Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ

Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ Question Answer.

Join Telegram channel

Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ Notes for All Subjects, You can practice these here.

সামাজিক বিষয় আৰু পৰিবেশ

অধ্যায় – ৬

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

১। বহনক্ষম উন্নয়ন মানে কি বুজা ? 

উত্তৰঃ বহনক্ষম উন্নয়ন বা ধাৰণক্ষম উন্নয়ন বিশ্ব আজি সকলোৰে কাম্য । অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে বিশ্বৰ জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি জীয়াই থকাৰ সমল যোগায় , সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব । আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সমৰ্থ হৈছে , কিন্তু এই উন্নয়ন । ধাৰণক্ষম হৈ থাকিব , যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আৰ্থ – সামাজিক উন্নতিৰ লগতে সম্পদৰো ভৱিষ্যৰ বাবে সংৰক্ষিত কৰিব পাৰে । 

কিন্তু বাস্তৱিকতে বর্ত্তমান বিশ্ব বহনক্ষম অৱস্থাৰ পৰা ক্রমান্বয়ে অবহনক্ষম হোৱাৰ পৰ্যায়ত উপনীত হৈছে । বিশ্বৰ দ্ৰুতগতিত বর্ধিত জনসংখ্যা আৰু দ্রুত উন্নয়নৰ ফলত আজি পৃথিৱীৰ মাটি , পানী , বায়ু, খনিজ পদাৰ্থ আৰু গছ – গছনিৰ মাত্ৰাধিক ব্যৱহাৰে পৃথিৱীখনক অবহনক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে । প্রাকৃতিক সম্পদবোৰৰ ক্রমাগতভাৱে আহৰণ আৰু ব্যৱহাৰ অব্যাহত থাকিলে ভৱিষ্যতৰ উন্নয়নৰ গতি স্তব্ধ হ’ব । এই কথাবোৰৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ এই উন্নয়নক এটা স্থিৰ মাত্ৰাত ৰাখি বিশ্বক বহনক্ষম উন্নয়নলৈ লৈ যাবলৈ হলে নানা পদক্ষেপৰ প্ৰয়োজন ৷ 

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক তথা নৰৱে’ৰ প্ৰধানমন্ত্রী জি . এই ব্রান্টলেণ্ডৰ মতে , “ ভৱিষ্যৎ প্রজন্মসকলৰ প্ৰয়োজনীয়তাৰ সামৰ্থক বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰাই গ’ল বহনক্ষম বা ধাৰণক্ষম উন্নয়ন । ” 

২। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য শক্তিৰ উৎসসমূহ কি কি ? উদাহৰণ দিয়া । 

উত্তৰঃ নবীকৰণযোগ্য বা অপ্রচলিত শক্তিৰ উৎস : – এই শক্তিৰ উৎসসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু এই শক্তি অফুৰন্ত । যেনে – সৌৰ শক্তি , বায়ু শক্তি , জলবিদ্যুৎ শক্তি , ভূ – তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি , জোৱাৰ শক্তি , কাঠ , জৈৱ পচন শক্তি , জৈৱ ইন্ধন , হাইড্ৰজেন আদি । এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি । এইসমূহ অপ্রচলিত আৰু শক্তিৰ বিকল্প উৎস । 

অনবীকৰণযোগ্য বা প্রচলিত শক্তিৰ উৎস :- এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে , দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু এইসমূহ শক্তিৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয় ৷ যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰ্ণ কৰিব নোৱাৰি । জীৱাশ্ম ইন্ধন ( কয়লা , পেট্ৰ’লিয়াম , প্রাকৃতিক গেছ ) , পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম , থ’ৰিয়াম আদি হৈছে নবীকৰণ কৰিব নোৱাৰা শক্তিৰ উৎস । মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্রচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে । 

৩। শক্তিৰ সংৰক্ষণ কি ? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ শক্তিৰ সংৰক্ষণ :- সাম্প্রতিক কালত শক্তি ব্যয়ৰ হাৰক সভ্যতাৰ বেৰোমিটাৰ বুলি বিবেচনা কৰা হয় । এখন ৰাষ্ট্ৰৰ শক্তিৰ সম্ভাৱনা যিমান সেয়া দেশখনৰ অৰ্থনৈতিক বৃদ্ধি আৰু উন্নতিৰ লগত প্রত্যক্ষভাবে জড়িত । কিন্তু শক্তিৰ সংকট হোৱা বাবে শক্তিৰ নীতিৰ আধাৰ প্ৰস্তুত কৰিব লগা হৈছে । ইয়াৰ জৰিয়তে শক্তি খৰচৰ মাত্ৰাৰ বৃদ্ধি আৰু ইয়াৰ ধৰণ নিয়ন্ত্ৰণ কৰিব পৰা যায় । ইয়াৰ বাবে শক্তি সংৰক্ষণৰ কৌশলো গ্ৰহণ কৰা উচিত । 

শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা।শক্তিৰ বর্ধিত দক্ষতাপূর্ণ ব্যৱহাৰ , হ্রাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু প্ৰচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায় । বিত্তীয় মূলধনৰ বৃদ্ধি , পৰিবেশৰ গুণমান , ৰাষ্ট্ৰীয় নিৰাপত্তা , ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ সুখ – শান্তিৰ মাজেৰে শক্তি সংৰক্ষণৰ সাফল্য প্রকাশ পায় । শক্তিৰ খৰচ কম কৰিবলৈ আৰু অৰ্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তিৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্রত্যক্ষ গ্রাহক । লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিব পাৰে । যিসমূহ শক্তিয়ে ধন ৰাহি কৰাৰ লগতে পৰিবেশ ৰক্ষা কৰে তেনে শক্তি যোগান ধৰাৰ লগতে পৰিবেশ অনুকূল জীৱন – শৈলী বছনা , শক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক । যেতিয়া আমি শক্তিৰ পৰিমাণ হ্রাস কৰো তেতিয়া স্বয়ংক্রিয়ভাবে গোলকীয় উষ্ণতা বৃদ্ধি প্রতিৰোধৰ বাবে চেষ্টা কৰো । প্রাথমিক পদক্ষেপ হিচাপে নিম্ন উল্লেখিত ব্যৱস্থাসমূহক শক্তি সংৰক্ষণৰ বাবে অৱলম্বন কৰিব পাৰি— 

(ক) পেট্ৰ’লিয়াম কয়লা , প্রাকৃতিক গেছ , ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিবৰ্ত্তে সৌৰ শক্তি , বায়ু শক্তি , জৈৱ গেছ আদি পুনৰ নবীকৰণ যোগ্য শক্তি সম্পদৰ ব্যৱহাৰ । 

(খ)  যথেষ্টভাবে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কাৰ্যদক্ষ প্রযুক্তি উদ্ভাৱন । 

(গ) বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্দ কৰা উচিত । নিচেই পুৱাতে স্ট্রিট লাইট নুমুৱাই দিব লাগে ।

(ঘ ) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম – কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে । 

(ঙ) উদ্যোগসমূহে নিজৰ কেঁছা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত । 

৪। বৰষুণৰ পানীৰ সংৰক্ষণ কি ? বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি ?

উত্তৰঃ বৰষুণৰ পানীৰ সংৰক্ষণ বা কৰ্ষণ হৈছে পকী বা টিন , আদিৰ নিৰ্মিত ঘৰৰ ছাল আৰু পকী চোতালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ কৰা কৌশল । বৰষুণৰ পানী সংৰক্ষণ আৰু জমা কৰা ব্যৱস্থাই ভূগৰ্ভৰ পানীও বৃদ্ধি কৰে । কুঁৱা , গাঁত , লেগুন , চেক বান্ধ আদি বৰষুণৰ পানী ধৰিবলৈ ব্যৱহাৰ কৰা বিশেষ আধাৰসমূহৰ নিৰ্মাণৰ জৰিয়তে ভুগৰ্ভৰ পানীৰ পৰিমাণ বৃদ্ধি পায় । আজিকালি খৰাং দিনত পানীৰ অভাব দূৰ কৰিবলৈ নগৰাঞ্চলৰ লগতে গ্রামাঞ্চলত ঘৰৱা কাম – কাজত ব্যৱহাৰ কৰা পানীৰ অভাৱ পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থা বৃদ্ধি পাইছে ৷ 

বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্যসমূহ হৈছে— 

(ক) বাগৰি গৈ নষ্ট হোৱা কাৰ্য হ্ৰাস কৰা । 

(খ) পানীৰ বৰ্ধিত চাহিদা পূৰণ কৰা । 

(গ) ভূগৰ্ভৰ পানীৰ ওপৰত পৰা হেঁচা হ্ৰাস কৰা । 

(ঘ) পানীক পুনৰ একলগ কৰি ৰখা প্ৰক্ৰিয়াৰে ভূগৰ্ভৰ পানীৰ মান বৃদ্ধি কৰা । 

৫। বৰষুণৰ পানী সংৰক্ষণত জড়িত বিভিন্ন পর্যায়সমূহ কি ? 

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণত জড়িত প্ৰক্ৰিয়াটো চাৰিটা আধাৰ উপাদানেৰে গঠিত – 

(ক) এটা সংগ্ৰহৰ এলেকা বা এটা আপতিত স্থান ।

(খ) এটা বোৱাই নিয়া ব্যৱস্থা ।

(গ) জমা কৰি সুবিধা বা আধাৰ ( পানী টেঙ্ক ) । 

(ঘ) পানী উলিয়াই নিব পৰা বা বিতৰণ ব্যৱস্থা ৷ 

(ক) আপতিত স্থান :- যি ঠাইত বৰষুণ পৰে সেই ঠাইত টেংকী আদিত জমা হোৱা পানীৰ পৰিমাণ আৰু কিছু পৰিমাণে পানীৰ গুণাগুণ নির্ণয় কৰে । 

আপতিত স্থান দুই প্ৰকাৰৰ –

১। চাল :- ঘৰুৱা কাম – কাজত ব্যৱহাৰ কৰা পানীৰ বাবে এটা ঘৰৰ চাল বা অট্টালিকাৰ ওপৰৰ ছাদখন আটাইতকৈ গুৰুত্বপূৰ্ণ আপতিত স্থান।পানী শোষণ কৰি নোলোৱা এখন চালে ঘৰুৱা কাম – কাজত ব্যৱহাৰ কৰা ভাল গুণৰ পানী দিয়ে । পকী ছাদ , জি আই শ্বিট , এছবেষ্টছ , টাইলছ আদি বিভিন্ন ধৰণৰ ঘৰৰ চাল থাকে । 

(ii) ভূমি সংগ্রহ এলেকা :- এখন কঠিন চালতকৈ ভূমিৰ ওপৰ স্তৰৰ পানী জমা কৰিব পৰা ক্ষমতা কম । যি কি নহওক , ভূমিৰ পৰিমাণ বেছি আৰু বিশাল হোৱা বাবে বহুখিনি পানী ইয়াৰ পৰা বোবাই নি জমা কৰিব পাৰি । মাটিত জমা হোৱা পানী মানুহৰ বৰ্জিত দ্রব্য , জীৱ – জন্তুৰ মল – মূত্র , গেলি – পচি যোৱা বয় – বস্তু আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা মিহলি হোৱা বীজাণুৰে দূষিত হ’ব পাৰে । সেয়ে এনে সংগ্রহ এলেকাৰ পৰা আহি জমা কৰা পানীৰ মান বৰ উন্নত নহয় । অৱশ্যে এহসমূহক বাগিচা পতা , চাফাই কৰা আদি কামত ব্যৱহাৰ কৰিব পৰা যায় । 

(খ) বোৱাই নিয়া ব্যৱস্থা :- বৰষুণ পৰা স্থানৰ পানী কিছুমন ব্যৱস্থাৰে বোৱাই নি কোনো কোনো ঠাইত জমা কৰিব পাৰি । আপতিত বৰষুণৰ পানীক , জমা কৰা টেংকলৈ বোৱাই নিয়া ব্যৱস্থাটোকে বোলা হয় প্রবাহী ব্যৱস্থা । এই ব্যৱস্থাটো সাধাৰণতে নলা বা পাইপেৰে নিৰ্মাণ কৰা হয় । নেওৰা বা মাটিত থকা মুকলি নলাৰে এই কাম সমাধা কৰা হয় যদিও বাহিৰৰ লেতেৰা দ্ৰব্য বা দূষিত পানী মিহলি হোৱাৰ সম্ভাৱনা বেছি বাবে এই ব্যৱস্থাটো খুব বেছিকৈ ব্যৱহাৰ নহয় । 

(গ) পানী জমা কৰা টেংক :- বৰষুণৰ পৰা সংগ্ৰহ কৰা অৱশেষত এটা জমা কৰা টেংকত ৰখা হয় । পানী শোষিত বা ভেদ হৈ যাব হ’ব নোৱৰা কংক্রিট , ফাইবাৰ গ্লাছ বা নিষ্কলংক তীখাৰে আদিৰ দৰে পদাৰ্থৰে টেংকসমূহ নিৰ্মিত হোৱা উচিত ৷ পানীৰ টেংক এটাতো বৰষুণৰ পানী আপতিত হ’বলৈ দি ইয়াক বৰষুণৰ পানী ধৰা স্থান হিচাপে ব্যৱহাৰ কৰিব পাৰি বা ইয়াক এটা সুকীয়া গোট হিচাপে নিৰ্মাম কৰিব পাৰি ।

প্রয়োজনীয় সামগ্ৰী হিচাপে – 

১। এখন কঠিন ঢাকনি ।

২। এটা জাবৰ – জোথৰ বা লেতেৰা পদার্থ ছেকিব পৰা ফিল্টাৰ ।

৩। এডাল অতিৰিক্ত পানী ওলাই যাব পৰা পাইপ ( অভাৰফ্ল ’ পাইপ ) ।

৪। পৰিষ্কাৰ কৰিবৰ বাবে সুবিধা হোৱাকৈ এটা নলা – এই ব্যৱস্থাৰ লগত থকা উচিত । 

(ঘ) বিতৰণ ব্যৱস্থা :- পানী জমা কৰা টেংকৰ পৰা ব্যৱহাৰৰ বাবে উলিয়াই নিয়া সূচল প্ৰক্ৰিয়াটোৱেই হৈছে বিতৰণ ব্যৱস্থা । এই ব্যৱস্থাটোৰ জৰিয়তে উলিয়াই নিয়া পানীক ঘৰুৱা কাম – কাজ বা খেতি- বাতিৰ কৰ্মত অথবা ক্ষুদ্র উদ্যোগত ব্যৱহাৰ কৰা হয় ৷ পানীত মিহলি হোৱা দূষিত দ্ৰব্যক বাধা দিবৰ বাবে ইয়াত এটা শোধন ব্যৱস্থা থকা উচিত ৷ বৰষুণৰ পানী ধৰা স্থানৰ পৰা , বোৱাই অনা নলা – নলী, জমা কৰা টেংক আৰু বিতৰণ ব্যৱস্থা নিৰ্মাণত ব্যৱহাৰ হোৱা পদাৰ্থসমূহ অবিষাক্ত আৰু পানীত মিহলি হ’ব আৱৰা হোৱা উচিত । যথাসম্ভৱ ৰং কৰা ৰং লগাই থোৱা পদাৰ্থ এৰাই চলিব লাগে । সীহ , ক্রমিয়াম আৰু জিংকৰে প্ৰস্তুত কৰা ৰং ব্যৱহাৰ কৰা অনুচিত । 

৬। বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি ? 

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা :-

(ক) এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি । 

(খ) এই ব্যৱস্থাটো কম খৰচী আৰু প্রত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্রয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে । 

(গ) ফ্ল’ৰাইড , আৰ্চেনিক , লো ( আইৰণ ) আদি ৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে । 

(ঘ) যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্রাস কৰে । 

(ঙ) জৰুৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে। 

(চ) বৰষুণৰ পানী সংগ্রহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা , এটা ভাণ্ডাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে । 

৭। পৰিবেশৰ পৰা স্বাস্থ্য কি দৰে প্রভাবান্বিত হ’ব পাৰে ? 

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য হৈছে মানুহ শাৰীৰিক , মানসিক আৰু সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা ৷ কেৱল ৰোগমুক্ত আৰু সুস্থ অৱস্থাটোৱেই স্বাস্থ্য বুলিব নোৱাৰি । নিজৰ পৰিবেশৰ পৰাই মানুহৰ স্বাস্থ্য প্ৰভাৱিত হয় । পৰিপুষ্টি , ৰাসায়নিক , ভৌতিক , জীৱবৈজ্ঞানিক, মানসিক , শোচনীয় জীৱন – ধাৰণৰ অৱস্থা আদি সকলোৰে মাজত আন্তঃ সম্পর্ক আছে । খোৱা পানীৰ যোগান স্বাস্থ্যৰ বাবে অপৰিহাৰ্য , মানুহৰ এটা মৌলিক অধিকাৰ আৰু স্বাস্থ্য ৰক্ষাৰ ফলদায়ক স্বাস্থ্য আঁচনিৰ এটা উপাদান । আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ বিভিন্ন মঞ্চত দীর্ঘদিন ধৰি পানী , অনাময় আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব প্রতিফলিত হৈছে । 

টাইফইদ , কলেৰা , হেপাটাইটিছ , পলিঅ ’ , গেষ্ট্রো – এণ্টাৰাইটিছ , এমিবিয়াছিছ , জিয়াৰদিাছি আদিকে ধৰি ভাৰতৰ ৮০ শতাংশতকৈ বেছি ভাগ ৰোগ হৈছে পানীৰ পৰা হোৱা ৰোগ । পানীৰ পৰা আটাইতকৈ বেছিকৈ দেখা দিয়া আৰু বেছি মানুহক আক্রমণ কৰা বেমাৰ হৈছে অনুজীৱৰ সংক্রমণ । বহু বিষাক্ত ৰাসায়নিক দ্রব্য , কীটনাশক দ্রব্য , গধুৰ মৌল ( পাৰা , কেডমিয়াম , সীহ আদি ) বিভিন্ন ধৰণে পানী আৰু মাটিত মিহলি হয় । এই দ্রব্যসমূহ খাদ্য শৃংখলৰ মাজেৰে মূৰকত মানুহৰ শৰীৰলৈ আহে আৰু শৰীৰত বিৰূপ প্ৰভাৱ পেলায় । 

আকৌ বিভিন্ন উদ্যোগ আৰু পৰিবহন ব্যৱস্থাই বায়ুমণ্ডলত বিভিন্ন গেছ এৰি দিয়ে । ইয়াৰে কিছুমান গেছে ( যেনে- ছালফাৰ ডাই অক্সাইড , কার্বন মন’ক্সাইড , নাইট্ৰাছ , অক্সাইড , হাইড্ৰ’কাৰ্বন আৰু বতাহত ওপঙি ফুৰা ধূলিকণা ) বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে।গোটা আৱৰ্জনাই বায়ু , পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে ৷ ইয়াৰ পৰা স্বাস্থ্য আৰু পৰিবেশৰ প্ৰতি ভাবুকি সৃষ্টি হয় । কেতিয়াবা শোচনীয় লেতেৰা অৱস্থাৰ মাজত থকা ঘৰবাৰীয়েও স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰে । সাধাৰণতে নগৰাঞ্চলৰ বস্তি বাসিন্দাসকলৰ মাজত এনে অৱস্থা দেখা যায় । নিৰক্ষৰতা , নিজৰ স্বাস্থ্য আৰু পৰিবেশ সম্পর্কে সজাগতাৰ অভাৱ , দাৰিদ্ৰতা , পৰিয়ালৰ বৃহৎ আকাৰ , শোচনীয় নলা- নর্দমা আৰু অনাময় ব্যৱস্থা আৰু উপযুক্ত চিকিৎসাৰ সুবিধাৰ অভাৱ হৈছে মানুহৰ স্বাস্থ্যৰ শোচনীয় অৱস্থাৰ কাৰণ । 

৮। দুর্যোগসমূহ কি ? 

উত্তৰঃ দুৰ্যোগ হৈছে স্বাভাৱিক জীৱন – প্রবাহক বাধাগ্রস্ত কৰা বিধ্বংসী পৰিস্থিতি যাৰ বাবে সৃষ্টি হয় বিশৃংখলা , জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি , পৰিবেশৰ অৱক্ষয় । এনে পৰিস্থিতিত জীৱন – প্রবাহ আৰু জীৱিকাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে ব্যাপক উদ্ধাৰ অভিযান , স্থানান্তৰকৰণ আৰু সাহাৰ্য্য প্ৰচেষ্টাৰ প্ৰয়োজন । 

দুর্যোগক বহলভাবে তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি — 

(ক) প্রাকৃতিক দুর্যোগ :- ভূমিকম্প , আগ্নেয়গিৰিৰ উদগীৰণ , ধুমুহা , বা- মাৰলি , বানপানী , ভূমিস্খলন , বনজুই , ছুনামী , খৰাং , দুর্ভিক্ষ আদিৰ ফলত হোৱা দুৰ্যোগসমূহ এই শ্ৰেণীৰ অন্তর্ভুক্ত । 

(খ) কৃত্রিম দুর্যোগ :- সশস্ত্র সংঘর্ষ , চক্রান্ত , ঔদ্যোগিক দুর্ঘটনা , তেল আৰু গেছৰ বিস্ফোৰণ , কাৰখানাত হোৱা অগ্নিকাণ্ড , তেল নির্গমন , নির্মাণ স্খলন , বোমা বিস্ফোৰণ , পথ দুর্ঘটনা আদি মানুহৰ কাৰ্যকলাপৰ ফলত হোৱা দুৰ্যোগসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত । 

৯। দুর্যোগ ব্যৱস্থাপনা মানে কি বুজা ? বানপানীৰ সময়ত কি ব্যৱস্থাপনা ল’ব পাৰি ? 

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনা দুর্যোগ ব্যৱস্থাপনা এলানি কার্যকলাপৰ সমষ্টি— যাৰ দ্বাৰা দুর্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্রদান বা দুৰ্যোগৰ কবলৰপৰা উদ্ধাৰ কৰিব পাৰি । দুর্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে , হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয় । 

বানপানীৰ সময়ত লোৱা ব্যৱস্থাপনা হ’ল – 

(ক) বানপানীৰ সময়ত প্ৰয়োজনীয় খাদ্য সামগ্রী মজুত ৰাখিব লাগে ৷ 

(খ) প্রয়োজনীয় ঔষধ মজুত ৰাখিব লাগে । 

(গ) বানপানী হোৱা অঞ্চলৰ লোকসকলে বানপানীৰ সময়ত ব্যৱহাৰ কৰিবলৈ ভুৰ , নাওঁ আদি মজুত ৰাখিব লাগে । 

(ঘ) বানপানী হৈ যোৱাৰ পিছত যাতে মহামাৰীয়ে দেখা দিব নোৱাৰে । তাৰবাবে ডি.ডি.টি. চটিয়াব লাগে ৷ 

(ঙ) বানপানী হ’লে পশুধনক লৈ মানুহে ওখ অঞ্চললৈ যাব লাগে । 

১০। ‘ জন বিস্ফোৰণ পৰিবেশ অৱক্ষয়ৰ মূল কাৰণ ’ – এই কথাষাৰ ব্যাখ্যা কৰা ।

উত্তৰঃ কোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিল তাক সেই জীৱৰ সমষ্টি বোলা হয় । এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয় । জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতা । 

কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে । শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে জনসংখ্যা ২.৫ বিলিয়নৰ পৰা ৬ বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাইছে। জনসংখ্যা এই দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল মৃত্যুৰ হ্ৰাসৰ হাৰতকৈ জন্মৰ হ্ৰাসৰ হাৰ কম হোৱাটো । আধুনিক প্রযুক্তিগত সা – সুবিধা , চিকিৎসা ব্যৱস্থা , খাদ্য , বাসস্থান ইত্যাদিয়ে মৃত্যুৰ হাৰ কমাই মানুহৰ আয়ুস বৃদ্ধি কৰিছে । 

ক্রমাগতভাৱে বাঢ়ি অহা জনসংখ্যা বৃদ্ধিয়ে সম্পদসমূহৰ অধিক ব্যৱহাৰৰ উপৰিও পৰিবেশ দূষিত কৰি তুলিছে । জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ অধোগমনৰ প্ৰধান কাৰক হৈ পৰিছে । সম্প্রতি বিশ্ব জনসংখ্যাৰ বৃদ্ধিৰ বাৰ্ষিক হাৰ হ’ল শতকৰা ১.৫ । এই বৃদ্ধিৰ হাৰ অব্যাহত থাকিলে ২০২৫ চনত এই জনসংখ্যা ৮.৩ বিলিয়ন হ’ব বুলি ধাৰণা কৰা হৈছে । এই বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহত আপেক্ষিকভাৱে অধিক , উন্নয়নৰ প্ৰাক স্তৰত সকলো দেশতে জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাটো পৰিলক্ষিত হয় । অৱশ্যে উন্নত দেশে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কিছু সমৰ্থ হৈছে । আৰু ভূমি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে নতুন প্রযুক্তি আৰু কৌশল আৱিষ্কাৰ কৰি সিবোৰত কামত লগোৱা দেখা গৈছে । 

জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ দূষিত কৰে । প্ৰকৃততে এই পৃতিৱীত পৰিবেশ বিনষ্ট হোৱাৰ আঁৰত আছে প্ৰধানকৈ বর্ধিত কার্যকলাপ । আদি কালত যেতিয়া বিশ্বত মানুহৰ সংখ্যা কম আছিল , তেতিয়া মানুহে পৰিবেশ বিঘ্নিত কৰিছিল যদিও তাৰ প্রভাব ইয়াৰ উৎস স্থলতে সীমাবদ্ধ হৈ আছিল । সম্প্ৰতি মানুহৰ সংখ্যা ইমান বৃদ্ধি পাইছে আৰু কাৰিকৰী প্ৰযুক্তি ইমান শক্তিশালী হৈ পৰিছে যে , পৰিবেশৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা আৰু প্ৰাকৃতিক সম্পদ আহৰণ এক এই শক্তিশালী প্রযুক্তিৰ ব্যৱহাৰ পৰিবেশ অৱনতিৰ প্ৰতিকূল পৰিণাম ইয়াৰ উৎসস্থলতে আৱদ্ধ নাৰাখি দূৰ দূৰান্তলৈ এই প্ৰভাৱ বিস্তাৰিত হৈছে । মানুহৰ বসতি আৰু কাৰিকৰী কৌশল প্রয়োগৰ ব্যাপকতাই পৰিবেশৰ ওপৰত তীব্র আঘাত হানিছে আৰু ইয়াৰ প্ৰতিফলন মানৱ জাতিয়ে ইতিমধ্যে ভোগ কৰিবলৈ আৰম্ভ কৰিছে ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising