Class 10 Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ

Class 10 Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

এচিড, ক্ষাৰক আৰু লৱণ

Chapter – 2

ৰসায়ন বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে –

(a) 5.6 তকৈ কম।

(b) 5.5 তকৈ কম।

(c) 7.0 ৰ পৰা 7.8।

(d) 0 ৰ পৰা 14। 

উত্তৰঃ (c) 7.0 ৰ পৰা 7.8।

2. তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়-

(a) 7.0 তকৈ কম।

(b) 5.5 তকৈ কম।

(c) 5.6 তকৈ বেছি।

(d) 5.5 তকৈ বেছি।

উত্তৰঃ  (b) 5.5 তকৈ কম।

3. চোৰাত পাতৰ শুঙে বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়-  

(a) এছেটিক এচিড।

(b) চাইট্রিক এচিড।

(c) লেক্‌টিক এচিড।

(d) মিথানয়িক এচিড।

উত্তৰঃ (d) মিথানয়িক এচিড।

4. ছডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—

(a) প্রশম।

(b) ক্ষাৰকীয়।

(c) আম্লিক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) প্রশম।

5. এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—

(a) ক্ষাৰকীয়।

(b) আম্লিক।

(c) প্রশম।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) আম্লিক।

6. এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি— 

(a) ক্ষাৰকীয়।

(b) প্রশম।

(c) আম্লিক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) ক্ষাৰকীয়।

7. তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—

(a) প্রশম।

(b) আম্লিক।

(c) ক্ষাৰকীয়।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) প্রশম।

8. তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্রশম –

(a) CO₂ 

(b) SO₂ 

(c) H₂O 

(d) SO₃ 

উত্তৰঃ (c) H₂O 

9. তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান—

(a) ছ’ডিয়াম হাইড্রক্সাইড।

(b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

(c) ছ’ডিয়াম কার্বনেট।

(d) ব্লিচিং পাউদাৰ।

উত্তৰঃ (b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

10. তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়?

(a) কাপোৰ ধোৱা ছডা।

(b) বেকিং ছ’ডা।

(c) ছ’ডিয়াম হাইড্রক্সাইড।

(d) ব্লিচিং পাউদাৰ। 

উত্তৰঃ (a) কাপোৰ ধোৱা ছডা।

11. তলৰ কোনবিধ যৌগই ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে?

(a) ছ’ডিয়াম হাইড্রক্সাইড।

(b) কেলছিয়াম হাইড্রক্সাইড।

(c) ছ’ডিয়াম কার্বনেট।

(d) পটেছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (b) কেলছিয়াম হাইড্রক্সাইড।

12. প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ— 

(a) কপাৰ ছালফেট।

(b) ছ’ডিয়াম কার্বনেট।

(c) বেকিং ছডা। 

(d) জিপছাম।

উত্তৰঃ (d) জিপছাম।

13. এটা দ্রৱই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাব্য pH মান হ’ব—  

(a) 1 

(b) 7

(c) 8

(d) 10

উত্তৰঃ (a) 1

14. তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছ’ডিয়াম কার্বনেট পাব পাৰি — 

(a) শিথিলিত চূণ।

(b) বেকিং ছডা।

(c) জিপছাম।

(d) প্লাষ্টাৰ অব পেৰিছ।

উত্তৰঃ (b) বেকিং ছডা।

15. ক্ল’ৰ – এলকালি পদ্ধতিত উৎপন্ন হয় — 

(a) ছ’ডিয়াম হাইড্র’ক্সাইড।

(b) ক্ল’ৰিণ।

(c) হাইড্ৰ’জেন।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

16. এচিড বৰষুণৰ pH মানৰ পৰিসৰ—

(a) 7.0 – 7.8

(b) 0

(c) 5.6 তকৈ কম।

(d) 5.6 তকৈ বেছি।

উত্তৰঃ (c) 5.6 তকৈ কম।

17. এচিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো— 

(a) কার্বন ডাইঅক্সাইড। 

(b) হাইড্ৰ’জেন।

(c) নাইট্ৰ’জেন।

(d) অক্সিজেন।

উত্তৰঃ (b) হাইড্ৰ’জেন।

18. এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেনকার্বনেটৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো–

(a) হাইড্ৰ’জেন।

(b) নাইট্ৰ’জেন।

(c) কার্বন ডাইঅক্সাইড।

(d) ছালফাৰ ডাই অক্সাইড।

উত্তৰঃ (c) কার্বন ডাইঅক্সাইড।

19. ছডা এচিড অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা ছ’ডিয়াম যৌগ–

(a) বেকিং ছড়া।

(b) ছ’ডিয়াম হাইড্রক্সাইড।

(c) কাপোৰ ধোৱা ছডা।

(d) পটাছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (a) বেকিং ছড়া।

20. ব’ৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ছ’ডিয়াম যৌগবিধ–

(a) ছডিয়াম হাইড্রক্সাইড।

(b) কাপোৰ ধোৱা ছ’ডা। 

(c) বেকিং ছ’ডা।

(d) ছ’ডিয়াম ক্ল’ৰাইড।

উত্তৰঃ (b) কাপোৰ ধোৱা ছ’ডা। 

21. তলৰ কোনবিধ এবিধ প্রাকৃতিক সূচক নহয়? 

(a) লিটমাছ।

(b) হাইড্ৰে’নজিয়াৰ পাহি।

(c) মিথাইল অৰেঞ্জ।

(d) হালধী।

উত্তৰঃ (c) মিথাইল অৰেঞ্জ ।

22. প্রশম মাধ্যমত লিটমাছ দ্ৰবৰ বৰণ–

(a) বেগুনবুলীয়া।

(b) ৰঙা।

(c) নীলা।

(d) সেউজীয়া-নীলা।

উত্তৰঃ (a) বেগুনবুলীয়া।

23. তলৰ কোনটো এটা সাংশ্লেষিক সূচক? 

(a) লিটমাছ।

(b) জবা ফুলৰ পাহি। 

(c) হালধী।

(d) ফিন’ল ‘ফথেলিন।

উত্তৰঃ (d) ফিন’ল ‘ফথেলিন।

24. তলৰ কোনবিধ ঘ্রাণেন্দ্রিক সূচক?

(a) হালধী।

(b) লিটমাছ।

(c) পিয়াজ।

(d) মিথাইল অৰেঞ্জ।

উত্তৰঃ (c) পিয়াজ।

25. প্রশমন বিক্ৰিয়াত–

(i) এছিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে।  

(ii) লৱণ আৰু পানী উৎপন্ন হয়।

(iii) এছিড আৰু ক্ষাৰক উভয়ে উভয়ৰ প্ৰভাৱ নোহোৱা কৰে। 

(iv) লৱণ আৰু H₂উৎপন্ন হয়।

শুদ্ধ উক্তি/উক্তিবোৰ হ’ল—

(a) (i) আৰু (ii)

(b) (ii) আৰু (iii)

(c) কেৱল (ii)

(d) (i) আৰু (iv)

উত্তৰঃ (b) (ii) আৰু (iii)

26. ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ’ল। 

(a) H⁺ 

(b) H₂O⁺ 

(c) OH⁻ 

(d) H ⁻

উত্তৰঃ  (c) OH⁻ 

27. পানীত দ্রবীভূত ক্ষাৰকক কোৱা হয়।

(a) তীব্র ক্ষাৰক।

(b) মৃদু ক্ষাৰক।

(c) এলকালয়ড।

(d) ক্ষাৰ।

উত্তৰঃ (d) ক্ষাৰ।

28. যৌগ CaOCl₂ ৰ সাধাৰণ নাম–

(a) ব্লিচিং পাউদাৰ।

(b) বেকিং ছডা।

(c) বেকিং পাউদাৰ।

(d) কাপোৰ ধোৱা ছডা। 

উত্তৰঃ (a) ব্লিচিং পাউদাৰ।

29. বেকিং ছ’ডাৰ ৰাসায়নিক নাম–

(a) ছ’ডিয়াম হাইড্রক্সাইড।

(b) ছ’ডিয়াম কার্বনেট।

(c) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

(d) ছ’ডিয়াম অক্সাইড।

উত্তৰঃ (c) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

30. ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট উত্তপ্ত কৰিলে পোৱা যায়–

(i) ছ’ডিয়াম কার্বনেট। 

(ii) কার্বন ডাই অক্সাইড।

(iii) এছিডৰ ছ’ডিয়াম লৱণ। 

(iv) পানী।

শুদ্ধ বিকল্পটো হ’ল- 

(a) (i), (iii)

(b) (i), (iii)

(c) (ii), (iii), (iv)

(d) (i), (ii), (iv)

উত্তৰঃ (d) (i), (ii), (iv)

31. কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত কি? 

(a) CaCO₃

(b) Na₂ CO₃

(c) Na₂CO₃.10H₂O 

(d) NaHCO₃

উত্তৰঃ (c) Na₂CO₃.10H₂O 

32. বেকিং ছ’ডাৰ ৰাসায়নিক সংকেত হ’ল –

(a) NaNO₃

(b) NaHCO₃

(c) Na₂CO₃

(d) CaOCl₂

উত্তৰঃ (b) NaHCO₃

33. জিপছামৰ ৰাসায়নিক সংকেত হ’ল –

(a) CaSO₄.1/2 H₂O 

(b) CaSo₄

(c) CaSO₄.2H₂O 

(d) CaCO₃

উত্তৰঃ (c) CaSO₄.2H₂O 

34. জিপছামক 373K উষ্ণতাত উত্তপ্ত কৰিলে তলৰ কোনবিধ যৌগ উৎপন্ন হয়? 

(a) CaSO₄.5H₂O 

(b) Na₂CO₃.10H₂O

(c) Na₂CO₃

(d) CaSO₄.1/2H₂O 

উত্তৰঃ (d) CaSO₄. ½ H₂O 

35. যৌগ CaSO₄. 1/2  H₂O  ৰ সাধাৰণ নামটো হ’ল — 

(a) প্লাষ্টাৰ অব্ পেৰিছ।

(b) জিপছাম।

(c) আৰ্দ্ৰ কপাৰ ছালফেট। 

(d) কেলছিয়াম ছালফেট।

উত্তৰঃ (a) প্লাষ্টাৰ অব্ পেৰিছ।

36. আৰ্দ্ৰ কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত হ’ল— 

(a) CuSO₄.7H₂O 

(b) CuSO₄.5H₂O 

(c) CaSO₄.2H₂O 

(d) CuSO₄.10H₂O 

উত্তৰঃ (b) CuSO₄.5H₂O 

37. তলৰ কোনটো যৌগৰ ৰাসায়নিক নাম কেলছিয়াম ছালফেট হেমিহাইড্রেট?

(a) জিপছাম।

(b) কাপোৰ ধোৱা ছডা।

(c) প্লাষ্টাৰ অব পেৰিছ। 

(d) বেকিং ছডা। 

উত্তৰঃ (c) প্লাষ্টাৰ অব পেৰিছ। 

38. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াৰ pH হ’ব পাৰে–

(a) 1

(b) 4 

(c) 5 

(d) 10

উত্তৰঃ (d) 10

39. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে –

(a) NaCl 

(b) HCl 

(c) LiCl 

(d) KCI 

উত্তৰঃ (b) HCl 

40. NaOH দ্ৰৰ এটাৰ 10mL এ HCI দ্ৰৰ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰবৰ 20 ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৰ) পৰিমাণ হ’ব—  

(a) 4mL 

(b) 8mL 

(c) 12mL 

(d) 16mL

উত্তৰঃ (d)16mL

41. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(a) এন্টিবায়টিক।

(b) বেদনানাশক।

(c) অম্লনাশক।

(d) বীজাণুবাৰক।

উত্তৰঃ (c) অম্লনাশক।

Very Short & Short Type Questions and Answers

1. সূচক কি? 

উত্তৰঃ  যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সুচক বা সূচক বোলে।

2. দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া। 

উত্তৰঃ লিটমাছ, হালধী। 

3. দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা। 

উত্তৰঃ মিথাইল অৰেঞ্জ, ফিন’লথেলিন। 

4. ঘ্রাণেন্দ্রিক সূচক কি? 

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে, সেইবিলাকক ঘ্রাণেন্দ্রিক সূচক বোলে।

5. ঘ্রাণেন্দ্ৰিক সূচকৰ তিনিটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ  পিয়াজ, লং, ভেনিলা। 

6. সার্বজনীন সূচক কি?

উত্তৰঃ সাৰ্বজনীন সূচক হ’ল বহুকেইটা সূচক এক মিশ্রণ, যিয়ে দ্ৰৱ এটাত হাইড্ৰ’জেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে ।

7. এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে গেছ নির্গত হয়? 

উত্তৰঃ  হাইড্ৰ’জেন।

8. এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নির্গত হয়? 

উত্তৰঃ কাৰ্বন ডাইঅক্সাইড।

9. এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? 

উত্তৰঃ লৱণ আৰু পানী। 

10. হাইড্ৰ’নিয়াম বা অক্স’নিয়াম আয়ন কি? 

উত্তৰঃ  জলীয় দ্রৱত এচিডে উৎপন্ন কৰা H⁺ আয়নটোৱে লগে লগে পানীৰ লগত বিক্ৰিয়া কৰি H₃O⁺ আয়ন গঠন কৰে। ইয়াক হাইড্ৰ’নিয়াম বা অক্স ‘নিয়াম আয়ন বোলে।

11. এচিড আৰু ক্ষাৰকৰ লঘুকৰণে কি বুজায় ? 

উত্তৰঃ এচিড বা ক্ষাৰক পানীৰে সৈতে মিহলালে প্রতি একক আয়তনত H₃O⁺ বা OH⁻ আয়নৰ গাঢ়তা হ্রাস এই প্রক্রিয়াক এচিড আৰু ক্ষাৰকৰ লঘুকৰণ বোলে।

12. pH স্কেল কি? 

উত্তৰঃ প্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা জুখিবলৈ এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলক pH স্কেল বোলে। 

13. pH স্কেলৰ পৰিসৰ কি? 

উত্তৰঃ  0 ৰ পৰা 14

14. এচিড বৰষুণ কি? 

উত্তৰঃ  বৰষুণৰ পানীৰ pH মান 5.6 তকৈ কম হ’লে তাক এচিড বৰষুণ বোলা হয়৷

15. ক্ল’ৰ – এলকালি পদ্ধতি কি? 

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱ (ব্রাইন)ৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম হাইড্ৰ’ক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। এই পদ্ধতিক ক্ল’ৰ-এলকালি পদ্ধতি বোলে।

16. ক্ল’ৰ এলকালি পদ্ধতিৰে উৎপন্ন কৰা ছ’ডিয়াম যৌগটো কি?  

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’ক্সাইড। 

17. ব্রাইন কি? 

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱক ব্রাইন বোলে। 

18. ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেতটো লিখা ।  

উত্তৰঃ  CaOCl₂

19. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? 

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট। 

20. বেকিং পাউদাৰ কি? 

উত্তৰঃ বেকিং পাউদাৰ হ’ল বেকিং ছ’ডা আৰু টাৰটাৰিক এচিডৰ দৰে ভক্ষণীয়, মৃদু এচিডৰ মিশ্রণ। 

21. কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত লিখা। 

উত্তৰঃ Na₂CO₃. 10H₂O

22. কাপোৰ ধোৱা ছ’’ডাৰ ৰাসায়নিক নাম কি? 

উত্তৰঃ আৰ্দ্ৰ ছ’ডিয়াম কার্বনেট। 

23. স্ফটিকাবদ্ধ জল কি? 

উত্তৰঃ স্ফটিকাবদ্ধ জল হ’ল লৱণ এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু।

24. দুবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ উদাহৰণ দিয়া। 

উত্তৰঃ কপাৰ ছালফেট (CuSO₄.5H₂O), জিপছাম (CuSO₄.2H₂O)।

25. প্লাষ্টাৰ অব পেৰিছ কি? 

উত্তৰঃ প্লাষ্টাৰ অব পেৰিছ হ’ল এবিধ বগা পাউদাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম ছালফেট হেমিহাইড্রেট CaSO₄.1/2H₂O হিচাপে জনা যায়৷

26. প্লাষ্টাৰ অব পেৰিছৰ সংকেতত পানীৰ অণু এটাৰ আধাহে সংযোজিত হৈ থকা দেখুওৱা হয় কিয়? 

উত্তৰঃ কাৰণ, CaSO₄ ৰ দুটা সংকেত এককে পানীৰ এটা অণুক ধৰি ৰাখে। 

27. প্লাষ্টাৰ অব পেৰিছ কেনেদৰে উৎপন্ন কৰা হয়? 

উত্তৰঃ জিপছামক 373K উষ্ণতাত উত্তপ্ত কৰিলে ই পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্রেট বা প্লাষ্টাৰ অব পেৰিছত পৰিণত হয়। 

28. হাইড্ৰ’ক্লৰিক এচিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ বিক্ৰিয়াৰ ফলত উৎপন্ন থেৱা লৱণবিধ কি? বিক্ৰিয়াটো লিখা।

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড।

HCl + NaOH → NaCl + H₂O 

29. ছডিয়াম ক্ল’ৰাইড কি প্ৰকৃতিৰ লৱণ? ইয়াৰ pH মান কিমান? 

উত্তৰঃ প্ৰশম প্ৰকৃতিৰ। ইয়াৰ pH মান 71 

30. ব্লিচিং পাউডাৰ কি?

উত্তৰঃ ই এবিধ বগা পাউডাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম অক্সিক্ল’ৰাইড (CaOCl₂) হিচাপে জনা যায় ৷ 

31. বেকিং ছ’ডা কি? 

উত্তৰঃ : ই এবিধ মৃদু ক্ষাৰকীয় লৱণ যাক ৰাসায়নিকভাৱে ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট (NaHCO₃) হিচাপে জনা যায়। 

32. কাপোৰ ধোৱা ছ’ডা কি?

উত্তৰঃ ই এবিধ ক্ষাৰকীয় লৱণ যাক ৰাসায়নিকভাৱে আর্দ্র ছ’ডিয়াম কার্বনেট (Na₂CO₃.10H₂O) হিচাপে জনা যায়। 

33. প্রশমন বিক্রিয়া কি? 

উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমন বিক্রিয়া বোলে।

34. এটা প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ HCl + NaOH → NaCl + H₂O 

35. এটা দ্ৰৱত ফিন’লথেলিনৰ ৰং গুলপীয়া হয়। দ্রৱটোৰ প্ৰকৃতি আৰু pH কিমান হ’ব? 

উত্তৰঃ দ্ৰৱৰ প্ৰকৃতি : ক্ষাৰকীয়; pH মান : 7 তকৈ বেছি।

36. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ লৱণ আৰু হাইড্ৰ’জেন গেছ। 

37. এছিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ  Zn + H₂SO₄ →ZnSO₄ + H₂।

38. এছিডে ধাতৱ কার্বনেট বা ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি হয়? 

উত্তৰঃ লৱণ, কাৰ্বন ডাঅক্সাইড আৰু পানী উৎপন্ন হয়।

39. এছিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ 2HCl + Na₂CO₃ → 2NaCl + CO₂ + H₂O

40. এছিড আৰু ধাতৱ হাইড্ৰ’জেনকাৰ্বনেটৰ মাজৰ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ HCl + NaHCO₃ → 2NaCl + CO₂ + H₂O

41. চূণপানীৰ মাজেৰে কাৰ্বন ডাইঅক্সাইড পাৰ হৈ যাবলৈ দিলে চূণপানীখিনি কিয় ঘোলা হৈ পৰে? 

উত্তৰঃ  চূণপানী আৰু কাৰ্বন ডাইঅক্সাইডৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত কেলছিয়াম কার্বনেটৰ বগা অধঃক্ষেপ উৎপন্ন হোৱা বাবে।

42. কার্বন ডাইঅক্সাইডে চূণপানীৰ লগত কৰা ৰিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো লিখা। 

উত্তৰঃ Ca (OH)₂+ CO₂→CaCO₃+H₂O

43. ঘোলা চূণপানীৰ মাজেৰে অতিৰিক্ত CO₂ পৰ হৈ যাবলৈ দিলে চূণপানীখিনি পুনৰ ফটফটীয়া হৈ পৰে কিয়?

উত্তৰঃ কেলছিয়াম হাইড্ৰ’জেনকার্বনেট উৎপন্ন হয় বাবে যি পানীত দ্রৱণীয়।

44. ঘোলা চূণপানীৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাইঅক্সাইড পাৰ হৈ যাবলৈ দিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ CaCO₃ + H₂O + CO₂ → Ca(HCO₃)₂

45. এছিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াটোক কি নামেৰে জনা যায়?

উত্তৰঃ প্ৰশমন বিক্রিয়া। 

46. এছিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়?  

উত্তৰঃ লৱণ আৰু পানী।

47. এটা এছিড আৰু ধাতব অক্সাইডৰ মাজৰ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ 2HCl + CuO → CuCl₂ + H₂O 

48. এটা বিকাৰত অলপ কপাৰ অক্সাইড লৈ তাত অলপ লঘু হাইড্ৰ’ক্লৰিক এছিড যোগ কৰিলে প্ৰৱৰ বৰণ কেনেকুৱা হ’ব?

উত্তৰঃ নীলা-সেউজীয়া। 

49. এটা বিকাৰত অলপ কপাৰ অক্সাইড লৈ তাত কিছু লঘু হাইড্ৰ’ক্ল’ৰিক এছিড ঢালিলে কপাৰ অক্সাইডখিনিৰ কি হ’ব? 

উত্তৰঃ  কপাৰ অক্সাইডখিনি দ্রবীভূত হ’ব।

50. ধাতব অক্সাইডবোৰ কি প্ৰকৃতিৰ? 

উত্তৰঃ ক্ষাৰকীয়। 

51. ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? 

উত্তৰঃ লৱণ আৰু হাইড্ৰ’জেন গেছ। 

52. ক্ষাৰকে ধাতুৰ সৈতে কৰা বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ 2NaOH + Zn→ Na₂ ZnO₂ + H₂

53. এটা পৰীক্ষানলত কেইটামান যিংকৰ দানা লৈ তাত 2mL ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ যোগ কৰা। সংঘটিত বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 

উত্তৰঃ 2NaOH + Zn → Na₂ ZnO₂ + H₂

54. অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে বিক্রিয়া কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ লৱণ আৰু পানী। 

55. অধাতৱীয় অক্সাইডসমূহ কি প্ৰকৃতিৰ? 

উত্তৰঃ আম্লিক ।

56. এটা অধাতৱীয় অক্সাইড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ Ca (OH)₂ + CO₂ → CaCO₃  + H₂O

57. ব্ৰাইনৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে উৎপন্ন হোৱা ছডিয়াম যৌগবিধ কি? 

উত্তৰঃ ছ’ডিয়াম হাইড্রক্সাইড (NaOH) 

58. ব্রাইনৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে কি কি পদার্থ উৎপন্ন হয়? 

উত্তৰঃ ছ’ডিয়াম হাইড্রক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন। 

59. ব্রাইনৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে ঘটা ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰঃ                

60. ব্লিচিং পাউদাৰৰ প্ৰস্তুতিত ঘটা ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। 

উত্তৰঃ Ca(OH)₂ + Cl₂ → CaOH₂ + H₂O 

61. ব্লিচিং পাউদাৰ কেনেদৰে প্ৰস্তুত কৰা হয়? 

উত্তৰঃ শুকান শিথিলিত চূণৰ লগত ক্ল’ৰিণৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয় ।

62. বেকিং ছডা কেনেদৰে প্ৰস্তুত কৰা হয়? 

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড, পানী, কার্বন ডাই অক্সাইড আৰু এম’নিয়াৰ মাজত বিক্রিয়া ঘটাই।

63. বেকিং ছ’ডা উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা। 

উত্তৰঃ NaCl + H₂O + CO₂ + NH₃ → NH₄Cl + NaHCO₃ (বেকিং ছডা)।

64. বেকিং পাউদাৰ গৰম কৰিলে বা পানীৰ লগত মিহলালে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ NaHCO₃ + H⁺ → CO₂ + H₂O (এচিডৰ পৰা)

65. ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হ’ব? 

উত্তৰঃ হুডিয়াম কার্বনেট, কার্বন ডাইঅক্সাইড আৰু পানী উৎপন্ন হ’ব। 

66. ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট (বেকিং ছ’ডা) উত্তপ্ত কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ 

67. এটা শুকান উতলন নলীত ক’পাৰ ছালফেটৰ কেইটামান স্ফটিক তপতোৱা। তাপ দিয়াৰ পিছত কপাৰ ছালফেটৰ ৰং কি হ’ব?

উত্তৰঃ বগা।

68. এটা পৰীক্ষানলত 0.5g মান ছ’ডিয়াম কার্বনেট আৰু আন এটা পৰীক্ষানলত 0.5g মান ছ’ডিয়াম  হাইড্ৰ’জেন কার্বনেট লৈ দুয়োটা পৰীক্ষানলতে 2mL মানকৈ লঘু HCI যোগ কৰা। তুমি কি দেখিবা?

উত্তৰঃ  দুয়োটা পৰীক্ষানলত CO₂ গেছৰ বুৰবুৰণি দেখা যাব। 

69. এটা পৰীক্ষানলত যিংক ধাতুৰ টুকুৰা কেইটামান ৰাখি তাত ছ’ডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ যোগ কৰি পৰীক্ষানলটো গৰম কৰা। তুমি কি দেখিবা?

উত্তৰঃ হাইড্ৰ’জেন গেছৰ বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব। 

70. এটা পৰিষ্কাৰ শুকান পৰীক্ষানলত 1g মান গোটা NaCl লোৱা আৰু তাত অলপ লঘু ছালফিউৰিক এছিড যোগ কৰা । নির্গম নলীয়েদি এবিধ গেছ ওলোৱা দেখা যাব। গেছবিধ চিনাক্ত কৰা। 

উত্তৰঃ হাইড্ৰ’জেন ক্ল’ৰাইড (HCI)।

71. এটা পৰীক্ষানলত 2mL, লঘু NaOH দ্রৱ লৈ তাত দুটোপাল ফিন’ল’থেলিন দ্ৰৱ যোগ কৰা। দ্রৱটোৰ ৰং কি হ’ব? 

উত্তৰঃ গুলপীয়া।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। এচিড কি?

উত্তৰঃ যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ H⁺ আয়ন মুক্ত কৰে, সেইবিলাকক এচিড বোলে।

প্রশ্ন ২। তীব্র এচিড কি?

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে H⁺⁻আয়ন মুক্ত কৰে, সেইবিলাকক তীব্র এচিড বোলে। যেনে – HCl, H₂SO₄, HNO₃ আদি।

প্রশ্ন ৩। ‘মৃদু এচিড কি?

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে H⁺ আয়ন মুক্ত কৰে, সেই বিলাকক মৃদু এচিড বোলে৷ যেনে – H₂CO₃, CH₃COOH আদি।

প্রশ্ন ৪। ক্ষাৰক কাক বোলে?

উত্তৰঃ যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH¯ আয়ন মুক্ত কৰে, সেইবিলাকক ক্ষাৰক বোলে।

প্রশ্ন ৫। তীব্র ক্ষাকবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে OH⁻ মুক্ত কৰে, সেইবিলাকক তীব্র ক্ষাৰক বোলে। যেনে— NaOH, KOH আদি।

প্রশ্ন ৬। মৃদু ক্ষাৰবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে OH¯ আয়ন মুক্ত কৰে, সেইবিলাকক মৃদু ক্ষাৰক বোলে। যেনে – Mg(OH)₂, Al(OH)₃ আদি।

প্রশ্ন ৭। ক্ষাৰ বা এলকালি কি?

উত্তৰঃ পানীত দ্ৰৱণীয় ক্ষাৰকবোৰক ক্ষাৰ বা এলকালি বোলে। যেনে – NaOH, KOH আদি।

প্রশ্ন ৮। সূচক কি?

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰৰ্কীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সূচক বা সূচক বোলে৷

প্রশ্ন ৯। দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া।

উত্তৰঃ লিটমাছ, হালধী।

প্রশ্ন ১০। দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা।

উত্তৰঃ মিথাইল অৰেঞ্জ, ফিন’লফ্‌থেলিন।

প্রশ্ন ১১। ঘ্রাণেন্দ্রিক সূচক কি?

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে, সেইবিলাকক ঘ্রাণেন্দ্ৰিক সূচক বোলে।

প্রশ্ন ১২। ঘ্রাণেন্দ্ৰিক সূচকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ পিয়াজ, লং, ভেনিলা।

প্রশ্ন ১৩। সার্বজনীন সূচক কি?

উত্তৰঃ সাৰ্বজনীন সূচক হ’ল বহুকেইটা সূচক এক মিশ্ৰণ, যিয়ে দ্ৰৱ এটাত হাইড্ৰ’জেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে।

প্রশ্ন ১৪। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়?

উত্তৰঃ হাইড্ৰ’জেন।

প্রশ্ন ১৫। এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নির্গত হয়?

উত্তৰঃ কার্বন ডাইঅক্সাইড।

প্রশ্ন ১৬। এচিড়ে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ লৱণ আৰু পানী।

প্রশ্ন ১৭। হাইড্ৰ’নিয়াম বা অক্স’নিয়াম আয়ন কি?

উত্তৰঃ জলীয় দ্ৰৱত এচিডে উৎপন্ন কৰা H⁺ আয়নটোৱে লগে লগে পানীৰ লগত বিক্ৰিয়া কৰি H₃O⁺ আয়ন গঠন কৰে। ইয়াক হাইড্ৰ’নিয়াম বা অক্স’নিয়াম আয়ন বোলে।

প্রশ্ন ১৮। এচিড আৰু ক্ষাৰকৰ লঘুকৰণে কি বুজায়?

উত্তৰঃ এচিড বা ক্ষাৰক পানীৰে সৈতে মিহলালে প্রতি একক আয়তনত H₃O⁺ বা OH⁻ আয়নৰ গাঢ়তা হ্রাস পায়। এই প্রক্রিয়াক এচিড আৰু ক্ষাৰকৰ লঘুকৰণ বোলে।

প্রশ্ন ১৯। pH স্কেল কি?

উত্তৰঃ দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা জুখিবলৈ এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলক pH স্কেল বোলে।

প্রশ্ন ২০। pH স্কেলৰ পৰিসৰ কি?

উত্তৰঃ 0 ৰ পৰা 14

প্রশ্ন ২১। এচিড বৰষুণ কি?

উত্তৰঃ বৰষুণৰ পানীৰ pH মান 5.6 তকৈ কম হ’লে তাক এচিড বৰষুণ বোলা হয়।

প্রশ্ন ২২। ক্ল’ৰ-এলকালি পদ্ধতি কি?

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ (ব্রাইন)ৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম হাইড্ৰ’ক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। এই পদ্ধতিক ক্ল’ৰ-এলকালি পদ্ধতি বোলে।

প্রশ্ন ২৩। ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেতটো লিখা।

উত্তৰঃ CaOCl₂

প্রশ্ন ২৪। বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি?

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

প্রশ্ন ২৫। বেকিং পাউদাৰ কি?

উত্তৰঃ বেকিং পাউদাৰ হ’ল বেকিং ছ’ডা আৰু টাটাৰিক এচিডৰ দৰে ভক্ষণীয়, মৃদু এচিডৰ মিশ্রণ।

প্রশ্ন ২৬। কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত লিখা।

উত্তৰঃ Na₂CO₃,10H₂O

প্রশ্ন ২৭। কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক নাম কি?

উত্তৰঃ আৰ্দ্ৰ ছ’ডিয়াম কার্বনেট।

প্রশ্ন ২৮। স্ফটিকাবদ্ধ জল কি?

উত্তৰঃ স্ফটিকাবদ্ধ জল হ’ল লৱণ এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু।

প্রশ্ন ২৯। দুবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ উদাহৰণ দিয়া।

উত্তৰঃ কপাৰ ছালফেট (CuSO₄, 5H₂O), জিপছাম (CaSO₄, 2H₂O)

প্রশ্ন ৩০। প্লাষ্টাৰ অব পেৰিছ কি?

উত্তৰঃ প্লাষ্টাৰ অব পেৰিছ হ’ল এবিধ বগা পাউদাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম ছালফেট হেমিহাইড্রেট [CaSO₄ 1/2 H₂O] হিচাপে জনা যায়।

প্রশ্ন ৩১। প্লাষ্টাৰ অব পেৰিছৰ সংকেতত পানীৰ অণু এটাৰ আধাহে সংযোজিত হৈ থকা দেখুওৱা হয় কিয়?

উত্তৰঃ কাৰণ, CaSO₄ ৰ দুটা সংকেত এককে পানীৰ এটা অণুক ধৰি ৰাখে৷

প্রশ্ন ৩২। প্লাষ্টাৰ অব পেৰিছ কেনেদৰে উৎপন্ন কৰা হয়?

উত্তৰঃ জিপছামক 373K উষ্ণতাত উত্তপ্ত কৰিলে ই পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট বা প্লাষ্টাৰ অব পেৰিছত পৰিণত হয়।

প্রশ্ন ৩৩। লৱণ কি?

উত্তৰঃ লৱণ হ’ল এক ৰাসায়নিক যৌগ, যি এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হয়।

প্রশ্ন ৩৪। হাইড্ৰ’ক্লৰিক এচিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণবিধ কি? বিক্ৰিয়াটো লিখা।

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড।

HCl + NaOH – NaCl + H₂O

প্রশ্ন ৩৫। ছ’ডিয়াম ক্ল’ৰাইড কি প্ৰকৃতিৰ লৱণ? ইয়াৰ pH মান কিমান?

উত্তৰঃ প্রশম প্ৰকৃতিৰ। ইয়াৰ pH মান 7।

প্রশ্ন ৩৬। ক্ল’ৰ এলকালি পদ্ধতিৰে উৎপন্ন কৰা ছ’ডিয়াম যৌগটো কি?

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’ক্সাইড।

প্রশ্ন ৩৭। এচিডে ধাতুৰ সৈতে কেনেদৰে বিক্রিয়া কৰে?

উত্তৰঃ লঘু এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

প্রশ্ন ৩৮। এচিডে ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰ’জেনকাৰ্বনেটৰ সৈতে কিদৰে বিক্রিয়া কৰে?

উত্তৰঃ এচিডে ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰ’ জেনকার্বনেটৰ সৈতে বিক্ৰিয়া কৰি লৱণ, কাৰ্বণ ডাইঅক্সাইড আৰু পানী উৎপন্ন কৰে।

প্রশ্ন ৩৯। এচিডে ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উদ্ভৱ হয়?

উত্তৰঃ কার্বন ডাইঅক্সাইড গেছ।

প্রশ্ন ৪০। এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কেনেদৰে বিক্রিয়া কৰে?

উত্তৰঃ এচিড আৰু ক্ষাৰকে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

প্রশ্ন ৪১। এচিডৰ সৈতে ধাতৱ অক্সাইডে কেনেদৰে বিক্রিয়া কৰে?

উত্তৰঃ এচিডৰ সৈতে ধাতৱ অক্সাইডে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

প্রশ্ন ৪২। ক্ষাৰকে ধাতুৰ সৈতে কেনেদৰে বিক্রিয়া কৰে?

উত্তৰঃ কিছুমান ধাতুই ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

প্রশ্ন ৪৩। অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্রিয়া কৰে?

উত্তৰঃ অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

প্রশ্ন ৪৪। ব্রাইন কাক বোলে? এই ব্রাইনৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে কি পদার্থ উৎপন্ন হয়?

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱক ব্রাইন বোলে।

এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ছ’ডিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন হয়।

বিকল্পীধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন ১। তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য করে।

(a) 5.6 তকৈ কম। 

(b) 5.5 তকৈ কম।

(c) 7.0 ৰ পৰা 7.8 

(d) 0 ৰ পৰা 14

উত্তৰঃ (c) 7.0 ৰ পৰা 7.8 

প্রশ্ন ২। তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়—

(a) 7.0 তকৈ কম।

(b) 5.5 তকৈ কম।

(c) 5.6 তকৈ বেছি। 

(d) 5.5 তকৈ বেছি।

উত্তৰঃ (b) 5.5 তকৈ কম।

প্রশ্ন ৩। চোৰাত পাতৰ শুঙে বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়—

(a) এছেটিক এচিড।

(b) চাইট্রিক এচিড। 

(c) লেক্‌টিক এচিড। 

(d) মিথানয়িক এচিড।

উত্তৰঃ (d) মিথানয়িক এচিড।

প্রশ্ন ৪। ছ’ডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—

(a) প্রশম।

(b) ক্ষাৰকীয়।

(c) আম্লিক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) প্রশম।

প্রশ্ন ৫। এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—

(a) ক্ষাৰকীয়।

(b) আম্লিক।

(c) প্রশম।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) আম্লিক।

প্রশ্ন ৬। এবিধ তীব্র ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—

(a) ক্ষাৰৰ্কীয়।

(b) প্রশম।

(c) আম্লিক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) ক্ষাৰৰ্কীয়।

প্রশ্ন ৭। তীব্র এচিড আৰু তীব্র ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—

(a) প্রশম।

(b) আম্লিক।

(c) ক্ষাৰৰ্কীয়।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) প্রশম।

প্রশ্ন ৮। তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্ৰশম—

(a) CO₂

(b) SO₂

(c) H₂O

(d) SO₃

উত্তৰঃ (c) H₂O

প্রশ্ন ৯। তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান—

(a) ছ’ডিয়াম হাইড্ৰ’ক্সাইড।

(b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

(c) ছ’ডিয়াম কার্বনেট।

(d) ব্লিচিং পাউদাৰ।

উত্তৰঃ (b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

প্রশ্ন ১০। তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়?

(a) কাপোৰ ধোৱা ছ’ডা।

(b) বেকিং ছ’ডা।

(c) ছডিয়াম হাইড্ৰ’ক্সাইড।

(d) ব্লিচিং পাউদাৰ।

উত্তৰঃ (a) কাপোৰ ধোৱা ছ’ডা।

প্রশ্ন ১১। তলৰ কোনবিধ যৌগই ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে?

(a) ছ’ডিয়াম হাইড্ৰ’ক্সাইড।

(b) কেলছিয়াম হাইড্ৰ’ক্সাইড।

(c) ছ’ডিয়াম কার্বনেট।

(d) পটেছিয়াম হাইড্ৰ’ক্সাইড।

উত্তৰঃ (b) কেলছিয়াম হাইড্ৰ’ক্সাইড।

প্রশ্ন ১২। প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদার্থবিধ—

(a) কপাৰ ছালফেট।

(b) ছ’ডিয়াম কার্বনেট।

(c) বেকিং ছ’ডা।

(d) জিপছাম।

উত্তৰঃ (d) জিপছাম।

প্রশ্ন ১৩। এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাৱ্য pH মান হ’ব—

(a) 1

(b) 7

(c) 8

(d) 10

উত্তৰঃ (a) 1

প্রশ্ন ১৪। তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছ’ডিয়াম কার্বনেট পাব পাৰি—

(a) শিথিলিত চূণ। 

(b) বেকিং ছ’ডা। 

(c) জিপছাম।

(d) প্লাষ্টাৰ অব পেৰিছ।

উত্তৰঃ (b) বেকিং ছ’ডা।

প্রশ্ন ১৫। ক্ল’ৰ-এলকালি পদ্ধতিত উৎপন্ন হয়–

(a) ছ’ডিয়াম হাইড্ৰ’ক্সাইড।

(b) ক্ল’ৰিণ।

(c) হাইড্ৰ’জেন।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন 16. এচিড বৰষুণৰ pH মানৰ পৰিসৰ—

(a) 7.0 – 7.8

(b) 0

(c) 5.6 তকৈ কম। 

(d) 5.6 তকৈ বেছি।

উত্তৰঃ (c) 5.6 তকৈ কম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top