SEBA Class 7 Assamese Chapter 10 সতৰ্কতাই সুৰক্ষা

SEBA Class 7 Assamese Chapter 10 সতৰ্কতাই সুৰক্ষা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 10 সতৰ্কতাই সুৰক্ষা Solutions and select need one. SEBA Class 7 Assamese Chapter 10 সতৰ্কতাই সুৰক্ষা Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.

SEBA Class 7 Assamese Chapter 10 সতৰ্কতাই সুৰক্ষা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.

সতৰ্কতাই সুৰক্ষা

Chapter: 10

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত বাঁওফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলিমেলিকৈ দিয়া আছে। শব্দৰ লগত অর্থ মিলাই লিখোঁ আহা—

বাওঁফালসোঁফাল
ঠগডাল-পাত নুগুচোৱা (বাঁহ আদি)
প্রতিকাৰথিতাতে নাইকিয়া হোৱা কার্য
হৰলুকীনষ্ট; শেষ
অকঁটলাপ্ৰতাৰক
শৰাধআপদ গুচাবলৈ কৰা উপায়

উত্তৰঃ

বাওঁফালসোঁফাল
ঠগপ্ৰতাৰক
প্রতিকাৰআপদ গুচাবলৈ কৰা উপায়
হৰলুকীথিতাতে নাইকিয়া হোৱা কার্য
অকঁটলাডাল-পাত নুগুচোৱা (বাঁহ আদি)
শৰাধনষ্ট; শেষ

২। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া।

(ক) কবিতাটোৰ বিষয়বস্তু কি?

উত্তৰঃ কবিতাটোৰ মূল বিষয়বস্তু হৈছে ইণ্টাৰনেটৰ জৰিয়তে হ’ব পৰা চাইবাৰ অপৰাধ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া সাৱধানতা তথা চাইবাৰ সুৰক্ষা।

(খ) অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিব বিচাৰে?

উত্তৰঃ অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ ব্যক্তিগত তথ্য চুৰি কৰিব বিচাৰে আৰু ধন-সম্পদ তথা মান-সন্মান হৰলুকী কৰিব বিচাৰে।

(গ) চাইবাৰ সুৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে ব্যক্তিগত তথ্য বা ধন-সম্পদ চুৰি কৰি কৰা অপব্যৱহাৰৰ পৰা সুৰক্ষিত হৈ থকাটোকেই ‘চাইবাৰ সুৰক্ষা’ বুলি কোৱা হয়।

(ঘ) অকঁটলা গোজ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণ অৰ্থত ডাল-পাত নুগুচোৱা বাঁহ আদিক ‘অকঁটলা গোজ’ বোলে। কিন্তু ইয়াত ইয়াক ‘নেদেখা-নজনা বিপদ বা গোপন শত্ৰু’ অৰ্থাৎ ইণ্টাৰনেটত লুকাই থকা বিপদসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা।

(ক) ইণ্টাৰনেট ব্যৱস্থাৰ দুটাকৈ সুফল আৰু কুফলৰ বিষয়ে লিখা।

উত্তৰঃ

সুফলকুফল
১। ইণ্টাৰনেটৰ জৰিয়তে ঘৰতে বহি বিশ্বৰ বিভিন্ন কথাৰ জ্ঞান লাভ কৰিব পাৰি।১। ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে আমাৰ ব্যক্তিগত তথ্য চুৰি কৰি বিপদত পেলাব পাৰে।
২। ই আমাৰ বহু কাম সহজসাধ্য কৰি শ্ৰম তথা সময় ৰাহি কৰে।২। সাৱধান নহ’লে চাইবাৰ অপৰাধীৰ জালত পৰি ধন-সম্পদ হেৰুৱাব লগা হ’ব পাৰে।

(খ) কবিতাটোত জোনক চাই-চিতি খোজ দিবলৈ কিয় কোৱা হৈছে?

উত্তৰঃ জোন এটি সৰু ল’ৰা আৰু সি ইণ্টাৰনেটৰ লুকাই থকা বিপদসমূহৰ বিষয়ে নাজানে। পানীৰ তলত কাঁইট লুকাই থকাৰ দৰেই ইণ্টাৰনেটতো নেদেখা বিপদ লুকাই থাকে। সেয়েহে, জোন যাতে কোনো বিপদত নপৰে তাৰ বাবে তাক চাই-চিতি খোজ দিবলৈ অৰ্থাৎ সাৱধান হ’বলৈ কোৱা হৈছে।

(গ) চাইবাৰ অপৰাধীৰপৰা নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ’ব লাগে?

উত্তৰঃ চাইবাৰ অপৰাধীৰপৰা বাচিবলৈ আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে সতৰ্ক হ’ব লাগে। নাজানি-নুবুজি যিকোনো লিংকত ‘ক্লিক’ কৰিব নালাগে আৰু নিজৰ ‘পাছৱৰ্ড’ বা গোপন ব্যক্তিগত তথ্য কাকো দিব নালাগে।

(ঘ) কবিতাটো পঢ়ি তোমাৰ ভাল লগা আন এটি নতুন শিৰোনাম দিয়া।

উত্তৰঃ কবিতাটোৰ বাবে আন এটি উপযুক্ত শিৰোনাম হ’ব পাৰে— “ইণ্টাৰনেট আৰু আমাৰ সুৰক্ষা”।

৪। তলত দিয়া প্রশ্নটোৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

“ভয়েই লাগে              যিহে দিন-কাল

            আমাৰ জোনটো সৰু,

নাজানি-নুবুজি           ‘ক্লিক্’ কৰি দিলে

            নহ’বনে বিপদ বাৰু?”

— জোন নামৰ সৰু ল’ৰাটিয়ে নাজানি-নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে কেনে ধৰণৰ বিপদ হ’ব পাৰে বুলি আশংকা কৰা হৈছে?

উত্তৰঃ জোন নামৰ সৰু ল’ৰাটিয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে নাজানি-নুবুজি কোনো ভুল লিংকত বা বুটামত ‘ক্লিক্’ কৰি দিলে ডাঙৰ বিপদত পৰিব পাৰে বুলি আশংকা কৰা হৈছে। বৰ্তমান চাইবাৰ অপৰাধ বহুত বাঢ়ি গৈছে আৰু অসাধু লোকে ইণ্টাৰনেটত লুকাই থাকি মানুহৰ দুৰ্বলতাৰ সুযোগ বিচাৰে। জোনৰ দৰে সৰু ল’ৰাই নজনাৰ বাবে ভুলবশতঃ পাছৱৰ্ড বা ব্যক্তিগত তথ্য ফাদিল কৰি দিলে চাইবাৰ অপৰাধীয়ে তাৰ ঘৰৰ ধন-মান সকলো হৰলুকী কৰিব পাৰে।

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা—

কেওফালে আজি             বাঢ়িব ধৰিছে

                    চাইবাৰ অপৰাধ,

সাৱধান নহৈ                    পাছৱৰ্ড দিলে

                    ধন-মানৰ শৰাধ।

উত্তৰঃ প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত “সতৰ্কতাই সুৰক্ষা” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি: বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ আৰু ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত আমি ল’বলগীয়া সাৱধানতাৰ বিষয়ে বুজাবলৈ গৈ কবিৰ দ্বাৰা এই কথাখিনিৰ অৱতাৰণা কৰা হৈছে। 

ব্যাখ্যা: বৰ্তমান সময়ত চাৰিওফালে চাইবাৰ অপৰাধৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে। অসাধু ব্যক্তিসকলে ইণ্টাৰনেটৰ জৰিয়তে আনক ঠগিবলৈ সদায় ছেগ চাই থাকে। সেয়েহে আমি ম’বাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে যথেষ্ট সাৱধান হোৱা উচিত। যদি আমি সতৰ্ক নহৈ নিজৰ ‘পাছৱৰ্ড’ বা গোপন তথ্যসমূহ আনক দি দিওঁ, তেন্তে সেই অপৰাধীসকলে আমাৰ বেংকৰ একাউণ্টৰ পৰা ধন-সম্পত্তি চুৰি কৰাৰ লগতে আমাৰ মান-সন্মানো নষ্ট কৰিব পাৰে। সেয়েহে, বিপদৰ পৰা হাত সাৰিবলৈ সতৰ্কতা অতি প্ৰয়োজন।

ভাষা-অধ্যয়ন

৬। তলত দিয়া জতুবা ঠাঁচৰ খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখা।

উদাহৰণঃ কানে কান মাৰি (কথমপি): যোৱা পৰীক্ষাত সি কানে কান মাৰিহে উত্তীর্ণ হ’ল।

(ক) পানীত হাঁহ নচৰা (অভাবে জুৰুলা কৰা)।

উত্তৰঃ পানীত হাঁহ নচৰা (অভাৱে জুৰুলা কৰা): দেউতাকৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে।

(খ) গাই বাই চা (চেষ্টা কৰি চা)।

উত্তৰঃ গাই বাই চা (চেষ্টা কৰি চা): কামটো টান হ’লেও তুমি এবাৰ গাই বাই চাব পাৰা।

(গ) জোন ওলায় (চন্দ্র উদয় হয়)।

উত্তৰঃ জোন ওলায় (চন্দ্ৰ উদয় হয়): বহুদিনৰ মূৰত বিদেশৰ পৰা পুতেক ঘূৰি অহাত মাকৰ মুখত যেন জোন ওলাইছে

(ঘ) ভাত বাঢ়ে (কাঁহীত ভাত দিয়ে)।

উত্তৰঃ ভাত বাঢ়ে (কাঁহীত ভাত দিয়ে): আলহী অহাৰ বাবে মায়ে পাকঘৰত ভাত বাঢ়িছে

(ঙ) বেলি উঠে (সূর্য উদয় হয়)।

উত্তৰঃ বেলি উঠে (সূৰ্য উদয় হয়): ৰাতিপুৱা বেলি উঠালৈকে শুই থকাটো এটা বেয়া অভ্যাস।

(চ) পানীৰ মিঠৈ (অসম্ভৱ বা অবাস্তৱ বস্তু)।

উত্তৰঃ পানীৰ মিঠৈ (অসম্ভৱ বা অবাস্তৱ বস্তু): বিনা পৰিশ্ৰমত পৰীক্ষাত প্ৰথম স্থান লাভ কৰাটো পানীৰ মিঠৈৰ দৰেই কথা।

(ছ) খাই পাত ফলা (অশলাগী)।

উত্তৰঃ খাই পাত ফলা (অশলাগী): ৰাম সঁচাকৈয়ে এজন খাই পাত ফলা মানুহ, বিপদত সহায় কৰা জনক সি আজিয়েই পাহৰিলে।

(জ) আঁঠু ল (শৰণাপন্ন হ)।

উত্তৰঃ আঁঠু ল (শৰণাপন্ন হ): উপায়বিহীন হৈ সি শেষত গৈ গাঁওবুঢ়াৰ ওচৰত আঁঠু ল’লেগৈ

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top