Class 4 Environment Chapter 6 উদ্ভিদ আৰু পৰিৱেশ

Class 4 Environment Chapter 6 উদ্ভিদ আৰু পৰিৱেশ, SEBA Chapter 6 উদ্ভিদ আৰু পৰিৱেশ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

উদ্ভিদ আৰু পৰিৱেশ

Chapter – 6

পৰিৱেশ অধ্যয়ন

১। ওপৰৰ ছবিখন চাই পাতে আহাৰ তৈয়াৰ কৰিবলৈ কি কি ব্যৱহাৰ কৰিছে লিখা । 

উত্তৰঃ শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয় । সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে । আহাৰ তৈয়াৰ কৰোঁতে পাতে বায়ুৰ পৰা কাৰ্বন – ডাই – অক্সাইড গেছ গ্ৰহণ কৰে । বিনিময়ত অক্সিজেন গেছ এৰি দিয়ে । 

২। পাতে এৰি দিয়া অক্সিজেন গেছখিনি বাৰু কলৈ গ’ল ? 

উত্তৰঃ পাতে এৰি দিয়া অক্সিজেন গেছখিনি প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে ৷ নিশাহত প্ৰাণীয়ে এৰি দিয়া কার্বন – ডাই – অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে । 

৩। খালী ঠাইত গেছবোৰৰ নাম লিখা – 

( ক ) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ ____গেছ ব্যৱহাৰ কৰে ।

উত্তৰঃ উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কার্বন – ডাই – অক্সাইড গেছ ব্যৱহাৰ কৰে । 

( খ ) উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে ____গেছ এৰি দিয়ে ৷ 

উত্তৰঃ উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে অক্সিজেন গেছ এৰি দিয়ে । 

( গ ) প্রাণীয়ে উশাহত ____গেছ গ্ৰহণ কৰে ৷ 

উত্তৰঃ প্রাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে ।

( ঘ ) প্ৰাণীয়ে নিশাহত ____গেছ এৰি দিয়ে ।

উত্তৰঃ প্রাণীয়ে নিশাহত কার্বন – ডাই – অক্সাইড গেছ এৰি দিয়ে ৷ 

অনুশীলনী 

১। উত্তৰ লিখা – 

( ক ) উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী ক’ৰ পৰা পায় ? 

উত্তৰঃ উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ শিপাৰ পৰা পানী পায় । 

( খ ) উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয় ? 

উত্তৰঃ উদ্ভিদৰ শিপা অংশই পানী শুহি লয় । 

( গ ) উদ্ভিদৰ পাত্ৰ কাম কি ? 

উত্তৰঃ উদ্ভিদৰ পাতৰ কাম হ’লঃ- সেউজীয়াপাতে সূৰ্যৰ পোহৰত পানী আৰু কাৰ্বন – ডাই – অক্সাইডৰ সহায়ত আহাৰ তৈয়াৰ কৰে । 

( ঘ ) কি কি কার্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ? 

উত্তৰঃ উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণীয়ে উশাহ – নিশাহ লোৱা কার্যত ‘ উদ্ভিদ ’ আৰু ‘ প্রাণী ’ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল । 

( ঙ ) গছে মাটিৰ পৰা পানীৰ লগতে আৰু কি শুহি লয় ? 

উত্তৰঃ গছে মাটিৰ পৰা পানীৰ লগতে খনিজ লৱণ শুহি লয় । 

( চ ) উদ্ভিদে কেনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে ? 

উত্তৰঃ পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয় । আৰু নিশাহত প্ৰাণীয়ে এৰি দিয়া কার্বন – ডাই – অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে । ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন – ডাই – অক্সাইড গেছৰ পৰিমাণ একেই থাকে । এনেদৰে উদ্ভিদে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে । 

২। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া । 

( ক ) উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে । 

উত্তৰঃ x

( খ ) জধে – মধে গছ কটা অনুচিত । 

উত্তৰঃ

( গ ) উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন – ডাই – অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে ।

উত্তৰঃ x

৩। খালী ঠাই পূৰ কৰা –

( ক ) ___পোহৰত পাতে আহাৰ তৈয়াৰ কৰে ৷ 

উত্তৰঃ সূৰ্যৰ পোহৰত পাতে আহাৰ তৈয়াৰ কৰে ।

( খ ) পাতত হৰিতৎকণা থকাৰ বাবে এইবোৰ ___ বৰণৰ হয়৷

উত্তৰঃ পাতত হৰিতৎকণা থকাৰ বাবে এইবোৰ সেউজীয়া বৰণৰ হয় । 

( গ ) উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ – দীঘল হ’বলৈ ____লাগে । 

উত্তৰঃ উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ – দীঘল হ’বলৈ আহাৰ লাগে ।

( ঘ ) পাতে এৰি দিয়া ___গেছ প্ৰাণীবোৰে উশাহত লয় ৷ 

উত্তৰঃ পাতে এৰি দিয়া অক্সিজেন গেছ প্রাণীবোৰে উশাহত লয় ।

( ঙ ) বেছিকৈ ____ৰুব লাগে । 

উত্তৰঃ বেছিকৈ গছ ৰুব লাগে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top