Feminism Theory And Practice Unit 1 Concepts in Feminism

Feminism Theory And Practice Unit 1 Concepts in Feminism Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 1 Concepts in Feminism Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 1 Concepts in Feminism Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 1 Concepts in Feminism

Join Telegram channel

Feminism Theory And Practice Unit 1 Concepts in Feminism Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 1 Concepts in Feminism provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

6. Write a note on public Private Divide ?

Ans: সমাজত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ যি বিভাজন সেই বিভাজন ঔদ্যোগিক বিপ্লৱৰ সময়ৰ পৰাহে আৰম্ভ হৈছিল। ঔদ্যোগিক বিপ্লৱৰ পূৰ্বতে ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ বিভাজন সিমান স্পষ্ট নাছিল। প্রায়বিলাক উৎপাদনমূলক কার্য ঘৰৰ ভিতৰতে সম্পাদিত হৈছিল য’ত নেকি পৰিয়ালৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছিল। আন কথাত ক’বলৈ হ’লে, পৰিয়ালৰ প্রতিজন সদস্যই মূল আর্জোতা আছিল। পৰিয়ালেই আছিল উৎপাদন আৰু পুনঃ উৎপাদনশীলতা উভয়ৰে প্ৰধান কেন্দ্রস্থল। পৰিয়ালত পুৰুষ আৰু মহিলাসকলৰ মাজৰ সম্পৰ্ক সহযোগিতা আৰু প্ৰশংসাসুলভ মনোভাবাপন্ন আছিল। 

পৰৱৰ্তী প্রজন্মৰ পুনঃ উৎপাদনৰ ক্ষেত্ৰত মহিলাসকলৰ জ্ঞান, দক্ষতা আৰু তেওঁলোকৰ সামর্থ্যতাক যথোচিত গুৰুত্ব প্ৰদান কৰা হৈছিল। কিয়নো জীৱন ধাৰণৰ বাবে মহিলা সকল অপৰিহাৰ্য বুলি গণ্য কৰা হৈছিল। সেয়ে মহিলাসকলৰ পুনঃ উৎপাদনৰ কাৰ্য অর্থাৎ সন্তান জন্ম দিয়া আৰু প্ৰতিপালন কৰাক উচ্চ মর্যাদা আৰু যথোচিত স্বীকৃতি প্রদান কৰা হৈছিল। পুৰুষ-মহিলা উভয়েই মুনাফা লাভৰ স্বাৰ্থৰ বিপৰীতে জীৱন ধাৰণৰ স্বাৰ্থত সকলো প্ৰকাৰৰ কাৰ্যত নিয়োজিত হৈছিল। সমাজত লিংগভিত্তিক শ্রম বিভাজনৰ কোনো উপস্থিতি নাছিল। পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলা সকলকহে অধিক সক্রিয় দেখা গৈছিল। বহুক্ষেত্ৰত এই পৰম্পৰাগত শৃংখলাটো “Gynocentric” অর্থাৎ মহিলাকেন্দ্রিক আছিল যেন বোধ হয়। ঔপনিৱেশিক আমেৰিকাত গার্হস্থ্য অর্থনীতিত মহিলাসকলে গ্ৰহণ কৰা সক্রিয় ভূমিকাৰ পৰিপ্ৰেক্ষিতত “গার্হস্থ্য মহিলা” (অর্থাৎ পৰিয়ালৰ বিভিন্ন বিষয়সমূহৰ ব্যৱস্থাপনা, তত্বাৱধান লোৱা আৰু নিয়ন্ত্রণ কৰিব পৰা মহিলা) ধাৰণাটিৰ বহুলভাৱে প্ৰচলন হৈছিল।

ঔদ্যোগিক বিপ্লৱৰ ফলশ্ৰুতি হিচাপে বজাৰকেন্দ্ৰিক অর্থনীতি আৰু উদ্যোগিকৰণৰ আবিৰ্ভাৱৰ লগে লগেই ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ ঐক্য, প্রকৃতি আৰু মানৱ সমাজৰ মাজৰ পাৰস্পৰিক ঐক্যত নাটকীয়ভাৱে পৰিৱৰ্তনে দেখা দিছিল। বজাৰকেন্দ্ৰিক অৰ্থনীতিৰ অভ্যুত্থানৰ লগে লগে উৎপাদন কার্য জীৱন ধাৰণৰ সমান্তৰালভাৱে বজাৰ আৰু মুনাফা আহৰণৰ বাবেও আৰম্ভ কৰা হয়। 

উৎপাদনী ক্ষেত্ৰ পৰিয়ালৰ চাৰিবেৰৰ পৰা ক্ৰমে কাৰখানা, বাণিজ্যিক পামলৈ পর্যবেশিত হৈছিল আৰু তাৰ লগে লগে সাধাৰণ শ্ৰেণীৰ জনতাৰ জীৱন ধাৰণৰ ক্ষেত্ৰত প্ৰকৃতিৰ পৰিৱৰ্তে বজাৰ প্ৰধান চালিকা শক্তি হিচাপে পৰিগণিত হৈছিল। এনেদৰে পূৰ্বতে পৰিয়াল পর্যায়ত সম্পাদন কৰা জীৱন ধাৰণৰ বাবে ন্যূনতম উৎপাদনী কার্যৰ পৰিৱর্তে পুৰুষসকলে (যাক নেকি অর্থনৈতিক পুৰুষ অর্থাৎ “Economy Man” বুলি অভিহিত কৰা হয় নতুনকৈ পৰিয়ালৰ চাৰিবেৰৰ বাহিৰত ৰাজহুৱা পৰ্যায়ত উৎপাদনমুখী কাৰ্যৰ লগত জড়িত হৈ পৰিছিল। আনহাতে মহিলাসকলে ঘৰুৱা চাৰিবেৰৰ কাম-কাজৰ লগতে সীমাবদ্ধ আছিল। বহিঃ বিশ্বত কৰ্মৰত হোৱাৰ উদ্দেশ্যেৰে ল’ৰাবিলাকে জ্ঞান আৰু প্ৰয়োজনীয় কৌশল দক্ষতাৰাজি আহৰণৰ অৰ্থে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত গৈ শিক্ষা আহৰণ কৰাৰ বিপৰীতে ছোৱালীবিলাকে ঘৰৰ ভিতৰৰ কাম-কাজ সমূহ নিয়াৰিকৈ সম্পাদন কৰাৰ বাবে যাৱতীয় শিক্ষা তথা দক্ষতাৰাজি ঘৰুৱা চৌপাশৰ ভিতৰতে থাকি অৰ্জন কৰিছিল। এনেদৰে পুৰুষসকলে উৎপাদনী কার্যত নিয়োজিত হোৱাৰ জৰিয়তে সমাজত অর্থনৈতিক গুৰুত্ব আহৰণ কৰাৰ লগতে মহিলাসকলৰ তুলনাত উচ্চ মর্যাদা সম্পন্ন বুলি স্বীকৃতি লাভ কৰিছিল।

ইউৰোপৰ দৰে দক্ষিণ এছিয়া অঞ্চলটোতো বজাৰকৃতকৰণ আৰু উদ্যোগিকীকৰণে ৰাজহুৱা ব্যক্তিগত বিভাজনৰ সম্পৰ্কৰ ক্ষেত্ৰত অনুৰূপ প্রভাৱ পেলাইছিল। আন কথাত, শিক্ষাৰ দৰে উৎপাদনী কাৰ্যয়ো ঘৰৰ চাৰিবেৰৰ পৰা বহিঃবিশ্বলৈ পৰ্সাৰিত হৈছিল। পূৰ্বতে, প্রায়বিলাক মানুহেই ঘৰৰ চাৰিবেৰত আবদ্ধ থাকিয়েই জ্ঞান আৰু যাৱতীয় উৎপাদনী কৌশল আহৰণ কৰিছিল। 

ল’ৰা আৰু ছোৱালী উভয়েই ঘৰৰ ভিতৰত থাকিয়েই জীৱন ধাৰণৰ বাবে প্রয়োজনীয় দক্ষতা আৰু কৌশল ৰাজিৰে দীক্ষিত হৈছিল। এয়েই নহয়, আনকি বর্তমানেও দক্ষিণ-এছিয়া অঞ্চলটোৰ পিছপৰা অঞ্চলসমূহত উৎপাদনমূলক কাম-কাজসমূহ ঘৰৰ চাৰিবেৰৰ ভিতৰতে সম্পাদিত হয়। তেওঁলোকৰ অৰ্থনীতি বর্তমানেও মূলতঃ এক ভৰণ পোষণৰ অৰ্থনীতি, স্বৰূপ পৰিয়ালবিলাকে কৰা উদ্বৃত্ত উৎপাদনসমূহ স্থানীয় বজাৰত তেওঁলোকে নিজে উৎপাদন নকৰা সামগ্ৰীৰাজিৰ বাবে অন্য পৰিয়াল সমূহৰ লগত বিনিময় কৰে৷ পুৰুষ আৰু মহিলা উভয়েই ঘৰুৱা কার্যকলাপ বিলাকত অংশীদাৰ। হয় আৰু এনে পৰিস্থিতিত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজত কোনোধৰণৰ প্ৰভেদ পৰিলক্ষিত নহয়। অন্যান্য সম্প্রদায় আৰু শ্ৰেণীসমূহৰ তুলনাত এই শ্ৰেণীৰ পুৰুষ-মহিলাসকলৰ মাজত বিশেষ অসমতা দেখা নাযায়। অৱশ্যে এনে হ’লেও এই সম্প্রদায় বিলাকেও ক্রমান্বয়ে বজাৰ অৰ্থনীতিৰ লগত একীভূত হোৱাৰ লগতে পিতৃতান্ত্রিক চৰিত্ৰ আহৰণৰ দিশত অগ্ৰসৰ হোৱাৰ উপক্ৰম হৈছে।

ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ বিভাজনে এহাতে পুৰুষসকলক কেতবোৰ সুযোগ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰাৰ বিপৰীতে মহিলাসকলে সম্পাদন কৰা কার্যাৱলী আৰু তেওঁলোকৰ মৰ্যাদা যথেষ্ট সীমিত কৰিছিল। আনকথাত ক’বলৈ হ’লে, ইয়েই হৈছে মহিলাকেন্দ্ৰিক শৃংখলাৰ অৱসান। ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ বিভাজনৰ আন এক পৰিণাম হৈছে “মহিলাসকলৰ আপেক্ষিক পৃথকীকৰণ আৰু নিলগ্ন কৰণ”। মহিলাসকলক সমাজৰ পৰা বৰ্জিতকৰণৰ লগতে অন্যান্য পুৰুষ আৰু মহিলাসকলৰো পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল।

ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ক পৰিচালনা কৰা মৌলিক প্ৰমূল্যৰাজিও সূক্ষ্মভাৱে বিভাজিত। প্ৰকৃতাৰ্থত ক’বলৈ হ’লে, এই প্ৰমূল্যৰাজি এটা আনটোৰ বিৰোধী। ব্যক্তিগত পর্যায়ত প্রেম, সতর্কতা, নিজস্বতা, বুজাপৰা প্ৰশংসনীয় হোৱাৰ বিপৰীতে, ৰাজহুৱা পৰিধিয়ে সাহসী প্রতিযোগিতা, উচ্চাকাংক্ষা, আক্রমণ, ব্যক্তিবাদীৰ পোষকতা কৰে। বজাৰ এলেকাৰ নিৰ্দয়তাৰ বিপৰীতে মহিলাসকলে পুৰুষসকলক ঘৰৰ চাৰিবেৰৰ ভিতৰত এক স্বর্গীয় সুখদায়ক স্থান উপলব্ধি কৰোৱাৰ বুলি আশা কৰা হয়।

ৰাজহুৱা ব্যক্তিগত বিভাজন সম্পর্কত 

হিলাৰী চাৰ্লছওৱৰ্থৰ অভিমত:

ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ বিভাজন সন্দৰ্ভত পাশ্চাত্যৰ উদাৰতাবাদী নাৰীবাদী চিন্তাবিদ হিলাৰী চার্লছওৱর্থে নিজস্ব অভিমত আগবঢ়াইছে। তেওঁৰ মতে, ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ বিভাজনে মহিলাক সামাজিক কার্যকলাপসমূহৰ পৰা বহির্ভূত কৰাই নহয়, বৰং একেবাৰে সমাজৰ নিম্ন পর্যায়লৈ মহিলাসকলক পর্যবেসিত কৰিছে। এইক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰশাসন আইনী ব্যৱস্থা আদিয়ে মহিলাসকলক দ্বিতীয় শ্রেণীৰ অন্তৰ্ভুক্ত কৰি লিংগ বৈষম্যৰ সৃষ্টি কৰাৰ লগতে মহিলাসকলক “দ্বিতীয় শ্ৰেণীৰ নাগৰিক” হিচাপে গণ্য কৰিছে। 

ফলত পুৰুষৰ তুলনাত মহিলাসকলৰ মৰ্যাদা বহুগুণে অৱনমিত হোৱা পৰিলক্ষিত হয়। তাৰোপৰি, মহিলাসকলে কোনোধৰণৰ বৃত্তিমুখী কাৰ্যত নিয়োজিত হ’বৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত কোনোধৰণৰ যোগসূত্ৰ ৰক্ষা কৰিব নোৱাৰে। অনুৰূপ ধৰণে, মহিলাসকলক ৰাজনৈতিক অধিকাৰ সমূহ উপভোগৰ পৰাও বঞ্চিত কৰি ৰখা হৈছে। মহিলাসকলক বিধিগত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰযন্ত্ৰয়ো বিফল হৈছে। মহিলাসকলক বিধিগত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰযন্ত্ৰয়ো বিফল হৈছে। পাৰিবাৰিক কার্যকলাপৰ বাবে প্রধানতঃ মহিলা জড়িত কর্মসংস্থাপনৰ লগত সামঞ্জস্য ৰাখি যাৱতীয় বিধি বিধান প্রণয়ন কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্রযন্ত্র ব্যৰ্থ হৈছে। এই প্ৰসংগত হিলাৰী চাৰ্লছ ওৱৰ্থে মত পোষণ কৰে যে ৰাষ্ট্ৰযন্ত্ৰৰ এই বিফলতাৰ বাবে ৰাষ্ট্ৰক কেতিয়াও নিৰপেক্ষ বুলি অভিহিত কৰিব নোৱাৰি বৰং ৰাষ্ট্ৰই পক্ষপাতমূলক স্থিতিত অৱস্থান কৰাহে পৰিলক্ষিত হয়। চাৰ্লছওৱৰ্থৰ মতে, ৰাষ্ট্ৰযন্ত্ৰৰ এনে বিসংগতিপূর্ণ অৱস্থানৰ প্ৰেক্ষাপটত পত্নীৰ ওপৰত স্বামীৰ নিয়ন্ত্ৰণৰ সৰ্বস্ব ক্ষমতা প্রদানেৰে পত্নীক স্বামীৰ দ্বাৰা নির্যাতন কৰাৰ পথ প্রশস্ত কৰি দিয়া হৈছে।

ৰাজহুৱা ব্যক্তিগত বিভাজন সন্দৰ্ভত 

কেথেৰিন মেককিনৰ অভিমত:

ৰাজহুৱা-ব্যক্তিগত বিভাজনৰ সন্দৰ্ভত আন এগৰাকী বিশিষ্ট নাৰীবাদী চিন্তাবিদ কেথেৰিন মেককিননে মত পোষণ কৰি কৈছে। যে, মানৱ অধিকাৰ আইনসমূহেও কেৱল মাত্ৰ ৰাজহুৱা কৰ্মৰ লগত জড়িত বিষয়সমূহৰ ওপৰতে অত্যধিক গুৰুত্ব আৰোপ কৰিছে। আন কথাত, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন সমূহেও মহিলাসকলক আর্থ-সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক দিশত উত্তৰণ ঘটোৱাৰ পৰিৱর্তে মহিলাসকলক সিবিলাক দিশৰ পৰা পাতিকৰণৰ পদক্ষেপ গ্রহণ কৰাহে পৰিলক্ষিত হ’ব। 

সেয়েহে কেথৰিনে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনসমূহত ৰাজহুৱা পৰিধিৰ কাম-কাজসমূহৰ লগতে ব্যক্তিগত অর্থাৎ পাৰিবাৰিক কাম কাজ সমূহকো আইনভুক্তকৰণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। মহিলাসকল জড়িত হৈ থকা বিভিন্ন ধৰণৰ ঘৰুৱা কাম-কাজ যেনে— সন্তান জন্ম দিয়া, প্রতিপালন কৰা, আদি বিভিন্ন বিষয়সমূহত যাৱতীয় বিধি বিধান প্রণয়ন কৰিলেহে মহিলাসকলক বিধিগতভাৱে সুৰক্ষা প্ৰদান কৰিব পৰা যাব। গতিকে ক’ব পাৰি যে সমাজত প্রচলিত লিংগ অসমতা, পুৰুষ-মহিলাৰ অসমতা প্ৰতিৰোধকৰণৰ হকে ৰাজহুৱা ব্যক্তিগত বিভাজনৰ ধাৰণাটো সমূলাংশে নিঃশেষ কৰিব নোৱাৰিলে অনাগত ভৱিষ্যতৰ দিনবিলাকত মহিলাসকলে পুৰুষৰ দ্বাৰা শোষিত, নিষ্পেষিত আৰু অৱদমিত হৈ থাকিব লাগিব।

ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ অধিক ব্যৱধানে মহিলাসকলৰ মৰ্যাদা অধিক অৱনমিত কৰিবনে বুলি যদিহে প্ৰশ্নৰ অৱতাৰণা কৰা হয় তেন্তে তাৰ উত্তৰত ক’ব লাগিব এনেদৰে এঞ্জেলছ আৰু আন কিছুমান নাৰীবাদী বুৰঞ্জীবিদৰ মতে, “যেতিয়া সমাজত উৎপাদনী কাৰ্য পৰিয়ালৰ ভিতৰতে সম্পাদিত হয় আৰু য’ত ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ৰ মাজৰ ব্যৱধান নিচেই নগণ্য হয় তেতিয়া তেনে সমাজত মহিলাসকলে অধিক পৰিমাণে পুৰুষৰ সম মর্যাদা লাভ কৰে।” 

এই ৰাজহুৱা-ব্যক্তিগত বিভাজন প্ৰধানকৈ উৎপাদনৰ বিভিন্ন গতি আৰু অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে য’ত নেকি মহিলাসকলে ভিন্নমুখী ভূমিকা পালন কৰা দেখা যায়। সেয়ে কোৱা হয় যে প্ৰকৃতাৰ্থত, কৰ্ম আৰু সম্পদৰ লগত মহিলাৰ যি সম্বন্ধ সেই সম্বন্ধহে সমাজত মহিলাৰ মৰ্যাদা নিৰূপণ কৰে। ইতিহাসত মহিলাৰ গৌণ মর্যাদা অৰ্থনীতিত খোদিত হৈ আছে। প্রায় সকলো সমাজতে উৎপাদন কাৰ্য আৰু সম্পত্তিৰ লগত এক গোট হিচাপে মহিলা সকলৰ এক প্ৰকাৰৰ নিৰ্দিষ্ট সম্পর্ক আছে। মহিলাসকলৰ গৌণ মর্যাদাৰ ব্যক্তিগত আৰু মনঃস্তাত্বিক পৰিণতিসমূহ মহিলাসকলৰ কৰ্মক্ষেত্ৰৰ লগত থকা সম্বন্ধৰ পৰাই অনুধাৱন কৰিব পাৰি।

প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে, বহু ৰাজনৈতিক চিন্তাবিদে মত পোষণ কৰে যে ব্যক্তিগত পৰিধিৰ বেলিকা ৰাষ্ট্ৰই হস্তক্ষেপ কৰা অনুচিত। এইক্ষেত্ৰত যুক্তি দর্শোৱা হৈছে যে পৰিয়ালৰ সদস্যসকলৰ মাজৰ যি গার্হস্থ্য সম্পর্ক সেয়া চৰকাৰী নিয়ন্ত্ৰণৰ পৰা বাহিৰত হ’ব লাগে। ঘৰৰ চাৰিবেৰৰ ভিতৰত সংঘটিত প্ৰতিটো বিষয় বা কার্যকলাপেই এক ব্যক্তিগত বিষয় বুলি গণ্য কৰা হয় আৰু এইক্ষেত্ৰত কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপক উৎসাহিত কৰা নহয়। এনেদৰে পৰিয়ালৰ ভিতৰত মহিলাসকলৰ ওপৰত অবিৰতভাৱে অসমান আচৰণ কৰা আৰু নিষ্ঠুৰ নিৰ্যাতন চলোৱাৰ অনুমতি প্ৰদান কৰা হয়। সাম্প্ৰতিক সময়ত পত্নীৰ ওপৰত নিৰ্যাতন, বিবাহজনিত ধৰ্ষণ পিতৃৰ দ্বাৰা কন্যাৰ ধৰ্ষণ আৰু আন আন পুৰুষজনিত সম্পৰ্ক, ছোৱালী আৰু মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন, ছোৱালীবিলাকে আহৰণ কৰা সাধাৰণ বঞ্চিতকৰণৰ অভিজ্ঞতা এই সকলোবিলাক দৃষ্টিৰ অগোচৰ, আলোচনাবিহীন হৈ ৰৈছে।

ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ৰ মাজৰ বিভাজনে সমাজত নাৰী আৰু পুৰুষৰ মাজৰ অসমতা সৃষ্টি কৰাৰ লগতে ঘৰৰ বাহিৰত কর্মসংস্থাপনত নিয়োজিত মহিলাসকলৰ ক্ষেত্ৰতো কেতবোৰ সমস্যাৰ সৃষ্টি কৰে। কর্মসংস্থাপনত মহিলাসকলৰ স্বতন্ত্রতা, গতিশীলতা, প্রতিযোগিতাপূর্ণ মনোভাব, কাম কৰাৰ দীঘলীয়া সময় মহিলাসকলৰ পৰা দাবী কৰা হয়। ইয়াৰ পৰিৱর্তে পৰিয়ালে মহিলাসকলৰ পৰা দাবী কৰে অধীনস্থতা সেৱা আৰু সহযোগিতা। 

অগণন কৰ্মৰত মহিলাই প্ৰায়েই এনে ধৰণৰ অসংগত দাবীসমূহ আৰু তেওঁলোকে সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক বিতুষ্টিসমূহৰ বিষয়ে বাৰ্তালাপ কৰা পৰিলক্ষিত হয়। অৱশ্যে এগৰাকী আদর্শবান গৃহিণী আৰু এজন ফলদায়ক গৰাকীক সংযুক্ত কৰাটো অত্যন্ত জটিল কার্য। আনহাতে এজন আদর্শবান স্বামী আৰু এজন ফলদায়ক গৰাকীক সংযুক্ত কৰাৰ বাবে পুৰুষৰ ক্ষেত্ৰত কোনো ধৰণৰ দাবী উত্থাপিত হোৱা পৰিলক্ষিত নহয়।

নাৰীবাদীসকলে ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ৰ মাজৰ দৃঢ় বিভাজনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে প্ৰত্যাহ্বান জনাইছে। তেওঁলোকে যুক্তি দৰ্শাইছে যে ৰাজহুৱা ব্যক্তিগত পৰ্যায়ৰ বিভাজনে পুৰুষ-মহিলাৰ মাজৰ অসমতা বৃদ্ধি কৰে আৰু পুৰুষৰ আধিপত্যৰ সম্ভাৱনা অধিক প্রকট কৰি তোলে। পুৰুষৰ এনে আধিপত্যকেন্দ্ৰিক বৈষম্যৰ ফলশ্ৰুতি হিচাপে মহিলাসকলৰ ওপৰত শোষণ অত্যাচাৰ আৰু বঞ্চনা চলোৱাৰ পথ প্রশস্ত হয়। সেয়েহে এনে বিভাজনক প্রত্যাহ্বান জনোৱাটো অত্যন্ত প্রয়োজনীয় হৈ পৰিছে। উল্লেখ্য যে এনে বিভাজনক প্রত্যাহ্বান জনায়েই নাৰীবাদী আন্দোলন বিলাকে “The Personal in the Political” অর্থাৎ “ব্যক্তিগতই হৈছে ৰাজনৈতিক” শীর্ষক জয়গান বহুলভাৱে প্ৰচলন কৰা দেখিবলৈ পোৱা যায়। 

ইয়াৰ ফলত ব্যক্তিগত অৰ্থাৎ পৰিয়াল পৰ্যায়ত য’ত নেকি পুৰুষৰ নিয়ন্ত্ৰণত থাকি মহিলাসকলে বিভিন্ন ধৰণৰ উপাৰ্জনমুখী কামত নিয়োজিত হৈ থাকিবলগীয়া হয় তেনে পৰিৱেশত মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰকাৰৰ দমন, শোষণ আৰু বঞ্চনাৰ বিষয়ে সকলোৰে আগত অৱগত কৰিব পাৰে। এনে অৱস্থাতহে ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ হস্তক্ষেপৰ জৰিয়তে মহিলাসকলৰ প্ৰতি পুৰুষসকলে কৰা অন্যায় আৰু অত্যাচাৰ নিঃশেষ কৰিব পৰা যাব।

7. Discuss about Radical feminist understanding of the sexual division of labour.

Ans: শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ আধুনিক বিতৰ্ক প্ৰকৃততে চৰম নাৰীবাদৰ প্ৰসাৰৰ লগে লগে আৰম্ভ হয়। পুৰুষ আৰু নাৰীৰ মাজত থকা বিভাজনবোৰৰ কোনো ধৰণৰ জৈৱবিজ্ঞানিক ভিত্তিক অস্বীকাৰ কৰি এই চৰম নাৰীবাদীসকলে গোটেই আলোচনাটোকে এক নতুন মাত্ৰা প্ৰদান কৰিছে। দেখা যায় যে তেওঁলোকে পুৰুষ আৰু নাৰীৰ মাজত ক্ষমতাৰ সম্পৰ্কত নাৰী নিষ্পেষিত হোৱাৰ একোটা সম্পূর্ণ সামাজিক আৰু ৰাজনৈতিক তত্ত্ব গঠন কৰাৰ প্ৰয়াস কৰে। তেওঁলোকে সকলো ক্ষেত্রতে প্রচলিত নাৰীবাদী আলোচনাক নতুন মাত্রা প্রদাৰে এটা নতুন বুনিয়াদ গঢ়ি তোলে। পূর্বে প্রচলিত ব্যক্তিবাদী আৰু সমাজবাদী চিন্তাধাৰাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি চৰম নাৰীবাদীসকলে ১৯৭০ দশকৰ প্ৰথমৰে পৰা বিশ্বাস কৰি আহিছে যে প্ৰকৃততে মানুহৰ লিংগভিত্তিক প্রকৃতি বুলি কোনো কথা নাই। 

এইক্ষেত্ৰত জন কাৰভেটয়ে মত প্রকাশ কৰিছে,‘‘‘ঊনবিংশ শতিকাৰ নাৰীবাদী চিন্তা আৰু সমসাময়িক নাৰীবাদী চিন্তাধাৰাৰ মূল পার্থক্যটো হ’ল – পূৰ্বৰ নাৰীবাদীসকলে স্বয়ং সম্পূর্ণ, মুক্ত মানৱ জীৱনত লিংগভিত্তিক প্রকৃতিক কিছু পৰিমাণে মানি লৈছিল, কিন্তু বর্তমানত লিংগভিত্তিক প্রকৃতিক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হয় আৰু বৰ্তমানৰ নাৰীবাদীসকলে উভয়লিংগৰ পৃথিৱীখনত, লিংগজনিত ভূমিকাবোৰৰ বিৰোধিতা কৰে”। আন কথাত, তেওঁলোকে মানৱ সভ্যতাত প্রকৃতির ভূমিকা আৰু সকলো কথাকে প্রকৃতিৰ ভিত্তিত ব্যাখ্যা কৰাটোকে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। 

তেওঁলোকে নব্য বাওঁপন্থীৰ ভিত্তিত Wilhelm Reich আৰু Herbert Marcuse Cয় আগবঢ়োৱা চিন্তাধাৰাক সমৰ্থন আগবঢ়াবলৈ আৰম্ভ কৰে। এওঁলোকে মানৱ আচৰণৰ ক্ষেত্ৰত ভৌতিক প্ৰভাৱ আৰু বৈশিষ্ট্যবোৰক উদাসীন আখ্যাৰে আখ্যায়িত কৰিছে। তেওঁলোকৰ মতে, ইতিহাসৰ সকলো সময়তে মানৱৰ আচৰণ প্ৰকৃততে পুৰুষৰ স্বাৰ্থতহে গঢ় দি লোৱা হৈছে, কোনো ভিত্তিয়ে মানৱৰ কাৰ্যক প্রভাৱান্বিত নকৰে। তেওঁলোকৰ মত অনুসৰি, শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ সমস্যা দুটা প্ৰধান কাৰকৰ ওপৰত প্ৰতিষ্ঠিত— পিতৃপ্রধান সমাজ আৰু উভয়লিংগৰ ধাৰণা।

চৰম নাৰীবাদীসকলে পিতৃতন্ত্র হ’ল এনে এটা মতাদর্শ য’ত পিতৃজনে পৰিয়ালৰ সকলো সদস্যৰ ভিতৰত চৰম কৰ্তৃত্ব উপভোগ কৰে আৰু তেৱেঁই পৰিয়ালৰ অৰ্থনৈতিক উপাদান নিয়ন্ত্ৰণ কৰে। চৰম নাৰীবাদীসকলে ইয়াক পুৰুষৰ শোষণৰ শাৰীত ৰাখে। এওঁলোকৰ মতে, পিতৃতান্ত্রিকতা হৈছে ৰাজনৈতিক, অর্থনৈতিক, আদৰ্শগত আৰু মনোবৈজ্ঞানিক ৰূপৰ সাৰ্বজনীন ধাৰণা যাৰ জৰিয়তে পুৰুষে নাৰীক শোষণ কৰে। তেওঁলোকৰ মতে, পুৰুষ আৰু নাৰীৰ পাৰ্থক্যবোৰ অতীতৰ লগতে বর্তমানেও শোষক আৰু শোষিতৰ মাজৰ সম্পৰ্কহে। এনেক্ষেত্ৰত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিচাপে লিংগ হৈছে একোটা স্থিতি। 

চৰম নাৰীবাদীসকলৰ বিশ্বাস অনুসৰি জীৱতত্ত্বৰ ধাৰণা আগবঢ়োৱাসকলৰ মতে হৈছে একোটা যুক্তিগত আৰু ঐতিহাসিক ধাৰণা। কিন্তু চম নাৰীবাদীসকলৰ মতে এনে তত্ত্ববোৰে পুৰুষ আৰু নাৰীৰ মাজৰ শাৰীৰিক বাহ্যিক পার্থক্যখিনিৰ বাহিৰে অন্যান্য কোনোধৰণৰ বিশেষ পার্থক্য প্রমাণ কৰিব নোৱাৰে। ফলত তেওঁলোকে ক’ব খোজে যে যৌনতাৰ ধাৰণা হৈছে জীৱ-বিজ্ঞানমূলক আৰু লিংগৰ হৈছে মনোবৈজ্ঞানিক আৰু সাংস্কৃতিক। এনে অৱস্থাত পিতৃতন্ত্র হৈছে নাৰীৰ ওপৰত পুৰুষৰ শোষণৰ এক ব্যৱস্থা। দ্বিতীয় মুখ্য ধাৰণাটো হৈছে উভয়লিংগ ইয়াৰ জৰিয়তে ব্যাখ্যা কৰা হৈছে যে পুৰুষ আৰু নাৰীৰ মাজৰ বিভাজন প্রকৃততে পিতৃতান্ত্রিক সমাজৰহে দান, কোনো জীৱবিজ্ঞানমূলক ভিত্তিত ই গঢ়ি উঠা নাই। এনে বিভাজন সমাজৰ ভিন্ন লিংগীয় ভূমিকাৰ অৱসান ঘটাৰ লগে লগে নোহোৱা হৈ পৰিব।

চৰম নাৰীবাদীসকলে এক সম্পূর্ণ সামাজিক আৰু ৰাজনৈতিক তত্ত্ব আগবঢ়াইছে। সেয়ে এটা সার্বজনীন সামাজিক তত্ত্বৰ পৰা পুৰুষ-নাৰীৰ সম্পৰ্কক বিচাৰ কৰিবলৈ নগৈ তেওঁলোকে পুৰুষ নাৰীৰ সম্পৰ্কৰ পৰা, পিতৃতান্ত্রিকতাৰ এটা সার্বজনীন সামাজিক তত্ত্ব বিচাৰি উলিয়াইছে। ইয়াৰ আধাৰতে Eva, Figes, Germain Gneer, Kate Millett আৰু Shulamith Firestone য়ে শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ মূল ব্যাখ্যা আগবঢ়াইছে। তেওঁলোকৰ মতে, পুৰুষ আৰু নাৰীৰ শ্ৰমৰ অসমান বিভাজন পিতৃপ্রধান সমাজ ব্যৱস্থাৰ দ্বাৰা সৃষ্ট, যি ব্যৱস্থা পুৰুষ আৰু নাৰীৰ বিৰোধিতাৰ আধাৰত গঢ় লৈ উঠিছে। সেয়ে Kate Millettয়ে মার্ক্সবাদী আলোচনাক  সমালোচনা কৰি মন্তব্য প্রকাশ কৰিছে যে এনে আলোচনাই পৰিয়াল আৰু বিবাহক সম্পূর্ণৰূপে একোটা অর্থনৈতিক পৰিঘটনাৰ সৈতে তুলনা কৰা হৈছে য’ত অর্থনীতিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। ইয়াৰ ফলত শ্ৰমৰ লিংগভিত্তিক অসমান বিভাজনৰ সৈতে গোটেই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাটোক চম নাৰীবাদীসকলে উৎপাদনৰ কোনো কাৰকৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি ক’ব খোজে। শ্রমৰ এনে ভিন্নতা প্রকৃততে জৈৱিক প্ৰজননৰ ওপৰত কৰ্তৃত্ব আনিবলৈ কৰা পুৰুষ প্রধান সমাজৰ প্ৰয়াসৰ ফচলহে। 

সমাজত কর্তৃত্ব, প্রভুত্ব আৰু নিয়ন্ত্রণ আনিবলৈ পুৰুষপ্রধান সমাজ ব্যৱস্থাত মাৱল জীৱনক দুটা পৃথক ভাগত বিভক্ত কৰে— ঘৰুৱা আৰু ৰাজহুৱা পৰিচয়ৰ এনে সামাজিক ভিন্নতা কেবল পুৰুষৰ ক্ষেত্ৰতহে থাকে। আনহাতে, নাৰীৰ ক্ষেত্ৰত অকি সীমিত ভূমিকাহে দিয়া হয়। মিলেটে প্রকাশ কৰা অনুসৰি পুৰুষপ্রধান সমাজ ব্যৱস্থাৰ এটা অন্যতম উদ্দেশ্য হৈছে সমাজত নাৰীৰ ওপৰত পুৰুষৰ অৰ্থনৈতিক কৰ্তৃত্ব প্রতিষ্ঠা কৰা। পৰম্পৰাগত পুৰুষপ্রধান ব্যৱস্থাত নাৰীক ব্যক্তিৰ মৰ্যাদা দিয়া নহয় আৰু নাৰীক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়। যদিও সমসাময়িক সমাজ ব্যৱস্থাত নাৰীৰ এনে অধিকাৰ আছে, তথাপিও তেওঁলোকে এতিয়াও অর্থনৈতিকভাৱে শোষিত হৈয়েই আছে। কিয়নো তেওঁলোকে ঘৰত সম্পাদন কৰা কাৰ্যৰ বাবে কোনোধৰণৰ পাৰিতোষিক দিয়া নহয় আৰু মাত্ৰ কিছুমান সাধাৰণ নিয়োগ ব্যৱস্থাহে নাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

Shulamith Firestoneৰ ব্যাখ্যাই নাৰীবাদী ধাৰণাক সম্পূর্ণভাৱে যুক্তিগত ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। তেওঁ ১৯৭০ চনত “The Dialectic of Sex” গ্রন্থখন প্রকাশ কৰে। এই গ্রন্থখনে ইতিহাসত পুৰুষ-নাৰীৰ সমস্যাবোৰক নতুন ৰূপত ব্যাখ্যা কৰাৰ প্ৰয়াস কৰে। তেওঁ প্ৰকাশ কৰা মতে, অন্যান্য অর্থনৈতিক শ্রেণীতকৈ লিংগৰ শ্ৰেণী বহু পৰিমাণে গভীৰ আৰু অদৃশ্য। তথাপিও ই সার্বজনীন আৰু নাৰীৰ শোষণৰ ইতিহাসক মানৱ সভ্যতাৰ ইতিহাসৰ ৰূপত গঢ়ি তোলে।

তেওঁ দাবী কৰে যে নাৰীবাদীসকলে কেৱল পাশ্চাত্য সংস্কৃতিকে প্রশ্ন কৰিব নালাগে, গোটেই সংস্কৃতিৰ ধাৰণাটোৱেই প্রকৃততে গ্রহণযোগ্য নহয়। আনহাতে জীৱবিজ্ঞানকো সমানে সমালোচনা কৰি তেওঁ প্ৰকাশ কৰে যে শ্ৰমৰ অসমান বিভাজনৰ বাবে মূলতঃ দায়ী জীৱবিজ্ঞান। জীৱবিজ্ঞানৰ মতে, পুৰুষ আৰু নাৰী পৃথকভাৱে স্পষ্ট আৰু সমান হ’ব নোৱাৰে। জীৱবিজ্ঞানৰ আধাৰত গঠিত পৰিয়াল একোটা সাধাৰণতে ক্ষমতা বিভাজনৰ বিভেদকামী ধাৰণাৰ ভিত্তিত গঠিত।

Firestoneৰ মতে, জৈৱিক পৰিয়াল একোটা হ’ল পুৰুষ মহিলাৰ মৌলিক পুনঃউৎপাদনশীল গোট। ইয়াত চাৰিটা মুখ্য কাৰকে প্ৰভাৱ পেলায়। 

১) জন্ম নিয়ন্ত্রণ ব্যৱস্থাৰ সৃষ্টি হোৱাৰ আগতে জীৱবিজ্ঞানত নাৰীৰ অৱস্থা অতি পুতৌজনক আছিল। শাৰীৰিকভাৱে জীয়াই থকাৰ বাবে নাৰীয়ে পুৰুষৰ তত্বাৱধানত থাকিবলৈ বাধ্য আছিল। 

২) নাবালক সকলে জীয়াই থাকিবলৈ জ্যেষ্ঠসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। 

৩) অতীত অথবা বৰ্তমানৰ সকলো সমাজতে মাতৃ আৰু শিশুৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বিৰাজমান আৰু ইয়েই নাৰী অথবা শিশুৰ মনোবৈজ্ঞানিক চৰিত্ৰ গঠন আৰু নিয়ন্ত্ৰণ কৰে। 

৪) পুৰুষ-নাৰীৰ স্বাভাৱিক পুনঃউৎপাদনশীলতাৰ পৃথকতাই শ্ৰেণীৰ উৎপত্তিৰ সময়ত শ্ৰমৰ বিভাজন আনি দিছিল। প্রাথমিক অৱস্থাৰ নাৰীবাদী আন্দোলনৰ ধাৰাৰ বিপৰীতে Firestoneয়ে মন্তব্য কৰে যে লিংগজনিত শ্রেণী বিলুপ্তি কৰিবলৈ হ’লে একমাত্র পুৰুষৰ পক্ষপাতিত্বক বিলুপ্ত কৰিলেই নহ’ব, কিন্তু লিংগভিত্তিক বৈষম্যতাকেই সম্পূর্ণৰূপে বিলুপ্ত কৰিব লাগিব। তেওঁৰ মতে, শ্ৰমৰ বিভাজনৰ গোটেই ধাৰণাটোকে স্বতঃস্ফূর্ত নিয়ন্ত্ৰণৰ যোগেদি শ্ৰমৰ ধাৰণাৰ বিলুপ্তিৰে লুপ্ত কৰিব পৰা যায়।

শ্ৰমৰ লিংগজনিত বিভাজনত চৰম নাৰীবাদীসকলৰ ধাৰণাক এনেদৰে ক’ব পাৰি যে জৈৱিকভাৱে নাম হ’ল পুৰুষৰ পৰা পৃথক আৰু সাংস্কৃতিকভাৱে মানৱৰ পৰা পৃথক। প্ৰকৃতিয়ে প্রাথমিক বিভেদ সৃষ্টি কৰিছিল— মানৱৰ অর্ধেক অংশই গোটেই মানৱৰে সন্তানবোধক লালন-পালন কৰিব লাগিব যিটোক পাছৰ পৰ্যায়ত পুৰুষৰ স্বাৰ্থত স্বাভাৱিক আৰু আনুষ্ঠানিক ৰূপত গঢ়ি তোলা হৈছে। এনেদৰে শ্ৰমৰ প্ৰাথমিক বিভাজন এক বৃহৎ সাংস্কৃতিক ত্যাগৰ বিনিময়তহে সম্ভৱ হৈ উঠে। ফলত শ্ৰমৰ বিভাজনৰ এনে ধাৰণাক বিলুপ্তি ঘটাব লাগে। চৰম নাৰীবাদীসকলে এনেদৰে এৰি যোৱা ধাৰণাবোৰক পাছৰ পৰ্যায়ৰ নাৰীবাদীসকলে তেওঁলোকৰ কৰ্মৰাজিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় হৈছিল। বিশেষতঃ মার্ক্সবাদী বুলি পৰিচয় দিয়া নাৰীবাদীসকলে চৰম নাৰীবাদী সকলৰ পিতৃ প্রধান সমাজৰ ধাৰণাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল।

১৯৬০ আৰু ৭০ৰ দশকৰ আৰম্ভণিতে মার্ক্সবাদী সকলৰ চিন্তাধাৰাত নব্য বাওঁপন্থী আন্দোলনৰ প্ৰভাৱ সুস্পষ্টকৈ পৰা দেখা যায়। সেই সময়ত উন্নত পুঁজিবাদী সমাজত থকা শ্রমিক শ্ৰেণীটোৱে একোটা আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱা নাছিল। “The German Ideology” গ্রন্থত মার্ক্স আৰু এঞ্জেলছে (Engels) প্রকাশ কৰিছে যে শ্ৰমৰ বিভাজনৰ উৎপত্তি হ’ল প্ৰকৃততে লিংগজনিত কৰ্মত শ্ৰমৰ বিভাজন। শ্ৰমৰ বিভাজন আচলতে পৰিয়ালত শ্ৰমৰ প্রাকৃতিক বিভাজনৰ ওপৰত নিৰ্ভৰশীল আৰু সমাজত বিভিন্ন পৰিয়ালৰ সৃষ্টি হোৱাৰ লগে লগে ই পৰস্পৰ বিৰোধী হৈ পৰে। ফলত শ্ৰম আৰু উৎপাদনৰ ক্ষেত্ৰ বিভাজনৰ বিভেদ আহি পৰে আৰু পত্নী তথা সন্তানবোৰ স্বামীৰ তত্বাৱধানত আহি পৰে।

মার্ক্স আৰু এঞ্জেলছে উল্লেখ কৰা অনুসৰি বৰ্তমানৰ সমাজ ব্যৱস্থাতো শ্ৰমৰ বিভাজন প্রচলিত আৰু পৰিয়ালত এতিয়াও শ্ৰমৰ প্রাকৃতিক বিভাজন প্রচলিত। সেয়ে সামাজিক ব্যৱস্থা পৰিয়ালৰ মাজতে আৱদ্ধ। আনহাতে, এনে পৰিয়ালত নাৰীৰ মৰ্যাদা বজাৰত ক্রয়-বিক্রয় হোৱা সামগ্ৰীৰ দৰে হৈ পৰে। মার্ক্সীয় চিন্তাধাৰা অনুসৰি প্রাথমিক অৱস্থাত পৰিয়ালৰ ধাৰণাই সমাজ শ্ৰমত বিভাজনৰ সূচনা কৰিছিল আৰু এনে বিভাজনৰ ভিত্তিতেই লিংগজনিত কৰ্মৰ শ্ৰম বিভাজনৰ ধাৰণাই গা কৰি উঠে। মার্ক্সবাদীসকলে নাৰীবাদৰ ধাৰণা আগবঢ়াওঁতে প্রথমতে সদায়েই Marx, এঞ্জেলছ অথবা Millassouxৰ দৰে ব্যক্তিসকলৰ লিখনিসমূহক গুৰুত্ব প্ৰদান কৰে।

8. Write about the agents of gender socialisation.

Ans: লিংগ সামাজিকীকৰণৰ গৱেষণা পৰিচালনা কৰাৰ ক্ষেত্ৰত তত্ত্বসমূহ বিভিন্ন ধৰণে প্ৰয়োগ কৰা হয়। বিভিন্ন বিষয় বস্তুবোৰ তলত উল্লেখ কৰা ধৰণে পৰিচয় কৰাব পাৰি— পুনৰ সংস্থাপন, সামাজিকীকৰণ প্ৰক্ৰিয়াটোত সৰু ল’ৰা-ছোৱালীৰ সক্ৰিয় অংশগ্রহণ আৰু উন্নয়নশীল পৰিৱৰ্তন— এই বিষয়বিলাক গৱেষণাৰ লগতে তুলনাত্মকভাৱে আলোচনা কৰা হ’ব। ইয়াৰে কিছুমান বিষয় অন্য কিছুমানতকৈ অধিক চূড়ান্ত। শৈশৱকালৰ লিংগ পৃথকীকৰণৰ প্রকৃতি তথা স্বভাৱৰ সূক্ষ্ম অধ্যয়নৰ পিছত ই আৰু অধিক বিকৃত হৈ পৰে। সৰু ল’ৰা আৰু সৰু ছোৱালীৰ মাজত মাক-দেউতাকে যিটো লিংগভেদে তথা লিংগ পৃথকীকৰণৰ অৱতাৰণা কৰিছিল সেইটোও এক মিশ্রিত ফলাফলৰ মাজেৰে অতিবাহিত হৈছে। তুলনামূলকভাৱে চাবলৈ গ’লে অধ্যয়নৰ এই নতুনক্ষেত্ৰ হিচাপে লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াটো ক্রমান্বয়ে আৰু অধিক উন্নত শিখৰলৈ অতিক্ৰম কৰিব ধৰিছে।

সামাজিকীকৰণৰ অভিকৰণ হিচাপে মাক-দেউতাক (অভিভাৱক)

যিসকলে লিংগক ব্যক্তিৰ বৈশিষ্ট্যমূলক আৰু ব্যক্তিগত দৃষ্টিভংগীৰে অধ্যয়ন কৰে সেইসকলৰ মতে শিশু এটাৰ মাক দেউতাক তথা অভিভাৱকক লিংগ সামাজিকীকৰণৰ তাৎপৰ্যপূৰ্ণ উৎস হিচাপে অভিহিত কৰা হয়। সৰু ল’ৰা-ছোৱালী তথা শিশুৰ লিংগ ভেদক লৈ প্ৰথমবাৰৰ বাবে কৰা এক সমীক্ষাৰ তথ্যত প্ৰকাশ পোৱা মতে, গৱেষক সকলে অভিভাৱকসকলক আহ্বান জনোৱা হৈছিল যে কিমান ধৰণৰ বিশেষণেৰে তেওঁলোকৰ ল’ৰা ছোৱালী সমূহক ব্যাখ্যা তথা নামকৰণ কৰা হয়। সৰু ল’ৰা এটাৰ অভিভাৱকতকৈ, সৰু ছোৱালী এজনীৰ অভিভাৱকে কোমল, সৰু, অমনোযোগী, সু-গঠিত ইত্যাদিবোৰ বিশেষণ অধিকভাৱে বাছনি কৰে। গৱেষণাটো এইধৰণে সামৰণি পৰিছিল “কিয়নো একেবাৰে শিশু অৱস্থাত ল’ৰা বা ছোৱালীৰ শাৰীৰিক গঠন প্ৰায়ে একেই প্ৰকৃতিৰ হয় আৰু অভিভাৱকসকলে প্রকৃত বাস্তৱ পার্থক্যবোবৰ ওপৰত গুৰুত্ব নিদি সম্ভবতঃ তেওঁলোক নিজে আৰোপিত কৰা সমসাময়িক লিংগ বৈষম্যকৰণৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল (Wharton, 2005, page-124)। 

শেহতীয়া অধিক সংখ্যক গৱেষণাই এইক্ষেত্ৰত ক্রমান্বয়ে নতুন কিছুমান তথ্যগত পার্থক্য উলিয়াবলৈ সক্ষম হৈছে। ক্লিয়েৰফিল্ড আৰু নেলছনে-এ ২০০৬ চনত প্ৰকাশ কৰিছিল যে মাতৃসকলে সৰু ছোৱালী এজনীৰ লগত অধিকভাৱে কথা-বতৰাত জড়িত হৈ থাকে। আনকি নতুন অভিভাৱকসকলৰো প্ৰথম গৱেষণামূলক পৰীক্ষাত এই কথা প্রকাশ পাইছে। কলট্রেনে উল্লেখ কৰিছিল, “নাবালক অৱস্থাত তথা কেঁচুৱা অৱস্থাত সকলো ল’ৰা-ছোৱালীয়ে একে ধৰণৰ শাৰীৰিক বৈশিষ্ট্যই প্রকাশ কৰে কিন্তু এইক্ষেত্ৰত বয়োজ্যেষ্ঠ তথা অভিভাৱকসকলে ইহঁতৰ মাজত বৈসাদৃশ্য আনিবলৈ অনৰ্থকভাৱে বহুদূৰ অতিক্ৰম কৰে।”

আনহাতে আন এক তাৎপর্যপূর্ণ কথা হ’ল প্রকাশ যে, অভিভাৱক সকল এই লিংগভেদ প্রথাত জড়িত হৈ নাথাকে। লিটন আৰু ৰোমনি’য়েক উচ্চ পৰ্যায়ৰ বিশ্লেষণত প্ৰকাশ কৰিছিল যে, যোৱা ষাঠি বছৰৰ গৱেষণামূলক অধ্যয়নৰ তুলনাত তেওঁলোকৰ এশ পঞ্চাশটা অধ্যয়নত লিংগভেদৰ এই প্রক্রিয়াটো তাৎপর্যপূর্ণভাৱে কমি আহিছে। ওপৰৰ এই সম্পৰীক্ষাসমূহ তলত উল্লেখ কৰা প্ৰক্ৰিয়া তথা কার্যকলাপসমূহৰ ওপৰত প্ৰযোজ্য হোৱা দেখা যায়। যেনে— “সফলতাসমূহত উৎসাহিত কৰা, সুমধুৰ কথা-বার্তা, বাধাজনক ক্রিয়া-কলাপ আৰু নিয়মানুৱৰ্তী অনুশীলনসমূহ এনেবোৰ ক্ষেত্ৰত অভিভাৱকসকলে নাবালক নাবালিকাসকলৰ মাজত সম-ব্যৱহাৰ কৰা পৰিলক্ষিত হয়” (stockard 1999, page- 217 ) ।

যদিও অভিভাৱকসকলৰ সামাজিকীকৰণৰ ওপৰত চলা অধিকাংশ গৱেষণাই অস্পষ্ট; তথাপি কিছুমান ক্ষেত্ৰত ই চূড়ান্তভাৱে প্রকাশ পাইছে। যেনে— পুতলা, খেলা-ধূলা আৰু বিভিন্ন ক্রিয়া কলাপৰ প্ৰতি অভিভাৱক সম্বন্ধীয় ভাৱমূর্তি। গৱেষণাত প্রকাশ পাইছে যে, যেতিয়া বাছনি কৰিবলৈ সুবিধা দিয়ে তেতিয়া অভিভাৱকে শিশু ল’ৰা এটাক বেলেগ পুতলা দিয়ে আৰু শিশু ছোৱালী বা নাবালিকা ছোৱালী এজনীক বেলেগ পুতলা দিয়ে। তেওঁলোকে সাধাৰণতে ল’ৰা শিশু এটাৰ কাৰণে ফুটবল এটা আৰু ছোৱালী শিশু এজনীৰ কাৰণে পুতলা এটা বাছনি কৰা দেখা যায়। 

এনেক্ষেত্ৰত পুতলা বাছনি কৰাৰ প্ৰভাৱৰ পৰা এইটো দেখা যায় যে এইধৰণৰ অভিভাৱকে শিশুৰ সৈতে অধিক সময় কথা-বতৰাত জড়িত হৈ থাকে। অভিভাৱকে লৰাৰ সৈতে খেলে আৰু সাধাৰণতে দেউতাকৰ খেলা-ধেমালিবোৰ হয় শাৰীৰিক পৰিশ্ৰম সম্পদ, খহটা বা কৰ্কশ ধৰণৰ খেলা (Wharton, 2005)। আনহাতে, গৱেষণাত আৰু প্রকাশিত তথ্য অনুসৰি যে ল’ৰা আৰু ছোৱালীৰ লিংগভেদৰ প্ৰতি অভিভাৱকসকলৰ বিভিন্ন ভাবমূর্তি প্রকাশ পায়। ফ্রি’মেনৰ ব্যাখ্যা মতে “গৱেষকসকল যিসকলে জ্যেষ্ঠজনক তথা অভিভাৱকক ব্যাখ্যা কৰে তেওঁলোকৰ লিংগভেদৰ উন্মেষৰ প্ৰতি সহাঁৰি দি কয় যে যিসকল ল’ৰাই বা শিশুৱে ছোৱালীৰ খেলত জড়িত হৈ পৰে তেওঁলোকে আমাৰ শিক্ষক তথা অভিভাৱকৰ দ্বাৰা অধিকভাৱে সমালোচিত হোৱা দেখা যায়। সেইসমূহ ছোৱালীতকৈ যিসমূহে ল’ৰা এজনে ব্যৱহাৰ কৰা সা-সামগ্রী বা কার্যকলাপসমূহ ব্যৱহাৰ কৰে। কিন্তু ল’ৰা-ছোৱালীৰ মাজত থকা ঠেক মনোবৃত্তিসমূহ স্পষ্ট ৰূপত বর্তমান সম্প্ৰসাৰণ হৈ আঁতৰি যাব ধৰিছে (Freeman, 2007) |

সমনীয়া দলৰ — সামাজিকীকৰণ:

লিংগৰ অধ্যয়ন কৰা পণ্ডিতসকলে যিয়ে এই সামাজিকীকৰণ প্রক্রিয়াতো অধ্যয়ন কৰে তেওঁলোকে আমাৰ সামাজিকীকৰণৰ ধাৰণাটো লৈ এক নতুন চিন্তাৰ অৱতাৰণা কৰে। সামাজিকীকৰণৰ অধিক ব্যাখ্যাই সামাজিকীকৰণৰ ‘পৰিৱৰ্তনশীল মতাদৰ্শ’ৰ যুক্তিৰ দ্বাৰা পৰিচালিত কৰা হৈছিল। সৰু ল’ৰা-ছোৱালীয়ে নিজে এটাই আনটোক সামাজিকীকৰণ কৰা ব্যৱস্থাটোকে তেওঁলোকে ‘সংলাপীয় আদর্শ’টোক অধিক প্রাধান্য দিয়ে।

যিবিলাকে সমগোট সামাজিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁলোকে শিশুৰ ব্যক্তিগত চাৰিত্ৰিকগত বৈশিষ্ট্যৰ পৰিৱৰ্তে শিশু তথা সৰু ছোৱালীৰ মাজত হোৱা কথা-বাৰ্তাক অধিক গুৰুত্ব দি ‘লিংগ সম্বন্ধীয় বিষয়টো অধ্যয়ন কৰে। সমগোট সামাজিকীকৰণৰ গৱেষণাত পোৱা এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল সৰু ল’ৰা-ছোৱালীৰ খেলৰ যৌন পৃথকীকৰণৰ প্ৰকৃতি বা স্বভাৱ। তিনি বছৰীয়া এজন ল’ৰা বা এজনী ছোৱালীয়ে উভয়ে আৰম্ভণিৰ অৱস্থাত সমলিংগৰ খেলৰ লগৰীয়াকে অগ্ৰাধিকাৰ দিয়ে। এই অগ্ৰাধিকাৰটো বিভিন্ন সংস্কৃতিৰ মাজত বিচাৰি পোৱা যায় ; যিটো নেকি প্রাপ্তবয়স্কৰ দ্বাৰা প্ৰভাৱিত নহয় আৰু ই সাধাৰণতে কৈশোৰ কাললৈ বিয়পি থকাও দেখা যায়। যদিও প্রথমতে এই অগ্ৰাধিকাৰটো ছোৱালীৰ ক্ষেত্ৰতহে দেখা গৈছিল; ল’ৰাবোৰে ছোৱালীতকৈ সাধাৰণতে লিংগ পৃথকীকৰণলৈ অধিক কঠোৰ হোৱা দেখা যায় আৰু প্রাপ্তবয়স্কৰ লগতো কথা-বতৰা পতাৰ ক্ষেত্ৰত সংকোচ কৰা পৰিলক্ষিত হয়। ইয়াৰ ফলাফল হিচাপে ল’ৰা-ছোৱালীয়ে যে সমলিংগ গোটৰ পৰা এজন পুৰুষ বা এজন ল’ৰা আৰু এজনী নাৰী বা এজনী ছোৱালীক কেনেদৰে বুজাব পাৰি তাক বুজি উঠে। 

১৯৯৯ চনত ষ্ট’কৱাৰ্ডে ইয়াক শৈশৱ কালৰ এক ধর্মীয় বিশ্বাস বুলি অভিহিত কৰিছিল। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বাগৰি যোৱা, এক ধৰণৰ খেল, বিভিন্ন ক্রিয়া কলাপ, বিভিন্ন নীতি-নিয়ম ইত্যাদি। এইটো প্রাপ্তবয়স্কসকলৰ দ্বাৰা সহজে প্রভাৱিত নহয়। এইক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ বাবে কেতবোৰ সঠিক অৱদান আছে সেইবোৰৰ বিপক্ষে যিবোৰে সিহঁতক ভংগ কৰে তথা বিৰোধ কৰে।

এটা গৱেষণাত লিংগ পৃথকীকৰণ খেলৰ সন্দৰ্ভত ব্যাখ্যা প্ৰকাশ এনেদৰে যে, ল’ৰা আৰু ছোৱালীয়ে বিভিন্ন ধৰণেৰে খেলে, আৰু সেয়েহে তেওঁলোক কাৰ খেলৰ ধৰণ প্ৰায় বহুখিনি একে বা সদৃশ হয় তাক সক্রিয়ভাৱে অনুসন্ধান কৰিব পাৰে (ষ্ট’কৱাৰ্ড ১৯৯৯)। এইক্ষেত্ৰত ছোৱালীবোৰে নিৰ্দিষ্টকৈ অন্য এজনী বা দুজনী ছোৱালীৰ সৈতে নলে গলে লগা বন্ধুত্ব স্থাপন কৰা দেখা যায়। তেওঁলোকে কথা-বতৰা আৰু মনোভাবৰ সন্মতিৰ জৰিয়তে এইভাব প্রকাশ কৰিব বিচাৰে। অন্যহাতে ল’ৰাবোৰে এটা বৃহৎ গোটত অন্তর্ভুক্তি হৈ বিভিন্ন ধৰণৰ কঠিন ক্রিয়াকলাপত অংশগ্রহণ কৰিব বিচাৰে যিটোৱে নেকি বহুত সময় তাত ঠাই লয়; আৰু সাধাৰণতকৈ দুঃসাহসিক তথা ভয়ানক হয় (ষ্ট’কৱাৰ্ড ১৯৯৯) ১৯৯৯ চনত ষ্টকৱাৰ্ডে এটা ব্যাখ্যাত কৈছিল যে, “ল’ৰা-ছোৱালী উভয়ে তেওঁলোকৰ কথা-বতৰাৰ দ্বাৰা আনক প্ৰভাৱিত কৰা দেখা যায়, আৰু সাধাৰণতে এইটো তেওঁলোকৰ বিভিন্ন ধৰণেৰে উবায়েৰে কৰা দেখা যায়। আন এক ক্ষেত্ৰত ছোৱালীবোৰে ল’ৰাবোৰতকৈ, ছোৱালীবোৰক সহজেই সফলভাৱে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে মেক’বিমে ১৯৯০ চনত ব্যাখ্যা আগবঢ়াইছিল যে, ছোৱালীবোৰে ইচ্ছাকৃতভাৱে ল’ৰাবোৰক পৰিহাৰ কৰে। আনহাতে এইক্ষেত্ৰত অৰ্থাৎ ল’ৰা-ছোৱালীক পৰিহাৰ কৰাৰ ক্ষেত্ৰত এই তত্ত্বটো কমকৈ সফল হোৱা দেখা যায়। আৰু এক ব্যাখ্যা অনুসৰি, সেই সমনীয়া দল স্বীকৃতি দিয়াটো প্রয়োজনীয় তথা গুৰুত্বপূৰ্ণ, যেনে অভিভাৱকসকলৰ তাৎপৰ্যপূৰ্ণভাৱে লিংগ চৰিত্ৰকৰণক প্ৰভাৱিত কৰে। অভিভাৱকৰ ছোৱালীতকৈ ল’ৰাৰ প্রতি এক ঋণাত্মক প্রত্যাশা আৰু ভাবমূৰ্তি থকা দেখা যায়। 

তদুপৰি সমনীয়া দল সামাজিকীকৰণেও ছোৱালীয়ে ল’ৰাৰ নিচিনা আচৰণ কৰাতকৈ ল’ৰাই ছোৱালীৰ আচৰণ প্ৰদৰ্শন কৰাত অধিক শাস্তি দিয়া পৰিলক্ষিত হয়। যেতিয়া ছোৱালীয়ে ল’ৰাৰ নিচিনা আচৰণ কৰা দেখা যায় তেতিয়া ‘টমৱয়’ শব্দটো সাধাৰণতে কেতিয়াবা দুর্লভভাৱে ব্যৱহাৰ কৰা হয়; যদিও আনকি ইয়াক বিস্তৃত ৰূপত জনা যায়; অন্যহাতে ‘ছিছি’ শব্দটো বিস্তাৰিত ৰূপত প্ৰয়োগ কৰা হয় যদিও ল’ৰাই ছোৱালীৰ নিচিনা আচৰণ প্ৰদৰ্শন কৰে, ইয়াক এইক্ষেত্ৰত প্ৰায়ে ক্রমাগতভাৱে ঋণাত্মক দিশত ধাৰণা কৰি লোৱা হয়। (Thorne, 1993), as edited in Wharton, 2005) পৰিশেষত হোৱাৰটনে এনেদৰে প্ৰকাশ কৰিছিল যে, “এক গতৰ লিংগ সামাজিকীকৰণ স্পষ্ট কৰাৰ কাৰণে ছোৱালীবোৰে ল’ৰাবোৰতকৈ কম চাপৰ বোজা সহ্য কৰিব পাৰে, আৰু ছোৱালীবোৰে ল’ৰাতকৈ সহজেই লিংগৰ পৰিসীমা অতিক্রম কৰে। অন্যলিংগৰ সৈতে যেতিয়া ছোৱালীবোৰে বিভিন্ন কার্যকলাপ বা খেলত অংশগ্রহণ কৰে তেতিয়া ল’ৰাবোৰতকৈ কমকৈ ঋণাত্মক মনোযোগ আকর্ষণ কৰে। সংবাদ মাধ্যম আৰু সামাজিকীকৰণ অভিভাৱক আৰু উচ্চ বংশজ লোকসকলৰ মতে, যেনে— টেলিভিছন (দূৰদৰ্শন, কম্পিউটাৰ গেমছ আৰু সাহিত্য আদিবোৰেও ল’ৰা আৰু ছোৱালী উভয়ৰে কাৰণে লিংগ সম্বন্ধীয় এক প্রকৃত আৰু সুস্পষ্ট ধাৰণা লোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। গৱেষণাত প্ৰকাশ হৈছে যে সৰু ল’ৰা-ছোৱালীৰ কিতাপবোৰে এইক্ষেত্ৰত ল’ৰা-ছোৱালীৰ মাজত লিংগ বিভেদ সম্বন্ধীয় চৰিত্ৰবোৰ মষিমূৰ কৰাত বহুলাংশে অৰিহণা আগবঢ়ায়; আৰু এই সম্বন্ধীয় কিতাপবিলাক পুথিভঁড়াল আৰু কিতাপৰ দোকানবোৰত সহজতে, উপলব্ধ হয়। 

এই বিষয়ত এই প্রাথমিক গ্রন্থসমূহে ছোৱালীবোৰক পৰম্পৰাগতভাৱে লিংগ সম্বন্ধীয় প্ৰকৃত আৰু সুস্পষ্ট ধাৰণা দিয়ে ঘৰুৱা কিছুমান কাম আৰু পৰামৰ্শৰ জৰিয়তে। উদাহৰণস্বৰূপে, চালে দেখা যায় যে ল’ৰাবোৰে যেতিয়া বিস্তৃত পৰিসৰত সিঁচৰতি হৈ থকা কিছুমান কার্যত তথা ক্রিয়া-কলাপত জড়িত হৈ থাকে; ইয়াৰ উপৰিও যেতিয়া তেওঁলোকে ঘৰুৱা কিছুমান জড়িত হৈ দেখুওৱা যেনে— ৰন্ধন কার্য ইত্যাদি আৰু যেতিয়া ল’ৰাবোৰে বিভিন্ন বাহ্যিক কার্যকলাপ তথা বস্তু সজা কার্যত জড়িত হৈ থাকে, এনেদৰেও বিভিন্ন ক্ষেত্ৰত ছোৱালীসমূহে লিংগসম্বন্ধীয় প্রকৃত বাস্তৱ ধাৰণা আৰু নিদৰ্শন লাভ কৰিবলৈ সক্ষম হ’ব পাৰে। 

দূৰদৰ্শনৰ যোগেদি প্ৰচাৰ কৰা কিছুমান বিস্তৃত কাৰ্যসূচীৰ ক্ষেত্ৰতো তাৎপর্যপূর্ণভাৱে অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত ল’ৰাসকলৰ প্ৰতি বা পুৰুষৰ প্রতি পক্ষপাতমূলক আচৰণ প্ৰদৰ্শন কৰা দেখা যায়। এইক্ষেত্ৰত ১৯৯০ চনৰ এক গৱেষণামূলক সমীক্ষাত প্ৰকাশ পোৱা মতে মহিলাৰ চৰিত্ৰতকৈ পুৰুষ চৰিত্ৰৰ সংখ্যা বহু তাকৰ, মহিলাৰ চৰিত্ৰবোৰ সাধাৰণতে পুৰুষ চৰিত্ৰতকৈ কম বয়সৰ হয়, আৰু এইক্ষেত্ৰত কৰ্মচাৰী হিচাপে পুৰুষৰ চৰিত্ৰতকৈ মহিলা চৰিত্ৰই অধিক প্রাধান্য পোৱা দেখা যায় আৰু অধিকভাৱে বর্ণিত হোৱা দেখা। যায়। এট্‌কিমৰ দূৰদৰ্শনৰ ৫০০ খনতকৈও অধিক অনুষ্ঠান সম্পর্কে আগবঢ়োৱা প্রতিবেদনত দেখা যায় যে “পুৰুষ চৰিত্ৰতকৈ মহিলাৰ চৰিত্ৰৰ প্ৰাধান্যই ইয়াকে বুজায় যে, এইক্ষেত্ৰত আমাৰ অনুষ্টুপীয়া জ্ঞান-বুদ্ধিৰ বিকাশ ঘটাই এই বিষয়ত এক সুস্পষ্ট আৰু সুনির্দিষ্ট ধাৰণা প্ৰকাশ কৰি লিংগ সামাজিকীকৰণ আয়ত্ব কৰিব পাৰিব লাগিব” (As cited in Burns, 1996, p-15)। 

আজিকালি বাণিজ্যিক ক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষৰ মাজত খুব কমকৈ পুৰুষ কণ্ঠই ভুমুকি মৰা দেখা যায় আৰু পুৰুষ আৰু নাৰীৰ চৰিত্ৰই বৈষম্যমূলক ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। গৱেষকসকলে ধাৰণা আগবঢ়াইছে যে যেতিয়া ল’ৰা-ছোৱালীয়ে হাইস্কুলীয়া শিক্ষা অতিক্রম কৰে তেতিয়া সাধাৰণতে দেখা যায় যে তেওঁলোকে শ্ৰেণীকোঠাত উপস্থিত থকাতকৈ দূৰদৰ্শন বা টেলিভিছনৰ সন্মুখত অধিক সময় অতিবাহিত কৰে (David 1991, as cited in Barns, 1996)। এইখিনিতে সহপাঠ্যক্রমিক অধ্যয়নত প্ৰকাশিত হৈছে যে যিবিলাক ল’ৰা-ছোৱালীয়ে টেলিভিছন বা দূৰদৰ্শনৰ আগত অধিক সময় কটায় সাধাৰণতে তেওঁলোকৰ যৌনতা সম্বন্ধে অধিক লিংগ বিভেদকৰণৰ মনোভাব থকা দৃষ্টিগোচৰ হয়। আন বিভিন্ন অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি এনেক্ষেত্ৰত টেলিভিছনৰ কিছুমান অনুষ্ঠানেও তেওঁলোকৰ ব্যক্তিগত বাছনি, কেৰিয়াৰ সম্বন্ধীয় আশা-আকাংক্ষা আৰু নিজস্ব স্বকীয়তাতো প্ৰভাৱ পেলায়।

9. Discuss about the reference of the concept of public private divide.

Ans: সাম্প্রতিক সময়ত উদাৰীকৰণ, ব্যক্তিগত কৰণ আৰু বিশ্বায়ন বা LPGৰ যুগত পুৰুষ-মহিলাৰ কর্মক্ষেত্ৰত এক আমূল পৰিৱৰ্তন সংঘটিত হৈছে। আন্তঃৰাষ্ট্ৰীয় পর্যায়ত মানৱীয় অধিকাৰসমূহৰ সফল ৰূপায়ণৰ বাবে গ্ৰহণ কৰা যাৱতীয় পদক্ষেপসমূহ বিশ্বৰ প্ৰতিখন গণতান্ত্রিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিধিগত ব্যৱস্থাত পূর্ণপ্রতিফলন ঘটা দেখিবলৈ পোৱা যায়, যিবিলাকে নেকি পুৰুষ-মহিলাৰ মাজৰ ব্যৱধানসমূহ দূৰীকৰণত অৱদান যোগাইছে। এনেদৰে পুৰুষ-মহিলাৰ মাজৰ ব্যৱধানৰ সংকোচনে তেওঁলোকৰ কামৰ পৰিধিত সামঞ্জস্যতা আনি দিছে। এনে এক অৱস্থাৰ প্ৰেক্ষাপটত ৰাজহুৱা-ব্যক্তিগত পৰ্যায়ৰ বিভাজনৰ অৱধাৰণাটো সম্পূর্ণৰূপে অপ্রাসংগিক হৈ পৰাৰ উপক্ৰম হৈ পৰিছে।

নাৰীবাদী দর্শন অনুসৰি পুৰুষৰ তুলনাত মহিলাসকল কোনো গুণে কম নহয়। সেয়েহে মহিলাসকলক “দ্বিতীয় শ্ৰেণীৰ নাগৰিক” (“Second Class Citizen”) বুলি বিবেচনা কৰাতো অযুক্তিকৰ আৰু অপ্ৰাসংগিক দৈহিক অৱয়বৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ মাজত প্রভেদ থাকিলেও মহিলাসকলে পুৰুষৰ সমান্তৰালভাৱে শাৰীৰিক শক্তি বৌদ্ধিক চিন্তা-চৰ্চা কৰিব পৰা শক্তি লাভ কৰিছে। কিন্তু তেনেস্থলত মহিলাসকলৰ ওপৰত পুৰুষসকলৰ দ্বাৰা চলাই অহা শোষণ, নিষ্পেষণ বনা আদি পিতৃতান্ত্রিক সমাজৰ আঁসোৱাহ পূৰ্ণ চিন্তাধাৰা সমূহক পৰিৱৰ্তন সাধন কৰাই নাৰীবাদী দৰ্শনৰ অন্যতম প্রধান লক্ষ্যৰূপে গণ্য কৰা হয়।

সূক্ষ্মভাৱে চালে দেখা যায় ঊনবিংশ শতিকাৰ আদিভাগৰ পৰাই বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ মহিলাসকলে পুৰুষৰ সমান্তৰালভাৱে বিভিন্ন কর্মক্ষেত্ৰত নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰা এইটো অনুমেয় যে মহিলাৰ কৰ্মৰ ক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ যি বিভাজন সেয়া বহুলাংশে নোহোৱা হৈ পৰিল। আমেৰিকা, ইংলেণ্ড, ফ্রান্স, কানাডা আদি ৰাষ্ট্ৰসমূহত মহিলাসকলে ভোটাধিকাৰ (Right to Vote) লাভৰ জৰিয়তে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰাটোৱে পুৰুষ-মহিলাৰ মাজৰ ৰাজহুৱা-ব্যক্তিগত পর্যায়ৰ যি বিভাজন সেয়া নোহোৱাটোকে সূচিত কৰে। অনুৰূপ ধৰণে, ৰাছিয়াৰ মহিলাসকলৰ উত্তৰণৰ ক্ষেত্ৰত বিপ্লৱী নেত্ৰী লেৰিছা ৰেইছনা (Larisa Reisner)ৰ প্ৰচেষ্টাত গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ ফলশ্রুতিতেই ১৯২০ চনত ৰাছিয়াৰ মহিলাসকলক চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাৰ অধিকাৰ “Civil Marriage Registration Act 1920” প্রদান কৰা হৈছিল। 

ৰাজহুৱা ব্যক্তিগত পৰ্যায়ৰ বিভাজনৰ পৰিসমাপ্তিৰ ইয়ো আন এক সুন্দৰ নিদর্শন। পৰিয়ালৰ আবেষ্টনীত থাকি পৰিয়ালৰ বাবে ৰন্ধা-বঢ়াৰ কাম, সন্তান জন্ম দিয়া কাম, লালন-পালন কার্যত নিয়োজিত হৈ থকা মহিলাসকলে ৰাজপথলৈ ওলাই আহি পাৰিবাৰিক দাসত্ব জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আন্দোলনৰ পথ বাচি লোৱাৰ সময়তে বহু ইউৰোপীয়ান মহিলাই বিভিন্ন ধৰণৰ ৰাজহুৱা পৰ্যায়ৰ কৰ্মত নিয়োজিত হ’বলৈ সক্ষম হৈছে। ইয়াৰ পৰাই অনুমেয় যে ইউৰোপীয়ান মহিলাসকলে ব্যক্তিগত অর্থাৎ পাৰিবাৰিক কাম কাজত সীমাবদ্ধ নাথাকি ৰাজহুৱা অর্থাৎ সামাজিক পৰ্যায়ৰ বহু কাম-কাজতে অংশগ্ৰহণ কৰি অভূতপূর্ব সফলতা আৰ্জন কৰিবলৈ সক্ষম হৈছে।

তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বেলিকা মন কৰিলে দেখা যায় যে প্ৰাক্ স্বাধীনতা কালৰে পৰা এই ৰাষ্ট্ৰবিলাকত পিতৃতান্ত্রিক সমাজ ব্যৱস্থা, ধর্মীয় গোড়ামি, জাতিভেদ প্রথা, বর্ণ বৈষম্য আদি কু প্রথাবিলাকে মহিলাসকলৰ জীৱন অন্ধকাৰচ্ছন্ন কৰি তুলিছিল। কিন্তু সম্প্রতি আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰ ব্যৱস্থাত মহিলাসকলে পুৰুষৰ সমানে সমানে প্ৰতিটো দিশতে অংশগ্রহণ আৰু সহযোগ কৰিবলৈ সক্ষম হৈছে। ভাৰত, পাকিস্তান, নেপাল, ভূটান, শ্রীলংকা, বাংলাদেশ আদিৰ দৰে ৰাষ্ট্ৰবিলাকত মহিলাসকলে আর্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কার্যকলাপ সমূহত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰি সমমর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। এনেদৰে মহিলাসকলে ৰাজহুৱা-ব্যক্তিগত উভয় কর্মক্ষেত্রতে ফলপ্রসুভাৱে সহযোগিতা আগবঢ়াই মহিলা শক্তি (Women’s Force) ক বাস্তৱক্ষেত্ৰত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত সাম্প্ৰতিক সময়ত ৰাজহুৱা ব্যক্তিগত বিভাজনৰ অৱধাৰণাটো অপ্ৰাসংগিক হৈ পৰা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

10. Discuss about the sexual division of labour in the context of rural and urban India.

Ans: ভাৰতত শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সামান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্রাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে। সেয়ে ওপৰত উল্লিখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব। অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ। ইয়াত জাতি, ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান। ইয়াত শ্রেণী, জাতি, ধর্ম, নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব আগবঢ়োৱাটো সম্ভৱ নহয়। তথাপি আমি Madhu Kishwar আৰু Ruth Vanitaৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

গ্ৰাম্য ভাৰতত লিংগভিত্তিক বিভাজন:

ভাৰতত অধিকাংশ লোকেই গাঁৱত বাস কৰে আৰু ফলত অধিকাংশ মহিলাই গাঁৱত বাস কৰে। ভাৰতৰ অধিকাংশ নাৰীয়েই সাধাৰণ কৃষক অথবা ভূমিহীন কৃষক শ্রমিক পৰিয়ালৰ। দেশখনত, বিশেষকৈ নাৰীৰ মাজত শিক্ষাৰ হাৰ দুখলগাকৈ কম। ইয়াত বেছিভাগ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বা সামান্য ওপৰত বাস কৰে। ফলত এওঁলোকৰ জীৱনটো জীৱন ধাৰণৰ ন্যূনতম প্রয়োজন যেনে— খাদ্য, ইন্ধন আৰু পানীৰ সন্ধানতে পাৰ হয়। যদিও আজিকালি বহু নাৰীয়ে কৃষক শ্রমিকৰ বৃত্তি এৰি দিছে তথাপিও বুজনসংখক নাৰী কৃষিভিত্তিক শ্রমৰ সৈতে জড়িত। 

এই গ্রাম্য নাৰীসমাজৰ মাজত প্ৰকৃত স্বাধীনতা, মুক্তি আৰু আত্মবিশ্বাসৰ বাৰুকৈয়ে অভাৱ। তেওঁলোকৰ সামাজিক অৱস্থা আৰু উৎপাদনৰ ওপৰত কোনো আধিপত্য নাথাকে। পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলোৱাকৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা এওঁলোক বঞ্চিত। অৱশ্যে সকলো ভাৰতীয় নাৰীয়েই পাশ্চাত্য সভ্যতাৰ দৰে সম্পূর্ণৰূপে স্বাধীনতা হেৰুৱাব লগা নহয়। খ্রীষ্টান ধৰ্মত থকাৰ দৰে ভাৰতত ধর্ম অথবা নীতিৰ ক্ষেত্ৰত দ্বিতীয় নাগৰিকৰ দৰে মর্যাদা পাব লগা নহয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এওঁলোকৰ অৱস্থা প্রাচীন অথবা আধুনিক পাশ্চাত্য সমাজৰ নাৰীতকৈ ভাল আছিল। ঘৰ চলোৱা আৰু সন্তানৰ পালনৰ সকলো দায়িত্ব এতিয়াও নাৰীৰ ওপৰতে জাপি দিয়া হয়। ঘৰৰ সকলো গেবাৰি নাৰীৰ ৰাজহুৱা দায়িত্ব। উপযুক্ত পৰিয়াল পৰিকল্পনাৰ অভাৱত অন্যান্য ঘৰুৱা কাৰ্যৰ লগতে নাৰীয়ে বাৰম্বাৰ গৰ্ভধাৰণৰ সমস্যাত ভুগিব লগা হয়। তথাপিও নাৰীৰ এনে কঠোৰ কৰ্মৰাজিকো নাৰীৰ সাধাৰণ স্বাভাৱিক কর্ম হিচাপে চোৱা হয় আৰু ইয়াকেই নাৰীৰ ভাগ্য আখ্যা দিয়া হয়। গোটেই বিশ্বাস ভবাৰ দৰে নাৰীক ঘৰুৱা কৰ্মৰাজিক উৎপাদনশীল বুলি গণ্য কৰা নহয় আৰু সামাজিক মর্যাদাৰ পৰাও এনে কর্মই বঞ্চিত হ’ব লগা হয়। ইয়াৰ বিপৰীত নাৰীৰ কামক সমাজৰ বাবে লেতেৰা আৰু বীতিগতভাৱে অস্পৃশ্য জ্ঞান কৰা হয়। গ্ৰাম্য ভাৰতত নাৰীয়ে পুৰুষতকৈ অধিক কৰ্ম সম্পাদন কৰে। তাৰোপৰি গ্ৰাম্য সমাজৰ মাটিবিহীন শ্রমিক পৰিয়ালৰ নাৰীসকলে তেওঁলোকৰ স্থানীয় কর্মদাতাৰ যৌন নিষ্পেষণ বলি হ’ব লগা হয়।

আন এটা উল্লেখযোগ্য দিশ হ’ল— ভাৰতৰ গ্ৰাম্য সমাজত নাৰীয়ে অতি প্রতিকূল পৰিৱেশত ঘৰুৱা কৰ্ম সম্পাদন কৰিব লগা হয়। তাৰোপৰি তেওঁলোক একেৰাহে লেতেৰা, প্ৰদূষিত পানী আৰু সেমেকা পৰিৱেশত থাকি কৰ্ম কৰিব লগা হোৱাত ইয়াৰ প্ৰভাৱ নাৰীৰ শৰীৰতো পৰে। 

পৰিয়াল আৰু সামাজিক সম্পদৰ ওপৰত নাৰীৰ নিয়ন্ত্রণ নথকা বিষয়তো উন্নয়নৰ প্ৰক্ৰিয়াটো প্রতিফলিত হয়। উদাহৰণস্বৰূপে ধনী কৃষক শ্ৰেণীৰ অধিক আয়খিনি পৰিয়ালৰ পুৰুষ সদস্যজনৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে ব্যয় কৰা হয়। কিন্তু পৰিয়ালত নাৰীৰ সুবিধাৰ বাবে এটা পৰিষ্কাৰ গা-ধোৱা ঘৰ অথবা টয়লেট ব্যৱস্থাকো অৱহেলা কৰা হয়। যদিও আয়ৰ পৰিমাণ অধিক হোৱা বাবে নাৰীয়ে কৃষিগত শ্ৰমৰ পৰা ৰেহাই পায়, তথাপিও ই নাৰীক ঘৰতে আৱদ্ধ হৈ পৰা বন্দীহে কৰি তোলে।

শেষৰ শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ আন এটা প্রধান দিশ হ’ল সমাজ ব্যৱস্থাত থকা পতিতালয়ৰ ধাৰণা। বহু নিম্ন বংশত নাৰীয়ে ইয়াক অর্থনৈতিক বিভাজনৰ কাৰক হিচাপে ধৰি ল’লে। এনে অৱস্থাত নাৰীয়ে শৰীৰ গোটেই পৰিয়ালৰে ভৰণ-পোষণৰ মাধ্যম হৈ পৰে।

ভাৰতৰ নগৰাঞ্চলত শ্ৰমৰ লিংগভিত্তিক বিভাজন:

যদিও ভাৰতৰ চহৰীয়া জীৱনত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ বিষয়ে অধিক তথ্য পোৱা যায়, তথাপিও এক পদ্ধতিমূলক তথ্য সংগ্ৰহৰ মাধ্যমেদি ইয়াৰ ওপৰত বিশ্বাসযোগ্য মন্তব্য প্রদান কৰাৰ সময় আহি পৰিছে।

শিক্ষিত আৰু উচ্চ বংশজাত পৰিয়ালত নাৰীক এটা স্বাধীন কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা নহয়। ফলত আমি এনে বহু মহিলা পাব পাৰো যি চিকিৎসা বিভাগৰ স্নাতকোত্তৰ হৈও এটা সম্পূর্ণ গৃহিণীৰ জীৱন কটাই থাকিব লগাত পৰিছে। এনে পৰিয়ালত নাৰীৰ দক্ষতা আৰু পাৰদৰ্শিতা উলাই কৰা হয় আৰু তেওঁলোকক এটা সজ্জিত পুতলাৰ জীৱন উপহাৰ দিয়া হয়। নিয়োজিত শিক্ষিত মহিলাৰ ক্ষেত্ৰত এওঁলোকে সাধাৰণতে নাৰ্ছ, শিক্ষক, কেৰাণী, টাইপিষ্ট, বিচিপচনিষ্ট আদি চাকৰিতে সীমাবদ্ধ। যদিও নাৰীয়ে এনে কর্মক্ষেত্ৰত কঠিন কাম সম্পাদন কৰিব লগা হয়, তথাপিও এওঁলোকৰ কামক সদায় দ্বিতীয় পর্যায়ত হিচাপে গণ্য কৰা হয়। তাৰোপৰি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে নাৰীয়ে একোটা স্বাধীন কেৰিয়াৰ বাছি লোৱাৰ ক্ষেত্ৰতো তেওঁলোক বাৰে বাৰে অৱহেলিত হ’ব লগা হয়।

এটা কথা উল্লেখনীয় যে নাৰীৰ যি ধৰণৰে কাৰিকৰী বিদ্যা নাথাকক কিয় তেওঁলোকক সদায়ে নিম্ন কৌশলৰ প্ৰয়োজন থকা কর্মতহে নিযুক্তি দিয়া হয়। যদিও সংবিধানত নাৰীৰ বাবে বহুখিনি সুবিধা (প্ৰসৱকালীন ছুটী আদি) আছে, তৎসত্বেও 

চাকৰিৰ সুযোগ অথবা পদোন্নতিৰ ক্ষেত্ৰত এইবোৰক নাৰীৰ বিপৰীতেহে ব্যৱহাৰ কৰা হয়। চাকৰিয়াল নাৰীয়ে সদায়ে পুৰুষ শাসিত পৰিৱেশৰ মাজত সংকোচিত আৰু ব্যক্তিত্বহীন জীৱন কটাব লগা হয়। নাৰীৰ কৰ্মৰ সাৰ্বজনীন মূল্যহীনতাৰ ধাৰণাই নাৰীক পুৰুষসকলক নাৰীৰ বিৰুদ্ধে লঘু মন্তব্য আৰু নিষ্পেষণ কৰিবলৈ প্ৰেৰণা দিয়ে। গ্রাম্য সমাজৰ দৰেই শিক্ষিত চহৰীয়া সমাজতো নাৰীয়ে নিজৰ আয়ৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

আনহাতে চহৰীয়া দুখীয়া আৰু অশিক্ষিত সমাজতো নাৰীয়ে সমানেই প্রতিকূল পৰিৱেশত জীৱন অতিবাহিত কৰিব লগা হয়। যিসকলে সম্পূৰ্ণৰূপে এটা গৃহিণীৰ জীৱন কটাব লগা হয়, তেওঁলোকে গ্ৰাম্য তিৰোতাৰ দৰেই এটা অস্বাস্থ্যকৰ পৰিৱেশত কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। প্ৰকৃততে এওঁলোকৰ অৱস্থা গ্ৰাম্য তিৰোতাতকৈও অধিক শোচনীয় হৈ পৰে কিয়নো এওঁলোকৰ আনকি পৰিষ্কাৰ পানী, বায়ু আৰু পোহৰ একোকে নাপায়। 

আনহাতে যিসকলে কর্মত নিযুক্তি হয়, তেওঁলোকেও কম বেতনত ঘৰুৱা চাকৰ আদি কাম কৰিব লগা হয়। তাৰোপৰি আন বহুতো কাৰখানা আদিত কৰ্মত নাৰীসকলে মর্যাদাহীন কৰ্মত নিজকে নিয়োগ কৰিব লগা হয়৷ আনহাতে অতি ভয়ংকৰ কথাটো হ’ল যে দুখীয়া অশিক্ষিত চহৰীয়া পৰিয়ালত পুৰুষে নিজৰ আয়ৰ অধিকাংশই চিগাৰেট, মদ আদিৰ নামত ব্যয় কৰে। ফলত সন্তানৰ পোষণ আদি কাৰ্যত নাৰীয়ে দুর্ভোগ ভুগিব লগা হয়।

আমি যদি গ্ৰাম্য আৰু চহৰীয়া পৰ্যায়ত শ্ৰমৰ লিংগভিত্তিক বিভাজনলৈ লক্ষ্য কৰো তেন্তে ভাৰতীয় নাৰীৰ নিষ্পেষিত অৱস্থা ‘সহজেই আমাৰ দৃষ্টিগোচৰ হ’ব। নাৰীক সদায় কম বেতনৰ আৰু কম কৌশলৰ কৰ্মতহে নিয়োগ কৰা হয়। তেওঁলোকৰ হাতত কোনো ধৰণৰ প্ৰশাসনিক ক্ষমতা অর্পণ কৰা নহয় ফলত কৰ্মস্থানত তেওঁলোকে বাৰুকৈয়ে যন্ত্রণা ভুগিব লগা হয়। দৈনিক মজদুৰীৰ কার্যত পুৰুষতকৈ নাৰীৰ অধিক শোষণ কৰা হয়। নাৰীক প্রাকৃতিকভাৱেই কৃষিজাত আৰু ইয়াৰ বাহিৰেও আন কৰ্মত শ্ৰমিকৰূপে ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা সকলো দায়িত্ব অর্পণ কৰা হয়। 

এনেদৰে নিজৰ দীঘলীয়া কৰ্মৰাজিৰ পাছতো নাৰীয়ে পৰিয়ালৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমগুৰুত্ব নাপায়। সমাজৰ প্ৰতিটো পৰ্যায়তে নাৰীয়ে অৱহেলিত হ’ব লগাত পৰে। উৎপাদনৰ সকলো ক্ষেত্রতে, সাংগঠনিক বা অসাংগঠনিক সকলো পৰ্যায়তে নাৰীক সস্তীয়া শ্ৰমৰ উৎস জ্ঞান কৰা হয়। এনেদৰে ভাৰতীয় সমাজত নাৰী সদা উপেক্ষিত আৰু নিষ্পেষিত হোৱাৰ বিপৰীতে এওঁলোকৰ পুৰুষৰ সৈতে থকা সম্পর্কই ওপৰত উল্লেখিত শ্রমৰ লিংগভিত্তিক বিভাজনক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে।

2 thoughts on “Feminism Theory And Practice Unit 1 Concepts in Feminism”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top