SEBA Class 7 Assamese Chapter 14 উত্তৰণৰ যাত্ৰা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 14 উত্তৰণৰ যাত্ৰা Solutions and select need one. SEBA Class 7 Assamese Chapter 14 উত্তৰণৰ যাত্ৰা Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.
SEBA Class 7 Assamese Chapter 14 উত্তৰণৰ যাত্ৰা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.
উত্তৰণৰ যাত্ৰা
Chapter: 14
| ক্রিয়া-কলাপ |
| পাঠভিত্তিক |
১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
(i) পাঠটিৰ আৰম্ভণিত উল্লেখ থকা ছবছৰীয়া সৰু ল’ৰাজনৰ নাম কি?
(ক) হেনৰী।
(খ) ফ্রেংক।
(গ) ৰাল্ফ ব্র’ন।
(ঘ) ইড।
উত্তৰঃ (গ) ৰাল্ফ ব্র’ন।
(ii) কিহৰ বাবে সদায়ে বিশেষভাৱে সক্ষম লোকসকল পৰনিৰ্ভৰ হ’বলগীয়া হয়?
(ক) যাতায়াত।
(খ) ঔষধ।
(গ) আৱিষ্কাৰ।
(ঘ) খবৰ।
উত্তৰঃ (ক) যাতায়াত।
(iii) ব্র’নে কাৰ দুর্ঘটনাৰ খবৰ পোৱা নাছিল?
(ক) দেউতাকৰ।
(খ) মাকৰ।
(গ) খুৰাকৰ।
(ঘ) হেনৰীৰ।
উত্তৰঃ (ক) দেউতাকৰ।
২। তলত কিছুমান শব্দৰ অৰ্থ দিয়া হৈছে। এই অর্থবোৰে প্ৰকাশ কৰা উপযুক্ত শব্দ তালিকাখনৰপৰা বিচাৰি উলিয়াই লিখা।
| দু | বো | কো | চা | অ |
| ৰ্ঘ | ৰ্বি | কো | মৃ | নু |
| ট | শ | প | চা | স |
| না | টা | ণ | ক | ন্ধা |
| উ | ও | ৰ | ণ | ন |
| স্ব | নি | ৰ্ভ | ৰ | ক |
| মৃ | ত্যু | ঞ্জ | য়ী | প |
| শব্দ | অৰ্থ |
| মানুহ বা বস্তু বৈ নিয়া মানুহৰ পিঠি | |
| আত্মনিৰ্ভৰ | |
| বিচাৰ-খোচাৰ কৰা কাৰ্য | |
| প্রতিজ্ঞা | |
| উন্নতি | |
| আকস্মিক বিপদ |
উত্তৰঃ
| শব্দ | অৰ্থ |
| বোকোচা | মানুহ বা বস্তু বৈ নিয়া মানুহৰ পিঠি |
| স্বনিৰ্ভৰ | আত্মনিৰ্ভৰ |
| অনুসন্ধান | বিচাৰ-খোচাৰ কৰা কাৰ্য |
| পণ | প্রতিজ্ঞা |
| উত্তৰণ | উন্নতি |
| দুৰ্ঘটনা | আকস্মিক বিপদ |
৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) ৰাল্ফ ব্র’ন কি ৰোগত আক্রান্ত হৈছিল?
উত্তৰঃ ৰাল্ফ ব্ৰ’ন ‘মাংসপেশীয় দুৰ্বিকাশ’ (Muscular Dystrophy) নামৰ এক ৰোগত আক্ৰান্ত হৈছিল।
(খ) কাৰ কথাত ব্র’নৰ মাক-দেউতাকৰ খং উঠিছিল?
উত্তৰঃ ব্ৰ’নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কোৱা কথাত ব্ৰ’নৰ মাক-দেউতাকৰ খং উঠিছিল।
(গ) মাংসপেশীয় দুর্বিকাশ (Muscular Dystrophy) বেমাৰৰ কি কি লক্ষণে ব্র’নৰ শৰীৰত দেখা দিছিল?
উত্তৰঃ মাংসপেশীয় দুর্বিকাশ বেমাৰৰ ফলত ব্ৰ’নে আন ল’ৰা-ছোৱালীৰ দৰে খোজ কঢ়া আৰু ঘূৰি ফুৰাত অসুবিধা পাইছিল, সময়ৰ লগে লগে পেশীসমূহ দুৰ্বল হৈ পৰিছিল আৰু কিছুবছৰ পাছত তেওঁৰ ভৰি দুখনে সম্পূৰ্ণৰূপে কাম নকৰা হৈ পৰিছিল।
(ঘ) ব্র’নে খোলা কোম্পানীয়ে কি নির্মাণ কৰে?
উত্তৰঃ ব্ৰ’নে খোলা কোম্পানীয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধাজনক হোৱাকৈ বাহন (যেনে- মটৰচালিত স্কুটাৰ) নিৰ্মাণ কৰে।
(ঙ) ৰাল্ফ ব্র’নৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ ৰাল্ফ ব্ৰ’নৰ আত্মজীৱনীখনৰ নাম হ’ল— ‘Rise Above’.
৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা।
(ক) ব্র’নৰ মাক-দেউতাক কিয় চিন্তিত হৈছিল?
উত্তৰঃ ব্ৰ’নে আন ল’ৰা-ছোৱালীৰ দৰে সহজে সকলো কাম কৰিব নোৱাৰা দেখি মাক-দেউতাক চিন্তিত হৈছিল। চিৰি বগাবলৈ তেওঁ কষ্ট পোৱা আৰু আনৰ দৰে জাঁপ মাৰিব বিচাৰিলে মুখ থেকেচা খাই পৰা দেখি তেওঁলোক বেছি চিন্তিত হৈ পৰিছিল।
(খ) ব্র’নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কিয় কৈছিল?
উত্তৰঃ ব্ৰ’ন মাংসপেশীয় দুৰ্বিকাশ (Muscular Dystrophy) ৰোগত আক্ৰান্ত হৈছিল। সেই সময়ত এই ৰোগৰ সম্পৰ্কে বিশেষ গৱেষণা হোৱা নাছিল বাবেই ডাক্তৰে তেওঁ কিশোৰ অৱস্থাও নাপাব পাৰে বুলি কৈছিল।
(গ) ৰাল্ফ ব্র’নে কোম্পানী প্ৰতিষ্ঠা কৰাৰ আঁৰৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ বিশেষভাৱে সক্ষম লোকসকলে যাতায়াতৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা সমস্যাটো আৰু তেওঁলোকৰ যোগাযোগৰ ক্ষেত্ৰত থকা অভাৱসমূহ দূৰ কৰাই আছিল ব্ৰ’নে কোম্পানী প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য।
৫। ৰাল্ফ ব্র’নক পিতৃ-মাতৃয়ে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ ৰাল্ফ ব্ৰ’নৰ ভৰি দুখনে কাম নকৰা হোৱাৰ পাছত দেউতাকে তেওঁক বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিছিল। আনকি এবাৰ গাড়ী দুৰ্ঘটনাত দেউতাকে ডিঙিত যথেষ্ট আঘাত পোৱাৰ পিছতো কষ্ট স্বীকাৰ কৰি তেওঁক পিঠিত উঠাই ঘূৰাই লৈ ফুৰিছিল। এনেদৰে তেওঁৰ পিতৃ-মাতৃয়ে সকলো সময়তে তেওঁৰ লগত থাকি সহায় কৰিছিল।
৬। বিশেষভাৱে সক্ষম লোকসকলক ব্র’নে কেনেদৰে সহায় কৰিলে?
উত্তৰঃ ব্ৰ’নে নিজৰ কোম্পানীৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়াইছিল। এই সুবিধাজনক বাহন উপহাৰ দি তেওঁ বিশেষভাৱে সক্ষম লোকসকলৰ যাতায়াত সহজ কৰি তুলিলে আৰু তেওঁলোকক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিলে।
৭। “মোৰ মা-দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে।” এই কথাষাৰ কোনে, কাক, কিয় কৈছিল?
উত্তৰঃ এই কথাষাৰ ব্ৰ’নৰ সম বয়সীয়া লগৰীয়া হেনৰীয়ে ৰাল্ফ ব্ৰ’নক কৈছিল। ডাক্তৰৰ পৰা ঘূৰি অহাৰ পিছত ব্ৰ’নৰ হাতৰ পৰা ঔষধৰ বাকচটো পৰি গৈছিল। তেতিয়া ঔষধবোৰ বুটলি দি হেনৰীয়ে ব্ৰ’নক এইদৰে কৈছিল, কাৰণ ব্ৰ’নৰ সঁচাকৈয়ে ‘মাংসপেশীয় দুৰ্বিকাশ’ নামৰ গুৰুতৰ অসুখ হোৱা বুলি হেনৰীয়ে তাৰ নিজৰ মাক-দেউতাকৰ পৰা শুনিবলৈ পাইছিল।
৮। “তেনে বয়সত দেউতাকৰ বোকোচাত উঠি ফুৰাটো সন্তানৰ বাবে ভৱিষ্যতৰ মধুৰ স্মৃতিৰ সমল।” — ব্ৰ’নৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি কিয় নাছিল?
উত্তৰঃ ব্ৰ’নৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি নাছিল, কাৰণ বেমাৰৰ ফলত ব্ৰ’নৰ ভৰি দুখনে কাম নকৰা হোৱাত দেউতাকে বাধ্যত পৰিহে তেওঁক বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিবলগীয়া হৈছিল। তদুপৰি, এবাৰ গাড়ী দুৰ্ঘটনাত দেউতাকে ডিঙিত যথেষ্ট আঘাত পোৱাৰ পাছতো কষ্ট স্বীকাৰ কৰি তেওঁক পিঠিত উঠাই ঘূৰাই লৈ ফুৰিছিল, যিটো ব্ৰ’নৰ বাবে এক দুখৰ বিষয়হে আছিল।
৯। তলত দিয়া শব্দকেইটাৰে দুটাকৈ নতুন বাক্য ৰচনা কৰা।
(ক) হাড়ে-হিমজুৱে।
উত্তৰঃ (i) ৰাল্ফ ব্ৰ’নে বিশেষভাৱে সক্ষম লোকৰ যাতায়াতৰ অসুবিধাবোৰ হাড়ে-হিমজুৱে উপলব্ধি কৰিছিল।
(ii) মাকৰ গালি শুনি তাই নিজৰ ভুলটো হাড়ে-হিমজুৱে অনুভৱ কৰিলে।
(খ) হাঁহি-খিকিন্দালি।
উত্তৰঃ (i) ব্ৰ’ন আৰু তেওঁৰ লগৰীয়াবোৰে একেলগে মিলি হাঁহি-খিকিন্দালিৰে আনন্দত সময় কটাইছিল।
(ii) বিয়াঘৰখন মানুহৰ হাঁহি-খিকিন্দালিৰে ৰজনজনাই আছে।
(গ) থৰক-বৰক।
উত্তৰঃ (i) ৰোগত আক্ৰান্ত হোৱাৰ বাবে ব্ৰ’নৰ খোজবোৰ থৰক-বৰক হৈ পৰিছিল।
(ii) বৃদ্ধ মানুহজনে থৰক-বৰক খোজেৰে ৰাস্তাটো পাৰ হ’বলৈ চেষ্টা কৰিছে।
(ঘ) অভাৱ-অভিযোগ।
উত্তৰঃ (i) সমাজত বিশেষভাৱে সক্ষম লোকসকলৰ অভাৱ-অভিযোগসমূহ দূৰ কৰিবলৈ ব্ৰ’ন প্ৰতিজ্ঞাবদ্ধ হ’ল।
(ii) গাঁৱৰ ৰাইজে উপায়ুক্তৰ ওচৰত তেওঁলোকৰ অভাৱ-অভিযোগসমূহ দাঙি ধৰিলে।
(ঙ) জীৱন-যোদ্ধা।
উত্তৰঃ (i) ৰাল্ফ ব্ৰ’ন আছিল এগৰাকী হাৰ নামানা অদম্য জীৱন-যোদ্ধা।
(ii) সকলো বাধা-বিঘিনি নেওচি যিয়ে সফলতা অৰ্জন কৰে তেওঁলোকেই প্ৰকৃত জীৱন-যোদ্ধা।
(চ) হেঁপাই-ফোঁপাই।
উত্তৰঃ (i) মাক-দেউতাকৰ ঔষধৰ কথা মনত পৰাত ব্ৰ’নে হেঁপাই-ফোঁপাই আকৌ গাড়ীৰ ওচৰলৈ গৈছিল।
(ii) খেলপথাৰৰ পৰা ল’ৰাজনে দৌৰি দৌৰি হেঁপাই-ফোঁপাই ঘৰ পালেহি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

