Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ

Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ Question Answer can be of great value to excel in the examination.

Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ

Join Telegram channel

Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ Notes cover all the exercise questions in UGC Syllabus. The Education In Pre-Independent India Unit 1 ভাৰতবৰ্ষৰ শৈক্ষিক হেৰিটেজ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Educational Heritage Of India

EDUCATION

EDUCATION IN PRE-INDEPENDENT INDIA

প্ৰাক্ স্বাধীনতা কালৰ ভাৰতবৰ্ষৰ শিক্ষা

১। বৈদিক শিক্ষাৰ মূল ভিত্তি কি আছিল? 

(What is the basis of Vedic education?) 

উত্তৰঃ বৈদিক শিক্ষাৰ মূল ভিত্তি হ’ল বেদসমূহ।

২। বেদৰ অৰ্থ কি?

(What is the meaning of Veda?) 

উত্তৰঃ বেদৰ অৰ্থ হ’ল সত্য অথবা যথার্থ জ্ঞান। বিশ্বৰ আটাইতকৈ পুৰণি জ্ঞানৰ ভঁৰাল হ’ল বেদবোৰ।

৩। অতি প্রাচীন বেদখনৰ নাম কি?

(What is the name of ancient Veda?)

উত্তৰঃ ঋক্‌বেদ।

8। বৈদিক শিক্ষা ব্যৱস্থাত অধ্যয়নৰ সময়সীমা কিমান আছিল? 

(What was the duration of education in the Vedic system of education?)

উত্তৰঃ বৈদিক শিক্ষা ব্যৱস্থাত অধ্যয়নৰ সময়সীমা ১২ বছৰ আছিল।

৫। বৈদিক শিক্ষা ব্যৱস্থাত শিক্ষাদানৰ পদ্ধতি কি আছিল?

(What was the method of teaching in the Vedic system of education?)

উত্তৰঃ বৈদিক শিক্ষা ব্যৱস্থাত প্ৰত্যক্ষ আৰু মৌখিক পদ্ধতিত (Oral method) শিক্ষাদান কৰা হৈছিল।

৬। বৈদিক শিক্ষাৰ মাধ্যম কি আছিল?

(What was the medium of instruction in the Vedic system of education?)

উত্তৰঃ বৈদিক শিক্ষাৰ মাধ্যম সংস্কৃত (Sanskrit) আছিল।

৭। বৈদিক শিক্ষা ব্যৱস্থাৰ আৰম্ভণিৰ অনুষ্ঠানৰ নাম কি আছিল?

(Name the Ceremony conducted for starting education in the Vedic system of education?)

উত্তৰঃ উপনয়ন (Upanayana) বৈদিক শিক্ষা ব্যৱস্থাৰ আৰম্ভণিৰ অনুষ্ঠান আছিল।

৮। বৌদ্ধ শিক্ষা ব্যৱস্থাত ছাত্ৰসকলক কি বুলি কোৱা হৈছিল? 

(What were the students called in the Buddhist system of education?) 

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাত ছাত্ৰসকলক ভিক্ষুক (Monks) বুলি কোৱা হৈছিল। 

৯। বৌদ্ধ শিক্ষা ব্যৱস্থাত শিক্ষাৰ আৰম্ভণিৰ বাবে কি অনুষ্ঠান পতা হৈছিল? 

(Name the Ceremony conducted for starting education in Buddhist system of education?) 

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাত প্ৰৱেশৰ বাবে পব্বজ্য (Pabbajja) অনুষ্ঠান পতা হৈছিল।

১০। বৌদ্ধ শিক্ষা ব্যৱস্থাত নামভৰ্তিৰ বয়স কিমান আছিল? 

(What was the age of admission in the Buddhist system of education?)

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাত ছাত্ৰসকলে ৮ বছৰ বয়সত মঠসমূহত নামভৰ্তি কৰিছিল। 

১১। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ মুখ্য কেন্দ্ৰ কি আছিল?

(Name the main centres of education of the Buddhist system of education?)

উত্তৰঃ বিহাৰ (Vihar) হ’ল বৌদ্ধ শিক্ষা ব্যৱস্থাৰ মুখ্য কেন্দ্ৰ।

১২। মুছলমান শিক্ষা ব্যৱস্থাৰ শিক্ষা আৰম্ভণিৰ বয়স কিমান আছিল? 

(What was the age of starting education in the Islamic system of education?)

উত্তৰ‍ঃ ৪ বছৰ ৪ মাহ ৪ দিনত মুছলমানসকলৰ বিদ্যাৰম্ভ কৰা হৈছিল।

১৩। মুছলমান শিক্ষা ব্যৱস্থাৰ আৰম্ভণিৰ অনুষ্ঠানৰ নামটো উল্লেখ কৰা। 

(Mention the Ceremony conducted for starting education in Islamic system.)

উত্তৰঃ ‘বিচ্‌মিল্লাখানী’ অনুষ্ঠানৰ জৰিয়তে মুছলমানসকলৰ বিদ্যাৰম্ভ কৰা হৈছিল। 

১৪। মুছলমান শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠানটোৰ নাম কি?

(What is the name of the institution of primary education in Islamic system of education?)

উত্তৰঃ মক্তাব হ’ল মুছলমান শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান।

১৫। মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানটোৰ নাম কি? 

(What is the name of the institution of higher education in Islamic system of education?)

উত্তৰঃ মাদ্ৰাছা হ’ল মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ ৷

১৬। বৈদিক শিক্ষাৰ যিকোনো এটা সবলতা উল্লেখ কৰা।

(Mention any one strength of Vedic education.) 

উত্তৰঃ বৈদিক শিক্ষাৰ আধ্যাত্মিকতাবাদে বৰ্তমান সময়ৰ সংকীৰ্ণ ধৰ্ম-সম্প্ৰদায়ৰ উৰ্ধলৈ উঠি মানৱতাৰ বাবে সত্য, সুন্দৰ, প্ৰেম আৰু শান্তিৰ বানী বিশ্বত প্ৰচাৰ কৰিব পাৰিছিল।

১৭। বৈদিক শিক্ষাৰ যিকোনো এটা দুৰ্বলতা উল্লেখ কৰা।

(Mention any one weakness of Vedic education.) 

উত্তৰঃ (১) বৈদিক শিক্ষা ব্ৰাহ্মণ পুৰোহিতসকলেই প্ৰদান কৰা হেতুকে যাগ-যজ্ঞ, মাংগলিক ক্রিয়া আদি ধর্মীয় কাৰ্যসূচীসমূহেই শিক্ষাত অধিক আৰু অহেতুকভাৱে প্ৰাধান্য লাভ কৰিছিল।

১৮। বৌদ্ধ শিক্ষাৰ যিকোনো এটা সবলতা উল্লেখ কৰা।

(Mention any one strength of Buddhist education.) 

উত্তৰঃ বৌদ্ধ শিক্ষা সাংগঠনিক দিশত গণতান্ত্রিক নীতিৰ দ্বাৰা পৰিচালিত। বৈদিক শিক্ষাৰ দৰে গুৰুৰ এক নায়কত্ববাদী প্ৰভাৱৰ পৰা ই মুক্ত ৷ সংঘৰ শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষা, ই ব্যক্তিৰ দ্বাৰা গৃহ পৰিচালিত নহয় ৷

১৯। বৌদ্ধ শিক্ষাৰ যিকোনো এটা দুর্বলতা উল্লেখ কৰা।

(Mention any one weakness of Buddhist education.) 

উত্তৰঃ বৌদ্ধ শিক্ষাই ধৰ্মীয় আৰু নৈতিক জীৱনৰ ওপৰতেই একপক্ষীয়ভাৱে গুৰুত্ব আৰোপ কৰে। ফলত পাছলৈ ই ক্ৰমে সৰ্বসাধাৰণ লোকৰ পৰা আঁতৰি যায় আৰু বৌদ্ধ ভিক্ষু তথা শ্ৰমণসকলৰ মাজতেই আবদ্ধ হৈ পৰে।

২০। মুছলমান শিক্ষাৰ যিকোনো এটা সবলতা উল্লেখ কৰা।

(Mention any one merit of Islamic education.)

উত্তৰঃ মুছলমান ধৰ্মৰ মতে সকলো ছাত্ৰই ধৰ্মীয় অনুভূতিৰে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো এক অপৰিহাৰ্য কর্তব্য স্বৰূপে বিবেচনা কৰা হৈছিল। সেয়েহে ধৰ্মৰ নামত এই শিক্ষাৰ এক বাধ্যতামূলক মনোভাব থকাটো পৰিলক্ষিত হয়।

২১। মুছলমান শিক্ষাৰ যিকোনো এটা দুৰ্বলতা উল্লেখ কৰা।

(Mention any one demerit of Islamic education.) 

উত্তৰঃ মুছলমান ৰজাসকলে দেশৰ শিক্ষা পৰিচালনা কৰিছিল যদিও হিন্দুসকলৰ পুৰণি শিক্ষা ব্যৱস্থাৰ প্ৰতি সমূলি আওকাণ কৰা হৈছিল। কেৱল ইছলাম ধৰ্মৰ অনুগামীসকলেহে শিক্ষাৰ সুবিধা পাব পাৰিছিল। শিক্ষাত ধৰ্ম নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰা হোৱা নাছিল ।

চমু প্রশ্নোত্তৰ

১। “গুৰুকুল পদ্ধতি”ৰ অৰ্থ কি?

(What is the meaning of ‘Gurukal system’?) 

উত্তৰঃ বৈদিক যুগত শিষ্যসকলে ১২ বছৰ বয়সত উপনয়ন অনুষ্ঠান সম্পন্ন কৰি শিক্ষা আহৰণৰ বাবে গুৰুগৃহলৈ যাত্ৰা কৰিছিল। গুৰুকুলৰ অৰ্থ হ’ল গুৰুগৃহ (The family of the teacher)। শিষ্যসকলে গুৰুগৃহত জীৱনৰ প্ৰয়োজনীয় সকলো শিক্ষা গ্রহণ কৰিছিল। এনেধৰণে অতীতত প্ৰচলন হোৱা শিক্ষা ব্যৱস্থাটোক গুৰুকুল শিক্ষা ব্যৱস্থা বা “গুৰুকুল প্রথা” (Gurukul system) বুলি কোৱা হয়।

২। ‘উপনয়ন’ৰ অৰ্থ কি?

(What is the meaning of Upanayana?)

উত্তৰঃ ‘উপনয়ন’ৰ অৰ্থ হৈছে শিক্ষা নিৰ্দেশনা লাভৰ বাবে গুৰুৰ ওচৰত বহা। এই অনুষ্ঠানৰ যোগেদি শিষ্যই ব্রহ্মচর্য পালন কৰি আধ্যাত্মিক জীৱন আৰম্ভ কৰিব পাৰে। সেইবাবে ইয়াক ব্যক্তিৰ জীৱনৰ ‘দ্বিতীয় জন্ম’ বা “দ্বিজ” স্বৰূপে জনা যায়।

৩। ‘পব্বয্য’ৰ অর্থ কি?

(What is the meaning of Pabbajja?) 

উত্তৰঃ সংঘৰ সদস্য হোৱাৰ পূৰ্বে ছাত্ৰই ৮ বছৰ বয়সত বিদ্যাৰন্তৰ বাবে সহজ-সৰল কিন্তু গাম্ভীর্যপূর্ণ অনুষ্ঠান উদযাপন কৰিব লাগে। ইয়াক “পব্বব্য” (Pabbajja) বোলা হয়। ইয়াৰ অৰ্থ হৈছে ‘ঘৰৰ বাহিৰ ওলোৱা’। অর্থাৎ ঘৰৰ পৰা বাহিৰ ওলাই গৃহহীন হোৱা। বৌদ্ধ শিক্ষা পদ্ধতি মতে ছাত্রই শিক্ষা আহৰণৰ বাবে ঘৰৰ পৰা ওলাই পুনৰ ঘৰলৈ ঘূৰি নাযায়।

8।  সমাবর্তন মানে কি?

(What is Samavartana?)

উত্তৰঃ বৈদিক শিক্ষা সমাপ্তিৰ উৎসৱক সমাবর্তন বোলা হয়। ‘সমাবর্তন’ৰ অৰ্থ হৈছে ছাত্ৰই গুৰু গৃহৰ পৰা নিজৰ গৃহলৈ উভটি যোৱা। গুৰুগৃহত পালন কৰা ব্ৰহ্মচৰ্যৰ নিয়ন্ত্রিত জীৱনৰ সকলো বাধা নিষেধ অন্ত পেলাই ছাত্ৰই এই উৎসৱৰ যোগেদি সসম্মানে সামাজিক জীৱনলৈ ঘূৰি যায়।

৫। বৈদিক শিক্ষাৰ দুটা গুণ উল্লেখ কৰা।

(Mention two merits of Vedic education.)

উত্তৰঃ বৈদিক শিক্ষাৰ দুটা গুণ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল— 

(ক) বৈদিক যুগৰ শিক্ষাই আত্মোপলব্ধিৰ মাজেৰে চৰম সত্যত উপনীত হোৱাত সহায় কৰিছিল।

(খ) বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষার্থীসকলক আত্মসংযমী, নৈতিকভাৱে শক্তিশালী, আদর্শবান হোৱাত সহায় কৰিছিল।

৬। বৈদিক শিক্ষা ব্যৱস্থাৰ দুটা দোষ উল্লেখ কৰা।

(Mention two demerits of Vedic education system.)

উত্তৰঃ বৈদিক শিক্ষা ব্যৱস্থাৰ দুটা দোষ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল— 

(ক) বৈদিক শিক্ষা ব্যৱস্থা ধৰ্মীয় গোড়ামীৰে পৰিবেষ্টিত হৈ থকা বাবে অধ্যয়নতকৈ অধিকভাৱে পূজা-পার্বন, যাগ-যজ্ঞ আদিৰ শিক্ষাহে শিষ্যসকলে পাইছিল। 

(খ) বৈদিক শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বেদকেন্দ্ৰিক আছিল বাবে ব্যক্তিৰ চিন্তা, বিশ্লেষণ, যুক্তি আদিৰ বিকাশত যতি পৰিছিল।

৭। উপসম্পদ বুলিলে কি বুজা?

(What do you mean by Upasampada?) 

উত্তৰঃউপসম্পদ হ’ল বুদ্ধ আদৰ্শত চূড়ান্তভাৱে অন্তযুক্ত হোৱা অনুষ্ঠান শ্রমন (Shramana)সকলে উপসম্পদ অনুষ্ঠানৰ মাধ্যমত পুৰ্ণভিক্ষুক হোৱাৰ পথ সুগম কৰে। উপসম্পদ দীক্ষা লোৱাৰ পিছতহে এজন শ্ৰমন সংঘৰ পূৰ্ণসদস্য হ’বলৈ সক্ষম হয়।

৮। দুটা বৌদ্ধ মঠৰ নাম লিখা।

(Write two name of Buddhist Monastery.) 

উত্তৰঃ বৌদ্ধ মঠসমূহৰ ভিতৰত উল্লেখযোগ্য মঠ দুটা হ’ল— নালন্দা আৰু বিক্রমশীলা। পিছলৈ এই দুয়োটা মঠেই বিশ্ববিদ্যালয় ৰূপে জনাজাত হৈ পৰিছিল।

৯। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা গুণ উল্লেখ কৰা। 

(Mention two merits of Buddhist system of education.)

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা গুণ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল— 

(ক) বৌদ্ধ শিক্ষা ব্যৱস্থা গণতান্ত্রিক ভাৱধাৰাৰ দ্বাৰা সমৃদ্ধ হৈ উঠিছিল। জাতি, বর্ণ ধর্মনির্বিশেষে সকলো শিক্ষার্থীয়ে ইয়াত নামভৰ্তি কৰাৰ সুবিধা পাইছিল।

(খ) বৌদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষু-ভিক্ষুণীসকলক সহজভাৱে জীৱন-যাপন কৰি উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাত উদ্‌গনি যোগাইছিল।

১০। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা দোষ উল্লেখ কৰা।

(Mention two demerits of Buddhist education system.) 

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা দোষ তলত সংক্ষেপে উল্লেক কৰা হ’ল— 

(ক) বৌদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষার্থীসকলক সাংসাৰিক জীৱনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিছিল।

বৌদ্ধ শিক্ষা ব্যৱস্থাই সামাজিক বিকাশত কোনো ধৰণে সহায় কৰিব পৰা নাছিল। এই শিক্ষা মঠ, বিহাৰ আৰু সংঘৰ মাজতে সীমাবদ্ধ হৈ আছিল।

১১। মুছলমান শিক্ষা ব্যৱস্থাৰ দুটা গুণ উল্লেখ কৰা।

(Mention two merits of Muslim education system.)

উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰ দুটা গুণ হ’ল—

(ক) মুছলমান শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধৰ্মক ভিত্তি কৰি গঢ়ি উঠিছিল যদিও এই শিক্ষাই ব্যৱহাৰিক দিশকো সামৰি লৈছিল।

(খ) মুছলমান শিক্ষা ব্যৱস্থাই ইতিহাস অধ্যয়নৰ ওপৰত অধিক প্রাধান্য দিয়া হেতুকে ভাৰতবৰ্ষত পৰৱৰ্তী কালত ইতিহাস ৰচনাত সহায় হৈছিল।

১২। মুছলমান শিক্ষা ব্যৱস্থাৰ দুটা দোষ উল্লেখ কৰা।

(Mention two demerits of Muslim education system.) 

উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰ দুটা দোষ হ’ল—

(ক) মুছলমান শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে মুছলমান শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য হোৱা দেখা গৈছিল।

(খ) মুছলমান শিক্ষা ব্যৱস্থা চহৰকেন্দ্ৰিক আছিল বাবে ই জনসাধাৰণলৈ বিয়পি পৰা নাছিল। 

১৩। চাৰিবেদৰ নাম উল্লেখ কৰা। 

(Mention the name of four Veda.) 

উত্তৰঃ বেদ চাৰিখনৰ নাম হ’ল— ঋক্‌বেদ, সামবেদ, যজুৰবেদ আৰু অথর্ববেদ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ইছলামীয় শিক্ষা ব্যৱস্থাৰ পাঁচটা সাংগঠনিক বৈশিষ্ট্য উল্লেখ কৰা। 

(Mention five Salient features of Islamic education system.) 

উত্তৰঃ ইছলামীয় শিক্ষা ব্যৱস্থাৰ ইতিহাস অধ্যয়ন কৰিলে তাৰ কেইটামান বিশেষ বৈশিষ্ট্য থকা পৰিলক্ষিত হয়।

তলত পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) নিম্ন মানদণ্ডৰ শিক্ষা (Law standard education): মুছলমান শাসকসকলে অধিক সময় শাসন কার্যত ব্যস্ত থকা হেতুকে শিক্ষাৰ বিকাশৰ পিনে বিশেষ মনোযোগ দিব পৰা নাছিল ৷ যাৰ ফলত শিক্ষাৰ মানদণ্ডৰ গতি নিম্ন স্তৰলৈ যোৱাটো দৃষ্টিগোচৰ হৈছিল।

(খ) বিকাশ গতিশীল নহয় (No continuous Growth): মুছলমান শিক্ষা ব্যৱস্থাৰ বিকাশৰ ধাৰা গতিশীল নাছিল। প্রশাসকসকলৰ শিক্ষাৰ প্ৰতি অৱহেলাৰ মনোভাৱে আৰু ইজনে সিজনক বশ কৰাৰ মনোভাৱে প্ৰকৃত উদ্দেশ্যৰ পৰা ফালৰি কাটি আহিছিল।

(গ) মছজিদকেন্দ্রিক শিক্ষা (Mosque Central Education): শিক্ষা সম্প্ৰসাৰণৰ মূলতে মছজিদবোৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো ইছলামীয় শিক্ষাৰ আন এটা প্ৰধান বৈশিষ্ট্য আছিল। মছজিদবোৰৰ বাৰাণ্ডাত মোক্তাবৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। মছজিদবোৰত কোৰাণ পাঠ আৰু ধৰ্মীয় ৰীতি-নীতিৰ বিষয়ে শিক্ষা দিয়া হৈছিল।

(ঘ) ৰাজকীয় পৃষ্ঠপোষকতা (Patronization of Emperor): ইছলামীয় শিক্ষাই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰাটো আছিল আন এক উল্লেখযোগ্য বৈশিষ্ট্য। মুছলমান ৰজাসকলে দেশৰ যুৱকসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। ৰজাসকলে ঘন বসতিৰ অঞ্চলত আৰু ৰাজধানী চহৰবোৰত মোক্তাব, মাদ্ৰাছা আদি স্থাপন কৰাৰ উপৰিও পাঠাগাৰ কিছুমান সজাই দিছিল।

(ঙ) শিক্ষাৰ পাঠ্যক্ৰম (Curriculum of Education): ইছলামীয় শিক্ষা ব্যৱস্থাত ধৰ্মীয় বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল যদিও শিক্ষাৰ পাঠ্যক্ৰমত ধৰ্মীয় বিষয়ৰ লগতে সার্বজনীন তথা ধর্ম নিৰপেক্ষ বিষয়ো সামৰি লোৱা হৈছিল। মহামতি আকবৰৰ দিনত এনে ব্যৱস্থাৰ পৰিৱৰ্তন আনিবলৈ বিচৰা হৈছিল আৰু শিক্ষাৰ পাঠ্যক্ৰমত বুৰঞ্জী ভূগোল আৰু ভাষা অধ্যয়নৰ ওপৰত প্ৰাধান্য দিয়া হৈছিল।

২। বৈদিক যুগত শিক্ষকসকলে প্ৰয়োগ কৰা শিক্ষাদানৰ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the methods of teaching practised by teachers in the Vedic period.) 

উত্তৰঃ বৈদিক যুগৰ শিক্ষাদান পদ্ধতি সেই সময়ৰ সময়োপযোগীকৈ গঢ় দি তোলা হৈছিল ৷ আজিৰ দৰে তেতিয়া প্ৰাথমিক শিক্ষাৰ আৱশ্যকতা অনুভৱ কৰা নহৈছিল, শিক্ষা ঘাইকৈ উচ্চ শিক্ষাৰ আধাৰতহে গঢ় দি তোলা হৈছিল। শিক্ষণ সঁজুলি আৰু ছপা পুথিৰ সম্পূৰ্ণ অভাৱ হোৱা হেতুকে শিক্ষকে প্রত্যক্ষ আৰু মৌলিকভাৱে ছাত্ৰসকলক শিক্ষাদান কৰিছিল। শ্ৰৱণ, মনন আৰু পুনৰাবৃত্তিকৰণ আছিল শিক্ষা আহৰণৰ মূল উপায়, যাৰ বাবে জ্ঞানৰ উপাদানসমূহ অথবা পাঠ্যবিষয়সমূহ পদ্যত ৰচনা কৰা হৈছিল, যাতে ছাত্ৰসকলে শিক্ষণীয় বিষয় অতি সহজে আয়ত্ব বা মনত সংৰক্ষণ কৰিব পাৰে। সেই সময়ত বেদৰ মন্ত্ৰ অশুদ্ধভাৱে উচ্চাৰণ কৰা কাৰ্যই বেদৰ পবিত্ৰতা নষ্ট কৰে বুলি ভবা হৈছিল, যাৰ বাবে গুৰুৱে বেদৰ মন্ত্ৰৰ স্পষ্ট আৰু সঠিকভাৱে উচ্চাৰণ কৰিছিল আৰু ছাত্ৰসকলে তাক শুদ্ধ আৰু যথাৰ্থভাৱে অনুসৰণ কৰিছিল। কোনো ছাত্রই ভুল উচ্চাৰণ কৰিলে তাক তৎক্ষণাত গুৰুৱে শুধৰাই দিছিল। সেই সময়ত শিক্ষাদান পদ্ধতিত লাভ কৰা বেদজ্ঞান ছাত্ৰসকলে যাতে অনুভৱ কৰি বুজি উঠিব পাৰে তাৰ বাবে তপস্যা, আত্ম অধ্যয়ন আৰু আত্ম-উপলব্ধিৰ ব্যৱস্থা কৰা হৈছিল। অর্জিত জ্ঞানৰ পৰিপক্কতা ছাত্ৰই লাভ কৰি কাৰ্যক্ষেত্ৰত তাক প্ৰয়োগ কৰি উঠিবৰ বাবে প্রশ্ন উত্তৰ, তৰ্ক, আলোচনা চক্ৰ আদিত ছাত্রই ত্যাগ লোৱাৰ ব্যৱস্থা কৰা হৈছিল। পৰমব্ৰহ্ম, সত্য, ন্যায় আদিৰ উপলব্ধিৰ বাবে বৈদিক শিক্ষা ব্যৱস্থাত আলোচনা পদ্ধতি অধিক উপযুক্ত স্বৰূপে বিবেচনা কৰা হৈছিল।

৩। বৈদিক শিক্ষাত ছাত্র-শিক্ষকৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about the teacher-pupil relationship during Vedic Education.)

উত্তৰঃ পুৰণি বৈদিক শিক্ষাৰ এক আকর্ষণীয় দিশ হৈছে ছাত্র-শিক্ষকৰ মাজত বিৰাজ কৰা মধুৰ সম্বন্ধ। সামাজিক বা চৰকাৰীভাৱে প্ৰতিষ্ঠিত ৰাজহুৱা শিক্ষানুষ্ঠান সেই সময়ত নথকা বাবে গুৰুৰ প্ৰতি গুণমুগ্ধভাৱে আকৃষ্ট হৈছে, প্ৰত্যক্ষভাৱে ছাত্র-শিক্ষকৰ সম্বন্ধ স্থাপন হৈছিল। গুৰুৰ ঘৰত থকা-খোৱা কৰি আৰু সকলো ঘৰুৱা কাম-কাজত সহায় কৰি পৰিয়ালৰ এজন সদস্য স্বৰূপে বাস কৰিছিল। ছাত্ৰৰ সকলোবোৰ প্ৰয়োজন পূৰণৰ দায়িত্ব লোৱা আৰু বেমাৰ-আজাৰত চিকিৎসা কৰাটো গুৰুৰ কৰ্তব্য আছিল। এনে কাৰণত গুৰু শিষ্যৰ সম্বন্ধ পিতাপুত্ৰৰ সম্বন্ধৰ দৰে নিবিড় আছিল। গুৰু-শিষ্যৰ সম্বন্ধই ছাত্ৰৰ মনত শ্রদ্ধা, ভক্তি, আন্তৰিকতা, বিনম্ৰতা, সৰলতা আদি গুণসমূহ বিকশাই তুলিছিল। গুৰুৰ আদেশ-নিৰ্দেশ পালন কৰা, আনুগত্য প্রকাশ কৰা, প্রতিদিনে পুৱা পাঠ গ্ৰহণৰ পূৰ্বে আৰু পাঠ গ্ৰহণৰ অন্তত গুৰৰ চৰণ স্পৰ্শ কৰাটো নিয়ম আছিল ৷ গুৰু-শিষ্যৰ সম্বন্ধৰ এনে নিবিড়তাৰ বাৰে শিক্ষা সমাপ্ত কৰি ছাত্ৰই গুৰুগৃহ ত্যাগ কৰাৰ সময়ত নিজ সাধ্য অনুসৰি গুৰুক মাননি বা গুৰুদক্ষিণা প্ৰদান কৰিছিল৷ এনে গুৰু দক্ষিণা গো, ভূমি, অশ্ব নাইবা ফলমূলো হ’ব পাৰিছিল। গুৰুগৃহ ত্যাগ কৰাৰ পিছতো ছাত্ৰই গুৰুক সাক্ষাৎ কৰি উপহাৰ প্ৰদান কৰাৰ অভ্যাস ৰাখিছিল আৰু গুৰুসকলে শিষ্যৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আশীর্বাদ তথা উপদেশ প্ৰদান কৰিছিল।

8। বৈদিক শিক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about the Curriculum of Vedic Education.) 

উত্তৰঃ বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰমত উপযোগিতা, প্রায়োগিকতা আৰু গতিশীলতাৰ নীতি গ্ৰহণ কৰা হৈছিল। সেই সময়ৰ আধ্যাত্মিক জীৱনৰ প্ৰয়োজন পূৰণৰ বাবে বেদৰ অধ্যয়ন বাধ্যতামূলক আছিল। বেদৰ জ্ঞানেই সকলোবোৰ জ্ঞান অভিজ্ঞতাৰ মূল উৎসস্বৰূপ আছিল ৷ তথাপি সময়ৰ অগ্ৰগতিৰ লগে লগে বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰমত ক্ৰমে নতুন নতুন বিষয়ৰ সমাবেশ হ’বলৈ ধৰে। বেদৰ অধ্যয়ন অধিক বিজ্ঞানসন্মত কৰি তুলিবৰ বাবে শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, ছন্দ আৰু জ্যোতিষ এই ষষ্ঠ বেদাংগ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হয় । যুক্তি-তৰ্কৰ যোগেদি জ্ঞানৰ সত্য-অসত্য বিচাৰ কৰিবৰ বাবে তর্ক-বিদ্যা অন্তর্ভুক্ত কৰা হয়। বৌদ্ধিক প্রয়োজন পূৰণৰ বাবে গণিত, দর্শন, ইতিহাস, অর্থশাস্ত্র বা অর্থনীতি, ৰাজনীতি, জ্যোতিষ শাস্ত্ৰ আদি বৈদিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়। কৰ্ম আৰু বৌদ্ধিক যোগ্যতাৰ ভিত্তিত মানুহৰ বৰ্ণ বা শ্ৰেণী বিবেচনা কৰি উঠাৰ লগে লগে পাঠ্যক্ৰমত কেতবোৰ বৃত্তিমূলক আৰু কাৰ্যকৰী বিষয়ৰ সমাবেশ কৰা হয়। ইয়াৰ ভিতৰত সুকুমাৰ কলা, ভাস্কর্য, চিকিৎসা বিদ্যা, সর্প-বিদ্যা, ভূত বিদ্যা, ব্ৰহ্ম বিদ্যা, শৈল বিদ্যা, ন্যায়-শাস্ত্র, যুদ্ধ বিদ্যা, ধনু বিদ্যা, বাণিজ্য, কৃষি, পশুপালন আদি উপযোগিতামূলক বিষয় উল্লেখযোগ্য। এনেবোৰ বিবিধ বিষয়ৰ অন্তৰ্ভুক্তয়ে বৈদিক শিক্ষাৰ পাঠ্যক্ৰমৰ ব্যাপকতা, নমনীয়তা আৰু গতিশীলতাৰ পৰিচয় দিয়ে।

৫। বৈদিক শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about Organisational system of Vedic Education.)

উত্তৰঃ বৈদিক শিক্ষা ব্যৱস্থাৰ দায়িত্ব গ্রহণ আৰু পৰিচালনা কৰাৰ বাবে থকা সাংগঠনিক ব্যৱস্থা আধুনিক শিক্ষা ব্যৱস্থাৰ দৰে নাছিল । ৰাষ্ট্ৰ, চৰকাৰ বা ৰাজকীয় শাসনৰ দ্বাৰা বৈদিক শিক্ষা নিয়ন্ত্ৰিত আৰু পৰিচালিত হোৱা নাছিল। ৰজাই শিক্ষা আৰু শিক্ষানুষ্ঠানৰ পৃষ্ঠপোষকতা কৰিছিল যদিও তেওঁৰ অধীনত নিয়ন্ত্রিত হোৱা নাছিল। আধুনিক শিক্ষা ব্যৱস্থাৰ দৰে বৈদিক শিক্ষাৰ তেনে কোনো সামাজিক অনুষ্ঠানো নাছিল। গুৰুৰ পৰিয়ালৰ মাজত তেওঁৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ যোগেদি শিক্ষা পৰিচালিত হোৱা হেতুকে ইয়াক গুৰুকুল ব্যৱস্থা বুলি জনা যায়। শিক্ষাৰ নীতি নিৰ্ধাৰণ, পাঠ্যক্ৰমৰ কাৰ্যকৰীকৰণ অনুশাসন ৰক্ষা, ছাত্ৰৰ কৃতকাৰ্যতা নিৰ্ধাৰণ আদিকে ধৰি শিক্ষাৰ সকলো দিশ গুৰুৱে পৰিচালনা কৰিছিল। শিক্ষা ব্যৱস্থা আবাসিক বিধৰ হোৱা হেতুকে গুৰুৱে ছাত্ৰৰ থকা-খোৱাৰ আৰ্থিক ব্যয়ৰ বাবে ৰজাই সময়ে সময়ে ধনসোন, মাটি-বাৰী আদি দান বৰঙণি স্বৰূপে আগবঢ়াইছিল। ধনী আৰু অৱস্থাপন্ন লোকসকলে আর্থিক সাহায্য দান কৰিছিল। ইয়াৰ উপৰি সৰ্বসাধাৰণ লোকসকলে ছাত্ৰক ভিক্ষা দান কৰি গুৰুগৃহৰ শিক্ষাত সহায় কৰাটো তেওঁলোকৰ নৈতিক কর্তব্য স্বৰূপে বিবেচিত হৈছিল। ৰজাই তেওঁলোকৰ ৰাজদৰবাৰত পণ্ডিত আৰু বিদ্বান লোকসকলক ৰাজ পুৰোহিত, ৰাজ কবি, ৰাজ জ্যোতিষী স্বৰূপে নিযুক্তি দিছিল। ৰজাই ছাত্ৰৰ শিক্ষাত সহায় কৰিবলৈ বৃত্তি প্ৰদানো কৰিছিল ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আর্থিক সাহায্য দানৰ বাবে ৰজাই কিছুমান গাঁৱৰ ৰাজহৰ ধন শিক্ষানুষ্ঠানক প্ৰদান কৰিছিল। পৰোক্ষভাৱে এই সকলোবোৰ সাহায্য আগবঢ়োৱা সত্বেও ৰজাই প্রত্যক্ষ নিয়ন্ত্ৰণত হাত দিয়া নাছিল। শিক্ষাৰ সাংগঠনিক দিশত সেয়েহে স্বায়ত্ব শাসনৰ নীতি গ্ৰহণ কৰা হৈছিল।

৬। গুৰুকুল পদ্ধতিৰ শিক্ষাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

(Discuss briefly about Gurukul system of Education.) 

উত্তৰঃ আধুনিক ভাৰতবৰ্ষৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ লগত বৈদিক বা প্রাচীনকালৰ শিক্ষা ব্যৱস্থাৰ তুলনা কৰিলে সেই সময়ৰ শিক্ষা ব্যৱস্থাত ইয়াৰ সম্পূৰ্ণ অভাৱ অনুভৱ কৰা হৈছিল৷ যদিও আনুষ্ঠানিক শিক্ষাৰ অভাৱ আছিল তথাপি সেই সময়ত ব্যক্তিৰ জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষাৰ অভাৱ বুলি ক’ব নোৱাৰি। সেই সময়ত গুৰুসকলে শিক্ষা প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰিছিল। শিষ্যসকলে নিজগৃহ ত্যাগ কৰি গৈ গুৰুগৃহত শিক্ষালাভ কৰিব লাগিছিল যাক গুৰুকুল প্ৰথা বুলি জনা গৈছিল। সাধাৰণতে ১২ বছৰ বয়সত ‘উপনয়ন’ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰই শিক্ষা আহৰণৰ বাবে গুৰুগৃহলৈ যাত্ৰা কৰিছিল। গুৰুৰ পৰিয়ালত এজন হিচাপে যাৱতীয় সকলো কাম-কাজ কৰি শিষ্যই গুৰুগৃহত জ্ঞান আৰহণ কৰিছিল ৷ বিভিন্ন’ শ্ৰেণীৰ লোকৰ কাৰণে শিষ্যত্ব গ্ৰহণৰ বয়স বিভিন্ন আছিল। সাধাৰণতে যিকোনো এখন বেদ অধ্যয়নৰ কাৰণে ১২ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। শাওন মাহৰ গুৰু পূর্ণিমা তিথিত উপকৰ্মন অনুষ্ঠানৰ জৰিয়তে শিষ্যসকলক শিক্ষাপ্ৰদান কাৰ্য আৰম্ভ কৰা হৈছিল আৰু পিছৰ পুহ মাহৰ পূৰ্ণিমাৰ দিনা বছৰেকীয়া শিক্ষা সমাপন কাৰ্য কৰিছিল। দৈনিক সাত বা ঘণ্টাৰ কাৰণে শিক্ষা প্ৰদান আৰু শিক্ষা আহৰণৰ সময় ধার্য কৰা হৈছিল। প্রতিপদ আৰু পূৰ্ণিমাৰ এই দুই দিন বন্ধৰ দিন আছিল। ফৰকাল বতৰত শ্রেণীসমূহ মুকলি ঠাইত, উদ্যান বা গছৰ তলৰ ছাঁত অনুষ্ঠিত হৈছিল। 

গুৰুকুলসমূহত কঠোৰ নীতি-নিয়মৰ জৰিয়তে শিষ্যসকলৰ অনুশাসন গুণৰ উদ্ভাৱন কৰা হৈছিল। শিষ্যই অতি পুৱাতে উঠি স্নান কার্য সমাপন কৰি সূৰ্যদেৱতাক পূজা কৰা, পুৱা, মধ্যাহ্ন আৰু আবেলি সজ পবিত্ৰৰ (লগুনৰ) আলমত যগ কৰিব লাগিছিল। খং, লোভ, জীৱ হত্যা, আৰু বিপৰীত লিংগ স্পর্শ নীতি বিৰুদ্ধ আছিল, ধনী আৰু দুখীয়া ছাত্ৰৰ মাজত ভেদভাৱ ৰখা নহৈছিল। গুৰুকুলত গুৰু আৰু শিষ্যৰ সম্বন্ধ পিতা-পুত্ৰৰ সম্বন্ধৰ দৰে আছিল। গুৰুৱে নিজৰ ল’ৰাৰ দৰে, শিষ্যসকলে গুৰুক পিতা আৰু ঈশ্বৰৰ দৰে জ্ঞান কৰিছিল। গুৰুকুলসমূহত সাধাৰণভাৱে জীৱন-যাপন কৰাটো সকলোৰে বাবে নিয়ম আছিল। যৌন পবিত্ৰতাক চৰিত্ৰৰ সৰ্বশ্ৰেষ্ঠ গুণ হিচাপে মানি লোৱা হৈছিল। গুৰুগৃহত পালন কৰা ব্ৰহ্মচৰ্যৰ নিয়ন্ত্রিত জীৱনৰ সকলো বাধা নিষেধ অন্ত পেলাই “সমাৱৰ্তন” (Convocation)ৰ জৰিয়তে ‘শিক্ষা শেষ’ হোৱা বুলি স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি প্ৰদানৰ অন্তত শিষ্যসকলে গুৰুৰ বাক্য যথাসাধ্যে পালন কৰিম বুলি গুৰুৰ ওচৰত প্ৰণাম জনাই সমাজ ব্যৱস্থাত সোমাই পৰিছিল। এনেদৰেই ‘গুরুকুল” (Gurukul) পদ্ধতিৰে অতীতত শিক্ষা সম্প্ৰসাৰণ হৈছিল। শিষ্যসকলে প্ৰকৃত উদ্দেশ্যত উপনীত হোৱাৰ অৰ্থে শিক্ষাৰ সহায়ত আত্মাৰ উৎকর্ষ সাধন-শক্তি আহৰণ, সৃজনী শক্তিৰ বিকাশ, প্রকৃত আচৰণবোধৰ ধাৰণা, ধাৰ্মিক, নৈতিক তথা আধ্যাত্মিক মূল্যবোধৰ ধাৰণা, চৰিত্ৰ আৰু ব্যক্তিত্ববোধ, আত্মবিশ্বাসৰ ধাৰণা, আত্মোপলব্ধি আৰু আত্মসম্বৰণৰ ধাৰণা, সামাজিক কর্তব্যবোধৰ ধাৰণা, দৈহিক তথা মানসিক উৎকর্ষ সাধনৰ ধাৰণা আৰু সংস্কৃতি সংৰক্ষণৰ ধাৰণা লাভ কৰাৰ উপৰিও পশুত্ব শক্তি বিনাশ কৰি মানৱত্ববোধৰ ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছিল।

৭। বৈদিক যুগৰ নাৰী শিক্ষাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

(Discuss briefly about Women education in Vedic period.) 

উত্তৰঃ বৈদিক যুগত নাৰীৰ স্থান অতি উচ্চ পৰ্যায়ৰ আছিল। ব্ৰাহ্মণ, আৰন্যক আৰু উপনিষদ অধ্যয়ন কৰিলে সহজে বুজিব পাৰি যে মহিলাসকলে শিক্ষা লাভ কৰাত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল৷ পুৰুষৰ সমানে নাৰীসকলেও নিজস্ব সুপ্ত প্রতিভা বিকশিত কৰিবলৈ শিক্ষাৰ সুবিধা পোৱাটো প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষকৈ বৈদিক যুগৰ শিক্ষাৰ এক প্ৰধান বৈশিষ্ট্য আছিল। বৈদিক যুগৰ সমাজ ব্যৱস্থাই মুখ্যতঃ নাৰীৰ সৰ্বদিশৰ বিকাশত প্রধান অৰিহণা যোগাইছিল। এইখিনি সময়ত প্ৰাচীন ভাৰতৰ নাৰীসকলে পুৰুষৰ সৈতে সমান স্বাধীনতা আৰু সন্মান লাভ কৰিছিল। নাৰীসকলক পুৰুষৰ দৰে সম-পৰিমাণৰ সুযোগ সুবিধা দিবলৈ অকনো কার্পন্য কৰা নাছিল। যাৰ বাবে নাৰীসকলে ইচ্ছানুযায়ী নিজ নিজ প্রতিভা, দক্ষতা, অভিৰুচি, ক্ষমতা আদি গুণাৱলীৰ বিকাশ কৰি তুলিবলৈ পৰ্যাপ্ত সুবিধা পাইছিল।

বৈদিক যুগৰ শিক্ষা ব্যৱস্থা সম্বন্ধে অধ্যয়ন কৰিলে এইটো দেখা যায় যে এই যুগৰ শিক্ষা ব্যৱস্থাত পূজা-অৰ্চনা, যাগযজ্ঞ আদিয়ে বিশেষ ভূমিকা পালন কৰি আহিছিল। বৈদিক মন্ত্ৰৰ উচ্চাৰণেৰে পূজা পাঠৰ মাধ্যমেৰে দৈনিক শিক্ষা কাৰ্যৰ আৰম্ভ হৈছিল আৰু নাৰী-পুৰুষ উভয়ৰে কাৰণে উক্ত বিষয়ৰ শিক্ষা ব্যৱস্থা আছিল। প্রাচীন ধৰ্ম গ্ৰন্থসমূহ অধ্যয়ন কৰিলে এইটো জনা যায় যে সেই সময়ৰ নাৰীসকল বিভিন্ন বিষয়ত অতি উচ্চ পৰ্যায়ৰ শিক্ষাৰে শিক্ষিত আছিল। হিন্দুসকলৰ মূল ধর্মগ্রন্থ বেদৰ বিশেষকৈ ঋক্‌বেদৰ অনেক অংশ নাৰীয়ে ৰচনা কৰিছিল । ঋক্‌বেদৰ ৰচনাত বিশেষভাৱে অৰিহণা যোগোৱা কুৰি গৰাকী নাৰীৰ ভিতৰত উৰ্ব্বশী, অপলা, লোপামুদ্রা, ৰমসা, ঘোষা, নিভৱাৰী, বিচভভৰা, কদ্ৰু, চিকটা আদিয়ে প্রধান ৷ ইয়াৰ বাহিৰেও বৈদিক সাহিত্যৰ ক্ষেত্ৰত নাৰীৰ পুৰুষৰ দৰে সমদখল আছিল। দৰ্শন, তর্কশাস্ত্ৰৰ দৰে কোনো কোনো বিষয়ত অনেক সময়ত মহিলাসকলৰ জ্ঞানৰ সীমা পুৰুষকো অতিক্ৰম কৰি গৈছিল। উপনিষদৰ যুগত যজ্ঞবল্ক্যৰ পৰিবাৰ মৈত্রেয়ীয়ে দৰ্শন শাস্ত্ৰত বিশেষ পাৰদৰ্শিতা লাভ কৰি প্ৰখ্যাত হৈ উঠিছিল। বাল্মিকী আৰু অগস্ত্য মুনিৰ আশ্ৰমত অনেক নাৰীয়ে শিক্ষা লাভ কৰিছিল ৷ এওঁলোকৰে ঐত্রেয়ী নামৰ নাৰীগৰাকীয়ে বেদান্তৰ অধ্যয়নেৰে খ্যাতি লাভ কৰিছিল। মৈত্রেয়ীয়ে বাল্মিকী মুনিৰ আশ্ৰমত লব-কুশৰ সৈতে একেলগে বিদ্যা অর্জন কৰিছিল। এই কথাৰ পৰা শিক্ষাত নাৰী আৰু পুৰুষৰ সম অধিকাৰ থকাৰ বিষয়ে উমান পোৱা যায় ৷

বৈদিক যুগত নাৰী শিক্ষাৰ দিশটো ঐতিহ্যপূৰ্ণ আছিল। ছোৱালীৰ বিদ্যাৰম্ভ ল’ৰাৰ দৰে অনুৰূপ অনুষ্ঠানৰ যোগেদি আৰম্ভ কৰা হৈছিল। ছোৱালীৰো উপনয়ন কৰা হৈছিল আৰু ল’ৰাৰ দৰে যজ্ঞ পবিত্র বা লগুণ ছোৱালীয়েও ধাৰণ কৰিব লাগিছিল। ল’ৰাক যেনেদৰে গায়ত্রী মন্ত্র বা বেদমন্ত্র উচ্চাৰণ কৰিবলৈ দিয়া হৈছিল ছোৱালীয়েও সেই সুবিধা পাইছিল। আশ্রম বা তপোবনত গুৰুৰ অধীনত ল’ৰাৰ দৰে ছোৱালীয়েও থাকিছিল। যদিওবা বৈদিক যুগৰ শিক্ষা ব্যৱস্থা মুখ্যত : পুৰুষৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তৈয়াৰ হৈছিল তথাপি নাৰীৰ শিক্ষাৰ দিশটোৰ প্ৰতিও অৱহেলা কৰা হোৱা নাছিল। প্ৰকৃততে ক’ব পাৰি যে বৈদিক যুগত নাৰী শিক্ষাই পুৰুষৰ দৰে সম-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল।

৮। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the Curriculum of Buddhist Education.)

উত্তৰঃ আধ্যাত্মিক অনুভূতিসমূহ গঢ় দি তোলাটো বৌদ্ধ শিক্ষাৰ প্ৰধান উদ্দেশ্য হোৱা হেতুকে ধর্মীয় বিষয়বোৰ স্বাভাৱিকতেই পাঠ্যক্ৰমত প্রাধান্য লাভ কৰিছিল। ভিক্ষুসকলে বুদ্ধৰ শিকনিসমূহ অধ্যয়ন কৰাৰ উপৰিও চুতন্ত, বিনয়, ধৰ্ম আদি প্রধান বিষয়স্বৰূপে অধ্যয়ন কৰিছিল। বৌদ্ধ শিক্ষাৰ পাঠ্যক্ৰমক প্ৰাথমিক আৰু উচ্চ শিক্ষা স্বৰূপে দুটা পৰ্যায়ত বিবেচনা কৰিব পাৰি। প্ৰথম অৱস্থাত এই শিক্ষা উচ্চ শিক্ষামুখী আছিল যদিও পিছলৈ সৰ্বসাধাৰণৰ প্রয়োজন পূৰণৰ বাবে প্ৰাথমিক শিক্ষাতো ই গুৰুত্ব প্ৰদান কৰিছিল। সেইমতে লিখাঝা-পঢ়া, গণনা কৰা আদিৰ মৌলিক জ্ঞান দিয়া হৈছিল। সৰ্বসাধাৰণৰ বৃত্তীয় প্রয়োজন পূৰণৰ বাবে সূতা কটা, কাপোৰ বোৱা, চিলাই কৰা, ৰং দিয়া, ছপা কৰা, কৃষি, বাণিজ্য, কুটিৰ শিল্প আদিৰ শিক্ষা দিয়া হৈছিল। পালিভাষা আৰু স্থানীয় ভাষা নিম্ন পৰ্যায়ৰ শিক্ষাৰ মাধ্যম আছিল। সংস্কৃত ভাষা ইয়াত ব্যৱহাৰ কৰা নহৈছিল। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো দেখা যায় যে বৈদিক পাঠ্যক্ৰমৰ দৰে এই শিক্ষাৰ পাঠ্যক্রম ব্যাপক পৰিসৰৰ বিশিষ্ট আৰু উপযোগিতামূলক বিষয়ৰ অধ্যয়ন সামৰি লৈছিল। এই সমূহৰ ভিতৰত দর্শন, সাহিত্য, তর্ক-শাস্ত্র, ন্যায়-শাস্ত্র, জ্যোতিষ, চিকিৎসাবিজ্ঞান, যুদ্ধ বিদ্যা আদি উল্লেখ কৰিব পাৰি। 

মন কৰিবলগীয়া যে হিন্দুসকলৰ বেদ আৰু সংস্কৃত ভাষাৰ অধ্যয়নে ইয়াৰ উচ্চ শিক্ষাত বিশেষ স্থান লাভ কৰিছিল। চাৰিবেদৰ অধ্যয়নৰ উপৰিও বেদাংগ, পুৰাণ, ব্যাকৰণ, সাংখ্য, যোগ, তন্ত্র, জ্যোতিষ আদি বিষয়ৰ অন্তৰ্ভুক্ত হৈছিল। বিশেষকৈ যজুৰ্বেদৰ চিকিৎসা বিজ্ঞানে বিশেষ খ্যাতি লাভ কৰিছিল। বুদ্ধদেৱৰ ব্যক্তিগত চিকিৎসা স্বৰূপে জীৱকই (Jeevaka) অস্ত্রোপচাৰৰ ক্ষেত্ৰত সুনাম অর্জন কৰিছিল। জীৱ-জন্তুৰ বিদ্যাৰ ভিতৰত হস্তী, ঘোঁৰা আৰু সৰ্পবিদ্যা আদি উল্লেখযোগ্য। ইয়াৰ উপৰি ধনুবিদ্যা, তৰোৱাল, চালনা, সৈনিকৰ প্ৰশিক্ষণ আদি বিষয়ৰ কথাও জানিব পাৰি। বিখ্যাত চীন পৰিব্ৰাজক ফাহিয়ান আৰু হিউৱেনচাংৰ বৰ্ণনাৰ পৰা বৌদ্ধ শিক্ষাৰ উন্নত পাঠ্যক্ৰমৰ বিষয়ে জানিব পৰা যায়৷

৯। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ শিক্ষাদান পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the method of teaching of Buddhist education system.)

উত্তৰঃ বৈদিক শিক্ষা পদ্ধতিৰ লগত বৌদ্ধ শিক্ষাৰ বিশেষ মিল আছিল। হস্ত লিখন ব্যৱস্থা প্ৰচলন হৈছিল যদিও লিখন সামগ্ৰীৰ তেতিয়াও অভাৱ আছিল। ফলত শিক্ষাদান ব্যৱস্থা সাধাৰণভাৱে মৌখিক বিধৰ আছিল। শিক্ষকে মৌখিকভাৱে পাঠদান কৰিছিল আৰু ছাত্ৰই তাৰ শ্ৰৱণ, মনন আৰু অনুশীলন কৰিছিল। লিখন ব্যৱস্থা সীমাবদ্ধ হৈ থকা অৱস্থাত সমগ্ৰ শিক্ষাদান প্রক্রিয়া আলোচনা-বিলোচনা, তর্ক-বিতর্ক, প্রশ্ন-উত্তৰ আৰু বক্তৃতামূলক কৰি তোলা হৈছিল। বিশিষ্ট পণ্ডিতক বক্তৃতা প্ৰদানৰ বাবে সংঘলৈ নিমন্ত্ৰণ কৰা হৈছিল। ছাত্ৰসকলে আলোচনা-বিলোচনা আৰু তৰ্ক-বিতৰ্কত ভাগ গৈ নিজৰ বৌদ্ধিক যোগ্যতা প্ৰদৰ্শন কৰি সৰ্বসাধাৰণৰ স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল। ইয়াৰ বাবে প্ৰতিটো পূৰ্ণিমা আৰু প্ৰতিপদৰ দিৱসত পণ্ডিতৰ সমাৰোহ আৰু আলোচনা চক্ৰ আদি আয়োজন কৰা হৈছিল। এনেবোৰ অনুষ্ঠানত ছাত্ৰই অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আছিল। ইয়াৰ যোগেদি তেওঁলোকে নিজৰ মনৰ সন্দেহ দূৰ কৰিছিল আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি তুলিছিল। ইয়াৰ উপৰি ছাত্ৰসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন ঠাইলৈ শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰা হৈছিল। ইয়াৰ যোগেদি তেওঁলোকে পুথিগত তাত্ত্বিক জ্ঞান প্রায়োগিক বিধৰ কৰি তুলিব পাৰিছিল। ধর্ম আৰু শিক্ষামূলক এনেবোৰ ভ্ৰমণত শিক্ষকে নেতৃত্ব প্ৰদান কৰিছিল। কোনো কোনো বৌদ্ধ ভিক্ষুৱে আধ্যাত্মিকতাৰ উচ্চ স্তৰীয় ধ্যান-ধাৰণা লাভ কৰিবৰ বাবে সংঘ আৰু সামাজিক সমাৰোহ ত্যাগ কৰি অৰণ্য আৰু গুহাত নিৰবে কটাইছিল। ব্যৱহাৰিক আৰু কাৰিকৰী বিষয়ৰ “শিক্ষাৰ বাবে চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধন কৰা হৈছিল। এনে বিষয়ৰ ছাত্ৰসকলে কাৰ্যকৰী অভিজ্ঞতাৰ বাবে শিক্ষা নচিবৰ প্রশিক্ষণ (apprenticeship training) লাভ কৰিব লাগিছিল। তাত্ত্বিক বিষয়ৰ শিক্ষাৰ বেলিকাও কোনো এটা পাঠ সকলো ছাত্রই আয়ত্ব কৰিব পাৰিলেহে শিক্ষকে পৰৱৰ্তী পাঠ আৰম্ভ কৰিছিল।

১০৷ বৌদ্ধ শিক্ষা ব্যৱস্থাত ছাত্র-শিক্ষকৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the teacher-pupil relation in Buddhist education system.)

উত্তৰঃ বৌদ্ধ সংঘ বা বিহাৰসমূহত ছাত্র-শিক্ষক উভয়ে আবাসিক জীৱন-যাপন কৰিব লগা হৈছিল। সেয়েহে ইয়াত ছাত্র-শিক্ষকৰ সম্বন্ধ স্বাভাৱিকতেই ঘনিষ্ঠ আৰু আন্তৰিকতাপূর্ণ আছিল৷ এজন শিক্ষকৰ তলত কমেও দুজন ছাত্ৰই শিক্ষা গ্ৰহণ কৰিছিল। অৱশ্যে বিখ্যাত শিক্ষকে যিমান নিয়ন্ত্রণ কৰিব পাৰে সিমান সংখ্যক ছাত্ৰৰ শিক্ষাত দায়িত্ব গ্ৰহণ কৰিছিল৷ ছাত্র-শিক্ষক সংঘত একেলগে থকা হেতুকে প্রতিজন ছাত্ৰৰ প্ৰতি শিক্ষকে ব্যক্তিগত যত্ন ল’ব পাৰিছিল। ছাত্ৰসকলে গুৰুৰ লগত ভিক্ষা কৰিবলৈ আৰু দেশ ভ্ৰমণ কৰিবলৈ গৈছিল। এনেবোৰ কাৰ্যই তেওঁলোকৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছিল আৰ আন্তৰিকতা বৃদ্ধি কৰি তুলিছিল। ছাত্ৰসকলে গুৰুৰ খোৱা-বোৱা আৰু যাৱতীয় ক্ৰিয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল। গুৰুৰ অসুখ-বিসুখত ছাত্ৰই সকলো প্ৰকাৰৰ সহায় কৰাটো নিয়ম আছিল। আনহাতে শিক্ষকসকলৰো ছাত্ৰৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন সুনির্দিষ্ট আছিল। শিক্ষকৰ ওচৰত শিক্ষা গ্ৰহণ কৰা ভিক্ষুসকলক তেওঁ সকলো প্ৰকাৰৰ বৌদ্ধিক আৰু আধ্যাত্মিক দিশৰ সহায় আৰু পৰামৰ্শ আদি দিব লাগিছিল। ছাত্ৰৰ কোনো যাৱতীয় বস্তুৰ অভাৱ তেওঁ পূৰণ কৰিব লাগিছিল। অসুখ-বিসুখত পাৰিলে ছাত্ৰক তেওঁ চিকিৎসাত সহায় কৰিব লাগিছিল।

উল্লেখযোগ্য যে শিক্ষকসকলৰ জ্ঞান, বুদ্ধি আৰু ব্যক্তিত্ব উচ্চ মানবিশিষ্ট হোৱা হেতুকে ছাত্র-শিক্ষকৰ মাজৰ সম্বন্ধ অধিক উদাৰ, আন্তৰিকতাপূৰ্ণ আৰু গণতান্ত্রিক মনোভাৱৰ হৈ উঠিছিল।

শিষ্যসকলক কৰ্তব্যপৰায়ণ কৰি তোলাৰ বাবে গুৰুৱে নিজেও কিছুমান কাম সম্পূৰ্ণ কৰিব লাগিছিল। শিষ্যৰ দায়িত্ব গ্ৰহণ কৰাৰ অৰ্থে গুৰুৰ গাত কিছুমান অতি প্রয়োজনীয় গুণ থাকিব লাগিছিল। গুণবোৰৰ অধিকাৰী হ’লেহে গুৰুৰ দায়িত্বভাৰ ল’বলৈ সক্ষম হৈছিল। গুণবোৰ হ’ল—

(ক) পৰিপূৰ্ণ জ্ঞান অর্জন কৰিব লাগিব।

(খ) ধর্ম শাস্ত্ৰত পণ্ডিত হ’ব লাগিব।

(গ) নিষ্পাপ হ’ব লাগিব ।

(ঘ) ধর্মভীৰু হোৱা দৰকাৰ।

(ঙ) সুচৰিত্ৰৰ অধিকাৰী হোৱা দৰকাৰ।

(চ) নৈতিক আৰু মানসিক শক্তি সম্পন্ন হ’ব লাগিব ।

এজন গুৰুৰ তলত সাধাৰণতে দুগৰাকী শিষ্য থাকে। গুৰুৰ দক্ষতা অনুযায়ী শিষ্যৰ সংখ্যা বাঢ়িবও পাৰে। উপাধ্যায় বা উপাচার্যই তেওঁলোকৰ তলত শিষ্য ৰাখিলেও গাইগুটীয়া একক ৰূপে বাস কৰাৰ ব্যৱস্থা নাছিল। এনেকুৱা বহুতবোৰ একক একেলগে একোটা মঠতে (Monastery) বাস কৰাৰ উদাহৰণ পোৱা যায়। সেইবাবেই মঠ বা বিহাৰবোৰত বিশেষ ধৰণৰ নিয়মানুবর্তিতা প্ৰৱৰ্তন হৈছিল। উদাহৰণস্বৰূপে নালন্দা বিশ্ববিদ্যালয়ত একেলগে দহ হেজাৰ শিক্ষাৰ্থীয়ে বাস কৰি অধ্যয়নত লিপ্ত হৈছিল, সামূহিকভাৱে বসবাস কৰা বাবে কিছুমান জ্ঞান আহৰণ সহজভাৱে হৈছিল। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ সুনিয়ন্ত্ৰণৰ বাবে তিনিটা নিয়মৰ কথাৰ উল্লেখ পোৱা যায় ৷ যেনে—

(ক) উপাধ্যায়ৰ তত্ত্বৱধানত থকা এককবিলাকৰ নিজ কৰ্তব্যত স্বাধীনতা থাকে। 

(খ) সকলোবোৰ মঠৰ সকলো শিষ্য আৰু শিক্ষকৰ বাবে পালন কৰিবলগীয়া নিয়মৰ ব্যৱস্থা। 

(গ) ইটো এককৰ লগত সিটো এককৰ সমন্বয় সাধন। এনেবোৰ নিয়ম-কানুনৰ মাধ্যমত গুৰু আৰু শিষ্যৰ মাজত সুসমন্বয়ৰ মনোভাৱ গঢ় লৈছিল। 

১১। বৌদ্ধ যুগত নাৰী শিক্ষাৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about women education system in Buddhist period.)

উত্তৰঃ বৌদ্ধ যুগৰ আৰম্ভণিৰ পৰা নাৰী শিক্ষাৰ ঐতিহ্যপূর্ণ অধ্যায়টোৰ ক্রমাগতভাৱে অৱনতি হ’বলৈ ধৰে। বৌদ্ধযুগত সমাজত শ্ৰেণী ব্যৱস্থাই গা-কৰি উঠে। লাহে লাহে ব্ৰাহ্মণ শ্ৰেণীৰ হাতলৈ শিক্ষা ব্যৱস্থা আহি পৰে। কালক্ৰমত নাৰীসকলক পুৰুষতকৈ নিকৃষ্ট আৰু নিম্নমানৰ বুলি জ্ঞান কৰিবলৈ লোৱা হ’ল। সমাজ ব্যৱস্থা পুৰুষ প্ৰধান হৈ উঠিল আৰু সমাজত নাৰীক পুৰুষতকৈ নিম্নস্তৰত উপৱিষ্ট কৰা হ’ল। ফলত নাৰীসকলে বৈদিক যুগত পোৱা শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ পৰে। শিক্ষা ইতিহাস অধ্যয়ন কৰিলে আমি এইটো দেখিবলৈ পাওঁ যে বৌদ্ধযুগৰ শিক্ষা ব্যৱস্থাত নাৰীৰ কাৰণে শিক্ষাৰ কোনো ধৰণৰ বিশেষ ব্যৱস্থা লোৱা নহ’ল বৰঞ্চ নাৰী শিক্ষাৰ বাধাৰ প্ৰাচীৰখন আগতকৈ কটকটীয়াহে কৰা হ’ল। ভগৱান বুদ্ধ, নিজেই স্ত্রীশিক্ষাৰ বিৰোধী আছিল আৰু স্ত্ৰীসকল বৌদ্ধিক আৰু সামাজিকভাৱে পুৰুষতকৈ নিকৃষ্ট আৰু নিম্ন মানৰ বুলি বিবেচনা কৰিছিল। বৌদ্ধ ভিক্ষুসকলক নাৰীৰ পৰা আঁতৰত থকাৰ নিয়ম কৰা হ’ল। কিন্তু তথাপিও তেওঁ ভিক্ষুসকলক মহিলাৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিব পৰা নাছিল ৷ কাৰণ তেওঁলোকে ঘৰে ঘৰে গৈ এই মহিলাসকলৰ পৰাই ভিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। স্ত্ৰীসকলৰ প্ৰতি বুদ্ধদেৱৰ অনাসক্তি আৰু বিৰোধ ভাবৰ হেতুকে তেওঁৰ ধাই মাক মহাপ্রজাপতিয়ে সংঘত শিক্ষা গ্ৰহণৰ বাবে বিচৰা অনুমতি তেওঁ তিনিবাৰ প্ৰত্যাখ্যান কৰিছিল। অৱশেষত তেওঁৰ প্ৰিয় শিষ্য আনন্দই কৰা অনুৰোধৰ ফলত অনিচ্ছাকৃত আৰু আশংকাৰ মনোভাবেৰে অনুমতি দিব লগা হৈছিল।

সেয়েহ সংঘত মহিলাসকলৰ এই শিক্ষা দিয়া হৈছিল আছুতীয়াকৈ দুজন শিক্ষকৰ উপস্থিতিত আৰু মাহেকত মাথোন দুবাৰকৈ৷ এই ভিক্ষুণীসকলক ভিক্ষুসকলৰ দৰে সমান মর্যাদা দিয়া ‘হোৱা নাছিল ৷ তথাপিও গভীৰ আধ্যাত্মিক মনোভাব আৰু ধৰ্মীয় অনুভূতি থকা আৰু সাংসাৰিক জীৱনৰ যন্ত্ৰণাৰ পৰা আঁতৰি থাকিবলৈ বিচৰা মহিলাসকলে সংঘলৈ গৈ শিক্ষা গ্ৰহণ কৰিছিল৷ ফলত সীমিতভাৱে হ’লেও স্ত্রীশিক্ষাৰ বিকাশ লাভ কৰি উঠি তেওঁলোকৰ মাজত কবি, সাহিত্যিক, শিক্ষক, দার্শনিক আনকি ৰাজনীতিবিদৰো সৃষ্টি হৈছিল। ৰজা আশোকৰ ভগ্নী সংঘমিত্রাই বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে লংকালৈ গৈছিল। সাতবাহন ৰাজ্যৰ নয়নিকা, ভকতক ৰাজ্যৰ প্ৰভাৱতী আৰু চালুক্য ৰাজ্যৰ বদমি আদিয়ে ৰাজ্যৰ প্ৰশাসনীয় দায়িত্ব গ্ৰহণ কৰিছিল ৷ শোভা, অনুপমা আৰু সুমিধা আদি ভিক্ষুণীয়ে সমগ্ৰ জীৱন অধ্যয়নত কটাইছিল। শীলভট্টাৰিকা, প্রভুদেৱী আৰু ভিয়ংকা আদি সেই সময়ৰ নাম কৰা সাহিত্যিক আছিল। ৰজা বিম্বিসাৰৰ ধৰ্মগুৰুৰ কন্যা সোমাই ইচ্ছাকৃতভাৱে সংঘৰ ভিক্ষুণী জীৱন বাচি লৈছিল । এজন অভিজাত্য লোকৰ সুন্দৰী কন্যা অনুপমাই নিজৰ সুন্দৰতা অনুসৰি উপযুক্ত ব্যক্তি নোপোৱা বাবে বৈবাহিক জীৱন ত্যাগ কৰি ভিক্ষুণীৰ জীৱন গ্ৰহণ কৰিছিল।

এনেবোৰ দৃষ্টান্তৰ পৰা এই কথা স্পষ্ট হয় যে উচ্চ বংশৰ পৰিয়ালৰ মহিলাসকলে নিজ যোগ্যতা, প্রয়োজন আৰু ইচ্ছা অনুসৰি সংঘত ভিক্ষুণীৰ জীৱন গ্ৰহণ কৰি শিক্ষা লাভৰ সুবিধা পাইছিল। কিন্তু সৰ্বসাধাৰণ শ্ৰেণীৰ লোকে সাধাৰণভাৱে শিক্ষাৰ পৰা বঞ্চিত হৈছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বৌদ্ধযুগত যদিওৱা শিক্ষানুষ্ঠানৰ জৰিয়তে নাৰী শিক্ষাৰ উন্নতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাছিল তথাপি বিদ্যাত পাৰদৰ্শী নাৰীৰ নাম পোৱা যায়। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে সৰ্বসাধাৰণ মহিলাৰ কাৰণে নহ’লেও ধনী, বনিজ আৰু উচ্চ বংশজাত ছোৱালীৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা কৰা হৈছিল৷ ৰাজকীয় পৰিয়ালৰ ছোৱালীৰ শিক্ষাৰ বাবে বিশেষ বন্দোবস্ত আছিল। শেষত ইয়াকে ক’ব পাৰি যে বৌদ্ধযুগৰ সমাজ ব্যৱস্থাত নাৰীক পুৰুষৰ সমান সন্মান আৰু সুযোগ নিদিয়াৰ বাবে নাৰী শিক্ষাই নিম্নমুখী গতি লৈছিল। পৰৱৰ্তী কালত বাল্যবিবাহৰ প্ৰচলনে, মহিলাৰ শিক্ষাৰ পথ বন্ধ কৰি তোলে।

১২। বৌদ্ধ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about Organizational pattern of Buddhist education.)

উত্তৰঃ বৌদ্ধ শিক্ষাৰ সাংগঠনিক ব্যৱস্থা বৈদিক শিক্ষাতকৈ পৃথক আছিল। এই শিক্ষাৰ প্রধান উদ্দেশ্য আছিল ব্রাহ্মণ পুৰোহিতৰ প্ৰাধান্য আৰু গুৰুকুল শিক্ষাত থকা শিক্ষকৰ এক নায়কত্ববাদী প্রভাৱ গুচোৱা। সেইবাবে এই শিক্ষা ব্যৱস্থা গুৰুৰ ঘৰত পৰিচালনা কৰাৰ পৰিবৰ্তে সংঘ বা বৌদ্ধ বিহাৰত আনুষ্ঠানিকভাৱে আৰু গণতান্ত্রিক পদ্ধতিৰে পৰিচালিত হৈছিল। সংঘসমূহ হৈছে ৰাজহুৱা ধৰ্মীয় অনুষ্ঠান, যাৰ একোখন পৰিচালনা সমিতি থাকে। ছাত্র-শিক্ষক উভয়েই ইয়াত আবাসিক জীৱন-যাপন কৰে আৰু ধৰ্মীয় শিক্ষাৰ নিয়ন্ত্ৰিত আৰু আত্ম-অনুশাসিতভাৱে পৰিচালিত হয়। সংঘত যিকোনো লোকেই প্ৰৱেশ কৰিব আৰু ত্যাগ কৰিব নোৱাৰে। সামাজিক জীৱনৰ মায়া-মোহ, দুখ-কষ্ট আৰু বেদনা আদিৰ পৰা নিজক ইচ্ছাকৃতভাৱে আঁতৰাই ৰখা হয়। ইয়াত ছাত্ৰসকলৰ প্ৰৱেশৰ বাবে ধনী-দুখীয়া, জাতি-ধর্মবৰ্ণ আদিৰ বিচাৰ কৰা নহয়। কিন্তু অসামাজিক, অপ্রত্যাশিত আৰু ৰোগগ্রস্ত ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহয় । ইয়াৰ প্ৰশাসনীয় ব্যৱস্থা উদাৰ নীতি, অহিংসা আৰু গণতান্ত্রিক আদৰ্শৰ দ্বাৰা পৰিচালিত।

এই শিক্ষাৰ পব্বয্যা আৰু উপসম্পদা স্বৰূপে দুটা পৰ্যায়ত বিভক্ত কৰিব পাৰি। আঠ বছৰ বয়সত শিক্ষা গ্ৰহণৰ বাবে গৃহ ত্যাগ কৰি সংঘত প্ৰৱেশ কৰিবৰ বাবে পব্বয্যা আৰু শিক্ষা জীৱন শেষ কৰি সংঘৰ স্থায়ী সদস্য ৰূপে পৰিগণিত হ’বৰ বাবে উপসম্পদা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বহলভাৱে এই শিক্ষাৰ সাংগঠনিক ব্যৱস্থাক সৰ্বসাধাৰণ লোকৰ সাধাৰণ শিক্ষা আৰু ভিক্ষু-ভিক্ষুণীসকলৰ বিশিষ্ট শিক্ষা স্বৰূপে দুটা ভাগ কৰিব পাৰি। সংঘবোৰৰ মাজত শৈক্ষিক পৰিচালনাৰ বাবে প্রশাসনীয় দিশত সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰি চলা হয়। সংঘবোৰৰ সংগঠন নিজস্ব গণতান্ত্রিক নীতিত অনুষ্ঠিত আৰু পৰিচালিত হয়। সেয়েহে ক’ব পাৰি যে বৌদ্ধ শিক্ষাৰ সাংগঠনিক ব্যৱস্থা বৈদিক শিক্ষাৰ ব্ৰহ্মণকেন্দ্ৰিক ব্যৱস্থাতকৈ অধিক উন্নত।

১৩। ইছলামীয় শিক্ষাব্যৱস্থাৰ শিক্ষাদান পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the method of teaching in Islamic education system.)

উত্তৰঃ ইছলামীয় শিক্ষা ব্যৱস্থাত শিক্ষাদানৰ পদ্ধতি বিজ্ঞানসন্মত পর্যায়লৈ উঠিব পৰা নাছিল। মৌখিক শিক্ষাদান আৰু তাৰ যান্ত্ৰিক স্মৃতি ৰক্ষা ব্যৱস্থাই প্রাধান্য লাভ কৰিছিল। গতানুগতিক আৰু যান্ত্রিক পদ্ধতিৰে কোৰাণৰ ‘কলিমা’ (Kalima) সমূহ মুখস্থ কৰাতেই অধিক সময় আৰু শক্তি প্রয়োগ কৰা হৈছিল। সেইসমূহ ছাত্ৰই বুজি উঠালৈ লক্ষ্য কৰা হোৱা নাছিল। এনে এক দোষযুক্ত শিক্ষণ ব্যৱস্থা গুচাবৰ বাবে মহামতি আকবৰে প্ৰচেষ্টা চলাইছিল। তেওঁ অনুভৱ কৰি উঠিছিল যে এনে ব্যৱস্থাই ছাত্ৰৰ বোধ শক্তিৰ বিকাশ কৰি তুলিব নোৱাৰে। অথচ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ বহু সময় ভাষা অধ্যয়নত অপব্যয় হয়। ইয়াৰ সংস্কাৰ সাধনৰ বাবে তেওঁ আদেশ দিছিল যে প্রতিজন ছাত্রই প্রথমে আখৰ লিখিবলৈ শিকিব লাগে আৰু ইয়াৰ পিছত শব্দৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব লাগে। প্ৰতিটো আখৰৰ নাম আৰু তাৰ আকাৰ ছাত্ৰই দুদিনৰ ভিতৰত জানি উঠিব লাগে। তেওঁ প্ৰয়োগ কৰিবলৈ বিচৰা এই উন্নত শিক্ষাদান পদ্ধতি সম্বন্ধে ‘আইন-ই-আকবৰী’ নামৰ গ্ৰন্থত পাব পৰা যায়।

তেওঁ আখৰৰ লিখনিৰ জটিলতা গুচাই সহজ-সৰল কৰি তুলিবলৈকো চেষ্টা কৰিছিল। মাদ্ৰাছা বা উচ্চ শিক্ষাৰ ব্যৱস্থাও মৌখিক বিধৰ আছিল৷ ‘মাদ্ৰাছা’ শব্দ আৰবী ভাষাৰ ‘দৰচ্’ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘বক্তৃতা প্রদান’ সেয়েহে এই কথা স্পষ্ট যে মাদ্ৰাছাৰ উচ্চ শিক্ষা ব্যৱস্থা বক্তৃতা প্রধান বা কথা-প্রধান আছিল। বিভিন্ন উচ্চ শিক্ষাৰ বিষয়ত বিখ্যাত লোকসকলক বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ কৰা হৈছিল। বক্তৃতা, আলোচনা-বিলোচনা আৰু প্ৰশ্নোত্তৰ পদ্ধতিৰে উচ্চ শিক্ষা দিয়া হৈছিল। বিজ্ঞানৰ বিষয়সমূহৰ অধ্যয়নত কাৰ্যকৰী আৰু পৰীক্ষণ পদ্ধতি প্ৰয়োগ কৰা হৈছিল। মুছলমানসকলৰ শিক্ষাদান পদ্ধতিৰ এটা বৈশিষ্ট্য হৈছে মনিটৰ প্ৰথাৰ (Monitorial System) প্রবৰ্তন। উন্নত বুদ্ধিৰ উচ্চ শ্ৰেণীৰ ছাত্ৰই নিম্ন শ্ৰেণীত শিক্ষকৰ অবৰ্তমানত শিক্ষা দিয়াৰ ব্যৱস্থা প্ৰচলন আছিল, যি ইংৰাজ সকলৰো দৃষ্টি আকৰ্ষণ কৰিছিল।

পৰীক্ষা ব্যৱস্থাও আজিৰ দৰে নাছিল। শিক্ষকৰ মতামতৰ ওপৰত ভিত্তি কৰি ছাত্ৰক নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ উন্নীত কৰা হৈছিল৷ তেওঁ ছাত্ৰসকলক ব্যক্তিগতভাৱে ভালদৰে জানিছিল আৰু একোজন ছাত্ৰৰ সমগ্ৰ শৈক্ষিক ভূমিকা এই ক্ষেত্ৰত শিক্ষকে বিবেচনা কৰিছিল। তেওঁলোকক নিয়মীয়া পৰীক্ষা লোৱাৰ ব্যৱস্থা নাছিল। ছাত্ৰক তেওঁলোকৰ ভূমিকা অনুসৰি ‘ফাজিল’,‘আলিম’ আৰু ‘কাবিল’ স্বৰূপে তিনি প্ৰকাৰৰ উপাধি দিয়াৰ ব্যৱস্থা আছিল।

১৪। ইছলামীয় শিক্ষা ব্যৱস্থাত ছাত্র-শিক্ষকৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the teacher-pupil relation in Islamic education system.) 

উত্তৰঃ ইছলামীয় শিক্ষা ধৰ্মীয় অনুভূতিৰ দ্বাৰা প্ৰভাৱিত হোৱা বাবে আৰু ধৰ্ম-গুৰুসকলেই শিক্ষা-গুৰুৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে ছাত্র-শিক্ষকৰ সম্বন্ধ নৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। বৈদিক শিক্ষাৰ দৰে মুছলমান শিক্ষাতো ছাত্র-শিক্ষকৰ সম্বন্ধ পিতা-পুত্ৰ বা গুৰু শিষ্যৰ সম্বন্ধ পৰিলক্ষিত হৈছিল। শিক্ষকসকল ধৰ্মগুৰু স্বৰূপে সমাজৰ সন্মানীয় ব্যক্তি আছিল। তেওঁলোকৰ ব্যক্তিত্বৰ সাধুতা সন্দেহৰ উৰ্ধত আছিল। শিক্ষাদানৰ পাৰিশ্ৰমিক অতি সামান্য আছিল যদিও সমাজৰ চকুত তেওঁলোকে উচ্চ স্থান আৰু মান লাভ কৰিব পাৰিছিল। বিশ্বাস কৰা হৈছিল যে শিক্ষকৰ শুভেচ্ছা আৰুআশীৰ্বাদৰ অবিহনে ছাত্ৰই শিক্ষা লাভ কৰি উঠিব নোৱাৰে ৷ সেইবাবে ছাত্র-শিক্ষকৰ সম্বন্ধ নৈতিক অনুভূতিসিক্ত আছিল৷ অৱশ্যে মক্তাবৰ শিক্ষা ব্যৱস্থা গুৰুকুল বা বৌদ্ধ সংঘৰ দৰে আবাসিক বিধৰ নাছিল। সেইবাবে ছাত্ৰৰ লগত শিক্ষকৰ ব্যক্তিগত সম্বন্ধ ঘনিষ্ঠভাৱে ইয়াত গঢ়ি উঠিব পৰা নাছিল। নগৰ অঞ্চলত মাদ্ৰাছা বা উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হোৱা বাবে চৰকাৰী অৰ্থসাহায্যত আৰু ধনী লোকৰ দান বৰঙনিৰে ছাত্ৰ-শিক্ষকৰ আবাসগৃহ স্থাপন কৰা হৈছিল। সেইবাবে ইয়াত তেওঁলোকৰ ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠাৰ সুবিধা লাভ কৰিছিল। কিন্তু তথাপিও বৈদিক আৰু বৌদ্ধ শিক্ষাৰ দৰে গুৰু-শিষ্যৰ সম্বন্ধৰ উচ্চতা ই স্পৰ্শ কৰিবগৈ পৰা নাছিল৷

১৫। মুছলমান যুগত শিক্ষাৰ পাঠ্যক্রম সম্বন্ধে চমুকৈ লিখা।

(Write briefly about the Curriculum of Islamic education.) 

উত্তৰঃ পাঠ্যক্রম সম্বন্ধে প্রথমেই উল্লেখযোগ্য যে‘বৈদিক আৰু বৌদ্ধ শিক্ষাৰ পাঠ্যক্রমে মুছলমানসকলৰ অধ্যয়নৰ পাঠ্যক্ৰমত তেনে কোনো প্ৰভাৱ পেলোৱা নাছিল। তেওঁলোকৰ নিজ ধর্ম-সংস্কৃতি বৈদিক সংস্কৃতিতকৈ পৃথক আছিল। সেই হেতুকে আৰবীয় ভাষা সংস্কৃতি আৰু ধৰ্মৰ প্ৰয়োজনৰ ভিত্তিতহে পাঠ্যক্ৰমৰ অধ্যয়নৰ বিষয় অন্তর্ভুক্ত কৰা হৈছিল। তেওঁলোকৰ শিক্ষা গঠনি প্রাথমিক বা মক্তাব আৰু উচ্চ শিক্ষা বা মাদ্ৰাছা স্বৰূপে দুটা ভাগত বিভক্ত আছিল আৰু সেইমতে পাঠ্যক্ৰমত অধ্যয়নৰ ব্যৱস্থা আছিল। ইয়াৰ উপৰি সৰ্বসাধাৰণ লোক আৰু ৰাজকীয় প্ৰভাৱৰ উচ্চ শ্রেণী লোকৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰমত পৃথক ব্যৱস্থা আছিল। শিক্ষাৰ নিম্ন পর্যায় স্বৰূপে মক্তাবসমূহত ছাত্ৰক পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱা হৈছিল। ইয়াৰ পাঠ্যক্ৰমত লিখা-পঢ়া আৰু অংক কৰাৰ উপৰিও কোৰাণৰ বাণীসমূহ শিকোৱা হৈছিল। বিখ্যাত কবি চেখ চাদিৰ ‘গুলিস্তান’ আৰু ‘বাস্তান’ অধ্যয়নেৰে নৈতিক শিক্ষা দিয়া হৈছিল। আৰবী আৰু পাৰ্চি ভাষা লিখিব আৰু পঢ়িব লাগিছিল। ইয়াৰ উপৰি লাইলা-মজনুৰ কাহিনী, ইয়োচুফ আৰু জুলেখাৰ কবিতা আৰু ‘চিকন্দৰ নামা’ আদি শিকোৱা হৈছিল। ৰজা ঘৰৰ যুৱৰাজসকলক ৰাজ প্রাসাদত বিশেষ গৃহ-শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁলোকক সৈনিকৰ যুদ্ধ-বিগ্ৰহৰ শিক্ষা আৰু ৰাজ্য প্রশাসন সম্বন্ধীয় বিষয়ৰ শিক্ষা দিয়া হৈছিল। শিক্ষাৰ উচ্চ পৰ্যায়ৰ পাঠ্যক্ৰম ধর্মবিষয়ক আৰু ব্যৱহাৰিক স্বৰূপে দুটা ভাগত বিভক্ত কৰা হৈছিল। 

কোৰাণ অধ্যয়ন কৰাৰ উপৰিও ছাত্ৰসকলে আৰবী ভাষাৰ ব্যাকৰণ, তর্ক শাস্ত্র, বিজ্ঞান, চিকিৎসা বিজ্ঞান, কৃষি, অর্থনীতি, ৰাজনীতি, বুৰঞ্জী, সংগীত, হস্তশিল্প, ইছলাম ধৰ্মৰ আইন আৰু চুফিবাদী দৰ্শনৰ নীতি আদি পাঠ্যক্ৰমত অধ্যয়নৰ অন্তৰ্ভুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে ৰজা আকবৰৰ দিনত পাঠ্যক্ৰমৰ সংস্কাৰ সাধন কৰি অধিক ধৰ্ম-নিৰপেক্ষ বিধৰ আৰু ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনমুখী কৰি তোলা হৈছিল। তেওঁ উচ্চ শিক্ষাত শিক্ষিত লোকসকলক চৰকাৰী চাকৰিত নিযুক্তি দি শিক্ষা অধিক উদ্দেশ্যধৰ্মী কৰি তুলিছিল। হিন্দু ছাত্ৰসকলৰ বাবে সংস্কৃত ভাষা-সংস্কৃতিৰ শিক্ষায়ো পাঠ্যক্ৰমত ঠাই পাইছিল।

১৬। মুছলমান যুগৰ নাৰী শিক্ষাৰ বিষয়ে চমুকৈ লিখা।

(Write shortly about Women education in Muslim period.) 

উত্তৰঃ মুছলমানসকলৰ ৰাজত্ব কালত নাৰী-শিক্ষাৰ প্ৰতি সাধাৰণভাৱে উৎসাহিত কৰা হোৱা নাছিল ৷ মুছলমানসকলৰ শিক্ষা ব্যৱস্থা হিন্দু আৰু বৌদ্ধ শিক্ষা ব্যৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক আছিল। তেওঁলোকৰ সমাজ ব্যৱস্থাটো অনেক প্রভেদ পৰিলক্ষিত হৈছিল। মুছলমান যুগত পর্দাপ্রথাৰ প্ৰচলন কৰিছিল। সেয়ে পৰিয়ালৰ পুৰুষসকলে মহিলাসকল ঘৰৰ বাহিৰলৈ গৈ শিক্ষা লাভ কৰাটো নিবিচাৰিছিল। এনে কাৰণতে স্ত্রী শিক্ষা সাধাৰণভাৱে ক্ষতিগ্ৰস্ত হৈ উঠিছিল। বিশেষকৈ গাঁও অঞ্চলৰ মহিলাসকল সামূহিকভাৱে নিৰক্ষৰতাত ভুগিছিল। ইয়াৰ উপৰি হিন্দুসকলৰ বাল্যবিবাহ প্ৰথাৰ প্ৰচলনৰ বাবে সেই সময়ত নাৰী শিক্ষাৰ দিশটোত প্রায় শূন্যতা আনি দিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে মুছলমান যুগত স্ত্রী-শিক্ষাৰ প্ৰতি কোনেও চকু নিদিয়া বা সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল বুলি ধৰা ল’লে ভুল কৰা হ’ব। মোগল সম্ৰাটসকলৰ দিনত বিশেষকৈ ৰাজকীয় পৰিয়ালৰ তিৰোতাসকলৰ কাৰণে শিক্ষা ব্যৱস্থা অটুট আছিল। মুছলমানসকলৰ ৰাজকীয় ধনী আৰু উচ্চ পৰিয়ালসমূহত সাধাৰণতে বয়সস্থা নাৰীয়ে ছোৱালীক কোৰাণ, বোস্তান, গুলিস্তান আদি গ্রন্থসমূহৰ শিক্ষা ঘৰুৱাভাৱে প্ৰদান কৰিছিল। ল’ৰাৰ দৰে ছোৱালীকো ৪ বছৰ ৪ মাহ ৪ দিন বয়স হওতে বিচ্‌মিল্লাখানী বিশেষ অনুষ্ঠান পাতি আশীর্বাদ দিয়া হৈছিল। 

মুছলমানসকলৰ মক্তাবত ছোৱালীৰ প্ৰৱেশৰ সুবিধা নাছিল যদিও এনে বিদ্যাৰম্ভ অনুষ্ঠানৰ পিছত তেওঁলোকৰ কাৰণে ঘৰুৱাভাৱে শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল আৰু ইয়াত ঘাইকৈ ধৰ্ম আৰু নীতি সম্বন্ধীয় শিক্ষাই ঠাই পাইছিল। এনেদৰে প্ৰদান কৰা শিক্ষাৰ ফলস্বৰূপে মুছলমান যুগত বাৱৰৰ পুত্ৰী গুলবদন, হুমায়ুনৰ ভাগিনীয়েক চালম্ চুলতানা আৰু নুৰৰ্জাহান, মোমতাজ, জেবুনিচা, জাহানাৰা আদি নাৰীসকলে নানা বিষয়ৰ অধ্যয়নৰ জৰিয়তে খ্যাতি লাভ কৰিছিল। এই নাৰীসকলে ‘আৰবী আৰু পাচী’ ভাষাৰ বিশেষ চৰ্চা কৰি সমকালীন সাহিত্যলৈ নিজস্ব অৱদান আগবঢ়াইছিল।

সামৰণিত ইয়াকে ক’ব পাৰি যে মুছলমান যুগত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যথেষ্ট অৱনতি হৈছিল আৰু অনেক হিন্দু আৰু বৌদ্ধসকলৰ শিক্ষাকেন্দ্ৰ ধ্বংস কৰা হৈছিল। উদাৰপন্থী দুই এজন সম্ৰাটৰ বাহিৰে আনসকলে নাৰী বা পুৰুষ কাৰো শিক্ষাৰ প্ৰতি বিশেষ দৃষ্টি ৰখা নাছিল। তেওঁলোকৰ সমগ্ৰ ৰাজত্ব কালত যুদ্ধ-বিগ্ৰহত অধিক সময় লিপ্ত হৈছিল। ঠিক একেদৰে হিন্দুসকলেও মুছলমান যুগত নাৰী শিক্ষাৰ দিশতো সম্পূৰ্ণ অৱহেলাৰ চকুৰে চোৱাৰ বাবে শিক্ষাৰ অৱনতিৰ চৰম সীমা পাইছিল। যাৰ ফলত স্ত্রী শিক্ষাৰ পৰিসৰ সংকুচিত হৈ সম্ভ্ৰান্ত.পৰিয়ালৰ মাজত সীমাবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছিল।

১৭। ইছলামীয় শিক্ষাৰ প্ৰশাসনীয় ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the administrative system of Islamic education.)

উত্তৰঃ মুছলমানসকলৰ শিক্ষা প্রদান আৰু পৰিচালন ব্যৱস্থা বৈদিক আৰু বৌদ্ধ শিক্ষা ব্যৱস্থাতকৈ মূলতেই পৃথক আছিল। এই শিক্ষা ৰাজকীয় প্ৰভাৱৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত আছিল। ৰজাই মক্তাব আৰু মাদ্ৰাছা আদি শিক্ষানুষ্ঠান স্থাপন কৰি দিছিল, সময়ে সময়ে শিক্ষাৰ বাবে সহায়ক অনুদান দিছিল, ছাত্ৰসকলক শিক্ষাৰ বৃত্তি আৰু পুৰস্কাৰ প্ৰদান কৰিছিল, শিক্ষকসকলক নিয়ন্ত্রিত কৰিছিল, ৰাজদৰবাৰত পণ্ডিতসকলক নিমন্ত্ৰণ কৰি স্বীকৃতি, সন্মান আৰু পুৰস্কাৰ প্ৰদান কৰিছিল। সম্রাট আকবৰে শিক্ষাৰ নীতি আৰু পদ্ধতি আদিও নিৰ্ধাৰণ কৰি দিছিল ৷ এনেবোৰ ৰাজকীয় প্ৰভাৱৰ হেতুকে বৈদিক, শিক্ষাৰ দৰে শিক্ষকৰ ব্যক্তিগত প্ৰভাৱ আৰু শিক্ষা পৰিচালনাৰ কৰ্তৃত্ব এই শিক্ষাত নাছিল। শিক্ষা ব্যৱস্থা শিক্ষকে নহয়, ৰজাইহে গঢ় দি তুলিছিল। শিক্ষকে ৰজাৰ আদেশ-নির্দেশনা মানি চলিব লগা হৈছিল। শিক্ষাৰ সাংগঠনিক ব্যৱস্থাও দুটা পৰ্যায়ত ভাগ কৰা হৈছিল— মক্তাব আৰু মাদ্ৰাছা। 

মক্তাব হৈছে প্ৰাথমিক শিক্ষা আৰু মাদ্ৰাছা হৈছে উচ্চ শিক্ষা। এই দুই পৰ্যায়ত শিক্ষাৰ পৰিচালনা কৰা কৰ্তৃপক্ষও পৃথক আছিল। মক্তাবসমূহ মছজিদবোৰৰ লগত সংযুক্ত আছিল। কোনো মছজিদ স্থাপন কৰিলে তাৰ লগতে মক্তাব বা প্ৰাথমিক শিক্ষাৰ অনুষ্ঠানো স্থাপন কৰা হৈছিল। মাদ্ৰাছাবোৰ নগৰ অঞ্চলত স্থাপন কৰা হৈছিল আৰু ইয়াৰ শিক্ষা পৰিচালনাৰ বাবে একো একোজন নাম কৰা পণ্ডিতলোকক নিযুক্তি দিছিল। ৰজাৰ শিক্ষা অনুদান আৰু ধনীসকলৰ দান-বৰঙনিৰে ইয়াৰ শিক্ষা পৰিচালিত হৈছিল।

১৮। বৈদিক শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

(Discuss the characteristics of the Vedic education system.) 

উত্তৰঃ সমগ্ৰ বিশ্বৰ ভিতৰতে পুৰণি এই বৈদিক শিক্ষা ব্যৱস্থাৰ কেতবোৰ নিজস্ব সাংগঠনিক বৈশিষ্ট্য আছে, যি বর্তমান শিক্ষাবিদ সকলৰো দৃষ্টি আকর্ষণ কৰে। বৈদিক শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ লক্ষ্য (Aims of education): বৈদিক শিক্ষাৰ লক্ষ্য আদৰ্শবাদ দৰ্শনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত আছিল। চিৰ জ্যোতিস্মান পৰমব্ৰহ্ম ভগৱানৰ উপলব্ধি কৰিব পৰা আৰু তাৰ যোগেদি ব্যক্তিৰ জীৱাত্মাক পৰমাত্মাৰ লগত মিলিত কৰি জীৱনৰ মুক্তিলাভ কৰাটো শিক্ষাৰ প্ৰধান লক্ষ্য আছিল।

কেৱল আত্মিক উৎকর্ষ সাধনেই নহয়, মানুহৰ বাস্তৱ আৰু ব্যৱহাৰিক জীৱনৰ প্ৰয়োজন পূৰণ কৰাৰ প্ৰতিও শিক্ষাত গুৰুত্ব দিয়া হৈছিল। ছাত্ৰৰ মনত সমাজৰ প্ৰতি সচেতনতা, দায়ৱদ্ধতা আৰু কৰ্তব্যবোধ ভাব জগাই তোলাটো আৰু তাৰ বাবে নৈতিক চৰিত্ৰ গঠন কৰাটো আছিল শিক্ষাৰ আন এক উল্লেখযোগ্য লক্ষ্য। মুঠতে ব্যক্তিৰ দেহ, মন আৰু আত্মাৰ সর্বাত্মক বিকাশ সাধন কৰাটোৱেই আছিল বৈদিক শিক্ষাৰ মূল লক্ষ্য।

(খ) পাঠ্যক্রম (Curriculum): বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰমত আধ্যাত্মিক জীৱনৰ প্রয়োজন পূৰণৰ বাবে বেদৰ অধ্যয়ন বাধ্যতামূলক আছিল যদিও সময়োপযোগী সেই পাঠ্যক্ৰমত উপযোগিতা, প্রায়োগিকতা আৰু গতিশীলতাৰ নীতি গ্ৰহণ কৰা হৈছিল। বেদৰ জ্ঞানেই সকলোবোৰ জ্ঞান অভিজ্ঞতাৰ মূল উৎস আছিল আৰু ইয়াৰ অধ্যয়ন অধিক বিজ্ঞান সন্মত কৰি তুলিবৰ বাবে শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, ছন্দ আৰু জ্যোতিষ, এই ষষ্ঠ বেদাংগ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰিও যুক্তিতর্কৰ যোগেদি জ্ঞানৰ সত্য-অসত্য বিচাৰ কৰিবৰ বাবে তর্কবিদ্যা, বৌদ্ধিক প্রয়োজন পূৰণৰ বাবে গণিত, দর্শন, ইতিহাস, অর্থশাস্ত্র, ৰাজনীতি, জ্যোতিষশাস্ত্র আদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল। ছাত্ৰসকলক বৃত্তিমূলক আৰু কাৰ্যকৰী বিষয়ৰ জ্ঞান প্ৰদানৰ বাবে সুকুমাৰ কলা, ভাস্কর্য, চিকিৎসাবিদ্যা, সর্পবিদ্যা, ভূতবিদ্যা, ব্রহ্মবিদ্যা, শৈলবিদ্যা, ন্যায় শাস্ত্র, যুদ্ধবিদ্যা, ধনুবিদ্যা, বাণিজ্য, কৃষি, পশুপালন আদি উপযোগিতামূলক বিষয়সমূহো পাঠ্যক্রমত ঠাই পাইছিল।

(গ) ছাত্র-শিক্ষকৰ সম্বন্ধ (Teacher-pupil relation): ছাত্র-শিক্ষকৰ মাজত বিৰাজ কৰা মধুৰ সম্বন্ধটো হৈছে পুৰণি বৈদিক শিক্ষাৰ এক আকর্ষণীয় দিশ। প্রাচীন কালত গুৰু আৰু শিষ্যৰ সম্বন্ধ পিতা-পুত্ৰৰ সম্বন্ধ আছিল। ছাত্ৰৰ শাৰীৰিক অসুস্থতাৰ কালত গুৰুৱে নিজে প্রতিপালন কৰিছিল। আনফালেদি শিষ্যসকলেও গুৰুক পিতা আৰু ঈশ্বৰৰ দৰে জ্ঞান কৰিছিল। শিষ্যসকলে গুৰুৰ ঘৰত থকা খোৱা আৰু সকলো ঘৰুৱা কাম-কাজত সহায় কৰি পৰিয়ালৰ এজন সদস্যস্বৰূপে বাস কৰিছিল। গুৰু শিষ্যৰ সম্বন্ধই ছাত্ৰৰ মনত শ্রদ্ধা, ভক্তি, আন্তৰিকতা, বিনম্ৰতা, সৰলতা আদি গুণসমূহ বিকশাই তুলিছিল। গুৰুৰ আদেশ নির্দেশ পালন কৰা, আনুগত্য প্রকাশ কৰা, প্ৰতিদিনে পুৱা পাঠ গ্ৰহণৰ পূৰ্বে আৰু ইয়াৰ অন্তত গুৰুৰ চৰণ স্পৰ্শ কৰাটো নিয়ম আছিল৷ গুৰু-শিষ্যৰ মাজত অনুশাসনহীনতাৰ প্ৰশ্নই উঠা নাছিল। )

(ঘ) শিক্ষাদান পদ্ধতি (Method of teaching): বৈদিক শিক্ষাদান পদ্ধতি সেই সময়ৰ সময়োপযোগীকৈ গঢ় দি তোলা হৈছিল। আজিৰ দৰে তেতিয়া প্ৰাথমিক শিক্ষাৰ আৱশ্যকতা অনুভৱ কৰা নহৈছিল, শিক্ষা ঘাইকৈ উচ্চ শিক্ষাৰ আধাৰতহে গঢ় দি তোলা হৈছিল। শিক্ষণ সঁজুলি আৰু ছপা পুথিৰ সম্পূৰ্ণ অভাৱ হোৱা হেতুকে শিক্ষকে প্রত্যক্ষ আৰু মৌলিকভাৱে ছাত্ৰসকলক শিক্ষাদান কৰিছিল। শ্ৰৱণ, মনন আৰু পুনৰাবৃত্তিকৰণ আছিল শিক্ষা আহৰণৰ মূল্য উপায়, যাৰ বাবে জ্ঞানৰ উপাদানসমূহ অথবা পাঠ্যবিষয়সমূহ পদ্যত ৰচনা কৰা হৈছিল, যাতে ছাত্ৰসকলে শিক্ষণীয় বিষয় অতি সহজে আয়ত্ব বা মনত সংৰক্ষণ কৰিব পাৰে।

(ঙ) স্ত্রী শিক্ষা (Education of Women ): বৈদিক যুগত স্ত্রীশিক্ষাৰ অগ্ৰগতিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এক গৌৰৱময় দিশ দাঙি ধৰে। শিক্ষাৰ ক্ষেত্ৰত স্ত্ৰী আৰু পুৰুষ উভয়ৰে সমান অধিকাৰ আছিল। সহ-শিক্ষাৰ ব্যৱস্থা থকা হেতুকে ল’ৰাৰ দৰে ছোৱালীয়েও উপনয়ন অনুষ্ঠানৰ জৰিয়তে বিদ্যাৰম্ভ কৰিছিল। এই সময়ৰ শিক্ষিতা মহিলাক ব্রহ্মবাদিনী বা ঋষিকা বোলা হৈছিল। বৈদিক যুগত মহিলাসকলক নৃত্য-গীত আদিত অধিক উপযুক্ত বুলি বিবেচনা কৰা হৈছিল আৰু তেওঁলোকক এই কলাত্মক বিষয়ৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ উপৰিও সূতা-কটা, কাপোৰ বোৱা আদি ঘৰুৱা হস্ত-শিল্পৰ শিক্ষাও মহিলাক দিয়া হৈছিল।

(চ) অনুশাসন (Discipline): বৈদিক যুগৰ জীৱন দৰ্শন আছিল “আত্মোপলব্ধি আৰু আত্মশুদ্ধি”। নিজকে পৱিত্ৰ ৰাখি নিজৰ বিষয়ে সম্পূর্ণ উপলব্ধি কৰিব পাৰিলে ব্ৰহ্মত্ব সম্বন্ধে জানিব পৰা যায় বুলি হিন্দু ধৰ্মই বিশ্বাস কৰে। গুৰুৰ ঘৰত আত্ম অনুশাসন নীতিৰ যোগেদি ছাত্ৰসকলক নিয়ন্ত্ৰিত আৰু পৰিচালিত হ’ব লগা হৈছিল। সেই সময়ত বিশ্বাস কৰা হৈছিল যে ছাত্ৰ জীৱনত কঠোৰ আত্মনিয়ন্ত্ৰণৰ মাজেদি সজ গুণসমূহ অনুশীলন কৰি আয়ত্ব কৰিব পাৰিলে তেওঁলোকৰ ভৱিষ্যৎ জীৱন সুখৰ হৈ উঠিব পাৰে। ইয়াৰ বাবে ছাত্ৰৰ স্বাভাৱিক প্রবৃত্তিমূলক প্ৰৱণতা আৰু যৌন উত্তেজনা জগাই তোলা ইন্দ্রিয়সমূহ নিয়ন্ত্ৰণ কৰা হৈছিল। সাধাৰণ বস্ত্ৰ পৰিধান কৰা, সোণ ৰূপৰ অলংকাৰ ত্যাগ কৰা, ভিক্ষাবৃত্তি পালন কৰা, নম্ৰভাৱে কথা কোৱা আৰু বিনীতভাৱে আচৰণ প্ৰদৰ্শন কৰা আদি ব্যৱস্থাৰ যোগেদি নৈতিক মনোবল আৰু অভ্যাস গঢ়ি তোলা হৈছিল। বাহ্যিকভাৱে কৰা ইন্দ্ৰিয় নিয়ন্ত্ৰণেহে আভ্যন্তৰীণভাৱে আত্ম অনুশাসনৰ ভাব গঢ়ি তুলিব পাৰে; এই নীতি সেই সময়ৰ শিক্ষা ব্যৱস্থাত কাৰ্যকৰী কৰি তোলা হৈছিল।

(ছ) শিক্ষাৰ সাংগঠনিক ব্যৱস্থা (Organisational system of education): বৈদিক যুগৰ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাটো আজিৰ দৰে ৰাষ্ট্ৰ, চৰকাৰ বা ৰাজকীয় শাসকৰ দ্বাৰা নিয়ন্ত্ৰিত তথা পৰিচালিত হোৱা নাছিল। ৰজাই শিক্ষা ব্যৱস্থাৰ মুখ্য পৃষ্ঠপোষকতা কৰিছিল যদিও তেওঁৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা নাছিল। শিক্ষা গ্ৰহণৰ বাবে সামাজিক অনুষ্ঠানৰ অভাৱ হোৱা বাবে গুৰু গৃহতে শিক্ষা ব্যৱস্থা চলাই নিয়া হৈছিল, যাক গুৰুকুল শিক্ষা পদ্ধতি বুলি কোৱা হৈছিল। শিক্ষাৰ নীতি নিৰ্ধাৰণ, পাঠ্যক্ৰমৰ কাৰ্যকৰীকৰণ, অনুশাসন ৰক্ষা, ছাত্ৰৰ কৃতকাৰ্যতা নিৰ্ধাৰণ আদিকে ধৰি শিক্ষাৰ সকলো দিশ গুৰুৱে পৰিচালনা কৰিছিল। ৰজাই ছাত্ৰৰ শিক্ষাত সহায় কৰিবলৈ বৃত্তি প্ৰদান কৰিছিল যদিও প্রত্যক্ষ নিয়ন্ত্ৰণত হাত দিয়া নাছিল। যাৰ বাবে শিক্ষাৰ সাংগঠনিক দিশত স্বায়ত্ব শাসনৰ নীতি গ্ৰহণ কৰা হৈছিল বুলি একে মুখে স্বীকাৰ কৰিছিল।

১৯। বৈদিক শিক্ষাৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ আলোচনা কৰা।

(Discuss the basic aims and objectives of Vedic education.) 

উত্তৰঃ পুৰণি ভাৰতৰ শিক্ষাৰ কেতবোৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল যাৰ প্ৰতি দৃষ্টি ৰাখি বৈদিক যুগৰ শিক্ষা ব্যৱস্থা গঢ় দি তোলা হৈছিল। বৈদিক শিক্ষাৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) নৈতিক আৰু ধাৰ্মিক মূল্যবোধৰ গুৰুত্ব (Importance of the moral and religious Values): বৈদিক শিক্ষা পদ্ধতিৰ প্ৰধান লক্ষ্য আছিল শিষ্যৰ ধাৰ্মিক আৰু নৈতিক মূল্যবোধৰ বীজৰোপন কৰা কাৰ্য। জ্ঞানৰ অন্বেষণ আছিল ধাৰ্মিক মূল্যবোধৰ বিচাৰ। বৈদিক যুগৰ শিক্ষা-ব্যৱস্থাত কঠোৰ ধাৰ্মিক নীতি-নিয়মৰ মাধ্যমেৰে আধ্যাত্মিক সফলতা লাভ কৰিব পৰা সম্ভৱ বুলি বিশ্বাস কৰা হৈছিল আৰু বেদ জ্ঞানৰ মাধ্যমেৰে অনন্ত শক্তি বিষয়ক জ্ঞান অন্বেষণ চলিছিল যাতে ছাত্ৰসকলে নৈতিক আৰু ধাৰ্মিক মূল্যবোধৰ জ্ঞান লাভ কৰিব পৰাটো সম্ভৱপৰ হয় ।

(খ) আধ্যাত্মিক উৎকর্ষ সাধন (Spiritual attainment): বৈদিক যুগৰ শিক্ষাক জ্ঞান ৰূপ জ্যোতিস্বৰূপে গণ্য কৰা হৈছিল। এই জ্ঞানৰ পোহৰেৰে মানুহৰ অজ্ঞান আন্ধাৰ দূৰ কৰি আধ্যাত্মিক জীৱনৰ পৰ্যায়লৈ নিজকে উন্নত কৰি তোলাটোৱে বৈদিক শিক্ষাৰ মূল উদ্দেশ্য আছিল।

(গ) ধৰ্ম সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশ (Preservation and development of religion and Culture): সংৰক্ষণশীলতা আৰু বিকাশশীলতা হৈছে যিকোনো সময়ৰ শিক্ষাৰ বাবেই অতি প্রয়োজনীয় লক্ষ্য। বৈদিক সংস্কৃতি পুৰুষানুক্ৰমে মুখে মুখে চলি আহিছিল আৰু তাৰ প্ৰচাৰো তেনেদৰেই হৈছিল; প্ৰতিজন ব্যক্তিয়ে কমকৈ হ’লেও ধৰ্মীয় গ্ৰন্থৰ পৰা কোনো এক অংশ মুখস্থ ৰাখিব লাগিছিল। পুৰোহিত শ্ৰেণীৰ লোকে বৈদিক সাহিত্য সম্পূর্ণকৈ জানিব লাগিছিল আৰু তেওঁলোকে বেদৰ অধ্যয়ন, উচ্চাৰণ আদিও যাতে তাৰ প্ৰকৃতৰূপত উত্তৰ পুৰুষলৈ সংৰক্ষিত আৰু সম্প্ৰসাৰিত হয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগিছিল। এনেদৰেই বৈদিক সাহিত্য প্ৰচাৰ আৰু সংৰক্ষণ এক পুৰুষৰ পৰা অন্য পুৰুষলৈ স্থানান্তৰিত হৈছিল।

(ঘ) চৰিত্ৰ গঠন (Formation of Character): বৈদিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য আছিল শিষ্যৰ চৰিত্ৰ গঠন কৰা, যাৰ অভাৱ আমাৰ বৰ্তমান শিক্ষাত বাৰুকৈয়ে অনুভৱ কৰি উঠা হৈছে। বৈদিক শিক্ষা ব্যৱস্থাই শিষ্যৰ আত্মসংযম আৰু অনুশাসনৰ ওপৰত অধিক গুৰুত্ব অৰ্পণ কৰিছিল। আত্মজ্ঞান, জীৱনৰ অৰ্থ, মানৱীয় সম্বন্ধ আৰু অনন্ত জ্ঞানৰ অৰ্থে গুৰুৱে শিক্ষা প্ৰদান কৰিছিল। আত্মনিয়ন্ত্ৰণৰ যোগেদি শিষ্যৰ নৈতিক অভ্যাস আৰু চৰিত্ৰ গঠন কৰা, সহনশীলতা, দয়া, ক্ষমা, কৰুণা, সত্যবাদিতা আদি গুণসমূহ গঢ় দি তোলা হৈছিল।

(ঙ) ব্যক্তিত্ব গঠন (Formation of Personality): প্রাচীন কালৰ গুৰুসকলে শিষ্যৰ সু-ব্যক্তিত্ব গঠনৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছিল। আত্মবিশ্বাস, আত্মসংযম, আত্মসন্মান আদিক ব্যক্তিত্বৰ অতি প্রয়োজনীয় দিশ বুলি মানিছিল। শিষ্যসকলৰ পবিত্ৰতা ৰক্ষণ, সু-অভ্যাস গঠন আৰু দৈনিক পালন কৰিবলগীয়া নীতি-নিয়মৰ ব্যতিক্রম নোহোৱা কথালৈ বিশেষ দৃষ্টি দিয়া হৈছিল, যাক শিক্ষাৰ প্ৰধান লক্ষ্য হিচাপে গণ্য কৰা হৈছিল।

(চ) সৰল জীৱন, উচ্চ চিন্তা (Simple living, High thinking): বেদৰ উচ্চ আধ্যাত্মিক চিন্তা-চৰ্চা কৰিবৰ বাবে মন নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন আছিল৷ এনে নিয়ন্ত্ৰণৰ বাবে সাংসাৰিক আৰু বৈষয়িক জীৱনৰ সুখ-সম্ভোগ ত্যাগ কৰি সহজ-সৰল পার্থিব জীৱনযাপন কৰিব লাগে যাৰ ফলত ছাত্ৰসকলে ধৰ্ম-সংস্কৃতি, দৰ্শন আদি বিষয়ৰ অধ্যয়নত মনোনিবেশ কৰিব পাৰে। বেদৰ ৰচনা কৰা ঋষিমুনিসকলে সেয়েহে স্বেচ্ছাকৃতভাৱে অৰণ্যৰ মাজত সহজ জীৱন-যাপন কৰিছিল।

(ছ) ইন্দ্ৰিয়সমূহৰ নিয়ন্ত্ৰণ (Control of the senses): আদর্শবাদ দর্শনত বিশ্বাস কৰা বৈদিক শিক্ষাগুৰুসকলে গ্রহনেন্দ্ৰিয়সমূহৰ যোগেদি পোৱা বাহ্যিক জগতৰ জ্ঞানঅভিজ্ঞতা প্রকৃত জ্ঞান নহয় বুলি অনুভৱ কৰিছিল। ইন্দ্ৰিয়সমূহৰ অভিজ্ঞতাই মানুহৰ মনত ভোগ-লালসা, মায়া-মোহ আদিৰ ভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰে বাবে কঠোৰ সংযম আৰু আত্ম-নিয়ন্ত্ৰণৰ যোগেদি ইন্দ্ৰিয় সম্ভোগ দমন কৰি ছাত্ৰ-জীৱনত ব্ৰহ্মচর্য পালন কৰিব লাগে। এনে শিক্ষা ব্যৱস্থাই আধ্যাত্মিক জ্ঞান আৰু উপলব্ধিৰ পথ প্রশস্ত কৰি তুলিব পাৰে যিটো বৰ্তমান শিক্ষানীতিটো বিশেষ প্রয়োজনীয়তা অনুভৱ কৰা হয়।

(জ) নাগৰিকত্বৰ শিক্ষা আৰু সামাজিক মূল্যবোধ (Training for Citizenship and Social Values in education): সামাজিক মূল্যবোধ আৰু নাগৰিকত্বৰ জ্ঞান প্ৰদান কৰাটো বৈদিক শিক্ষা ব্যৱস্থাৰ এটা প্ৰধান দিশ। বৈদিক শিক্ষা ব্যৱস্থাত সামাজিক মূল্যবোধ ভাব, সামাজিক দক্ষতা আৰু সামাজিক প্রয়োজন পূৰণ কৰিব পৰাকৈ অধ্যয়নৰ বিষয় গঢ় দি তোলা হৈছিল। সাধাৰণ শিক্ষাৰ লগতে ছাত্ৰসকলে ব্যৱসায়িক শিক্ষাও লাভ কৰিব পাৰিছিল যাতে ছাত্ৰসকলে ভৱিষ্যতে নিজৰ জীৱিকা আহৰণ কৰিব পাৰে৷

(ঝ) উপযোগিতামূলক শিক্ষা (Useful education): বৈদিক যুগৰ শিক্ষা ছাত্ৰৰ বাবে জীৱন বিচ্ছিন্ন কৰি তোলাৰ বিপৰীতে এই শিক্ষাই ছাত্ৰৰ বৃত্তীয় আৰু ব্যৱহাৰিক জীৱনৰ প্রয়োজন পূৰণ কৰাটো ইয়াৰ এক প্ৰধান উদ্দেশ্য আছিল। ব্যক্তিজীৱনৰ বেমাৰ-আজাৰ আৰু অশুভ শক্তিৰ প্ৰভাৱ আদিৰ পৰা ৰক্ষা পাবৰ বাবে পাঠ্যক্ৰমত চিকিৎসাবিদ্যা, সুকুমাৰ কলা, ভাস্কর্য, বাণিজ্য, কৃষি, পশুপালন, আইন আদি বিষয়ৰ অন্তৰ্ভুক্তিয়ে বৈদিক শিক্ষাৰ এই উপযোগিতামূলক উদ্দেশ্য আমাৰ মনত স্পষ্ট কৰি তোলে।

(ঞ) শিক্ষাৰ স্বায়ত্বশাসন নীতি (Autonomy of education): বৈদিক শিক্ষাৰ আন এক উল্লেখযোগ্য দিশ হ’ল এই শিক্ষা ৰাজকীয় প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হোৱাটো। যদিও গুৰুগৃহক ৰজা আৰু সমাজৰ অৱস্থাপন্ন ব্যক্তিয়ে আর্থিক দান বৰঙণি যোগাইছিল । তথাপি তেখেতসকলে শিক্ষাত কোনো ধৰণৰ প্ৰভাৱ, প্রভুত্ব বা হস্তক্ষেপ কৰা নাছিল যাৰ ফলত শিক্ষা স্বাধীন আৰু স্বতঃপ্রনোদিতভাৱে গুৰুৰ দ্বাৰা পৰিচালিত হৈছিল আৰু এই শিক্ষা ব্যৱস্থাত গ্ৰহণ কৰা স্বায়ত্ব শাসন নীতিয়ে ঋষিমুনিসকলৰ সৃজনাত্মক প্রতিভা বিকাশৰ প্রয়োজনীয় পৰিৱেশ গঢ় দি তুলিছিল। ওপৰৰ আলোচনাৰ পৰা ক’ব পাৰি যে বৈদিক শিক্ষা ব্যৱস্থাৰ কিছু নিজস্ব বৈশিষ্ট্য আছিল যাৰ বাবে সৰ্বসাধাৰণে এই শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈছিল। ফলত বৈদিক যুগৰ শিক্ষাই ব্যাপক সম্প্ৰসাৰণ লাভ কৰিবলৈ সক্ষম হৈছিল।

২০। বৌদ্ধ শিক্ষা ব্যৱস্থাৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

(Discuss the General Characteristics of Buddhist education.)

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাৰ সাধাৰণ বৈশিষ্ট্যসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’লঃ 

(ক) শিক্ষাৰ লক্ষ্য (Aims of education): বৌদ্ধ শিক্ষাৰ লক্ষ্য ভাৰতীয় আদর্শবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত, এই শিক্ষাৰ মূল লক্ষ্য আছিল জীৱনৰ সকলো পার্থিব মায়া-মোহ, কামনা-বাসনা, দুখ-কষ্টৰ পৰা মানুহক মুক্ত কৰা। আনহাতে ব্যক্তিৰ মনত সমতা, ভ্ৰাতৃত্ব, উদাৰতা আৰু অহিংসাৰ নৈতিক আদৰ্শ গঢ় দি তোলাটো এই শিক্ষাৰ মূল উদ্দেশ্য আছিল। 

(খ) পাঠ্যক্রম (Curriculum): আধ্যাত্মিক অনুভূতিসমূহ গঢ় দি তোলাটো এই শিক্ষাৰ প্রধান উদ্দেশ্য হোৱা হেতুকে ধর্মীয় বিষয়বোৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল। ভিক্ষুসকলে বুদ্ধৰ শিকনিসমূহ অধ্যয়ন কৰাৰ উপৰিও চুতন্ত্র, বিনয়, ধর্ম আদি প্রধান বিষয়স্বৰূপে অধ্যয়ন কৰিছিল। লিখা-পঢ়া আৰু গণনাৰ উপৰিও বৌদ্ধ ভিক্ষুসকলৰ বৃত্তীয় প্রয়োজন পূৰণৰ বাবে সুতা কটা, কাপোৰ বোৱা, চিলাই কৰা, ৰং দিয়া, বাণিজ্য, কুটিৰ শিল্প আদিৰ শিক্ষা প্রদান কৰা হৈছিল। উচ্চ শিক্ষাৰ পাঠ্যক্রম ব্যাপক পৰিসৰৰ হোৱা বাবে দৰ্শন, সাহিত্য, ন্যায়শাস্ত্র, জ্যোতিষ, চিকিৎসা বিজ্ঞান, যুদ্ধ বিদ্যা আদিৰ উপৰিও বেদাংগ, পুৰাণ, ব্যাকৰণ, সাংখ্য, যোগ, তন্ত্র আদি অন্তর্ভুক্ত কৰা হৈছিল।

(গ) শিক্ষাদানৰ পদ্ধতি (Method of teaching): বৌদ্ধ শিক্ষা ব্যৱস্থাত হস্ত লিখন ব্যৱস্থা প্রচলন হৈছিল যদিও লিখন সামগ্ৰীৰ তেতিয়াও অভাৱ আছিল যাৰ বাবে শিক্ষকসকলে মৌখিকভাৱে পাঠদান কৰিছিল আৰু শিষ্যই তাৰ শ্ৰৱণ, মনন আৰু অনুশীলন কৰিছিল। ইয়াৰ উপৰিও ভিক্ষুসকলে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন ঠাইলৈ শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰিছিল। কোনো কোনো বৌদ্ধ ভিক্ষুৱে আধ্যাত্মিকতাৰ উচ্চস্তৰীয় ধ্যান-ধাৰণা লাভ কৰিবৰ বাবে গুহাত নিৰৱে কটাইছিল। তাত্ত্বিক বিষয়ৰ শিক্ষাৰ বেলিকা কোনো এটা পাঠ সকলো ছাত্ৰই আয়ত্ব কৰিব পাৰিলেহে শিক্ষকে পৰৱৰ্তী পাঠ আৰম্ভ কৰাৰ নিয়ম আছিল।

(ঘ) অনুশাসন ব্যৱস্থা ( Discipline System): বৌদ্ধ সংঘত প্ৰৱেশৰ বাবে ছাত্ৰই পবর্ষ (Pabbajja) অনুষ্ঠান সম্পন্ন কৰিছিল। বৌদ্ধ সংঘসমূহত ছাত্রই কঠোৰ নৈতিক অনুশাসন মানি চলিব লাগিছিল। পার্থিব ভোগ-বাসনা-ত্যাগ কৰি আত্ম-নিয়ন্ত্ৰিত আৰু আত্মআৰোপিত ভাবেহে ছাত্ৰসকলে অনুশাসনৰ বাবে বান্ধি দিয়া নীতিবোৰ পালন কৰিছিল। এই নীতিসমূহ হ’ল জীব হত্যা নকৰিব, মিছা কথা নকব, কোনো উপহাৰ গ্ৰহণ নকৰিব, ৰাগিয়াল বস্তু ব্যৱহাৰ নকৰিব, কাৰো বিষয়ে বেয়া কথা নকব, চখীন বস্তু আৰু সুগন্ধি দ্ৰব্য ব্যৱহাৰ নকৰিব আৰু নিজৰ চৰিত্ৰৰ সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা মুক্ত থাকিব। বৌদ্ধ শিক্ষাত ছাত্ৰক শাস্তি দিয়াৰ ব্যৱস্থা নাছিল যদিও শিক্ষকৰ প্ৰতি আনুগত্য আৰু অনুশাসন মানি চলাটো শিক্ষাৰ অংশ বিশেষ আছিল।

(ঙ) ছাত্র শিক্ষকৰ সম্বন্ধ (Teacher-pupil relation): বৌদ্ধ সংঘত ছাত্র-শিক্ষক উভয়ে আবাসিক হোৱা বাবে তেওঁলোকৰ মাজত এক ঘনিষ্ঠ আৰু অন্তৰিকতাপূর্ণ সম্বন্ধ আছিল৷ ছাত্ৰসকলে গুৰু বা শিক্ষকৰ লগত ভিক্ষা তথা দেশ ভ্রমণলৈ গৈছিল বাবে তেওঁলোকৰ মাজত ব্যৱধান হ্ৰাস পাইছিল। গুৰুৰ অসুখ-বিসুখত ছাত্ৰই সকলো প্ৰকাৰৰ সহায় কৰাটো নিয়ম আছিল। আনহাতে ছাত্ৰৰ কোনো যাৱতীয় বস্তুৰ অভাৱ হ’লে গুৰুৱে পূৰণ কৰিব লাগিছিল। শেষত ইয়াকে ক’ব পাৰি যে বৌদ্ধ সংঘসমূহত ছাত্র-শিক্ষকৰ মাজত সম্বন্ধ অধিক উদাৰ আন্তৰিকতাপূৰ্ণ আৰু গণতান্ত্রিক মনোভাৱৰ হৈ উঠিছিল।

(চ) স্ত্রী শিক্ষা (Women education): পোন প্ৰথম অৱস্থাত রৌদ্ধ সংঘসমূহত স্ত্রীশিক্ষাৰ বাবে মহিলাসকলৰ প্ৰৱেশ বন্ধ আছিল। ভগৱান বুদ্ধ নিজেই স্ত্রী শিক্ষাৰ বিৰোধী আছিল আৰু স্ত্ৰীসকলক বৌদ্ধিক আৰু সামাজিকভাৱে পুৰুষতকৈ নিকৃষ্ট তথা নিম্নমানৰ বুলি বিবেচনা কৰিছিল। অৱশেষত তেওঁৰ প্ৰিয় শিষ্য আনন্দই কৰা অনুৰোধৰ ফলত অচ্ছিাকৃত আৰু আশংকাৰ মনোভাৱেৰে অনুমতি দিব লগা হৈছিল। ফলত সীমিতভাৱে হ’লেও স্ত্রীশিক্ষাই বিকাশ লাভ কৰি উঠিছিল। সেই সময়ত শিক্ষিতা মহিলাসকলৰ মাজত অনেক কবি, সাহিত্যিক, শিক্ষক, দার্শনিক আনকি ৰাজনীতিবিদৰো সৃষ্টি হৈছিল। শীল ভট্টাৰিকা, প্রভুদেৱী আৰু ভিয়ংকা আদি সেইসময়ৰ নাম কৰা সাহিত্যিক আছিল। কিন্তু সৰ্বসাধাৰণ শ্ৰেণীৰ লোকে সাধাৰণভাৱে শিক্ষাৰ পৰা বঞ্চিত হৈছিল। পৰৱৰ্তীকালত বাল্যবিবাহৰ প্ৰচলনৰ বাবে মহিলাসকলৰ শিক্ষাৰ পথ পুনৰ বন্ধ হৈ পৰিছিল।

(ছ) শিক্ষাৰ সাংগঠনিক ব্যৱস্থা (Organizational pattern of education): বৈদিক শিক্ষাৰ গুৰুকুলৰ পৰিৱৰ্তে বৌদ্ধ শিক্ষাৰ সংগ বা বিহাৰ, আনুষ্ঠানিক আৰু গণতান্ত্রিক পদ্ধতিৰে পৰিচালিত হৈছিল। সংঘসমূহ ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানৰ লগত সংলগ্ন আছিল আৰু এইসমূহ পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি আছিল। ছাত্র-শিক্ষকে উভয়ে আবাসিক আছিল আৰু সংঘসমূহত জাতি, ধর্ম, বর্ণ, ধনী-দুখীয়া নির্বিশেষে সকলোৰে বাবে প্ৰৱেশৰ পথ মুকলি আছিল যদিও অসামাজিক, ৰোগাক্রান্ত আৰু অপ্রত্যাশিত ব্যক্তিক প্ৰৱেশ কৰিব দিয়া নহৈছিল। সংঘসমূহত প্ৰৱেশৰ বাবে আঠ বছৰ বয়সত পৰ্ব্বৰ্য্য আৰু শিক্ষা জীৱন শেষ কৰি সংঘৰ স্থানীয় সদস্যৰূপে পৰিগণিত হ’বৰ বাবে ছাত্ৰসকলে উপসম্পদা (Upasampada) অনুষ্ঠান অনুষ্ঠিত কৰিছিল। সংঘবোৰৰ সংগঠন নিজস্ব গণতান্ত্রিক নীতিত অনুষ্ঠিত আৰু পৰিচালিত হৈছিল৷ শেষত ইয়াকে ক’র পাৰি যে সংঘসমূহৰ প্ৰশাসনীয় ব্যৱস্থা উদাৰ নীতি, অহিংসা আৰু গণতান্ত্ৰিক আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল।

২১। বৌদ্ধ শিক্ষাৰ মূল লক্ষ্য আৰু আদৰ্শসমূহ আলোচনা কৰা। 

(Discuss the major aims and objectives of Buddhist education.) 

উত্তৰঃ বৌদ্ধ শিক্ষাৰ মূল লক্ষ্য আৰু আদৰ্শসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বৌদ্ধ শিক্ষাৰ মূল লক্ষণ হ’ল মানুহক আধ্যাত্মিক জীৱনদান কৰি সকলো পার্থিব সীমাবদ্ধতাৰ পৰা মুক্ত কৰি নিৰ্বাণ প্রাপ্ত কৰা।

(খ) শিক্ষাই মানুহৰ প্ৰবৃত্তিমূলক প্ৰৱণতা আৰু প্ৰয়োজনসমূহ নিয়ন্ত্ৰণ কৰি আধ্যাত্মিক সুখ-শান্তি লাভ কৰাটো বৌদ্ধ শিক্ষাৰ আন এক উল্লেখযোগ্য আদর্শ আছিল।

(গ) শিক্ষাৰ্থীসকলৰ মন আৰু ক্ৰিয়া আচৰণত অহিংসা নীতি আৰু আদৰ্শ গঢ় দি তোলাটো আছিল বৌদ্ধ শিক্ষাৰ অন্যতম আদর্শ।

(ঘ) বৌদ্ধ শিক্ষাৰ আন এক উল্লেখযোগ্য আদৰ্শ হ’ল শিক্ষা ব্যৱস্থাত ধৰ্মনিৰপেক্ষ আৰু সাৰ্বজনীনতাৰ নীতি তথা আদর্শ গঢ় দি তোলা।

(ঙ) ছাত্ৰসকলক সহজ-সৰল আৰু নিয়ন্ত্রিত জীৱন-যাপন কৰিবলৈ শিকোৱাটো এই ব্যৱস্থাৰ আন এক প্রধান আদর্শ আছিল।

(চ) ৰাজকীয় প্ৰভাৱ, প্রভুত্ব আৰু নিয়ন্ত্ৰণৰ পৰা শিক্ষামুক্ত আৰু নিলগত ৰখাটো হৈছে বৈদিক শিক্ষাৰ দৰেই বৌদ্ধ শিক্ষাৰো এক আদৰ্শ। ৰাজকীয় প্ৰভাৱ, প্রভুত্ব, ক্ষমতা আদিয়ে শিক্ষাৰ আধ্যাত্মিক চিন্তা-ভাবনা আৰু অহিংসা নীতি ক্ষতিগ্রস্ত কৰি তুলিব পাৰে।

(ছ) শিক্ষা সংগঠন আৰু প্ৰশাসনীয় নীতি গণতান্ত্রিক মনোভাব কৰি তুলিব লাগে। ইয়াৰ বাবে বৌদ্ধ বিহাৰৰ শিক্ষা পৰিচালনাৰ ব্যৱস্থাত্ শিক্ষকৰ প্ৰাধান্য গুচাই সংঘৰ গণতান্ত্রিক নীতি-পৰিচালিত কৰি তোলা হয়।

(জ) বৌদ্ধ শিক্ষাৰ এক প্ৰধান উদ্দেশ্য হৈছে মানুহে প্ৰকৃত জ্ঞান আৰু জীৱনৰ সুখ-শান্তি লাভ কৰিবৰ ৰাবে সংসাৰী জীৱনৰ দায়িত্বৰ পৰা অব্যাহতি লোৱা। আমাৰ দুখ-কষ্টৰ মূল কাৰণ হৈছে সাংসাৰিক মায়া-মোহ ।

(ঝ) বৈদিক শিক্ষাৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে সংস্কাৰ আৰু সমন্বয় সাধন কৰাটোহে এই শিক্ষাৰ উদ্দেশ্য আৰু আদৰ্শ আছিল। সেইবাবে সংস্কৃত ভাষা আৰু বৈদিক শিক্ষাৰ অধ্যয়নৰ বিষয়সমূহ ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল।(ঞ) শিক্ষা সৰ্বসাধাৰণৰ ওচৰ চপাই নিয়াটো বৌদ্ধ শিক্ষা ব্যৱস্থাৰ আন এটা উদ্দেশ্য আছিল। ইয়াৰ বাবে বুদ্ধিজীৱিসকলৰ সংস্কৃত ভাষা প্রয়োগৰ পৰিৱৰ্তে স্থানীয় ভাষা শিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰা হৈছিল।

২২। বৈদিক আৰু বৌদ্ধ শিক্ষা ব্যৱস্থাৰ মাজত তুলনা কৰা ।

(Compare the education system between Vedic and Buddhist education.)

উত্তৰঃ প্রাচীন ভাৰতৰ শিক্ষাক্ষেত্ৰত বৈদিক তথা বৌদ্ধ শিক্ষাই এক বিশেষ ধৰণৰ ভূমিকা পালন কৰিছিল যাৰ বাবে উভয় শিক্ষা ব্যৱস্থাই শিক্ষা ইতিহাসত নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বৌদ্ধ শিক্ষাৰ মূল ভেটি বৈদিক শিক্ষা আছিল যদিও উক্ত দুয়োবিধ শিক্ষা ব্যৱস্থাৰ মাজত বিভিন্ন ক্ষেত্ৰত বৈসাদৃশ্যই বিৰাজ কৰিছিল। তলৰ আলোচনাত বৈদিক আৰু বৌদ্ধ শিক্ষা ব্যৱস্থাৰ মাজত বিৰাজ কৰা বৈসাদৃশ্যসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

(ক) প্রবেশ নীতিঃ ব্রাহ্মণ, ক্ষত্ৰীয় আৰু বৈশ্যসকলৰ বাবেহে বৈদিক শিক্ষা ব্যৱস্থাত স্থান আছিল। শূদ্রসকল বৈদিক শিক্ষাৰ পৰা বিৰত ৰখা হৈছিল। ইয়াৰ বিপৰীতে বৌদ্ধ বিহাৰসমূহত কিন্তু চণ্ডালৰ বাহিৰে সকলোৰে কাৰণে দ্বাৰ খোলা আছিল; যাৰ বাবে বৌদ্ধ বিহাৰসমূহক সৰ্বসাধাৰণৰ শিক্ষাৰ স্থান বুলি স্বীকৃতি দিয়া হৈছিল।

(খ) শিক্ষা পৰিচালনাঃ বৈদিক শিক্ষাৰ কেন্দ্ৰ গুৰুকুলসমূহ এজনীয়া শিক্ষক বা গুৰুৰ তত্ত্বাৱধানত আছিল কিন্তু বৌদ্ধ বিহাৰসমূহ শিক্ষক সংগঠনৰ তত্ত্বাৱধানত চলিছিল। গুৰুকুলৰ শিক্ষক সর্বদাই ব্রাহ্মাণ আছিল কিন্তু বিহাৰসমূহৰ শিক্ষক অন্য শ্ৰেণীৰো হ’ব পাৰিছিল। বৈদিক শিক্ষাৰ শিক্ষকসকলক গুৰু বুলি জনাৰ বিপৰীতে বৌদ্ধ শিক্ষা ব্যৱস্থাৰ শিক্ষকসকলক দহৰ, স্বৰ আৰু আচাৰ্য বুলি জনাজা আছিল।

(গ) শিক্ষাৰ মাধ্যমঃ বৈদিক শিক্ষাত সংস্কৃত ভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হেতুকে সৰ্বসাধাৰণ লোকে এই শিক্ষাৰ ওচৰ চাপিব পৰা নাছিল। আনহাতে বৌদ্ধ শিক্ষাত আঞ্চলিক ভাষাসমূহ শিক্ষাৰ মাধ্যম হোৱা হেতুকে এই শিক্ষা সৰ্বসাধাৰণৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল।

(ঘ) শিক্ষানীতিঃ বৈদিক শিক্ষা ব্যৱস্থা গুৰুৰ একপক্ষীয় প্ৰভাৱৰ দ্বাৰা পৰিচালিত হোৱাৰ বিপৰীতে বৌদ্ধ শিক্ষা এক আনুষ্ঠানিক শিক্ষাস্বৰূপে গণতান্ত্রিক নীতিৰ দ্বাৰা পৰিচালিত হৈছিল।

(ঙ)পাঠ্যক্রমঃ বৈদিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমক সাধাৰণতে পৰা আৰু অপৰা বিদ্যা নামেৰে দুটা ভাগত ভাগ কৰা হৈছিল। বেদসমূহ, ছন্দ, কল্প, উপনিষদ, শিক্ষা আদি পৰা বিদ্যাৰ আৰু সূত্ৰ, গণিত, তর্কশাস্ত্র, অর্থনীতি, ঔষধি, শৈল্যবিদ্যা, পদার্থবিজ্ঞান, ৰসায়ন, জ্যোতির্বিদ্যা, ডুবিদ্যা, ধৰ্মবিদ্যা, নৃত্য, সংগীত, সুকুমাৰ কলা আদি অপৰা বিদ্যাৰ অন্তৰ্গত আছিল। আনহাতে বৌদ্ধ বিহাৰসমূহৰ পাঠ্যক্ৰমত দর্শন, তত্ত্ববিদ্যা, তর্ক শাস্ত্র, সংস্কৃত, পালি, নক্ষত্রবিদ্যা, ঔষধি, আইন, ৰাজনীতি, ধৰ্মশাস্ত্ৰ আদিৰ অধ্যয়নক প্রাধান্য দিয়া হৈছিল। আকৌ বৈদিক শিক্ষাত ব্যৱসায়িক শিক্ষাৰ ওপৰত যেনেদৰে গুৰুত্ব প্ৰদান কৰা হৈছিল তেনেধৰণৰ বৌদ্ধ শিক্ষাই প্ৰদান কৰা দৃষ্টিগোচৰ হোৱা নাছিল।

(চ) স্ত্রী শিক্ষাঃ বৈদিক শিক্ষা ব্যৱস্থাৰ আৰম্ভণিতে মহিলা শিক্ষাক উদ্‌গনি দিয়া হৈছিল, কিন্তু শেষলৈ কঠোৰ নীতি নিয়মত মহিলাসকলক আবদ্ধ ৰাখি শিক্ষা লাভৰ পৰা আঁতৰাই অনা হৈছিল। আনহাতে বৌদ্ধ শিক্ষা ব্যৱস্থাত মহিলাসকলৰ বাবে সুকীয়া অনুষ্ঠান গঢ়ি তোলা হৈছিল। মহিলাসকলৰ বাবে ‘নানাৰি’ (Nunneries) ব্যৱস্থা প্ৰকল্পিত হৈছিল। বুদ্ধভিক্ষুসকলৰ দৰে মহিলাসকলে ‘ভিক্ষুণী’ হিচাপে পৰিগণিত হৈছিল আৰু ‘মঠ’ সমূহত বাস কৰিছিল।

(ছ) শিক্ষাৰ দৃষ্টিভংগীঃ বৈদিক শিক্ষা মানুহৰ বাস্তৱ আৰু ব্যৱহাৰিক জীৱনৰ প্ৰয়োনজমুখী কৰি তোলা হৈছিল, ইয়াৰ বিপৰীতে বৌদ্ধ শিক্ষা ব্যৱস্থা এক আধ্যাত্মিক আৰু অপার্থিব বিধৰ কৰি তোলা হৈছিল যি শিক্ষাই ছাত্ৰৰ মনত সংসাৰ বিৰাগী মনোভাৱ গঢ় দি তুলিছিল। 

(জ) শিক্ষাৰ মানদণ্ডঃ বৈদিক শিক্ষা সংকীর্ণতা ভাবৰ বাবে আন্তর্জাতিক পর্যায়লৈ উঠিব পৰা নাছিল ইয়াৰ বিপৰীতে উদাৰ মনোভাবৰ বাবে বৌদ্ধ শিক্ষাই আন্তর্জাতিক ক্ষেত্ৰত খ্যাতি লাভ কৰিব পাৰিছিল।

(ঝ) বৃত্তীয় ব্যৱস্থাঃ বৈদিক শিক্ষা ব্যৱস্থাৰ গুৰুকুলসমূহৰ বৃত্তীয় অৱস্থাৰ তুলনাত বৌদ্ধ বিহাৰবিলাকৰ বৃত্তীয় ব্যৱস্থা যথেষ্ট উন্নত আছিল।

(ঞ) শিক্ষাৰ সমাপ্তিঃ বৈদিক শিক্ষাত গুৰুকুলৰ শিক্ষা সমাপ্ত কৰি ছাত্ৰ বা শিষ্যসকলে সমাজলৈ ঘুৰি আহিব পাৰিছিল আৰু পাৰিবাৰিক তথা সামাজিক ক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিছিল। ইয়াৰ বিপৰীতে বৌদ্ধ শিক্ষাত ছাত্ৰসকলে শিক্ষা গ্ৰহণৰ সমাপ্তিৰ পিছতো সংঘত গোটেই জীৱন স্থায়ী সদস্যৰূপে কটাব লাগিছিল বাবে পাৰিবাৰিক তথা সামাজিক জীৱনৰ পৰা বঞ্চিত কৰা হৈছিল।

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্টভাৱে ক’ব পাৰি যে বৈদিক আৰু বৌদ্ধ শিক্ষা ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট বিৰোধ আছিল। কিন্তু এইটো স্পষ্ট যে দুয়োটা শিক্ষাৰ মাজত বিৰোধ থাকিলেও, উক্ত দুয়োবিধ শিক্ষা ব্যৱস্থাই সেইসময়ৰ শিক্ষার্থী তথা সমাজৰ ধৰ্মীয় আৰু শৈক্ষিক চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছিল।

২৩৷ ইছলামীয় শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।

(Discuss the main features of Islamic Education.)

উত্তৰঃ ভাৰতবৰ্ষত মুছলমান শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) জ্ঞান বিস্তাৰৰ লক্ষ্য (Aims to spread knowledge): ইছলামীয় শিক্ষাৰ প্ৰথম লক্ষ্য আছিল হজৰত মহম্মদৰ অনুৰাগীসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিয়া। মহম্মদৰ মতে, জ্ঞান লাভ নিতান্তই দৰকাৰ, ইয়াৰ অবিহনে মুক্তি লাভ অসম্ভৱ। মহম্মদে কৈছিল যে “Acquisition of knowledge is incumbent upon all the faithful men as well was women.”.

(খ) ইছলাম ধৰ্মৰ প্ৰচাৰ (Propagation of Islam)‍: ইছলামীয় শিক্ষাৰ আন এটা প্রধান লক্ষ্য আছিল জনসাধাৰণৰ মাজত হজৰত মহম্মদৰ বাণীসমূহ প্ৰচাৰ কৰা। সেই উদ্দেশ্যে মুছলমান শিক্ষাৰ প্ৰাথমিক শিক্ষানুষ্ঠান মোক্তাবত কোৰাণৰ আৰু উচ্চ শিক্ষাৰ, অনুষ্ঠান মাদ্ৰাছাত দর্শন, সাহিত্য আৰু ইতিহাসৰ শিক্ষা দিয়া হৈছিল, যিবোৰ বিষয়ে ইছলামীয় ধাৰণাকহে সামৰি লৈছিল।

(গ) শিক্ষাৰ দ্বাৰা সামাজিক আৰু নৈতিক ধাৰণাৰ জ্ঞানদান (Concept of social and morals through Education): শিক্ষাৰ মাধ্যমত জনসাধাৰণৰ মাজত সামাজিক আৰু নৈতিক চেতনাবোধ জন্ম টো ইছলামীয় শিক্ষাৰ আন এক প্রধান লক্ষ্য আছিল। সেই উদ্দেশ্য ইছলামীয় শিক্ষা ব্যৱস্থাত ইছলামীয় আইন, সামাজিক পৰম্পৰা আৰু বিশেষ ৰাজনৈতিক নীতিসমূহৰ শিক্ষা দিয়া হৈছিল।

(ঘ) বস্তুবাদী বিকাশৰ ব্যৱস্থা (System of material progress): শিক্ষাৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত বস্তুবাদী জ্ঞানৰ বিকাশ সাধন কৰাটো ইছলামীয় শিক্ষাৰ আন এটি প্রধান লক্ষ্য আছিল। সেইবাবে শিক্ষা লাভ কৰা ব্যক্তিসকলক ৰাজকীয় পদবী যেনে— সেনাপতি, কাজি (Judge), মন্ত্ৰী (Vazir) আদিত মকৰল কৰিছিল, যাৰ বাবে বহুতো হিন্দুযুৱক ইছলামীয় শিক্ষাৰ প্ৰতি আগ্রহান্বিত হৈছিল। মুঠতে ইছলামীয় শিক্ষাৰ লক্ষ্যই ব্যৱহাৰিক জীৱনৰ উপযোগী হোৱাত ইন্ধন যোগাইছিল।

(ঙ) ৰাজনৈতিক ধাৰণাৰ শিক্ষা (Education of Political concept): ব্যক্তিসকলক সমাজক.গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰাকৈ শিক্ষাৰ মাজেৰে ৰাজনৈতিক ধাৰণা দিব বিচৰাটো আছিল ইছলামীয় শিক্ষাৰ আন এটি প্রধান উদ্দেশ্য।

(চ) শিক্ষাৰ মাধ্যম (Medium of Instruction): ইছলামীয় শিক্ষা ব্যৱস্থাৰ শিক্ষ মাধ্যম পাচীয়ান বা পাচীভাষা আছিল। পৱিত্ৰ কোৰাণৰ ভাষা আৰবী হোৱা বাবেই আব অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াটো পৰিলক্ষিত হৈছিল।

(ছ) ধর্মীয় সীমাবদ্ধতা (Religions Limitations): মুছলমান শিক্ষা ব্যৱস্থাত দে মুছলমানসকলৰ মাজতে সীমাবদ্ধ থকাৰ দৰে হৈছিল। অৱশ্যে মহামতি আকর মাদ্ৰাছাবোৰত হিন্দুসকলক পঢ়াৰ সুবিধা দিছিল যদিও আন ৰজাসকলে এইক্ষেত্ৰত উ প্ৰদান কৰা নাছিল। উচ্চ পদবীৰ বাবে হিন্দুযুৱকে মাদ্রাছাত পঢ়িছিল যদিও সংখ্যা তে তাকৰ আছিল।

(জ) বুৰঞ্জী ৰচনাত গুৰুত্ব আৰোপ (Importance on the writing of History): মুছলমান ৰাজত্ব কালত বুৰঞ্জী ৰচনাত গুৰুত্ব আৰোপ কৰা হৈছিল। যাৰ বাবে ৰজাসক বিভিন্ন ঘটনাৱলী জনাৰ সুবিধা হৈছিল। সম্রাট আকবৰে পাঠ্যক্ৰমত বুৰঞ্জী বিষয় অন্তর্ভু কৰাৰ বাবে প্ৰাধান্য দিছিল।

(ঝ) চাৰুকলা, সংগীত আৰু স্থাপত্য শিল্পৰ শিক্ষা (Education of Fine Art Music and Architecture): মুছলমান শিক্ষা ব্যৱস্থাত চাৰুকলা, সংগীত আৰু স্থাপ বিদ্যাৰ শিক্ষাও দিয়া হৈছিল। ৰজাসকলে নিজৰ যশমান, যুগমীয়া কৰি যাবলৈ ধুনীয়া ধুনীয় মছজিদ, পুথিভঁৰাল, ৰাজপ্ৰসাদ স্মৃতি স্তম্ভ আদি সজাইছিল যাৰ প্ৰভাৱ শিক্ষাৰ ক্ষেত্ৰ পৰাটো পৰিলক্ষিত হৈছিল।

(ঞ) শিক্ষক-শিক্ষাৰ্থীৰ সম্বন্ধ (Teacher-pupil Relationships) : ইছলামীয় শিশু ব্যৱস্থাত শিক্ষকৰ স্থান অতি উচ্চ আছিল। শিক্ষকসকলৰ সন্মান অধিক আছিল যদি পাৰিশ্ৰমিক কম আছিল। মৌলবীসকলে শিক্ষার্থীসকলক নিজৰ পুত্ৰ জ্ঞান কৰিছিল৷ ছাত্ৰসকলেও মৌলবীসকলক নিজৰ পিতৃৰ দৰে মানি চলিছিল, সজ আচৰণ প্ৰদৰ্শন কৰিছিল।

(ট) স্ত্রী শিক্ষা (Women education) : ইছলামীয় শিক্ষা ব্যৱস্থাত মহিলাসকল সামৰি ল’বলৈ বিচৰা হোৱা নাছিল। মহিলাসকলে বোৰ্খা পৰিধান কৰিব লগা হেতুে সামাজিকভাৱেও বাধাগ্রস্ত হৈছিল। মুছলমান ৰাজত্বৰ শেষৰ পিনে প্রশাসকসকলৰ যত্ন মহিলা শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ-পৰিয়ালৰ মহিলাসকলে হেৰেমতে শিক্ষকসকলৰ পৰা শিক্ষা লাভ কৰিছিল ।

(ঠ) চহৰ-কেন্দ্ৰিক শিক্ষা (Town-central education) : ইছলামীয় শিক্ষা ব্যৱস্থ সম্পূৰ্ণৰূপে চহৰ-কেন্দ্ৰিক আছিল। মুছলমান প্রশাসকসকলে মক্তাব আৰু মাদ্ৰাছাবোৰ চহৰ অথবা ৰাজধানীতহে স্থাপন কৰিছিল যাৰ বাবে শিক্ষা ব্যৱস্থাটো চহৰ-কেন্দ্ৰিক হৈ গঢ়ি উঠিছিল।

(ড) সৈনিক শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা (Provision of Military Education and Training) : ইছলামীয় শিক্ষা ব্যৱস্থাত সৈনিক শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়াটো পৰিলক্ষিত হৈছিল। মুছলমান ৰজাসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ হেতুকে যুদ্ধ-বিগ্ৰহ কৰিয়েই কটাইছিল বাবে যুদ্ধ কৌশল, কলাৰ প্ৰয়োজন হৈ পৰিছিল। সৈনিক শিক্ষাত ঘোঁৰা চলোৱা, জাঠীৰ ব্যৱহাৰ, তৰোৱাল চলোৱা, ঢাল ধৰা আদি বিষয় সামৰি লোৱা হৈছিল৷ এইদৰে সৈনিক শিক্ষা প্ৰশিক্ষণৰ ব্যৱস্থাৰ প্ৰচলন হৈছিল।

(ঢ) বিদ্যাৰম্ভ (Education Inauguration) : হিন্দু আৰু বৌদ্ধসকলৰ উপনয়ন বা বিদ্যাৰম্ভ সংস্কাৰ আৰু অক্ষৰ শ্ৰীকৰ্ণৰ দৰে মুছলমানসকলৰ ‘বিচ্‌মিল্লাখানী’ অনুষ্ঠানৰ দ্বাৰা বিদ্যাৰম্ভ কৰা হৈছিল৷ সাধাৰণতে চাৰি বছৰ, চাৰি মাহ আৰু চাৰি দিন হওঁতে এই অনুষ্ঠান পাতিছিল। এই অনুষ্ঠানত ল’ৰাটোক সুন্দৰ সাজ-পোছাক পিন্ধাই পৰিয়ালৰ লোকসকলৰ আগত বিশেষ আসনত উপবিষ্ট কৰোৱা হয়। ইয়াৰ পিছত মৌলবীয়ে পবিত্ৰ কোৰাণ গ্ৰন্থৰ আৰম্ভণিৰ শাৰীবোৰ আৰু আখৰবোৰ উচ্চাৰণ কৰিবলৈ দিয়ে। যদিহে ল’ৰাটোৱে এইবোৰ উচ্চাৰণ কৰিব নোৱাৰে তেতিয়া কেৱল ‘বিচ্‌মিল্লাহ’ শব্দটো উচ্চাৰণ কৰোৱা হয়। এই অনুষ্ঠান মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান। এই দিনটোত যিজন শিক্ষকক শিক্ষাৰ দায়িত্ব দিয়া হয়, তেখেতক অনেক উপহাৰ প্ৰদান কৰাৰ নিয়ম।

(ণ) শিক্ষাদান পদ্ধতি (Methods of teaching) : ইছলামীয় শিক্ষাদান পদ্ধতিত মুখস্থৰ ওপৰত জোৰ দিয়া হৈছিল; কালমা আৰু কোৰাণৰ পংক্তিসমূহ ছাত্ৰই নুবুজাকৈয়ে মুখস্থ কৰিব লাগিছিল। আনহাতে অনেক বিষয়ৰ পাঠ ছাত্ৰসকলৰ বুজা শক্তিৰ বাহিৰত আছিল৷ ছাত্ৰই কেৱল শব্দবোৰৰ শুদ্ধ উচ্চাৰণ কৰিব পাৰিলেই হৈছিল। মৌলবীসকলে মাদ্ৰাছাসমূহত বক্তৃতাৰে পাঠদান কৰিছিল ৷ অৱশ্যে বয়স্ক ছাত্ৰসকলে নিজে অধ্যয়ন কৰিবৰ বাবে গ্ৰন্থাগাৰৰ ব্যৱস্থা আছিল। কিন্তু মহামতি আকবৰৰ ৰাজত্বকালত লিখাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। শিক্ষাৰ উন্নতি সাধনৰ বাবে তেওঁ আদেশ দিছিল যে প্রতিজন ছাত্ৰই প্ৰথমে আখৰ লিখিবলৈ শিকিব লাগে আৰু ইয়াৰ পিছত শব্দৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব লাগে। তেওঁ আখৰৰ লিখনিৰ জটিলতা গুচাই সহজ-সৰল কৰি তুলিবলৈকো চেষ্টা কৰিছিল। মুছলমানসকলৰ শিক্ষাদান পদ্ধতিৰ এটা বৈশিষ্ট্য হৈছে মনিটৰ প্ৰথাৰ প্ৰৱৰ্তন। উন্নত বুদ্ধিৰ উচ্চ শ্ৰেণীৰ ছাত্ৰই নিম্নশ্রেণীত শিক্ষকৰ অবৰ্তমানত শিক্ষা দিয়াৰ ব্যৱস্থা প্ৰচলন আছিল; যি ইংৰাজ সকলৰো দৃষ্টি আকৰ্ষণ কৰিছিল। মুছলমান শিক্ষা ব্যৱস্থাত আজিৰ দৰে পৰীক্ষাৰ ব্যৱস্থা নাছিল৷ ছাত্ৰৰ ভূমিকা অনুসৰি ‘ফজিল’, ‘আলিম’ আৰু ‘কবিল’ স্বৰূপে তিনি প্ৰকাৰৰ উপাধি প্ৰদানৰ ব্যৱস্থা আছিল।

২৪। বৈদিক আৰু মুছলমান শিক্ষাৰ এক তুলনামূলক অধ্যয়ন কৰা।

(Comparative study between Vedic and Muslim education.) 

উত্তৰঃ ভাৰত বুৰঞ্জীৰ দুটা পৃথক ঐতিহাসিক সময় সীমাত বৈদিক শিক্ষা আৰু মুছলমানসকলৰ শিক্ষাই বিকাশ লাভ কৰে। সময় ব্যৱধানৰ উপৰিও এই দুয়ো শিক্ষাৰ মাজত ভাষা, ধর্ম-সংস্কৃতি আৰু শিক্ষা প্ৰশাসনীয় ব্যৱস্থা আদিও আছিল পৃথক। দুয়োবিধ শিক্ষাৰ সাদৃশ্যসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) বৈদিক আৰু মুছলমান দুয়োবিধ শিক্ষা ব্যৱস্থাৰে প্ৰধান লক্ষ্য আৰু অধ্যয়নৰ বিষয়বস্তু আছিল ধর্ম। ধর্মীয় ক্রিয়া- কলাপৰ ব্যৱহাৰিক শিক্ষা প্রদানেৰে মানুহৰ মনত ধৰ্মৰ নামত গোড়া মনোভাবৰ সৃষ্টি কৰি তুলিছিল। ফলত শিক্ষা ধৰ্মৰ পৰা মুক্ত হ’ব পৰা নাছিল ৷ 

(খ) ধৰ্মীয় অনুভূতিৰ বাবে দুয়ো পদ্ধতিতে ছাত্র-শিক্ষকৰ মাজত সম্বন্ধ আছিল ভক্তিমূলক, আন্তৰিকতাপূৰ্ণ আৰু ব্যক্তিগত বিধৰ। শিক্ষকে ছাত্ৰক শিক্ষাদান কৰাটো দুয়ো পদ্ধতিতে ধৰ্মীয় কর্তব্য স্বৰূপে বিবেচিত হৈছিল। ছাত্ৰইও শিক্ষকৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাটো শিক্ষাৰ অংশ বিশেষ আছিল।

(গ) দুয়োটা শিক্ষা পদ্ধতিতে শিক্ষাদানৰ ব্যৱস্থা আছিল তত্ত্ব প্রধান আৰু মৌখিক বিধৰ। শিক্ষকৰ মৌখিক ব্যাখ্যা, বক্তৃতা আৰু ছাত্ৰৰ যান্ত্ৰিক স্মৃতি প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল।

(ঘ) ছাত্ৰই শিক্ষাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰাৰ পূৰ্বে দুয়োবিধ শিক্ষাতে মাংগলিক কার্য সম্পাদনৰ ব্যৱস্থা আছিল। বৈদিক শিক্ষাত ছাত্ৰই ছবছৰ বয়সত ‘উপনয়ন’ অনুষ্ঠান সম্পাদন কৰি গুৰগৃহলৈ গৈছিল। সেইদৰে মুছলমান শিক্ষাতো চাৰি বছৰ, চাৰি মাহ, চাৰি দিন বয়সত ‘বিচমিল্লা’ অনুষ্ঠানেৰে শিক্ষা গ্ৰহণ কৰিছিল।

(ঙ) দুয়ো শিক্ষা ব্যৱস্থাতে শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশত গুৰুত্ব আৰোপ কৰা হৈছিল। বৈদিক যুগত বিশ্বকৰ্মাৰ আদৰ্শেৰে বৃত্তীয় আৰু ব্যৱহাৰিক শিক্ষা অনুপ্রাণিত হৈছিল। মুছলমান শিক্ষাতো মানুহৰ পাৰ্থিব প্ৰয়োজন আৰু বৈষয়িক দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু সেই অনুক্ৰমে অধ্যয়নৰ পৃথক পাঠ্যক্রম ব্যৱস্থা আছিল।

(চ) দুয়ো শিক্ষা ব্যৱস্থাৰ প্ৰধান উদ্দেশ্য আছিল ছাত্ৰৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন কৰা। ইয়াৰ বাবে ধৰ্মীয় শিক্ষাই প্রাধান্য লাভ কৰিছিল। ধৰ্মৰ সংৰক্ষণশীলতা আৰু ধৰ্মীয় অনুভূতিৰে চৰিত্ৰৰ প্ৰয়োজনীয় গুণসমূহ বিকশাই তোলাৰ আঁচনি গ্ৰহণ কৰা হৈছিল।

(ছ) দুয়োটা শিক্ষা পদ্ধতিয়েই সাম্প্ৰদায়িক জীৱনৰ লগত ওতঃপ্রোতভাৱে জড়িত। সেইবাবে ইংৰাজৰ শাসন কালতো নিজ নিজ অস্তিত্ব আৰু স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি বৰ্তি থাকিব পাৰিছিল। বর্তমানেও এই দুই শিক্ষা ব্যৱস্থাৰ প্ৰচলন পাব পৰা যায়।

২৫। বৈদিক শিক্ষাৰ সবলতাসমূহ আলোচনা কৰা।

(Discuss the Strength of Vedic education.) 

উত্তৰঃ বৈদিক শিক্ষাৰ সবলতাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বৈদিক শিক্ষাৰ আধ্যাত্মিকতাবাদে বৰ্তমান সময়ৰ সংকীৰ্ণ ধৰ্ম-সম্প্ৰদায়ৰ উৰ্ধলৈ উঠি মানৱতীৰ বাবে সত্য, সুন্দৰ, প্ৰেম আৰু শান্তিৰ বাণী বিশ্বত প্ৰচাৰ কৰিব পাৰিছিল।

(খ) এই শিক্ষা এনেদৰে গঢ় দি তোলা হৈছিল যে ভাৰতীয় দৰ্শন, সভ্যতা-সংস্কৃতি আদি পুৰুষানুক্ৰমে ভৱিষ্যতৰ বাবে উপযুক্তভাৱে সংৰক্ষণ কৰি ৰাখিব পৰা যায়।

(গ) বৈদিক শিক্ষাৰ ছাত্ৰৰ মনত আত্ম-অনুশাসন, আত্ম- নিয়ন্ত্ৰণ আৰু আত্ম-উপলব্ধিৰ যোগেদি আত্ম-মুক্তি লাভ কৰিব পৰা এক নিশ্চিত পথ ৰচনা কৰিব পাৰিছিল।

(ঘ) চৰিত্ৰ গঠন শিক্ষাৰ প্ৰধান উদ্দেশ্য হোৱা হেতুকে বৈদিক শিক্ষাই মানৱীয় গুণ আৰু অনুভূতিসমূহ ছাত্ৰৰ ব্যক্তিত্বৰ গঢ় দি তুলিবলৈ সক্ষম হৈছিল।

(ঙ) ছাত্ৰই ব্ৰহ্মচৰ্যৰ কঠোৰ অনুশাসন পালন কৰিব লগা হোৱা সত্বেও ছাত্র-শিক্ষকৰ মাজৰ সম্বন্ধ এক আধ্যাত্মিকতাৰ পৰ্যায়লৈ উঠিছিল, যি শিক্ষাৰ বাবে আছিল অতি প্ৰেৰণাদায়ক।

(চ) বৈদিক শিক্ষাই কেৱল আধ্যাত্মিক বিকাশতেই গুৰুত্ব দিয়া নাছিল; সেই সময়ৰ ধৰ্মীয়, সামাজিক আৰু বৃত্তীয় জীৱনৰ প্ৰয়োজনো ই উপযুক্তভাৱে পূৰণ কৰিব পাৰিছিল ৷ 

(ছ) শিক্ষা গ্ৰহণৰ বাবে শিক্ষণ সঁজুলিৰ সম্পূৰ্ণৰূপে অভাৱৰ এটা সময়ত বৈদিক শিক্ষাই শ্ৰৱণ, মনন আৰু অনুশীলনৰ এক অভিনৱ শিক্ষণ পদ্ধতি গঢ় দি তুলিছিল।

(জ) বৈদিক শিক্ষা আছিল এক ব্যক্তিকেন্দ্ৰিক শিক্ষা ব্যৱস্থা য’ত ছাত্ৰই নিজ ক্ৰিয়াৰ যোগেদি আত্ম প্ৰকাশ আৰু বিকাশৰ সুবিধা পাইছিল। গুৰুকুল শিক্ষা এক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা নাছিল।

(ঝ) শিক্ষকে বৰ্তমানৰ দৰে চাকৰি আৰু দৰমহাৰ মনোভাবেৰে ছাত্ৰক শিক্ষা দিয়া নাছিল। সেই কার্যত নৈতিক কর্তব্য, ধর্মীয় অনুভূতি আৰু স্বতঃস্ফূৰ্ত আনন্দৰ ভাব পৰিলক্ষিত হৈছিল।

(ঞ) ব্যক্তি, সমাজ আৰু সময়ৰ প্ৰয়োজন অনুসৰি উপযুক্তভাবে খাপ খুৱাব বৈদিক শিক্ষাৰ পাঠ্যক্রম শিথিল, নমনীয় আৰু গতিশীল কৰি তোলা হৈছিল।

২৬। বৈদিক শিক্ষাৰ দুৰ্বলতাসমূহ আলোচনা কৰা।

(Discuss the Weakness of Vedic education.) 

উত্তৰঃ বৈদিক শিক্ষাৰ দুৰ্বলতাসমূহ তলত উল্লেখ কৰা হ’ল–

(ক) বৈদিক শিক্ষা ব্রাহ্মণ পুৰোহিতসকলেই প্ৰদান কৰা হেতুকে যাগ-যজ্ঞ, মাংগলিক ক্রিয়া আদি ধর্মীয় কার্যসূচীসমূহেই শিক্ষাত অধিক আৰু অহেতুকভাৱে প্ৰাধান্য লাভ কৰিছিল। 

(খ) ‘গোত্র’ বা ‘বর্ণ’ আদিৰ বিবেচনাই পিছলৈ মানুহৰ মাজত জাতি-ভেদৰ সংকীর্ণ মনোভাৱ গঢ় দি তুলি কেৱল ব্ৰাহ্মণসকলৰ মাজতেই শিক্ষা আৱদ্ধ কৰি ৰখা হৈছিল। 

(গ) শৃদ্ৰসকলক শিক্ষা গ্ৰহণৰ অনুপযুক্ত বুলি বিবেচনা কৰা হৈছিল যাৰ ফলত বৈদিক শিক্ষাই সার্বজনীনতা লাভ কৰি উঠিবগৈ পৰা নাছিল।

(ঘ) শিক্ষাৰ মাধ্যম সংস্কৃত ভাষা হোৱা হেতুকে স্থানীয় ভাষাৰ অধ্যয়ন অৱহেলা কৰা হৈছিল, যাৰ ফলত সৰ্বসাধাৰণ লোক এই শিক্ষাৰ পৰা আঁতৰি গৈছিল।

(ঙ) বৈদিক শিক্ষা আৰু চিন্তা-চৰ্চা বৃত্তিমূলক শিক্ষাতকৈ উচ্চ বিবেচিত হৈছিল, যাৰ ফলত নৃত্য-গীত, হস্ত-শিল্প আদি বিষয়ৰ শিক্ষাক সন্মানৰ চকুৰে চোৱা হোৱা নাছিল (চ) ব্ৰাহ্মণ পুৰোহিতসকলৰ শিক্ষাই মানুহৰ মনত এনে এক ধাৰণাৰ সৃষ্টি কৰিছিল যে শাস্ত্ৰৰ জ্ঞান নির্ভুল আৰু বিতৰ্কৰ উৰ্ধত, যাৰ ফলত অন্ধ অনুকৰণৰ এক প্ৰৱণতা জাগি উঠিছিল।

(ছ) যাগ-যজ্ঞ আৰু উচৰ্গাৰ প্ৰাধান্য লাভ কৰা হেতুকে সমাজৰ অৱস্থাপন্ন ধনী আৰু আভিজাত্য শ্রেণী লোকেহে ইয়াৰ সুফল লাভ কৰিছিল। দুখীয়া শ্রেণী ইয়াৰ পৰা বাদ পৰিছিল।

(জ) বৈদিক শিক্ষাৰ পাঠ্যক্ৰমত বিভিন্ন বিষয়ৰ সমাবেশ কৰি শিক্ষা বিশেষিকৰণ কৰি তোলা হৈছিল, যাৰ ফলত জ্ঞানৰ সমন্বয় সাধনৰ অভাৱ ঘটিছিল।

২৭। বৌদ্ধ শিক্ষাৰ সবলতাসমূহ আলোচনা কৰা৷

(Discuss the Strength of Buddhist education.)

উত্তৰঃ বৌদ্ধ শিক্ষাৰ সবলতাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বৌদ্ধ শিক্ষা ব্যৱস্থা গণতান্ত্রিক ভাবধাৰাৰ দ্বাৰা সমৃদ্ধ হৈ উঠিছিল। জাতি, বর্ণ, ধর্ম, নির্বিশেষে সকলো জাতৰ শিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰাৰ সুবিধা পাইছিল।

(খ) বৌদ্ধ শিক্ষা ব্যৱস্থা সু-সংগঠিত অনুষ্ঠানৰ মাধ্যমত সম্প্ৰসাৰিত হৈছিল। মঠ, বিহাৰ, বিশ্ববিদ্যালয় আদিৰ দৰে অনুষ্ঠানৰ মাধ্যমত শিক্ষা সম্প্ৰসাৰণ হৈছিল।

(গ) বৌদ্ধ শিক্ষা ব্যৱস্থাৰ শিক্ষাদান প্ৰণালী বাস্তৱমুখী আছিল। আবাসিক প্ৰক্ৰিয়াৰে উপাধ্যায়ৰ সহায়ত শিক্ষাৰ্থীসকলে শিক্ষা আহৰণ কৰিছিল।

(ঘ) বৌদ্ধ শিক্ষা ব্যৱস্থাৰ মাধ্যমত শিক্ষাৰ্থীসকলে সাহিত্য, সংস্কৃতি, দর্শন, আধ্যাত্মিক তত্ত্বৰ উপৰিও স্থাপত্য-বিদ্যা; ভাস্কৰ্য আৰু চিকিৎসাবিদ্যাৰ শিক্ষাও লাভ কৰিবলৈ সক্ষম হৈছিল।

(ঙ) বৌদ্ধ শিক্ষাৰ মাধ্যমত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱ বহুবোৰ ৰাষ্ট্ৰৰ ওপৰত পৰিছিল৷ সেই ৰাষ্ট্ৰবোৰে বুদ্ধধৰ্ম গ্ৰহণ কৰিছিল ।

(চ) বৌদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষুক-ভিক্ষুণীসকলক সহজভাৱে জীৱন-যাপন কৰি উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাত উদ্‌গনি যোগাইছিল।

(ছ) বৌদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীন বিকাশত অৰিহণা যোগাইছিল। 

(জ) বৌদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষার্থী আৰু শিক্ষকৰ মাজত সৌহার্দ্যপূর্ণ ভাৱে জগাই তুলি সহযোগিতাৰ ধাৰণাৰ উদয় কৰিছিল।

(ঝ) বৌদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ মনত পৱিত্ৰ ধাৰণাৰ ভাব জগাই তুলিছিল কাৰণ ধৰ্মীয় ধাৰণাই শিক্ষাত প্ৰভাৱ পেলাইছিল।

(ঞ) বৌদ্ধ শিক্ষা ব্যৱস্থাই আন্তর্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ মূল কাৰণ আছিল সাংস্কৃতিক বিনিময়।

২৮। বৌদ্ধ শিক্ষাৰ দুৰ্বলতাসমূহ আলোচনা কৰা।

(Discuss the Weakness of Buddhist education.) 

উত্তৰঃ বৌদ্ধ শিক্ষা ব্যৱস্থাৰ দুৰ্বলতাসমূহ তলত উল্লেখ কৰা হ’ল— 

(কঁ) বৌদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষার্থীসকলক সাংসাৰিক জীৱনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিছিল। কাৰণ আধ্যাত্মিক ধাৰণাই শিক্ষার্থীসকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। 

(খ) বৌদ্ধ শিক্ষা ব্যৱস্থাই ধৰ্মীয় দিশৰ ওপৰত গুৰুত্ব দিয়া বাবে ব্যক্তিৰ জীৱনৰ অন্য দিশবোৰ বিকশিত হোৱাত অৰিহণা নোযোগালে।

(গ) বৌদ্ধ শিক্ষা ব্যৱস্থাই সামাজিক বিকাশত কোনো ধৰণে সহায় কৰিব পৰা নাছিল। এই মঠ, বিহাৰ আৰু সংঘৰ মাজতে সীমাবদ্ধ হৈ আছিল।

(ঘ) বৌদ্ধ শিক্ষা ব্যৱস্থাত মহিলা শিক্ষাৰ বিকাশৰ বাবে বিশেষ ধৰণৰ থ’ল ৰখা হোৱা নাছিল। শিশুসকলৰ শিক্ষাত পৰিয়ালৰ ভূমিকা নোহোৱা কৰি পেলাইছিল। 

(ঙ) বৌদ্ধ শিক্ষা ব্যৱস্থাত সামাজিক শিক্ষাৰ স্থান নোহোৱা হেতুকে ৰাষ্ট্ৰখন দুর্বল হোৱাত শিক্ষাৰ প্ৰভাৱ পৰিছিল।

(চ) বৌদ্ধ শিক্ষা ব্যৱস্থা গণতান্ত্রিক ভাবধাৰাৰ সীমাবদ্ধতা নথকা হেতুকে নিয়ম-কানুন, অনুশাসন আদি দুর্বল প্রকৃতিৰ হৈ পৰিছিল।

(ছ) বৌদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষুক-ভিক্ষুণীসকলক অবাধ স্বাধীনতা দিয়া হেতুকে শেষলৈ শিক্ষাৰ কেন্দ্ৰবোৰ জিৰণি কেন্দ্ৰৰ দৰে হৈ পৰিছিল।

(জ) বৌদ্ধ শিক্ষা ব্যৱস্থাৰ আদৰ্শ মহত্ত্বপূৰ্ণ আছিল যদিও ই সামাজিক সংহতি আনিবলৈ সক্ষম হোৱা নাছিল ।

(ঝ) বৌদ্ধ শিক্ষা ব্যৱস্থাই বুদ্ধদেৱ আদৰ্শৰ ‘নিৰ্বান’ বা ‘মুক্তিলাভকো’ চূড়ান্ত সত্য বুলি গণ্য কৰা বাবে সমাজৰ পৰা আঁতৰি অহা ধাৰণাৰ দ্বাৰা শিক্ষাৰ্থীসকল উদ্বুদ্ধ হৈ পৰিছিল।

(ঞ) বৌদ্ধ শিক্ষা ব্যৱস্থাৰ ভুল-ত্রুটি শেষলৈ অধিক হোৱা বাবে এই শিক্ষাই জনপ্রিয়তা লাভ কৰিব নোৱাৰিলে, বিশেষকৈ ভাৰতবৰ্ষত।

২৯৷ ইছলামীয় শিক্ষাৰ সবলতাসমূহ আলোচনা কৰা।

(Discuss the strength of Islamic education.) 

উত্তৰঃ ইছলামীয় শিক্ষাৰ সবলতাসমূহ তলত উল্লেখ কৰা হ’ল —

(ক) মুছলমান ধৰ্মৰ মতে সকলো ছাত্ৰই ধৰ্মীয় অনুভূতিৰে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো এক অপৰিহাৰ্য কৰ্তব্য স্বৰূপে বিবেচনা কৰা হৈছিল। সেয়েহে ধৰ্মৰ নামত এই শিক্ষাৰ এক বাধ্যতামূলক মনোভাব থকাটো পৰিলক্ষিত হয়।

(খ) মুছলমান শিক্ষা ব্যৱস্থাই মানুহৰ ধৰ্মীয় প্রয়োজন আৰু সমাজৰ বৈষয়িক প্ৰয়োজন উভয়কেই পূৰণ কৰিব পৰাকৈ শিক্ষা গঢ় দি তোলা হৈছিল। ধৰ্ম আৰু শিক্ষাই কেৱল আধ্যাত্মিক প্রয়োজনৰ ওপৰত একপক্ষীয়ভাৱে প্ৰাধান্য লাভ কৰা নাছিল৷ 

(গ) শিক্ষকৰ প্ৰতি ছাত্ৰসকলৰ শ্ৰদ্ধা-ভক্তি আৰু আনুগত্যৰ ভাব অনুকৰণীয় আছিল। শিক্ষকসকলেও ছাত্রক ব্যক্তিগতভাৱে মনোযোগ দিয়াটো ধৰ্মীয় আৰু নৈতিক কৰ্তব্য স্বৰূপে বিবেচিত হৈছিল।

(ঘ) শিক্ষকসকলৰ চৰিত্ৰ আৰু ব্যক্তিত্ব ছাত্ৰ আৰু সমাজৰ সকলো শ্ৰেণীলোকৰ বাবে প্ৰেৰণাদায়ক আছিল, তেওঁলোকে সমাজৰ লোকৰ ধৰ্মীয় নেতৃত্বও প্ৰদান কৰিছিল।

(ঙ) মুছলমান শিক্ষাত বৰ্ণ-বৈষম্য আৰু জাতিভেদৰ অসুস্থ প্ৰভাৱ নাছিল। ইয়াৰ ফলত হিন্দুসকলৰ নিম্নশ্রেণীলোকে মুছলমান ধৰ্ম গ্ৰহণ কৰি শিক্ষা আৰু সামাজিক মর্যাদা লাভ কৰি উঠিব পাৰিছিল।

(চ) ছাত্ৰসকলক শিক্ষাত উৎসাহিত কৰি তুলিবৰ বাবে পুৰস্কাৰ আৰু স্বীকৃতি প্ৰদানৰ ব্যৱস্থা আছিল । চৰকাৰে মেধাবী ছাত্ৰসকলক বৃত্তি প্রদান কৰি শিক্ষাৰ বাবে উৎসাহিত কৰি তুলিছিল ।

(ছ) এই শিক্ষা ব্যৱস্থাই ছাত্ৰক সাধাৰণ শিক্ষাদানৰ উপৰিও বুৰঞ্জী লিখা আৰু ভৱিষ্যতৰ বাবে তাক লিপিবদ্ধ কৰাৰ শিক্ষা দিছিল। বুৰঞ্জীৰ সমসাময়িক ঘটনাৰ অধ্যয়ন আৰু লিপিবদ্ধ কৰণে ভৱিষ্যতৰ বাবে প্ৰেৰণা যোগাইছিল।

(জ) মুছলমান শিক্ষা ব্যৱস্থাত ছাত্ৰসকলৰ পৰা কোনো শিক্ষা মাচুল গ্ৰহণ কৰা হোৱা নাছিল। শিক্ষা বিনামূলীয়া হোৱা হেতুকে ধনী-দুখীয়া সকলোৰে বাবে ই মুক্ত আছিল। 

(ঝ) এই শিক্ষাত উচ্চ শ্ৰেণীৰ ছাত্ৰই নিম্ন শ্ৰেণীৰ ছাত্ৰক শিক্ষা দিয়া ‘মনিটৰিয়েল প্ৰথা’ প্ৰচলিত আছিল। ইয়াৰ যোগেদি ভৱিষ্যতৰ বাবে এক শিক্ষক শ্ৰেণী পৰোক্ষভাৱে গঢ় দি তোলা হৈছিল।

(ঞ) মুছলমান শাসকসকলে পণ্ডিত, কবি, সাহিত্যিক আৰু কলাকাৰসকলক ৰাজদৰবাৰত উচিত সন্মান দিছিল৷ ইয়াৰ ফলত বহুতো মৌলিক গ্রন্থ আৰু অনুবাদ সাহিত্য এই সময়ছোৱাত সৃষ্টি হৈ উঠি ভাৰতীয় সাহিত্য-সংস্কৃতি সমৃদ্ধ কৰি তুলিছিল।

৩০। ইছলামীয় শিক্ষাৰ দুৰ্বলতাসমূহ আলোচনা কৰা।

(Discuss the Weakness of Islamic education.)

উত্তৰঃ মুছলমান শিক্ষাৰ দুৰ্বলতাসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) মুছলমান ৰজাসকলে দেশৰ শিক্ষা পৰিচালনা কৰিছিল যদিও হিন্দুসকলৰ পুৰণি শিক্ষা ব্যৱস্থাৰ প্ৰতি সমুলি আওকাণ কৰা হৈছিল। কেৱল ইছলাম ধৰ্মৰ অনুগামীসকলেহে শিক্ষাৰ সুবিধা পাব পাৰিছিল। শিক্ষাত ধৰ্ম নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰা হোৱা নাছিল৷ 

(খ) তেওঁলোকৰ শিক্ষা ব্যৱস্থাত বৈষয়িক আৰু ব্যৱহাৰিক জীৱনৰ ভাবধাৰাই অধিক প্রাধান্য লাভ কৰিছিল। ইয়াৰ ফলত এই শিক্ষাই বৈদিক শিক্ষাৰ দৰে আধ্যাত্মিক দিশৰ উচ্চ পৰ্যায়লৈ উঠিব পৰা নাছিল ।

(গ) মুছলমানসকলৰ শিক্ষা সৰ্বসাধাৰণ লোক আৰু সমাজৰ উচ্চ পৰ্যায়ৰ লোকসকলৰ বাবে পৃথক আৰু আছুতীয়া ব্যৱস্থা আছিল। সেয়েহে এই শিক্ষা অগণতান্ত্ৰিক আৰু অসামাজিকভাৱে বৈষম্যমূলক বুলিব পাৰি।

(ঘ) মুছলমান শিক্ষাৰ অনুশাসন নীতিও কঠোৰ আৰু দমনমূলক আছিল। ছাত্ৰক শিক্ষকে ইচ্ছা অনুসৰি শাক্তি প্ৰদানৰ ব্যৱস্থা আছিল। শিক্ষক সকলো ৰজাৰ শাস্তি প্ৰদানৰ পৰা বাদ পৰা নাছিল ।

(ঙ) এই শিক্ষা ব্যৱস্থাত স্ত্রী শিক্ষাৰ প্ৰতিও সাধাৰণভাৱে আওকাণ কৰা হৈছিল। স্ত্ৰীসকলক আবোৰৰ মাজত ৰখা হৈছিল আৰু সেইবাবে তেওঁলোকক পুৰুষৰ সমানে সমাজত স্থান আৰু মান দিয়া হোৱা নাছিল।

(চ) মুছলমান শিক্ষাদান ব্যৱস্থা পুৰণি, গতানুগতিক আৰু যান্ত্ৰিক তথা মৌলিক বিধৰ আছিল। এনে শিক্ষা ছাত্ৰৰ প্ৰতিভা বিকাশৰ সহায়কাৰী নাছিল।

(ছ) ছাত্ৰক প্ৰথমে পঢ়িবলৈ আৰু তাৰ পিছত লিখিবলৈ শিকোৱা হৈছিল। ফলত শিক্ষাদান পদ্ধতি অবৈজ্ঞানিক, অনাৱশ্যকভাৱে জটিল আৰু সময় হানিকৰ কৰি তোলা হৈছিল। আকবৰেহে মাথোন এই ত্রুটি অনুভৱ কৰিব পাৰিছিল৷

(জ) এই শিক্ষা বহু পৰিমাণে হিন্দু-বিদ্বেষী মনোভাৱৰ আছিল। কেইবাজনো ৰজাই হিন্দুৰ মন্দিৰ আৰু শিক্ষানুষ্ঠান ধ্বংস কৰি পেলাইছিল আৰু তাৰ ঠাইত মছজিদ আৰু মক্তাব স্থাপন কৰি তুলিছিল।

(ঝ) আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম কৰা হোৱা নাছিল। প্রায় ৮০ শতাংশ লোক ভাৰতীয় হিন্দু হোৱা সত্ত্বেও বিদেশৰ আৰবী আৰু পাৰ্চী ভাষা শিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰি সৰ্বসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰা হৈছিল।

(ঞ) দেশৰ শিক্ষা ৰজাৰ প্ৰশাসন মতে চলিছিল যদিও শিক্ষাৰ ক্ষেত্ৰত ৰাজকীয় এক প্রশাসন যন্ত্র গঢ় দি তোলা হোৱা নাছিল। ফলত বহুতো শিক্ষানুষ্ঠান পৰিদৰ্শন আৰু প্ৰশাসনৰ অভাৱত দুৰ্বল হৈ পৰিছিল আৰু ভাঙি পৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top