Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ

Join Telegram channel

Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ – সমাধান and select needs one.

Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ – সমাধান Solutions for All Subject, You can practice these here.

ভাৰতীয় গণতন্ত্ৰ

তৃতীয় খণ্ড

(INDIAN DEMOCRACY) 

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা: 

প্রশ্ন ১। ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে —

(ক) ১৯৪৫ চনৰ ২৬ জানুৱাৰী 

(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট

(গ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী 

(ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী

উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৫ আগষ্ট।

প্রশ্ন ২। _____ চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্রমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়-

(ক) ১৯৪৫ চনত

(খ) ১৫৭৪ চনত

(গ) ১৮৫৪ চনত

(ঘ) ১৪৭৯ চনত

উত্তৰঃ (ক) ১৯৪৫ চনত।

প্রশ্ন ৩। বিভিন্ন ক্ষেত্ৰত জন বিশেষজ্ঞকলৈ গঠিত হোৱা খচৰা কমিটিক সংবিধানৰ প্ৰস্তুতৰ দায়িত্ব দিয়া হয়।

(ক) ৪ জন 

(খ) ৭ জন 

(গ) ৫ জন 

(ঘ) ২ জন

উত্তৰঃ (খ) ৭ জন।

প্রশ্ন ৪। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষান হ’ল-

(ক) ড° বি আৰ আম্বেদকাৰ

(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ

(গ) সৰ্বপল্লী ৰাধাকৃষ্ণণ

(ঘ) জৱাহৰলাল নেহৰু

উত্তৰঃ (ক) ড’ বি আৰ আম্বেদকাৰ।

প্রশ্ন ৫। সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল —

(ক) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত

(খ) ১৯৪৭ চনৰ ১০ ডিচেম্বৰত

(গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত

(ঘ) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত

উত্তৰঃ (গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।

প্রশ্ন ৬। প্রায় _____ বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধানখনৰ খচৰা প্ৰস্তুত কৰে।

(ক) ৬ বছৰ 

(খ) ৫ বছৰ

(গ) ২ বছৰ

(ঘ) ৩ বছৰ

উত্তৰঃ (ঘ) ৩ বছৰ।

প্রশ্ন ৭। ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল?

(ক) সার্বভৌম 

(খ) গণতান্ত্রিক

(গ) গণৰাজ্য

(ঘ) সমাজবাদী

উত্তৰঃ (ঘ) সমাজবাদী।

প্রশ্ন ৮। তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খৰচা কমিটিৰ সদস্য নাছিল?

(ক) এন. গোপালস্বামী আয়েংগাৰ

(খ) কে. এম. মুন্সি

(গ) জৱাহৰলাল নেহৰু

(ঘ) ডি. পি. খৈতান

উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।

প্রশ্ন ৯। সার্বভৌমত্ব মানে-

(ক) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা

(খ) ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা

(গ) ব্যক্তিৰ অধিকাৰ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰাষ্ট্র সর্বোচ্চ ক্ষমতা। 

প্রশ্ন ১০। ভাৰতত সংবিধান সভা গঠন হৈছিল—

(ক) মুছলিম লীগৰ তৎপৰতাত

(খ) কেবিনেট মিছনৰ তৎপৰতাত

(গ) জাতীয় কংগ্ৰেছৰ তৎপৰতাত 

(ঘ) কমিউনিষ্ট দলৰ তৎপৰতাত।

উত্তৰঃ (খ) কেবিনেট মিছনৰ তৎপৰতাত।

১। অতি চমু উত্তৰৰ প্রশ্ন :

১। ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?

উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো হ’ল- শ্রমিক দল । 

২। “ কেবিনেট মিছন ” ভাৰতলৈ কেতিয়া আহিছিল ? 

উত্তৰঃ “ কেবিনেট মিছন ” ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল ।

৩। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল ? 

উত্তৰঃ সংবিধান সভাৰ প্রথম সভাপতি ড ° সচ্চিদানন্দ সিনহা আছিল ।

৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ? 

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল- ড ° বি . আৰ . আম্বেদকাৰ ।

৫। “ সমাজবাদী আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ কিমান সংশােধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

উত্তৰঃ সংবিধানৰ ৪২ নং সংশােধনী আইনৰ জৰিয়তে “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল । 

৬। ইংৰাজী “ Federation ” শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ? 

উত্তৰঃ ইংৰাজী “ Federation ” শব্দটো লেটিন শব্দ “ Foedus ” ৰ পৰা আহিছে ।

৭। “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ” বুলি কাক কোৱা হয় 

উত্তৰঃ “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ” বুলি আমেৰিকা যুক্তৰাষ্ট্রক কোৱা হয় ।

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ? 

উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই । 

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ? 

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ।

চমু উত্তৰৰ প্রশ্ন : 

১। ব্রিটিছ চৰকাৰে “ কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল ? 

উত্তৰঃ ব্রিটিছ চৰকাৰে ভাৰতবৰ্ষৰ বাবে এখন নতুন সংবিধান প্রণয়ন কৰাৰ উদ্দেশ্যৰে প্রয়ােজনীয় পৰিৱেশ গঢ়ি তুলিবলৈ তথা যাবতীয় প্রস্তুতি চলাবলৈ কেবিনেট মিছক ভাৰতলৈ প্ৰেৰণ কৰিছিল । 

২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল ? 

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল । ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখন ইংলেণ্ডৰ সংসদে প্রস্তুত কৰিছিল । 

৩। প্রস্তাৱনাত “ আমি ভাৰতীয় জনসাধাৰণে ” বুলি কিয় উল্লেখ কৰা হৈছে ? 

উত্তৰঃ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা “ আমি ভাৰতীয় জনসাধাৰণে ” বুলি কোৱা বাক্যাংশটোৰে ইয়াকে জোৰ দি বুজাব বিচৰা হৈছে যে ভাৰতীয় সংবিধানখনৰ প্রকৃত ক্ষমতা ভাৰতীয় নাগৰিকসকলৰ হাততহে ন্যস্ত আছে আৰু এইখন কেৱল তেওঁলােকৰ বাবে । ভাৰতীয় জনসাধাৰণেই হ’ল ভাৰতৰ সংবিধানখনৰ ৰচনাৰ আঁৰত থকা বৃহৎ শক্তি । 

৪। “ সার্বভৌম ” মানে কি বুজা ? 

উত্তৰঃ ‘ আভ্যন্তৰীণ আৰু বাহ্যিক উভয় বিষয়তে চৰম ক্ষমতা প্রয়ােগ কর্তৃত্ব থকা ৰাষ্ট্ৰয়েই হৈছে সার্বভৌম ৰাষ্ট্র । সার্বভৌমত্বই ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা সূচায় ।

৫। কোন চনৰ কিমান সংখ্যক সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ? 

উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হােৱা সংবিধানৰ ৪২ তম সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সন্নিৱিষ্টকৰা হৈছিল । 

৬। “ অর্ধযুক্তৰাষ্ট্র ” কাক বােলে ? 

উত্তৰঃ এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য থাকিলে তাক “ অর্ধ – যুক্তৰাষ্ট্র ” বুলি কোৱা হয় । 

৭। কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্রৱর্তন কৰিছিল ? 

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল । 

দীঘল উত্তৰৰ প্রশ্ন : 

১। ভাৰতবৰ্ষত সংবিধানৰপ্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা । 

উত্তৰঃ প্রস্তাৱনাটো হৈছে ভাৰতীয় সংবিধানৰ পাতনি যিয়ে সংবিধানখনৰ লক্ষ্য , উদ্দেশ্য , আদর্শ আৰু দর্শন সম্পর্কে সংবিধানখনৰ আৰম্ভণিতে চমুকৈ পৰিচয় কৰি দিছে আৰু আইনগতভাৱে এইবােৰ সাধন কৰিব বিচৰাৰ বিষয়ে ব্যাখ্যা কৰিছে ।

সেয়েহে , ইয়াক ভাৰতীয় সংবিধানৰ আত্মা , বিবেক , দুৱাৰডলি আৰু চাবিকাঠী হিচাপে গণ্য কৰা হয়।ই সংবিধানখনৰ আভ্যন্তৰীণ উদ্যমক প্রতিফলিত কৰে । প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দই সংবিধানখনৰ আদর্শ , দর্শন তথা উদ্দেশ্যসমূহক বহন কৰিছে ।

প্রস্তাৱনাটোৰ একেবাৰে আৰম্ভণিৰ “ আমি ভাৰতীয় জনসাধাৰণে ” বােলা বাক্যাংশটোৱে এইটো আদর্শক প্রতিফলিত কৰিছে যে সংবিধানখনৰ প্রকৃত কর্তৃত্ব ভাৰতীয় নাগৰিকসকলৰ ওপৰত ন্যস্ত আছে আৰু তেওঁলােকেই হৈছে সংবিধান ৰচনাৰ আঁৰত থকা প্রধান শক্তি । 

তদুপৰি , প্ৰস্তাৱনাটোত এইটোও স্পষ্টকৈ কোৱা হৈছে যে ভাৰতবর্ষ এখন সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক আৰু প্রজাতান্ত্রিক দেশ । এই প্রতিটো শব্দই সংবিধানখনৰ আদৰ্শসমূহ প্রতিফলিত কৰিছে । 

প্রস্তাটোত এইটোও উল্লেখ কৰা হৈছে যে ভাৰতত ন্যায় , স্বাধীনতা , সমতা আৰু ভ্রাতৃত্ববােধ স্থাপন কৰা হ’ব । এই শব্দকেইটাৰ জৰিয়তেও সংবিধানখনৰ আদৰ্শ আৰু উদ্দেশ্যসমূহৰ ওপৰত জোৰ দিছে । এইদৰে প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দত ভাৰতীয় সংবিধানখনৰ আদৰ্শসমূহ স্পষ্টভাৱে প্ৰকাশ পাইছে । 

২।  “সার্বভৌম”, “সমাজবাদী”, “ধর্মনিৰপেক্ষ”, “গণতান্ত্রিক ” আৰু “ গণৰাজ্য ” বুলিলে কি বুজা বহলাই লিখা । 

উত্তৰঃ উল্লেখিত শব্দ কেইটাক তলত দিয়া ধৰণে বর্ণনা কৰিব পাৰি : 

( ক ) সার্বভৌম :- সার্বভৌম শব্দৰ অৰ্থ হৈছে সর্বোচ্চ ক্ষমতাৰ গৰাকী । অর্থাৎসার্বভৌম ৰাষ্ট্র এখনে ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ বিষয়ৰ লগতে বৈদেশিক ক্ষেত্ৰতাে স্বাধীনভাৱে সকলাে সিদ্ধান্ত গ্রহণ কৰিব পাৰে।ই কোনাে বিদেশী শক্তিৰ অধীন নহয় । 

( খ ) সমাজবাদী :- ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্র । ১৯৭৬ চনৰ ৪২ তম সংশােধনীৰ দ্বাৰা প্ৰস্তাৱনাত এই শব্দুটো সংযােজন কৰা হৈছে । ই দেশৰ নাগৰিকসকলৰ মাজত দেশৰ সম্পদসমূহ সমানভাৱে বিতৰণ কৰাৰ ধাৰণাটো ব্যক্ত কৰিছে ।

দেশৰ সম্পদসমূহ মাত্র কেইজনমান লােকৰ হাতত থুপীকৃত হােৱাটো পৰিহাৰ কৰিবলৈ চৰকাৰে উপযুক্ত আইন প্রণয়ন কৰিব ।

( গ ) ধর্মনিৰপেক্ষ :- ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ দেশ । ১৯৭৬ চনৰ ৪২ তম সংশােধনীৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনাত এই শব্দটো সংযােজন কৰা হৈছিল । ই ভাৰতত কোনাে ৰাষ্ট্ৰীয় ধর্মনাই বুলি উল্লেখ কৰিছে । দেশৰ নাগৰিকসকলৰ নিজৰ ইচ্ছা অনুসৰি যিকোনাে ধর্ম গ্রহণ , অনুশীলন তথা প্ৰচাৰ কৰাৰ অধিকাৰ আছে । 

( ঘ ) গণতান্ত্রিক :-  ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ । এখন গণতান্ত্রিক দেশ হিচাপে জনসাধাৰণৰ নির্বাচিত প্রতিনিধি দ্বাৰা ভাৰতবর্ষ শাসন কার্য পৰিচালিত হয় । গণতান্ত্রিক দেশ হিচাপে ইয়াৰ প্ৰতিজন নাগৰিকৰে নির্বাচন প্রক্রিয়াত অংশগ্রহণ কৰাৰ আৰু ভােটদান কৰাৰ অধিকাৰ আছে । 

( ঙ ) গণৰাজ্য :- ভাৰতবর্য এখন গণৰাজ্য । ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নির্বাচিত হলে তথা বংশানুক্রমিক নহ’লে তাক গণৰাজ্য হিচাপে জনা যায় । জনগণৰ দ্বাৰা নির্বাচিত প্রতিনিধিসকলৰ দ্বাৰা ৫ বছৰ কাৰ্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিজনক নির্বাচিত কৰা হয় । 

S.L. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলােচনা কৰা ৷ 

উত্তৰঃ ভাৰতীয় সংবিধানৰ সন্দৰ্ভত পণ্ডিত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা তলত উল্লেখ কৰা হলঃ 

( ক ) ভাৰতবৰ্ষক এখন স্বাধীন , সার্বভৌম , প্রজাতন্ত্র হিচাপে ঘােষণা কৰিবলৈ সংবিধান সভা দৃঢ়প্রতিজ্ঞ হ’ব ( পিছলৈ “ স্বাধীন ” শব্দটো বাদ দিয়া হয় ) । 

( খ ) ব্রিটিছ শাসিত ভাৰতীয় ভূখণ্ড আৰু ভাৰতীয় ৰাজ্যক্ষেত্ৰৰ অন্তর্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যসমূহক লৈ এখন সংঘ গঠন কৰা হ’ব । 

( গ ) ভাৰতীয় জনগণৰ সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় , সমতা , ধর্মীয় স্বাধীনতা ৰক্ষা , চিন্তা আৰু মতামত পকাশৰ সাধীনতাক স্বীকৃত প্রদান কৰা হব ।

( ঘ ) অনুসূচিত জাতি , জনজাতি , অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনগণৰ সুৰক্ষাৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । 

( ঙ ) দেশৰ স্বাধীনতা , সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰা হ’ব । 

( চ ) আন্তর্জাতিক সম্পর্ক , বিশ্ব শান্তি আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযােগিতা আগবঢ়াব । 

( ছ ) ভাৰতীয় জনগণই সকলো ক্ষমতাৰ উৎস হ’ব বুলি নিশ্চয়তা প্রদান কৰা । 

( জ ) ভাৰতীয় সংঘত অন্তর্ভুক্ত হ’বলৈ ইচ্ছুক হােৱা দেশীয় ৰাজ্যসমূহক অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাধ্যমেৰে অংগৰাজ্যৰ মর্যাদা প্রদান কৰা হ’ব । 

৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ৷ 

উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছেঃ 

( ক ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হৈছে এক “ অর্ধ – যুক্তৰাষ্ট্ৰীয় ” ব্যৱস্থা । ই যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রিক উভয়ৰে বৈশিষ্ট্যৰে গঠিত । 

( খ ) ইয়াত সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এখনেই সংবিধানৰ ব্যৱস্থা কৰা হৈছে । ইয়াত ভাৰত যুক্তৰাষ্ট্র গঠন কৰা প্ৰতিখন অংগৰাজ্যৰ বাবে কোনাে পৃথক সংবিধানৰ ব্যৱস্থা নাই । 

( গ ) ভাৰতীয় সংঘৰ অংগৰাজ্যসমূহৰ সংঘৰ পৰা আঁতৰি যােৱাৰ অধিকাৰ – নাই । 

( ঘ ) ইয়াত ৰাজ্যিক চৰকাৰতকৈ কেন্দ্রীয় চৰকাৰ অধিক শক্তিশালী কিয়নাে সংবিধানে সকলােবােৰ গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্রীয় চৰকাৰক প্ৰদান কৰিছে । 

( ঙ ) ইয়াত ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে। ৰাজ্যপালসকলৰ নিযুক্তি প্রক্রিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্র প্রদান কৰা নাই । 

( চ ) ইয়াত দেশখনৰ সার্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দেশৰ জনসাধাৰণক একক নাগৰিকত্ব প্ৰদান কৰা হৈছে ।

( ছ ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল । সেয়েহে ইয়াক “ “সহযােগিতামূলক যুক্তৰাষ্ট্র ” বুলি কোৱা হয় । 

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযােগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ ভাৰতীয় সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষৰ পৰিৱেশ তথা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতক বিশ্বৰ ভিতৰত এখন সুকীয়া সংসদীয় গণতান্ত্রিক দেশ হিচাপে প্রতিষ্ঠা কৰিবলৈ ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰিছিল । ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযােগ্য বৈশিষ্ট্যসমূহ হৈছেঃ 

( ক ) ভাৰতৰ সংসদীয় ব্যৱস্থাটো বা সংসদ দুখন সদনেৰে গঠিত।এই সদন দুখন হৈছে লােকসভা আৰু ৰাজ্যসভা । 

( খ ) ভাৰতৰ ৰাষ্ট্রপতিজন ভাৰতীয় সংসদৰ এটা অবিচ্ছেদ্য অংগ । 

( গ ) ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জনগণৰ দ্বাৰা সৃষ্ট আৰু ই জনগণৰ ওচৰত দায়বদ্ধ 

( ঘ ) ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ইয়াত জনগণৰ দ্বাৰা নির্বাচিত প্রতিনিধি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top