Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি can be of great value to excel in the examination.
Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Short Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি and select needs one.
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Group – A গদ্যাংশ
১। ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰপৰা অহা মংগোলীয় লোকসকল।
২। প্রাচীন কালৰেপৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?
উত্তৰঃ প্রাচীন কালৰেপৰা অসম দেশখন যাদুমন্ত্র আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।
৩। কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?
উত্তৰঃ বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে।
৪। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰঃ সকলোৰে বান্ধি থোৱা এনাজৰীডাল হৈছে—অসমীয়া ভাষা।
৫। অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰঃ অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক বুলি আহোমসকলক বুজোৱা হৈছে।
৬। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্রাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ—কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিছিং, বড়ো’, তিৱা, কাৰ্বি আদিক বুজায়।
৭। কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?
উত্তৰঃ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।
৮। চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোকে ক’ৰপৰা অসমলৈ আহিছিল?
উত্তৰঃ চাহউদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক।
এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।
৯। পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে—কেক, বিস্কুট, পৰাথা, পোলাও, কোর্মা-কোপ্তা, কটি, বংগ দেশীয় ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি-পুৰী, মাদ্ৰাজী ড’চা, চাম্বাৰ আৰু ইলি ইত্যাদি।
১০। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়া নাম, বন গীত, বিহু গীত, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। কিন্তু এই সাহিত্যৰ সমলবোৰে লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰপৰা বেগে হৈ গ’ল।
৯। সন্ধি ভাঙা:
সংস্কৃতি, জলাঞ্জলি, ভৌগোলিক
উত্তৰঃ সংস্কৃতি = সম + কৃতি।
জলাঞ্জলি = জল + অঞ্জলি।
ভৌগোলিক = ভূগোল + ষ্ণিক।
১০। “প্ৰ” উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰঃ প্র + কাৰ = প্ৰকাৰ।
প্র + গতি = প্রগতি।
প্র + তাপ = প্রতাপ।
১১। বাক্য ৰচনা কৰা:
ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা ধৰা।
উত্তৰঃ ভাষা-সংস্কৃতি: ভাষা-সংস্কৃতিত চহকী অসমীয়া জাতিয়ে বিশ্ব দৰবাৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
পূজা-পার্বন: বিভিন্ন পূজা-পার্বণ, লোকাচাৰৰ মাজেৰে অসমীয়া জাতিৰ বৈশিষ্ট্য অতি সুন্দৰকৈ প্রকাশ পায়।
বেপাৰ-বাণিজ্য: বেপাৰ-বাণিজ্য কৰিবলৈ অহা বহুতো বিদেশী লোকে অসমীয়া ভাষা-সংস্কৃতি গ্রহণ কৰি সম্পূৰ্ণ অসমীয়া হৈ পৰিছে।
সহজ-সৰল: সহজ সৰল মানুহজনক গাওঁখনৰ সকলোৱে বৰ ভাল পায়।
দিয়া-লোৱা: অসমলৈ অহা বিভিন্ন জাতি আৰু অসমীয়া জাতিৰ সংস্কৃতিৰ দিয়া-লোৱাৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি গঢ়ি উঠিছে।
এৰা ধৰা: সকলো কথা এৰা ধৰাৰ মাজেৰে চলিলে সমাজত সুখ-শান্তি বিৰাজ কৰে।
অতিৰিক্ত প্ৰশ্নোত্তৰ

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



Moja
🐣😺moja ne 😒