SCERT Class 7 Assamese MCQ Chapter 1 গছ ভাল পোৱা ককাৰ খং Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 1 গছ ভাল পোৱা ককাৰ খং Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.
Class 7 Assamese MCQ Chapter 1 গছ ভাল পোৱা ককাৰ খং
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.
গছ ভাল পোৱা ককাৰ খং
Chapter: 1
| MCQ |
১। ‘গছ ভাল পোৱা ককাৰ খং’ কবিতাটোৰ ৰচয়িতা কোন?
(i) নৱকান্ত বৰুৱা।
(ii) ড° ভবেন্দ্ৰনাথ শইকীয়া।
(iii) ভবানন্দ ডেকা।
(iv) লক্ষ্মীনাথ বেজবৰুৱা।
উত্তৰঃ (ii) ড° ভবেন্দ্ৰনাথ শইকীয়া।
২। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক’ত হৈছিল?
(i) গুৱাহাটীত।
(ii) যোৰহাটত।
(iii) নগাঁৱত।
(iv) তেজপুৰত।
উত্তৰঃ (iii) নগাঁৱত।
৩। ড° ভবেন্দ্ৰনাথ শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত কোনটো বিভাগৰ অধ্যাপক হিচাপে কাম কৰিছিল?
(i) অসমীয়া বিভাগৰ।
(ii) পদাৰ্থ বিজ্ঞান বিভাগৰ।
(iii) ৰসায়ন বিজ্ঞান বিভাগৰ।
(iv) উদ্ভিদ বিজ্ঞান বিভাগৰ।
উত্তৰঃ (ii) পদাৰ্থ বিজ্ঞান বিভাগৰ।
৪। তলৰ কোনখন ড° ভবেন্দ্ৰনাথ শইকীয়াৰ কালজয়ী অনাঁতাৰ শিশু নাট?
(i) শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট।
(ii) মৰমৰ দেউতা।
(iii) পুতলা নাচ।
(iv) বুঢ়ী আইৰ সাধু।
উত্তৰঃ (i) শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট।
৫। ড° ভবেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি আছিল?
(i) মৌচাক।
(ii) সঁফুৰা।
(iii) সখা।
(iv) ৰংমেলা।
উত্তৰঃ (ii) সঁফুৰা।
৬। ড° শইকীয়াই প্ৰতিষ্ঠা কৰা শিশুৰ কল্যাণৰ বাবে থকা অনুষ্ঠানটিৰ নাম কি?
(i) আৰোহণ।
(ii) আৱাহন।
(iii) অংকুৰণ।
(iv) প্ৰান্তিক।
উত্তৰঃ (i) আৰোহণ।
৭। ‘গছ ভাল পোৱা ককাৰ খং’ কবিতাটোত ককাই কাক তিৰস্কাৰ কৰিছে?
(i) দৰাটিক।
(ii) ৰঘুনাথক।
(iii) আলহীক।
(iv) পুতেকক।
উত্তৰঃ (ii) ৰঘুনাথক।
৮। ৰঘুনাথে কি গছ কাটিছিল?
(i) আম গছ।
(ii) কঁঠাল গছ।
(iii) আমলখি গছ।
(iv) নিম গছ।
উত্তৰঃ (iii) আমলখি গছ।
৯। বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল?
(i) বিয়াৰ ৰভাখন দিয়া বাবে।
(ii) বিয়ালৈ আলহী-অতিথিবোৰ অহা বাবে।
(iii) আমলখি গছজোপা কটা বাবে।
(iv) ঘৰলৈ ন-বোৱাৰী আহিব বাবে।
উত্তৰঃ (iii) আমলখি গছজোপা কটা বাবে।
১০। “ভাল পালোঁ ৰঘুনাথ” – এই কথাষাৰ ককাই কিয় কৈছিল?
(i) আমলখি গছজোপা কটা বাবে।
(ii) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে।
(iii) বিয়াৰ ৰভাখন দিয়া বাবে।
(iv) বিয়ালৈ আলহী-অতিথি অহা বাবে।
উত্তৰঃ (ii) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে।
১১। “আলহী-অতিথি যাব ৰভা নাইকিয়া হ’ব” – কথাষাৰ কোনে কাক কৈছিল?
(i) ককাই দৰাটিক কৈছিল।
(ii) ককাই ৰঘুনাথক কৈছিল।
(iii) ৰঘুনাথে ককাক কৈছিল।
(iv) দৰাটিয়ে ককাক কৈছিল।
উত্তৰঃ (ii) ককাই ৰঘুনাথক কৈছিল।
১২। ককাই বিয়াঘৰত কি নাখাওঁ বুলি কৈছিল?
(i) ভাত আৰু ডাইল।
(ii) জলপান।
(iii) লুচি-ভাজি, ৰসগোল্লা।
(iv) মাছ-মঙহ।
উত্তৰঃ (iii) লুচি-ভাজি, ৰসগোল্লা।
১৩। দৰাটিক ককাই কি দি ঘৰলৈ উভতিম বুলি কৈছিল?
(i) উপহাৰ।
(ii) এজোলোকা আশীৰ্বাদ।
(iii) টকা-পইচা।
(iv) কিতাপ।
উত্তৰঃ (ii) এজোলোকা আশীৰ্বাদ।
১৪। ‘এজোলোকা’ শব্দৰ অৰ্থ কি?
(i) এচলু।
(ii) একাঁজলি।
(iii) এমুঠি।
(iv) এভাগি।
উত্তৰঃ (ii) একাঁজলি।
১৫। ‘ৰভা’ শব্দৰ অৰ্থ কি?
(i) পুত্ৰৰ পত্নী।
(ii) আলহী।
(iii) দৰব।
(iv) উৎসৱ-পৰবৰ বাবে ওপৰত দিয়া চালি।
উত্তৰঃ (iv) উৎসৱ-পৰবৰ বাবে ওপৰত দিয়া চালি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

