Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা can be of great value to excel in the examination.
Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা
Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা Short Type Question Answerto each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা and select needs one.
ইণ্টাৰনেটৰ তিতা মিঠা
Group – A গদ্যাংশ
১। কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল?
উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।
২। ইন্টাৰনেট কি?
উত্তৰঃ ইণ্টাৰনেট (Internet) অর্থাৎ Interconnection of Networks. ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা।
৩। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰঃ কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিলে।
৪। পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লেছিল।
৫। ভাইৰাচ কি?
উত্তৰঃ ভাইৰাচৰ সম্পূৰ্ণ ৰূপ হৈছে Vital information resources undu seize. ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম। মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে।
৬। WWW বা ৱেব কি?
উত্তৰঃ WWW বা ৱেব হৈছে পৃথিৱীজুৰি সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্র চার্ণ (European Organisation of Nuclear Research) চমুকৈ (CERN)- ত ‘ৱৰ্ল্ড ৱাইড ৱেব’ (Www) ধাৰণাৰ অংকুৰিত হৈছিল।
৭। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱী সকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে বোমাঞ্চকৰ বৰ্ণনা পালে।
৮। বাক্য ৰচনা কৰা।
চিকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।
উত্তৰঃ চিনাকি-অচিনাকি: চিনাকি-অচিনাকি সকলো মানুহকে ভাল ব্যৱহাৰ কৰাটোহে ভাল মানুহৰ পৰিচয়।
অলীক-সপোন: কেৱল অলীক–সপোন দেখি হাত সাৱটি বহি থাকিলে কেতিয়াও উন্নতি নহয়।
নাকে-মুখে: নাকে-মুখে কোনোমতে ভাতকেইটা গুজি নিতুল স্কুললৈ ওলাই গ’ল।
পৰীক্ষা-নিৰীক্ষা: বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰাতুলে যন্ত্ৰটো চলাবলৈ সক্ষম হ’ল।
৯। অর্থ লিখা (অভিধান চাই):
ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।
উত্তৰঃ ক্ষতি – লোকচান।
বিজুতি – বিপদ।
গুণা-গঁথা – চিন্তা-চৰ্চা।
উদাস – অনীহা।
পুঞ্জীভূত – থুপ খাই থকা।
অতিৰিক্ত প্ৰশ্নোত্তৰ

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


