SEBA Class 7 Assamese Chapter 7 সোণোৱালী অতীত Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 7 সোণোৱালী অতীত Solutions and select need one. SEBA Class 7 Assamese Chapter 7 সোণোৱালী অতীত Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.
SEBA Class 7 Assamese Chapter 7 সোণোৱালী অতীত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.
সোণোৱালী অতীত
Chapter: 7
| ক্রিয়া-কলাপ |
| পাঠভিত্তিক |
১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
(i) চেনেহীহঁতে ৰে’ল-গাড়ীৰে কামাখ্যা জংচনৰপৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল?
(ক) ৫৫ ঘণ্টা ৪৫ মিনিট।
(খ) ৫৪ ঘণ্টা ৪৫ মিনিট।
(গ) ৫৪ ঘন্টা ৩৫ মিনিট।
(ঘ) ৫৪ ঘন্টা ৪৫ মিনিট।
উত্তৰঃ (গ) ৫৪ ঘন্টা ৩৫ মিনিট।
(ii) চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে?
(ক) লো।
(খ) তাম।
(গ) ৰাং।
(ঘ) মম।
উত্তৰঃ (খ) তাম।
(iii) ‘দেওবাৰে ২১ঃ৩০ বজাত তেওঁলোক তম্বৰম ৰে’লৱে ষ্টেচনত উপস্থিত হ’লগৈ।’ —সেই সময়ত ১২ ঘন্টীয়া ঘড়ীত কিমান বাজিছিল?
(ক) ১০ঃ০০ বাজিছিল।
(খ) ০৯ঃ৩০ বাজিছিল।
(গ) ০১ঃ৩০ বাজিছিল।
(ঘ) ০২ঃ৩০ বাজিছিল।
উত্তৰঃ (খ) ০৯ঃ৩০ বাজিছিল।
২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম কি?
উত্তৰঃ ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম হৈছে হেমন্ত কুমাৰ শৰ্মা।
(খ) ‘গোপুৰম’ শব্দটোৱে কি সূচায়?
উত্তৰঃ ‘গোপুৰম’ শব্দটোৱে মন্দিৰৰ উচ্চ চূড়াটোৰে সৈতে থকা প্ৰৱেশদ্বাৰক সূচায়।
(গ) ব্রঞ্জ কি? ব্রঞ্জ কেনেকৈ তৈয়াৰ কৰে?
উত্তৰঃ ব্ৰঞ্জ হৈছে এবিধ মিশ্ৰিত ধাতু। ইয়াক প্ৰায় পঁচাশী শতাংশ তাম আৰু পোন্ধৰ শতাংশ ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয়।
(ঘ) নটৰাজ মূৰ্তিটো কি প্রযুক্তিৰে নির্মাণ কৰিছিল?
উত্তৰঃ নটৰাজ মূৰ্তিটো ধাতু গলাই মূৰ্তি নিৰ্মাণ কৰা এক প্ৰাচীন প্ৰযুক্তি ‘মম বিগলন পদ্ধতি’ (Lost wax method)-ৰে নিৰ্মাণ কৰা হৈছিল।
(ঙ) বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে?
উত্তৰঃ নটৰাজ মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৱে ভূমি স্পৰ্শ কৰি থকা ঠাইখিনিয়েই ‘পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু’ বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে।
(চ) গাইড্জনে চেনেহীহঁতক কি কি প্রযুক্তিৰ বিষয়ে কৈছিল?
উত্তৰঃ গাইড্জনে চেনেহীহঁতক প্ৰাচীন ভাৰতীয়সকলে বিভিন্ন আকৰৰপৰা বিবিধ ধাতু নিষ্কাশন কৰা পদ্ধতি আৰু ধাতু গলাই মূৰ্তি নিৰ্মাণ কৰা ‘মম বিগলন পদ্ধতি’ (Lost wax method) প্ৰযুক্তিৰ বিষয়ে কৈছিল।
৩। চিদাম্বৰম মন্দিৰটোত প্রাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে, তাৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ চিদাম্বৰম মন্দিৰটো প্ৰাচীন ভাৰতীয় স্থাপত্যবিদ্যা, বিজ্ঞান, আৰু প্ৰযুক্তিৰ এক উৎকৃষ্ট নিদৰ্শন। দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত এই মন্দিৰটোত বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে আধ্যাত্মিকতাৰ সুন্দৰ সমিশ্ৰণ ঘটিছে। মন্দিৰটোৰ গৰ্ভগৃহত থকা নটৰাজৰ মূৰ্তিটোৱে প্ৰাচীন প্ৰযুক্তি আৰু নিৰ্মাণশৈলীৰ গভীৰ পৰিচয় দাঙি ধৰে। মূৰ্তিটো নিৰ্মাণত ব্যৱহাৰ কৰা ‘মম বিগলন পদ্ধতি’ (Lost wax method) আৰু তাম-ৰাং মিহলাই ব্ৰঞ্জ প্ৰস্তুত কৰা প্ৰণালীয়ে প্ৰাচীন ভাৰতীয়সকলৰ ধাতু নিষ্কাশন আৰু মিশ্ৰণ বিদ্যাৰ উচ্চ জ্ঞান প্ৰতিফলিত কৰে। তদুপৰি, নটৰাজৰ মূৰ্তিটোৱে ভূমি স্পৰ্শ কৰি থকা অংশটোক বিজ্ঞানীসকলে ‘পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু’ বুলি ঠাৱৰ কৰাটোৱে প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ দিশটোকে সুন্দৰকৈ ফুটি উঠাইছে।
৪। অভিধান চাই বাঁওফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাওঁ আহা—
| শব্দ | অর্থ |
| স্থাপত্য | প্রাচীন ইতিহাসৰ বিজ্ঞানসম্মত অধ্যয়ন |
| পুৰাতত্ত্ব | নৃত্যৰত শিৱৰ মূৰ্তি |
| আধ্যাত্মিকতা | আর্দ্র ঠাইত গজা এবিধ গছ |
| গোপুৰম | গৃহ, অট্টালিকা আদি নির্মাণৰ শিল্প |
| তিল্লাই | মন্দিৰৰ ভিতৰত বিগ্রহ ৰখা অংশ |
| নটৰাজ | মন, আত্মা সম্বন্ধীয় |
| গর্ভগৃহ | মন্দিৰৰ উচ্চ প্রৱেশদ্বাৰ |
উত্তৰঃ
| শব্দ | অর্থ |
| স্থাপত্য | গৃহ, অট্টালিকা আদি নির্মাণৰ শিল্প |
| পুৰাতত্ত্ব | প্রাচীন ইতিহাসৰ বিজ্ঞানসম্মত অধ্যয়ন |
| আধ্যাত্মিকতা | মন, আত্মা সম্বন্ধীয় |
| গোপুৰম | মন্দিৰৰ উচ্চ প্রৱেশদ্বাৰ |
| তিল্লাই | আর্দ্র ঠাইত গজা এবিধ গছ |
| নটৰাজ | নৃত্যৰত শিৱৰ মূৰ্তি |
| গর্ভগৃহ | মন্দিৰৰ ভিতৰত বিগ্রহ ৰখা অংশ |
| ভাষা-অধ্যয়ন |
৫। তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে শ, ষ, স মুক্তভাৱে বা স্বৰচিহ্ন যুক্ত হৈ থকা (ব্যঞ্জন যুক্ত নোহোৱা) শব্দবোৰ বাছি উলিয়াই শ, ষ, স-ৰ উচ্চাৰণ ‘স’-ৰ দৰে, কোমল ‘খ’ৰ দৰে আৰু ‘চ/ছ’-ৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা।
| সোতৰ | দশম | শেঙুন | শেষ | সষ্টম | সতে |
| অসম | পুৰষ্কাৰ | সংগীত | মাংস | স্তম্ভ | শগুন |
| আসন | নমষ্কাৰ | শব্দ | অপ্সৰা | ধ্বংস | পুষ্ট |
| স’-ৰ দৰে উচ্চাৰণ হোৱা শব্দ | কোমল ‘খ’-ৰ দৰে উচ্চাৰণ হোৱা শব্দ | ‘চ/ছ’-ৰ দৰে উচ্চাৰণ হোৱা শব্দ |
উত্তৰঃ
| স’-ৰ দৰে উচ্চাৰণ হোৱা শব্দ | কোমল ‘খ’-ৰ দৰে উচ্চাৰণ হোৱা শব্দ | ‘চ/ছ’-ৰ দৰে উচ্চাৰণ হোৱা শব্দ |
| সোতৰ | দশম | সষ্টম |
| শেঙুন | শেষ | পুৰষ্কাৰ |
| সতে | অসম | স্তম্ভ |
| শগুন | মাংস | নমষ্কাৰ |
| শব্দ | আসন | অপ্সৰা |
| ধ্বংস | ||
| পুষ্ট |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

