱসৰ নাইকিয়া হৈ আহিল। মানুহে কর্মব্যস্ততাৰ মাজত অতি কম সময়তে পঢ়ি শেষ কৰিব পৰা গল্প পঢ়ি তৃপ্তি লাভ কৰাৰ উপৰিও সাহিত্যৰ সোৱাদো ল’বলৈ বিচাৰিছিল। ইয়াৰ ফলস্বৰূপে সাহিত্যৰ আন আন শাখাতকৈ চুটি গল্পৰ চাহিদা আৰু জনপ্ৰিয়তা অতি কম সময়ৰ ভিতৰতে বাঢ়িছিল। অৱশ্যে চুটি গল্পৰ জনপ্ৰিয়তাৰ ইয়ে একমাত্ৰ কাৰণ হ’ব নোৱাৰে। কাৰণ এফালে যেনেকৈ চুটিগল্পৰ চাহিদা বাঢ়িছে, আনহাতে ঠিক একে সংখ্যকভাবে নাটক, উপন্যাস আদিৰো বহুল পৰিমাণে প্ৰকাশ আৰু প্ৰচাৰ হৈ আছে আৰু সেইবোৰ পঢ়িও পাঠক সমাজে তৃপ্তি আৰু আনন্দ লাভ কৰি আছে। তেনেস্থলত সাহিত্যৰ আন আন শাখাৰ তুলনাত চুটি গল্পৰ জনপ্ৰিয়তাৰ প্ৰকৃত কাৰণ কি?

সাহিত্য হৈছে মানৱ জীৱনৰ দাপোণ স্বৰূপ। মানৱ জীৱনক প্ৰতিবিম্বিত কৰা সাহিত্যৰ দাপোণৰ ভিতৰত গল্পৰ দাপোণখনেই হৈছে আটাইতকৈ উজ্জ্বল। চুটিগল্পৰ মাজেৰে প্ৰকাশ পোৱা জীৱনৰ কোনো এক মুহূৰ্তৰ ঘটনাৰ লগত মানুহে নিজৰ জীৱনৰ সাদৃশ্য বিচাৰি পায়। জীৱনৰ কোনো এটা দিশক গভীৰভাবে উপলব্ধি কৰিব পাৰি বাৱেঁই চুটিগল্প পঢ়ি সকলোৱে ভাল পায়। তদুপৰি দেশত প্ৰচলিত বাতৰিকাকত, আলোচনী আদিয়েও চুটি গল্পৰ প্ৰসাৰৰ অন্তৰালত অৰিহণা যোগাই আহিছে। বিশ্বৰ সকলো দেশৰ সাহিত্যৰ বুৰঞ্জিলৈ চকু দিলে দেখা যায় যে বাতৰিকাকত, আলোচনী আদিতেই চুটিগল্পই পোন প্ৰথমে ভুমুকি মাৰিছিল। 

নাথানিয়েল হথর্ন (Nathaniel Hawthorne), এডগার এলেন পো (Edgar Allen poe), হেনৰী জেমছ (Henry James), ক্লোবাৰ (Flaubert), মোপাছা (Maupassant), বালজাক (Balzak) আদিৰ গল্পৰ প্রাচীন আশ্রয়স্থল আছিল সংবাদ পত্ৰ আৰু আলোচনীসমূহ। আধুনিক বাংলা সাহিত্যৰ প্রৱতৰ্ক ৰবীন্দ্ৰ নাথ ঠাকুৰেও সাপ্তাহিক “হিতবাদীত” গল্প লেখা আৰম্ভ কৰিছিল। এইখিনিতে উল্লেখনীয় যে অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাই (১৮৬৪-১৯৩৮) চুটি গল্পৰ পাতনি মেলিছিল— জোনাকী (১৮৮৯) আলোচনীৰ যোগেৰে। মুঠতে চুটি গল্পৰ বিস্তাৰৰ ক্ষেত্ৰত দেশৰ সামাজিক পৰিৱেশ আৰু দেশত প্ৰচলিত বাতৰিকাকত, আলোচনী আদিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। সংক্ষেপতে কব পৰা যায়, ঊনবিংশ শতিকাৰ যুগমানসে চুটিগল্পৰ ভাবসত্যক জন্ম দিলে আৰু সংবাদ পত্ৰই তার কায়ৰূপ নিৰ্মাণ কৰিলে।

বিশিষ্ট গল্পকাৰৰ গল্পৰ আলসত চুটিগল্পৰপ্ৰকৃতি আৰু বৈশিষ্ট্য : সাহিত্যৰ এটা অতিশয় জনপ্রিয় শাখাৰূপে চুটি গল্পই দ্ৰুত গতিত যিদৰে প্ৰসাৰ লাভ কৰিছে সেইফালৰ পৰা চাবলৈ গ’লে ইয়াৰ এটা সুনিৰ্দ্দিষ্ট সৰ্বজন গ্রহণযোগ্য সংজ্ঞা আজিও স্পষ্ট হৈ উঠা নাই। কিছুমানে ইয়াক Peculiar product বুলি অভিহিত কৰিছে। এই মন্তব্যটিয়ে অৱশ্যে চুটি গল্পৰ সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ কথা স্পষ্ট কৰি তোলে। প্রথম কথা হ’ল ঊনবিংশ শতিকাত আধুনিক চুটিগল্পৰ জন্ম হয়। ঊনবিংশ শতিকাৰ আগতে বিশ্বৰ প্ৰায়বোৰ দেশতে গল্পৰ নামত যিবোৰ কাহিনীৰ প্ৰচলন আছিল, সেইবোৰ কাল্পনিক, অবাস্তৱ আৰু অলৌকিক ঘটনাৰে ভৰপূৰ আছিল । দ্বিতীয়তে, চুটিগল্প হ’ল এনে এবিধ সাহিত্য য’ত গতিশীল মানৱ জীৱনৰ কোনো এটি বিশেষ মুহূৰ্তত প্ৰতিভাত হোৱা জীৱনৰ ছবি সুন্দৰ ৰূপে প্ৰকাশ পায়। সাহিত্যৰ এটি জনপ্রিয় অংগ উপন্যাসৰ মাজেৰেও মানৱ জীৱনৰ চিত্ৰ প্ৰতিফলিত হয়। কিন্তু উপন্যাসৰ মানৱ জীৱন বহু বিচিত্ৰ চিত্ৰৰ সমাহাৰ। ইয়াত এজন বা একাধিক ব্যক্তিৰ পূৰ্ণজীৱনৰ কাহিনী পোৱা যায়। সেয়েহে কোৱা হয় ‘উপন্যাস বিস্তৃত, চুটি গল্প সংহত, উপন্যাসত পৰিতৃপ্তি, চুটিগল্পত ব্যঞ্জনাৰ অতৃপ্তি। উপন্যাসে পাঠকক সকলো কথা বুজাই দিয়ে, চুটি গল্পই বুজি লবলৈ অৱকাশ দিয়ে। চুটিগল্পত গতিশীল জীৱনৰ যিখন ছবি প্রকাশ পায়, সেয়া খণ্ডভাবেহে প্রকাশ হয়, সেই কাৰণেই অভিনব অর্থাৎ Peculiar.

যুগৰ পৰিৱৰ্তনৰ লগে লগে চুটিগল্পৰ প্ৰকৃতি ইয়াৰ ৰচনাৰীতি আদিৰো পৰিৱৰ্তন হ’বলৈ ধৰিছে। চুটিগল্পৰ এই পৰিৱৰ্তিত প্রকৃতিলৈ লক্ষ্য ৰাখি ভিন ভিন দেশৰ সাহিত্যিক সমালোচকসকলে চুটিগল্পৰ একোটা সংজ্ঞা দিবলৈ যত্ন কৰিছে। এই সংজ্ঞাবোৰ চালি-জাৰি চালে চুটি গল্পৰ প্ৰকৃতি সম্বন্ধে আমাৰ কিছু ধাৰণা স্পষ্ট হৈ পৰে।

সংক্ষিপ্ততা বা হ্রস্বতাই হৈছে গল্পৰ প্ৰধান বৈশিষ্ট্য। কিন্তু গল্প এটা চুটি কৰিবলৈ গৈ তাক আধৰুৱাকৈ এৰিলে সি চুটিগল্পত পৰিণত নহ’ব। আচল কথা হ’ল— চুটি গল্পৰ ভাববস্তু। চুটি গল্পৰ সংক্ষিপ্ততা বা আয়তনৰ কৃশতা নির্ভৰ কৰে ভাববস্তুৰ প্ৰয়োজনৰ ওপৰত।

চুটিগল্পক চুটিকে ৰাখিবৰ বাবে নিৰ্মাণশৈলীৰ অন্তৰালত যি দুটা বৈশিষ্ট্যই কাম কৰি থাকে সেই বৈশিষ্ট্য দু’টা হ’ল লক্ষ্যৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তা। চটিগল্পৰ লক্ষ্য সদায় এটাই হ’ব লাগে। মানৱ জীৱনত বহুত ঘটনাই ঘটে। সেই সকলো ঘটনাই চুটি গল্পৰ বিষয়বস্তু হ’ব নোৱাৰে। চুটি গল্পত জীৱনৰ কোনো এক মুহূৰ্তৰ অবিস্মৰণীয় চিত্ৰৰ চিত্ৰণ কৰা হয়। অনাৱশ্যক ঘটনাৰ বৰ্ণনা পৰিহাৰ কৰি লক্ষ্যৰ অভিমুখে আগবাঢ়ি যাব লাগিব। লক্ষ্যৰ এই একমুখিতা (Singleness of aim) গল্প এটাক চুটিকৈ ৰখাৰ উপৰিও আদিৰে পৰা অন্তলৈকে গল্পটোৰ ধাৰাবাহিকতা ৰক্ষা কৰে। যাৰ ফলত গল্প এটা উপন্যাসগন্ধী হৈয়ো এডগাৰ এলেন পোৰ “আধাঘণ্টাৰ পৰা দুঘণ্টাৰ” নিৰ্দিষ্ট সময় নিৰিখ দলিয়াই পেলাই সাৰ্থক চুটি গল্পত পৰিণত হ’ব পাৰে। লক্ষ্মীনাথ ফুকনৰ “মৰমৰ মাধুৰী” নামৰ গল্পটি এই প্ৰসংগত উল্লেখনীয় । বৃকোদৰ হাজৰিকাৰ সম্পৰ্কীয় গৌতমৰ ডেকামনত মাখনীৰ প্রতি এক অবুজ মৰম সোমাইছিল। মাখনীৰ প্ৰতি কৰা হাজৰিকাহঁতৰ অত্যাচাৰ দেখি গৌতমে হাজৰিকাৰ দ্ৰাইভাৰ মানিকৰ লগত মাখনীক পলাই যোৱাত সহায় কৰে। ইয়াৰ পাছত গৌতমৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিছে। সি চাকৰি কৰিছে। বিয়া কৰাই বেলেগে সংসাৰ পাতিছে। চাকৰিৰ পৰা অৱসৰ লৈছে। মাটি কিনাৰ বাবে অ’ত ত’ত ঘূৰি ফুৰাৰ পাচত গৌতম উপস্থিত হৈছে মাখনীৰ ঘৰত। গৌতমে তাইক দিয়া চাদৰখন মাখনীয়ে সযতনে সাঁচি থৈছে, সেইকথা প্ৰকাশ কৰাৰ লগতে গৌতমে ভালপোৱা খাদ্য ৰান্ধি তাই গৌতমক আপ্যায়িত কৰিছে। ইমান বছৰৰ মূৰতো মৰমৰ মাধুৰীয়ে গৌতমক অভিভূত কৰি পেলায়। গৌতমে তাইৰ প্ৰতি দেখুওৱা মৰম আৰু সহানুভূতিৰ বিনিময়ত মাখনীয়ে গৌতমক মাটিখিনি এনেয়ে দি দিয়ে। গল্পটিত মাখনী আৰু গৌতমৰ জীৱনৰ ডেকা কালৰ পৰা বার্ধক্যলৈ দীঘলীয়া কাহিনী বর্ণনা কৰা হৈছে।

কিন্তু লেখকৰ দৃষ্টি সিহঁতৰ জীৱনৰ সেই দীঘলীয়া সময়ছোৱাৰ ওপৰত নিবদ্ধ হৈ থকা নাই। লেখকৰ দৃষ্টি আৱদ্ধ হৈ ৰৈছে মাখনী আৰু গৌতমৰ মাজৰ মৰমৰ স্থায়িত্বতহে। মাখনীয়ে যিটো পৰিৱেশত আছিল সেই পৰিৱেশত তাই কেৱল গৌতমৰ পৰাহে মৰম আৰু সহানুভূতি পাইছিল। মানিকৰ লগত পলাই গৈ ঘৰ সংসাৰ কৰাৰ পাছতো সেই মৰমৰ মাধুৰীখিনি তাই সযতনে সাচি থৈছিল তাইৰ অন্তৰৰ নিভৃত কোণত। এই চিৰন্তন মৰমৰ অনুভূতিখিনিয়েই হ’ল গল্পটোৰ মূল বক্তব্য। সেয়েহে সময়ৰ বিস্তৃতি ঘটিলেও লেখকৰ লক্ষ্য সেই একেটা বিন্দুত নিবদ্ধ হৈ থকাৰ বাবে গল্পটি উৎকৃষ্ট চুটি গল্পত পৰিণত হৈছে। সেইদৰে লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ আৰু ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ‘প্ৰহৰী’ গল্পটিৰ কাহিনীৰ কাল যথেষ্ট দীঘলীয়া সাৱিত্ৰীৰ যৌৱনকালৰ পৰা সাবিত্ৰীৰ কন্যা সীতাৰ যৌৱনকালৰ সুদীৰ্ঘ কাহিনী ‘চিৰাজ ত বর্ণ। কৰা হৈছে। কিন্তু লেখকৰ দৃষ্টি কেন্দ্রীভূত হৈ আছে বিশেষ এটা বিন্দুত। সেয়া হৈছে সাৱিত্ৰী আৰু সীতাৰ জৰিয়তে অবিবাহিতা মাতৃৰ প্ৰতি আমাৰ সমাজৰ মানোভাৱ, অবিচাৰ আদিৰ চিত্ৰ ফুটাই তোলা। 

হচনে চুটি গল্পৰ লক্ষ্যৰ এই একমুখী প্ৰকৃতিৰ কথা এনেদৰে কৈছে— “Singleness of aim and singleness of effect are, therefore, the two great canons by which we have to try the value of a short story as a piece of art” সকলো প্ৰকাৰৰ বাহুল্যৰ পৰা মুক্তি লাভ কৰি চুটি গল্পই তাৰ লক্ষ্যস্থলত উপনীত হ’ব লাগিব আৰু ফলশ্ৰুতিৰ মাজতো থাকিব লাগিব সেই একময়তা। singleness of effect অৰ্থাৎ ফলশ্ৰুতিৰ একময়তা সম্পৰ্কে এইদৰে ক’ব পাৰি যে গল্পৰ আৰম্ভণিৰ পৰাই যদি একমুখী পৰিণামৰ সংকেত নাথাকে তেনেহলে তেনে গল্পই গল্প হিচাপে সার্থকতা লাভ কৰিব নোৱাৰে। গল্পৰ ‘singleness of effect’ সকলো লেখকৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহলেও এটা কথা সত্য যে, আদৰ্শ গল্প ৰচনাৰ ক্ষেত্ৰত ই এটা আৱশ্যকীয় ধর্ম। অসমীয়া গল্প সাহিত্যত ভবেন্দ্ৰ নাথ শ‍ইকীয়া আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কিছুমান গল্পত singleness of effect ৰ সুন্দৰ ব্যৱহাৰ দেখা যায়। ভট্টাচাৰ্যৰ “পিতনি” নামৰ গল্পটি এই প্রসংগত উল্লেখযোগ্য। গল্পটি আৰম্ভ কৰা হৈছে এই দৰে— কলহৰ কাণেৰে বৰষি মেঘ এইমাত্র ক্ষান্ত হৈছে। 

সাধাৰণভাবে চালে কথাটিত বিশেষ গুৰুত্ব দিব লগীয়া কথা নাই। বৰষুণ দিছিল, এইমাত্র এৰিছে। কিন্তু বৰষুণ দিয়া আৰু মেঘ এইমাত্ৰ ক্ষান্ত হোৱাৰ লগত গল্পটিৰ নায়কৰ মনত খেলিমেলি লগোৱা নানান চিন্তা ভাবনা আৰু অৱশেষত সেই চিন্তা-ভাবনাৰ ওৰ পৰা কথাটোক বৰ সুন্দৰকৈ সেই বাক্যশাৰীয়ে প্ৰকাশ কৰিছে। সেইদৰে ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ ‘চাৰি আলি’ গল্পটিৰ আৰম্ভণীৰ লগত গল্পটিৰ সামৰণিৰ এটা সামঞ্জস্য বিচাৰি পোৱা যায়। আৰামকৈ বহি বিজয়াৰ শোভাযাত্রা চাব বুলি সবোজিনীয়ে বাৰাণ্ডালৈ বেতৰ চকী এখন উলিয়াই লৈছিল, কিন্তু তেওঁৰ বহা নহ’লেই। কৃষ্ণা সৰোজিনীৰ বিবাহযোগ্য কন্যা। চাকৰি কৰে। দশমীর দিনা তাই মাকৰ আগেৰে বাহিৰলৈ ওলাই যায়। উভতি অহাত পলম হোৱাৰ বাবে সরোজিনীৰ চিন্তা হৈছে। তেনে সময়তে তেওঁৰ স্বামীয়ে তিনিদিনৰ ছুটী লৈ ঘৰলৈ আহিছে। স্বামীৰ লগত নিবিড় মুহূর্ত কিছুমান কটোৱাৰ আনন্দত সরোজিনীয়ে কৃষ্ণা পলমকৈ অহাৰ কামনা কৰে। পৰিমলৰ আগত তেওঁ কৃষ্ণাই অফিচৰ মানুহখিনিৰ লগত ভোজ খাব বুলি মিছাকৈয়ে কয়। কৃষ্ণা অহাৰ পাছত কৃষ্ণাৰ মুখৰ এষাৰ কথাই সরোজিনীৰ স্বামীৰ সান্নিধ্যত পোৱা সকলো আনন্দ ধূলিস্যাৎ কৰি দিয়ে। কৃষ্ণাই ‘বুঢ়ি মেছত’ আড্ডা মৰাৰ কথা কোৱাৰ পাছত সরোজিনীৰ সকলো আনন্দ, নিমিষতে মাৰ যায়। জীয়েকৰ বিয়াৰ বিষয়ে পৰিমলৰ লগত আলোচনা কৰিবলৈ তেওঁৰ মন গ’ল।

চুটি গল্পত সময়ৰ ব্যৱহাৰ অতি তাৎপর্যপূর্ণ। কিন্তু এই সময়, চুটি গল্প এটা পঢ়ি শেষ কৰাৰ সময়খিনিক নুবুজায়। গল্প এটাত সময়ক কি দৰে ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে সেইটো গল্পনে উপন্যাস নিৰ্ণয় কৰা হয়। এই সম্বন্ধে Nancya Hale ৰ ‘The Realities of Fiction’ নামৰ কিতাপখনত সুন্দৰকৈ উল্লেখ কৰা আছে। সীমাৰেখাডাল স্পষ্ট হৈ পৰে। উপন্যাস লেখকৰ হাতত অফুৰন্ত সময় থাকে। সেই সুবিধাৰ সদ্ব্যৱহাৰ কৰি তেওঁ বহল পটভূমিত, বহল পৰিসৰত কাহিনী, চৰিত্ৰ আদি সৃষ্টি কৰে। লাহে লাহে কাহিনীয়ে পৰিণতিৰ ফালে আগবাঢ়ে। কিন্তু চুটিগল্পত সময়ৰ প্ৰতি সচেতন নহ’লে উৎকৃষ্ট লেখাত বাধা আহি পৰে। লেখকে অসংখ্য বস্তুৰ সম্ভাৰৰ পৰা মাত্ৰ কেইটামান প্ৰয়োজনীয় আৰু প্ৰতীকি উপাদান চয়ন কৰি গল্পত তাৰ ৰূপ দিব। সময়ৰ এই স্বল্পতাৰ বাবে চুটি গল্পত বাহুল্যৰ অৱকাশ নাই। সময় কম, ইফালে কথাখিনি নক’লৈ গল্প এটাই পূর্ণতা লাভ কৰিব নোৱাৰে। সেয়েহে চুটিগল্পত ইংগিতধর্মী ভাষা, অথবা বুদ্ধিদ্বীপ্ত বাক্যৰ সহায় লোৱা হয়।

চুটি গল্পৰ এই ইংগিত ময়তা প্ৰকৃততে কি? মানুহে মনৰ ভাব প্রকাশ কৰিবলৈ নানা উপায় অৱলম্বন কৰে। কেতিয়াবা দীঘলীয়া বাক্য, বর্ণনা নাইবা পোনপটীয়াকৈ মানুহে মনৰ ভাব প্ৰকাশ কৰিব খোজে। কিন্তু চুটিগল্পৰ ক্ষেত্ৰত এই দীঘলীয়া বাক্যৰীতিৰ প্ৰয়োজন নাই। ইয়াতেই ইংগিত ধৰ্মী বাক্যৰ প্ৰয়োজন আহি পৰে। ইংগিতৰ সহায়ত বর্ণনীয় বিষয়টি প্রকাশ কৰিলে বর্ণনীয় বিষয়টিয়ে পাঠকৰ মনত গভীৰভাবে ৰেখাপাত কৰে। এই ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ “পাতমুগী” গল্পটিৰ কথা উল্লেখ কৰিব পাৰি। পাতমুগীয়ে গিৰীয়েকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যোৱাৰ পথত পিয়াহ লগাত দদায়েকে ঔটেঙা পাৰিবলৈ ঔটেঙা গছ এজোপাত উঠে। ঔটেঙা দুটামান পাৰি গছৰ পৰা নামি অহাৰ পৰত হঠাৎ তেওঁৰ চকু পাতমুগীৰ ওপৰত পৰে। ৰদত ৰঙা পৰি উঠা পাতমুগীৰ মুখখন দেখি দদায়েকৰ মনলৈ বিচিত্র ভাবে আহে। তাকে দেখি পাতমুগীয়ে কয় –“দদাই, লাগি কি চাইছা, নামি আহা। পিচলি পৰিবা চাবা।” পাতমুগীৰ কথাষাৰত গছৰ পৰা পিচলি পৰা মানে অকল গছৰ পৰা পিচলি পৰা বুজোৱা নাই। দদায়েকৰ মন পিচল খোৱাৰো ইংগিত আছে। সেইদৰে ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ “এন্দুৰ” গল্পটিৰ কথাও এই প্রসংগত উল্লেখ কৰিব পাৰি। গল্পটিৰ শেষত আছে— “অলপ পিছত তাইৰ এনেকুৱা লাগিল এই মুহূৰ্তত যদি সেই হেণ্ডিমেনটোৱে তাইক সোধেহি, দাইল চাউল কিবা অলপ আনি দিওঁ দে” তেতিয়া হয়তো তাই কৈ দিব দে।” 

“অন্ততঃ এটা মতিৰ কাৰণে”। ইয়াত দাইল চাউল কথাযাৰৰ মাজেদি মতিৰ মাকৰ শাৰীৰিক ক্ষুধাৰ কথা প্ৰকাশ কৰা হৈছে। কেইবাদিনো লঘোনে থকাৰ পাছত মতিৰ মাকে পেটৰ ক্ষুধা নিবাৰণৰ বাবে পুতেকৰ তেজৰ চেকা লগা বস্তাৰ পৰা চাউল উলিয়াই খাবলৈ বাধ্য হ’ল। অকল সেয়ে নহয়, অৱশেষত তাইৰ দেহৰ ক্ষুধাও উক দি উঠিল। মানুহৰ আদিম এই চিৰন্তন প্ৰবৃত্তিৰ কথা ইংগিতৰ সহায়ত লেখকে অতি সুন্দৰভাবে প্ৰকাশ কৰিছে।

চুটি গল্পত ইংগিত ময়তাৰ উপৰিও প্ৰতীকৰ ওপৰতো গুৰুত্ব দিয়া হয়। সংক্ষিপ্ত কথাৰে বহল কথা বস্তুক সীমিত পৰিসৰৰ ভিতৰত আনিবলৈ হ’লে ভাষা ইংগিত ধৰ্মী হোৱাৰ উপৰিও প্রতীকধর্মীও হোৱা বাঞ্ছনীয়। দৰাচলতে প্রতীকো একপ্ৰকাৰ ইংগিত। প্ৰতীকৰ সহায়ত লেখকে তেওঁৰ বক্তব্য অতি কম কথাতে প্ৰকাশ কৰিব পাৰে। হোমেন বৰগোহাঞিৰ ‘হাতী, ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ‘এন্দুৰ’প্রতীক ধৰ্মী গল্প। এই গল্প দুটাত ‘হাতী’ আৰু ‘এন্দুৰ’ক’চাৰিঠেঙীয়া বিশিষ্ট জন্তু বা সৰু প্ৰাণী এটাক বুজোৱা হোৱা নাই । হাতী হৈছে প্ৰাচীনতাৰ প্ৰতীক। বৃদ্ধ বলোৰাম মেধিৰ প্ৰতীক। এসময়ত বলোৰাম মেধি ঘৰখনৰ মুৰব্বী আছিল। তেওঁৰ কথামতেই ঘৰ চলিছিল। কিন্তু তেওঁ বৃদ্ধ হৈ অহাৰ লগে লগে তেওঁৰ সন্তানসকলে সেই ঠাই অধিকাৰ কৰিলে। যিটো হাতীক বলোৰাম মেধিয়ে তেওঁৰ মান-সম্ভ্ৰম আৰু আভিজাত্যৰ মুখ্য অংগ বুলি ভাবিছিল সেই হাতীটোক বৰমইনাহঁতে প্রাচীন ঘৰৰ এটা উপৰঞ্চি বোজা বুলি ভাবিছিল। 

এফালে হাতী আৰু বলোৰাম বুঢ়া, আনফালে বৰ্মইনাহঁতৰ জীৱনৰ সমিলমিলৰ মাজেৰে লেখকে হাতীৰ প্রতীকটো বৰ সুন্দৰভাৱে দাঙি ধৰিছে সেইদৰে এন্দুৰ গল্পৰ এন্দুৰটো হৈছে মতীৰ মাকৰ জৈৱিক ক্ষুধাৰ প্ৰতীক। প্ৰতীকৰ সহায়ত মূল ভাবটি অতি কম সময়ত ব্যক্ত কৰাৰ উপৰি বহুত সময়ত প্ৰতীকৰ ব্যৱহাৰে ভাষাক গ্রাম্যতা দোষৰ পৰাও ৰক্ষা কৰে। উদাহৰণস্বৰূপে লক্ষ্মীনাথ ফুকনৰ ‘মেধি’ আৰু ‘নতুন জীৱন’ গল্পটিৰ মূল নাৰী চৰিত্ৰ বিমলৰ শাৰীৰিক আৰু মানসিক ক্ষতি সাধন কৰি নবীন যেতিয়া পলাই যায় তেতিয়া লেখকে বিমলৰ অৱস্থাৰ কথা এটা সুন্দৰ প্রতীকধর্মী বাক্যৰে বৰ্ণনা কৰিছে। ‘নাও ডুবাই থৈ নাৱৰীয়া পলাল।’ ইয়াত নাও হৈছে বিমল, নাৱৰীয়া হৈছে নবীন। নাৱৰীয়াই যেতিয়া ভৰা নাও এখন মাজ নদীত ডুবাই থৈ পলাই যায় তেতিয়া নাওখনৰ অৱস্থা কি হ’ব? সেইদৰে ‘মেধি’ নামৰ গল্পটিত মেধিয়নীয়ে যেতিয়া মেধিক এৰি মুহীধৰৰ লগত পলাই যায় মেধিয়ে তেওঁক বিচাৰি পথাৰলৈ আহে। মেধিয়নী তাত নাই । মেধিয়নীৰ কাঁচিখন আৰু পানী লৈ অহা লোটাটো মেধিয়ে থৈ যোৱা টঙালৰ সূত কেইডালৰ ওচৰতে পৰি আছে। লোটাত পানী নাই । কিছুপৰ ৰৈ মেধিয়ে শুদা লোটাটো লৈ ঘৰমুৱা হ’ল। লোটাটো মেধিয়নীৰ অন্তৰৰ প্ৰতীক। পানী নথকা লোটাটোৰে লেখকে মেধিয়নীৰ অন্তৰত মেধিৰ প্ৰতি থকা মৰম চেনেহো যে নাইকিয়া হৈ গৈছে তাৰ প্ৰকাশ কৰিছে।

চুটি গল্পৰ আৰম্ভণি আৰু সামৰণি : চুটিগল্পৰ এটা বিশেষ মনকৰিবলগীয় দিশ হৈছে ইয়াৰ আৰম্ভণি আৰু পৰিণতি । চুটিগল্পৰ আৰম্ভণি বিশেষ গুৰুত্বপূৰ্ণ লেখকে আৰম্ভণিৰ বাক্যৰ পৰাই গল্পৰ কেন্দ্ৰস্থ ভাবলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। সেয়েহে অনাৱশ্যক প্ৰসংগ বাদ দি গল্পৰ আৰম্ভণি বাদ দি গল্পৰ আৰম্ভণিৰ বিন্দুৰ পৰাই যাত্ৰা আৰম্ভ কৰি দিয়ে। চুটিগল্পৰ আৰম্ভণিৰ দৰেই সামৰণিও বিশেষ তাৎপর্যপূর্ণ। F. C. Green এ এই প্রসংগত উল্লেখ কৰিছে– Full realisation of the situation and motions adumbrated in the body of the story comes only at the end.?

চুটিগল্প সামৰণিৰ মাজতেই নাটকীয় আকস্মিকতা থাকে। পাঠকৰ মনত বাঞ্ছিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবৰ বাবে কিছুমান গল্প লেখকে গল্পৰ পৰিসমাপ্তিত এই আকস্মিক নাটকীয় কথাৰ সহায় লয়। এইখিনিতেই উপন্যাসৰ আকস্মিকতা সামৰণিৰ লগত চুটি গল্পৰ সামৰণিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। F.C. Green ৰ মতে – “Relatively unimportant in the novel. the denouement in a short story is a thing of supreme moment”.

অৱশ্যে চুটিগল্পৰ সামৰণিৰ এই আকস্মিকতাক বৰ্তমান যুগত প্রাচীন পদ্ধতি বুলি ক’ব লাগিব । Poe, Maupassant, O’ Henry আদি লেখকসকলে এনে সমাপ্তিৰ সমৰ্থক। Maupassant ৰ The Necklace” গল্পটিৰ সামৰণিত এনে আকস্মিকতাৰ প্ৰয়োগ দেখা যায়। এডাল হীৰাৰ মালা হেৰোৱাৰ অপৰাধত দৰিদ্ৰ এক দম্পত্তীয়ে জীৱনৰ সকলো সুখ, শান্তি, আনন্দৰ পৰা বঞ্চিত হৈ মালাৰ ঋণ পৰিশোধ কৰি যেতিয়া ঋণমুক্ত হ’ল, তেতিয়া জনা গ’ল হেৰোৱা মালাধাৰ আচল হীৰাৰ নাছিল নকলহে আছিল। গল্পটিৰ শেষত এই অপ্রত্যাশিত চমকে সকলোকে বিস্ময় বিমূঢ় কৰি পেলায়। “Ch, my poor Mathilde! But mine was imitation. It was worth at the most five hundred francs.”

আনহাতে Chekhov, Henry James আদি লেখকসকলে এনে সমাপ্তি সমৰ্থন নকৰে। দিনৰ শেষত যিদৰে লাহে লাহে আবেলিৰ ছায়া বিকীৰ্ণ হৈ পৰে তেনেকৈ এই লেখক সকলে গল্পৰ ভিতৰত সেই ধীৰ স্বাভাৱিকৰ পৰিণাম অনাৰ পক্ষপাতী। কিন্তু এইটো ধৰাবন্ধা ৰীতিৰ ভিতৰত পৰিব নোৱাৰে। ভাল গল্পত ঘটনাৰ চমৎকাৰিতা নাইবা আকস্মিক স্থান থাকিব নোৱাৰে, এনে ভাবটো অনুচিত।

অসমীয়া গল্প সাহিত্যতো গল্পৰ সামৰণিত এই আকস্মিকতা দেখা যায়। মহিম বৰাৰ “কাঠনিবাৰী ঘাট” গল্পটিৰ সামৰণিত এই অপ্রত্যাশিত চমক দেখা যায়। “ককাইদেউৰ মটৰ এক্সিডেণ্টহে, পিছদিনাই সকলো শেষ। ম‍ই অভিনয় কৰি আহিছোঁ।’ অথচ গল্পটো পঢ়ি থকা মুহূৰ্তত এটা মিঠা কোমল আমেজে আমাক স্পৰ্শ কৰি যায়। “ভিনিহিদেউ অলপ ধতুৱা মানুহ। মূৰৰ কামোৰ এটা হ’লেও মৰিমহে জীমহে কৰি তোক বিচাৰে। সেই কাৰণেই কাম শ্বাপ!” বুলি বায়েকক কোৱা ভায়েকৰ কথা কেইষাৰে বায়েকক লাজত পেলোৱাৰ লগতে নতুনকৈ বিবাহিত এক দম্পত্তীৰ অন্তৰৰ কথাবোৰো প্ৰকাশ কৰিছে গতিকে চাইকেল এক্সিডেণ্টৰ খবৰেৰে টেলিগ্ৰাম দি মাতি পঠিওৱা ভিনিহিদেউজন যে ইহ সংসাৰত নাই সেয়া আমি গম পাওঁ গল্পটিৰ সামৰণিত।

গল্পৰ আৰম্ভণি, মাজভাগ আৰু পৰিণতিৰ মাজত সু-সমন্বয় নাথাকিলে চুটি গল্পৰ ঐক্য (Unity) ৰক্ষা নপৰে। সংবেদনিক ঐক্য (Unity of impression) হ’ল চুটি গল্পৰ প্ৰধান বৈশিষ্ট্য। এই লক্ষ্যৰ অবিহনে পাঠকে এটা চুটি গল্পৰ পৰা তেওঁলোকে আশা কৰা ফলাফলখিনি পাব নোৱাৰে। এই খিনিতে এটা কথা মন কৰিব লগীয়া যে গল্পৰ যিখিনিতে সমাপ্তি ঘটে, প্ৰকৃততে তাৰ পৰাই আস্বাদন আৰম্ভ হয়। গল্পৰ বক্তব্য শেষ হৈ যায় কিন্তু ভাবটিয়ে পাঠকৰ মনত অবিৰল ভাবে উপস্থাপন কৰা হয় যে সি শেষ নহয়। কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ “সোণাৰতৰী”— কবিতা পুথিৰ “বর্ষা যাপন” কবিতাটিত সাৰ্থক চুটিগল্পৰ এই বৈশিষ্ট্যবোৰৰ কথা সুন্দৰকৈ কোৱা হৈছে। যিখিনিত লেখকৰ কলম ৰ’ব, সেইখিনিৰ পৰাই পাঠকৰ মনত গল্পটো সঞ্চাৰিত হ’ব।

চুটিগল্পৰ এই ইংগিত মূলক পৰিণতি দুই প্রকাৰৰ হ’ব পাৰে। কিছুমান চুটি গল্প আছে যিবোৰৰ সমাপ্তি অতি ব্যঞ্জনাময়। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ “কাবুলীৱালা”— গল্পটিৰ সমাপ্তি এইশ্রেণীর। ড০ ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ “বানপ্রস্থ”, “প্ৰহৰী” মহিম বৰাৰ “কাঠনিবাৰী ঘাট” আদি গল্পত এনে পৰিণতি দেখা যায়। ইয়াৰ বাহিৰে আৰু শ্ৰেণীৰ গল্প আছে যিবোৰৰ সমাপ্তিৰ বক্রোক্তি আৰু ব্যংগোক্তিৰ অন্ত ভেদি তীক্ষ্নতা অনুভৱ কৰিব পাৰি। 

৪। অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণত অসমীয়া সংবাদ পত্ৰ আৰু আলোচনীৰ ভূমিকা কি আলোচনা কৰা?

উত্তৰঃ অসমীয়া জাতিৰ, ভাষা-সাহিত্য ৰক্ষণা-বেক্ষণৰ ক্ষেত্ৰত সংবাদ পত্ৰ আৰু আলোচনীৰ ভূমিকা লেখত লবলগীয়া। বুৰঞ্জীৰ পাতত দেখা যায় যে, অসমীয়া ভাষা লুপ্ত কৰাৰ যি অভিসন্ধি চলিছিল, সেই চেষ্টাক পৰাভূত কৰাত একমাত্র সহায় হৈছিল সংবাদ পত্ৰহে। ভাষা-সাহিত্যৰ বাটচ’ৰা নিৰ্মাণৰ ক্ষেত্ৰত সংবাদপত্ৰ আৰু আলোচনীৰ ভূমিকা চমকপ্রদ। 

আমেৰিকান বেপ্‌ৰ্টিষ্টসকলৰ চেষ্টাত ১৮৪৬ চনৰ জানুৱাৰী মাহত অসমীয়া ভাষাৰ আলোচনী ‘অৰুণোদই’ শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল। ‘অৰুণোদই’ত প্ৰথম সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ও টি কাট্টাৰে। নানা বা-বাতৰি প্ৰকাশ হোৱাৰ উপৰিও ‘অৰুণোদই’ত বুৰঞ্জী সমন্ধীয় বহু প্রবন্ধ ওলাইছিল। সেই সময়ত ইয়াৰ গ্ৰাহকৰ সংখ্যা প্রায় সাতশমান আছিল। ৩৬বছৰ কাল কাকতখন একেৰাহে চলিছিল। মন কৰিবলগীয়া কথা যে অসমীয়া ভাষাক ৰাজনৈতিক আৰু সামাজিক বিপর্যয়ৰ পৰা ৰক্ষা কৰাত মিছনাৰীকসকলৰ অৱদান অতুলনীয়। তেওঁলোকৰ যত্নতেই অসমীয়া ভাষাই পুনর্জন্ম লাভ কৰিবলৈ সক্ষম হ’ল। এওঁলোকেই অসমত সর্বপ্রথম ছপাকল আনি বহুৱাইছিল। মুঠতে কবলৈ গ’লে ঊনবিংশ শতিকাত আধুনিক অসমীয়া ভাষা-সাহিত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰুণোদই’ হৈছে সাহিত্যৰ থাপনা।

আউনীআটীয় সত্ৰাধিকাৰ স্বৰ্গীয় দত্তদেৱ গোস্বামীৰ ১৮৭১ চনত মাহেকীয়া ধর্ম বিষয়ক আলোচনী ‘আসাম বিলাসিনী’ প্রকাশ হৈছিল। ১৮৮৩ চনত কাকতখনৰ প্ৰকাশ বন্ধ হয়। স্বর্গীয় কৃষ্ণনাথ ভট্টাচাৰ্য্যই ১৯১৩ চনত যোৰহাটৰ পৰা কাকতখন পুনৰ প্ৰকাশ কৰিছিল। ১৮৭২ চনত গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা প্ৰকাশ হৈছিল ‘আসাম মিহিৰ’। ‘আসাম মিহিৰ’ অসমৰ প্রথম সাদিনীয়া বাতৰি কাকত। ই প্রথমে বঙলা ভাষা আৰু পিছলৈ ইংৰাজীত প্ৰকাশ হৈছিল। এবছৰ চলি কাকতখন বন্ধ হয়। লক্ষীকান্ত কাকতিৰ সম্পাদনাত ১৮৭৪ চনত তেজপুৰৰ পৰা প্ৰকাশিত হৈছিল ‘আসাম দৰ্পণ। গোৱালপাৰা হিতসাধিনী’ ১৮৭৬ চনত গোৱালপাৰাৰ পৰা সাদিনীয়াকৈ প্ৰকাশ হৈছিল। ১৮৭৬ চনত গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা ওলাইছিল ‘ছন্দোদয়’। ‘ছন্দোদয়’ মাহেকীয়া আলোচনী আছিল। নগাঁৱৰ দিহিঙীয়া গোঁসায়ে ধৰ্মৰ ওপৰত নানা লিখনি প্ৰকাশ কৰিছিল। ‘আসাম দীপক’ ১৮৭৬ চনত গুৱাহাটীৰ ধর্ম প্রকাশ প্ৰেছৰ পৰা ওলোৱা মাহেকীয়া কাকত। ‘আসাম নিউজ’ অসমীয়া ভাষা সাহিত্যৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সম্পাদিত ইংৰাজী আৰু অসমীয়া সাদিনীয়া কাকত। এইখন কাকত ১৮৮২ চনত গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিল।

কাকতখনত অতি উচ্চমানদণ্ডৰ বিশিষ্ট লিখকৰ প্ৰৱন্ধ প্ৰকাশ হৈছিল। সেই সময়ত কাকতখনৰ প্ৰায় ৯০০ গ্ৰাহক আছিল। কাকতখনে অসমীয়া ৰচনা নীতি আৰু বৰ্ণ বিন্যাসৰ ক্ষেত্ৰত আগস্থান লাভ কৰিছিল। ‘আসাম বন্ধু’ ৰায়চাহাব গুণাভিৰাম বৰুৱাৰ সম্পাদিত মাহেকীয়া কাকত। কাকতখনে ১৮৮৫ চনত কলিকতাৰ পৰা ছপা হৈ ওলাইছিল। কাকতখনত বিজ্ঞান, সাহিত্য বিষয়ক বিভিন্ন প্ৰবন্ধ প্ৰকাশ কৰিছিল। সম্পাদক বৰুৱাই ‘আসাম অতীত আৰু বৰ্তমান’ শিৰোনামাত কেবাছোৱা সম্পাদকীয় উলিয়াইছিল। এই লেখনি ভাষা-সাহিত্যলৈ এক উল্লেখযোগ্য বৰঙণি। স্বনামধন্য লম্বোদৰ বৰা, সত্যনাথ বৰা আদি লিখকসকলৰ কবিতা, নানাবিধ প্ৰৱন্ধ আদি কাকতত প্ৰকাশ হৈছিল। ১৮৮৬ চনত হৰিনাৰায়ণ বৰাৰ সম্পাদিত‘মৌ’ আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ হয়। ‘আসাম তাৰা’ শ্ৰীধৰ বৰুৱাৰ সম্পাদনত ১৮৮৮ চনত গুৱাহাটীৰ ধৰ্ম প্ৰকাশ প্ৰেছৰ পৰা ওলাইছিল। ধর্ম বিষয়ক, বুৰঞ্জীমূলক, ভাষা সাহিত্য বিষয়ক প্রবন্ধই ইয়াত স্থান পাইছিল। অসম মাতৃৰ সুযোগ্য সন্তান গুণাভিৰাম বৰুৱাৰ জেষ্ঠ্য পুত্ৰ কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত ১৮৮৮ চনত ‘ল’ৰা বন্ধু’ নামৰ প্ৰথম শিশু অসমীয়া আলোচনী প্রকাশিত হৈছিল। সম্পাদকগৰাকীয়ে অকালতে প্ৰাণ হেৰুওৱাত কেইটামান সংখ্যা ওলায়ে ইয়াৰ প্ৰকাশ বন্ধ হয়। অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত নতুন যুগৰ সুচনা কৰা ‘জোনাকী’ ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পায়। কলিকতাৰ পৰা ওলোৱা কাকতখনৰ প্ৰকাশক আৰু স্বত্তাধিকাৰী আছিল আগৰৱালা। তেওঁৰ পিছত পণ্ডিত হেমচন্দ্ৰ গোস্বামী আৰু লক্ষীনাথ বেজবৰুৱাইও সম্পাদক হিচাপে চমকপ্রদ পৰিচালনা কৰিছিল। কলিকতাৰ পৰা দহ বছৰ ধৰি প্ৰকাশ হোৱাৰ পিছত ১৯০১ চনত সত্যনাথ বৰা আৰু কনকলাল বৰুৱা সম্পাদক হিচাপে থাকি গুৱাহাটীৰ পৰা তিনি-চাৰি বছৰ পুনৰ কাকতখন প্ৰকাশ কৰিছিল।

সংবাদপত্রসমূহে দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ তীব্র আলোচনা কৰাৰ লগতে জাতীয় চেতনাৰ ক্ষেত্ৰত জনসাধাৰণক উদ্বুদ্ধ কৰাত বিশেষ অৰিহণা যোগাইছিল।

অৰুণোদই যুগৰ পিছত জোনাকী যুগৰ জোনাকে ডুমুকি মাৰিলে। অসমীয়া জাতিৰ দুর্যোগপূর্ণ সময়ছোৱাত সংবাদপত্ৰ আৰু আলোচনী সমূহ ঢাল, তৰোৱাল হিচাপে ব্যৱহৃত হৈছিল। কলিকতাবাসী অসমীয়া ডেকাসকলৰ চেষ্টাত কৃষ্ণপ্ৰসাদ দুৱৰাৰ সম্পাদনাত ১৮৯০ চনত ‘বিজুলী’ নামেৰে মাহেকীয়া আলোচনী এখন প্রকাশ হয়। পিছলৈ পদ্মনাথ গোহাঞিবৰুৱা আৰু বেণুধৰ ৰাজখোৱাই ‘বিজুলী’ৰ সম্পাদনা কৰিছিল। কেইবছৰমান ওলোৱাৰ পিছত কাকতখনৰ প্ৰকাশ বন্ধ হয়। ১৯০২ চনত লক্ষীনাথ শৰ্মাৰ সম্পাদনাত ‘বিজুলী’ৰ পুনৰ প্ৰকাশ হৈছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখা প্ৰৱন্ধ সম্ভাৰেৰে পৰিপূৰ্ণ কালীৰাম বৰুৱাৰ সম্পাদিত ‘আসাম’ নামৰ সাদিনীয়া কাকতখনি ১৮৯৪ চনৰ চেপ্টেম্বৰ মাহত গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিল। কাকতখনি প্ৰকাশৰ ক্ষেত্ৰত মাণিক চন্দ্ৰ বৰুৱাৰ অৱদান লেখত লবলগীয়া।, কাকতখনি জাতীয় প্ৰেমৰ ভাবেৰে সমৃদ্ধ আছিল। ১৮৮৫ চনৰ জানুৱাৰী মাহত ডিব্ৰুগড়ৰ ৰাধানাথ ছপাখানাৰ পৰা ৰাধানাথ চাংকাকতিৰ সম্পাদিত সাদিনীয়া কাকত ‘দি টাইমচ অব আসাম’ প্রকাশ হৈছিল। স্বত্বাধিকাৰো আছিল চাংকাকতি। চাংকাকতিৰ মৃত্যু হোৱাৰ পিছত তেখেতৰ সুযোগ্য পত্নীয়ে অন্য ব্যক্তিৰ সম্পাদনাত কেবাবছৰো কাকতখনি উলিয়াইছিল। 

১৯০২ চনত বশম্বদ মিত্ৰৰ সম্পাদনাত ডিব্ৰুগড়ৰ পৰা ইষ্টাৰ্ণ হেৰাল্ড’নামৰ এখনি ইংৰাজী কাকত ওলাইছিল। কেইবছৰমান ওলোৱাৰ পিছত কাকতখনিৰ প্ৰকাশ বন্ধ হয়। আন এখন ইংৰাজী বাতৰি কাকত ‘ছিটিজেন’ ১৯০৪ চনত কালিৰাম ৰায়ৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ হৈছিল। ১৯০৫ চনত ‘আসাম ক্রনিকল’ নামৰ কাকত এখন কৃষ্ণ চন্দ্ৰ বৰুৱাৰ সম্পাদনাত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হৈছিল। মথুৰামোহন বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ ভিক্টোৰীয়া প্ৰেছৰ পৰা ১৯০৫ চনত ‘এডভকেট অব্ আসাম’ নামৰ ইংৰাজী কাকত এখন প্ৰকাশ হৈছিল। সুন্দৰ পৰিচালনাৰে কাকতখনি ১৯১২ চনলৈকে চলিছিল।

অগ্নিকবি কমলাকান্ত ভট্টাচার্য্য জয়দেৱ শর্মা আদি কেবাজনো ব্যক্তি একত্ৰিত হৈ তেজপুৰত ‘আসাম চেণ্ট্ৰেল প্ৰেছ’ নাম দি এটা ছপাযন্ত্র প্রতিষ্ঠা কৰিছিল। এই প্ৰেছৰ পৰা ১৯০০চনত সাদিনীয়া ‘অসম বন্তি’ প্ৰকাশ হৈছিল। কিছুদিন গুৱাহাটীৰ মথুৰামোহন বৰুৱা কাকতখনৰ সম্পাদক আছিল। প্রথম অৱস্থাত কাকতখন ৪ পৃষ্ঠা ইংৰাজী আৰু ৪ পৃষ্ঠা অসমীয়াত প্ৰকাশ কৰা হৈছিল। বেপটিষ্ট মিছনেৰীসকলে ১৯০৫ চনত ডিব্ৰুগড়ৰ পৰা ‘দীপ্তি’ নামৰ আন এখন কাকত উলিয়াইছিল। কাকতখন দুবছৰ চলি বন্ধ হয়। ১৯০৭ চনত অসম মাতৃৰ সুযোগ্য সন্তান পদ্মনাথ গোহাঞি বৰুৱা সম্পাদিত ‘ঊষা’ নামৰ মাহেকীয়া আলোচনীখন তেজপুৰৰ পৰা প্ৰকাশ হৈছিল। অসমীয়া সাহিত্যত বিশেষ অৱদান আগবঢ়োৱা ‘বাহী’ এখন উল্লেখযোগ্য কাকত। শক্তিশালী সম্পাদক লক্ষ্মীনাথ বেজবৰুৱাৰ তেজস্বী লেখনিয়ে কাকতখনক যাউতিযুগীয়া কৰি তুলিছিল। প্ৰথম অৱস্থাত এইখন কলিকতাৰ পৰা প্ৰকাশ হৈছিল। ইয়াৰ পিছত ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা ওলাইছিল। ১৯১০ চনত প্ৰসন্নকুমাৰ বৰুৱাৰ সম্পাদিত ‘আলোচনী’ নামৰ কাকতখনি ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হৈছিল। 

দেৱানন্দ ভৰালীৰ ‘অসমীয়া বৰ্ণমালা আৰু উচ্চাৰণ’ আৰু ভাৰতচন্দ্ৰ দাসৰ ‘অসমীয়া ভাষাৰ সংক্ষিপ্ত বুৰঞ্জী’ আদি উল্লেখযোগ্য প্ৰৱন্ধ সন্তাৰে আলোচনীখনৰ বিশেষ অৰিহণা যোগাইছিল। ১৯১০ চনত তাৰানাথ চক্ৰৱৰ্ত্তীৰ সম্পাদনাত তেজপুৰৰ পৰা ওলাইছিল ‘আসাম বান্ধৱ’। নীলকণ্ঠ বৰুৱা সম্পাদিত ‘কবিতা-লতা’নামৰ তিনিমহীয়া আলোচনীখন ১৯১১ চনত উত্তৰ লক্ষীমপুৰত প্রকাশ হয়। ইয়াত কবিতা আৰু প্ৰৱন্ধ আদি ওলাইছিল। আর্থিক, সামাজিক, সাহিত্য আদি বিধি বিষয়ক তথ্য সমৃদ্ধ লিখনিৰে মেটমৰা হৈ ১৯১১ চনত কালিৰাম দাসৰ সম্পাদনাত ‘বিশ্বৱাৰ্তা’ ওলাইছিল ঢাকাৰ পৰা। উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ১৯১২ চনত ভোলানাথ গোঁহাইৰ সম্পাদনাত ‘আসাম ৰায়ত নামৰ মাহেকীয়া আলোচনীখন ডিব্ৰুগড়ৰ পৰা ছপা হৈছিল। যুদ্ধৰ সংবাদ প্ৰচাৰৰ উদ্দেশ্যে ১৯১৪ চনত ‘ৰণৰ বাতৰি’ নামৰ এখনি বাতৰি কাকত ওলাইছিল।

পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনা আৰু লোহিতচন্দ্ৰ ভূঞাৰ পৰিচালনাত কলিকতাৰ পৰা ‘অকণ’ নামৰ শিশুৰ সচিত্ৰ মাহেকীয়া আলোচনীখন ১৯১৬ চনৰ জানুৱাৰী মাহত প্ৰকাশ হৈছিল। সহকাৰী সম্পাদক হিচাপে কাম কৰিছিল কামাখ্য ৰাম বৰুৱাই অসমীয়া সমাজত সৰহ সংখ্যক গ্রাহক লাভ কৰা চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত ‘অসমীয়া নামব সাদিনীয়া কাকতখন ওলাইছিল ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা। যোৰহাট নর্মাল স্কুলৰ মুখপত্র ‘প্রভাত’ আলোচনীখনে বহুন -লিখকৰ সৃষ্টি কৰিছিল আলোচনীখন ওলাইছিল শৰৎ চন্দ্ৰ গোস্বামীৰ উদ্যোগত। মুছলমান ধর্ম সম্বন্ধীয় বিভিন্ন বিষয়ক তথ্য সমৃদ্ধ আলোচনী ‘ইছলামি আকবৰ’খন ওলাইছিল ১৯১৯ চনত গুৱাহাটীৰ পৰা। অম্বিকাগিৰি ৰায়চৌধাৰী আৰু দেশপ্রাণ চন্দ্রনাথ শৰ্মাৰ যুটীয়া সম্পাদনাত ১৯১৯ চনত ‘চেতনা’ নামৰ মাহেকীয়া কাকতখন গুৱাহাটীৰ অৰুণা প্ৰেছৰ পৰা ছপা হৈছিল। 

১৯২০ চনত উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ সম্পাদনাত ‘অসম প্রদীপিকা’ নামেৰে ধর্ম সম্পৰ্কীয় মাহেকীয়া আলোচনী এখন ওলাইছিল। অসমীয়া আলোচনী বাতৰি কাকতৰ এই পয়োভৰৰ সময়তে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন। এনে সন্ধিক্ষণত দেশৰ জনসাধাৰণে সকলোবিলাক কাৰ্যসূচী বা বা-বাতৰি, সংবাদ পত্ৰ আৰু আলোচনীৰ যোগেদি পঢ়িবলৈ পাই, দেশৰ হকে কাম কৰিবলৈ সুযোগ লাভ কৰিছিল।

বৃটিছ শাসনৰ তলত জনসাধাৰণৰ মন ক্ষোভ আৰু হতাশাৰ প্ৰৱল হেচাই অথিৰ-অবিৰ কৰি তুলিছিল। মনৰ ভাব ব্যক্ত কৰা আৰু অসমীয়া জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ প্ৰধান বাহক হিচাপে সংবাদ-পত্ৰ আৰু আলোচনীকে প্রধান আহিলা হিচাপে লৈছিল ৷

ৰায়চাহাব নাৰায়ণ চন্দ্ৰ বৰুৱাৰ সম্পাদনাত ১৯২১ চনত যোৰহাটৰ পৰা কৃষি বিষয়ক অসমীয়া আলোচনী ‘আসাম কৃষি’ প্ৰকাশ হৈছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ স্বৰূপে তিনিমহীয়া হিচাপে ১৯২২ চনত ‘জন্মভূমি’ প্ৰকাশ হৈছিল। প্ৰথম অৱস্থাত দৈৱ চন্দ্ৰ তালুকদাৰ, শুকদেৱ গোস্বামী, ডিম্বেশ্বৰ নেওগ আদিয়ে যুটীয়াভাৱে ইয়াৰ সম্পাদনা কৰিছিল। ১৯২৩ চনত ছাত্ৰ সন্মিলনে ‘মিলন’ নাম দি ধ্বনি কবি শ্রীযুত বিনন্দ চন্দ্ৰ বৰুৱা, গৰ্গনাৰায়ণ চৌধাৰী, ডিম্বেশ্বৰ নেওগ আদিৰ সম্পাদনাত ছাত্ৰ সন্মিলনৰ মুখপত্ৰ প্ৰকাশ কৰিছিল। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত ১৯২৩ চনত গুৱাহাটীৰ পৰা মইনা’ নামৰ আলোচনীখন মাহেকীয়া হিচাপে প্রকাশ হৈছিল। ‘বিবাৰ’ ধুবুৰীৰ বড়োসকলৰ মুখপত্ৰ হিচাপে গুৱাহাটীৰ পৰা ১৯২০ চনত ছপা হৈছিল। মুছলিম ছাত্ৰ সন্মিলনৰ মুখপত্র ‘সাধনা’ গুৱাহাটীৰ পৰা ১৯২৪ চনত তিনিমহীয়াকৈ মহম্মদ চালেহৰ সম্পাদনাত ওলাইছিল। 

অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ সম্পাদনাত ১৯২৫ চনত ‘আসাম হিতৈষী’ কলিকতাৰ ভূদেৱ প্ৰকাশ মন্দিৰৰ পৰা পষেকীয়া হিচাপে প্ৰকাশ হৈছিল। ১৯২৪ চনত কটন কলেজ মেগেজিন’ প্ৰথমে ইংৰাজীত আৰু পিছলৈ অসমীয়া ভাষাৰ সংযোজন সহ তিনিমহীয়াকৈ ওলাইছিল। ৰায় বাহাদুৰ কনকলাল বৰুৱাৰ পৃষ্ঠপোষকতাত ১৯২৫ চনত গুৱাহাটীৰ নিউ প্ৰেছৰ পৰা ইংৰাজী কাকত “ইকনমিক জার্নেল অব আসাম’ প্ৰকাশ হৈছিল। ১৯২৪ চনত তাপস চন্দ্ৰ বাগচীৰ তত্ত্বাৱধানত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হৈছিল ‘জাগৰণ’। ‘আসাম কৃষক’ৰ পিছত নাৰায়ণ চন্দ্ৰ বৰুৱাই পুনৰ ‘খেতিয়ক’ নাম দি যোৰহাট নকছাৰীৰ পৰা কৃষি বিষয়ক আলোচনী উলিয়াইছিল। ১৯২৫ চনত ‘অসম সাহিত্য সভা পত্রিকা’ যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ হৈছিল। মহাদেৱ শৰ্মাৰ চেষ্টাত কলিকতাৰ পৰা শিশু আলোচনী হিচাপে ১৯২৬ চনত ‘অৰুণ’ ওলাইছিল। ১৯২৬ চনত কীৰ্তিনাথ বাখলীৰ সম্পাদনাত ‘প্রভাতী’ নামেৰে বড়ো কছাৰীসকলৰ মুখপত্র এখন ওলাইছিল ১৯২৬ চনত উত্তৰ লক্ষীমপুৰৰ পৰা। চাদিৰ হুচেইন সম্পাদিত সাহিত্য বিষয়ক আলোচনী ‘জননী’ৰ প্ৰকাশ হৈছিল। যোৰহাট চৰকাৰী বিদ্যালয়ৰ পৰা ১৯২৬ চনত বিদ্যালয়ৰ মুখপত্ৰ হিচাপে প্ৰকাশ হৈছিল ‘জেউতী’। ‘জেউতী’ এতিয়াও বিদ্যালয়খনৰ পৰা মুখপত্র হিচাপে ওলাই আছে। অসমৰ সাহিত্য জগতত এই বিদ্যালয়ৰ মুখপত্ৰত লিখনি আৰম্ভ কৰা বহুজন লিখকৰ কীৰ্তি জনাজাত হৈ আছে। 

ধলৰসত্ৰৰ তীৰ্থনাথ গোস্বামীৰ সম্পাদনাত ধর্ম বিষয়ক কাকত ‘সপ্ত প্রদীপ’ ১৯২৮ চনত যোৰহাটৰ পৰা প্ৰকাশ হৈছিল। ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱা সম্পাদিত সাদিনীয়া কাকত ‘বাতৰি’ৰ প্ৰকাশ হৈছিল ১৯২৯ চনত যোৰহাটৰ পৰা। সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাত দীননাথ শৰ্মাৰ সম্পাদনাত ১৯২৯ চনত ‘আৱাহন’ ওলাইছিল। ১৯৩১ চনত শিৱপ্ৰসাদ বৰুৱাৰ সম্পাদনাত প্ৰকাশ হৈছিল ‘বৰদৈচিলা।’ ৰঘুনাথ চৌধুৰীৰ সম্পাদনাত ‘জয়ন্তী’ গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিল। ‘গল্প ছিৰিজ’ ১৯২৯ চনত বিপিন চন্দ্ৰ বৰুৱাৰ দ্বাৰা যোৰহাটৰ পৰা প্ৰকাশ হৈছিল। ইয়াৰোপৰি ‘কাৰবাৰ আৰু কাৰবাৰী’, পশুপালন, সত্যবাদী, ইন্টাৰ নেছনেল, টাইমছ’, প্রান্তবাসী’, প্ৰচাৰক, ‘ঘৰ জেউতি’ আদি বহু কাকত প্ৰকাশ হৈছিল।

অসমীয়া আলোচনী আৰু বাতৰি কাকতৰ জন্ম-মৃত্যু বৰ ঘন। একোটা জাতিৰ উন্নতিৰ ক্ষেত্ৰত সংবাদ পত্ৰৰ ভূমিকা সদাস্মৰণীয় ইয়াত উল্লিখিত সকলোবিলাক বাতৰি কাকত আৰু আলোচনী বেছিদিন প্ৰচাৰিত হোৱা নাছিল যদিও ইবিলাকে আমাৰ ভাষা-সাহিত্যৰ ইতিহাসত একোটা যুগৰ সন্ধান দি থৈ গৈছে। সংবাদ পত্ৰৰ অতীত আৰু বৰ্তমানলৈ লক্ষ্য কৰিলে দেখা যায়। যে ভাষা-সংস্কৃতিসমূহে অর্থনৈতিক, ৰাজনৈতিক পটভূমিত সংবাদ পত্ৰ আৰু আলোচনীসমূহে কম-বেছি পৰিমাণে নিজ দায়িত্ব পালন কৰি আহিছে।

Leave a Reply

Scroll to Top
adplus-dvertising