Class 8 Assamese Chapter 9 ভয়

Class 8 Assamese Chapter 9 ভয় Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 9 ভয় – সমাধান and select needs one.

Join Telegram Groups

Class 8 Assamese Chapter 9 ভয় – সমাধান

Also, you can read Class 8 Assamese Question Answer Chapter 9 notebook online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 9 ভয় – সমাধান Solutions for All Subject, You can practice these here.

ভয়

-শীলভদ্ৰ

প্রশ্ন ১। ‘ভয়’ গল্পটিৰ মূল কথাখিনি নিজৰ ভাষাৰে কোৱা ।

উত্তৰঃ গল্পটিৰ মূলকথাখিনি এনেকৈ কোৱা । ‘ ‘ভয়’ গল্পটিৰ নায়ক ৰবীনৰ অনবৰতে মনত ভয় ভাব এটা লাগিয়েই থাকে ।

ৰাস্তাত খোজ কাঢ়োতে গাড়ী মটৰৰ কাৰণে ভয়,পোনাকণে ক্ৰিকেট খেলি থাকোতে ক্ৰিকেট বল গাত পৰি অঘটন ঘটাৰ ভয় , হঠাতে তেওঁ মৰি গ’লে ল’ৰা – ছােৱালী হাল আৰু তেওঁৰ পত্নী মলাৰ কি গতি হ’ব ইয়াকে ভাবি ভয় , ঘৰৰ দুৱাৰ খুলি থৈ পিছফালে কিবা কৰি থকাৰ সুযােগ লৈ চোৰ সােমাই ঘৰৰ বয়-বস্তু আনকি বাৰাণ্ডাত খেলি থকা কণমানি ছােৱালাজনী উঠাই লৈ যােৱাৰ ভয় , কেৱল ভয় আৰু ভয় ।

কাৰণ তেওঁ নিজ চকুৰে আনৰ এনে ঘটনা ঘটা দেখিছে , কাণেৰে শুনিছে । তেওঁৰ এই ভয়ৰ কাৰণে পত্নী পৰিবাৰৰ পৰা ‘ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই’ বুলি গঞ্জনাও শুনিছে । ৰবীনে খাইছে , বইছে , দৰকাৰ হ’লে মাজে মাজে হাঁহিছেও অফিচৰ কাম ঠিকমতেই কৰিছে , সহকর্মীসকলৰ লগত নানা ৰকমৰ কথাও পাতিছে । তথাপি ইয়াৰ মাজতাে তেওঁৰ মনত অনবৰতে ভয় এৰা নিদিয়ে ।

         সেইদিনা নিশা শুই থকা অৱস্থাতে কৰবাত আঁতৰত মানুহৰ হাই উৰুমি শুনা যেন পালে । তেওঁ অনুমান কৰিলে চুবুৰীৰ ভাৰাঘৰত থকা জহীৰুদ্দিনৰ ঘৰৰ ফালে গণ্ডগােল হৈছে । তেওঁ তৎক্ষণাত শােৱাৰ পৰা উঠি দুৱাৰ খুলি সেই ফালে যােৱাৰ উপক্ৰম কৰিলে । তাকে দেখি পত্নী ৰমলাই আতংকত চিঞৰি উঠিল―’এই ৰাতি তেওঁ ক’লৈ যায় ।

         ৰবীনে নির্ভয়ে উত্তৰ দিলে— ‘ জহীৰ ঘৰৰ ফালে ।’ আজি মই তাৰ ল’ৰা – ছােৱালীক  ৰক্ষা নকৰিলে কাইলৈ মােৰ ল’ৰা – ছােৱালী কোনে ৰক্ষা কৰিব ?

         ‘ ৰবীনৰ তেতিয়া মনত অকণাে ভয় নাছিল ।

 প্রশ্ন ২। উত্তৰ দিয়া । 

( ক ) ৰবীনৰ চৌবিশ ঘন্টাৰ লগৰীয়া কোন ?

 উত্তৰঃ ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া হ’ল-  ‘ভয় ‘ ।

 ( খ ) ৰবীনৰ পৰিবাৰৰ নাম কি ? 

উত্তৰঃ  ৰবীনৰ পৰিবাৰৰ নম হ’ল-  ৰমলা ।

 ( গ ) ফুটবল খেলি থাকোতে কোন ঢুকাল ?

উত্তৰঃ  ফুটবল খেলি থাকোতে সত্য খুড়াৰ ল’ৰাজন ঢুকাল ।

 ( ঘ ) ৰবীন কেইটা সন্তানৰ পিতৃ ? 

উত্তৰঃ ৰবীন দুটা সন্তানৰ পিতৃ । 

( ঙ ) জহীৰুদ্দিনৰ পেচা কি ? 

উত্তৰঃ জহীৰুদ্দিনৰ পেচা হ’ল- ওকালতি ।

 ( চ ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তর্কাতর্কি হয় ? 

উত্তৰঃ  ফুৰিবলৈ ওলালে ৰবীনৰ পত্নী ৰমলাৰ লগত তর্কাতর্কি হয় । 

( ছ ) পােনাহঁতে কি বলেৰে ক্রিকেট খেলিবলৈ বিচাৰে ? 

উত্তৰঃ পােনাহঁতে কাঠৰ বলেৰে ক্রিকেট খেলিবলৈ বিচাৰে ।

 ( জ ) অফিচৰ কাম – কাজত ৰবীনে কিয় মন দিব নােৱাৰে ?

উত্তৰঃ অফিচৰ কাম – কাজত ৰবীনে মন দিব নােৱৰাৰ কাৰণ তেওঁৰ মনত অনবৰতে  লাগি থকা ভয় ।

 প্রশ্ন ৩ চমু উত্তৰ দিয়া । 

( ক ) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰিছিল ? 

উত্তৰঃ ৰাস্তাৰে খােজকাঢ়ি গৈ থাকণে গাড়ী মাটৰে খুন্দিয়াই মাৰে বুলি, পোনাকণে ক্রিকেট খেলি থাকোতে কাঠৰ বল আহি গাত পৰি পােনাকণৰ কিবা অঘটন হয় বুলি , শুই থাকোতে বা অফিচত কাম কৰি থাকোতেই মৃত্যু হয় বুলি , তেওঁৰ হঠাতে মৃত্যু হলে ল’ৰা – ছােৱালী হাল আৰু পৰিবাৰৰ অৱস্থা কি হ’ব , এনেবােৰ কথাই ৰবীনৰ মনত ভয় সৃষ্টি কৰিছিল ।

( খ ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল ? 

উত্তৰঃ এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে সৰু ছােৱালীজনী অকলে বাৰাণ্ডাত খেলি আছে , দুৱাৰ খােলা আছে , তেনে অৱস্থাত তেওঁৰ পত্নীয়ে কোনাে চিন্তা নকৰি গাধােৱা ঘৰত গা ধুই আছে। ইয়াকে দেখি ৰবীনৰ পত্নী ৰমলাৰ ওপৰত খং উঠিছিল । কাৰণ ৰবীনৰ ভয় হৈছিল কোনােবা চোৰে যদি ঘৰৰ বয় – বস্তু , আনকি কণমানি ছােৱালীজনীক বাৰাণ্ডাৰপৰা উঠাই লৈ যায় ।

 ( গ ) মাজৰাতি ৰবীনে শােৱাৰ পৰা উঠি ক’লৈ যাবলৈ ওলাইছিল ? তেওঁ ওলাই যৱাৰ কাৰণ কি ? 

উত্তৰঃ  মাজৰাতি ৰবীনে শােৱাৰ পৰা উঠি উকীল জহীৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল । তেওঁ ওলাই যােৱাৰ কাৰণ আছিল শুই থকা অৱস্থাতে মানুহৰ এটা কোলাহল তেওঁ শুনিছিল আৰু সেই কোলাহল জহীৰৰ ঘৰৰ ফালে আহি আছে বুলি অনুমান কৰিছিল । তেওঁ জহীৰৰপৰা ছােৱালী কেইটাক ৰক্ষা কৰিবলৈ নির্ভয়ে ওলাই যাব বিচাৰিছিল ।

 ( ঘ ) গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক’ত পার্থক্য পাইছা ? 

উত্তৰঃ গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত এয়ে পার্থক্য পােৱা গ’ল যে । ৰবীনে যিমান কথাবােৰ চিন্তা কৰে , বিপৰীত কোনাে কথাতে ৰমলাৰ অকণাে চিন্তা নাই । ৰবীনে প্রতিমুহূর্ততে অর্থাৎ চৌবিশ ঘণ্টাই ভয় ভাব এটা লৈ ফুৰে , ৰমলাৰ কিন্তু কোনাে ক্ষেত্ৰতে তেনে ভয় ভাব নাই । ৰবীনে ভাব চিন্তাবােৰ যিমান গুৰুত্বসহকাৰে লয় তাৰ বিপৰীতে মলাই অতি সহজভাৱে লয় ।

 প্রশ্ন ৪। কোনে , কাক , কেতিয়া কৈছিল লিখা ।

 ( ক ) ‘ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই ।’

উত্তৰঃ পােনাহঁতে কাঠৰ বলেৰে ক্রিকেট খেল খেলা দেখি বলটো গাত পৰি পােনাৰ কিবা অঘটন ঘটিব পাৰে বুলি ৰবীনে বৰ ভয় কৰা দেখি আৰু সকলাে সময়তে সকলাে কথাতে মনত ভয় লৈ থকা কাৰণে পত্নী ৰমলাই ৰবীনক এনেদৰে কৈছিল । 

( খ ) ‘হেৰা শুনিছা ? কোনােবাই চিঞৰা যেন লাগিছে ।’

উত্তৰঃ কথাখিনি ৰবীনে পত্নী ৰমলাক কৈছে । ৰবীনে সকলাে সময়তে সকলাে কথাতে ভয় ভয় কৰি চলে । সিদিনা ৰবীনৰ মাজৰাতি হঠাতে টোপনি ভাগি গ’ল। কাণপাতি শুনিলে । কোনােবাই চিঞৰ বাখৰ কৰা যেন লাগিল । তেতিয়া ৰবীনে পত্নী ৰমলাক এনেদৰে কৈছিল । 

( গ ) ‘আজি মই তাৰ ল’ৰা – ছােৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মােৰ ল’ৰা ছােৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ? ’

উত্তৰঃ ৰবীনৰ মনত চৌবিশ ঘন্টাই ভয় এটা লাগি থাকে। সিদিনা মাজৰাতি ৰবীনে হঠাতে সাৰ পাই বাহিৰত কোনােবাই চিঞৰ বাখৰ কৰা যেন লাগিল । চিঞৰটো চুবুৰীতে ভাৰাত থকা উকীল জহীৰুদ্দিনৰ ঘৰৰ ফালে বুলি অনুমান কৰিলে । তেওঁ তৎক্ষণাত উঠি আহি দুৱাৰ খুলি বাহিৰলৈ যাবলৈ খুজিলে ।

তাকে দেখি যেতিয়া পত্নী মলাই আতংকেত চিঞৰি সুধিলে ‘ তুমি ক’লৈ যােৱা’— তেতিয়া ৰবীনে ৰমলাক এনেদৰে কৈছিল ।

 প্রশ্ন ৫ দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্রশ্ন যুগুত কৰা ।

 ‘ কোলাহল জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানাে ? জহীৰুদ্দিনে এই চুবুৰীত ঘৰভাৰা লৈ থাকে , ওকালতি কৰে । ভদ্র আৰু বিনয়ী ডেকা । চুবুৰীৰ সকলােৰে লগত ভাল । ভিন ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি ? 

উত্তৰঃ ( ক ) ‘কোলাহল জহীরুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানাে ? ‘ কথাষাৰ কোনে কাক কৈছে ?

 ( খ ) জহীৰুদ্দিন কোন ? তেওঁ ক’ত কেনেকৈ থাকে ? 

( গ ) জহীৰুদ্দিনে কি কৰে ?

 ( ঘ ) জহীৰুদ্দিন কেনেকুৱা স্বভাৱৰ ডেকা ।

 ( ঙ ) চুবুৰীৰ মানুহৰ লগত জহীৰুদ্দিনৰ সম্পর্ক কেনেকুৱা ? 

( চ ) কোলাহল শুনি ৰবীনব কেনেধৰণৰ সন্দেহ হৈছিল ? 

প্রশ্ন ৬ । তলৰ বাক্য কেইশাৰীৰ অৰ্থ বুজাই লিখা ।

 ( ক ) উচ্ছংখল জনতা দাবানলৰ দৰে । 

উত্তৰঃ দাৱানলে এফালৰপৰা কেঁচা – পকা , ভাল বেয়া সকলাে বস্তুকেই নিমিষতে পুৰি ছাই কৰি দিয়ে । সকলাে বস্তু ধ্বংসস্তুপত পৰিণত হয় । ঠিক সেইদৰে উচ্ছংখল জনতা পাগলৰ দৰে । উচ্ছংখল জনতাৰ হিতাহিত জ্ঞান তথা ভাল – বেয়া , উচিত অনুচিত চিন্তা কৰাৰ ক্ষমতা নাথাকে । সমুখত যি পায় , সকলােকে মাৰপিট কৰি , ভাঙি চিঙি নষ্ট কৰি পেলায় , ধ্বংসস্তুপত পৰিণত কৰি পেলায় । 

( খ ) ‘দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট ।’

উত্তৰঃ এটা সামান্য ফিৰিঙতিৰ পৰাই প্ৰকাণ্ড জুই একুৰাৰ সৃষ্টি হ’ব পাৰে । সেই কাৰণেই কয় “ ‘ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ ‘ । ঠিক সেইদৰে সামান্য ভুল এটাৰ কাৰণেই ডাঙৰ ক্ষতি হ’ব পাৰে । সমাজত এটা মাত্র বেয়া মানুহৰ পৰাই গােটেই সমাজখনৰ অনিষ্ট হ’ব পাৰে ।

সেইকাৰণে সামান্য ফিৰিঙতি বুলি যিদৰে আওকাণ কৰিব নালাগে সেইদৰে সামান্য ভুল বুলি , সামান্য এটা মাত্র বেয়া মানুহ বুলি কেতিয়াও উলাই কৰিব নালাগে ।

 ( গ ) ‘বিভিন্ন ধর্ম , বিভিন্ন ভাষা , বিভিন্ন সম্প্রদায় , কিমান জাতি আৰু উপজাতি ! অসংখ্য খণ্ডিত সত্তাৰ এয়েই অমােঘ পৰিণতি ।’

উত্তৰঃ পৃথিৱীত বিভিন্ন ধর্ম , বিভিন্ন ভাষা , বিভিন্ন সম্প্রদায় , বিভিন্ন জাতি উপজাতি থকাৰ কাৰণেই মানুহৰ মাজত বিভেদতাৰ সৃষ্টি হৈছে । এইবােৰ নাথাকি এক ধর্ম , এক মানৱ জাতি হিচাপে যদি থাকিলেহেঁতেন মানুহৰ মনত বিভেদতা , বিচ্ছিন্নতাৰ ভাব নাজাগি মৰম চেনেহ ঐক্য সংহতিৰে বসবাস কৰিলেহেঁতেন ।

জাতি , ধর্ম , ভাষা – সম্প্রদায়ৰ এই বিভেদতা থকাৰ কাৰণেই আনবােৰে জহীৰক আক্রমণ কৰিবলৈ অহাৰ দৰে পৰিণতি হৈছে । 

প্রশ্ন ৭। ‘ভয়’ গল্পটিৰপৰা তােমাৰ জীৱনৰ কাৰণে প্রয়ােজনীয় কি কি কথা শিকিলা লিখা ।

উত্তৰঃ ‘ ভয়’ গল্পটিৰপৰা মােৰ জীৱনৰ কাৰণে প্রয়ােজনীয় এই কথাকে শিকিলে যে জীৱনত সকলাে সময়তে ভয় কৰি থাকিব নালাগে । ভয়ে মানুহক সকলাে ক্ষেত্ৰতে দুর্বল  কৰি ৰাখে , কামত মনােযােগ দিয়াত বাধা জন্মায় । কিন্তু নিজ কর্তব্যৰ প্রতি সজাগ হলে ভয় আঁতৰি মনলৈ দুর্দম সাহস আহে । 

প্রশ্ন ৮। তলৰ শব্দবােৰেৰে একোটাকৈ বাক্য গঠন কৰা । 

আওহতীয়া , সন্তর্পণে , লানিনিছিগা , অন্যমনস্ক , অমােঘ , উৎশৃংখল, দাবানল , ছাৰখাৰ , উৎকৰ্ণ , কোলাহল । 

উত্তৰঃ  আওহতীয়া :-  যাতায়াত ব্যৱস্থা নথকা আওহতীয়া ঠাইলৈ গৈ চাকৰি কৰাটো বৰ কষ্টক ।

সন্তর্পণে :-  কোনেও কব নােৱাৰাকৈ অতি সন্তর্পণে সি এই কামটো কৰি গুচি গ’ল । 

লানি নিছিগা :-  ইটোৰ পিছত সিটোকৈ লানি নিছিগা সমস্যাই তাক অতিষ্ঠ কৰি তুলিছে ।

অন্য মনস্ক :-  অন্যমনস্ক হৈ কাম কৰিলে কামত বেমেজালি ঘটে ।

অমােঘ :- পৰিশ্রমেই জীৱনৰ সফলতাৰ অমােঘ , অস্ত্র । 

উৎশৃংখল :-  উৎশৃংখল জনতা দাৱানলৰ দৰে।

দাৱানল :- উৎশৃংখল জনতাই  দাৱানলৰ দৰে ।

ছাৰখাৰ :- উৎশৃংখল জনতাই দোকান – বজাৰ সকলাে ভাঙি ছিঙি ছাৰখাৰ কৰি পেলালে ।

উৎকর্ণ :- দূৰত কি ঘটিছে উৎকৰ্ণ হৈ শুনা ।

কোলাহল :- শােভাযাত্রাৰ কোলাহল শুনি ল’ৰা – ছােৱালীবােৰে চাবলৈ দৌৰি আহিছে ।

 প্রশ্ন ৯। তলত দিয়া দফাটো যতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা ।

    মানুহৰ সুখ শান্তিৰ এক প্ৰকাৰ অন্তৰায় হৈছে ক্রোধ কলা-কৃষ্টিৰ প্রতি আকর্ষণ সেই ক্রোধ নাশ কৰি মানুহৰ মনৰ কোমল প্রবৃত্তি সমূহ জগাই তােলে সেই কাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ – গান আদিৰ প্ৰতি থকা ৰাপ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি মাঘ বিহুত মেজি সজা ভােজ ভাত খােৱা হৈ গুদু ঢােপ খেল ঢােল পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্রকাশ কৰে

উত্তৰঃ মানুহৰ সুখ – শান্তিৰ এক প্রবল অন্তৰায় হৈছে ক্রোধ । কলা – কৃষ্টিৰ প্রতি আকর্ষণে সেই ক্রোধ নাশ কৰি মানুহৰ মনৰ কোমল প্রবৃত্তি সমূহ জগাই তােলে । সেই কাৰণে এটা পৰিয়ালত খেল – ধেমালি , নাচ – গান আদিৰ প্ৰতি থকা ৰাপ , আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ – শান্তিৰ উমান পাব পাৰি ।

মাঘৰ বিহুত মেজি সজা , ভােজ ভাত খােৱা , হৈ গুদু , ঢােপ খেল , ঢােল , পেঁপা গগনাৰ তালে তালে বিহুনচা আৰু দেৱালী আৰু উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্রকাশ কৰে ।

প্রশ্ন ১০। তলৰ আঁচটনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা । 

( ক ) নদৰ্মালৈ নামি গ’লেহে হ’ব ।

উত্তৰঃ  চতুর্থী বিভক্তি । 

( খ ) কিছুদিনৰ পৰা পােনাহঁতেও ক্রিকেট খেলাত ধৰিছে । 

উত্তৰঃ পঞ্চমী বিভক্তি ।

( গ ) অফিচত কাম কৰি থাকিও হঠাতে ৰবীনৰ বুকুখন ধৰফৰাই উঠে । 

উত্তৰঃ সপ্তমী বিভক্তি । 

( ঘ ) মই তাৰ ল’ৰা – ছােৱালীক ৰক্ষা কৰিবলৈ নগ’লে কালিলৈ মােৰ ল’ৰা – ছােৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ? 

উত্তৰঃ    ছােৱালীক       –      দ্বিতীয়া বিভক্তি ।

            কৰিবলৈ          –     চতুর্থী বিভক্তি ।

 প্রশ্ন ১১। ভাৱ বহলাই লিখা ।

( ক ) অতি মাত্রা সকলােৰে বেয়া ।

উত্তৰঃ জোখতকৈ বেছি খালে বেমাৰ হয় । প্রয়ােজনতকৈ বেছি ধন – ধান থাকিলে মানুহ প্রায়ে অংহকাৰী হয় , চোৰ – ডকাইতৰ ভয়ত টোপনি নাহে , অশান্তি বাঢ়ে । দিব লগা বা কৰিব লগা মৰমতকৈ বেছি মৰম কৰিলে সন্তান নষ্ট হয় , লাই পাই কথা নুশুনা হয় । কথাতে কয় লাই পাই অর্থাৎ বেছি মৰম পাই কুকুৰেও বুকুলৈ ডেৱায় । ক’ব লগা কথাখিনিতকৈ বেছি কলে বিপদতহে পৰা যায় ।

প্রয়ােজনতকৈ অত্যধিক শাসনতাে ল’ৰা ছােৱালী নষ্ট হয় , ফাঁকি দিবলৈ বাধ্য হয় । খৰচৰ ক্ষেত্ৰততো অতিমাত্ৰা খৰছে , মানুহক দেৱলীয়া কৰে । অত্যধিক মদ বা ৰাগীয়াল বস্তু সেৱন ঘৰখনৰ অশান্তিৰ কাৰণ হয় হানকি সেৱন কৰা লােকৰ বাবে মৃত্যুৰ কাৰণাে হয় । মিতিৰৰ ঘৰলৈয়াে বৰ বেছি অহা – যােৱই সম্বন্ধত কেৰােণ লগায় । এইদৰে দেখা যায় অতিমাত্রা সকলােৰে বেয়া । 

( খ ) ফিৰিঙতিৰ পৰা ৰাণ্ডৱ দাহ হয় ।

 উত্তৰঃ সামান্য ফিৰিঙতিৰ পৰাই মহাভাৰতৰ উল্লেখ থকা খাণ্ডৱ বন পুৰি ভস্মীভূত হৈছিল । কিয়নাে সামান্য ফিৰিঙতিৰ পৰাই দাৱানলৰ অর্থাৎ প্ৰকাণ্ড জুইৰ সৃষ্টি হয় আৰু সিয়ে  সকলােকে পুৰি ছাই কৰি দিব পাৰে ।

         ঠিক সেইদৰে সামান্য ভুল কথা এটিৰ পৰাই ডাঙৰ ক্ষতি হব পাৰে। সমাজত এটা মাত্র বেয়া মানুহৰ পৰাই সমাজ তথা দেশৰাে ডাঙৰ অনিষ্ট হ’ব পাৰে । সেই কাৰণে সামান্য ফিৰিঙতি বুলি যিদৰে আওকাণ কৰাটো উচিত নহয় সেইদৰে সামান্য ভুল বা কথা বুলি বা সামান্য এটা মাত্ৰ বেয়া মানুহ বুলি তাক কেতিয়াও উলাই কৰিব নালাগে ।

Sl. No.Contents
পাঠ – 1নিয়ম
পাঠ – 2যুগমীয়া শৰাইঘাট
পাঠ – 3এন্ ফ্ৰাঙ্কৰ ডায়েৰী
পাঠ – 4জাগা জননীৰ সন্তান
পাঠ – 5ভক্তপ্ৰাণ প্রহ্লাদ
পাঠ – 6প্ৰগতিৰ সোণালী বাট
পাঠ – 7বস্তু বিজ্ঞান অধ্যয়ন
পাঠ – 8শ্ৰীশ্ৰী শংকৰদেৱ
পাঠ – 9ভয়
পাঠ – 10পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ – 11অতীতক নাযাবা পাহৰি
পাঠ – 12সুখ
পাঠ – 13হোমি জাহাংগীৰ ভাবা
পাঠ – 14সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ – 15শিশুলীলা

প্রশ্ন ১২। তলত দিয়া শব্দবােৰৰ সন্ধি ভাভা আৰু পাতা । 

( ক ) ভাবাবেগ , পৰীক্ষা , নিশব্দ , ভয়াতুৰ , যথেষ্ট । 

উত্তৰঃ    ভাবাবেগ =   ভাব + আগে ।

           পৰীক্ষা    =   পৰি + ঈষা ।

            নিশব্দ    =    নিঃ + শব্দ ।

            ভয়াতুৰ  =    ভয় + আতুৰ ।

            যথেষ্ট     =   যথা + ইষ্ট । 

( খ ) উৎশৃঙ্খল,উৎসাহ, নিশ্চিন্ত, সন্মুখ,শিৰচ্ছেদ

 উত্তৰঃ    উৎ + শৃঙ্খল = উৎশৃঙ্খল ,  । 

           উৎ + শ্বাস = উৎসাহ ।

           নিঃ + চিন্ত = নিশ্চিন্ত । 

           সম + মুখ = সন্মুখ । 

           শিৰঃ + ছেদ = শিৰচ্ছেদ । 

 প্রশ্ন ১৩। ( ক ) সাধুকথা আৰু চুটিগল্প মাজত থকা পার্থক্য লিখা । 

উত্তৰঃ গল্প কোৱা বা শুনাৰ মানুহৰ আদিম প্রবৃত্তিয়েই সাধুকথা আৰু চুটিগল্পক জন্ম দিছে  যদিও দুয়ােৰে মাজত যথেষ্ট পার্থক্য আছে । সাধুকথাসমূহত কিছুমান নীতিমূলক উপদেশমূলক কথা থাকে। বাস্তৱ – অবাস্তৱ, লৌকিক – অলৌকিক সকলাে কথাই সাধুকথাত স্থান পায় । কিন্তু চুটিগল্প সদায় বাস্তৱতাৰ ওপৰত প্রতিষ্ঠিত ।

বর্তমানৰ জটিল জীৱন চিত্র টিগল্পত প্রকাশিত হয় । অলৌকিকতা সাধুকথাৰ অন্যতম উপাদান । কিন্তু চুটিগল্পৰ বর্ণনা সীমাবদ্ধ বিষয়বস্তু , চৰিত্র , প্রকাশভংগী সকলােতে এই সীমাবদ্ধতাৰ চিন । তাৰ উপৰি আলৌকিকতা বা অবাস্তৱতাৰ কোনাে স্থান চুটিগল্পত নাই । সাধুকথাবােৰ বৰ্ণনাত্মক ।

সাধুকথাৰ ঘটনা পৰম্পৰাৰ সংযােগ শিথিল। ইবােৰৰ উদ্দেশ্য একোটা নৈতিক শিক্ষা দিয়া । কিন্তু গল্পৰ ঘটনা পৰম্পৰা শিথিল নহয় আৰু গল্পৰ জৰিয়তে কোনাে নীতিশিক্ষা দিয়া নহয় । সাধুকথাত মানুহৰ উপৰিও বিভিন্ন জীৱ – জন্তু , জড় – চেতনা সকলাে পদার্থই অংশ গ্রহণ কৰে । চুটিগল্পত এনেবােৰ অবাস্তৱ কথা নাথাকে । চুটিগল্পৰ চৰিত্ৰ সদায় মানুহ ।

মানুহৰ জীৱনৰ আশা – নিৰাশা , প্রেম – প্রীতি , হাঁহি – কান্দোনেই চুটিগল্পৰ বিষয়বস্তু । চুটিগল্পত জীৱনৰ বিশ্লেষণ কৰা হয় , লেখকৰ জীৱন – জিজ্ঞাসা থাকে । সাধুকথাত এইবােৰ অনুপস্থিত । সাধুকথা নিৰক্ষৰ জনসাধাৰণৰ ৰুচিৰ প্ৰতি লক্ষ্য কৰি ৰচিত । কিন্তু চুটিগল্প আধুনিক যুগৰ সৃষ্টি । আধুনিক যুগৰ যুক্তিপ্ৰৱণ মানুহৰ মনৰ খােৰাক যােগাব । পৰাতেই চুটিগল্পৰ সার্থকতা । 

( খ ) সাধুকথাৰ বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ আমােদজনক কাহিনী কোৱা আৰু শুনাৰ আদিম প্রবৃত্তিয়েই সাধু কথা সৃষ্টি  মূল । ইয়াৰ বৈশিষ্ট্যসমূহ এনেদৰে উল্লেখ কৰি পাৰি―

 ১। বাস্তৱ , অবাস্তৱ , লৌকিক , অলৌকিক সকলাে কথাই ইয়াৰ বিষয়বস্তু তথা ইয়াত স্থান পায় ।

 ২। মানুহত বাহিৰেও আন জীৱ – জন্তু আৰু প্ৰকৃতিৰ সকলাে বস্তুতেই মানুহৰ মুখৰ  ভাষা , গীত – মাত প্রয়ােগ কৰা হয় ।

৩। এক নম্বৰত উল্লেখ কৰাৰ দৰে অলৌকিকতা সাধুকথাৰ প্রধান বৈশিষ্ট্য । 

৪। প্ৰতিটো সাধুকথাতে নীতিমূলক তথা হিতােপদেশ থাকে । 

৫। সাধুকথাবােৰ বৰ্ণনাত্মক । 

৬। সাধুকথাত ঘটনা পৰম্পৰাৰ সংযােগ শিথিল ।

 ৭। সাধুকথা নিৰক্ষৰ জনসাধাৰণৰ ৰুচিৰ প্রতি লক্ষ্য কৰা ৰচিত হয় । 

৮। অতি প্রাচীন কালৰপৰা সাধুকথা মুখে মুখে প্রচলিত হৈ অহাৰ কাৰণে ইয়াৰ ৰচকৰ নাম পাবলৈ নাই । 

( গ ) চুটি গল্পৰ বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ চুটি গল্পৰ বৈশিষ্ট্যসমূহ চমুকৈ তলত উল্লেখ কৰা হ’ল— 

 ১। চুটিগল্প বাস্তৱতাৰ ওপৰত আধাৰিত কাহিনী । এই কাহিনী বা ঘটনাৰ বিৱৰণ  নির্দিষ্ট পৰিধিৰ মাজত বিকাশ লাভ কৰিব লাগে ।

২। কথােপকথন তথা প্রকাশভঙ্গিত এটি সুন্দৰ পৰিৱেশ সৃষ্টি হ’ব লাগে , যাৰ দ্বাৰ গল্পটিৰ হুবহু চিত্র এটি পাঠকৰ চকুৰ আগত থিয় হয়হি ।

৩। উদ্দেশ্যৰ ঐক্য আৰু ঘটনাৰ ঐক্য তথা ধাৰণাৰ ঐক্য সংৰক্ষিত হ’ব লগাটো চুটি গল্পৰ অন্যতম বৈশিষ্ট্য ।

 ৪। চুটিগল্প আকস্মিকভাৱে আৰম্ভ হয় আৰু  আকস্মিকভাৱে সমাপ্ত হয়  । 

৫। চুটিগল্পত লেখকৰ নাম পােৱা যায় ; কাৰণ ই আধুনিক সাহিত্যৰ সৃষ্টি । গতিকে জীৱন আৰু ঘটনাৰ লগত সমকভাৱে জড়িত বা অভিজ্ঞতাৰ দ্বাৰাহে একোটা ভাল চুটি গল্পৰ সৃষ্টি হ’ব পাৰে । আনহাতে কাহিনী বা বিষয় বস্তু আৰু প্রকাশভংগীৰ মনিকাঞ্চন সংযােগেহে উৎকৃষ্ট গল্প সৃষ্টি কৰিব পাৰে । 

( ঘ ) অসমীয়া চুটিগল্পৰ জনক কোন ? 

উত্তৰঃ  অসমীয়া চুটিগল্পৰ জনক হ’ল- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা । 

( ঙ ) শীলভদ্ৰৰ প্রকৃত নাম কি ? 

উত্তৰঃ শীলভদ্ৰৰ প্রকৃত নাম হ’ল- ৰেৱতী মােহন দত্ত চৌধুৰী । 

( চ ) শীলভদ্ৰৰ জন্ম কত হৈছিল ? 

উত্তৰঃ শীলভদ্ৰৰ জন্ম গােৱালপাৰা জিলাৰ গৌৰীপুৰত হৈছিল ।

 ( ছ ) শীলভদ্রই কোনখন গল্পসংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ? 

উত্তৰঃ শীলভদ্রই ‘ মধুপুৰ বহুদূৰ নামৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ।

 ( জ ) শীলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল ?

উত্তৰঃ শীলভদ্ৰৰ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল । 

প্রশ্ন ১৪। হঠাৎ আমি বহি থকা শ্ৰেণীকোঠাটো লৰি উঠিল । আমি সকলােৱে আতংকিত হৈ শ্ৰেণীৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ । দুই এজনৰ তত্মৎ হেৰাল । 

        ওপৰৰ বাক্যসমূহ পঢ়ি তাৰ আলমত দুই এটা বৈশিষ্ট্য প্রকাশ হােৱাকৈ চুটিগল্প এটা লিখিবলৈ যত্ন কৰা ।

উত্তৰঃ  কি হ’ল জানাে আমি ততেই ধৰিব নােৱাৰিলো । আমি বহি থকা শ্ৰেণীৰ কোঠাটো হঠাতে লৰি উঠিল । মই প্ৰথমতে ভাবিলাে মই বহি থকা বেঞ্চখন কোনােবাই লৰাই দিছে । ভাবিলোঁহে কোঠাটো পুনৰ জোৰেৰে লৰিবলৈ ধৰিলে । আমি সকলো আতংকত চিঞৰি উঠিলোঁ আৰু শিক্ষক কোঠাত আছিল যদিও তেখেতৰ আদেশ , পৰামৰ্শলৈ কাণসাৰ নকৰি আমি আটায়ে ভয়ত বাহিৰলৈ ওলাই আহিলাে ।

দুই এজনৰ ভয়তে তত্মৎ হেৰাই তাতেই বাগৰি পৰিল । সিহঁতক কোনােৰকমে ধৰি মেলি বাহিৰলৈ লৈ আহিলাে । আমাতকৈ আমাক পঢ়াই থকা ছাৰৰহে ভয়তাে বেছি দেখা পালাে ৷ তেওঁ আমাক এৰি বাহিৰলৈ ওলাই যােৱাত বৰ তৎপৰ হােৱা দেখিলাে । আমি আটায়ে সমুখৰ মুকলি ঠাইখনত থিয় হােৱাৰ আগতেই লৰি উঠাটো লাহে লাহে কমি আহিল ।

আমাৰ ভয় আতংক নােহােৱা হ’ল । এয়া আছিল ভূমিকম্প । জীৱনত । ভূমিকম্পৰ এনে জোকাৰণি প্রথম পাইছো । পিছত ছাৰে ভূমিকম্প সম্পর্কে আমাক কিছু কথা বুজাই ক’লে আৰু ভূমিকম্প আহিলে কি কৰিব লাগে তাৰৰ আভাস এটা দিলে ।

        দেখিলাে তৎ মৎ হেৰাই বাগৰি পৰা এজনৰ ভৰিত তেজ ।

 প্রশ্ন ১৫। প্রসিদ্ধ অসমীয়া চুটিগল্পকাৰ সকলৰ ভিতৰত পাঁচজনৰ নাম সংগ্রহ কৰা আৰু তেওঁলােকৰ যিকোনাে এজনৰ এটা গল্প চমুকৈ লিখা।

উত্তৰঃ  প্ৰসিদ্ধ অসমীয়া চুটি গল্পকাৰসকলৰ ভিতৰৰ পাঁচজনৰ নাম হ’ল স্নেহ দেৱী , নিৰুপমা বৰগােহাঁই , ড ° ভবেন্দ্ৰ নাথ শইকীয়া , যােগেশ দাস , শীলভদ্র । 

            ইয়াৰে ভিতৰত ৰামধেনু যুগৰ প্রসিদ্ধ গল্প লেখিকা স্নেহ দেৱীৰ এটি গল্প ‘জননী’ৰ কাহিনীভাগ চমুকৈ লিখা হ’ল । মাক পুতেকৰ মতান্তৰত কাহিনীৰ ওপৰত প্রতিষ্ঠিত ই এটি তাৎপর্যপূর্ণ গল্প । 

                        জননী

                              – স্নেহ দেবী 

নানান দুখ ভােগ কৰি মাকে সকলােৰে অৱহেলিত আদিত্যক মানুহ কৰিলে । আদিত্যৰ বাপেক সৰুতেই ঢুকাল । মাকে কটনা কাটি অশেষ কষ্ট স্বীকাৰ কৰি আদিত্যক ডাঙৰ – দীঘল কৰিলে । পিছে আদিত্য আছিল সৰুৰে পৰা উতনুৱা প্ৰকৃতিৰ । সি সৰুৰে পৰাই কিছু অত্যাচাৰী প্ৰকৃতিৰ আছিল যদিও মাকে একমাত্র পুতেকৰ সকলাে গঞ্জনা নীৰৱেই সহ্য কৰিছিল , সন্ধ্যা তুলসীৰ তলত চাকি জ্বলাই আদিত্যৰ মংগল কামনা কৰিছিল । 

           সময় আগবঢ়াৰ লগে লগে আদিত্যৰ উতনুৱা স্বভাৱটো কিছু কমিল । আদিত্যই ঠিকাদাৰ এজনৰ তলত সামান্য মহৰী কাম কৰি দুপইচা আর্জিবলৈ ধৰিলে । পিছে অলপ পইচাৰ মুখ দেখি সি এদিন হঠাৎ মাকক নােসােধাকৈ তৰলা নামৰ ছােৱালী এজনী বিয়া কৰাই আনিলে । দুয়ােখন ঘৰৰ পৰিৱেশৰ অকণাে মিল নাই ।

বােৱাৰীয়েকে শাহুৱেকক আপােন বুলি ভাবিব নােৱাৰিলে । মাকে আশা কৰিছিল । বােৱাৰীৰ হাতেৰে এটুপি পানী , এমুঠি ভাত খাবলৈ পাব । কিন্তু দুদিন নৌযাওঁতেই মাকৰ সেই আশা মষিমূৰ হ’ল । আদিত্যৰ দুকোঠালিৰ ঘৰটোত মাক থাকিবৰ উপযুক্ত নহ’ল , ৰান্ধনি ঘৰৰ চুক এটাত মাকে বিছনা এখন পাৰি ল’লে । বােৱাৰীয়েক তৰলাই ভাত – পানী ৰন্ধাৰ দায়িত্ব নল’লে । মাকে আগৰ দৰে ঘৰখনৰ সকলাে কাম – বন কৰিব লগা হ’ল ।

          বােৱাৰীয়েক তৰলাই শাহুৱেকক আপােন বুলি ভাবিব নােৱাৰাত আদিত্য যেন ক্রমান্বয়ে , মাকৰ পৰা আঁতৰি যাবলৈ ধৰিলে । ঘৰত মাকে পুতেকৰ পৰা ভাল মাত এষাৰাে শুনিবলৈ নােপােৱা হ’ল । বােৱাৰীয়েকে সদায় মাকৰ বিৰুদ্ধে আদিত্যক লগাই থাকে । খােৱা – বােৱাতাে মাকৰ কষ্টহ’বলৈ ধৰিলে ।

খাবলৈ নাপাই শুকাই – খীণাই যােৱা মাকে ঘৰৰ বাৰাণ্ডাত আঁৰি থােৱা কেলেণ্ডাৰৰ মাক – পুতেক এহালৰ ছবি এখন চায়েই তেওঁৰ পুতেকৰ লগৰ সম্পৰ্কৰ কথা কল্পনা কৰি সান্ত্বনা লাভ কৰে । 

         সময় বাগৰি যায় । তৰলা এটা পুত্র সন্তানৰ মাক হ’ল । পিছে এতিয়া কেঁচুৱাৰ লেতেৰা কাপােৰ কানি ধােৱাৰ দায়িত্ব পৰিল আদিত্যৰ মাকৰ ওপৰত । মাকৰ কোলাত থকা কেঁচুৱাটো চাই চাই আদিত্যৰ মাকে হেঁপাহ পলুৱায় । পিছে এনেকৈ চোৱাৰ বাবেই তৰলাই মাকক ডাইনী আখ্যা দিলে । বােৱাৰীয়েকে শাহুৱেকক ।

কেঁচুৱাটো ল’বলৈ নিদিয়ে । আদিত্যৰ মাকৰ আৰু এতিয়া জীয়াই থকাৰ ইচ্ছা নােহােৱা হৈছে । তথাপি আদিত্যৰ মাক এনেদৰে লাঞ্ছনা – গঞ্জনা খায়াে জীয়াই আছে ।

            এদিন কেঁচুৱাটোৱে দিনৰ দিনটো কান্দি আছে । মাকে নিচুকাব পৰা নাই । ৰাতিলৈ বমি আৰু শৌচ কৰিবলৈ ধৰিলে । কান্দি কান্দি ল’ৰাটোৰ মুখখন ক’লা পৰি গৈছে । আদিত্যৰ মাকে কেঁচুৱাৰ কান্দোন শুনি ইচাট – বিচাট কৰি আছে । আদিত্যক এবাৰ কেঁচুৱাটো মাকৰ ওচৰলৈ আনি দিবলৈকো কৈছিল । কেঁচুৱাৰ আমনিত তৰলা অতিষ্ঠ হৈ পৰিল ।

তাই কান্দি থকা কেঁচুৱাটো গাৰ বলেৰে চৰ এটা মাৰি মৰিবলৈ শাও দিয়া দেখি আদিত্যৰ যেন মােহভংগ ঘটিল । সি তৰলাৰ কোলাৰ পৰা একে আজোৰে কেঁচুৱাটো কাঢ়ি আনি মাকৰ কোঠা পালেগৈ আৰু অনুতাপত দগ্ধ হৃদয়েৰে কেঁচুৱাটো মাকৰ হাতত তুলি দি মাকক গবা মাৰি ধৰি ক্ষমা বিচাৰে ।

আদিত্যৰ চকুলােৱে মাকৰ ভৰিৰ পতা দুখন তিয়াই পেলায় । মাকৰ প্রতি কৰা অবিচাৰৰ বাবে অনুতপ্ত আদিত্যক – দেখি আনন্দত , বিস্ময়ত , আৱেগত , বেদনাত মাকৰ মুখৰপৰা কোনাে কথা নােলাল । চকুৰ পৰা মাথােন দুটোপাল চকুপানী নির্মালিৰূপে আদিত্যৰ শিৰত পৰিলহি ।


1 thought on “Class 8 Assamese Chapter 9 ভয়”

Leave a Reply

error: Content is protected !!
Scroll to Top