SEBA Class 7 Assamese Chapter 15 বকুলৰ আনন্দ

SEBA Class 7 Assamese Chapter 15 বকুলৰ আনন্দ Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 15 বকুলৰ আনন্দ Solutions and select need one. SEBA Class 7 Assamese Chapter 15 বকুলৰ আনন্দ Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.

SEBA Class 7 Assamese Chapter 15 বকুলৰ আনন্দ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.

বকুলৰ আনন্দ

Chapter: 15

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পুৰ কৰা—

(i) টিভিত কাৰ বিষয়ে বাতৰি প্ৰচাৰ হৈছিল?

(ক) বকুলৰ মাকৰ।

(খ) বকুলৰ দেউতাকৰ।

(গ) বকুলৰ বৰদেউতাকৰ।

(ঘ) বকুলৰ বৰদেউতাকৰ ছোৱালীজনীৰ।

উত্তৰঃ (খ) বকুলৰ দেউতাকৰ।

(ii) পাঠটোৰ মতে তলৰ কোনটো উক্তি অধিক গ্রহণযোগ্য?

(ক) মুগা পালন কৰি চৰকাৰী বঁটা লাভ কৰিব পাৰি।

(খ) মুগাৰ বস্ত্ৰ বিক্ৰীৰ বাবে নগৰত বিপণী খুলিব লাগে।

(গ) ‘ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা’ মুগাপালকক দিয়া হয়।

(ঘ) বিজ্ঞানসন্মতভাৱে মুগা পালন কৰি স্বাৱলম্বী হ’ব পাৰি।

উত্তৰঃ (ঘ) বিজ্ঞানসন্মতভাৱে মুগা পালন কৰি স্বাৱলম্বী হ’ব পাৰি।

২। তলত বাঁওফালে থকা শব্দৰ অৰ্থ সোঁফালে খেলি-মেলিকৈ দিয়া হৈছে। শব্দৰ লগত অর্থ মিলোৱা।

শব্দঅৰ্থ
তাঁত-শালযন্ত্র-পাতিৰে কাম কৰা ঠাই
স্বাৱলম্বনকোনো কার্যৰ আগলৈ কি ফল হ’ব তাক জানোতা
শালকাপোৰ বোৱা পৰম্পৰাগত যন্ত্র
দূৰদৰ্শীচোম গছেৰে ভৰা ঠাই
চোমনিনিজে নিজক সহায় কৰা কাৰ্য

উত্তৰঃ

শব্দঅৰ্থ
তাঁত-শালকাপোৰ বোৱা পৰম্পৰাগত যন্ত্র
স্বাৱলম্বননিজে নিজক সহায় কৰা কাৰ্য
শালযন্ত্র-পাতিৰে কাম কৰা ঠাই
দূৰদৰ্শীকোনো কার্যৰ আগলৈ কি ফল হ’ব তাক জানোতা
চোমনিচোম গছেৰে ভৰা ঠাই

৩। তলত দিয়া প্রশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া।

(ক) অমল চেতিয়াক কি অনুষ্ঠানত বঁটা প্ৰদান কৰিব বুলি বাতৰি পঢ়োঁতাগৰাকীয়ে কৈছিল?

উত্তৰঃ আগন্তুক স্বাধীনতা দিৱসৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানত অমল চেতিয়াক এই বঁটা প্ৰদান কৰা হ’ব বুলি বাতৰি পঢ়োঁতাগৰাকীয়ে কৈছিল।

(খ) বানে সৃষ্টি কৰা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক কি ৰুবলৈ পৰামৰ্শ দিছিল?

উত্তৰঃ বানে নতুনকৈ সৃষ্টি কৰা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক পুনৰ চোম গছৰ পুলি ৰোপণ কৰিবলৈ পৰামৰ্শ দিছিল।

(গ) বিজ্ঞানসন্মতভাৱে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক ক’লৈ গৈছিল?

উত্তৰঃ বিজ্ঞানসন্মতভাৱে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ গৈছিল।

(ঘ) বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী কোন ঠাইৰ আছিল?

উত্তৰঃ বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী শুৱালকুছিৰ আছিল।

(ঙ) বস্ত্ৰ উদ্যোগৰ অনলাইন বিজ্ঞাপনৰ কামবোৰ কোনে কৰিছিল?

উত্তৰঃ বস্ত্ৰ উদ্যোগৰ অনলাইন বিজ্ঞাপনৰ কামবোৰ বকুলৰ বৰদেউতাকৰ ছোৱালী ৰূপালীয়ে কৰিছিল।

৪। তলত দিয়া প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ দিয়া।

(ক) ৰাজ্য চৰকাৰে অমল চেতিয়ালৈ ‘ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা’ কিয় আগবঢ়াইছিল?

উত্তৰঃ মুগা শিল্পৰ জৰিয়তে নৱপ্ৰজন্মক স্বাৱলম্বনৰ পথ দেখুওৱাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰে অমল চেতিয়ালৈ ‘ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা’ আগবঢ়াইছিল।

(খ) বকুলৰ দেউতাকে স্থানীয় বেংকৰপৰা হ্রস্বম্যাদী ঋণ কিয় গ্ৰহণ কৰিছিল?

উত্তৰঃ উন্নত মানৰ কেইবাখনো আধুনিক তাঁত-শাল কিনি ঘৰতেই এটা ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ আৰম্ভ কৰাৰ উদ্দেশ্যে বকুলৰ দেউতাকে স্থানীয় বেংকৰপৰা এটা হ্ৰস্বম্যাদী ঋণ গ্ৰহণ কৰিছিল।

(গ) বকুলৰ দেউতাকে নিজাকৈ মুগা-সূতা উৎপাদন কৰাৰ সিদ্ধান্ত কিয় লৈছিল?

উত্তৰঃ বকুলৰ দেউতাকহঁতে উৎপাদিত মুগাবোৰ বাহিৰৰপৰা অহা বেপাৰীক বিক্ৰী কৰিছিল, কিন্তু বেপাৰীবোৰে তেওঁলোকক মুগাৰ উচিত দাম দিয়া নাছিল। গাঁৱবাসীয়ে কষ্টৰ অনুপাতে ফল লাভ নকৰাৰ কথাটো উপলব্ধি কৰি তেওঁ নিজাকৈ ঘৰতে মুগাবোৰৰপৰা সূতা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছিল।

(ঘ) অমল চেতিয়াই বোৱা-কটাৰ প্রশিক্ষণ শিবিৰটো কিয় আয়োজন কৰিছিল।

উত্তৰঃ অমল চেতিয়াই জানিছিল যে ব্যৱসায়িকভাৱে সফল হ’বলৈ হ’লে উৎপাদিত কাপোৰৰ মান উন্নত হ’বই লাগিব। সেয়েহে গাঁৱৰ মানুহখিনিক উন্নত মানৰ কাপোৰ বোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ তেওঁ সাঁচতীয়া ধনেৰে এই প্ৰশিক্ষণ শিবিৰটোৰ আয়োজন কৰিছিল।

(ঙ) বকুলহঁতৰ ঘৰত কিয় এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল?

উত্তৰঃ বকুলৰ দেউতাকে ‘ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা’ লাভ কৰা বুলি টিভিত বাতৰি প্ৰচাৰ হোৱাৰ পাছদিনা পুৱাৰেপৰা তেওঁক অভিনন্দন জনাবলৈ ঘৰলৈ বহুলোকৰ আগমন ঘটিছিল আৰু স্থানীয় সংবাদকৰ্মীসকলেও ভিৰ কৰিছিল। সেই আনন্দ আৰু স্বীকৃতিৰ বাবেই বকুলহঁতৰ ঘৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল।

(চ) বকুলৰ বুকুখন কিয় গর্বত ফুলি উঠিছিল।

উত্তৰঃ বকুলে বুজি উঠিছিল যে কেৱল পৰিশ্ৰম আৰু কঠোৰ সাধনাৰ বাবেই দেউতাকে সমাজত আৰু চৰকাৰৰ ঘৰত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দেউতাকে লাভ কৰা এই স্বীকৃতি আৰু সফলতাক লৈয়েই বকুলৰ বুকুখন গৰ্বত ফুলি উঠিছিল।

৫। আলোচনা কৰি কোৱা আৰু লিখা।

(ক) অমল চেতিয়াৰ ক্ষুদ্র উদ্যোগটোয়ে শিক্ষিত যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্রত কেনেদৰে ভূমিকা গ্রহণ কৰিছিল?

উত্তৰঃ অমল চেতিয়াৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটোৱে অঞ্চলটোৰ নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলক সংস্থাপনৰ এক সুন্দৰ পথ দেখুৱাইছিল। উৎপাদিত কাপোৰৰ চাহিদা বঢ়াৰ লগে লগে তেওঁ তাঁত-শালৰ সংখ্যা বৃদ্ধি কৰি ওচৰৰে কেইবাগৰাকীও যুৱক-যুৱতীক নিজৰ উদ্যোগত নিয়োগ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যৰ কেইবাখনো নগৰত বস্ত্ৰ-বিপণী আৰম্ভ কৰি তাত গাঁৱৰে বহুতো শিক্ষিত যুৱক-যুৱতীক কৰ্মচাৰী হিচাপে মকৰল কৰিছিল। ইয়াৰ উপৰি তেওঁৰ ভতিজাক ৰূপালীৰ দৰে যুৱতীয়ে ঘৰতে বহি সামাজিক মাধ্যমৰ জৰিয়তে বস্ত্ৰৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল। এনেদৰেই তেওঁৰ উদ্যোগটোৱে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যুৱ-প্ৰজন্মৰ সংস্থাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

(খ) ‘বকুলৰ আনন্দ’ৰ শিৰোনামটোৰ পৰিৱৰ্তে তোমাক পাঠটোৰ বাবে আন এটা উপযুক্ত নাম বাছিবলৈ দিয়া হ’ল। তলৰ কোনটো নাম পাঠটোৰ বাবে উপযুক্ত হ’ব বুলি তুমি ভাবা আৰু কিয় উপযুক্ত বুলি ভাবা যুক্তি দর্শোৱা।

(i) সোণালী সূতাৰ কাহিনী।

(ii) স্বাৱলম্বিতাৰ বাটেৰে।

(iii) এখন চোমনিৰ কথা।

(iv) ক্ষুদ্র উদ্যোগী বঁটা।

উত্তৰঃ মোৰ মতে পাঠটোৰ বাবে আটাইতকৈ উপযুক্ত নামটো হ’ব– (ii) স্বাৱলম্বিতাৰ বাটেৰে।

যুক্তি: এই পাঠটোত অমল চেতিয়াই বানপানীৰ ফলত সৰ্বস্বান্ত হোৱাৰ পিছতো নিৰাশ নহৈ, বিজ্ঞানসন্মতভাৱে মুগা পালন আৰু পিছলৈ নিজাকৈ তাঁত-শাল বহুৱাই বস্ত্ৰ উদ্যোগ গঢ়ি তুলি কেনেদৰে নিজে স্বাৱলম্বী হৈছে, তাৰেই নিদৰ্শন দাঙি ধৰা হৈছে। তেওঁ কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয়, আন দহজনকো জীৱনৰ মান উন্নত কৰিবলৈ আৰু শিক্ষিত যুৱক-যুৱতীক সংস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। পাঠটোৰ মূল বিষয়বস্তুৱেই হৈছে আত্মনিৰ্ভৰশীলতা বা স্বাৱলম্বন। সেয়েহে “স্বাৱলম্বিতাৰ বাটেৰে” নামটোৱেই পাঠটোৰ সাৰাংশৰ লগত আটাইতকৈ বেছি খাপ খাব।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top