SEBA Class 7 Assamese Chapter 12 আত্মৰক্ষা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 12 আত্মৰক্ষা Solutions and select need one. SEBA Class 7 Assamese Chapter 12 আত্মৰক্ষা Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.
SEBA Class 7 Assamese Chapter 12 আত্মৰক্ষা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.
আত্মৰক্ষা
Chapter: 12
| ক্রিয়া-কলাপ |
| পাঠভিত্তিক |
১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) সপোন সাকাৰ কৰিবৰ বাবে কি প্রয়োজন বুলি পাঠটোত কোৱা হৈছে?
উত্তৰঃ পাঠটোত কোৱা হৈছে যে সপোন সাকাৰ কৰিবৰ বাবে ‘অধ্যৱসায়’ৰ প্ৰয়োজন।
(খ) আত্মৰক্ষা মানে কি?
উত্তৰঃ আত্মৰক্ষা মানে হ’ল নিজকে সুৰক্ষা দিয়া কাৰ্য। অৰ্থাৎ, বিপদে-আপদে স্বাভাৱিকভাৱে নিজকে ৰক্ষা কৰিবলৈ কৰা চেষ্টাই হ’ল আত্মৰক্ষা।
(গ) “আমি আমাৰ ল’ৰা-ছোৱালীবোৰক আত্মৰক্ষাৰ কৌশল শিকাব লাগিব বৌ।” — এই কথাষাৰ কোনে কাক কৈছিল?
উত্তৰঃ এই কথাষাৰ আৰক্ষী বিষয়া মনোজ খুৰাকে অতনুৰ মাকক কৈছিল।
(ঘ) অতনুৱে কি পঢ়ি ভাল পাইছিল?
উত্তৰঃ অতনুৱে গল্পৰ কিতাপ পঢ়ি ভাল পাইছিল, বিশেষকৈ দুঃসাহসিক অভিযানৰ কাহিনীবোৰে অতনুক সদায়েই ৰোমাঞ্চিত কৰিছিল।
(ঙ) গল্পটোত মৰমিয়াল আৰু ৰসিক ব্যক্তি বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ গল্পটোত স্থানীয় চিকিৎসক ডাক্তৰ কাকতিক বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি বুলি কোৱা হৈছে।
(চ) অতনুৱে ডাঙৰ হৈ কি কি হ’ব বিচাৰিছিল আৰু কিয় বিচাৰিছিল?
উত্তৰঃ প্ৰথমতে অতনুৱে ডাঙৰ হৈ শিক্ষক, উৰাজাহাজ চলোৱা পাইলট, ব্যৱসায়ী বা পুলিচ আদি বহুত কিবাকিবি হ’ব বিচাৰিছিল কাৰণ অতনুৰ জীৱনৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাছিল। কিন্তু পাছলৈ সি সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰক্ষী বিষয়া বা দেশৰ সুৰক্ষাৰ বাবে সেনা বিষয়া হ’ব বিচাৰিছিল।
(ছ) মনোজৰ খুৰাকে অতনুৰ মাকৰ আগত কি বিষয়ত আশংকা প্রকাশ কৰিছিল?
উত্তৰঃ চহৰখনত ইটোৰ পিছত সিটোকৈ ঘটি থকা অনাকাংক্ষিত ঘটনা আৰু সৰু সৰু নিষ্পাপ শিশুবোৰৰ নিৰাপত্তা নোহোৱা হৈ পৰা বিষয়ত মনোজ খুৰাকে অতনুৰ মাকৰ আগত আশংকা প্ৰকাশ কৰিছিল।
(জ) আত্মৰক্ষা শব্দটো প্ৰথম আৰু দ্বিতীয়বাৰ অতনুৱে কাৰ কাৰ মুখত শুনিছিল?
উত্তৰঃ আত্মৰক্ষা শব্দটো অতনুৱে প্ৰথমবাৰ মনালিছা বৰুৱা বাইদেউৰ মুখত আৰু দ্বিতীয়বাৰ মনোজ খুৰাকৰ মুখত শুনিছিল।
(ঝ) কাৰোবাৰ স্পর্শ বেয়া বুলি কেনেকৈ সহজতে গম পাব পাৰিব?
উত্তৰঃ কোনোবাই আমাক মৰম কৰোঁতে কৰা স্পৰ্শত যদি আমি অসহজ অনুভৱ কৰোঁ, তেন্তে সেই স্পৰ্শ বেয়া বুলি সহজতে গম পাব পাৰি।
(ঞ) ডাক্তৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত কিবা অৰিহণা যোগাইছিলনে? গল্পটিৰ কোনখিনি কথাৰপৰা ডাক্তৰ কাকতিৰ অৰিহণা স্পষ্ট হৈছে লিখা।
উত্তৰঃ হয়, ডাক্তৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত যথেষ্ট অৰিহণা যোগাইছিল। ডাক্তৰ কাকতিয়ে অতনুক কৈছিল, “তুমি হেনো ডাঙৰ হ’লে আমাৰ মনোজ খুৰাৰ দৰে আৰক্ষী বিষয়া হ’বা? খামিডাঠ পুলিচ হ’বলৈ আটিল শৰীৰৰ অধিকাৰী হ’ব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সতেজ ফল-মূল খোৱাটো প্ৰয়োজনীয়।” এই কথাবোৰে অতনুক স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ লগতে আৰক্ষী বিষয়া হৈ সকলোকে সুৰক্ষা দিয়াৰ লক্ষ্যটোৰ প্ৰতি দৃঢ় কৰি তুলিছিল।
(ট) অতনুৱে অৱশেষত নিজৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰিব পাৰিলেনে?
উত্তৰঃ হয়, অতনুৱে অৱশেষত সকলোকে সুৰক্ষা দিব পৰা কিবা এটা হোৱাৰ (যেনে- আৰক্ষী বিষয়া) লক্ষ্য ঠিৰাং কৰিব পাৰিলে।
২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লিখা।
(ক) মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি কৈছিল?
উত্তৰঃ মনালিছা বৰুৱা বাইদেৱে শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যে, “লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে। আমাক লক্ষ্য লাগিব, লক্ষ্যৰ বাবে সপোন লাগিব আৰু সপোন সাকাৰ কৰিবৰ বাবে লাগিব অধ্যৱসায়।”
(খ) অতনুৱে আৰক্ষী বিষয়া হ’ম বুলি কিয় ভাবিছিল? এই প্ৰেৰণা তেওঁ কাৰপৰা পাইছিল?
উত্তৰঃ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ অতনুৱে আৰক্ষী বিষয়া হ’ম বুলি ভাবিছিল। এই প্ৰেৰণা তেওঁ দেউতাকৰ বন্ধু তথা আৰক্ষী বিষয়া মনোজ খুৰাকৰ পৰা পাইছিল।
(গ) দেশৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কিহৰ বাবে কৃতজ্ঞতাৰ ভাব জাগিছিল?
উত্তৰঃ দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লৈ সৈনিকসকলে কাশ্মীৰৰ দৰে দুৰ্গম ঠাইবোৰতো দিনে-ৰাতিয়ে পহৰা দি থাকে। তেওঁলোক পহৰা দি আছে বাবেই আমি নিৰাপদে আৰু সুৰক্ষিত অনুভৱ কৰোঁ। এই কথাষাৰ ভাবিয়েই সীমান্তৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কৃতজ্ঞতাৰ ভাব জাগিছিল।
(ঘ) সুস্বাস্থ্যৰ বাবে আমি কি কি উপায় অৱলম্বন কৰিব লাগে?
উত্তৰঃ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ আমি তলত দিয়া উপায়সমূহ অৱলম্বন কৰিব লাগে—
(i) সতেজ ফল-মূল আৰু শাক-পাচলি গ্ৰহণ: শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি নিয়মীয়াকৈ বতৰৰ সতেজ ফল-মূল আৰু শাক-পাচলি খাব লাগে।
(ii) বজাৰৰ প্ৰস্তুত খাদ্য পৰিহাৰ: বজাৰত পোৱা জুতি লগা প্ৰস্তুত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ এনে খাদ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰে।
(iii) শাৰীৰিক কছৰৎ আৰু খেল-ধূলা: শৰীৰটো আটিল আৰু শক্তিশালী কৰি ৰাখিবলৈ নিয়মীয়াকৈ খেল-ধূলা, শাৰীৰিক কছৰৎ আৰু ক্ৰীড়া বা যোগাভ্যাস কৰিব লাগে।
(ঙ) স্বাস্থ্য সুৰক্ষাহে জীৱনৰ মূল কথা—ইয়াৰ সপক্ষে তিনিটা যুক্তি দিয়া।
উত্তৰঃ স্বাস্থ্য সুৰক্ষাই জীৱনৰ মূল কথা, ইয়াৰ সপক্ষে তিনিটা যুক্তি হ’ল—
(i) স্বাস্থ্য ভালে থাকিলেহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ৰোগৰ পৰা হাত সাৰিব পাৰি।
(ii) আত্মৰক্ষাৰ বাবে আৰু যিকোনো বিপদৰ পৰা নিজকে বচাবলৈ শাৰীৰিক শক্তিৰ প্ৰয়োজন, যিটো সুস্বাস্থ্য অবিহনে সম্ভৱ নহয়।
(iii) জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ (যেনে- এজন শক্তিশালী আৰক্ষী বিষয়া হ’বলৈ) আটিল আৰু শক্তিশালী শৰীৰৰ প্ৰয়োজন, সেয়েহে কোৱা হয় “দেহা থাকিলেহে বেহা”।
৩। তলত দিয়া প্রশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
(i) ডাক্তৰ কাকতিয়ে অতনুক কোৱা কথাখিনিৰ মূল উদ্দেশ্য তলৰ কোনটো নহয়?
(ক) অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা।
(খ) অতনুক সতেজ খাদ্য খাবলৈ উদগনি জনোৱা।
(গ) অতনুক এজন ভাল আৰক্ষী বিষয়া হ’বলৈ উদগনি জনোৱা।
(ঘ) অতনুক স্বাস্থ্য ৰক্ষাৰ ৰীতি শিকোৱা।
উত্তৰঃ (ক) অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা।
(ii) গল্পটোৰ মূল বিষয়বস্তু কি?
(ক) স্বাস্থ্য সচেতনতা।
(খ) আত্মৰক্ষা।
(গ) শৰীৰ চর্চা।
(ঘ) প্রতিৰক্ষা।
উত্তৰঃ (খ) আত্মৰক্ষা।
৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কথা—
(ক) লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে।
উত্তৰঃ প্ৰসংগ: উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘আত্মৰক্ষা’ নামৰ পাঠটোৰ পৰা তুলি ধৰা হৈছে। কথাষাৰ শিক্ষয়িত্ৰী মোনালিছা বৰুৱা বাইদেৱে অতনুক উদ্দেশ্যি কৈছিল।
সংগতি: শিক্ষয়িত্ৰী মোনালিছা বাইদেৱে প্ৰথম দিনা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ হৈ কি হ’ব বিচাৰে বুলি সোধাত অতনুৱে কোনো নিৰ্দিষ্ট উত্তৰ দিব পৰা নাছিল। তাৰ একেলগে পাইলট, আৰক্ষী বিষয়া, ব্যৱসায়ী বা শিক্ষক আদি বহুতো কিবাকিবি হ’বলৈ মন গৈছিল। অতনুৰ মনৰ এই দুৰ্ঘোৰ নিৰ্দিষ্ট লক্ষ্যহীনতা দেখিয়েই শিক্ষয়িত্ৰীগৰাকীয়ে তাক জীৱনৰ লক্ষ্যৰ গুৰুত্ব বুজাবলৈ এই কথাষাৰ কৈছিল।
ব্যাখ্যা: এখন নাও চলাবলৈ যেনেকৈ ব’ঠাৰ প্ৰয়োজন, ব’ঠা নহ’লে নাওখনে যেনেকৈ কেতিয়াও নিজৰ গন্তব্যস্থানত উপনীত হ’ব নোৱাৰে, ঠিক তেনেকৈ মানুহৰ জীৱনতো এটা নিৰ্দিষ্ট লক্ষ্য থকাটো অতিকৈ প্ৰয়োজন। লক্ষ্য অবিহনে মানুহে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰে। সেয়েহে শিক্ষয়িত্ৰীগৰাকীয়ে অতনুক সৰুতেই জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি সেই সপোন সাকাৰ কৰিবলৈ অধ্যাৱসায় কৰাৰ উপদেশ দিছিল।
(খ) দেহা থাকিলেহে বেহা।
উত্তৰঃ প্ৰসংগ: উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘আত্মৰক্ষা’ নামৰ পাঠটোৰ পৰা তুলি ধৰা হৈছে। কথাষাৰ চিকিৎসক ডাক্তৰ কাকতিয়ে অতনুক উদ্দেশ্যি কৈছিল।
সংগতি: এদিন অতনুৰ তীৰকঁপে জ্বৰ উঠাত ডাক্তৰ কাকতিক মতা হৈছিল। ডাক্তৰে মাকৰ পৰা গম পাইছিল যে অতনুৱে সেউজীয়া শাক-পাচলি আৰু ফল-মূল খাবলৈ একেবাৰে নিবিচাৰে, যাৰ বাবে তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে। অতনুৱে ভৱিষ্যতে মনোজ খুৰাৰ দৰে এজন আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল। এজন আৰক্ষী বিষয়া হ’বলৈ প্ৰয়োজনীয় আটিল আৰু শক্তিশালী শৰীৰ গঠনৰ বাবে স্বাস্থ্য ৰক্ষাৰ গুৰুত্ব বুজাবলৈ গৈয়ে ডাক্তৰ কাকতিয়ে তাক এই কথাষাৰ কৈছিল।
ব্যাখ্যা: ‘দেহা থাকিলেহে বেহা’ ফকৰা-যোজনাটিৰ অৰ্থ হ’ল শৰীৰ সুস্থ থাকিলেহে মানুহে যিকোনো কাম সফলতাৰে কৰিব পাৰে। আৰক্ষী বিষয়া হ’বলৈ হ’লে আটিল আৰু শক্তিশালী শৰীৰৰ প্ৰয়োজন। সুস্বাস্থ্যই হৈছে জীৱনৰ মূল কথা; শৰীৰটো ভালে থাকিলেহে মানুহে ভৱিষ্যতে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব।
৫। “আজি-কালিৰ ল’ৰা-ছোৱালীয়ে বতৰৰ ফল-মূল নাখায়, পাচলি নাখায়। বজাৰৰ জুতি লগা প্রস্তুত খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰিছে।” —এই কথাষাৰ কোনে কাক কিয় কৈছিল? বুজাই লিখা।
উত্তৰঃ এই কথাষাৰ স্থানীয় চিকিৎসক ডাক্তৰ কাকতিয়ে অতনু আৰু তাৰ মাক-দেউতাকক উদ্দেশ্যি কৈছিল। এদিন অতনুৰ তীৰকঁপে জ্বৰ উঠাত ডাক্তৰ কাকতিক ঘৰলৈ মতা হৈছিল। ডাক্তৰ কাকতিয়ে অতনুক পৰীক্ষা কৰি ঔষধ লিখি থকাৰ সময়ত এই কথাষাৰ কৈছিল। ইয়াৰ কাৰণ আছিল যে অতনুৱে সেউজীয়া শাক-পাচলি আৰু ফল-মূল খাবলৈ নিবিচাৰিছিল। ডাক্তৰ কাকতিয়ে বুজাব বিচাৰিছিল যে আজিকালিৰ ল’ৰা-ছোৱালীয়ে বজাৰৰ কৃত্ৰিম আৰু প্ৰস্তুত খাদ্য বেছিকৈ খোৱাৰ ফলত সিহঁতৰ শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে, যাৰ বাবে সিহঁত সঘনাই বেমাৰত পৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

