Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা and select needs one.

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ (২ নম্বৰৰ প্ৰশ্ন) 

প্রশ্ন ১. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্রুটী লিখা । 

উত্তৰঃ মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্রুটী হ’ল— 

( i ) প্রচলিত শিক্ষা ব্যৱস্থা সংকীর্ণ আৰু এক পক্ষীয় বিধৰ যি ছাত্র – ছাত্রীৰ সম্পূর্ণ বিকাশ সাধন কৰিব নােৱাৰে । আৰু

( ii ) এই শিক্ষাই ইংৰাজী ভাষাৰ ওপৰত বেছি গুৰুত্ব আৰােপ কৰে । 

প্রশ্ন ২. নবােদয় বিদ্যালয় কি ? 

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এটা মূল্যৱান প্রস্তাৱ আছিল নবােদয় বিদ্যালয়ৰ প্রতিষ্ঠা । শিক্ষানীতিত কোৱা হৈছিল যে বিশেষ অৰ্হতাসম্পন্ন ল’ৰা – ছােৱালীৰ শৈক্ষিক চাহিদা  পূৰণ কৰিব পৰাকৈ সপ্তম পঞ্চবার্ষিক পৰিকল্পনাৰ ভিতৰতে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখনকৈ নবােদয় বিদ্যালয় স্থাপন কৰা হ’ব । পিতৃ – মাতৃৰ আর্থ সামাজিক স্থিতি তথা তেওঁলােকৰ মাচুল দিব পৰাৰ সামৰ্থ যিয়েই নহওক লাগিলে , নবােদয় বিদ্যালয়ত তেওঁলােকৰ প্রতিভা এই বিদ্যালয়ত ৭৫ ভাগ আসন গাঁও অঞ্চলৰ ল’ৰা – ছােৱালীৰ বাবে সংৰক্ষিত হ’ব । তদুপৰি জিলাখনত অনুসূচিত জাতি ( SC ) আৰু অনুসূচিত জনজাতি ( ST ) ৰ লােকৰ সংখ্যা অনুপাতে নবােদয় বিদ্যালয়ত এই দুই শ্রেণীৰ লােকৰ ল’ৰা – ছােৱালীৰ বাবে আসন সংৰক্ষিত  হ’ব । প্রচেষ্টা চলােৱা হ’ব যাতে নবােদয় বিদ্যালয়ত এই দুই শ্ৰেণীৰ লােকৰ ল’ৰা – ছােৱালী হয় । নবােদয় বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ এক তৃতীয়াংশ ছােৱালী হয় । নবােদয় বিদ্যালয়ত ছাত্র – ছাত্রীৰ থকা , খােৱা আৰু পঢ়া – শুনা সম্পূর্ণ বিনামূলীয়া হ’ব । 

প্রশ্ন ৩. অপাৰেশ্যন ব্লেক ব’র্ড কি ?

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তােলাৰ দিশত জাতীয় শিক্ষা নীতিয়ে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে । ইয়াৰ বাবে গ্ৰহণ কৰা ক্রিয়া আঁচনিক সাংকেতিকভাৱে কৃষ্ণফলি আঁচনি ( Operation Black Board ) নামে অভিহিত কৰা হয় । ইয়াৰ যােগেদি স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি কৰি তােলাৰ আঁচনি গ্ৰহণ কৰা হয় । সেইমতে এজনীয়া শিক্ষকৰ ব্যৱস্থা তুলি দি প্রতিখন স্কুলতে কমেও দুজন শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হয় । ইয়াৰ এগৰাকী মহিলা শিক্ষক হ’ব লাগে । প্রতিখন স্কুলতে শিক্ষা দানৰ ন্যূনতম সা – সুবিধাখিনি প্ৰদান কৰিব লাগে । ইয়াৰ ভিতৰত স্কুলঘৰ নিৰ্মাণ , আহল বহল শ্রেণী কোঠা , শিক্ষাদানৰ সা – সঁজুলি , যেনে ব্লেক বাের্ড , মেপ , চার্ট , পুতলা আদি প্রধান এই কৃষ্ণফলি আঁচনিৰ অন্তর্ভুক্ত কৰা হয় । 

প্রশ্ন ৪. ই চি চি ই কি ?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত , বিশেষকৈ কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় । শিশুসকলে আনন্দমুখৰ পৰিবেশৰ মাধ্যমত যাতে বিকশিত হ’ব পাৰে তাৰ ব্যৱস্থা লােৱাৰ অর্থে খাদ্য , স্বাস্থ্য আৰু সামাজিক – মানসিক আৰু শাৰিৰীক দিশৰ ওপৰত গুৰুত্ব দিয়া হয় । আগতীয়া বাল্যকালৰ তত্বাৱধান আৰু শিক্ষাই ( E.C.C.E ) এই ক্ষেত্ৰত প্রাধন্য লাভ কৰিব । 

প্রশ্ন ৫. নবােদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ নৱােদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল– 

( i ) ছাত্র – ছাত্রীৰ থকা , খােৱা আৰু পঢ়া সম্পূর্ণ বিনামূলীয়া কৰা । 

( ii ) আর্থিকভাৱে পিচপৰা অথচ বিশেষ অহর্তা সম্পন্ন লৰা ছােৱালীৰ শৈক্ষিক চাহিদা পূৰণ কৰা । 

প্রশ্ন ৬. পৰীক্ষাৰ সংস্কাৰ সম্পর্কিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা । 

উত্তৰঃ পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কিত নতুন শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামর্শ হল– 

( i ) বিষয়াত্মক আৰু সুযােগৰ উপাদানসমূহ বাদ দিয়াৰ লগতে মুখস্থ , পদ্ধতিৰ ওপৰত গুৰুত্বহীনতা দেখুৱাব লাগিব । 

( ii ) পৰীক্ষা নিয়ন্ত্রণ ব্যৱস্থাৰ বিকাশ সাধন কৰিব লাগিব । 

প্রশ্ন ৭. শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনিটো লিখা । 

উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪ চনৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনিটো হ’ল —১০ + ২ + ৩ 

প্রশ্ন ৮. ডিগ্ৰীৰ পৰা চাকৰিক যােগসূত্রহীন কৰা মানে কি বুজায় ? 

উত্তৰঃ কিছুমান নির্বাচিত অঞ্চলত ডিগ্রীক চাকৰিৰ পৰা বিচ্ছিন্ন কৰাৰ আৰম্ভণী কৰা হ’ব । এই প্ৰস্তাৱটো কিছুমান ক্ষেত্ৰত প্ৰয়ােগ কৰিব পৰা নাযাব , যেনে অভিযান্ত্রিক শিক্ষা , চিকিৎসাবিজ্ঞান , আইন , শিক্ষকতা আদি বৃত্তিত । সেইদৰেই কলা , সমাজবিজ্ঞান , বিজ্ঞান আদি কিছুমান দিশৰ বিদ্যালয়তনিক উপাধিৰ ক্ষেত্ৰত নিয়ােগৰ সুবিধা থাকিব । 

পৃথকীকৰণ অৱস্থা কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰয়ােগ হ’ব যিবােৰত বিশ্ববিদ্যালয় উপাধি প্রয়ােজন নহয় । ডিগ্রী প্রয়ােজন নােহােৱা কর্মক্ষেত্র অথবা চাকৰিত দক্ষ আৰু অৰ্হতাসম্পন্ন ব্যক্তিকহে নিয়ােগৰ সুবিধা দিয়া হয় । এই ক্ষেত্ৰত সহায় হােৱাকৈ জাতীয় অভীক্ষা সেবা নামৰ গােট স্থাপন কৰা হ’ব । এই গােটৰ মাধ্যমত ক্ষেত্র অনুযায়ী দক্ষ ব্যক্তি নির্বাচন কৰি লােৱা হ’ব আৰু এই পদ্ধতি নীতিগত হব ।

প্রশ্ন ৯. ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায় ? 

উত্তৰঃ ভাৰতৰ সংবিধানে ৰাষ্ট্রীয় পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্রকাশ কৰিছে । ইয়াৰ অর্থ হ’ল- জাতি , বর্ণ , ধর্ম নির্বিশেষে সকলাে লােককে শিক্ষা গ্রহণৰ সুবিধা দিয়া । প্রবর্তিত শিক্ষানীতিত এক সর্বভাৰতীয় দৃষ্টিভংগী অন্তর্নিহিত হৈ আছে আৰু ইয়াক দেশত এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্রতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলােৱা প্রচেষ্টা বুলি ক’ব পাৰি । ১৯৬৮ চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিবলৈ বিচৰা ‘সাধাৰণ স্কুলব্যৱস্থা এই ক্ষেত্ৰত অধিক ফলপ্রসূ হ’ব । ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলােৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে । দেশৰ সকলাে অংশতে ১০ + ২ + ৩ সূত্ৰৰ গাঁথনিৰ শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । 

প্রশ্ন ১০. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো লিখা । 

উত্তৰঃ শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো হ’ল— 

( ১ ) প্রাক – প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ । 

( ২ ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ । ইয়াক দুটা উপ – পর্যায় স্বৰূপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ । 

প্রশ্ন ১১. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা । 

উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ’ল– 

( ১ ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

( ২ ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

প্রশ্ন ১২. শিক্ষা বৃত্তিমুখীকৰণে কি বুজায় ? 

উত্তৰঃ শিক্ষা উৎপাদনমূখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষা বৃত্তিমূলক প্রবণতা শক্তিশালী কৰা উচিত। ইয়াৰ বাবে বিশ্ববিদ্যালয় পর্যায়তাে কৃষিমূলক আৰু কাৰিকৰী বিজ্ঞানমূলক শিক্ষাৰ ওপৰত জোৰ দিব লাগে । বৃত্তিমুখী শিক্ষা আয়ােগৰ অৰ্থ হ’ল আত্মনিয়ােগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৰ শক্তিৰ মাজত থকা অপসমযােজন নােহােৱা কৰা । ইয়াৰ উপৰি যিবিলাকে কোনাে ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলােকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা । 

প্রশ্ন ১৩. শিক্ষকৰ মর্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শ কি কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষকসকলৰ মৰ্যাদা উন্নত কৰাৰ অৰ্থে আৰু লগতে শিক্ষকৰ তাৰ ভিতৰত আছে– 

( ১ ) শিক্ষক বাছনি প্রক্রিয়াৰ সংস্কাৰ সাধন ।

( ২ ) শিক্ষকৰ সংস্থান , কর্মপদ্ধতি আৰু সেৱা ব্যৱস্থাৰ উন্নয়ন ।

( ৩ ) শিক্ষক সমাজৰ অসুবিধাসমূহ দূৰীকৰণৰ বাবে উপযুক্ত আৰু কার্যকৰী প্রশাসনীয় ব্যৱস্থা গ্রহণ । 

( ৪ ) শিক্ষকসকলৰ বৃত্তিগত আচৰণবিধি প্রস্তুতকৰণ ইত্যাদি । 

প্রশ্ন ১৪. কর্ম অভিজ্ঞতা কি ?

উত্তৰঃ কর্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলােবােৰ বিষয়ৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ’ব লাগে । গৃহ , স্কুল , কর্মশালা , ফার্ম , ফেক্টৰী অথবা আন যিকোনাে উৎপাদনমূলক পৰিস্থিতিত অংশ গ্রহণ কৰা কাৰ্যই হৈছে কর্ম অভিজ্ঞতা । কোঠাৰী আয়ােগৰ মতে উদ্দেশ্যপ্রণােদিতভাৱে দিয়া সকলােবােৰ শিক্ষাতে সাক্ষৰতা , কর্ম অভিজ্ঞতা আৰু সমাজসেৱা এই চাৰিটা শিক্ষা উপাদান থাকিব লাগিব । কর্ম অভিজ্ঞতা প্রৱর্তনে আধুনিক শিক্ষাত থকা কর্ম বিমুখতাৰ দুর্বলতা গুচাব পাৰেই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী , বিজ্ঞানভিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা । বর্তমান সকলােবােৰ সমাজৰ বাবেই কর্ম অভিজ্ঞতা হৈছে — অপৰিহার্য।ই বুদ্ধিজীৱী আৰু শ্রমজীৱীসকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে । 

প্রশ্ন ১৫. এনপিচিক চূড়ান্তৰূপ দিয়াৰ আঁৰৰ লক্ষ্য কি ? 

উত্তৰঃ NPC ক চূড়ান্ত ৰূপ দিয়াৰ লক্ষ্যবােৰ হ’ল— 

( ১ ) এক নির্দিষ্ট পর্যায়লৈকে ছাত্র – ছাত্ৰীসকলে জাতি , বর্ণ , লিংগ , স্থান নির্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা কৰা ৷ 

( ২ ) ১০ + ২ + ৩ শিক্ষা গাঁথনি সমগ্র দেশতে সাধাৰণভাৱে প্রচলিত কৰােৱা ইত্যাদি । 

প্রশ্ন ১৬. মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্রয়ােজনীয়তা উল্লেখ কৰা ।

উত্তৰঃ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্রয়ােজনীয়তা হ’ল-

( ক ) নিবনুৱা সমস্যা সমাধান কৰা ক্ষেত্ৰত বৃত্তিমুখীকৰণৰ প্রয়ােজনীয়তা আছে । 

( খ ) বিস্তৃতভাৱে বৃত্তিমূলক শিক্ষা প্রবর্তন কৰিব পাৰিলেহে শিক্ষাৰ অপচয় ৰোধ কৰিব পৰা হ’ব । 

৩ নম্বৰৰ প্ৰশ্ন 

 প্রশ্ন ১. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পর্কে ব্যাখ্যা কৰা । 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগে উল্লেখ কৰিছিল যে মাধ্যমিক শিক্ষাই যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব সেইহেতু ছাত্ৰ – ছাত্ৰীসকলে গণতান্ত্রিক ভাৰতবৰ্ষৰ প্ৰয়ােজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব লাগিব । গণতন্ত্ৰৰ বাবে প্রত্যেকজন নাগৰিকৰে বহু গুণ , দৰকাৰ হয়।যেনে – 

( ক ) প্রত্যেক নাগৰিকৰে সুস্থ চিন্তাধাৰাৰ অতি প্রয়ােজন । 

( খ ) সমাজৰ সৈতে সুস্থ সমাযোজনৰ বাবে প্রতিজন নাগৰিকে উপযুক্ত শিক্ষা লাভ কৰিব লাগিব ।

( গ ) বাক – পটুতা আৰু লিখনিৰ স্পষ্টতা । 

( ঘ ) সহনশীলতা আৰু প্রকৃত দেশপ্রেম ইত্যাদি ।

প্রশ্ন ২. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্রিক দেশত ‘নেতৃত্বৰ শিক্ষা’ৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ গণতন্ত্র সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্রয়ােজনীয় । বিশ্ববিদ্যালয়ে উচ্চতম নেতৃত্বৰ যােগান ধৰিব লাগে । সাহিত্য , বিজ্ঞান , কলা , বাণিজ্য , কাৰিকৰী , উদ্যেগ সকলােতে উচ্চতম নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম । কিন্তু সকলােৱে বিশ্ববিদ্যালয়লৈ যাব নােৱাৰে । সেইবাবে সৰহভাগ নাগৰিকৰ কাৰণে মাধ্যমিক শিক্ষাই শেষ শিক্ষা । এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পর্যায়ত সাহিত্য , কলা , বিজ্ঞান , ৰাজনীতি , উদ্যোগ , বাণিজ্য আদিত নেতৃত্বৰ যােগান ধৰিব লাগিব । 

প্রশ্ন ৩. মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ কোঠাৰী আয়ােগে অনুভৱ কৰে যে সকলাে ধৰণৰ উন্নতি সাধনৰ বাবে এখন শক্তিশালী আৰু ঐক্যবদ্ধ দেশ গঢ়ি তােলাটোৱে হ’ব আমাৰ পূর্বচর্ত । এই ক্ষেত্ৰত দেশৰ অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক দিশ জড়িত হৈ আছে । এই দিশ সমূহেই সমাজৰ বিভিন্ন শ্রেণী লােকৰ মাজত সামাজিক ব্যৱধান বৃদ্ধি কৰি তােলে আৰু সামাজিক বিশৃংখলাৰ সৃষ্টি কৰে । এনে ব্যৱস্থাই আঞ্চলিক , ভাষিক , ধর্মীয় আৰু আন আন বিভেদমূলক ভাবৰ সৃষ্টি কৰি জাতীয় সংহতি দূর্বল কৰি তুলিব পাৰে । আয়ােগে এই দিশত আগবঢ়োৱা পৰামর্শসমূহ হ’ল — 

( ক ) সাধাৰণ বিদ্যালয় স্থাপন ।

( খ ) সামাজিক আৰু জাতীয় সেৱা ।

( গ ) ভাষা – নীতি গঢ় দি তােলা ।

( ঘ ) জাতীয় সচেতনতা আৰু আন্তর্জাতিক বুজা পৰা । 

প্রশ্ন ৪. শিক্ষা আয়ােগ ১৯৬৪ ৰপৰামর্শ মতে প্রাথমিক স্তৰৰ গাঁথনি সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো হ’ল— 

( ১ ) প্রাক – প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ । 

( ২ ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ । ইয়াক দুটা উপ – পর্যায় স্বৰূপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ । 

প্রশ্ন ১১. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা । 

উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ’ল– 

( ১ ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

( ২ ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

প্রশ্ন ৫. মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তিৰ চৰ্তসমূহ কি কি ? 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তিৰ চৰ্তসমূহ হ’ল –

( ক ) প্রচলিত মাধ্যমিক শিক্ষাৰ সৰ্বদিশৰ অনুসন্ধান সম্বলিত প্রতিবেদন প্রস্তুত কৰা আৰু 

( খ ) মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতিৰ বাবে ল’বলগা ব্যৱস্থা , বিশেষকৈ নিম্নলিখিত দিশসমূহৰ সংক্ৰান্তত 

( i ) মাধ্যমিক শিক্ষাৰ লক্ষ্য , বিষয়বস্তু আৰু সংগঠন সম্পর্কে;

( ii ) প্রাথমিক , বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্বন্ধ ; 

( iii ) বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ আন্তঃসম্বন্ধ ; আৰু 

( iv ) আন আন সংশ্লিষ্ট সমস্যাসমূহ ।

প্রশ্ন ৬. অসম মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰভাৱ কেনেকুৱা ? 

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ১০ + ২ + ৩ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই শিক্ষানীতিৰ ভিত্তিত সংযােজিত বিভিন্ন পৰিৱৰ্তনসমূহ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হােৱা দেখা গৈছিল । ইয়াত গ্রহণ কৰা সিদ্ধান্ত অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন নবােদয় বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হয় । এই সিদ্ধান্ত অনুসৰি প্ৰথম অৱস্থাত ৭ খন নবােদয় বিদ্যালয় স্থাপন কৰা হৈছিল । ইয়াৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তােলা । ১৯৯৫ চনৰ ভিতৰত শতকৰা ২৫ ভাগ ছাত্রই এই বৃত্তিমুখী শিক্ষা গ্রহণ কৰাটো সম্ভৱ কৰি তােলাটো আছিল ইয়াৰ লক্ষ্য । সেই সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পর্যায়ৰ ৩৩ খন স্কুলত বৃত্তিমূলক শিক্ষা প্রণালীৰ ব্যৱস্থা হাতত লৈছিল । ইয়াৰ পিছৰ পৰ্যায়ত মুঠ ১৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ত এই বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল । 

বর্তমান অসমত মাধ্যমিক শিক্ষাৰ সংখ্যাগত দিশত উর্ধ্বমুখী ধাৰা পৰিলক্ষিত হ’লেও ইয়াৰ গুণগত দিশটো সন্তোষজনক নহয় । 

প্রশ্ন ৭. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্যবােৰ হ’ল— 

( ক ) এক নির্দিষ্ট পর্যায়লৈকে ছাত্ৰ – ছাত্ৰী সকলে জাতি , বর্ণ , লিংগ , স্থান নির্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা পাব লাগে । 

( খ ) জাতীয় শিক্ষা ব্যৱস্থাই ১০ + ২ + ৩ শিক্ষা গাঁথনি সমগ্র দেশতে সাধাৰণভাৱে গ্রহণ কৰি উঠিব । 

( গ ) শিক্ষাই আমাৰ উঠি অহা ছাত্ৰসকলৰ মনত আর্ন্তজাতিক সহযােগিতা আৰু সহ অৱস্থানৰ মনােভাব গঢ়ি তুলিব । 

প্রশ্ন ৮. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত প্রস্তাৱিত গাঁথনিত পৰিৱর্তনসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ ১৯৫৩ চনত মাধ্যমিক শিক্ষা আয়ােগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে কিছু সংশােধন কৰে । মাধ্যমিক শিক্ষা  আয়ােগৰ মতে স্কুলীয়া শিক্ষা হ’ল ১১ বছৰীয়া । ইয়াৰ প্রথম পাঁচ বছৰ হ’ল নিম্ন প্রাথমিক , ৩ বছৰ হ’ল উচ্চ প্রাথমিক আৰু শেষৰ ৩ বছৰ উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল । সেইদৰে স্নাতক পর্যায়টো ৩ বছৰীয়া আৰু স্নাতকোত্তৰ পর্যায়টো ২ বছৰীয়া কৰা হৈছিল । কোঠাৰী আয়ােগৰ দৃষ্টিত এই ব্যৱস্থা সমগ্র দেশতে কার্যকৰী কৰা হােৱা নাছিল , কেৱল পাঁচখন ৰাজ্যতহে এই ব্যৱস্থা কার্যকৰী কৰা হৈছিল । তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্র দেশতে মাত্র শতকৰা ২৫ শতাংশ ভাগ স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয় , সেইবাবে এই গাঁথনি পৰিবৰ্তন কৰি ১০ + ২ + ৩ ৰ নতুন গাঁথনিৰ পৰামর্শ দিয়া হয় ।

প্রশ্ন ৯. চমুটোকা লিখা। 

( ক ) কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি । 

( খ ) সংহত শিশু বিকাশ কার্যসূচী । 

( গ ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।

উত্তৰঃ ( ক ) কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি :- কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাৰ্থনি হ’ল —

( i ) নিম্ন – মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰ পৰা ৩ বছৰৰ বাবে হ’ব লাগে ।

( ii ) উচ্চতৰ মাধ্যমিক সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হব লাগে । 

( খ ) সংহত শিশু বিকাশ কার্যসূচী :- শিশু বিকাশৰ বাবে বিনিয়ােগ ব্যৱস্থাত এই জাতীয় শিক্ষানীতিয়ে গুৰুত্ব আৰোপ কৰে আৰু তাগ্রাধিকাৰ প্ৰদান কৰে । ইয়াৰ বাবে সংহত শিশু বিকাশ সেৱা আঁচনি গ্ৰহণৰ কথা কোৱা হয় । ঘৰত কেঁচুৱাৰ যত্ন লােৱা ছােৱালীবােৰক সার্বজনীন প্রাথমিক শিক্ষা গ্ৰহণৰ সুবিধা প্রদান কৰিবলৈ আৰু দুখীয়া শ্রেণীৰ শ্ৰমিক মাতৃসকলক সহায় কৰিবলৈ দিনৰ ভাগত শিশু যতন কেন্দ্র স্থাপন কৰি শিশুক সহায়ক সেবা গঢ় দি তোলা হ’ব । এই সময়ৰ শিশু যতন আৰু শিক্ষা ব্যৱস্থা লিখা – পঢ়া শিকোৱা বিধৰ নহৈ খেলা – ধূলাৰ যােগেদি শিশুক ব্যক্তিসত্তা বিকাশ সাধনমুখী কৰি তােলা হ’ব । এনে কার্যত স্থানীয় লােকসকলক সম্পূর্ণৰূপে জড়িত কৰি তােলা হ’ব । এই শিশু যতন আঁচনি আৰু প্রাক প্রাথমিক শিক্ষাৰ সমন্বয় সাধন কৰি তােলা হ’ব যাতে ইয়াৰ এটাই আনটোৰ বিকাশত সহায়ক হৈ উঠিব পাৰে । 

( গ ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ :- কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ । মাধ্যমিক পর্যায়ৰ ( +২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰ পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ( +২ ) পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । স্কুলৰ বাহিৰেও কলেজ সমূহত উচ্চতৰ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলাে দায়িত্বভাৰ সংসদৰ হাতত । তাৰােপৰি + ২’শ্রেণী দুটাৰ স্বীকৃতিৰে ‘ জুনিয়ৰ কলেজ’গঠন কৰাৰো চিন্তা অসম চৰকাৰে কৰি আছিল । যাৰ ফলস্বৰূপে বৰ্ত্তমান এই কলেজসমূহ অব্যাহত আছে । 

প্রশ্ন ১০. কি পৰিস্থিতিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ যুগুত কৰা হৈছিল ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত ঘােষণা কৰে যে দেশৰ বাবে বর্তমান সময়ৰ পৰিবর্তিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এক নতুন শিক্ষানীতি প্রস্তুত কৰি তােলা হ’ব । তেওঁ মত প্রকাশ কৰিছিল , “ ভাৰতে স্বাধীনতাৰ পিছৰে পৰা বিজ্ঞান আৰু কাৰিকৰী দিশত বিস্ময়কৰ সম্পদৰ বিকাশ নােহােৱাকৈয়ে আছে ।”

কুৰি শতিকাৰ শেষ মুহূর্তত পদার্পণ কৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্রসূত জ্ঞানৰ মাজেৰেহে নতুন পুৰুষক একৈছু শতিকাৰ বাবে প্রস্তুত কৰি তুলিব লাগিব । এই উদ্দেশ্য আগত ৰাখি ১৯৮৫ চনত ‘শিক্ষা প্রত্যাহ্বান ’ নামৰ এখন শিক্ষা সম্পর্কীয় এখন পত্র প্রকাশ কৰা হয় । শিক্ষা প্রত্যাহ্বান ’ পত্ৰৰ ভেটীত গণতান্ত্রিক ভাৱধাৰাৰে বিভিন্ন দিশৰ ভাৰতীয় নাগৰিকসকলৰ পৰা শিক্ষা সম্পর্কীয় পৰামর্শ গ্রহণ কৰা হয় । শিক্ষা ৰাষ্ট্ৰৰ বর্তমান আৰু ভৱিষ্যতৰ সংযােজনৰ ক্ষেত্ৰত এক অদ্বিতীয় আৰু উল্লেখযােগ্য বিনিয়ােগ ব্যবস্থা । এইটোৰ ওপৰত ভিত্তি কৰি ১৯৮৬ চনৰ মে ‘ মাহত ভাৰতবৰ্ষৰ দুয়ােখন সংসদ অধিবেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত কৰা হয় । ইয়াক ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ‘ বুলি জনা যায় । 

প্রশ্ন ১১. শিক্ষাৰ মান সম্পর্কত এনটিপিয়ে আগবঢ়োৱা পৰামর্শসমূহ উল্লেখ কৰা ।

উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষাৰ মান আৰু প্রয়ােজনীয়তা সম্পৰ্কত কোৱা হৈছে যে , সকলােৰে বাবে শিক্ষা হ’ল আমাৰ দেশৰ এক জাতীয় দৃষ্টিভংগী । ইয়াৰ ভূমিকা তলত দিয়া ধৰণে হ’ব লাগে –

( ক ) দেশৰ জাতীয় ঐক্য , বিজ্ঞানমূলত মনােভাব , মন আৰু আত্মাৰ সংযােগ আদিৰ দৰে সূক্ষ্ম চেতনাসমূহৰ বিকাশত এক নির্দিষ্ট ভূমিকা আছে । 

( খ ) শিক্ষা হ’ল আমাৰ পৰ্থিৱ , আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ মূল সমল । 

( গ ) শিক্ষাই দেশৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্রত প্রয়ােগ হ’ব পৰাকৈ মানৱশক্তি বিকাশ সাধন কৰিব লাগে ।

প্রশ্ন ১২. আধুনিকীকৰণৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি ? 

উত্তৰঃ আধুনিকৰণৰ প্ৰক্ৰিয়াত কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শবােৰ হ’ল –

( ক ) বর্তমান পৃথিবীত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত সমাজৰ দ্রুত পৰিবর্তন ঘটিছে আৰু তাৰ লগে লগে জ্ঞানৰ বিস্ফোৰণ ঘটাও দেখা গেছে । গতিকে সমাজৰ এই পৰিবৰ্তনৰ ধাৰাৰ লগত মিলাকে শিক্ষা পদ্ধতিৰাে পৰিবৰ্তন হ’ব লাগিব । 

( খ ) তাৰ বাবে ছাত্র – ছাত্রীৰ মনৰ আগ্ৰহ ৰুচি আৰু মূল্যবােধৰ ঠাইত বিকাশৰ বাবে শিক্ষকৰ বাবেও বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব । 

( গ ) বর্তমান সমাজত দ্ৰুত পৰিবৰ্তৰ প্রতি লক্ষ্য ৰাখি শিক্ষাৰ ক্ষেত্ৰত বিকাশশীল আৰু গতিশীল নীতি গ্রহণ কৰিব লাগিব । 

See Next Page

17 thoughts on “Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top