Class 10 Social History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

Class 10 Social History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম and select needs one.

Class 10 Social History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম Solutions for All Subject, You can practice these here.

প্ৰথম খণ্ড ইতিহাস

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

( RISE OF GANDHI AND THE FREEDOM MOVEMENT OF INDIA )

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোন গৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে?

উত্তৰঃ মহাত্মা গান্ধীৰ ।

প্রশ্ন ২। ১৯১৭ চনৰ ৰুচ বিপ্লৱে কি প্ৰমাণ কৰি দেখুৱায়? 

উত্তৰঃ সাধাৰণ জনতাৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে।

প্রশ্ন ৩। ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ নামৰ ৰাজনৈতিক সংগঠনটো কোনে, কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাৰ নাটালত। 

প্রশ্ন ৪। চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল?

উত্তৰঃ ১৯১৭ চনত। 

প্রশ্ন ৫। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৬। সত্যাগ্রহ হ’ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্রায়চিত্তকৰণৰ প্ৰক্ৰিয়া। কথাষাৰ কাৰ?

উত্তৰঃ মহাত্মা গান্ধীৰ।

প্রশ্ন ৭। কোন চনত জালিৱানৱালাৰাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৮। কিমান চনত অমৃতসৰৰ জালিৱানবালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ১৯১৯ চনৰ ১৩ এপ্ৰিলত।

প্রশ্ন ৯। কোন চনত অসহযোগ আন্দোলন অন্ত পৰে? 

উত্তৰঃ ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰীত।

প্রশ্ন ১০। আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ কি আছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন।

Multiple Choice Questions & Answers

1. সত্যাগ্ৰহৰ ভিত্তি হ’ল—

(a) অহিংসা।

(b) স্বৰাজ।

(c) সত্য।

(d) গ্রাম্য।

উত্তৰঃ (a) অহিংসা।

2. কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল—

(a) স্বৰাজ।

(b) সত্যাগ্রহ।

(c) অহিংসা।

(d) সত্য।

উত্তৰঃ (b) সত্যাগ্রহ।

3. ১৯১৭ চনত ইতিহাসত কোনটো বিপ্লব সংঘটিত হৈছিল— 

(a) ফৰাচী বিপ্লৱ।

(b) আগষ্ট বিপ্লৱ।

(c) ৰুচ বিপ্লৱ।

(d) সেউজ বিপ্লৱ।

উত্তৰঃ (c) ৰুচ বিপ্লৱ।

4. সীমান্ত গান্ধী হিচাপে জনা যায়—

(a) খান আব্দুল গফুৰ খান।

(b) খান ৰহমত খান।

(c) মহম্মদ আলি জিন্না।

(d) তয়বুৰ জিন্নাতুল।

উত্তৰঃ (a) খান আব্দুল গফুৰ খান।

5. গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল— 

(a) সত্যাগ্রহ।

(b) ভাৰত ত্যাগ।

(c) অসহযোগ।

(d) আইন অমান্য।

উত্তৰঃ (b) ভাৰত ত্যাগ।

6. সবৰমতী আশ্রম অৱস্থিত— 

(a) বিহাৰত।

(b) গুজৰাটত।

(c) ৰাজস্থানত।

(d) নেপালত।

উত্তৰঃ (b) গুজৰাটত।

7. মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল— 

(a) ১৮৮৯ চনত।

(b) ১৮৮১ চনত।

(c) ১৮৯১ চনত।

(d) ১৭৮১ চনত।

উত্তৰঃ‌ (c) ১৮৯১ চনত।

8. জালিৱানৱালাবাগ অৱস্থিত—

(a) বিহাৰত।

(b) অসমত।

(c) পশ্চিমবংগত।

(d) পঞ্জাৱত।

উত্তৰঃ (d) পঞ্জাৱত।

9. গান্ধীৰ দাণ্ডিযাত্ৰা আৰম্ভ হৈছিল— 

(a) ১৯৩০ চনৰ ১২ মাৰ্চত।

(b) ১৯৩০ চনৰ ১৭ মাৰ্চত।

(c) ১৯৩১ চনৰ ২ মাৰ্চত।

(d) ১৯৩১ চনৰ ১২ মাৰ্চত।

উত্তৰঃ (a) ১৯৩০ চনৰ ১২ মাৰ্চত।

10. অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন—

(a) মহাত্মা গান্ধী।

(b) মতিলাল নেহৰু।

(c) জৱাহৰলাল নেহৰু।

(d) বিনোৱা ভাবে।

উত্তৰঃ (a) মহাত্মা গান্ধী।

11. দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্রয়োগ কৰা চনটো হ’ল—

(a) ১৮৯৩ চনত।

(b) ১৮৯৫ চনত।

(c) ১৮৮৯ চনত।

(d) ১৮৯০ চনত।

উত্তৰঃ (a) ১৮৯৩ চনত।

12. দ্বিতীয় ঋংৱ্যৱৱৃংঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল—

(a) ১৯১৩ চনত।

(b) ১৯২৩ চনত।

(c) ১৯৩১ চনত।

(d) ১৯৩২ চনত।

উত্তৰঃ (c) ১৯৩১ চনত।

13. মুছলিম লীগে ‘মুক্তি দিৱস’ হিচাপে পালন কৰে—

(a) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

(b) ১৯৩৮ চনৰ ২ ডিচেম্বৰত।

(c) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

(d) ১৯৩৮ চনৰ ১২ ডিচেম্বৰত।

উত্তৰঃ (a) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

14. “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম” উক্ত কথাফাঁকি কাৰ—

(a) সীমান্ত গান্ধী।

(b) সুভাষ চন্দ্র বসু।

(c) মহাত্মা গান্ধী।

(d) লাল বাহাদুৰ শাস্ত্রী।

উত্তৰঃ (b) সুভাষ চন্দ্র বসু।

15. ‘দিল্লী চলো’ আন্দোলনত প্রথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন কোন—

(a) আচাৰ্য বিনোৱা ভাবে।

(b) সুভাষ চন্দ্র বসু।

(c) মহাত্মা গান্ধী।

(d) মতিলাল নেহৰু।

উত্তৰঃ (a) আচাৰ্য বিনোৱা ভাবে।

16. ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰী আছিল—

(a) ক্লিমেন্ট এটুলি।

(b) থেৰেচা মেই।

(c) উইনস্টন চার্চিল।

(d) ৰামজে মেকডোনাল্ড।

উত্তৰঃ (d) ৰামজে মেকডোনাল্ড।

17. ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল?

(a) ফেব্ৰুৱাৰী, ১৯৪৭।

(b) জুন, ১৯৪৭।

(c) জুলাই,১৯৪৭।

(d) মার্চ, ১৯৪৭।

উত্তৰঃ (c) জুলাই,১৯৪৭।

18. মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম হ’ল—

(a) নাটাল ইণ্ডিয়ান কংগ্ৰেছ।

(b) ভাৰতীয় জাতীয় কংগ্ৰেছ।

(c) আজাদ হিন্দ ফৌজ।

(d) স্বৰাজ দল।

উত্তৰঃ (a) নাটাল ইণ্ডিয়ান কংগ্ৰেছ।

19. যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰা আইনখন হ’ল— 

(a) ভাৰত চৰকাৰ আইন।

(b) ৰাওলাট আইন।

(c) নিয়ন্ত্ৰণকাৰী আইন।

(d) ভাৰতীয় পৰিষদ আইন।

উত্তৰঃ (b) ৰাওলাট আইন।

20. সত্যাগ্রহ আন্দোলন আৰম্ভ হৈছিল— 

(a) ১৯২০ চনৰ ৬ এপ্ৰিলত।

(b) ১৯২০ চনৰ ২৫ এপ্ৰিলত।

(c) ১৯১৯ চনৰ ৬ এপ্রিলত।

(d) ১৯১৯ চনৰ ১৩ এপ্ৰিলত।

উত্তৰঃ (c) ১৯১৯ চনৰ ৬ এপ্রিলত।

অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।

অতি চমু উত্তৰৰ প্রশ্ন

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পােৰবন্দৰত হৈছিল ।

২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পােন প্রথমতে প্রয়ােগ কৰিছিল ?

উত্তৰঃ সত্যাগ্রহৰ কৌশল গান্ধীয়ে পােন প্রথমতে দক্ষিণ আফ্রিকাত প্রয়ােগ কৰিছিল ।

৩। ৰবীন্দ্রনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল ? 

উত্তৰঃ জালিৱান ৱালাবাগৰ  হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰৰ আৰোপিত ‘নাইট’ উপাধি ত্যাগ কৰিছিল ।

৪। কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ? 

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ।

৫। চৌৰীচৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ চৌৰীচৌৰা ঘটনা ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ।

৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ? 

উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত ছাইমন বিৰোধী প্রতিবাদী সমদলে প্রতিবাদ সাব্যস্ত কৰোঁতে সমদলটোৰ ওপৰত লাঠী চালনাৰ ফলস্বৰূপে লালা লাজপত ৰায় গুৰুতৰভাৱে আহত হয় আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয় ।

৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ  ১৯২৯ চনত লাহােৰতজৱাহলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল ।

৮। গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লােণ আইন ভংগ কৰিবলৈ গৈছিল । সৱৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান ? 

উত্তৰঃ গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লােণ আইন ভংগ কৰিবলৈ গৈছিল । সৱৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব আছিল ৩৮৫ কিঃমিঃ । 

৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা  যায় ।

১০। লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ? 

উত্তৰঃ লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ।

১১। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা বৃটিছ প্রধানমন্ত্রীজনৰ নাম কিআছিল ?

উত্তৰঃ ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা বৃটিছ প্রধানমন্ত্রীজনৰ নাম হ’ল- ৰামছে মেকডোনাল্ডে ।

১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম ‘ শ্লোগান দিছিল ?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম ‘ শ্লোগান দিছিল ।

১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা হ’ল- কেপ্টেইন সোহন সিং । 

১৪।  “মোক তেজ দিয়া , মই তােমালােকক স্বাধীনতা দিম ” এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ? 

উত্তৰঃ “মোক তেজ দিয়া , মই তােমালােকক স্বাধীনতা দিম ” এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্র বসুৰ আছিল ।

 ১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়  ।

দীঘল উত্তৰৰ প্ৰশ্ন

১। সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা । 

উত্তৰঃ সত্যাগ্রহ শব্দটো ‘সত্য’ আৰু ‘আগ্রহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে । ইয়াৰ অৰ্থ হৈছে ‘ সত্যৰ প্রতি আগ্রহ ‘ অৰ্থাৎ সত্যনিষ্ট হৈ কাম কৰা । সত্যাগ্রহৰ ভিত্তি হৈছে অহিংসা আৰু সত্য । এইটো হৈছে ক্ষোভ – অসন্তুষ্টি প্রকাশৰ শান্তিপূর্ণ উপায়েৰে ক্ষমতাৰ বিৰুদ্ধে নিৰস্ত্র সংগ্রাম । অৱশেষত দক্ষিণ আফ্রিকা আৰু ভাৰত উভয়তে ব্রিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হােৱাৰ ক্ষেত্ৰত সত্যাগ্রহ গান্ধীজীৰ মুখ্য অস্ত্র হৈ পৰিছিল । ১৯১৫ চনত গান্ধীজীয়ে ভাৰতত আহি বিস্তৃতভাৱে সত্যাগ্রহ আন্দোলন সংগঠিত কৰিছিল । যি  তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল- 

(ক) ১৯১৭ চনত গান্ধীয়ে উত্তৰ বিহাৰৰ চম্পাৰণৰ ভূ স্বামী সকলৰ বিপক্ষে মাত মাতিছিল । শ্ৰমিকসকলে চহকী নীল খেতিৰ গৰাকীসকলৰ অসংগত ব্যৱস্থাপনাৰ বাবে অশেষ যাতনা ভােগ কৰিবলগীয়া হৈছিল ।

(খ) ১৯১৮ চনত গুজৰাটৰ খেড়াত খেতি নষ্ট হােৱা সত্ত্বেও চৰকাৰে অত্যাধিক ৰাজহ আৰোপ কৰিছিল। মহাত্মা গান্ধীয়ে কৃষকসকলৰ হৈ মাত মাতিছিল আৰু কৃষকসকলৰ ৰাজহ ৰেহাইৰ দাবী মানি নােলােৱালৈকে ৰাজহ পৰিশােধন কৰিবলৈ তেওঁলােকক পৰামর্শ প্রদান কৰিছিল ।

(গ) আহমেদাবাদৰ মিল শ্রমিক আৰু মিল মালিকসকলৰ মাজৰ বিবাদ মীমাংসা কৰিবলৈ সত্যাগ্রহক কৌশল হিচাপে প্রয়ােগ কৰিছিল । 

২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ? 

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয় হোৱাত খলিফাৰ ক্ষমতা খলিফা হ্রাস পাইছিল । যেতিয়া মুছলমানসকলে উপলদ্ধি কৰিছিল যে তেওঁলােকৰ আধ্যাত্মিক গুৰু খলিফাৰ তুৰস্কৰ পবিত্ৰ ঠাইবােৰৰ পৰা নিয়ন্ত্রণ নাইকিয়া হৈছে, তেতিয়া তেওঁলােক যথেষ্ট শংকিত হৈ পৰিছিল । গতিকে ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মর্যাদালৈ ঘূৰাই অনাৰ  উদ্দেশ্যে মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতৰ মুছলমানসকলে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল । গান্ধীজীয়ে ৰাষ্টীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমান লােকসকলক ঐক্যবদ্ধ কৰাৰ লক্ষ্যেৰে এই আন্দোলনলৈ মুকলি সমর্থন আগবঢ়াইছিল ।

৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযােগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰঃ ১৯২০-২২ চনত গান্ধীজীয়ে অসহযােগ আন্দোলন আৰম্ভ কৰাৰ কেইটামান কাৰণ হৈছে – 

(ক) প্রথম বিশ্বযুদ্ধত ভাৰতে ব্রিটেইনক সমর্থন কৰাৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনীতিত নেতিবাচক প্রভাৱ পৰিছিল । 

(খ) ১৯১৯ চনৰ ৰাওলাট আইনে ভাৰতীয়সকলৰ ওপৰত দমনমূলক পদক্ষেপ গ্রহণ কৰা বুলি ভাৰতীয়সকলে অনুভৱ কৰিব পাৰিছিল । এই আইনৰ অধীনত সন্ত্রাসবাদী কার্যকলাপৰ লগত জড়িত বুলি সন্দেহ হােৱা লােকসকলক বিনা বিচাৰে ২ বছৰৰ বাবে কাৰাবাস খাটিব লগা হৈছিল ।

(গ)  ১৯১৯ চনত জালিয়ানৱালাবাগৰ  হত্যাকাণ্ডই ভাৰতীয়সকলক মর্মাহত কৰিছিল আৰু ব্রিটিছক বিতাড়িত কৰিবলৈ দৃঢ়সংকল্পবদ্ধ কৰিছিল ।

(ঘ) ব্ৰিটিছসকলে ভাৰতত কৰা অর্থনৈতিক শােষণ সন্দর্ভত ভাৰতীয়সকলে উপলব্ধিৰ ফলত গান্ধীজীৰ আন্দোলনে জনসমর্থন আদায় কৰিব পাৰিছিল । 

অসহযােগ আন্দোলনৰ কেইটামান কাৰ্যসূচী তলত উল্লেখ কৰা হল- 

(ক) দেশৰ বিভিন্ন স্থানত বিদেশী বস্তু বৰ্জন কৰা হৈছিল । 

(খ) বিদেশী বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বর্জন কৰা হৈছিল । 

(গ) ছাত্র – ছাত্রীসকলে  চৰকাৰী বিদ্যালয় – মহাবিদ্যালয় এৰি দিছিল । 

(ঘ) কাশী বিদ্যাপীঠ , বেনাৰস বিদ্যাপীঠৰ লগতে আলিগঢ়ত জাতীয় মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ।

(ঙ)  কংগ্ৰেছে প্রায় চল্লিশ লাখ স্বেচ্ছাসেৱকক ত্রই আন্দোলনত সদস্যভুক্ত কৰিছিল । 

(চ) ৰাইজৰ জৰিয়তে বিবাদৰ মীমাংসা কৰিবলৈ আৰম্ভ কৰিছিল । 

(জ)  বৃটিছে প্ৰদান কৰা উপাধি আৰু সন্মান ত্যাগ কৰিছিল। 

১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত তিনিজন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি পৰিহাৰ কৰা বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে গান্ধীজীয়ে  ত্রই আন্দোলন বন্ধ কৰিছিল।

৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ- আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছনৰ বিৰোধিতা কৰা, মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা, টকা আৰু ষ্টার্লিঙৰ অনুপাত পৰিৱৰ্তন কৰা, লােণ কৰ আৰু অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্ত কৰা, বিদেশী বস্ত্ৰৰ ওপৰত সীমা শুল্ক আৰােপ কৰা, সকলাে ৰাজনৈতিক বন্দীক মুকলি কৰা আৰু আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র – শস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা । 

আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্য আছিল দেশৰ লােণ আইন ভংগ কৰা। ব্রিটিছ চৰকাৰৰ এই আইনক গান্ধীজীয়ে প্ৰত্যাহ্বান জনাইছিল । সেয়ে, এই আন্দোলন লােণ সত্যাগ্রহৰ জৰিয়তে সূচনা হৈছিল । ১৯৩০ চনৰ ১২ মার্চত ৭৮ জন অনুগামীৰ সৈতে গান্ধীজীয়ে সমুদ্র উপকূলত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল । অতি কম সময়ৰ ভিতৰতে এই আন্দোলন দেশৰ সকলাে ঠাইতে ব্যাপ্ত হৈ পৰিছিল আৰু লােণ আইন ভংগৰ জৰিয়তে ব্রিটিছৰ বিৰােধিতা কৰিছিল । খান আব্দুল গফৰ খানৰ নেতৃত্বত ৰেড চার্টছ হিচাপে জ্ঞাত ‘খুদাই খিটমদগাছ ‘ ( ঈশ্বৰৰ সেৱক ) সকলে আন্দোলনটোৰ পৰিচালনা কৰিছিল। শ শ মহিলাই এই আন্দোলনত যােগদান কৰিছিল যিসকলে মহাত্মা গান্ধীৰ লােণ আইন ভংগ কৰা ধাৰণাটোৰ প্ৰতি সমর্থন কৰিছিল । এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতা প্রেমী লােকক গ্রেপ্তাৰ কৰা হয় ।

৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে ? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া ।

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সূচনা হােৱা পৰিস্থিতি কেইটা তলত উল্লেখ কৰা হ’ল-

(ক) ক্রিপছমিছনৰ ব্যর্থতা । 

(খ) জাপানে  দিয়া ভাৰত আক্ৰমণৰ ভাবুকি ।

(গ) পূর্ববংগৰ সন্ত্রাস ।

(ঘ) ব্রিটিছে ভাৰতক সুৰক্ষা প্ৰদান কৰিব নােৱাৰিব বুলি ভাৰতীয়সকলৰ মনত উদয় হােৱা উপলব্ধি । এই তীব্র গণ আন্দোলনে ভাৰতৰ ব্রিটিছ চৰকাৰৰ ভেটি কঁপাই তুলিছিল । 

দেশৰ স্বাধীনতা লাভৰ বাবে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা শেষৰটো গণ আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন । ১৯৪২ চনৰ ৮ আগষ্টত বােম্বাইত মিলিত হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ প্রস্তাৱৰ কিছুৰূপান্তৰ ঘটাই ইয়াক গৃহীত কৰে । গান্ধীৰ কৰিম কিম্বা মৰিম’ ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ সমগ্ৰ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল। সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী সামগ্রী পূর্ণ দোকান-ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিল। ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্রাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যন্য উদাহৰণ আছিল। ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্রাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যন্য উদাহৰণ আছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল ৷

৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। 

উত্তৰঃ ভাৰতীয় বিষয়া কেপ্টেইন সোহান সিং ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পােন প্রথমে গ্ৰহণ কৰিছিল । ১৯৪২ চনৰ জুন মাহত বেংককত অনুষ্ঠিত হোৱা সন্মিলনত ৰাসবিহাৰী বসুক সভাপতি হিচাপে নির্বাচিত কৰা হৈছিল আৰু তাতেই ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজৰ পুনৰুজ্জীৱিতকৰণৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

১৯৪৩ চনৰ ২১ অক্টোবৰত ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ গঠন কৰি সুভাষ চন্দ্র বসুৱে ব্রিটিছ – মুক্ত ভাৰত গঠনৰ সংকল্প লৈছিল। বহুতাে মহিলাক সৈন্য বাহিনীত ভর্তি কৰা হৈছিল । মহিলাসকলৰ বাহিনীটোক ঝান্সিৰাণী ৰেজিমেন্ট ’ নামেৰে নামকৰণ কৰা হৈছিল । ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্রিটিছসকলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল ।ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’ ব্ৰিটিছ আৰু সহযোগীসকলৰ সেনাৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপান, ব্রহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু ম‍ই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্ম সমৰ্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্ম-সমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। ১৯৪৫ চনত সংঘটিত হােৱা এক বিমান দুর্ঘটনাত সুভাষ চন্দ্র বসুৱে মৃত্যুবৰণ কৰে বুলি অনুমান কৰা হৈছে । ভাৰতীয় জাতীয় সেনাবাহিনীয়ে স্বাধীনতা প্রাপ্তিৰ হকে ভাৰতৰ জাতীয় সংগ্রামত স্মৰণীয় ভূমিকা পালন কৰিছিল ।

1 thought on “Class 10 Social History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top