Class 11 Finance MCQ Chapter 9 নায়ক বেংক আঁচনি Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 9 নায়ক বেংক আঁচনি Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 9 নায়ক বেংক আঁচনি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
নায়ক বেংক আঁচনি
Chapter: 9
MCQ |
১। ‘নায়ক বেংক আঁচনি’ কেতিয়া আৰম্ভ কৰা হৈছিল?
(ক) ১৯৬৯ চনৰ ডিচেম্বত।
(খ) ১৯৭১ চনৰ মাৰ্চত।
(গ) ১৯৫০ চনৰ জানুৱাৰীত।
(ঘ) ১৯৭৫ চনৰ ছেপ্টেম্বৰত।
উত্তৰঃ (ক) ১৯৬৯ চনৰ ডিচেম্বত।
২। জৰীপসমূহে অসম, বিহাৰ, পশ্চিমবংগ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ অনুন্নত ৰাজ্যসমূহৰ কিমান শতাংশ জিলাক সন্নিবিষ্ট কৰিছিল?
(ক) ৬০ শতাংশ।
(খ) ৫০ শতাংশ।
(গ) ৯০ শতাংশ।
(ঘ) ৭০ শতাংশ।
উত্তৰঃ (গ) ৯০ শতাংশ।
৩। নির্দেশনা অনুসৰি, নায়ক বেংকবোৰে কিমান সময়ৰ বাবে জিলা ঋণ আঁচনি প্রস্তুত কৰিব লগা হৈছিল?
(ক) ১ বছৰ।
(খ) ২ বছৰ।
(গ) ৬ বছৰ।
(ঘ) ৩ বছৰ।
উত্তৰঃ (ঘ) ৩ বছৰ।
৪। ভাৰতীয় ৰিজার্ভ বেংকে কেতিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছিল?
(ক) ১৯৭৬ চনৰ মাৰ্চ।
(খ) ১৯৭৭ চনৰ জানুৱাৰী।
(গ) ১৯৮০ চনৰ ফেব্ৰুৱাৰী।
(ঘ) ১৯৮৫ চনৰ মাৰ্চ।
উত্তৰঃ (ক) ১৯৭৬ চনৰ মাৰ্চ।
৫। ‘সেৱা ক্ষেত্ৰ পদ্ধতি’ৰ উদ্দেশ্য কি?
(ক) মুদ্রা সংকট হ্রাস।
(খ) গ্রাম্য ঋণৰ গুণাগুণ বৃদ্ধি।
(গ) ক্ষুদ্র উদ্যোগসমূহৰ সমৰ্থন।
(ঘ) উচ্চ বেতনভুক্ত কৰ্মচাৰীসকলৰ সুবিধা বৃদ্ধি।
উত্তৰঃ (খ) গ্রাম্য ঋণৰ গুণাগুণ বৃদ্ধি।
৬। কিমান খন জিলাত নায়ক বেংক আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰাৰ বাবে জৰীপ সম্পূৰ্ণ কৰা হৈছিল?
(ক) ৩৫০ খন।
(খ) ৪২০ খন।
(গ) ৩৮০ খন।
(ঘ) ৫০০ খন।
উত্তৰঃ (গ) ৩৮০ খন।
৭। নায়ক বেংক আঁচনীৰ মূল উদ্দেশ্য কি?
(ক) উচ্চ বেতনভুক্ত কর্মচাৰীসকলৰ সমৃদ্ধি বৃদ্ধি।
(খ) গ্রাম্য দৰিদ্ৰ লোকসকলৰ অর্থনৈতিক উন্নতি।
(গ) বৃহৎ শিল্প উদ্যোগসমূহৰ লাভ বৃদ্ধি।
(ঘ) বিদেশী বিনিয়োগ বৃদ্ধি।
উত্তৰঃ (খ) গ্রাম্য দৰিদ্ৰ লোকসকলৰ অর্থনৈতিক উন্নতি।
৮। ১৯৬৯ চনত ভাৰতীয় কোনটো বেংকৰ দ্বাৰা প্ৰৱৰ্তন কৰা নায়ক বেংক আঁচনিখন আৰম্ভ হয়?
(ক) ষ্টেট বেংক।
(খ) বাণিজ্যি বেংক।
(গ) ৰিজার্ভ বেংক।
(ঘ) ইউনাইটেড বেংক।
উত্তৰঃ (গ) ৰিজার্ভ বেংক।
৯। ১৯৮৯ চনৰ এপ্ৰিলৰ পৰা বাণিজ্যিক বেংকবোৰে কোনটো পদ্ধতি গ্ৰহণ কৰিছিল?
(ক) স্মাৰ্ট পদ্ধতি।
(খ) নতুন ঋণ পদ্ধতি।
(গ) এলেকা পদ্ধতি।
(ঘ) সেৱা ক্ষেত্র পদ্ধতি।
উত্তৰঃ (ঘ) সেৱা ক্ষেত্র পদ্ধতি।
১০। তলৰ কোনটো নায়ক বেংকৰ উদ্দেশ্য নহয়?
(ক) নায়ক জিলাত শাখা খোলাৰ বাবে উপযুক্ত এলেকা নির্দিষ্ট কৰা।
(খ) জিলাখনত উন্নয়নৰ বাবে সর্বাধিক ঋণ সুবিধা সম্প্ৰসাৰিত কৰা।
(গ) পর্যায়ক্রমে শাখা স্থাপন কৰা।
(ঘ) জমা সংগ্ৰহ কৰা আৰু বিভিন্ন বিত্তীয় আঁচনিৰ জৰিয়তে স্থানীয় লোকসকলৰ মাজত বিনিয়োগ বৃদ্ধি কৰা।
উত্তৰঃ (গ) পর্যায়ক্রমে শাখা স্থাপন কৰা।
১১। সমগ্র দেশতে বেংকিং আৰু ঋণ সুবিধাৰ বিকাশৰ বাবে কোনটো পদ্ধতিৰ ধাৰণাটো আনুষ্ঠানিক কৰাৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছিল?
(ক) এলেকা পদ্ধতি।
(খ) সেৱা ক্ষেত্র পদ্ধতি।
(গ) নতুন ঋণ পদ্ধতি।
(ঘ) অঞ্চলিক উন্নয়ন পদ্ধতি।
উত্তৰঃ (ক) এলেকা পদ্ধতি।
১২। নায়ক বেংক আঁচনিয়ে গ্রাম্য দৰিদ্ৰ লোকসকলৰ কিহৰ উন্নতিৰ বাবে কাম কৰিবলৈ বিত্তীয় প্রতিষ্ঠান আৰু উন্নয়ন সংস্থাসমূহক এক উমৈহতীয়া মঞ্চত একত্রিত কৰিছে?
(ক) সামাজিক।
(খ) অর্থনৈতিক।
(গ) ৰাজনৈতিক।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) অর্থনৈতিক।
১৩। নায়ক বেংক আঁচনিৰ অধীনত সন্নিবিষ্ট কৰা কোনবোৰ ৰাজ্যসমূহ অন্তর্ভুক্ত হৈছিল?
(ক) অসম, বিহাৰ, পশ্চিমবংগ।
(খ) অসম, বিহাৰ, পশ্চিমবংগ, উৰিষ্যা।
(গ) অসম, বিহাৰ, পশ্চিমবংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ।
(ঘ) গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাড়ু।
উত্তৰঃ (গ) অসম, বিহাৰ, পশ্চিমবংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ।
১৪। নায়ক বেংক আঁচনিৰ উদ্দেশ্য কি আছিল?
(ক) শিক্ষাৰ মানোন্নয়ন।
(খ) শিল্পৰ উন্নয়ন।
(গ) সামাজিক সুৰক্ষা বৃদ্ধি।
(ঘ) ঋণ লওঁতাসকলৰ তথ্য আদান-প্ৰদান আৰু অগ্রাধিকাৰ খণ্ডক ঋণ দিয়া।
উত্তৰঃ (ঘ) ঋণ লওঁতাসকলৰ তথ্য আদান-প্ৰদান আৰু অগ্রাধিকাৰ খণ্ডক ঋণ দিয়া।
১৫। নায়ক বেংক আঁচনিৰ দ্বাৰা কিহৰ উন্নয়ন ঘটোৱা হৈছিল?
(ক) কৃষি খণ্ড।
(খ) শিৱিৰ ব্যৱস্থা।
(গ) চিকিৎসা আৰু স্বাস্থ্য।
(ঘ) বিজ্ঞান আৰু প্ৰযুক্তি।
উত্তৰঃ (ক) কৃষি খণ্ড।