Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি

Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি Question Answer can be of great value to excel in the examination.

Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি

Join Telegram channel

Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি Notes cover all the exercise questions in UGC Syllabus. The Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Growth And Development Of Education From 1854 To 1921

EDUCATION

EDUCATION IN PRE-INDEPENDENT INDIA

প্ৰাক্ স্বাধীনতা কালৰ ভাৰতবৰ্ষৰ শিক্ষা

অতি চমু প্ৰশ্নোত্তৰ

১। উডৰ নিৰ্দেশ পত্ৰৰ সভাপতি কোন আছিল?

(Who was the president of the Woods Despatch?) 

উত্তৰঃ চাৰ চাৰ্লচউড আছিল উডৰ নিৰ্দেশ পত্ৰৰ সভাপতি।

২। কোন চনত উডৰ নিৰ্দেশ পত্ৰ কাৰ্যকৰী হৈছিল? 

(In which year the wood’s Despatch come into being?) 

উত্তৰঃ ১৮৫৪ চনত।

৩। কোনে ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰক ভাৰতীয় শিক্ষাৰ মেগ্নাকাৰ্ট আখ্যা দিছিল?

(Who termed wood’s despatch of 1854 as the Magna Carta of Indian education?)

উত্তৰঃ জেমচ (James)এ উডৰ নিৰ্দেশ পত্ৰক মেগ্নাকার্ট আখ্যা দিছিল।

৪। হান্টাৰ আয়োগৰ সভাপতি কোন আছিল? 

(Who was the Chairman of the Hunter Commission?) 

উত্তৰঃ চাৰ উইলিয়াম হাণ্টাৰ ।

৫। কোন চনত হাণ্টাৰ আয়োগ গঠন কৰা হৈছিল?

(In which year the Hunter Commission formed?) 

উত্তৰঃ ১৮৮২ চনত।

৬। প্রথম ভাৰতীয় শিক্ষা আয়োগৰ নামটো লিখা। 

(Write the name of the first Indian education Commission.) 

উত্তৰঃ হান্টাৰ আয়োগ হ’ল ভাৰতৰ প্ৰথম শিক্ষা আয়োগ।

৭। কলিকতা বিশ্ববিদ্যালয় আয়োগৰ সভাপতি কোন আছিল?

(Who was the Chairman of the Calcutta University Commission?)

উত্তৰঃ ড° মাইকেল চেদলাৰ (Dr. Michael Sadler)।

৮। কোন চনত চেদলাৰ আয়োগ গঠন কৰা হৈছিল?

(In which year the Sadler Commission was formed?) 

উত্তৰঃ ১৯১৭ চনৰ ১৪ ছেপ্তেম্বৰত।

চমু প্রশ্নোত্তৰ

১। সহায়ক-অনুদান সম্বন্ধে চমুকৈ লিখা।

(Write briefly on Grant-in-aid.) 

উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ দ্ৰুত বিকাশ সাধনৰ বাবে উডৰ প্ৰতিবেদনত চৰকাৰী সহায়ক অনুদান দিয়াৰ পৰামৰ্শ আগবঢ়ায়। অৱশ্যে এই অনুদান লাভ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহে তলত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰিব লাগিব—

(ক) চৰকাৰী নীতি-নিয়ম মানি চলিব লাগিব আৰু চৰকাৰী পৰিদৰ্শনৰ ব্যৱস্থা থাকিব লাগিব।

(খ) স্থানীয় পৰিচালনাৰ দ্বাৰা শিক্ষানুষ্ঠানসমূহ সুপৰিচালিত হ’ব লাগিব। 

(গ) ধৰ্ম নিৰপেক্ষ শিক্ষা প্ৰদান কৰিব লাগিব। উডৰ নিৰ্দেশ পত্ৰত প্ৰতিখন প্ৰাদেশিক চৰকাৰকে সহায়ক অনুদানৰ বাবে নিজস্বভাৱে নীতিনিয়ম ৰচনা কৰিবলৈ উপদেশ দিছিল।

২। ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ দুটা মূল পৰামৰ্শ উল্লেখ কৰা।

(Mention two main recommendations of wood’s Dispatch of 1854.)

উত্তৰঃ ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ দুটা মূল পৰামৰ্শ তলত উল্লেখ কৰা হল—

(ক) ভাৰতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে (On aims and objectives of Indian Education)‍: উডৰ শিক্ষা প্রতিবেদনত প্ৰথমেই ভাৰতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে স্পষ্ট কৰি তোলা হয়। এই নতুন শিক্ষা নীতিৰ উদ্দেশ্য হৈছে ভাৰতীয়সকলে যাতে ইংলেণ্ডৰ সৈতে মধুৰ সম্পৰ্ক ৰাখি কাৰ্যকৰী শিক্ষাৰ নৈতিক আৰু পার্থিব আশীৰ্বাদ লাভ কৰিব পাৰে।

(খ) চৰকাৰৰ শিক্ষা দায়িত্ব সম্বন্ধে (On education responsibility of the Government): উডৰ নিৰ্দেশ পত্ৰৰ আৰম্ভণিতে কোম্পানীক শিক্ষা বিস্তাৰৰ দায়িত্ব গ্ৰহণৰ কথা উল্লেখ কৰি কোৱা হয় যে ভাৰতৰ শিক্ষা বিস্তাৰ কৰাটো কোম্পানীৰ পবিত্ৰতম কাৰ্যৰূপে ধৰা হৈছে। দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত শিক্ষাতকৈ আন কোনো বিষয়েই চৰকাৰৰ বাবে অধিক গুৰুত্ব দাবী কৰি উঠিব নোৱাৰে।

৩। ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ যিকোনো দুটা গুণ উল্লেখ কৰা। 

(Mention any two merits of the Wood’s dispatch of 1854.) 

উত্তৰঃ ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ দুটা গুণ তলত উল্লেখ কৰা হ’ল— 

(ক) ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত উডৰ নিৰ্দেশ পত্ৰই এটা নতুন যুগৰ সূচনা কৰিছে। প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰৰ শিক্ষাৰ সকলো সমস্যা সম্বন্ধে উডৰ নিৰ্দেশ পত্রই অধ্যয়ন কৰিছিল আৰু ইয়াৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। 

(খ) উডৰ নিৰ্দেশ পত্ৰই ইংলেণ্ডৰ শিক্ষাৰ কেতবোৰ উন্নত প্ৰশাসনীয় ব্যৱস্থা ভাৰতলৈ কঢ়িয়াই আনে যাৰ ফলত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ ধৰে।

৪। ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ দুটা দোষ উল্লেখ কৰা।

(Mention two demerits of Wood’s dispatch of 1854.) 

উত্তৰঃ ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ দুটা দোষ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল

(ক) উডৰ নিৰ্দেশ পত্ৰত শিক্ষাক এটা বহল দৃষ্টিভংগীৰে চোৱা হৈছিল যদিও কার্যক্ষেত্ৰত শিক্ষা কেৱল চৰকাৰী চাকৰি লাভৰ বাবে পৰীক্ষা পাছ কৰা এটা যন্ত্ৰত পৰিণত হ’ল। জ্ঞান আহৰণৰ আহিলা হৈ নাথাকিল আৰু ইয়ে শিক্ষাৰ পৰিসৰ সীমাবদ্ধ কৰিলে।

(খ) উডৰ নিৰ্দেশ পত্ৰৰ ভিত্তিত বিশ্ববিদ্যালয় স্থাপনৰ যি প্ৰস্তাৱ লোৱা হৈছিল তাৰ আৰ্হিও আছিল সম্পূৰ্ণৰূপে বিদ্বেষী। ভাৰতীয় চৰিত্ৰ তাত নাছিল, যিটো ভাৰতীয় শিক্ষাৰ পক্ষে ক্ষতিকাৰক আছিল।

৫। গোপাল কৃষ্ণ গোখলে কোন আছিল?

(Who was Gopal Krishna Gokhle?) 

উত্তৰঃ গোপাল কৃষ্ণ গোখলে ভাৰতৰ ইমপৰিয়েল লেজিছলেটিভ কাউন্সিলৰ (Imperial legislative Council of India) এজন সদস্য আছিল। তেওঁ ভাৰতৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিবৰ বাবে প্ৰথম প্রচেষ্টা স্বৰূপে ১৯১০ চনৰ ১৯ মাৰ্চত ইমপৰিয়েল লেজিছলেটিভ কাউন্সিলত এটা প্ৰস্তাৱ উত্থাপন কৰে।

৬। সহায়ক অনুদান ব্যৱস্থা সন্দৰ্ভত হাণ্টাৰ আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendations of Hunter Commission regarding grant in aid system.) 

উত্তৰ‍ঃ  সহায়ক অনুদান ব্যৱস্থা সন্দৰ্ভত হাণ্টাৰ আয়োগৰ দুটা পৰামৰ্শ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) স্থানীয় প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সহায়ক অনুদান ব্যৱস্থাৰ সংশোধন কৰিব লাগে। 

(খ) অনুদান দিয়াৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান স্বৰূপে বৈষম্যমূলক মনোভাৱ গ্ৰহণ কৰিব নালাগে।

৭। প্ৰাথমিক শিক্ষা সম্বন্ধে হান্টাৰ আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendations of Hunter Commission on primary education.)

উত্তৰঃ প্রাথমিক শিক্ষা সম্বন্ধে হাণ্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহৰ ভিতৰত দুটা তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) সৰ্বসাধাৰণ লোকৰ উপযোগিকৈ শিক্ষা বিস্তাৰ কৰাটোহে প্রাথমিক শিক্ষাৰ উদ্দেশ্য হ’ব লাগে, উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰাটো ইয়াৰ উদ্দেশ্য নহয়। 

(খ) প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে।

৮। মাধ্যমিক শিক্ষাৰ প্ৰশাসনীয় দিশৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention two recommendation of Hunter Commission on administration reform of Secondary education.) 

উত্তৰঃ মাধ্যমিক শিক্ষাৰ প্ৰশাসনীয় দিশৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে ক্ৰমাগতভাৱে মাধ্যমিক স্কুল পৰিচালনাৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে। এই দায়িত্ব স্থানীয় শিক্ষা সংস্থাক প্রদান কৰিব লাগে।

(খ) যিবোৰ অঞ্চলত স্থানীয় লোক দৰিদ্ৰ আৰু পিছপৰা সেইসকল লোকৰ হিত সাধনৰ বাবে তেনে স্থানত চৰকাৰে মাধ্যমিক স্কুল স্থাপন কৰিব লাগে ৷

৯৷ মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধনৰ দিশত হাণ্টাৰ আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention two recommendation of Hunter Commission on improvement of qualitative standard of Secondary education.) 

উত্তৰঃ মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধনৰ দিশত হাণ্টাৰ আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) ভাৰতীয় শিক্ষা আয়োগে মজলীয়া স্কুলৰ শিক্ষাৰ মাধ্যম সম্বন্ধে কোনো স্পষ্ট পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকে।

(খ) মজলীয়া স্কুলৰ ক্ষেত্ৰত মত প্ৰকাশ কৰে যে স্কুলৰ স্থানীয় প্রশাসকসকলে স্থানীয় পৰিস্থিতি অনুসৰি এই সম্বন্ধে সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা থাকিব লাগে।

১০। উচ্চ শিক্ষা সন্দৰ্ভত হান্টাৰ আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention any two recommendations of the Hunter Commission on higher education.)

উত্তৰঃ ১৮৮২ চনৰ হান্টাৰ আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৱলীৰ ভিতৰত দুটা তলত উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ পৰা যিমান সোনকালে সম্ভৱ আঁতৰি আহিব লাগে। 

(খ) মহাবিদ্যালয়ৰ শিক্ষকৰ সংখ্যা, ব্যয়ৰ পৰিমাণ, শিক্ষানুষ্ঠানৰ দক্ষতা, স্থানীয় প্রয়োজন আদিৰ ওপৰত ভিত্তি কৰিহে একোখন মহাবিদ্যালয়ক দিয়া সহায়ক অনুদানৰ পৰিমাণ নিৰ্দিষ্ট হ’ব।

১১। ১৯০২ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠনৰ দুটা উদ্দেশ্য উল্লেখ কৰা। 

(Mention two objectives of formed of University Education Commission, 1902.)

উত্তৰঃ ১৯০২ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠনৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল—

(ক) ইংৰাজে ভাৰতত স্থাপন কৰা বিশ্বৱিদ্যালয়বোৰৰ অৱস্থা আৰু ইয়াৰ ভৱিষ্যত সম্ভাৱনীয়তা সম্বন্ধে অধ্যয়ন কৰা।

(খ) বিশ্ববিদ্যালয় কেইখনৰ সংগঠন আৰু ইয়াৰ কাম-কাজখিনি উন্নত কৰি তোলাৰ ব্যৱস্থা কৰা৷

১২। ১৯০২ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention any two recommendations of University Education commission of 1902.) 

উত্তৰঃ ১৯০২ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ পৰামৰ্শসমূহৰ ভিতৰত দুটা তলত উল্লেখ কৰা হ’ল—

(ক) প্রত্যেক বিশ্ববিদ্যালয়ৰ পৰিসৰ নিৰ্ধাৰণ কৰি দিব লাগে আৰু নতুনকৈ কোনো বিশ্ববিদ্যালয় স্থাপন কৰিব নালাগে।

(খ) সংবিধানৰ আধাৰত বিশ্ববিদ্যালয় কেইখনত শিক্ষাদানৰ সুবিধা প্ৰদান কৰিব লাগে ৷ 

১৩। ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনত উল্লেখ থকা যিকোনো দুটা উচ্চ শিক্ষাৰ ত্রুটি উল্লেখ কৰা।

(Mention any two defects of higher education mentioned in University Act 1904.)

উত্তৰঃ ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনত উল্লেখ থকা দুটা উচ্চ শিক্ষাৰ ত্রুটি হ’ল— 

(ক) উচ্চ শিক্ষাৰ লক্ষ্য কেৱল চাকৰি পোৱাটো হৈ উঠা বাবে ইয়াৰ পৰিসৰ সংকীৰ্ণ হৈ পৰিছে। 

(খ) পৰীক্ষাৰ ওপৰত অধিকভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

১৪। প্রাথমিক শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ উল্লেখ কৰা।

(Mention any two resolution on primary education of government resolution on educational policy 1913.) 

উত্তৰঃ প্রাথমিক শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ তলত উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে প্ৰশাসনিক আৰু অৰ্থনৈতিক অসুবিধাৰ বাবে বৰ্তমান সময়ত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব যদিও নোৱাৰে, তথাপি প্ৰাথমিক শিক্ষাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে যথাসাধ্য চেষ্টা কৰিব।

(খ) প্রাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে স্থানীয় কর্তৃপক্ষক চৰকাৰে অধিক মঞ্জুৰীৰ ব্যৱস্থা কৰিব।

১৫। মাধ্যমিক শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্ৰস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ উল্লেখ কৰা

(Mention any two resolution on Secondary education of Government resolution on educational policy, 1913.) 

উত্তৰঃ মাধ্যমিক শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ তলত উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে মাধ্যমিক শিক্ষাৰ পৰা সম্পূৰ্ণ আঁতৰি আহিব নালাগিব।

(খ) মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণৰ দায়িত্ব বেচৰকাৰী অনুষ্ঠানৰ হাতত এৰি দিব লাগিব। বেচৰকাৰী অনুষ্ঠানসমূহক চৰকাৰে উপযুক্ত আর্থিক সাহায্য আগবঢ়াব লাগিব।

১৬। বিশ্ববিদ্যালয় শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ উল্লেখ কৰা।

(Mention any two resolution on University Education of Government resolution on educational policy 1913.)

উত্তৰঃ বিশ্ববিদ্যালয় শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ তলত উল্লেখ কৰা হ’ল—

(ক) বিশ্ববিদ্যালয় শিক্ষাৰ আৱশ্যকীয় সম্প্ৰসাৰন ঘটোৱা হ’ব।

(খ) প্রত্যেক প্রদেশতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব। মফচল ঠাইত থকা কলেজসমূহক লাহে লাহে শিক্ষাদান দিয়া বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব লাগিব।

১৭। স্ত্রী শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ উল্লেখ কৰা।

(Mention any two resolution on Female Education of Government resolution on educational policy, 1913.) 

উত্তৰঃ স্ত্রী শিক্ষা সম্বন্ধে ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা প্রস্তাৱৰ যিকোনো দুটা প্ৰস্তাৱ তলত উল্লেখ কৰা হল—

(ক) ছোৱালী স্কুলৰ পাঠ্যক্ৰম ল’ৰাৰ পাঠ্যক্ৰমতকৈ বেলেগ কৰিব লাগিব৷ 

(খ) ছোৱালী স্কুলত মহিলা শিক্ষয়িত্রী নিযুক্তি দিব লাগিব। শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব।

১৮৷ মাধ্যমিক শিক্ষাৰ সন্দৰ্ভত কলিকতা বিশ্ববিদ্যালয় আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendations of Calcutta University Commission on Secondary education.)

উত্তৰঃ মাধ্যমিক শিক্ষাৰ সন্দৰ্ভত কলিকতা বিশ্ববিদ্যালয় আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) ইণ্টাৰমিডিয়েট শ্রেণীসমূহক ডিগ্রী কলেজৰ পৰা পৃথক কৰিব লাগিব। এইসমূহ ইণ্টাৰমিডিয়েট কলেজ হ’ব আৰু বিশ্ববিদ্যালয় আৰু মাধ্যমিক স্তৰৰ ব্যৱধান মেট্ৰিকুলেচনৰ পাছত নহৈ ইণ্টাৰমিডিয়েট স্তৰৰ শেষতহে হ’ব।

(খ) এই স্তৰত পাঠ্যক্ৰম বিভাজিত (Diversified) হ’ব। ইণ্টাৰমিডিয়েট স্তৰত কলা, বিজ্ঞান, চিকিৎসা, শিক্ষক- প্রশিক্ষণ, ইঞ্জিনিয়াৰিং, বাণিজ্য আদি শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব।

১৯। বিশ্ববিদ্যালয়ৰ প্ৰতি কলিকতা বিশ্ববিদ্যালয় আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendation of Calcutta University Commission on University.)

উত্তৰঃ বিশ্ববিদ্যালয়ৰ প্ৰতি কলিকতা বিশ্ববিদ্যালয় আয়োগৰ দুটা পৰামৰ্শ হ’ল—

(ক)  ঢাকাত এখন শিক্ষামূলক বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(খ) কলিকতা চহৰৰ শিক্ষা সম্পদসমূহ গোটাই শিক্ষাদানৰ বাবে কলিকতাতো এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

২০। কলিকতা বিশ্ববিদ্যালয়ৰ সম্বন্ধে কলিকতা বিশ্ববিদ্যালয়ৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendations of Calcutta University Commission on Calcutta University.) 

উত্তৰঃ কলিকতা বিশ্ববিদ্যালয় সম্বন্ধে কলিকতা বিশ্ববিদ্যালয়ৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) ঢাকাত অনতি পলমে এখন একাত্মক আৰু শিক্ষাদানকাৰী (Unitary and teaching) বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(খ) ইংলেণ্ডৰ অক্সফোর্ড আৰু কেমব্রিজ বিশ্ববিদ্যালয়ৰ আৰ্হিত কলিকতা বিশ্ববিদ্যালয় পৰিচালিত হ’ব লাগে।

২১। শিক্ষক-প্রশিক্ষণ সম্বন্ধে কলিকতা বিশ্ববিদ্যালয় আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendations of Calcutta University Commission on training of teachers.)

উত্তৰঃ শিক্ষক-প্রশিক্ষণ সম্বন্ধে কলিকতা বিশ্ববিদ্যালয় আয়োগৰ দুটা পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) আয়োগে অনুভৱ কৰে যে মাধ্যমিক পৰ্যায়ত প্ৰশিক্ষকৰ যথেষ্ট অভাৱ। সেইবাবে চৰকাৰে শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

(খ) প্রশিক্ষণ কলেজ অধিক সংখ্যকভাৱে স্থাপন কৰি প্ৰশিক্ষণ প্রাপ্ত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে।

২২। স্ত্রী শিক্ষা সম্বন্ধে কলিকতা বিশ্ববিদ্যালয় আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any two recommendations of Calcutta University Commission on female education.)

উত্তৰঃ স্ত্রী শিক্ষা সম্বন্ধে কলিকতা বিশ্ববিদ্যালয় আয়োগৰ দুটা পৰামৰ্শ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল

(ক) যিসকল অভিভাৱকে ছোৱালীক ১৫-১৬ বছৰলৈকে শিক্ষা দিবলৈ বিচাৰে তেওঁলোকৰ বাবে চৰকাৰে ‘পৰ্দা স্কুল’ স্থাপন কৰিব লাগে।

(খ) কলিকতা বিশ্ববিদ্যালয়ত স্ত্রী শিক্ষাৰ বিশেষ সংস্থা (Special Board of women’s Education) স্থাপন কৰিব লাগে।

২৩। বৃত্তীয় আৰু কাৰিকৰী শিক্ষা সম্বন্ধে কলিকতা বিশ্ববিদ্যালয় আয়োগৰ যিকোনো দুটা পৰামৰ্শ লিখা।

(Write any two recommendations. of Calcutta University Commission on Vocational and technical education.) 

উত্তৰঃ বৃত্তীয় আৰু কাৰিকৰী শিক্ষা সম্বন্ধে কলিকতা বিশ্ববিদ্যালয় আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) প্রায়োগিক বিজ্ঞান আৰু তেনে ধৰণৰ বিষয় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আৰু ইয়াৰ প্ৰশিক্ষণত উৎসাহ যোগাব লাগে।

(খ) এনে পাঠ্যক্রম অধ্যয়নকাৰীক বিশ্ববিদ্যালয়ে উপাধি প্ৰদান কৰিব লাগে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। উডৰ প্ৰতিবেদন প্রস্তুতিৰ কাৰণবোৰ আলোচনা কৰা।

(Discuss the reasons for the Wood’s Dispatch.)

উত্তৰঃ উডৰ প্ৰতিবেদন প্রস্তুতিৰ কাৰণবোৰ তলত আলোচনা কৰা হল — উডৰ প্ৰতিবেদন হৈছে ভাৰতীয় শিক্ষা সম্বন্ধে ইংলেণ্ডৰ প্ৰশাসনৰ কৰ্তৃত্বশীল প্ৰথম চৰকাৰী প্ৰেৰণ পত্ৰ। ভাৰতীয় শিক্ষা ইতিহাসত ইয়াৰ প্ৰাধান্যৰ প্ৰতি লক্ষ্য ৰাখি এই প্রতিবেদন প্ৰেৰণৰ কাৰণ প্ৰথমেই বিশ্লেষণ কৰি চোৱাটো প্রয়োজন।

ভাৰতত প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ চৰকাৰীভাৱে সমাধান কৰাৰ পিছৰে পৰা ১৮৫৪ চনলৈকে শিক্ষা প্ৰশাসনৰ ব্যৱস্থাত বিভিন্ন সমস্যাৰ জটিলতাই দেখা দিছিল। ১৮১৩ চনৰ চাৰ্টাৰ আইনত মিছনেৰীসকলক ভাৰতত শিক্ষা পৰিচালনাৰ কৰ্তৃত্ব দিয়া হয়। ১৮৩৩ চনত ইংলেণ্ডৰ উপৰি অন্যান্য দেশৰ মিছনেৰীকো শিক্ষাৰ অনুমতি দিয়া হয় আৰু ফলস্বৰূপে বহুতো মিছনেৰীৰ ভাৰতলৈ আগমন হয়। চৰকাৰৰ উপৰি ব্যক্তিগত শিক্ষা উদ্যোগীসকলেও শিক্ষা পৰিচালনা কৰিবলৈ ধৰে। সেইবাবে ভাৰতীয় শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা ইংৰাজ প্ৰশাসনে এই সমগ্ৰ বিষয়ৰ এক ব্যাপক অধ্যয়ন আৰু বিশ্লেষণৰ প্ৰয়োজন হৈ উঠিছিল। 

ইয়াৰ উপৰিও ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেপাৰৰ অনুমতি পত্ৰ ১৮৫৩ চনত পুনৰ নবীকৰণৰ সময় আহি পৰিছিল। প্রতি ২০ বছৰৰ মূৰে মূৰে কৰা এনে নবীকৰণৰ ব্যৱস্থা অনুসৰি ১৮৫৩ চনত পৰিস্থিতিৰ ব্যাপক অধ্যয়নৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কেইজনমান নির্বাচিত সদস্যৰে এখন কমিটি গঠন কৰি দিয়ে। এই কমিটিয়ে ভাৰতলৈ আহি শিক্ষা পৰিস্থিতিৰ অধ্যয়ন কৰে। তেওঁলোকে ট্ৰেভেলিয়ান, পেৰী, মাৰ্ছমেন, আলেকজেণ্ডাৰ দাফ, উইলচন আদি ভাৰতত শিক্ষাৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ সাক্ষাত গ্ৰহণ কৰে। ইংলেণ্ডলৈ ঘুৰি গৈ অধ্যয়নৰ প্ৰতিবেদন দাখিল কৰে। সেই সময়ত ভাৰতৰ বাবে থকা ব’ৰ্ড অব কনট্রোলৰ অধ্যক্ষ আছিল চালর্চ উড। তেওঁ কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি শিক্ষা বিকাশৰ চৰকাৰী পত্ৰ ১৮৫৪ চনৰ ১৯ জুলাইত ভাৰতৰ গৱৰ্ণৰ জেনেৰেললৈ প্ৰেৰণ কৰে।ইয়াকেই উডৰ শিক্ষা প্রতিবেদন নামে জনা যায়। এই প্রতিবেদন আছিল ভাৰতীয় শিক্ষাৰ আমূল পৰিৱৰ্তন সাধনকাৰী। ইয়াত মুঠ ১০০টা অনুচ্ছেদ আছিল আৰু ই ভাৰতৰ সেই সময়ৰ শিক্ষাৰ প্ৰয়োজনীয় সকলো দিশ সামৰি লৈছিল।

২। উদ্ভৰ নিৰ্দেশ পত্ৰৰ যিকোনা পাঁচটা পৰামৰ্শ উল্লেখ কৰা।

(Mention any five recommendations of Wood’s Dispatch.) 

উত্তৰঃ উডৰ নিৰ্দেশ পত্ৰৰ বিভিন্ন পৰামৰ্শৰ ভিতৰত পাঁচটা পৰামৰ্শ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) ভাৰতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে (On Aims and Objectives of Indian Education): উডৰ নিৰ্দেশ পত্ৰৰ প্ৰথমতেই ভাৰতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে স্পষ্ট কৰি তোলা হয়। এই নতুন শিক্ষা নীতিৰ উদ্দেশ্য হৈছে ভাৰতীয়সকলে যাতে ইংলেণ্ডৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰি কাৰ্যকৰী শিক্ষাৰ নৈতিক আৰু পার্থিব আশীৰ্বাদ লাভ কৰিব পাৰে। বুদ্ধি আৰু চৰিত্ৰৰ বিকাশৰ লগতে নৈতিক বুদ্ধি সম্পন্ন বিশ্বাসী কৰ্মচাৰী, এই শিক্ষা ব্যৱস্থাৰ মাজেৰে সৃষ্টি হ’ব; লগতে ভাৰতীয় জ্ঞানৰ লগত উন্নত পাশ্চাত্য জ্ঞানৰ সংমিশ্ৰণ ঘটিব।

(খ) চৰকাৰৰ শিক্ষা দায়িত্ব সম্বন্ধে (On Education Responsibility of the Government): উডৰ নিৰ্দেশ পত্ৰৰ আৰম্ভণিতে কোম্পানীৰ শিক্ষা বিস্তাৰৰ দায়িত্ব গ্ৰহণৰ কথা উল্লেখ কৰি কোৱা হয় যে ভাৰতৰ শিক্ষা বিস্তাৰ কৰাটো কোম্পানীৰ পবিত্রতম কাৰ্যৰূপে ধৰা হৈছে। দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত শিক্ষাতকৈ আন কোনো বিষয়েই চৰকাৰৰ বাবে অধিক গুৰুত্ব দাবী কৰি উঠিব নোৱাৰে।

(গ) প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ সম্বন্ধে (On Anglicist-Classicist Controversy): উডৰ নিৰ্দেশ পত্ৰত প্ৰাচ্যৰ মত সহানুভূতিৰে বিবেচনা কৰা হয়। প্রাচ্য বিদ্যাৰ ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক গুৰুত্বৰ কথা স্বীকাৰ কৰি হিন্দু আৰু মুছলমান আইনৰ ব্যাখ্যাৰ কাৰণে ইয়াৰ বিশেষ প্রয়োজনীয়তাৰ কথা মানি লোৱা হৈছে। কিন্তু ত্রুটিপূৰ্ণ ভাৰতীয় দৰ্শন আৰু বিজ্ঞানৰ পৰিৱৰ্তে উন্নততৰ পাশ্চাত্যৰ জ্ঞানৰ প্ৰচাৰ, চৰকাৰী শিক্ষানীতিৰ উদ্দেশ্য বুলি নিৰ্দেশ পত্ৰত কোৱা হৈছে।

(ঘ) শিক্ষাৰ মাধ্যম সম্বন্ধে (On Medium of Instruction): শিক্ষাৰ মাধ্যম সম্বন্ধে নিৰ্দেশপত্ৰত কৈছে যে অতদিনে ইংৰাজী ভাষা শিক্ষাৰ মাধ্যম স্বৰূপে ব্যৱহাৰ কৰা হৈ আহিছে। কাৰণ দেশীয় ভাষাবোৰলৈ ইউৰোপীয় গ্রন্থসমূহৰ ভাল অনুবাদ এতিয়াও হোৱা নাই। এনে অনুপযোগী অনুবাদৰ পৰা দেশীয় ভাষাসমূহৰ উন্নতিতকৈ অৱনতিহে হৈছে। চৰকাৰে মাতৃভাষাসমূহক শিক্ষাৰ বাহক ৰূপে ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয় বোলা কথাষাৰ অস্বীকাৰ কৰিছে। দেশীয় ভাষা আৰু ইংৰাজী উভয়কে ইউৰোপীয় জ্ঞান-বিজ্ঞানৰ প্ৰচাৰৰ অৰ্থে ব্যৱহাৰ হোৱাটো নিৰ্দেশই আশা কৰে৷

(ঙ)  জনশিক্ষাৰ ব্যৱস্থা (Mass Education System): উডৰ নিৰ্দেশ পত্ৰত অতদিনে যে চৰকাৰে জনশিক্ষাৰ দিশটো অৱমাননা কৰি আহিছে তাক স্বীকাৰ কৰা হয়৷ কেৱল মাত্ৰ দেশৰ মুষ্টিমেয় শিক্ষিত শ্ৰেণীৰ লোকৰ প্ৰয়োজন পূৰণৰ পৰিৱৰ্তে জনসাধাৰণৰ জীৱনব প্ৰতিটো পৰিস্থিতিৰ বাবে সহায়কাৰী শিক্ষাৰ প্ৰৱৰ্তন কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে৷ এনে কাৰ্যকৰী শিক্ষা আৰু ইয়াৰ বাবে বৰ্ধিত অৰ্থ মঞ্জুৰী দিয়াৰ প্ৰতি চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰা হয়।

৩। উডৰ নিৰ্দেশ পত্ৰৰ যিকোনা পাঁচটা সুফল উল্লেখ কৰা।

(Mention any five merits of Wood’s Dispatch.) 

উত্তৰঃ উডৰ নিৰ্দেশ পত্ৰৰ পাঁচটা সুফল অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত উডৰ নিৰ্দেশ পত্ৰই এটা নতুন যুগৰ সূচনা কৰিছে। প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰৰ শিক্ষাৰ সকলো সমস্যা সম্বন্ধে ই অধ্যয়ন কৰিছিল আৰু ইয়াৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।

(খ) ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰই ইংলেণ্ডৰ শিক্ষাৰ কেতবোৰ উন্নত প্ৰশাসনীয় ব্যৱস্থা ভাৰতলৈ কঢ়িয়াই আনে যাৰ ফলত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ ধৰে।

(গ) উডৰ নিৰ্দেশ পত্ৰৰ আন এটি উল্লেখযোগ্য দিশ হ’ল উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় স্থাপন৷ ১৮৫৭ চনত বম্বে, মাদ্ৰাছ আৰু কলিকতাত প্ৰথমবাৰৰ বাবে তিনিখন বিশ্ববিদ্যালয় স্থাপন কৰা হয় ।

উডৰ নিৰ্দেশ পত্ৰই মেকলেৰ নিম্ন পৰিশ্ৰাৱণ শিক্ষা নীতি ভ্রান্তিমূলক বুলি প্ৰতিপন্ন  কৰি তাৰ ঠাইত জনশিক্ষা প্ৰচলনৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব দিছিল। 

(ঙ) ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰতিখন প্ৰদেশত একোটাকৈ শিক্ষা বিভাগ স্থাপন কৰাৰ পৰাই ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত পোন প্ৰথমবাৰৰ বাবে শিক্ষাক এটা সুসংগঠিত আৰু প্ৰণালীবদ্ধ আৰ্হি দিয়া হৈছিল।

৪। উডৰ নিৰ্দেশ পত্ৰৰ যিকোনা পাঁচটা কুফল উল্লেখ কৰা।

Mention any five demerits of Wood’s Dispatch.

উত্তৰঃ ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰৰ পাঁচটা কুফল তলত সংক্ষেপে উল্লেখ কৰা হ’ল — 

(ক) ১৮৫৪ চনৰ উডৰ প্ৰতিবেদনখনত শিক্ষাক এটা বহল দৃষ্টিভংগীৰে চোৱা হৈছিল যদিও কার্যক্ষেত্ৰত শিক্ষা কেৱল চৰকাৰী চাকৰি লাভৰ বাবে পৰীক্ষা পাছ কৰা এটা যন্ত্ৰত পৰিণত হ’ল। জ্ঞান আহৰণৰ আহিলা হৈ নাথাকিল আৰু ইয়ে শিক্ষাৰ পৰিসৰ সীমাবদ্ধ কৰিলে।

(খ) উডৰ নিৰ্দেশ পত্ৰৰ ভিত্তিত বিশ্ববিদ্যালয় স্থাপনৰ যি প্ৰস্তাৱ লোৱা হৈছিল তাৰ আৰ্হিও আছিল সম্পূৰ্ণৰূপে বিদ্বেষী। ভাৰতীয় চৰিত্ৰ তাত নাছিল, যিটো ভাৰতীয় শিক্ষাৰ পক্ষে ক্ষতিকাৰক আছিল ৷

(গ) উডৰ নিৰ্দেশ পত্ৰই নিম্ন পৰিশ্ৰাৱন নীতিৰ বিপৰীতে জনসাধাৰণৰ শিক্ষানীতি গ্রহণ কৰে যদিও প্রাথমিক শিক্ষা সার্বজনীন কৰি তোলাৰ কথা কোৱা নাই ৷

(ঘ) উডৰ নিৰ্দেশ পত্ৰৰ ভিত্তিতে শিক্ষাবিভাগ স্থাপন আৰু শিক্ষা বিষয়া নিযুক্তি কৰা হ’ল। ফলত শিক্ষাকার্যত স্বাধীনতা আৰু স্বতঃস্ফূর্ততাৰ অভাৱ ঘটিল আৰু কেৱল নীতিনিয়ম পালন কৰাটোৱে শিক্ষা কৰ্তৃপক্ষৰ মুখ্য উদ্দেশ্য হৈ পৰিল।

(ঙ) দেশীয় শিক্ষা পদ্ধতিত বিশেষ স্থান লাভ কৰা ‘ধৰ্মীয় শিক্ষা’ উডৰ নিৰ্দেশ পত্ৰৰ দ্বাৰাই বাধাগ্ৰস্ত হৈছিল। ইয়ে আধ্যাত্মিক বিকাশ আৰু ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত গভীৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল।

৫। ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ নিযুক্তিৰ কাৰণবোৰ আলোচনা কৰা। 

(Discuss the reasons for setting up of Indian Education Commission, 1882.)

উত্তৰঃ ১৯৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ নিযুক্তিৰ কাৰণবোৰ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) ১৮৫৪ চনৰ উডৰ পৰামৰ্শ কাৰ্যকৰী নকৰাটো (Non-implementation of 1854, Wood’s Recommendations): চৰকাৰে উডৰ নিৰ্দেশ পত্ৰৰ আৰু ১৮৫৯ চনৰ ষ্টেনলিৰ প্ৰতিবেদন গ্ৰহণ কৰে যদিও তাৰ পৰামৰ্শসমূহ যথাযথভাবে পালন কৰা নহ’ল। অথচ এই কালছোৱাত ভাৰতৰ প্ৰশাসন ৰাজৰ হৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টে পৰিচালনা কৰিছিল আৰু প্ৰায় ২৫ বছৰ জোৰা এক দীঘলীয়া সময় অতিবাহিত হৈ পৰিছিল। পূৰ্বে কোম্পানীৰ ৰাজত্ব কালত চাৰ্টাৰ আইনৰ সংশোধনৰ বেলিকা কৰা অনুসন্ধানৰো অন্ত পৰিছিল। সেইবাবে শিক্ষাৰ এক পূৰ্ণ পৰ্যায়ৰ আয়োগ গঠন কৰাটো প্ৰয়োজন হৈ পৰিছিল।

(খ) প্রাথমিক শিক্ষা সম্বন্ধে বিবাদ (Controversy over primary Education): এই সময়ছোৱাত প্ৰাথমিক শিক্ষাৰ অগ্ৰগতি মুঠেই সন্তোষজনক নাছিল। পুৰণি দেশীয় প্রাথমিক শিক্ষাৰ দায়িত্ব চৰকাৰে ল’ব নে নলয়, মিছনেৰী শিক্ষাৰ প্ৰতি কেনে নীতি গ্ৰহণ কৰিব, প্রাথমিক স্কুলৰ বাবে চৰকাৰৰ সহায়ক অনুদান নীতি কেনে হ’ব লাগে এনেবোৰ প্ৰশ্নত মত পাৰ্থক্যৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে বম্বে, মাদ্ৰাজ আৰু বংগৰ প্ৰাদেশিক চৰকাৰবোৰে এনেবোৰ কথাত ভিন ভিন প্রশাসনীয় নীতি গ্রহণ কৰিছিল। সেইবাবে এইসমূহ বিষয়ৰ সুস্পষ্ট চৰকাৰী নীতি গ্ৰহণৰ পৰামৰ্শৰ প্ৰয়োজন হৈ পৰিছিল।

(গ) জন-শিক্ষাৰ প্ৰতি অৱহেলা (Neglect of Mass Education): ভাৰতীয় জন সাধাৰণক শিক্ষা দিয়াৰ বাবে লৰ্ড মেকলেৰ প্ৰতিবেদনত নিম্ন পৰিশ্ৰাৱন নীতি গ্ৰহণ কৰি বছা বছা ভাৰতীয় লোককহে শিক্ষা দিয়াৰ কথা কৈছিল। উডৰ প্ৰতিবেদনে তাৰ বিৰোধিতা কৰি সৰ্বসাধাৰণৰ জন-শিক্ষা নীতি গ্ৰহণ কৰিছিল। কিন্তু প্রশাসনে সেই নীতি উপযুক্তভাৱে কাৰ্যকৰী কৰি তোলা নাছিল। ১৮৫৭ চনৰ এলেনবৰোৰ প্ৰতিবেদনেও ভাৰতত জনশিক্ষা নীতিৰ বিৰোধিতা কৰিছিল৷ আনহাতে লৰ্ড ৰিপনে ৰাজ প্ৰতিনিধি হৈ আহি ভাৰতত জনশিক্ষাৰ বিকাশ হোৱাটো বিচাৰিছিল। সেইবাবে এই প্রশ্নৰ এক স্থিৰ সিদ্ধান্তৰ প্ৰয়োজন হৈ পৰিছিল।

(ঘ) মিছনেৰীসকলৰ আন্দোলন (Missionary agitation): চিপাহী বিদ্ৰোহৰ পিছত ইংৰাজ প্ৰশাসনে মিছনেৰীসকলৰ ধৰ্মীয় শিক্ষাৰ নীতিৰ বিৰোধিতা কৰিছিল। মিছনেৰীসকলৰ শিক্ষা সংকোচনৰ চৰকাৰী নীতিত মিছনেৰীসকল ক্ষণ্ণ হৈছিল। তেওঁলোকে চৰকাৰৰ দ্বাৰা পৰিচালিত ধৰ্ম-নিৰপেক্ষ স্কুলৰ লগত প্ৰতিযোগিতা কৰিব লগা হৈছিল। তেনে স্কুলবোৰক তেওঁলোকে “Godless” বুলি সমালোচনাও কৰিছিল। ভাৰতত তেওঁলোকৰ স্থিতি দুৰ্বল হোৱা বাবে ইংলেণ্ডত ‘General Council of Education in India’ নামে অনুষ্ঠান গঠন কৰি ইয়াৰ প্ৰতিবাদ কৰি উঠিছিল আৰু ভাৰতীয় শিক্ষাত তেওঁলোকৰ প্ৰাধান্য দাবী কৰিছিল। এনে কাৰণতো চৰকাৰী নীতি স্পষ্টিকৰণৰ বাবে শিক্ষা আয়োগ গঠনৰ প্ৰয়োজন হৈ পৰিছিল।

৬। ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ লক্ষ্য-উদ্দেশ্যসমূহ চমুকৈ আলোচনা কৰা। 

(Discuss the aims and objectives of the Indian Education Commission, 1882.)

উত্তৰঃ ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ লক্ষ্য-উদ্দেশ্যসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

১৮৮২ চনৰ আয়োগ নিযুক্তিৰ প্ৰস্তাৱত স্পষ্ট কৰি দি কোৱা হৈছিল যে উডৰ প্ৰতিবেদনৰ নীতিসমূহ কিদৰে কাৰ্যকৰী কৰা হৈছে তাৰ অনুসন্ধান কৰাটো আয়োগৰ কৰ্তব্য। ইয়াৰ লগতে প্রতিবেদনখনত নীতিসমূহ ভৱিষ্যতে বিকাশ কৰি তুলিবৰ বাবে আয়োগে উচিত বুলি ভবা দিহা পৰামৰ্শাসমূহ দিবৰ বাবেও কোৱা হয়। চমুকৈ ক’বলৈ হ’লে উডৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণৰ সম্বন্ধে নিৰীক্ষণ আৰু প্ৰয়োজনীয় পৰামৰ্শ প্রদানেই আছিল আয়োগৰ মূল উদ্দেশ্য। ইয়াৰ আনুষংগিক স্বৰূপে আন কেতবোৰ প্ৰশ্নৰো সমাধান বিচৰা হয়। এইসমূহ হৈছে—

(ক) মিছনেৰীসকলৰ সমৰ্থনত চৰকাৰে শিক্ষাৰ প্ৰত্যক্ষ দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগেনে?

(খ) প্ৰাথমিক শিক্ষাৰ অৱস্থা কেনে আৰু ইয়াৰ উন্নতিৰ বাবে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(গ) সহায়ক অনুদান দিয়াৰ ক্ষেত্ৰত চৰকাৰে কেনে নীতি গ্ৰহণ কৰিব লাগে? 

(ঘ) ব্যক্তিগত শিক্ষা উদ্যোগীসকলৰ বাবে চৰকাৰৰ নীতি কেনে হ’ব লাগে? 

(ঙ) ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ বাবে চৰকাৰে কেনে মনোভাব গ্ৰহণ কৰিব লাগে?

১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগে ওপৰত উল্লেখ কৰা প্ৰশ্নসমূহৰ ওপৰত অধ্যয়ন আৰু পৰামৰ্শ প্ৰদানৰ উপৰিও পুৰণি দেশীয় শিক্ষা, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা আন কেতবোৰ গুৰুত্বপূৰ্ণ শিক্ষাৰ ওপৰতো প্রয়োজনীয় পৰামৰ্শ আগবঢ়ায়।

৭। সহায়ক অনুদান সম্বন্ধে হান্টাৰ আয়োগৰ পৰামৰ্শাৱলী কি আছিল? 

(What were the recommendations of Hunter Commission regarding grant in aid system?)

উত্তৰঃ ১৮৫৪ চনৰ উডৰ পৰামৰ্শক্রমে দেশৰ শিক্ষানুষ্ঠানবোৰত ভিন্‌ ভিন্‌ ধৰণৰ সহায়ক অনুদান দিয়াৰ ব্যৱস্থা কৰা হয়। বম্বে প্ৰদেশত ফলাফলৰ ভিত্তিত অনুদান (Payment by result), মাদ্রাজ প্রদেশত দৰমহা অনুদান (Salary grant) পঞ্জাৱ তথা উত্তৰ পশ্চিম অঞ্চলত নিৰ্ধাৰিত সময় অনুদান (Fixed period grant) ব্যৱস্থা প্ৰচলিত হৈছিল। উক্ত অনুদানৰ ভিন্নতা গুচাবৰ বাবে হাণ্টাৰ আয়োগে তলত উল্লেখ কৰা পৰামৰ্শসমূহ আগবঢ়ায়—

(ক) স্থানীয় প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সহায়ক অনুদান ব্যৱস্থাৰ সংশোধন কৰিব লাগে ৷ 

(খ) বিভিন্ন অঞ্চলৰ অনুষ্ঠানবোৰে তেওঁলোকৰ ইচ্ছা অনুসৰি বিভিন্ন ধৰণৰ সহায়ক অনুদান গ্ৰহণৰ স্বাধীনতা দিব লাগে।

(গ) অনুদান দিয়াৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান স্বৰূপে বৈষম্যমূলক মনোভাব গ্ৰহণ কৰিব নালাগে।

(ঘ) ছাত্ৰসকলক বৃত্তি আৰু পুৰস্কাৰ আদি প্ৰদানৰ বেলিকাও চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ বৈষম্য আনিব নালাগে৷

(ঙ) চৰকাৰী অনুদান লাভ কৰা অনুষ্ঠানবোৰৰ আভ্যন্তৰীণ বিষয়ত চৰকাৰে হস্তক্ষেপ কৰিব নালাগে।

(চ) ফলাফলৰ ভিত্তিত অনুদান দিয়া ব্যৱস্থা কেৱল প্ৰাথমিক পৰ্যায়ৰ বাবেহে প্ৰয়োগ কৰিব লাগে, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে নহয়।

(ছ) শিক্ষানুষ্ঠানৰ ঘৰ-দুৱাৰ নিৰ্মাণ, সা-সঁজুলি, পুথিভঁৰাল আৰু পৰীক্ষাগাৰ আদিৰ বাবে চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ অনুদান আগবঢ়াব লাগে ৷

(জ) সহায়ক অনুদান ব্যৱস্থা সলনি কৰাৰ বেলিকা বেচৰকাৰী অনুষ্ঠানৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগে।

(ঝ) চৰকাৰৰ সংশোধিত অনুদান ব্যৱস্থা চৰকাৰী বাজেটত প্ৰকাশ কৰিব লাগে আৰু সৰ্বসাধাৰণ লোকে তাক জানি উঠিব পৰাকৈ বাতৰি কাকততো প্ৰকাশ কৰিব লাগে ৷ 

(ঞ) দিবলৈ বিচৰা সহায়ক অনুদান শিক্ষানুষ্ঠানবোৰত সময়মতে দিব লাগে আৰু কোনো নিৰ্দিষ্ট কাৰণ নেদেখুৱাকৈ তাক চৰকাৰে বন্ধ কৰি দিব নালাগে৷

৮। প্রাথমিক শিক্ষা সম্বন্ধে হাণ্টাৰ আয়োগৰ যিকোনো পাঁচটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention any five recommendations of Hunter Commission on primary Education.)

উত্তৰঃ প্রাথমিক শিক্ষা বিকাশৰ বাবে হাণ্টাৰ আয়োগে বহুকেইটা পৰামৰ্শ আগবঢ়ায়। তাৰ ভিতৰত পাঁচটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) সৰ্বসাধাৰণ লোকৰ উপযোগীকৈ শিক্ষা বিস্তাৰ কৰাটোহে প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য হ’ব লাগে, উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰাটো ইয়াৰ উদ্দেশ্য নহয় ৷

(খ) প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে। চৰকাৰে প্ৰাথমিক শিক্ষাৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে। 

(ঘ) প্ৰাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কর্তৃপক্ষক দিব লাগে। 

(ঙ) স্থানীয় কৰ্তৃপক্ষই পৰিচালনা কৰা স্কুলত সকলো ছাত্ৰই শিক্ষা মাছুল দিব লাগিব।

(চ) স্থানীয় কৰ্তৃপক্ষই পৰিচালনা কৰা শিক্ষা ধৰ্ম-নিৰপেক্ষ হ’ব লাগে।

৯। মাধ্যমিক শিক্ষা সম্বন্ধে হান্টাৰ আয়োগৰ পৰামৰ্শাৱলী উল্লেখ কৰা। 

(Mention the recommendations of the Hunter Commission on Secondary Education.)

উত্তৰঃ ১৮৮২ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰিপনে ভাৰতীয় শিক্ষা আয়োগ গঠনৰ নিৰ্দেশ দিয়ে। এই নির্দেশ অনুসৰি বিশ জন সদস্যৰে প্ৰথম ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হয়; যাক আয়োগৰ সভাপতি চাৰ উইলিয়াম হান্টাৰৰ নামেৰে ‘হাণ্টাৰ আয়োগ’ বুলিও জনা যায়। আয়োগক মাধ্যমিক শিক্ষাৰ বিষয়ে বিশেষ অনুসন্ধান কৰিবলৈ দিওঁতে নিৰ্দেশ দিছিল যে আয়োগে পাঠদানৰ বিষয়বস্তু আৰু সেইবোৰৰ গুণৰাজিৰ বিষয়ে বিশেষ অধ্যয়ন কৰিব। প্রাথমিক শিক্ষা শেষ কৰাৰ পাছত অধিকাংশ শিক্ষার্থীয়ে মাধ্যমিক পর্যায়তে শিক্ষা সাং কৰে। গতিকে মাধ্যমিক স্কুলৰ শিক্ষা বিশদ আৰু ত্রুটিহীন হ’ব লাগিব৷ যিবোৰ প্ৰদেশত বৰ্তমানতকৈ অধিক উন্নতিৰ স্থল আছে তাক নিৰীক্ষণ কৰিব। এই নিৰ্দেশ অনুসৰি হাণ্টাৰ আয়োগে ৬০০ পৃষ্ঠাৰ ২০০টি প্ৰস্তাৱ সন্নিৱিষ্ট প্রতিবেদন প্রস্তুত কৰি উলিয়াইছিল।

তলত মাধ্যমিক শিক্ষা সম্বন্ধে আয়োগৰ পৰামৰ্শাৱলীসমূহ উল্লেখ কৰা হ’ল— মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষা আয়োগে দিয়া পৰামৰ্শসমূহক ঘাইকৈ দুটা ভাগত ভাগ কৰা হৈছে। সেই দুটা হ’ল—

(ক) প্ৰশাসনীয় দিশৰ সংস্কাৰ সাধন (On Administration Reform) আৰু

(খ) গুণগত মানদণ্ডৰ বিকাশ সাধন (On improvement of qualitative standard) 

তলত উক্ত দুয়োটা দিশত আয়োগৰ পৰামৰ্শসমূহ উল্লেখ কৰা হ’ল —

(ক) প্ৰশাসনীয় দিশৰ সংস্কাৰ সাধন (On administration reform): মাধ্যমিক বিদ্যালয়ৰ দায়িত্ব চৰকাৰে ল’ব নে ব্যক্তিগত শিক্ষা উদ্যোগীসকলক দিব, এইক্ষেত্ৰত আয়োগে দিয়া পৰামৰ্শসমূহ তলত সংক্ষেপে আলোচনা কৰা হ’ল—

(i) চৰকাৰে ক্রমাগতভাৱে মাধ্যমিক স্কুল পৰিচালনাৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে। এই দায়িত্ব স্থানীয় শিক্ষা সংস্থাক প্ৰদান কৰিব লাগে।

(ii) যিবোৰ অঞ্চলত স্থানীয় লোক দৰিদ্ৰ আৰু পিছপৰা সেইসকল লোকৰ হিত সাধনৰ বাবে তেনে স্থানত চৰকাৰে মাধ্যমিক স্কুল স্থাপন কৰিব লাগে।

(iii) চৰকাৰী সহায়ক অনুদান ব্যৱস্থাৰ যোগেদি মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰিব লাগে।

(iv) উপযুক্ত আৰু দায়িত্বপূৰ্ণ লোকক মাধ্যমিক শিক্ষা পৰিচালনাৰ দায়িত্ব আৰু প্ৰশাসনীয় কর্তৃত্ব দিব লাগে ৷

(v) চৰকাৰে একোখন জিলাত কেৱল এখনকৈ মাধ্যমিক স্কুল স্থাপন কৰিব লাগে, যাতে সি আন ব্যক্তিগত শিক্ষা উদ্যোগীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ উঠে।

(vi) ব্যক্তিগত শিক্ষা উদ্যোগীসকলৰ দ্বাৰা পৰিচালিত স্কুল অধিক জনপ্ৰিয় কৰি তুলিবৰ বাবে তাৰ শিক্ষা মাছুল চৰকাৰী স্কুলতকৈ কম কৰিবলৈ অনুমতি দিব লাগে।

(খ) গুণগত মানদণ্ডৰ বিকাশ সাধনৰ দিশত (On improvement of qualitative standard): মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ সংস্কাৰ সাধনৰ দিশত পৰামৰ্শ দিয়াৰ আগতে আয়োগ ইয়াৰ প্ৰধান তিনিটা ত্রুটি শিক্ষাৰ মাধ্যম স্বৰূপে মাতৃভাষাৰ প্ৰতি অৱহেলা, প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ অভাৱ আৰু বৃত্তিমূলক বিষয়ৰ শিক্ষাৰ অভাৱৰ বিষয়ে আঙুলিয়াই দিয়ে ৷ সেয়েহে আয়োগ তিনিওটা দিশত পৰামৰ্শ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি তলত দিয়া পৰামৰ্শসমূহ আগবঢ়ায়—

(i) ভাৰতীয় শিক্ষা আয়োগে মজলীয়া স্কুলৰ শিক্ষাৰ মাধ্যম সম্বন্ধে কোনো স্পষ্ট পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকে।

(ii) মজলীয়া স্কুলৰ ক্ষেত্ৰত মত প্ৰকাশ কৰে যে স্কুলৰ স্থানীয় প্রশাসকসকলে স্থানীয় পৰিস্থিতি অনুসৰি এই সম্বন্ধে সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা থাকিব লাগে।

(iii) আয়োগে পৰামৰ্শ দিয়ে যে হাইস্কুল পর্যায়ত শিক্ষাৰ মাধ্যম ইংৰাজী হ’ব লাগে। 

(iv) শিক্ষক প্রশিক্ষণ সম্বন্ধে আয়োগে পৰামৰ্শ দিয়ে যে মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলে শিক্ষাদানৰ নীতি আৰু পদ্ধতি সম্বন্ধে নিজকে প্রশিক্ষণ প্রাপ্ত কৰি তুলিব লাগে ।

(v) স্নাতক ডিগ্রী লাভ কৰা শিক্ষকসকলৰ কাল কম হ’ব লাগে।

(vi) পাঠ্যক্ৰমৰ সংস্কাৰ সাধনৰ দিশত কোৱা হয় যে হাইস্কুলৰ পাঠ্যক্ৰম ‘ক’ আৰু ‘খ’ দুটা ভাগত বিভক্ত কৰিব লাগে।

(vii) ‘ক’ বিভাগৰ পাঠ্যক্ৰম বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষালৈ যাবলৈ বিচৰা ছাত্ৰসকলৰ বাবে প্ৰস্তুত কৰিব লাগে।

(viii) ‘খ’ বিভাগৰ পাঠ্যক্রম অধিক ব্যৱসায়িক আৰু অসাহিত্যিক বিধৰ কৰি তুলিব লাগে। ইয়াৰ উদ্দেশ্য হ’ব লাগে যুৱকসকলক কাৰ্যকৰী দিশৰ প্ৰতি প্ৰস্তুত কৰি তোলা।

১০৷ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাত হান্টাৰ আয়োগৰ পৰামৰ্শৱলীৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা।

(Discuss the impact of the recommendations of the Hunter Commission on Secondary Education in India.)

উত্তৰঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষা আয়োগৰ পৰামৰ্শৱলী সংক্ষিপ্ত আছিল যদিও ই নিঃসন্দেহে তাৎপর্যপূর্ণ আছিল। আয়োগে হাইস্কুল পৰ্যায়ত ইংৰাজী ভাষাৰ মাধ্যম হোৱাৰ স্পষ্ট পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ফলত ইংৰাজী ভাষাৰ কঠিনতাই বহুতো পিচপৰা শ্ৰেণীলোকৰ ছাত্ৰক এই পৰ্যায়ৰ শিক্ষাৰ পৰা বঞ্চিত কৰে। শিক্ষাৰ মাধ্যম ইংৰাজী ভাষা কৰি তুলি ভাৰতীয় ভাষাসমূহৰ অধ্যয়নো অৱহেলা কৰা হয় ।

শিক্ষাৰ প্ৰশাসনীয় দিশত আয়োগে পৰামৰ্শ দিয়ে যে চৰকাৰে ক্ৰমাগতভাৱে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে। ব্যক্তিগত শিক্ষা উদ্যোগীসকলে চৰকাৰতকৈ এই পৰ্যায়ৰ শিক্ষা কম খৰছতে পৰিচালনা কৰিব পাৰে। 

এনে প্ৰশাসনীয় নীতিয়ে স্থানীয় লোকসকলক মাধ্যমিক শিক্ষাৰ দিশত অধিকভাৱে জড়িত কৰি তুলিব পাৰে । অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা গ’ল যে চৰকাৰে আয়োগৰ প্ৰশাসনীয় নীতি কাৰ্যকৰী কৰি নুতুলিলে। আদর্শ পাঠ্যক্রম সম্বন্ধে আগবঢ়োৱা আয়োগৰ পৰামৰ্শ আছিল অতি সময়োপযোগী। পাঠ্যক্রম শৈক্ষিক আৰু ব্যৱসায়িক স্বৰূপে দুটা ভাগত বিভক্ত কৰি শিক্ষা অৰ্থপূৰ্ণ কৰি তুলিবলৈ বিচৰা হৈছিল। কিন্তু অতি দুখৰ বিষয় যে সৰ্বসাধাৰণ লোকে এই পৰামৰ্শৰ ক্ষেত্ৰত উৎসাহজনক সঁহাৰি নিদিয়াৰ ফলস্বৰূপে পাঠ্যক্ৰম আগৰ দৰেই তত্ত্বপ্রধান আৰু উদ্দেশ্যবিহীন হৈ থাকিল৷ সেয়েহে ক’ব পাৰি যে মাধ্যমিক শিক্ষাৰ প্ৰশাসনীয় আৰু পাঠ্যক্ৰমৰ গুণগত বিকাশৰ ক্ষেত্ৰত আয়োগৰ পৰামৰ্শাৱলীৰ ফল বৰ উৎসাহজনক নহয়।

তথাপি হান্টাৰ আয়োগৰ পৰামৰ্শক্রমে মাধ্যমিক শিক্ষাৰ বিকাশ প্রাথমিক শিক্ষাতকৈ সন্তোষজনক আছিল ৷ আয়োগে ব্যক্তিগত শিক্ষা উদ্যোগীসকলক উৎসাহিত কৰা হেতুকে মাধ্যমিক স্কুলৰ সংখ্যা আৰু ইয়াৰ ছাত্ৰ দ্ৰুতভাৱে বৃদ্ধি হ’বলৈ ধৰে৷ উদাহৰণস্বৰূপে ১৮৮১-৮২ চনত থকা মুঠ ৩,৯১৬ খন স্কুল দহ বছৰৰ ভিতৰত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ১৮৯১-৯২ চনত ৫,১২৪ খন হয়গৈ। ব্যক্তিগত উদ্যোগত পৰিচালিত স্কুলে চৰকাৰী স্কুলতকৈ কম মাছুল লবলৈ অনুমতি দিয়াৰ বাবে দুখীয়া শ্রেণীলোকৰ ছাত্ৰই এনে স্কুলৰ ছাত্ৰ সংখ্যা বৃদ্ধি কৰি তোলে। এনে স্কুলৰ আৰ্থিক ব্যয় চৰকাৰী স্কুলতকৈ কম আৰু অধিক মিতব্যয়ী বিধৰ হোৱা হেতুকে চৰকাৰেও কম খৰছতে আৰু’কম সময়তে এনেবিধ স্কুলে মাধ্যমিক শিক্ষা বিকাশ কৰাটো বিচাৰে।

১১। উচ্চ শিক্ষা সম্বন্ধে হাণ্টাৰ আয়োগৰ পাঁচটা পৰামৰ্শ উল্লেখ কৰা।

(Mention five recommendations of the Hunter Commission on Higher Education.)

উত্তৰঃ ১৮৮২ চনৰ হান্টাৰ আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৱলী তলত উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ পৰা যিমান সোনকালে সম্ভৱ আঁতৰি আহিব লাগে। 

(খ) মহাবিদ্যালয়ৰ শিক্ষকৰ সংখ্যা, ব্যয়ৰ পৰিমাণ, শিক্ষানুষ্ঠানৰ দক্ষতা, স্থানীয় প্রয়োজন আদিৰ ওপৰত ভিত্তি কৰিহে একোখন মহাবিদ্যালয়ক দিয়া সহায়ক অনুদানৰ পৰিমাণ নিৰ্দিষ্ট হ’ব।

(গ) নির্দিষ্ট সংখ্যক ছাত্ৰই বিনামূলীয়া শিক্ষা লাভ কৰিব।

(ঘ) বেচৰকাৰী অনুষ্ঠানত মাছুলৰ পৰিমাণ চৰকাৰী অনুষ্ঠানতকৈ কম হ’ব। 

(ঙ) আৱশ্যক অনুসৰি মহাবিদ্যালয়ৰ গৃহ নির্মাণ, পুথিভঁৰাল, আচবাব, বিজ্ঞানৰ সাসঁজুলি ক্ৰয় আদিৰ বাবে অর্থ সাহায্য আগবঢ়োৱা হ’ব।

১২। দেশীয় প্রাথমিক শিক্ষা সম্বন্ধে হান্টাৰ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। 

(Discuss the recommendations on indigenous Primary Education of Hunter Commission.)

উত্তৰঃ পুৰণি দেশীয় প্রাথমিক শিক্ষাৰ সংস্কাৰ সাধন কৰিব পাৰিলে যে ই দেশৰ জাতীয় শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে সেই সম্ভাৱনীয়তা আয়োগে দেখা পাইছিল। সেইবাবে এইবিধ শিক্ষাৰ প্ৰতি আয়োগৰ দৃষ্টি বিশেষ সহানুভূতিশীল আছিল। ইয়াৰ প্ৰতি আয়োগে স্বীকৃতি প্রদান কৰি এইবিধ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ কেতবোৰ মূল্যৱান পৰামৰ্শ আগবঢ়ায়৷ তলত আয়োগৰ পৰামৰ্শসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) ধৰ্ম-নিৰপেক্ষভাবে শিক্ষা দিয়া দেশীয় স্কুলবোৰক চৰকাৰে উৎসাহ প্রদান কৰিব লাগে।

(খ) এইবিধ স্কুলৰ উন্নতি সাধনৰ বাবে সংশ্লিষ্ট পণ্ডিত আৰু মৌলবীসকলৰ লগত আলোচনা কৰিব লাগে।

(গ) পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চৰকাৰে ইয়াৰ অৰ্থ সাহায্য দিব লাগে। 

(ঘ) সহায়ক অনুদান লাভ কৰা স্কুলবোৰে সকলো সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ বাবে শিক্ষা মুকলি কৰি ৰাখিব লাগে।

(ঙ) এইবিধ স্কুলৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত চৰকাৰে কোনো বাধা নিষেধ আৰোপ কৰিব নালাগে।

(চ) বিশেষ সহায়ক অনুদান দিয়াৰ ব্যৱস্থা কৰি ইয়াৰ পাঠ্যক্ৰমত লাভজনক বিষয় অধ্যয়নৰ অন্তৰ্ভুক্ত কৰিব লাগে।

(ছ) মিউনিচিপেলিটি আৰু লোকেল ব’ৰ্ডসমূহেও স্কুল কর্তৃপক্ষৰ লগত আলোচনা কৰি ইয়াৰ উন্নতি কৰিব লাগে।

(জ) দেশীয় স্কুলৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। 

(ঝ) দেশীয় শিক্ষাৰ স্কুলত পঢ়া ছাত্ৰক ছাত্ৰ-বৃত্তি দিব লাগে। 

(ঞ) সকলো দেশীয় শিক্ষাৰ স্কুলকে চৰকাৰে মান্যতা প্ৰদান কৰিব লাগে ৷

১৩। মহিলা শিক্ষা সম্বন্ধে হান্টাৰ আয়োগৰ পৰামৰ্শসমূহ উল্লেখ কৰা৷ 

(Mention the recommendations on Women Education of Hunter Commission.)

উত্তৰঃ ১৮৮২ চনৰ হাণ্টাৰ আয়োগ মত প্ৰকাশ কৰে যে সেই সময়লৈকে ভাৰতবৰ্ষৰ স্ত্রীশিক্ষা অত্যাধিকভাৱে পিচপৰি আছিল। সেইবাবে ইয়াৰ বিকাশ সাধনৰ সকলোবোৰ সম্ভাব্য উপায় উদ্ভাৱন কৰিব লাগে। এই দিশত আয়োগৰ পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’—

(ক) চৰকাৰী ধন ল’ৰা আৰু ছোৱালীৰ শিক্ষানুষ্ঠানবোৰলৈ কোনো পক্ষপাত নকৰাকৈ সমানভাৱে বিতৰণ কৰিব লাগে।

(খ) স্ত্রী শিক্ষাৰ অনুষ্ঠানবোৰলৈ চৰকাৰে সহজ আৰু উদাৰ নীতিৰে সহায়ক অনুদান দিব লাগে।

(গ) স্ত্রী শিক্ষাৰ আৱশ্যকতা অনুভৱ কৰি বিনামূলীয়া শিক্ষা দানৰো ব্যৱস্থা কৰিব লাগে। 

(ঘ) দূৰ ঠাইৰ ছাত্ৰীসকলৰ বাবে ছাত্রী আবাস স্থাপন কৰিব লাগে আৰু দুখীয়া ছাত্ৰীৰ বাবে বৃত্তিদানৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) স্ত্রী শিক্ষাক উৎসাহিত কৰিবৰ বাবে শিক্ষয়িত্ৰী, অধ্যাপিকা আৰু পৰিদৰ্শিকা আদি নিয়োগ কৰিব লাগে।

(চ) ছাত্ৰীসকলৰ পাঠ্যক্রম ছাত্ৰসকলতকৈ পৃথক হ’ব লাগে।

(ছ) যিবোৰ ঠাইত স্ত্রী শিক্ষাৰ দায়িত্ব গ্ৰহণৰ বাবে স্থানীয় সংস্থাৰ অভাৱ তাত চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগে।

(জ) যিসকল পুৰুষ মহিলা স্ত্রী শিক্ষাৰ প্ৰতি আগ্ৰহী তেওঁলোকক মহিলা স্কুলৰ কাৰ্যকৰী কমিটিৰ সদস্যস্বৰূপে অন্তৰ্ভুক্ত কৰিব লাগে।

১৪। উচ্চ শিক্ষা সম্বন্ধে হাণ্টাৰ আয়োগৰ পৰামৰ্শসমূহ উল্লেখ কৰা।

(Mention the recommendations on higher Education of Hunter Commission.)

উত্তৰঃ উচ্চ শিক্ষা সম্বন্ধে হাণ্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) কলেজবোৰক আৰ্থিক মঞ্জুৰী দিয়াৰ ক্ষেত্ৰত শিক্ষকৰ সংখ্যা, তেওঁলোকৰ যোগ্যতা, ‘আৰ্থিক ব্যয় আৰু স্থানীয় প্রয়োজনৰ প্ৰতি মনোযোগ দিব লাগে।

(খ) শিক্ষানুষ্ঠানৰ ঘৰ-দুৱাৰ নিৰ্মাণ, শিক্ষা সঁজুলিৰ ক্ৰয় আৰু পুথিভঁৰাল আদি স্থাপনৰ বেলিকা প্রয়োজন অনুসৰি চৰকাৰী অনুদান দিব লাগে।

(গ) স্থানীয়ভাৱে পৰিচালিত অনুষ্ঠানে চৰকাৰী কলেজতকৈ কম মাছুল লোৱাৰ অধিকাৰ থাকিব লাগে।

(ঘ) যিসকল ভাৰতীয় লোকে ইউৰোপীয় দেশত উচ্চ শিক্ষা লাভ কৰিছে তেওঁলোকক কলেজত শিক্ষকতাৰ বাবে সুবিধা দিব লাগে।

(ঙ) মেধাবী ছাত্ৰক চৰকাৰী বৃত্তিদান কৰি বিদেশত উচ্চ শিক্ষা লাভ কৰিবলৈ পঠিয়াব লাগে।

(চ) কলেজীয়া পাঠ্যক্রম বহল পৰিসৰৰ কৰি তুলি কেতবোৰ বিকল্প বিষয় অন্তর্ভুক্ত কৰিব লাগে। ছাত্ৰসকলে তেওঁলোকৰ আগ্ৰহ অনুসৰি বিষয় নিৰ্বাচনৰ সুবিধা পাব পাৰে। 

(ছ) ছাত্ৰসকলৰ নৈতিক মানদণ্ড উন্নত কৰি তুলিবৰ বাবে পাঠ্যক্ৰমত প্রাকৃতিক বিষয় আৰু মানৱ ধৰ্মৰ সাৰতত্ত্ব অনুভৱ কৰিব পৰা বিষয় অন্তর্ভুক্ত কৰিব লাগে।

(জ) ছাত্ৰসকলৰ মানবীয় কৰ্তব্য আৰু নাগৰিক দায়িত্ব সম্বন্ধে এখন নির্দেশনামা কলেজৰ অধ্যক্ষ আৰু অধ্যাপকসকলে প্ৰস্তুত কৰি তুলির লাগে।

(ঝ) উচ্চ শিক্ষাৰ পাঠ্যক্ৰমে ছাত্ৰৰ ব্যক্তিগত প্রয়োজন পূৰণ কৰিব পাৰিব লাগে ৷ 

(ঞ) কলেজত বিনামূলীয়া শিক্ষা পোৱা ছাত্ৰৰ সংখ্যা সীমিত কৰি ৰাখিব লাগে।

১৫। হাণ্টাৰ আয়োগৰ প্ৰাথমিক শিক্ষাৰ পৰামৰ্শসমূহৰ মূল্যায়ন কৰা।

(Assessment of the recommendations on Primary Education of Hunter Commission.)

উত্তৰঃ ১৮৮২ চনৰ হাণ্টাৰ আয়োগে প্রাথমিক শিক্ষাৰ সকলোবোৰ গুৰুত্বপূৰ্ণ দিশৰ স্পৰ্শ কৰে আৰু তাৰ প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ফলত স্বাভাৱিকতেই এই পৰ্যায়ৰ শিক্ষাত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে। অৱশ্যে এই প্রভাব ‘দেশৰ শিক্ষা বিকাশৰ সম্পূৰ্ণ অনুকূল বুলিব নোৱাৰি। উল্লেখযোগ্য যে সেই সময়ত ইংলেণ্ডৰ প্ৰাথমিক শিক্ষাত স্বায়ত্ত শাসনৰ নীতি গ্ৰহণ কৰা হৈছিল । সেইবাবে ভাৰততো তেনে এক স্বায়ত্ত শাসনৰ নীতিগ্ৰহণৰ আয়োগে পৰামৰ্শ দিয়াটো স্বাভাৱিক৷ ইয়াৰ উপৰি লৰ্ড ৰিপন এই প্রশাসন নীতিৰ বিশেষ উদ্যোগী আছিল৷ এনে কাৰণতে প্ৰাথমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব ৰাজ্যিক চৰকাৰৰ হাতৰ পৰা স্থানীয় কর্তৃপক্ষৰ হাতত দি এক আমূল পৰিৱৰ্তন আনিবলৈ বিচৰা হৈছিল। ভবা হৈছিল যে চৰকাৰে প্ৰত্যক্ষভাৱে প্ৰাথমিক শিক্ষাত জড়িত হৈ পৰিলে এই শিক্ষা সৰ্বসাধাৰণ লোঁকৰ ওচৰ চপাই নিব পৰা নাযাব। এই প্ৰসংগত জনসাধাৰণৰ শিক্ষা বিকাশৰ বাবে থকা আয়োগৰ আন্তৰিকতা অস্বীকাৰ কৰিব নোৱাৰি।

আয়োগৰ প্ৰাথমিক শিক্ষাৰ এই স্বায়ত্ত শাসনৰ নীতিয়ে ইয়াৰ কাৰ্যকৰী দিশত আশানুৰূপ ফল দিব নোৱাৰিলে। শিক্ষা সমালোচকৰ দৃষ্টিত এই নীতিয়েই আয়োগৰ প্ৰধান দুর্বলতা আৰু ভ্ৰান্তি স্বৰূপে পৰিগণিত হয়। কোৱা হয় যে জন শিক্ষা আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ প্রাথমিক শিক্ষাৰ এই বিষয়টো অনভিজ্ঞ স্থানীয় কর্তৃপক্ষৰ হাতত এৰি দিয়া হয়। অথচ ইয়াৰ বাবে দিয়া চৰকাৰী অৰ্থ-সাহায্যৰ পৰিমাণ হয় অতি সামান্য, মুঠ ব্যয়ৰ মাত্ৰ এক তৃতীয়াংশ। ফলত চৰকাৰী দায়িত্ব আৰু কৰ্তৃত্ব এৰাই চলাৰ নীতি এটাহে গ্ৰহণ কৰা হয়, যাৰ পৰিণতি হয় বিশেষ ক্ষতিকাৰক।

প্রাথমিক শিক্ষাৰ দিশত আয়োগৰ সফলতা আৰু বিফলতাসমূহ তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—

সফলতাসমূহঃ

(ক) ভাৰতবৰ্ষত জন-শিক্ষাৰ প্ৰয়োজনীয়তা আয়োগে সম্পূৰ্ণৰূপে অনুভৱ কৰি উঠিছিল আৰু ইয়াৰ প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াইছিল।

(খ) প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ পৰামৰ্শ দিয়াটো সম্পূর্ণ যুক্তিসংগত হৈছিল।

(গ) আয়োগে মিছনেৰীসকলৰ প্ৰচেষ্টা সম্পূর্ণ ব্যৰ্থ কৰি দিয়াৰ বাবে ভাৰতীয়সকলৰ শিক্ষা বিকাশত ইয়াৰ অনুকূল প্ৰভাৱ পৰে।

(ঘ) চৰকাৰী অনুদান প্ৰদানৰ ব্যৱস্থাত আয়োগে এক ধৰ্ম নিৰপেক্ষতাৰ নীতি উৎসাহিত কৰি তোলে৷

(ঙ) পাঠ্যক্ৰমৰ নতুনত্ব প্রদান, শিক্ষকৰ প্ৰশিক্ষণ আৰু প্ৰাথমিক স্কুলৰ শিক্ষা পৰিদৰ্শন আদিৰ ব্যৱস্থা কৰি এই পৰ্যায়ৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি তোলা হয়। (চ) জনজাতি আৰু পিচপৰা শ্রেণীলোকৰ শিক্ষাৰ দায়িত্ব চৰকাৰৰ হাতত দিয়াৰ পৰামৰ্শও অধিক যুক্তিসংগত বুলিব পাৰি।

বিফলতাসমূহঃ

(ক) প্ৰাথমিক শিক্ষাৰ দায়িত্বৰ পৰা চৰকাৰক অব্যাহতি দিয়াৰ ফলত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ প্ৰতি আয়োগে অনুভৱ কৰিব নোৱাৰিলে।

(খ) নতুনকৈ গঠিত হোৱা মিউনিচিপেলিটি আৰু লোকেল ব’ৰ্ডবোৰে অনভিজ্ঞতাৰ বাবে প্ৰাথমিক শিক্ষাৰ দায়িত্ব আশানুৰূপভাৱে পালন কৰিব নোৱাৰিলে ।

(গ) প্ৰাথমিক শিক্ষাৰ দৰে জন সাধাৰণৰ শিক্ষাৰ গুৰুত্বপূৰ্ণ বিষয় এটাৰ দায়িত্ব আয়োগে অধিক দৃঢ়তাৰে চৰকাৰৰ হাতত দিয়াৰহে পৰামৰ্শ দিব লাগিছিল।

(ঘ) প্ৰাথমিক শিক্ষাৰ বাবে খৰছৰ এক তৃতীয়াংশ চৰকাৰী সাহায্য যে যথেষ্ট নহয় সেই কথা অনুমান কৰাতো আয়োগ ব্যর্থ হয়।

(ঙ) ওপৰত উল্লেখ কৰা কথা কেইটাৰ পৰা এই কথাকেই স্পষ্ট হৈ উঠে যে আয়োগে ৰাজ্যিক চৰকাৰবোৰক প্ৰাথমিক শিক্ষাৰ দিশত এক ৰক্ষাকৱচ দিবলৈহে চেষ্টা কৰিছিল ৷ 

Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি Question Answer can be of great value to excel in the examination.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top