Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি

Join Telegram channel

Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি and select needs one.

Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। DNA ৰ অনুকৃত‍্যায়ন প্ৰক্ৰিয়া বৰ্ণনা কৰা ।

উত্তৰঃ সংকোষীকেন্দ্ৰীয় কোষত অনুকৃত‍্যায়ন বিভিন্ন বিন্দুত আৰম্ভ হয়― 

(ক) হেলকেজ উৎসেচকে DNA – ৰ সূত্ৰ দুডালৰ নিউক্লিয়’ টাইডৰ মাজৰ দুৰ্বল হাইড্ৰ’জেন বন্ধনী ভাঙি দি সূত্ৰ দুডালৰ পাক খুলি দিয়ে , যাতে DNA – ৰ মেল খোৱা দুটা অংশই প্ৰতিলিপি শাখা গঠন কৰিব পাৰে । 

(খ) টপ’আইচ’মাৰেজ উৎসেচকে প্ৰাৰম্ভিক স্থানত ডি এন এ তন্ত্ৰডাল কাটি দিয়ে আৰু সময় সাপেক্ষে যোৰা লগায় । পাক খোৱা ৰছী এডালৰ তন্ত্ৰ দুডাল বল প্ৰয়োগ কৰি পৃথক কৰিব পাৰি কিন্তু এৰি দিলে আকৌ লগ লাগি যায় । কিন্তু পাক খোৱা ৰছীডালৰ এডাল ত কাটি তাৰ সাঁচ গুচাই দিলে তন্ত্ৰ দুডাল একেলগে নালাগে । টপ’আইচ’মাৰেজ উৎসেচকে DNA তন্ত্ৰডাল কাটি তাৰ সাঁচ গুচাই দিয়ূ, ফলত তন্ত্ৰ দুডাল পৃথক হৈ পৰে । 

(গ) নতুন সূত্ৰবোৰৰ সংশ্লেষণে প্ৰাইমাৰত আৰম্ভ হয় । RNA প’লিমাৰেজ উৎসেচকৰ দ্বাৰা RNA প্ৰাইমাৰ সৃষ্টি হয় । নতুন DNA শৃংখল গঠনৰ সময়ত প্ৰথমতে DNA ৰ মুক্ত প্ৰান্তত সৰু RNA প্ৰাইমাৰ গঠন হয় ।

(ঘ) প্ৰাইমাৰ হৈছে RNA ৰ চুটি শিকলি , যিবোৰ প্ৰাইমেজ উৎসেচকৰ সহায়ত U, C, A আৰু C ক্ষাৰৰ ব‍্যৱহাৰ কৰি নিউক্লিয়’টাইডৰ বহুযোজনৰ দ্বাৰা গঠন হয় ।

(ঙ) যেতিয়া দ্বি – সূত্ৰী DNA ই এটা বিন্দুলৈকে পাক মেল খাই থাকে , তেতিয়া আকৃতিৰ প্ৰতিলিপি শাখা গঠন কৰে ।

(চ) DNA প’লিমাৰেজ উৎসেচকে 5′ ― 3′ দিশত গঠন হোৱা পৰিপূৰক DNA নিউক্লিয়’টাইডবোৰ সংযোজন কৰে ।

(ছ) দুয়োডাল সূত্ৰই বিপৰীতমুখী সমান্তৰাকৈ গতি কৰে , নতুন সূত্ৰবোৰৰ সংশ্লেষণ বিপৰীত দিশত হ’ব ।

(জ) DNA ৰ যিডাল সূত্ৰত DNA প’লিমাৰেজ উৎসেচকৰ প্ৰভাৱত অবিৰতভাৱে 5′ ― 3′ দিশত প্ৰতিলিপি গঠন হৈ নতুন DNA সূত্ৰ গঠন হয় , তাক অগ্ৰণী সূত্ৰ বোলে ।

(ঝ) আনহাতে , DNA ৰ আনডাল সূত্ৰত প্ৰাইমে’জ উৎসেচকৰ প্ৰভাৱত 5′ ― 3′ দিশত টুকুৰা – টুকৰ DNA সূত্ৰ গঠন হয় । এই সৰু সৰু DNA সূত্ৰবোৰক ওকাজাকি টুকুৰা বোলে ।

(ঞ) পিছত এই টুকুৰাবোৰ DNA লাইগেজ উৎসেচকৰ দ্বাৰা সংলগ্ন হৈ DNA সূত্ৰডাল গঠন কৰে । এই সূত্ৰডালক লেগিং সূত্ৰ বোলে ।

(ট) RNA প্ৰাইমাৰক আঁতৰ কৰি লেগিং সূত্ৰ গঠন কৰিবৰ কাৰণে অ’কাজাৰি টুকুৰাবোৰক যুক্ত কৰা উৎসেচকটোক লাইপেজ বা সংযোজিত উৎসেচক বোলে ।

(ঠ) DNA প’লিমাৰেজ I এ খালি ঠাইখিনিপূৰণ কৰে ।

(ড) DNA প’লিমাৰেজ I আৰু II এ প্ৰুফ ৰিডিঙৰ কাম কৰে ।

প্ৰশ্ন ২। চিহ্নিত চিত্ৰৰ সহায়ত DNA ৰ গঠন বৰ্ণনা কৰা ।

উত্তৰঃ DNA ৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ ধৰ্ম হৈছে যে ইয়াৰ প্ৰত‍্যেকটো অণুৱে তাৰ ঠিক অনুৰূপ দুটা DNA অণুৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াকে DNA ৰ অণুকৃত‍্যায়ন বোলা হয় ।

বিভাজনক্ষণ সকলো কোষেৰে DNA অণুবোৰ একোটা বিশেষ সময়ত (কোষৰ অন্তৰ্তী স্তৰত)অণুকৃত‍্যায়নৰ দ্বাৰা সম্পূৰ্ণ দুগুণ সংখ্যাৰ অণু হৈ পৰে অৰ্থাৎ DNA ৰ পৰিমান দুগুণ হৈ পৰে ।অণুকৃত‍্যায়নৰ সময়ত DNA অণুটোৰ এমূৰৰ পৰা পৰস্পৰ মুখামুখিকৈ থকা ক্ষাৰকবিলাকৰ মাজত (A =T G = C) হাইড্ৰ’জেন বন্ধনবোৰ ভাঙি যায় । ইয়াৰ ফলত অণুটোৰ সূত্ৰ দুডাল এমূৰৰ পৰা ক্ৰমে ইডালৰ পৰা সিডাল আঁতৰি যায় । প্ৰত‍্যেক সূত্ৰৰ মুক্ত হোৱা অংশটোত কোষকেন্দ্ৰত থকা নতুন নিউক্লিয়অ’টাইড আহি আগৰ দৰেই সংযুক্ত হৈ গৈ পৰিপূৰক সূত্ৰৰ অংশ গঠন কৰে । এইদৰে ক্ৰমে আগৰ সূত্ৰ দুডাল পৃথক হৈ থাকে আৰু প্ৰত‍্যেক ডালতে নতুন পৰপূৰক সূত্ৰ একোডাল গঠন হৈ আহে । এইদৰে অৱশেষত সম্পূৰ্ণ দুটা DNA অণু গঠন কৰা হয় । 

চিত্ৰ : ডি. এন. এ অণুৰ অনুকৃত‍্যায়নত পূৰণা সূত্ৰৰ পৰিপূৰক নতুন সূত্ৰ গঠন 

প্ৰশ্ন ৩। DNA ৰ দ্বি – সৰ্পিল গঠন কেনেকৈ ইউকেৰিওটত টোপোলৰ নিচিনা গোট খাই ক্ৰমেটিন গঠন কৰে আলোচনা কৰা ।

উত্তৰঃ দ‍্যু – প্ৰ ই আগবঢ়োৱা ক্ৰম’জমৰ অতি সূক্ষ্ম গঠনৰ আৰ্হি ৰ মতে সূত্ৰাকাৰ DNA অণুৰ এডাল সূত্ৰৰ লগতে সহযোগী প্ৰ’টিনৰ সৈতে এডাল ক্ৰমেটিন আঁহৰ সৃষ্টি হয় । এই আঁহডালেই ভাঁজ খাই আৰু বিশৃংখলভাৱে পাক খাই একোডাল ক্ৰমেটিডৰ সৃষ্টি হয় । দ‍্যু – প’ৰ আৰ্হিৰ ভিত্তিতেই ক্ৰম’জমৰ ভৌতিক গঠনৰ বৰ্ণনা তলত দিয়া হৈছে ।নিউক্লিয়মৰ ছলেনইড নামে এটা আৰ্হি 1924 চনৰ পৰা বিজ্ঞানীসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই আৰ্হি মতে DNA সূত্ৰৰ এক নিৰ্দিষ্ট দূৰত্বৰ একোটা গাঁঠিৰ দৰে গঠন দেখা যায় । এই গঠনবিলাকক নিউক্লিয়জম বোলা হয় । নিউক্লিয়জমত আঠটা প্ৰটিন অণুক DNA সূত্ৰই দুবাৰ পাক খাই বেৰি থকা দেখা যায় । দুটা গাঁঠি মাজৰ DNA অংশখিনিত কোনো ভাঁজ নাথাকে । 

উপান্তস্তৰৰ একোটা ক্ৰম’জম মূলতঃ এডাল ক্ৰমে’টিন আঁহেৰে গঠিত । দুডলীয়া DNA সূত্ৰৰ লগত প্ৰটিন সংযুক্ত হৈ ক্ৰমে’টিন আঁহডালয সৃষ্টি হয় । এই আহঁডালক ক্ৰমনিমা বোলে । এই আঁহডাল এটা আৱৰণে ঢাকি ৰাখে বুলিও অনেকে ধাৰণা কৰে । ক্ৰমনিমাডাল নিজৰ গাতে বৰ ঘনাই পাক খাই অৰ্থাৎ কুণ্ডলীত হৈ ক্ৰম’জমৰ আকৃতি ধাৰণ কৰে ।

ক্ৰম’নিমা একোডাল কিমান ঘনাই পাক খাই সংকুচিত হৈ থাকে তাৰ আভাস স্বৰূপে মানুহৰ ক্ৰম’জমত থকা ক্ৰমে’টিন আঁহৰ কথা উল্লেখ কৰিব পাৰি । এনে আঁহ একোডাল গড় দৈৰ্ঘ্য 40,000 um । এনে আঁহ এডাল মধ‍্যস্তৰৰ ক্ৰম’জমত সংকুচিত হৈ তাৰ দৈৰ্ঘ্য হৈ পৰে প্ৰায় 7 um ।

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ৪। কেনেকৈ মেছেলচন আৰু ষ্টালে প্ৰমাণ কৰিলে যে DNA ৰ অনুকৃত‍্যায়ন অৰ্ধৰক্ষণশীল ?

উত্তৰঃ DNA ৰ অনুকৃত‍্যায়ন প্ৰক্ৰিয়াটো যে অৰ্দ্ধৰক্ষণশীল তাৰ পৰীক্ষামূলক প্ৰমাণ আগবঢ়ায় 1958 খৃঃ ত মেলেছনছন আৰু ষ্টাল নামৰ দুগৰাকী বিজ্ঞানীয়ে ।তেওঁলোকে পৰা পৰীক্ষাটো তলত বৰ্ণনা কৰা হ’ল ― 

প্ৰকৃতিত নাইট্ৰ’জেনৰ দুটা তেজস্ত্ৰিয় আইচট’প যেনে ― N¹⁵ আৰু N¹⁴ পোৱা যায় । N¹⁵ ৰ ঘনত্বৰ মান N¹⁴ ৰ ঘনত্বৰ মানতকৈ বেছি । প্ৰথমে তেওঁলোকে কেইবাটাও জনুৰ বাবে N¹⁵ যুক্ত কৰ্ষণ মাধ্যমত E. coli নামৰ বেক্টেৰিয়াৰ বংশ বৃদ্ধি হ’বলৈ দিছিল যাতে , E. coli ৰ অপত্য কোষবোৰৰ DNA তেজস্ত্ৰিয় N¹⁵ যুক্ত হয় । এনেকৈ প্ৰস্তুত কৰা বেক্টেৰিয়াবোৰ এতিয়া তেজস্ত্ৰিয় আইচট’প N¹⁴ যুক্ত কৰ্ষণ মাধ‍্যমত পুনৰ বংশ বৃদ্ধি হ’বলৈ দিয়া হ’ল । কোষবোৰৰ প্ৰথম বিভাজন হোৱাৰ ঠিক পিছতেই অৰ্থাৎ কোষবোৰৰ DNA ৰ অনুকৃত‍্যায়ন হোৱাৰ লগে লগে ইহঁতৰ পৰা সৃষ্টি হোৱা অপত‍্য কোসবোৰ সংগ্ৰহ কৰি সেইবোৰৰ পৰা DNA পৃথক কৰা হৈছিল আৰু তাৰ ঘনত্বৰ মান লোৱা হৈছিল । 

পৰীক্ষাৰ ফলাফল : প্ৰথম জনুৰ অপত‍্য কোষবোৰত আৰু ৰ মধ‍্যৱৰ্ত্তী ঘনত্বৰ পোৱা গৈছিল । 

এই ফলাফলে ইয়াকে সূচায় যে অনুকৃত‍্যায়নত পিতৃ – জনুৰ DNA ৰ সূত্ৰ দুডাল পৰস্পৰে খোল খাই প্ৰত‍্যেকেই একোটা ছাপ হিচাপে কাম কৰে আৰু প্ৰত‍্যেকতে থকা উন্মক্ত নিউক্লিঅ’টাইডবোৰৰ লগত পৰিপূৰক নিউক্লিয়অ’টাইডৰ অণুবোৰ বান্ধ খাই নতুন অপত‍্য DNA সূত্ৰ গঠন হয় । এনে হোৱাৰ ফলত N¹⁵ DNA যুক্ত বেক্টেৰিয়া N¹⁴ যুক্ত কৰ্ষণত বংশ বৃদ্ধি হ’বলৈ দিয়াত অপত‍্য DNA ৰ এডাল সূত্ৰ N¹⁵ যুক্ত আৰু আনডাল (অপত‍্য সূত্ৰ) N¹⁴ যুক্ত হয় , যাৰ ফলস্বৰূপে প্ৰথম জনুৰ অপত‍্য বেক্টেৰিয়াৰ কোষবোৰৰ DNA N¹⁵ – N¹⁴ ৰ মধ‍্যৱৰ্ত্তী ঘনত্বৰ হয় । 

N¹⁵ – N¹⁴ DNA যুক্ত বেক্টেৰিয়াবোৰ N¹⁴ যুক্ত কৰ্ষণ মাধ্যমত দ্বিতীয় জনুৰ বাবে বংশ বৃদ্ধি কৰিবলৈ দিয়াত তাৰ পৰা যিবোৰ অপত‍্য কোষৰ সৃষ্টি হ’ল সেইবোৰৰ DNA ৰ ঘনত্বৰ মান লৈ দেখা গ’ল যে 50 % অপত‍্য DNA N¹⁴ যুক্ত আৰু 50 % N¹⁵ – N¹⁴ বাকী ৰ মধ‍্যৱৰ্ত্তী ঘনত্বৰ হয় এই ফলাফলে DNA ৰ অৰ্দ্ধৰক্ষণশীলতা সঠিককৈ প্ৰমাণ কৰে।সূত্ৰ দুটা মেল নাখায় দ্বি – সূত্ৰাকাৰ DNA – ৰ সমান্তৰাল সাইলাখ তেনে এটি দ্বি – সূত্ৰাকাৰ DNA সৃষ্টি হয় । এই মতবাদ ৰক্ষণশীল মতবাদ বোলা হয় । 

প্ৰশ্ন ৫। অনুবাদৰ প্ৰক্ৰিয়াৰ বিশদ আলোচনা কৰা ।

উত্তৰঃ ট্ৰেন্সলেচন :- এইটো এক প্ৰক্ৰিয়া য’ত mRNA (DNA – ৰ পৰা) কঢ়িওৱা জিনীয় বাৰ্তা এমিন’ এচিডৰ বিশেষ অনুক্ৰম থকা প’লিপেপ্টাইড শিকলিলৈ পঠিওৱা হয় । ট্ৰন্সলেচনৰ (প্ৰ’টিন সংশ্লেষণ) কাৰণে ৰাইব’জ’মে স্থান উলিয়াই দিয়ে ।

ট্ৰেন্সলেচনৰ পৰ্যায়বোৰ ― 

(ক) t – RNA – ৰ এমিন’ এচিলেচন :- rRNA ক বিশেষ এমিন’ এচিডৰ সৈতে এটা এমিন’ এচাইল tRNA ছিনথেটেজ (aminoacyl tRNA synthese) নামৰ উৎসেচকৰ দ্বাৰা সংযোগ কৰা হয় । 

এমিন’ এচাইল tRNA ছিনথেটেজ

এমিন’ এচিড + ATP + tRNA

সঞ্চাৰিত tRNA + P – A

(খ) আৰম্ভণ :- ৰাইব’জ’মৰ সৰু একক mRNA সঞ্চাৰিত tRNA , GTP, Mg²t আৰু প্ৰ’টিনযুক্ত প্ৰাৰম্ভিক কাৰকসমূহ একেলগে লগ লগাই প্ৰাৰম্ভিক যৌগ গঠন কৰা হয় । এই যৌগটো mRNA ৰ সৈতে যুক্ত কৰি প্ৰাৰম্ভিক AUG সংকেতলৈ আগবঢ়াই দিয়া হয় । পিছত যেতিয়া 50s বৃহৎ উপ একক প্ৰাৰম্ভিক যৌগত যোগ কৰা হয় , তেতিয়া প্ৰাৰম্ভিক কাৰকবোৰ মুক্ত কৰা হয় আৰু সম্পূৰ্ণ 70s ৰিবজ’ম গঠন কৰা হয় । mRNA ৰ কিছুমান UTR থাকে অৰ্থাৎ unstranstrated region , যিবোৰ অনুবাদ নহয় , কিন্তু সিহঁতে প্ৰক্ৰিয়াটোত সহায় কৰে ।

প্ৰত‍্যেকটো ৰিব’জ’মৰে সঞ্চাৰিত tRNA ৰ কাৰণে দুটা স্থান থাকে ― P (পেপ্টিডাইল স্থান) আৰু A (এমিন’এচাইল স্থান) । প্ৰাৰম্ভিক tRNA টো P স্থানত প্ৰতিষ্ঠা কৰা হয় আৰু ত্ৰয়ীটোক A স্থানত এৰি দিয়া যাতে আন সঞ্চাৰিত tRNA ই আহি ঠাই টুকুৰা অধিকাৰ কৰি ল’ব নোৱাৰে ।

(গ) দৈৰ্ঘীকৰণ :- ৰিব’জ’মবোৰ mRNA লৈ 5′ ― 3′ দিশত গতি কৰে।এটা সঞ্চাৰিত tRNA ওলোটা সংকেতসমূহ (A দিশৰ পৰিপূৰক) খালি হৈ থকা A স্থানত প্ৰৱেশ কৰে । এইদৰে দুটা এমিন’ এচিড পেপ্টাইড বন্ধনৰ দ্বাৰা পেপ্টিডাইল ট্ৰান্সফাৰেজৰ সহায়ত সংযোগ কৰা হয় । এই দ্বিপেপ্তাইডৰ P স্থানলৈ স্থানান্তৰিত কৰা হয় আৰু A স্থানটো পিছৰ সংকেতৰ কাৰণে মুক্ত কৰি ৰখা হয় । কিছু সংখ্যাক প্ৰটিনযুক্ত দৈৰ্ঘীকৰণ কাৰকে এই প্ৰক্ৰিয়াটোত সহায় কৰে ।

(ঘ) সমাপ্তিকৰক :- সমাপ্তি সংকেত (UAG , UAA , UGA) পোৱালৈকে mRNA ত দৈৰ্ঘীকৰণ অবিৰতভাৱে হৈ থাকে । এইদৰে অনুবাদ অন্ত পৰে আৰু কিছু সংখ্যাক নিঃসৰিত কাৰকে সমাপ্তিকৰক tRNA ৰ পৰা প’লিপেপ্টাইডক বিচ্ছিন্ন কৰা হয় । এই প’লিপেপ্টাইডত mRNA ৰ বিশেষ অনুক্ৰম থাকে ।

প্ৰশ্ন ৬‌। DNA ফিংগাৰ প্ৰিন্টিঙৰ বিভিন্ন প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ DNA ফিংগাৰ প্ৰিন্টিং হৈছে এটা পদ্ধতি , যাৰ সহায়ত বিভিন্ন ব‍্যক্তিৰ ৰ পৰ্য্যায়ত থকা ভিন্নতাখিনিক চিনাক্ত আৰু বিশ্লেষণ কৰা হয় । এইটো অংশৰ ভিন্নতা আৰু প’লিমাৰফিজিমৰ ওপৰত নিৰ্ভৰ কৰে ।

কাৰ্য্যকাৰিতা :-

(ক) অপৰাধীক ধৰা পেলাবৰ কাৰণে ফৰেনছিক বিজ্ঞানত ব‍্যৱহাৰ কৰা হয় ।

(খ) ইয়াৰ দ্বাৰা পিতৃত্ব আৰু পৰিয়ালৰ সম্পৰ্কে স্থাপন কৰা হয় । 

(গ) শস‍্য আৰু পশুধনৰ বাণিজ্যিক প্ৰজাতিবোৰ চিনাক্ত আৰু সংৰক্ষণৰ কাৰণে ব‍্যৱহাৰ কৰা হয় ।

(ঘ) কোনো এক জীৱৰ বিৱৰ্তনৰ ইতিহাস বিচাৰি উলিওৱা আৰু বিভিন্ন জীৱৰ গোটসমূহৰ মাজত সংযোগ বিচাৰি উলিৱাওঁতে ইয়াৰ ব‍্যৱহাৰ হয় ।

প্ৰশ্ন ৭। মানৱ জিনগোট প্ৰকল্পৰ মূল লক্ষ্য সম্পৰ্কে লিখা ।

উত্তৰঃ মানৱ জিনম প্ৰকল্পটোক বৃহৎ প্ৰকল্প বোলাৰ কাৰণটো হ’ল ― মানৱ জিনমত থকা প্ৰতিডাল ক্ষাৰকৰ যোৰাক ছিকুৱেন্স কৰাই ইয়াৰ মূল লক্ষ্য । এই প্ৰকল্পটো সম্পূৰ্ণ হওঁতে 13 বছৰ লাগিছিল আৰু 2006 চনতহে প্ৰকাশ কৰা হৈছিল । এইটো এটা বৃহৎ প্ৰকল্প আছিল যাৰ লক্ষ্য আছিল নতুন প্ৰযুক্তিৰ বিকাশ ঘটাই জিনীয় অধ‍্যয়নৰ ক্ষেত্ৰখনত নতুন তথ‍্যৰ যোগান ধৰা । ইয়াৰ ফলস্বৰুপে জিনীয় বিদ‍্যা , জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু চিকিৎসা বিজ্ঞানৰ অধ‍্যয়নৰ বাবে কিছুমান নতুন ক্ষেত্ৰ আৰু সুবিধা প্ৰদান কৰিলে । মানৱ জীৱবিদ‍্যা অধ‍্যয়নৰ বাবেও ই কিছুমান সুযোগ দিলে মানৱ জিনগোট প্ৰকল্পৰ মূল লক্ষ্য হ’ল ―

(ক) ছিকুয়েন্সং :- সমগ্ৰ মানৱ জিনমৰ ছিকুয়েন্স কৰা আৰু গোটেই ক্ষাৰক যোৰাযোৰৰ পৰিসৰটো নিৰ্ণয় কৰা ।

(খ) সঞ্চয় :- তথ‍্যৰ ৰূপত বাৰ্তাবোৰ সঞ্চয় কৰা ।

(গ) বিশ্লেষণ :- কম্পিউটাৰৰ জড়িয়তে বিশ্লেষণৰ প্ৰসাৰ আৰু ব‍্যৱহাৰ কৰা ।

(ঘ) জিন :- সকলো জিন চিনাক্ত কৰা (প্ৰায় 20,000 – 30,000) ।

(ঙ) প্ৰযুক্তি :- প্ৰকল্পটোৰ সময়ত অইন ক্ষেত্ৰসমূহ যেনে , উদ‍্যোগ , কৃষি আৰু বন আদিত প্ৰযুক্তিৰ উন্নতি ঘটোৱা হৈছিল ।

(চ) ELSI :- প্ৰকল্পটোৰ পৰা উদ্ভৱ হ’ব পৰা যিকোনো নীতিগত , আইনগত আৰু সামাজিক বিষয়সমূহৰ সমাধান কৰা । 

প্ৰশ্ন ৮। মানৱ জিনগোট প্ৰকল্প পাঁচটা মূল বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ (ক) মানুহৰ সকলোবিলাক জিনৰ মেপ প্ৰস্তুত কৰা ।

(খ) মানুহৰ DNA ৰ সম্পূৰ্ণ নিউক্লিয়টাইড সমূহৰ ক্ৰম নিৰ্দ্ধাৰণ কৰা ।

(গ) প্ৰতিটো জিনৰ গঠন আৰু অৱস্থান নিৰ্ণয় কৰা ।

(ঘ) প্ৰতিটো জিনৰ ভূমিকা নিৰ্দ্ধাৰণ কৰা ।

(ঙ) জিন প্ৰকল্পৰ লগত মানুহৰ সামাজিক , নৈতিক আৰু আইন সম্বন্ধীয় দিশ সম্পৰ্কে অধ‍্যয়ন কৰা ।

প্ৰশ্ন ৯। জেক’ব আৰু মনাডে আগবঢ়োৱা লেক অপেৰণ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ লেক অপেৰণ :- লেক অপেৰণ ফ্ৰন্সিচ জেকব আৰু জেক্ মন’ড নামৰ দুজন বৈজ্ঞানিকে আগবঢ়াইছিল । লেক অপেৰণ হ’ল একোটা জিনৰ সংগঠন । লেক অপেৰণত (ইয়াত লেক – এ লেক্ট’জক বুজায়) , বহুচিষ্ট্ৰ’নিক সাংগঠনিক জিনটো প্ৰচলক আৰু নিয়ন্ত্ৰক জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । বেক্টেৰিয়াত এনে ধৰণৰ বিন‍্যাস অতি সাধাৰণ আৰু ইয়াক অপেৰণ বোলা হয় । এনে ধৰণৰ পৰিচালিত কিছুমান উদাহৰণহ নাম হ’ল lac operon , trap operon , ara operron , his operon , val operon ইত্যাদি ।

চিত্ৰ : গ্ৰিফিতৰ এন্দুৰৰ ওপৰত ন‍্যুম’কক্কাছৰ পৰীক্ষা 

লেক অপেৰণত এটা নিয়ন্ত্ৰক জিন আৰু তিনিটা গঠনাত্মক জিন (z , y আৰু a) ৰ দ্বাৰা গঠিত । i জিনটোৱে লেক্ অপেৰণৰ নিৰোধক সমূহৰ কাৰণে সংকেত কৰে । z জিনো বিটাগেক্টে’চাইডেজ ৰ কাৰণে সংকেত দিয়ে । ই প্ৰাথমিকভাৱে দ্বিশৰ্কৰা লেক্ট’জক ঐকযোগী একক গেলেক্ট’জ আৰু গ্লুক’জলৈ জলবিয়োজন ঘটোৱা কাৰ্য্যৰ লগত জড়িত আৰু y জিনটোৱে পাৰমিয়েজ উৎসেচকৰ কাৰণে সংকেত কৰে যি B – গেলেক্ট’চাইডেজৰ কাৰণে কোষৰ ভেদ‍্যতা বঢ়ায় । a জিনটোত ট্ৰেন্সএচিটাইলেজৰ সংকেত থাকে ‌। দেখা গ’ল যে লেক অপেৰণত তিনিওটা জিনৰ উৎপন্ন দ্ৰব্যই লেক্ট’জৰ বিপাক কাৰ্য্যৰ কাৰণে প্ৰয়োজনীয় । 

বিটা – গেলেক্ট’চাইডেজ উৎসেচকৰ কাৰ্য্য দ্ৰব্য হ’ল লেক্টজ আৰু ই অপেৰণটো খোলা আৰু বন্ধ কৰা কাৰ্য্য নিয়ন্ত্ৰণ কৰে । সেই কাৰণে ইয়াক আবিষ্টকাৰক বোলা হয় । কাৰ্বন উৎস গ্লুক’জৰ অনুপস্থিতিত যদি বেক্টেৰিয়াৰ মাধ্যমত লেক্ট’জৰ যোগান ধৰা হয় তেনেহ’লে লেক্ট’জ পাৰমিয়েজ উৎসেচকৰ ক্ৰিয়াৰ ফলত কোষলৈ সৰবৰাহ হয় আৰু লেক্ট’জে তেতিয়া নিম্নলিখিত ধৰণে অপেৰণক প্ৰভাৱিত বা আবিষ্ট কৰে― 

লেক অপেৰণৰ নিৰোধক i জিনৰ পৰা নিৰোধক প্ৰটিনৰ সংশ্লেষণ হয় । নিৰোধক প্ৰটিনবোৰ প্ৰচলক অংশ সংযুক্ত হৈ RNA বহুযোজী উৎসেচকক অপেৰণৰ লিপ‍্যন্তৰ কৰাত বাধা প্ৰদান কৰে । আবিষ্টকাৰক যেনে লেক্ট’জৰ উপস্থিতত নিৰোধকবোৰ আবিষ্ট কাৰকৰ সৈতে লগ্ন হৈ নিষ্ক্ৰিয় হৈ যায় । ইয়াৰ ফলত RNA বহুযোজী উৎসেচকৰ প্ৰচলকৰ সৈতে যুক্ত হয় আৰু লিপ‍্যন্তৰ প্ৰক্ৰিয়া আগুৱাই নিয়ে । 

প্ৰশ্ন ১০। R – প্ৰকাৰ বেক্টেৰিয়া S – প্ৰকাৰ বেক্টেৰিয়ালৈ ৰূপান্তৰ হোৱাৰ ব‍্যাখ‍্যা কেনেকৈ গ্ৰফিতে দিছিল ? 

উত্তৰঃ 1928 চনত গ্ৰফিতে ডিপ্ল’কক্কাছ ন‍্যুম’নি নামৰ বেক্টেৰিয়াৰ ওপৰত পৰীক্ষা কৰি দেখুৱায় যে ৰক্ত – এগাৰ কলাকৰ্ষণ মাধ‍্যমত দুই ধৰণৰ কলনি বা দল দেখা যায় । একপ্ৰকাৰৰ কোষবেৰ মসৃণ , ইয়াৰ নাম দিয়া হৈছে S – প্ৰকাৰ আৰু আনবিধৰ কোষবেৰ অমসৃণ । ইয়াক R – প্ৰকাৰ বোলে । S – প্ৰকাৰ বেক্টেৰিয়া দেহৰ ক্ষতিকাৰক বা ভিৰুলেল্ট । এই দুই ধৰণৰ বেক্টেৰিয়া তাপ সুবেদী আৰু তাপমাত্ৰা বৃদ্ধি কৰিলে ইহঁত মৰি যায় আৰু তেতিয়া ইহঁতক তাপ মৃত বেক্টেৰিয়া বোলে।

এই ধৰ্মৰ ওপৰত ভিত্তি কৰি গ্ৰিফিতে এন্দুৰৰ দেহত (চিত্ৰত) দিয়াধৰণে ইনজেকছন দি বেক্টেৰিয়া সুমুৱাই দিয়ে । পৰীক্ষাকেইটাৰ পৰা দেখা গ’ল যে ২ নম্বৰ আৰু ৫ নম্বৰ পৰীক্ষাতহে এন্দুৰবোৰ ন‍্যুম’নিয়া বেমাৰত আক্ৰান্ত হৈছে অথবা মৃত্যু হৈছে । ২ নম্বৰ পৰীক্ষাত এন্দুৰবোৰ আক্ৰান্ত হোৱাটো স্বাভাৱিক , কিন্তু ৫ নম্বৰ পৰীক্ষাত অস্বাভাৱিক ফলাফল পোৱা গ’ল । গ্ৰিফিতে ইয়াৰ ব‍্যাখ‍্যা হিচাপে কৈছিল যে কোনো পদাৰ্থ মৃত S – প্ৰকাৰৰ পৰা ওলাই R – প্ৰকাৰ বেক্টেৰিয়াক প্ৰকাৰ (S) বেক্টেৰিয়ালৈ যে ৰূপান্তৰিত কৰে ।

1944 চনত এভেৰি , মেকলিঅ’ড আৰু মেকাৰ্টিয়ে প্ৰমাণ কৰে যে R – প্ৰকাৰ বেক্টেৰিয়াক S – প্ৰকাৰ বেক্টেৰিয়ালৈ DNA যে ৰূপান্তৰিত কৰে। 

প্ৰশ্ন ১১। DNA ৰ দ্বি – সৰ্পিল গঠনৰ এটি চিহ্নিত চিত্ৰ দিয়া ।

উত্তৰঃ

DNA ৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ ধৰ্ম হৈছে যে ইয়াৰ প্ৰত‍্যেকটো অণুৱে তাৰ ঠিক অনুৰূপ দুটা DNA অণুৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াকে DNA ৰ অণুকৃত‍্যায়ন বোলা হয় । বিভাজনক্ষণ সকলো কোষেৰে DNA অণুবোৰ একোটা বিশেষ সময়ত (কোষৰ আন্তৰ্তী স্তৰত) অণুকৃত‍্যায়নৰ দ্বাৰা সম্পূৰ্ণ দুগুণ সংখ্যাৰ অণু হৈ পৰে অৰ্থাৎ DNA ৰ পৰিমান দুগুণ হৈ পৰে ।

অণুকৃত‍্যায়নৰ সময়ত DNA অণুটোৰ এমূৰৰ পৰা পৰস্পৰ মুখামুখিকৈ থকা ক্ষাৰকবিলাকৰ মাজত (A = T , G = C) হাইড্ৰ’জেন বন্ধনবোৰ ভাঙি যায় । ইয়াৰ ফলত অণুটোৰ সূত্ৰ দুডাল এমূৰৰ পৰা ক্ৰমে ইডালৰ পৰা সিডাল আঁতৰি যায় । প্ৰত‍্যেক সূত্ৰৰ মুক্ত হোৱা অংশটোত কোষকেন্দ্ৰত থকা নতুন নিউক্লিঅ’টাইড আহি আগৰ দৰেই সংযুক্ত হৈ গৈ পৰিপূৰক সূত্ৰৰ অংশ গঠন কৰে । এইদৰে ক্ৰমে আগৰ সূত্ৰ দুডাল পৃথক হৈ থাকে আৰু প্ৰত‍্যেক ডালতে নতুন পৰিপূৰক সূত্ৰ একোডাল গঠন হৈ আহে । এইদৰে অৱশেষত সম্পূৰ্ণ দুটা DNA অণু গঠন কৰা হয়।

প্ৰশ্ন ১২। DNA ফিংগাৰ প্ৰিন্টিঙৰ চাউৰ্দান ব্লট হাইব্ৰিডাইজেচন পদ্ধতি ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ বিতৰ্কিত ল’ৰা – ছোৱালী বা যিকোনো সন্দেহযুক্ত ব‍্যক্তিৰ তেজৰ দাগ বা চুলিৰ ফলিক’ল কোষত থকা DNA দ্ৰুতবেগী চেন্টিফিউগেশ্বনৰ দ্বাৰা সম্পূৰ্ণ পৃথক কৰা হয় । সেই একে প্ৰণালীৰে মাক – বিপেক , নিকট সহযোগী বা সন্দেহ যুক্ত অপৰাধীৰ আত্মীয় কুটুম্বৰ (ঘটনাৰ ওপৰত ভিত্তি কৰি) পৰাও DNA সম্পূৰ্ণ পৃথক কৰিব পাৰি । সেইমতে এফলীয়া কৰা DNA আঁহবোৰ সীমাবদ্ধ এনজাইন ব‍্যৱহাৰ কৰি বিভিন্ন দৈৰ্ঘ্যৰ টুকুৰা প্ৰস্তুত কৰা হয় । এই টুকুৰা বিলাকো পিছত ‘জেল ইলেকট্ৰ’ফৰেছিছ’ প্ৰক্ৰিয়াৰে পৃথক কৰা হয় । বেছি সৰু টুকুৰাবোৰে বেছি ডাঙৰ টুকুৰাবোৰতকৈ বেছি বেগত গতি কৰে । দ্বিগুণীয়া আঁহৰ DNA ক তাৰ পিছত উগ্ৰক্ষাৰকীয় ৰাসায়নিক দ্ৰব্যৰ সহায়ত ফালি এগুণীয়া কৰা হয় । এগুণীয়া আঁহবোৰ তাৰ পিছত ‘জেল’ৰ’ ওপৰত ৰখা এখন নাইট্ৰোচেলুল’জ পাতলৈ স্থানান্তৰিত কৰা হয় । ইয়াক ‘চাউৰ্দান’ ব্লটিং বুলি কোৱা হয় কিয়নো । ইয়াক প্ৰথমতে 1975 চনত আৱিষ্কাৰ কৰিছিল চাউৰ্দানে । 

নাইট্ৰোচেলুল’জ প্লেটখন তাৰ পিছত এটা বাথ’ত ডুবোৱা হয় । এই বাথত পৰিচিত জিনীয় ক্ৰম তেজস্কিয় (32p DNA) DNA টুকুৰাৰ সৈতে ‘প্ৰোব্’ বা ‘মাৰ্কাৰ’ যোগকৰা হয় । মাৰ্কাৰ DNA যুক্ত আঁহবোৰে নিউক্লিয়’টাইড্ ক্ৰমত লক্ষ্যত লয় । এই ক্ৰম VNTR ৰ জিনীয় সংকেতৰ ক্ৰমৰ পূৰক আৰু ই সিঁহতৰ লগত সংকৰ DNA গঠন কৰে । সংকৰণকৃত দুখন এক্স – ৰে ফিল্ম সদৃশ হ’ব আৰু এইদৰে অপৰাধীজনক বা সংশ্লিষ্ট ব‍্যক্তিজনক চিনাক্ত কৰিব পাৰি ।  

প্ৰশ্ন ১৩। জিন প্ৰকাশ নিয়ন্ত্ৰনত লেক আপাৰিনৰ আৰ্হিটো ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ লেক অপেৰণ :- লেক অপেৰণ ফ্ৰেন্সিচ জেকব আৰু জেক্ মন’ড নামৰ দুজন বৈজ্ঞানিকে আগবঢ়াইছিল । লেক অপেৰণ হ’ল একোটা জিনৰ সংগঠন । লেক অপেৰণত (ইয়াত লেক – এ লেক্ট’জক বুজায়) , বহুচিষ্ট্ৰ’নিক সাংগঠনিক জিনটো প্ৰচলক আৰু নিয়ন্ত্ৰক জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । বেক্টেৰিয়াত এনে ধৰণৰ বিন‍্যাস অতি সাধাৰণ আৰু ইয়াক অপেৰণ বোলা হয় । এনে ধৰণৰ পৰিচালিত কিছুমান উদাহৰণহ নাম হ’ল lac operon , trap operon , ara operron , his operon , val operon ইত্যাদি ।

লেক অপেৰণত এটা নিয়ন্ত্ৰক জিন আৰু তিনিটা গঠনাত্মক জিন (z , y আৰু a) ৰ দ্বাৰা গঠিত । i জিনটোৱে লেক্ অপেৰণৰ নিৰোধক সমূহৰ কাৰণে সংকেত কৰে । z জিনো বিটা – গেক্টে’চাইডেজ ৰ কাৰণে সংকেত দিয়ে । ই প্ৰাথমিকভাৱে দ্বিশৰ্কৰা লেক্ট’জক একযোগী একক গেলেক্ট’জ আৰু গ্লুক’জলৈ জলবিয়োজন ঘটোৱা কাৰ্য্যৰ  লগত জড়িত আৰু y জিনটোৱে পাৰমিয়েজ উৎসেচকৰ কাৰণে সংকেত কৰে যি B – গেলেক্ট’চাইডেজৰ কাৰণে কোষৰ ভেদ‍্যতা বঢ়ায় । a জিনটোত ট্ৰেন্সএচিটাইলেজৰ সংকেত থাকে । দেখা গ’ল যে লেক অপেৰণত তিনিওটা জিনৰ উৎপন্ন দ্ৰব্যই লেক্ট’জৰ বিপাক কাৰ্য্যৰ কাৰণে প্ৰয়োজনীয় ।

বিটা – গেলেক্ট’চাইডেজ উৎসেচকৰ কাৰ্য্য দ্ৰব্য হ’ল লেক্টজ আৰু ই অপেৰণটো খোলা আৰু বন্ধ কৰা কাৰ্য্য নিয়ন্ত্ৰণ কৰে । সেই কাৰণে ইয়াক আবিষ্টকাৰক বোলা হয় । কাৰ্বন।উৎস গ্লুক’জৰ অনুপস্থিতিত যদি বেক্টেৰিয়াৰ মাধ্যমত লেক্ট’জৰ যোগান ধৰা হয় তেনেহ’লে লেক্ট’জ পাৰমিয়েজ উৎসেচকৰ ক্ৰিয়াৰ ফলত কোষলৈ সৰবৰাহ হয় আৰু লেক্ট’জে তেতিয়া নিম্নলিখিত ধৰণে অপেৰণক প্ৰভাৱিত বা আবিষ্ট কৰে ― লেক অপেৰণৰ নিৰোধক i জিনৰ পৰা নিৰোধক প্ৰ’টিনৰ সংশ্লেষণ হয় । নিৰোধক প্ৰ’টিনবোৰ প্ৰচলক অংশ সংযুক্ত হৈ RNA বহুযোজী উৎসেচকক অপেৰণৰ লিপ‍্যন্তৰ কৰাত বাধা প্ৰদান কৰে । আবিষ্টকাৰক যেনে লেক্ট’জৰ উপস্থিতিত নিৰোধকবোৰ আবিষ্ট কাৰকৰ সৈতে লগ্ন হৈ নিষ্ক্ৰিয় হৈ যায় । ইয়াৰ ফলত RNA বহুযোজী উৎসেচকৰ প্ৰচলকৰ সৈতে যুক্ত হয় আৰু লিপ‍্যন্তৰ প্ৰক্ৰিয়া আগুৱাই নিয়ে ।

প্ৰশ্ন ১৪। DNA ৰ ফিংগাৰ প্ৰিন্টিং কি ? ইয়াৰ প্ৰয়োগ আলোচনা কৰা । 

উত্তৰঃ বিতৰ্কিত ল’ৰা – ছোৱালী বা যিকোনো সন্দেহযুক্ত ব‍্যক্তিৰ তেজৰ দাগ বা চুলিৰ ফলিক’ল কোষত থকা DNA দ্ৰুতবেগী চেন্টিফিউগেশ্বনৰ দ্বাৰা সম্পূৰ্ণ পৃথক কৰা হয় । সেই একে প্ৰণালীৰে মাক – বাপেক , নিকট সহযোগী বা সন্দেহযুক্ত অপৰাধীৰ আত্মীয় কুটুম্বৰ (ঘটনাৰ ওপৰত ভিত্তি কৰি) পৰাও DNA সম্পূৰ্ণ পৃথক কৰিব পাৰি । সেইমতে এফলীয়া কৰা DNA আঁহবোৰ সীমাবদ্ধ এনজাইন ব‍্যৱহাৰ কৰি বিভিন্ন দৈৰ্ঘ্যৰ টুকুৰা প্ৰস্তুত কৰা হয় । এই টুকুৰাবিলাকো পিছত ‘জেল ইলেকট্ৰ’ফৰেছিছ’ প্ৰক্ৰিয়াৰে পৃথক কৰা হয় ।

বেছি সৰু টুকুৰাবোৰে বেছি ডাঙৰ টুকুৰাবোৰতকৈ বেছি বেগত গতি কৰে । দ্বিগুণীয়া আঁহৰ DNA ক তাৰ পিছত উগ্ৰক্ষাৰকীয় ৰাসায়নিক দ্ৰব্যৰ সহায়ত ফালি এগুণীয়া কৰা হয় । এগুণীয়া আঁহবোৰ তাৰ পিছত ‘জেল’ৰ ওপৰত ৰখা এখন নাইট্ৰোচেলুল’জ পাতলৈ স্থানান্তৰিত কৰা হয় ইয়াক ‘চাউৰ্দান ব্লটিং’ বুলি কোৱা হয় । কিয়নো ইয়াক প্ৰথমতে 1975 চনত আৱিষ্কাৰ কৰিছিল চাউৰ্দান । নাইট্ৰোচেলুল’জ প্লেটখন তাৰ পিছত এটা বাথ’ত ডুবোৱা হয় । এই বাথত পৰিচিত জিনীয় ক্ৰম তেজস্কিয় (32p DNA ) DNA টুকুৰাৰ সৈতে ‘প্ৰোব্’ বা ‘মাৰ্কাৰ’ যোগ কৰা হয় । মাৰ্কাৰ DNA যুক্ত আঁহবোৰে নিউক্লিয়’টাইড্ ক্ৰমত লক্ষ‍্যত লয় । এই ক্ৰম VNTR ৰ জীনীয় সংকেতৰ ক্ৰমৰ পূৰক আৰু ই সিঁহতৰ লগত সংকৰ DNA গঠন কৰে । সংকৰণকৃত দুখন এক্স – ৰে ফিল্ম সদৃশ হ’ব আৰু এইদৰে অপৰাধীজনক বা সংশ্লিষ্ট ব‍্যক্তিজনক চিনাক্ত কৰিব পাৰি।  

DNA ফিংগাৰ প্ৰিন্টিং হৈছে এটা পদ্ধতি , যাৰ সহায়ত বিভিন্ন ব‍্যক্তিৰ ৰ পৰ্যায়ত থকা ভিন্নতাখিনিক চিনাক্ত আৰু বিশ্লেষণ কৰা হয় । এইটো অংশৰ ভিন্নতা আৰু প’লিমাৰফিজিমৰ ওপৰত নিৰ্ভৰ কৰে ।

কাৰ্য্যকাৰিতা :-

(ক) অপৰাধীক ধৰা পেলাবৰ কাৰণে ফৰেনছিক বিজ্ঞানত ব‍্যৱহাৰ কৰা হয় ।

(খ) ইয়াৰ দ্বাৰা পিতৃত্ব আৰু পৰিয়ালৰ সম্পৰ্কে স্থাপন কৰা হয় ‌।

(গ) শস‍্য আৰু পশুধনৰ বাণিজ্যিক প্ৰজাতিবোৰ  চিনাক্ত আৰু সংৰক্ষণৰ কাৰণে ব‍্যৱহাৰ কৰা হয় ।

(ঘ) কোনো এক জীৱৰ বিৱৰ্তনৰ ইতিহাস বিচাৰি উলিওৱা আৰু বিভিন্ন জীৱৰ গোটসমূহৰ মাজত সংযোগ বিচাৰি উলিৱাওঁতে ইয়াৰ ব‍্যৱহাৰ হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top