SEBA Class 7 Assamese Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত) Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত) Solutions and select need one. SEBA Class 7 Assamese Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত) Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.
SEBA Class 7 Assamese Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত)
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.
তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত)
Chapter: 6
| ক্রিয়া-কলাপ |
| পাঠভিত্তিক |
১। খালী ঠাই পূৰ কৰি, খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা।
ৰয়নী বিদুৰ দিশ ______________ বৰণ।
_____________ ফেৰিয়া বাজ _____________ কিৰণ।।
শতপত্র বিকশিত _____________ উৰায়।
ব্রজবধূ _____________ মথে ____________ গুণ গাই।।
উত্তৰঃ ৰয়নী বিদুৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।
শতপত্র বিকশিত ভ্ৰমৰ উৰায়।
ব্রজবধূ দধি মথে তুৱা গুণ গাই।।
২। বৰগীতটিৰ ভাবৰ লগত সংগতি ৰাখি ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা—
| ‘ক’ অংশ | ‘খ’ অংশ |
| তেজৰে কমলাপতি পৰভাতে নিন্দ | হে গোপাল, সুৰভী গাইক চৰাবলৈ যাব লাগে, সোনকালে উঠা। |
| তিমিৰ ফেবিয়া বাজ ৰবিৰ কিৰণ | ব্রজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে। |
| ব্রজবধূ দধি মথে তুৱা গুণ গাই | আন্ধাৰ ফালি সুৰুযৰ পোহৰ ওলাইছে। |
| সুৰভী চাৰিতে লাগে উঠৰে গোপাল | হে নাৰায়ণ, পুৱা হ’ল, টোপনি এৰা। |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| তেজৰে কমলাপতি পৰভাতে নিন্দ | হে নাৰায়ণ, পুৱা হ’ল, টোপনি এৰা। |
| তিমিৰ ফেবিয়া বাজ ৰবিৰ কিৰণ | আন্ধাৰ ফালি সুৰুযৰ পোহৰ ওলাইছে। |
| ব্রজবধূ দধি মথে তুৱা গুণ গাই | ব্রজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে। |
| সুৰভী চাৰিতে লাগে উঠৰে গোপাল | হে গোপাল, সুৰভী গাইক চৰাবলৈ যাব লাগে, সোনকালে উঠা। |
৩। বৰগীতটোত প্রকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।
উত্তৰঃ বৰগীতটোত পুৱাৰ এক সুন্দৰ শান্তিময় প্ৰাকৃতিক দৃশ্য দাঙি ধৰা হৈছে। ৰাতিৰ অন্তত চাৰিওদিশ বগা পোহৰৰে জিলিকি উঠিছে আৰু আন্ধাৰ আঁতৰাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰিছে। পুখুৰীত পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ সুগন্ধত ভোমোৰাই উৰি ফুৰিছে। পুৱাৰ লগে লগে ব্ৰজধামৰ বোৱাৰীসকলে ভগৱানৰ গুণ-গৰিমা গাই দৈ মথিবলৈ আৰম্ভ কৰিছে আৰু গাইগৰুবোৰে পোৱালিবোৰৰ কাষলৈ যাবলৈ হাম্বাৰৱ কৰিছে।
৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৰগীতটিত ‘কমলাপতি’ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ বৰগীতটিত ‘কমলাপতি’ বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।
(খ) ‘তিমিৰ ফেৰিয়া বাজ’ —আন্ধাৰ ফালি কি ওলায়?
উত্তৰঃ ‘তিমিৰ ফেৰিয়া বাজ’ —আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলায়।
(গ) নন্দ গেল বাথানে গোৱাল গেল পাল’ —ইয়াত ‘বাথান’ শব্দটোৱে কি বুজাইছে?
উত্তৰঃ নন্দ গেল বাথানে গোৱাল গেল পাল’ —ইয়াত ‘বাথান’ শব্দটোৱে গৰু আৰু ম’হ ৰখা খুঁটিক বুজাইছে।
(ঘ) ‘কহয় মাধৱ মাই’ — ‘মাই’ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘কহয় মাধৱ মাই’ — ‘মাই’ বুলি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কথা কোৱা হৈছে।
(ঙ) ত্রিজগতৰ পতি কোন?
উত্তৰঃ ত্রিজগতৰ পতি হ’ল— হৰি (ভগৱান শ্ৰীকৃষ্ণ)।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
(ক) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।
উত্তৰঃ পুৱা হোৱাৰ লগে লগে লগৰীয়াসকলৰ সৈতে সুৰভী গাই চৰাবলৈ যাবৰ বাবে যশোদাই কৃষ্ণক পুৱা জগাইছিল।
(খ) যশোদাই কৃষক মৰমতে কি কি নামেৰে মাতিছিল?
উত্তৰঃ যশোদাই কৃষ্ণক মৰমতে কমলাপতি, গোবিন্দ, গোপাল, হৰি আৰু ৰাখোৱাল (গৰখীয়া) আদি নামেৰে মাতিছিল।
(গ) পুত্র কৃষ্ণক যশোদাই কি কি কথা কৈ টোপনিৰপৰা জগাবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ পুত্ৰ কৃষ্ণক জগাবলৈ যশোদাই পুৱাৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা দি কৈছিল যে— ৰাতি পুৱাল, চাৰিওফালে সূৰ্যৰ পোহৰ বিয়পি পৰিছে, পদুম ফুল ফুলিছে আৰু তাত ভোমোৰা উৰিছে। ব্ৰজৰ বোৱাৰীসকলে দৈ মথিবলৈ লৈছে, লগৰীয়া দাম-সুদামে কৃষ্ণৰ নাম কাঢ়ি মাতিছে আৰু ককায়েক বলৰামো সাৰ পাই উঠিছে। লগতে নন্দ আৰু আন আন গোৱালসকলো গৰুৰ পাল লৈ বাথানলৈ যোৱাৰ কথা সোঁৱৰাই দি কৃষ্ণকো গৰু চৰাবলৈ যাবৰ বাবে সোনকালে উঠিবলৈ কৈছিল।
(ঘ) গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি কি বাদ্যযন্ত্র আৰু খাদ্য সামগ্রী লৈ গৈছিল?
উত্তৰঃ গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত খাদ্য সামগ্ৰী হিচাপে ক্ষীৰ আৰু লৱণু (মাখন) লৈ গৈছিল আৰু বাদ্যযন্ত্ৰ হিচাপে শিঙা, বেত আৰু বেণু (বাঁহী) লৈ গৈছিল।
৬। কোনে, কাক, কিয় কৈছিল লিখা।
তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ।।
উত্তৰঃ উক্ত কথাফাকি মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। ৰাতিপুৱা হ’ল আৰু সেইবাবে পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ যশোদাই এইদৰে কৈছিল। পুত্ৰ সাৰ পালে যশোদাই তেওঁৰ ধুনীয়া চন্দ্ৰৰ দৰে মুখখনি দৰ্শন কৰিবলৈ পাব, সেই হেঁপাহতে যশোদাই পুৱাই কৃষ্ণক জগাইছিল।
৭। (ক) তলত দিয়া পদ কেইফাকি প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
(i) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।
উত্তৰঃ প্ৰসংগ: উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে।
সংগতি: পুৱা হোৱাৰ লগে লগে প্ৰকৃতিত হোৱা পৰিৱৰ্তনসমূহৰ বৰ্ণনা দি মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱাৰ প্ৰসংগত উক্ত কথাখিনি কৈছে।
ব্যাখ্যা: ৰাতিপুৱা হোৱাৰ লগে লগে পৃথিৱীৰ চাৰিওদিশ বগা পোহৰৰে জিলিকি উঠিছে। ৰাতিৰ ঘোৰ আন্ধাৰ ফালি সূৰ্যৰ কিৰণ আহি পৃথিৱীত পৰিছেহি। অৰ্থাৎ, সুন্দৰ পুৱাৰ আগমন ঘটিছে, সেয়ে যশোদাই কৃষ্ণক শুই থকাৰ পৰা উঠিবলৈ আহ্বান জনাইছে।
(ii) শতপত্র বিকশিত ভ্রমৰ উৰায়।
ব্রজবধূ দধি মথে তুৱা গুণ গাই।।
উত্তৰঃ প্ৰসংগ: উক্ত পদফাকি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে।
সংগতি: ৰাতিপুৱাৰ এক সুন্দৰ আৰু কৰ্মমুখৰ পৰিৱেশৰ বৰ্ণনা দি মাক যশোদাই কৃষ্ণক জগাবলৈ চেষ্টা কৰাৰ প্ৰসংগত এই কথাফাকি কোৱা হৈছে।
ব্যাখ্যা: পুৱা হোৱাৰ লগে লগে পুখুৰীত পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ সুগন্ধত আকৰ্ষিত হৈ ভোমোৰাবোৰে উৰি ফুৰিছে। আনহাতে, ব্ৰজধামৰ বোৱাৰীসকলে সাৰ পাই ভগৱান শ্ৰীকৃষ্ণৰ গুণ-গৰিমা গাই গাই দৈ মথিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে পুৱাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে, গতিকে কৃষ্ণও সাৰ পাবৰ হ’ল বুলি যশোদাই বুজাব বিচাৰিছে।
৮। শব্দৰ খেল খেলোঁ আহা—
(ক) বৰগীতটিত এনেকুৱা এটা পাঁচ আখৰীয়া শব্দ আছে, যিটোৰ—
(i) প্রথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়।
উত্তৰঃ কম।
(ii) দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা, চকতকৈ সৰু মাটিৰ পাত্র বুজায়।
উত্তৰঃ মলা।
(iii) প্রথম আখৰ তিনিটা মিলি এবিধ সৰু টেঙা ফলক বুজায়।
উত্তৰঃ কমলা।
(iv) শেষৰ দুটা আখৰ মিলি স্বামী, অধিপতি বা গৰাকীক বুজায়।
উত্তৰঃ পতি।
পাঠটিৰপৰা শব্দটো বিচাৰি উলিয়াই লিখা—
উত্তৰঃ কমলাপতি।
(খ) এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰপৰা ‘আ-কাৰ’ আঁতৰাই দিলে তাৰ—
উত্তৰঃ কমলপতি।
(i) প্রথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ’ব—
উত্তৰঃ কল।
(ii) দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ’ব—
উত্তৰঃ মল।
(iii) প্রথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ’ব—
উত্তৰঃ কমল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

