Class 10 Elective Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল

Class 10 Geography Elective Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল and select needs one.

Class 10 Elective Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল Solutions for All Subject, You can practice these here…

প্রশ্ন ১৩। ভাৰতব প্রধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ বিস্তৃত সমভূমি অঞ্চল , সাৰুৱা মাটি আৰু অনুকূল জলবায়ু কৃষিৰ বাবে অধিক উপযােগী হােৱা বাবে ভাৰতৰ অথলিীতি কৃষি নিৰ্ভৰশীল । ভাৰতবৰ্ষৰ প্ৰায় সত্তৰ শতাংশ লােকে কৃষিক জীৱিকাৰ প্রধান অৱলম্বন হিচাপে লৈ জীৱন নির্বাহ কৰে । ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বিভিন্ন বৈশিষ্ট্য পৰিলক্ষিত হয় । ভাৰতবৰ্ষৰ প্রধান কৃষি অঞ্চলকেইটা হৈছে— 

( ক ) ফল – মূল আৰু শাক – পাচলি কৃষি অঞ্চল । 

( খ ) ধান – মৰাপাট – চাহ কৃষি অঞ্চল ।

( গ ) ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চল ।

( ঘ ) মিলেট আৰু তেলগুটি শস্য অঞ্চল ।

( ঙ ) মাকৈ আৰু মােটা দানাযুক্ত শস্য অঞ্চল । 

( চ ) কপাহ কৃষি অঞ্চল ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( ছ ) মছলাজাতীয় আৰু ৰােপণ শস্য অঞ্চল । 

তলত ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা হ’ল— 

( ক ) ফলমূল আৰু শাক – পাচলি কৃষি অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ পূৱলৈকে বিস্তৃত হৈ আছে । এই অঞ্চলৰ উত্তৰ – পশ্চিম অংশত বার্ষিক বৃষ্টিপাত ৬০ ছেণ্টিমিটাৰতকৈও কম হয় আৰু পূৱ অংশত ২০০ ছেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয় । পশ্চিম হিমালয়ৰ পাহাৰীয়া অঞ্চলত , বিভিন্ন নাতিশীতােষ্ণ ফল – মূল — আপেল , নৰা বগৰী , চেৰী , বগৰী, এপিকোট আদিৰ খেতি হয় । 

( খ ) ধান – মৰাপাট – চাহ কৃষি অঞ্চলটোৱে অসমকে ধৰি অৰুণাচল প্রদেশ , ত্ৰিপুৰা , মেঘালয় , পশ্চিমবংগ , উৰিষ্যাৰ লগতে বিহাৰৰ উত্তৰ আৰু পূৱ অংশ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চলক সামৰি লৈছে । এই অঞ্চলটো বিস্তীর্ণ নিম্নভূমি , নদীৰ ব – দ্বীপ আৰু উপত্যকাৰ পলসুৱা মাটিৰে পৰিপূৰ্ণ আৰু ইয়াত দক্ষিণ – পশ্চিম মৌচুমীৰ ফলত বৰষুণ হয় । এই অঞ্চলত থকা পলসুৱা মাটি , প্রচুৰ বৃষ্টিপাত আৰু গ্রীষ্মকালৰ উচ্চ উত্তাপৰ বাবে যথেষ্ট পৰিমাণে ধান উৎপাদন হয় । অসমৰ উজনি ব্রহ্মপুত্র উপত্যকা , ত্ৰিপুৰা আৰু উত্তৰংগত চাহ খেতি হয় আৰু গংগা সমভূমি আৰু ব – দ্বীপ অঞ্চলৰ লগতে পূৱ উপকূল অঞ্চলত মৰাপাটৰ খেতি কৰা হয় ।

( গ ) ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চলটো বিহাৰৰ উত্তৰ অংশ , উত্তৰ প্রদেশ , পঞ্জাৱ , হাৰিয়ানা , মধ্যপ্রদেশৰ পশ্চিমাঞ্চল আৰু ৰাজস্থানৰ উত্তৰ – পূৱ অংশৰ ভিতৰত পৰে । এই অঞ্চলৰ মাটি পলসুৱা আৰু ইয়াত মধ্যম পৰিমাণৰ বৰষুণ হয় । এই কৃষি অঞ্চলটোৰ প্ৰধান শস্য হৈছে ঘেহু আৰু কুঁহিয়াৰ । এই অঞ্চলৰ শুকান ঠাইবােৰত জলসিঞ্চনৰ সহায়ত কৃষিকার্য কৰা হয় । 

( ঘ ) মিলেট আৰু তেলটি শস্য অঞ্চলটোৱে কৰ্ণাটক মালভূমিৰ লগতে তামিলনাডুৰ কিছু অংশ , অন্ধ্রপ্রদেশৰ দক্ষিণাঞ্চল আৰু কেৰেলাৰ পূৱ অংশক সামৰি লৈছে । এই অঞ্চলৰ মাটিভাগ কম সাৰুৱা আৰু অনুর্বৰ হােৱাৰ লগতে ইয়াত বৰষুণৰ পৰিমাণ প্রায় ৭৫ ছেঃমিঃৰ পৰা ১২৫ ছেণ্টিমিটাৰ হয় । এই অঞ্চলৰ প্ৰধান শস্যসমূহ হৈছে – বজৰা , ৰাগী , জোৱাৰ , বাদাম , সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্য । 

( ঙ ) মাকৈ আৰু মােটা দানাযুক্ত শস্য অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে পশ্চিম ৰাজস্থান , উত্তৰ গুজৰাটৰ অর্ধ মৰু অঞ্চল আৰু মৰু অঞ্চলবােৰ । এই অঞ্চলৰ পূৱ অংশৰ মাটিভাগ পলসুৱা আৰু পশ্চিম অংশৰ মাটিভাগ বালিময় । ইয়াত বৰষুণৰ পৰিমাণ অতি কম হয় বাবে জলসিঞ্চন পদ্ধতিৰে কৃষিকার্য কৰা হয় । এই অঞ্চলৰ মোৰ মালভূতি প্ৰধানকৈ মাকৈৰ খেতি কৰাৰ লগতে কিছু পৰিমাণে ঘেহু আৰু ৰাগী , স্যৰ খেতি কৰা হয় । 

( চ ) কপাহ কৃষি অঞ্চলটো প্ৰধানকৈ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ দক্ষিণ – পশ্চিম অংশত অৱস্থিত আৰু অঞ্চলটোৰ নদী – উপত্যকা -লকাসমূহ ক’লা মাটিৰে আবৃত বাবে প্ৰচুৰ পৰিমাণে কপাহ উৎপাদন । এই অঞ্চলটো এক বৃষ্টিছায়া ( Rain Shadow ) অঞ্চল আৰু ইয়াত বার্বিক বৰষুণৰ পৰিমাণ ৭৫ ছেণ্টিমিটাৰৰ পৰা ১০০ ছেণ্টিমিটাৰৰ ভিতৰত হয় । 

( ছ ) মছলাজাতীয় আৰু ৰোপণ শস্য অঞ্চলটোৱে পূৱ আৰু পশ্চিম উপকূলীয় সমভূমিকে আদি কৰি আন্দামান – নিকোবৰ দীপপুঞ্জ আৰু লাক্ষাদ্বীপক ‘ সামৰি লৈছে । এই অঞ্চলটোত বৰষুণৰ পৰিমাণ বার্ষিক ২৫০ ছেণ্টিমিটাৰতকৈও অধিক হয় । এই অঞ্চলত উৎপাদিত প্রধান মছলাজাতীয় আৰু ৰােপণ শস্য হৈছে ৰবৰ , টপিঅ’কা , জালুক , ইলাচি‘ আদি । 

প্রশ্ন ১৪। ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্রত চিহ্নিত কৰি প্রত্যেকটো অঞ্চলৰে চমু বর্ণনা দিয়া । 

উত্তৰঃ ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা হৈছে— 

( ক ) হুগলী শিল্প অঞ্চল ।

( খ ) মুম্বাই – পুণা শিল্প অঞ্চল ।

( গ ) আহমেদাবাদ – চুৰাট শিল্প অঞ্চল ।

( ঘ ) মাদুৰাই – কইম্বাটোৰ – বাংগালােৰ শিল্প অঞ্চল ।

( ঙ ) চোটানাগপুৰ শিল্প অঞ্চল । 

তলৰ মানচিত্ৰত ভাৰতৰ প্ৰধান শিল্প অঞ্চলসমূহ চিহ্নিত কৰা হ’ল— 

( ক ) ভাৰতৰ হুগলী শিল্প অঞ্চলটো কলিকতা চহৰৰ হুগলী নদীৰ পাৰত গঢ়ি উঠিছে আৰু অঞ্চলটোৰ প্রধান উদ্যোগ কেন্দ্রসমূহ হৈছে—

নয়াহাটী , জগতদল , চামনগৰ , ত্রিবেণী , বেলুৰ , লিলুৱাহ , আনদুল আদি । এই অঞ্চলৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি কিন্তু সম্প্রতি মৰাপাট উদ্যোগবােৰে কেঁচামালৰ অভাৱত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । 

( খ ) মুম্বাই – পুণা শিল্প অঞ্চলটো বস্ত্র শিল্পক কেন্দ্ৰ কৰি গঢ়ি উঠিছে । এই অঞ্চলৰ বস্ত্রশিল্পৰ প্রধান কেন্দ্রসমূহ হৈছে — মুম্বাই , ভিলে পাৰলে , থানে , ভানদুপ আৰু পুণা । অঞ্চলটোত পেট্রলিয়ামৰ ওপৰত ভিত্তি কৰি পেটু’লিয়াম ভিত্তিক ৰাসায়নিক উদ্যোগ , কৃত্রিম সূতা প্রস্তুত কৰা উদ্যোগ আদি গঢ়ি উঠিছে । অঞ্চলটোত শ্রমিক আৰু মূলধনৰ প্রাচুর্য থকা হেতুকে বহুতাে ৰাসায়নিক আৰু যন্ত্রপাতি উদ্যোগ গঢ়ি উঠিছে ।

( গ ) আহমেদাবাদ – চুৰাট শিল্প অঞ্চলৰ প্রধান উদ্যোগসমূহ হৈছে— পেট্র’কেমিকেল উদ্যোগ , ৰাসায়নিক সাৰ উদ্যোগ , কৃত্রিম আঁহ জাতীয় বস্ত্র উৎপাদিত শিল্প , ৰাসায়নিক দ্রব্য আৰু বস্ত্র নির্মাণ উদ্যোগ আদি । পূর্বতে এই অঞ্চলত প্ৰধানকৈ বস্ত্ৰ উদ্যোগ আছিল যদিও সম্প্রতি প্রাকৃতিক গেছ  আৰু তেলৰ ওপৰত ভিত্তি কৰি বহুতো ৰাসায়নিক কল- কাৰখানা গঢ়ি উঠিছে । 

( ঘ ) মাদুৰাই – কইম্বাটোৰ – বাংগালােৰ শিল্প অঞ্চলটো প্ৰধানকৈ বস্ত্র উদ্যোগৰ বাবে বিখ্যাত । এই অঞ্চলটোত বস্ত্ৰ উদ্যোগৰ লগতে চৰকাৰী পৃষ্ঠপােষকতাত বহুতাে যন্ত্রপাতি উদ্যোগ , ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ গঢ়ি উঠিছে ।

( ঙ ) চোটানাগপুৰ শিল্প অঞ্চলটো প্ৰধানকৈ চোটানাগপুৰ মালভূমি অঞ্চলত পােৱা খনিজ পদার্থৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে । এই অঞ্চলৰ প্রধান উদ্যোগসমূহ হৈছে — খনিজ পদার্থ খনন উদ্যোগ , ধাতু উদ্যোগ , ইঞ্জিনিয়াৰিং উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ ।

প্রশ্ন ১৫। চমুটোকা লিখা :

( ক ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ।

( খ ) ভাৰতীয় অর্থনীতিত কৃষিৰ গুৰুত্ব ।

( গ ) মৌচুমী উদ্ভিদ ।

( ঘ ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ ।

( ঙ ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ ।

( চ ) ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ ।

( ছ ) লাভা মৃত্তিকা ।

( জ ) হুগলী শিল্প অঞ্চল ।

( ঝ ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য । 

( ঞ ) দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য ।

( ট ) ভাৰতীয় দ্বীপসমূহ ।

( ঠ ) হিমালয় পার্বত্য অঞ্চল । 

উত্তৰঃ ( ক ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল :- উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত । এই সমভূমি অঞ্চল পূৱে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্রায় ২৪০০ কিল’মিটাৰ বিস্তৃত । এই সমভূমি অঞ্চলৰ প্রস্থ ঠাইভেদে বেলেগ বেলেগ অর্থাৎ ই ২৪০ কিল’মিটাৰৰ পৰা ৩২০ কিল’মিটাৰৰ ভিতৰত থাকে । উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৰ মাটিকালি প্রায় ৭,০০,০০০ বর্গ কিলমিটাৰ । এই অঞ্চলটো প্ৰধানকৈ পাঁচখন সমভূমি – পশ্চিম সমভূমি , পঞ্জাৱ – হাৰিয়ানা সমভূমি , গঙ্গা সমভূমি , উত্তৰংগ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমিৰে গঠিত । হিমালয় অঞ্চলৰ পৰা প্ৰবাহিত হােৱা তিনিখন নদী — সিন্ধু , গংগা আৰু ব্ৰহ্মপুত্র নদীৰ লগতে এই নদীসমূহত অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে । এই সমভূমি অঞ্চলৰ মাটিভাগ সাৰুৱা আৰু ইয়াত যাতায়ত – পৰিবহণৰ সুব্যৱস্থা আছে বাবে অঞ্চলটো কৃষিৰ ক্ষেত্ৰত আগবঢ়া আৰু জনবসতি ঘন । 

( খ ) ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব :- ভাৰতৰ অৰ্থনীতিত কৃষিয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । দেশখনৰ অর্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু প্রায় ৭০ শতাংশ লােকে কৃষিকার্যত নিয়ােজিত থাকি জীৱন নিৰ্বাহ কৰে । দেশখনৰ জাতীয় আয়ৰ ক্ষেত্ৰত কৃষিয়ে এক উল্লেখযােগ্য বৰঙণি আগবঢ়াইছে । কৃষিয়ে দেশৰ বৰ্দ্ধিত জনসংখ্যাৰ বাবে খাদ্যশস্য যােগান ধৰাৰ লগতে উদ্যোগসমূহৰ বাবে কেঁচামালৰ যােগান ধৰে । কৃষিভিত্তিক উদ্যোগবােৰত সৰহ সংখ্যক নিবনুৱাই কর্মসংস্থান লাভ কৰিছে । কৃষিজাত সামগ্রী ৰপ্তানি কৰি ভাৰতবৰ্ষই বৈদেশিক মুদ্রা উপার্জন কৰিবলৈ সক্ষম হৈছে । কৃষি খণ্ডৰ উন্নতিৰ লগে আনুষংগিক খণ্ডসমূহ যেনে — উদ্যোগ খণ্ড , পৰিবহণ খণ্ড , বাণিজ্য খণ্ড আদি বিভিন্ন খণ্ডবােৰৰ উন্নতি সাধন হৈছে আৰু ইয়ে দেশৰ ৰাজ ভঁৰাল টনকিয়াল কৰিছে । কৃষিক ভাৰতীয় অর্থনীতিৰ মেৰুদণ্ড বুলি কব পাৰি । 

( গ ) মৌচুমী উদ্ভিদ :- যিবােৰ অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০ ছেণ্টিমিটাৰৰ পৰা ২০০ ছেণ্টিমিটাৰ হয় আৰু গড় উত্তাপ প্রায় ২৭° ছেলচিয়াচৰ ভিতৰত থাকে তেনেবােৰ অঞ্চলতে মৌচুমীয় উদ্ভিদ জন্মে । মৌচুমীয় অৰণ্যৰ প্ৰধান উদ্ভিদসমূহ হৈছে — শাল , চেগুণ , চিৰিচ , শিশু , অর্জুন , শিমলু আৰু ভিন্ন প্রজাতিৰ বাঁহ । মৌচুমীয় উদ্ভিদ মৌচুমী ঋতুত হােৱা বৰষুণৰ ওপৰত নিৰ্ভৰশীল । মৌচুমী অঞ্চলত শীতকালত কম পৰিমাণৰ বৰষুণ হয় আৰু উত্তাপে হ্রাস পায় ফলস্বৰূপে শীতকালত মৌচুমীয় উদ্ভিদবােৰৰ পাতবােৰ সৰি যায় । মৌচুমী উদ্ভিদ প্রধানকৈ অসম , পশ্চিমবংগ , বিহাৰ , উত্তৰপ্ৰদেশ , হিমাচল প্রদেশ , হাৰিয়ানা , মধ্যপ্রদেশ , তামিলনাড়ু , পশ্চিমঘাট , পূর্বঘাট পর্বত আৰু দাক্ষিণাত্য মালভূমিৰ পূৱ অংশত পােৱা যায় । মৌচুমী উদ্ভিদ আন্দামান নিকোবৰ দ্বীপপুঞ্জকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত দেখা যায় । 

( ঘ ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ :- ভাৰতত মৌচুমী বতাহ আৰু বৰষুণৰ যথেষ্ট প্রভাৱ পৰিলক্ষিত হয় । বছৰৰ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ প্রবাহিত হয় । গ্রীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ – পূৱ মৌচুমী বতাহ প্রবাহিত হয় । দক্ষিণ – পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সােমায় আৰু এই বতাহৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয় । উত্তৰ – পূৱ মৌচুমী বতাহ মধ্য এচিয়াৰ পৰা উত্তৰ – পূৱ দিশেৰে ভাৰতলৈ প্রবাহিত হয় আৰু স্থলভাগৰ পৰা অহা বাবে এই বতাহ অতি শুকান হয় । উত্তৰ – পূৱ মৌচুমী বতাহৰ ফলত বৰষুণ হােৱা দেখা নাযায় । 

দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ বাবে ভাৰতত প্ৰচুৰ পৰিমাণে ববযুণ হয় আৰু ইয়ে কৃষিকার্যত সহায় কৰে । ভাৰতবৰ্ষৰ উত্তৰ – পূৰ্বাঞ্চলৰ হিমালয়ৰ নামান অংশ , মেঘালয় মালভূমিৰ দক্ষিণ অংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম অংশত বার্ষিক ৩০০ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণে বৰষুণ হয় । আকৌ অৰুণাচল প্রদেশৰ বহিঃহিমালয় অঞ্চলটোত বার্ষিক বৃষ্টিপাত ৪০০ ছেণ্টিমিটাৰতকৈও বেছি হয় । আনহাতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত বার্ষিক বৃষ্টিপাত ৫০ ছেণ্টিমিটাৰতকৈ কম হয় । দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলত গড়ে ৫০ ছেণ্টিমিটাৰৰ পৰা ১০০ ছেণ্টিমিটাৰৰ ভিতৰত বৃষ্টিপাত হয় । তলৰ চিত্ৰত ভাৰতৰ বিভিন্ন ঠাইত হােৱা বৃষ্টিপাতৰ পৰিমাণ দেখুওৱা হ’ল—

( ঙ ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ :- ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ হৈছে — জন্মৰ উচ্চ হাৰ , মৃত্যুৰ নিম্ন হাৰ , প্ৰব্ৰজন , নিৰক্ষৰতা আদি । জন্মৰ হাৰ উচ্চ হােৱা বাবে ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে । জন্মৰ বিপৰীতে মৃত্যুৰ হাৰ কম হােৱা বাবে বর্ধিত জনসংখ্যাৰ সৃষ্টি হৈছে । সাম্প্রতিক সময়ত চিকিৎসা সেৱা অধিক উন্নত হােৱা বাবে মৃত্যুৰ পৰিমাণ পূর্বৰ তুলনাত বহু গুণে কম হৈছে । আনহাতে নিৰক্ষৰতা , কম বয়সত বিবাহ , বাল্যবিবাহ আদি কু-সংস্কাৰ আৰু সামাজিক , ব্যৱস্থাৰ বাবে জন্মৰ হাৰ দ্রুতগতিত বাঢ়ি আছে । তাৰােপৰি জন প্রব্রজনাে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ আন এক মুখ্য কাৰণ । ভাৰতৰ সীমান্তৱর্তী দেশসমূহৰ পৰা অধিক হাৰত হােৱা জন প্ৰব্ৰজনে দেশখনৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যােগাইছে । ভাৰতবৰ্ষলৈ যিহেতু অন্য বাহিৰা দেশৰ পৰা দ্রুতগতিত প্ৰব্ৰজন হৈ আছে আৰু তাৰ তুলনাত ভাৰতৰ পৰা এক সামান্য পৰিমাণ মানুহ বাহিৰৰ দেশলৈ ওলাই গৈছে , সেয়ে প্ৰব্ৰজনৰ ফলত দেশত জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু দেশৰ অৰ্থনীতিত বাধাৰ সৃষ্টি কৰিছে । 

( চ ) ভাৰতত জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ :- ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ হৈছে — প্রাকৃতিক পৰিৱেশ , ভৌগােলিক অৱস্থান , অর্থনৈতিক তথা যাতায়ত ব্যৱস্থা , কৃষিৰ উৎপাদন , জলবায়ু , উদ্যোগিক উন্নয়ন , নগৰীকৰণ আদি । ভাৰতবৰ্ষৰ যিবােৰ ৰাজ্য যাতায়ত , ব্যৱসায় বাণিজ্য আৰু শিল্প উদ্যোগত আগবঢ়া তেনেবােৰ ঠাইত জনসংখ্যা ঘনত্ব অধিক হয় । আনহাতে যিবিলাক অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় আৰু পৰিৱহণ তথা যাতায়ত ব্যৱস্থা অনুন্নত , তেনে ঠাইবােৰত জনবসতি পাতল হয় । উদাহৰণস্বৰূপে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বতৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনবসতি অতি সেৰেঙা । তাৰ বিপৰীতে সাৰুৱা সমতল অঞ্চলত যাতায়ত ব্যৱস্থা সুচল আৰু কৃষিকাৰ্যৰ সুবিধা থকা বাবে জনবসতি ঘন হয় । ভাৰতৰ নদী উপত্যকাসমূহৰ মাটিভাগ সাৰুৱা হােৱাৰ লগতে যাতায়ত তথা অর্থনৈতিক ব্যৱস্থা উন্নত হােৱাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্রয়ােজনীয় সা – সুবিধাবােৰ সহজে লাভ কৰিব পাৰে আৰু সেইবাবে জনবসতিৰ পৰিমাণ অধিক হয় । 

( ছ ) লাভা মৃত্তিকা :- যিবােৰ মৃত্তিকা বা মাটি লাভা অৱক্ষেপনৰ পৰা গঠিত হয় , তেনেবােৰ মাটিক লাভা মৃত্তিকা বােলা হয় । লাভা মৃত্তিকাক সাধাৰণতে কৃষ্ণ বা ক’লা মৃত্তিকা বুলিও জনা যায় । ভাৰতবৰ্ষৰ মহাৰাষ্ট্র , মধ্যপ্রদেশৰ পশ্চিমাঞ্চল , গুজৰাট আৰু অন্ধ্রপ্রদেশৰ কাষৰীয়া অঞ্চলৰ লাভা অৱক্ষেপ বিচুর্ণীকৃত হৈ লাভা মৃত্তিকা গঠন হৈছে । লাভা মৃত্তিকা কৃষিকাৰ্যৰ বাবে অধিক উপযােগী কিয়নাে এনে বােকাময় আৰু এঠাজাতীয় ক’লা মাটিয়ে পানী ধৰি ৰাখিব পাৰে । লাভা মৃত্তিকাত উৎকৃষ্ট কপাহ খেতি হয় আৰু সেয়ে এনে মাটিক কপাহ মাটি ( Cotton Soil ) বুলিও কোৱা হয় । 

( জ ) হুগলী শিল্প অঞ্চল :- ভাৰতবৰ্ষৰ হুগলী শিল্প অঞ্চলটো হুগলী নদীৰ পাৰত অৱস্থিত আৰু এই অঞ্চলত কলকাতা আৰু নিকটৱর্তী হাওৰা চহৰ অন্তর্ভূক্ত হৈছে । হুগলী শিল্প অঞ্চলটোৰ প্রধান উদ্যোগ কেন্দ্র সমূহ হৈছে — নয়াহাটী , জগতদল , চামনগৰ , ত্রিবেণী , বেলুৰ , লিলুৱাহ , আনদুল আদি । বৃটিছ শাসনৰ সময়ৰে পৰা হুগলী শিল্প অঞ্চলটো গঢ়ি উঠিছে আৰু এই অঞ্চলত থকা মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি । সম্প্রতি কেঁচামালৰ অভাৱত অধিকাংশ মৰাপাট উদ্যোগে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । তাৰােপৰি শ্রমিক আন্দোলন , মূলধনৰ সমস্যা , শক্তি যােগানৰ সমস্যা আদিৰ বাবে এই শিল্পদ্যোগ অঞ্চলটো আশা কৰা মতে উন্নতি কৰিব পৰা নাই ।

( ঝ ) উত্তৰ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্য :- উত্তৰ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্য হৈছে— 

( i ) উত্তৰ ভাৰতৰ নদীবােৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহা বাবে এই নদীবিলাকত গােটেই বছৰ জুৰি পানীৰ সোঁত থাকে । 

( ii ) উত্তৰ ভাৰতৰ নদীবােৰত উচ্চগতি , মধ্যগতি আৰু নিম্নগতি স্পষ্টভাৱে পৰিলক্ষিত হয় । 

( iii ) উত্তৰ ভাৰতৰ নদীবােৰৰ উপত্যকাসমূহ বহল আৰু এই নদীবােৰে বহুদূৰ সমতলৰ মাজেদি প্রবাহিত হােৱা কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য । 

( iv ) উত্তৰ ভাৰতৰ নদীবােৰ সৃষ্টিৰ ফালৰ পৰা দক্ষিণ ভাৰতৰ নদীবােৰতকৈ তুলনামূলকভাৱে নতুন আৰু এই নদীবােৰে সঘনাই সুতি সলনি কৰে । উত্তৰ ভাৰতৰ নদীসমূহৰ প্লাৱনভূমি বহল । 

( v ) উত্তৰ ভাৰতৰ নদীবােৰ প্রবাহিত হওতে গেছ পৰিবহণ কৰে , সেয়ে এই নদীবিলাক জলবিদ্যুৎ উৎপাদনৰ বাবে সুবিধাজনক নহয় । 

( vi ) উত্তৰ ভাৰতৰ নদী অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হােৱা বাবে জনবসতি ঘন হয় । 

( vii ) উত্তৰ ভাৰতৰ নদীসমূহ নাব্য হােৱা বাবে নদীৰ পাৰত বহুতাে ডাঙৰ চহৰ – নগৰ গঢ়ি উঠিছে । 

( viii ) উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈর্ঘ্য বেছি আৰু ইহঁতৰ মােহনাত বিস্তৃত ব – দ্বীপ অঞ্চলৰ সৃষ্টি হয় ।

( ঞ ) দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্যঃ দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য হৈছে –

( i ) দক্ষিণ ভাৰতৰ নদীবিলাক চাপৰ পৰ্বত বা মালভূমিৰ পৰা প্রৱাহিত হােৱা বাবে খৰালিকালত এই নদীবােৰৰ পানী প্রায় শুকাই যায় । 

( ii ) দক্ষিণ ভাৰতৰ নদীসমূহত উচ্চগতি , মধ্যগতি আৰু নিম্নগতি স্পষ্টভাবে পৰিলক্ষিত নহয় । 

( iii ) দক্ষিণ ভাৰতৰ নদীবােৰৰ উপত্যকা কিছু ঠেক আৰু খৰস্রোতা হােৱা বাবে নদীবােৰ নাব্য নহয় । 

( iv ) দক্ষিণ ভাৰতৰ নদীবােৰ বহু যুগ আগতে সৃষ্টি হােৱা বাবে সঘনাই সুতি নসলায় আৰু এই নদীবােৰৰ প্লাবন ভূমিও ঠেক হয় । 

( v ) দক্ষিণ ভাৰতৰ নদীসমূহ বিদ্যুৎ উৎপাদনৰ বাবে উপযােগী কিয়নাে । এই নদীবােৰ খৰস্রোতা হােৱাৰ লগতে ইহঁতে কম পৰিমাণে গেছ পৰিবহণ নকৰে । 

( vi ) দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সাৰুৱা নহয় আৰু সেয়ে জনবসতি সেৰেঙা । 

( vii ) দক্ষিণ ভাৰতৰ নদীবিলাক নাব্য নহয় আৰু সেয়ে এই নদীবােৰৰ পাৰত ডাঙৰ চহৰ – নগৰ গঢ়ি উঠা নাই । 

( vii ) দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মােহনা অঞ্চলত সৰু সৰু ব – দ্বীপ গঠিত হৈছে । 

( ট ) ভাৰতীয় দ্বীপসমূহ :- ভাৰতীয় দ্বীপসমূহ প্রধানকৈ দুটা গােট বা দ্বীপপুঞ্জত ভাগ কৰা হৈছে । ইয়াৰে এটা গােটক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোৰ আন্দামান – নিকোবৰ দ্বীপপুঞ্জ নামে জনা যায় । লাক্ষা দ্বীপ পুঞ্জৰ ৰাজধানী হৈছে কৱাৰাতি আৰু আন্দামান – নিকোবৰ দ্বীপপুঞ্জৰ 

ৰাজধানী হৈছে পর্ট ব্লেয়াৰ । লাক্ষা দ্বীপপুঞ্জ লাক্ষাদ্বীপ , মিনিকয় আৰু আমিনদ্বীপ নামে তিনিটা প্রধান দ্বীপেৰে গঠিত আৰু ই ২৫ টা সৰু – বৰ দ্বীপৰ সমষ্টি । লাক্ষা দ্বীপপুঞ্জ মালাৱাৰ উপকূলৰ পশ্চিমে আৰৱ সাগৰত অৱস্থিত । 

আন্দামান – নিকোবৰ দ্বীপপুঞ্জ কৰমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগােপসাগৰত অৱস্থিত আৰু এই দ্বীপপুঞ্জ আন্দামান অঞ্চলৰ ২০৪ টা আৰু নিকোবৰ অঞ্চলৰ ১১ টা সৰু – বৰ দ্বীপকলৈ মুঠ ২১৫ টা দ্বীপ সমষ্টিৰে গঠিত হৈছে । এই দ্বীপপুঞ্জটো দীঘলে প্রায় ৫৯০ কিল’মিটাৰ আৰু বহলে প্রায় ৫৮ কিল’মিটাৰ । এই দ্বীপসমূহৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা প্রায় ৫ মিটাৰৰ ভিতৰত আছে । 

( ঠ ) হিমালয় পার্বত্য অঞ্চল :- হিমালয় পৃথিৱীৰ ভিতৰত সর্বোচ্চ পর্বত । হিমালয়ৰ লগতে ইয়াৰ ঠালঠেঙুলিবােৰক সামৰি একেলগে হিমালয় পার্বত্য অঞ্চল বুলি জনা যায় । হিমালয় পার্বত্য অঞ্চল ভাৰতৰ উত্তৰ সীমাৰ সৈতে সংলগ্ন আৰু ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূৱ সীমালৈকে পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই পার্বত্য অঞ্চল প্রায় ২৫০০ কিল’মিটাৰ দীঘল আৰু ২৪০ ৰ পৰা ৫০০ কিলমিটৰ পর্যন্ত বহল আৰু ইয়াৰ মাটিকালি প্রায় ৫,০০,০০০ বর্গ কিল’মিটাৰ । সাগৰ পৃষ্ঠৰপৰা এই পার্বত্য অঞ্চলৰ উচ্চতা ৮০০ মিটাৰতকৈ অধিক । ভূ-বিজ্ঞানীসকলৰ মতে হিমালয় পর্বতে আগুৰি থকা ঠাইখিনিত বহু নিযুত বছৰ আগতে এখন সাগৰ আছিল । সময়ৰ সোঁতত সাগৰত গেদ পৰি , পৰি হিমালয় পার্বত্য অঞ্চলৰ সৃষ্টি হােৱা বুলি ভূ-বিজ্ঞানীসকলে মত পােষণ কৰে । হিমালয় পার্বত্য অঞ্চল টাৰচিয়েৰি যুগত সহজে ক্ষয়প্রাপ্ত হােৱা কোমল শিলাৰে গঠিত । সেয়ে এই পার্বত্য অঞ্চলৰ পৰা ওলােৱা নদ – নদীবােৰে অধিক পৰিমাণে গেদ কঢ়িয়াই অঞ্চলক পূৱা – পশ্চিমাকৈ তিনিটা শাৰীত ভাগ কৰিব পাৰি । সেয়া হৈছে — উচ্চ হিমালয় , নিম্ন হিমালয় আৰু বহিঃ হিমালয় । উচ্চ হিমালয় পার্বত্য অঞ্চলৰ উচ্চতা প্রায় ৬০০০ মিটাৰ , নিম্ন হিমালয় পার্বত্য অঞ্চলৰ উচ্চতা প্রায় ৪০০০ মিটাৰ আৰু বহিঃ হিমালয় পার্বত্য অঞ্চলৰ গড় উচ্চতা প্রায় ১০০০ মিটাৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top