Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প

Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প – সমাধান Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৬ ) 

প্রশ্ন ১। প্রকল্প কি ? প্রকল্পৰ প্রকৃতি ব্যাখ্যা কৰা । 

উত্তৰঃ প্রকল্প হৈছে জ্ঞাত বাস্তৱ তথ্য অনুসাৰে কিছুমান সিদ্ধান্তত উপনীত হােৱাৰ প্রচেষ্টাৰে কোনাে প্রকৃত প্রমাণ অবিহনে অথবা অপর্যাপ্ত প্রমাণৰ ওপৰত ভিত্তি কৰি গঠন কৰা এটা আনুমানিক ধাৰণা । যদি দেখা যায় যে সিদ্ধান্তৰ লগত জ্ঞাত সত্যৰ মিল আছে , তেনেহ’লে এই ধাৰণা সত্য হ’ব বা সত্য হােৱাৰ সম্ভাৱনা থাকিব ।

প্রকল্প এটা আনুমানিক ধাৰণা । এই ধাৰণা গঠন কৰোঁতে তাৰ সমৰ্থনত প্রকৃত প্রমাণ পােৱা নাই বা কিবা পালেও পর্যাপ্ত নহয় অর্থাৎ সম্পূর্ণ নির্ভৰযােগ্য নহয় । তথাপি প্রকৃত কাৰণ নিৰূপণৰ বাবে এনে ধাৰণা কৰা হয় । এই ধাৰণা গঠন কৰাৰ উদ্দেশ্য হৈছে — এই ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ তথ্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হােৱা । এই সিদ্ধান্তবােৰৰ লগত জ্ঞাত সত্য বা বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হয় বা সত্য হােৱাৰ সম্ভাৱনা থাকে । 

প্রশ্ন ২। প্রকল্প কি ? প্রকল্পৰ প্রয়ােজনীয়তাবােৰ কি কি ? 

উত্তৰঃ কোনাে এটা ঘটনা ব্যাখ্যা কৰিবলৈ বা সম্যকভাৱে বুজিবলৈ প্রকল্প গঠন কৰা হয় । প্রকল্প ঘটনা ব্যাখ্যাৰ প্ৰাৰম্ভিক ধাৰণা । কিছুমান চৰ্ত মানি প্রকল্প বৈধ হ’ব লাগিব । কাৰণ বৈধ প্রকল্পৰ ভূমিকা বিজ্ঞানৰ ক্ষেত্ৰতাে গুৰুত্বপূর্ণ । প্রকল্পৰ প্রয়ােজনীয়তা আছে । 

( ক ) প্রকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্রথম স্তৰ । 

( খ ) প্রকল্প বৈজ্ঞানিক আগমনৰাে প্রথম স্তৰ । 

( গ ) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তােলে । 

( ঘ ) প্রকল্পই নিগমনাে সম্ভৱ কৰি তােলে । 

( ঙ ) প্রকল্প ঘটনা ব্যাখ্যাৰ সহায়ক । 

ইয়াৰ দ্বাৰা বুজা যায় যে— যিকোনাে প্রকাৰৰ অনুসন্ধানৰ ক্ষেত্ৰত প্রকল্প অতি প্রয়ােজনীয় । অকল বিজ্ঞানৰ ক্ষেত্ৰতেই নহয় , দৈনন্দিন জীৱনতাে প্রকল্পৰ প্রয়ােজনীতা স্বীকাৰ কৰিবই লাগিব ।

প্রশ্ন ৩। প্রকল্প কি ? বৈধ প্রকল্পৰ চৰ্তবােৰ কি কি ? 

উত্তৰঃ কোনাে এটা ঘটনা ব্যাখ্যাৰ বাবে প্রকল্প হ’ল এটা প্ৰাৰম্ভিক ধাৰণা । নির্দিষ্ট কিছুমান চর্ত মানি প্রকল্প গঠন কৰিলে ই বৈধ প্রকল্প হ’ব । বৈজ্ঞানিক দিশতাে বৈধ প্রকল্পৰ ভূমিকা গুৰুত্বপূর্ণ । বৈধ প্রকল্পৰ চৰ্তবােৰ হ’ল— 

( ক ) প্রাসংগকিতা ।

( খ ) সত্যাপনীয়তা ।

( গ ) সুপ্রতিষ্ঠিত পূর্ব প্রকল্পৰ সৈতে সংগতিপূর্ণতা আৰু আত্মসংগতিপূর্ণতা । 

( ঘ ) ভৱিষ্যতবাণী বা ব্যাখ্যা কৰাৰ শক্তি ।

( ঙ ) সৰলতা । 

যিবােৰ প্ৰকল্পৰ অধিক তথ্যমূলক স্থিতি থাকে সেইবােৰ প্ৰকল্পৰ ব্যাখ্যা শক্তি বেছি । I.M. Copi ৰ মতে যিবােৰ প্ৰকল্পত অস্পষ্ট শব্দৰ ব্যৱহাৰ কম আৰু যিবােৰ প্ৰকল্পৰ ব্যাখ্যামূলক শক্তি বেছি সেইবােৰ প্ৰকল্পৰ গুৰুত্ব বেছি । 

প্রশ্ন ৪। ষ্টেবিঙৰ মতে বিভিন্ন প্রকাৰৰ প্ৰকল্পবােৰ কি কি ? উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা । 

উত্তৰঃ ষ্টেবিঙৰ মতে বিভিন্ন প্রকাৰৰ প্রকল্পবােৰ হ’ল— 

( ক ) ব্যাখ্যামূলক প্রকল্প ।

( খ ) বর্ণনামূলক প্রকল্প । 

( গ ) সাদৃশ্যমূলক প্রকল্প ।

ব্যাখ্যামূলক প্রকল্প আটাইতকৈ সৰল । কোনাে এটা ঘটনা ঘটিলে , আন ঘটনাৰ জৰিয়তে অন্বেষণীয় ঘটনাটো ব্যাখ্যা কৰাৰ বাবে এনে প্রকল্প গঠন কৰা হয় । পূর্ব অভিজ্ঞতা আৰু সংগৃহীত জ্ঞানৰ ভিত্তিত কোনাে ঘটনা বুজিব নােৱাৰিলে সমস্যাৰ সৃষ্টি হয় । এনে সমস্যা সমাধান কৰিবলৈ মনত ধাৰণাৰ সৃষ্টি হয় । এই ধাৰণাই ব্যাখ্যামূলক প্রকল্প । 

উদাহৰণস্বৰূপে – নিউটনৰ মাধ্যাকর্ষণ শক্তি সম্পর্কীয় সিদ্ধান্তত ঘটনা বা পৰিস্থিতিৰ অন্তর্ভুক্ত বহু ঘটনা বা তথ্য সাধাৰণ পর্যবেক্ষণৰ অন্তৰ্গত নাছিল । তেতিয়া এনেধৰণৰ প্রকল্প গঠন কৰা হৈছিল — যাক ব্যাখ্যামূলক প্রকল্প বােলে । 

আনহাতে বর্ণনামূলক প্রকল্প হ’ল উদ্দেশ্যমূলক । উদ্দেশ্যটো হ’ল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নির্ণয় সংকেত প্রদান কৰা । 

উদাহৰণ স্বৰূপে বিদ্যুৎ চুম্বকীয় সিদ্ধান্ত পৰীক্ষা – নিৰীক্ষাত মেক্সৱেলৰ গৱেষণাত বর্ণনামূলক প্রকল্পকে প্ৰাৰম্ভিক বা সাময়িক স্তৰ হিচাপে গ্ৰহণ কৰা হৈছিল । 

( গ ) সাদৃশ্যমূলক প্রকল্প আচলতে বর্ণনামূলক প্রকল্পৰেই পৰিবর্ধিত আৰু এক পৰৱর্তী স্তৰ । কোনাে এক ঘটনা শ্রেণীৰ ক্ষেত্ৰত যি সত্য , আন এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰতো সেইটো সত্য হব , যদিহে দয়ােটা শ্ৰেণীৰ কিছুমান নির্দিষ্ট সাধাৰণ আকাৰগত ধর্ম থাকে । 

উদাহৰণস্বৰূপে মেক্সৱেলকে আদি কৰি বহু বিজ্ঞানীয়ে সাদৃশ্যমূলক প্রকল্পৰ সহায়ত বিদ্যুৎ – চুম্বকীয় সূত্র , পোহৰ সম্পৰ্কীয় সিদ্ধান্ত , বৈদ্যুতিক স্থিতিবিজ্ঞান ভিত্তিক নানা তথ্য আৱিষ্কাৰ কৰে । 

প্রশ্ন ৫। প্রকল্প কি ? ইয়াৰ বিভিন্ন প্ৰকাৰবােৰ কি কি ? উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বেষণীয় ঘটনাৰ কিছুমান দৃষ্টান্ত সতর্কতাৰে নিৰীক্ষণ কৰিলে , সেই ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্পর্কে মনত ধাৰণাৰ উদয় হয় । কাৰণ সম্পর্কীয় প্রাৰম্ভিক আনুমানিক কাৰণকেই প্রকল্প বােলে । 

প্রকল্প তিনি প্রকাৰৰ হ’ব পাৰে– 

( ক ) কর্তা সম্পর্কীয় প্রকল্প ।

( খ ) নিয়ম সম্পর্কীয় প্ৰকল্প ।

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প ।

( ক ) কর্তা সম্পর্কীয় প্রকল্প :- কোনাে এটা ঘটনা কিভাৱে ঘটিল বা কি নিয়ম অনুসৰি ঘটে সেইটো জনা থাকিব পাৰে । কিন্তু কোনে বা কিহে ঘটনাটো ঘটালে তাক জনা নাথাকিলে ঘটনাৰ কর্তা সম্পর্কে যি প্রকল্প গঠন কৰা হয় তাক কর্তাসম্পর্কীয় প্রকল্প বােলে ।

উদাহৰণস্বৰূপে কোনাে এঘৰত চোৰে চুৰ কৰি বস্তু লৈ গ’ল । কিন্তু চোৰ কোন ধৰিব পৰা নাই । তেনে ক্ষেত্রত চোৰ কোন সেই সম্পর্কে প্রকল্প গঠন কৰা হয় । এনে প্রকল্পই কর্তা সম্পর্কীয় প্রকল্প ।

( খ ) নিয়ম সম্পর্কীয় প্ৰকল্প :- নিয়ম বিষয়ক প্রকল্প হ’ল— যদি কর্তা সম্পর্কে জনা থাকে , কিন্তু কর্তাই কি নিয়মেৰে ঘটনাটো ঘটালে তাক নাজানিলে প্রকল্প গঠন কৰা হয় । তেনে ধৰণৰ প্রকল্পক নিয়ম সম্পর্কীয় প্রকল্প বােলে । 

উদাহৰণস্বৰূপে কোনাে এজন মানুহৰ ঘৰত চুৰি হৈছে , তাক আমি জাননা । কিন্তু কি পদ্ধতি অৱলম্বন কৰি চোৰ কৰিলে তাক নাজানিলে প্রকল্প গঠন কৰা হয় । এনে ধৰণৰ প্ৰকল্পক নিয়ম সম্পর্কীয় প্রকল্প বােলে । 

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প :- পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প হ’ল — যদি কর্তা আৰু নিয়ম সম্পর্কে আমাৰ জনা থাকে , কিন্তু কর্তা বা কাৰণে কি পৰিৱেশত বা সংস্থিতিত ঘটনাটো ঘটালে তাক জনা নাথাকে তেতিয়া যি প্রকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প বােলে । 

উদাহৰণস্বৰূপে কোনাে বক্তাৰ উত্তেজিত ভাষণে জনতাক উত্তেজিত কৰিলে । ফলত জনতাই আন্দোলন কৰিলে । জনতা আগৰে পৰা নানা কাৰণত উত্তেজিত হৈ আছিল । ভিতৰি ভিতৰি বিক্ষুব্ধ হৈ আছিল । ” — এই ধৰণৰ প্রকল্পই পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্পৰ উদাহৰণ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top