চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) আছিল অসমীয়া সমাজৰ এগৰাকী প্ৰগতি-পথিক মহিলা, যিয়ে স্বাধীনতা আন্দোলনৰ লগতে অসমীয়া মহিলাসকলৰ শিক্ষাৰ বিস্তাৰ আৰু অধিকাৰৰ বাবে জীৱন উৎসৰ্গ কৰি দিছিল। তেওঁক অসমৰ নাৰীবাদী আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে সন্মানিত কৰা হয়। তেখেত মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা ‘সদৌ অসম প্ৰাদেশিক মহিলা সমিতি’ ৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল।
১৯৭২ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা ‘পদ্মশ্ৰী’ প্ৰদান কৰে। তেওঁৰ মৃত্যুৰ প্ৰায় তিনিটা দশকৰ পাছত, ২০০২ চনত, ভাৰত চৰকাৰে তেওঁৰ সোঁৱৰণী স্বৰূপে এটা স্মৃতিচাৰক ডাকটিকট প্ৰকাশ কৰে।
শইকীয়ানীয়ে ১৯২০-২১ চনৰ অসহযোগ আন্দোলন আৰু ১৯৩২ চনৰ আইন অমান্য আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। লগতে, স্বাধীন ভাৰতৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাসত স্থান লাভ কৰে। তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ ডাক্টৰ।

- প্ৰচলিত নাম: চন্দ্ৰপ্ৰভা শইকীয়ানী
- জন্ম: ১৬ মাৰ্চ, ১৯০১
- জন্মস্থান: দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা, অসম
- মৃত্যু: ১৬ মাৰ্চ, ১৯৭২, গুৱাহাটী
- পেচা: শিক্ষয়িত্ৰী, ঔপন্যাসিকা, সমাজসেৱী, স্বাধীনতা সংগ্ৰামী
- ভাষা: অসমীয়া
- ৰাষ্ট্ৰীয়তা: ভাৰতীয়
- বংশদ্ভূত: অসমীয়া
- নাগৰিকত্ব: ভাৰতীয়
- শিক্ষা: নগাঁও মিছন স্কুলত প্ৰাথমিক শিক্ষা
- কাৰ্যকাল: ১৯১৮ – ১৯৭২
- উল্লেখনীয় ভূমিকা:
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ
নাৰীবাদী আন্দোলনৰ পথিকৃৎ
সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠা
- উল্লেখযোগ্য বঁটা: পদ্মশ্ৰী (১৯৭২)
- দাম্পত্যসংগী: দণ্ডিনাথ কলিতা
- সন্তান: তৰুণ শইকীয়া
- প্ৰভাৱিত আন্দোলন: অসহযোগ আন্দোলন (১৯২০-২১), আইন অমান্য আন্দোলন (১৯৩২)
চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) ৰ প্ৰাৰম্ভিক জীৱন
তেতিয়াৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ অন্তৰ্গত আৰু বৰ্তমান বজালী জিলাত অন্তৰ্ভুক্ত দৈশিঙৰী গাঁৱতেই জন্মগ্ৰহণ কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়া। তেওঁৰ পিতৃ ৰাতিৰাম মজুমদাৰ গাঁওবুঢ়া আছিল আৰু মাতৃ গংগাপ্ৰিয়া মজুমদাৰ। জন্মৰ পাছত তেওঁৰ নাম ৰখা হৈছিল চন্দ্ৰপ্ৰিয়া। তেওঁৰ ভনী ৰামেশ্বৰীৰ জন্ম নাম আছিল ৰামেশ্বৰী, যদিও পাছত তেওঁলোকৰ নাম যথাক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা ৰূপে পৰিচিত হয়।
চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) ৰ শিক্ষাৰ আৰম্ভণি
গংগাপ্ৰিয়া মজুমদাৰে নিজৰ দুয়ো সন্তানক শিক্ষিত কৰাৰ দৃঢ় সংকল্প লৈছিল। গাঁৱত স্কুল নথকাৰ বাবে তেওঁলোকক ওচৰৰ ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত ৰাখি প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ পঠিয়াইছিল। ইয়াত চন্দ্ৰপ্ৰিয়াই ১৯০৭ চনত, ১১ বছৰ বয়সতে, প্ৰাথমিক স্তৰৰ শেষ পৰীক্ষা উতীৰ্ণ কৰে। তেতিয়া স্কুল পৰিদৰ্শকে ছমাহে ছমাহে পৰীক্ষা লৈ শিক্ষাৰ্থীৰ প্ৰমোচন দিত। প্ৰধান শিক্ষক কৃষ্ণকান্ত দত্তই তেওঁৰ মেধাৰ বাবে ৰূপৰ পদকেৰে সন্মানিত কৰিছিল।
চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) ৰ শিক্ষা প্ৰচাৰৰ উদ্যোগ
ইচ্ছা থাকিলেও সুযোগৰ অভাৱত চন্দ্ৰপ্ৰভাই দৈশিঙৰীৰ ওচৰৰ অকয়া গাঁৱত এখন বালিকা বিদ্যালয় স্থাপন কৰে আৰু নিজেই শিক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰে। কিন্তু ১৯১৪ চনত তেতিয়াৰ স্কুল পৰিদৰ্শক নীলকান্ত বৰুৱাই এই ঘটনাৰ কথা জানি তেওঁক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ পৰামৰ্শ দিয়ে। ফলত, ১৯১৫ চনত দুয়ো ভনী নগাঁৱলৈ গৈ শিক্ষাজীৱন অব্যাহত ৰাখে।
কিছুমান তথ্যমতে, চন্দ্ৰপ্ৰভাই প্ৰথমে কঁঠালগুৰি এম.ভি. স্কুলত ভৰ্তি হৈছিল। বহু দূৰত থাকিবলৈয়েই তেওঁলোক প্রতিদিনে বিদ্যালয়ত আহিবলগীয়া হৈছিল। অৱশেষত, নীলকান্ত বৰুৱাই তেওঁলোকৰ শিক্ষাৰ প্ৰতি ধাউতি লক্ষ্য কৰি বৃত্তি দিয়ে আৰু নগাঁও মিছন স্কুলত পঢ়াৰ সুবিধা কৰে। তাতেই তেওঁলোকৰ নাম সলনি কৰি চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।
প্ৰথম বিদ্ৰোহৰ ঘটনা
নগাঁও মিছন স্কুলত শিক্ষাৰ আৰম্ভণিৰ লগে লগে চন্দ্ৰপ্ৰভাই নিজৰ বিপ্লবী মনোভাৱ প্ৰকাশ কৰে। দুয়ো ভনীক হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বাবে ছাত্ৰীনিবাসৰ এটা সৰু কোঠাত থোৱা হৈছিল। প্ৰথমত এই ব্যৱস্থাক বিশেষ গুৰুত্ব নিদিলেও, পিছত আন এজন হিন্দু ছাত্ৰী ভৰ্তি হোৱাত, তেখেতক গুদাম ঘৰত থোৱাৰ সিদ্ধান্ত লোৱা হয়।
এই বৈষম্যমূলক ব্যৱস্থাৰ বিৰুদ্ধে চন্দ্ৰপ্ৰভাই সমগ্ৰ ছাত্ৰীসমাজক একত্ৰ কৰি মাত মাতে। ফলত, নিবাসৰ দায়িত্বত থকা মিছ লঙ এই সিদ্ধান্ত উঠাই ল’বলৈ বাধ্য হয়। ইয়াকেই চন্দ্ৰপ্ৰভাৰ প্ৰথম সফল বিদ্ৰোহ বুলিব পাৰি।
চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) ৰ কৰ্মজীৱনৰ পথ
১৯১৮ চনত শিক্ষাজীৱন সম্পূৰ্ণ কৰি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নগাঁৱৰ এটা প্ৰাথমিক বিদ্যালয়ত প্ৰথম চাকৰি আৰম্ভ কৰে। পাছত তেওঁ তেজপুৰৰ এটা মজলীয়া বিদ্যালয়ৰ প্রধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হয়। তেতিয়াই তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস আদি স্বাধীনতা সংগ্ৰামীসকলৰ সান্নিধ্য লাভ কৰে। স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাই চন্দ্ৰপ্ৰভাক স্বেচ্ছাসেৱিকাসকলক ‘কুচকাৱাজ’ শিকোৱাৰ দায়িত্ব দিয়ে। এই সময়ৰ পৰা তেওঁ সামাজিক ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হয় আৰু স্বাধীনতা সংগ্ৰামৰ লগতে নাৰী জাগৰণৰ কাৰ্যত অংশগ্ৰহণ কৰে। পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা বিলোপৰ লগতে নাৰীৰ সন্মান সুৰক্ষা আৰু সামাজিক মর্যাদা বৃদ্ধিৰ বাবে অসম মহিলা সমিতি স্থাপন কৰে। সম্পাদিকা হিচাপে সাত বছৰ কৰ্তব্য নিৰ্বাহ কৰাৰ সময়ছোৱাত তেওঁ শিশু-কল্যাণ, শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ সহায়, কুটিৰ শিল্প বিকাশ, মাদকবিৰোধী অভিযান, নাৰ্ছাৰী বিদ্যালয়, পুথিভঁৰাল, বোৱাকটা কেন্দ্ৰ, চিলাই-উল গোঁথা প্ৰশিক্ষণ, কাৰ্পেট আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কেন্দ্ৰ স্থাপন আদি উদ্যোগ গ্রহণ কৰে।
১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত কানিৰ বিৰুদ্ধে জ্বলন্ত ভাষণ প্ৰদান কৰে। ১৯২৫ চনৰ নগাঁও অধিৱেশনত মহিলাসকলক স্বাধীনতা সংগ্রামী হোৱাৰ আহ্বান জনায়। অসম মহিলা সমিতিৰ সম্পাদকীয় পদত একেৰাহে সাত বছৰ কাৰ্য নিৰ্বাহ কৰে। ১৯২৩ আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটে আৰু কিছুকাল কৃষক সভাৰ সভাপতিও আছিল। ১৯৫৭ চনত বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজিত হয়। ১৯৬৯ চনৰপৰা স্বাস্থ্যজনিত কাৰণত সামাজিক ক্ষেত্ৰৰ পৰা অব্যাহতি লয়। ১৯৪৫ চনত মহাত্মা গান্ধী আৰু ১৯৬৩ চনত বিনোৱা ভাৱে অসম ভ্ৰমণত তেওঁলোকৰ সৈতে সংগী হয়।
চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) ৰ সাহিত্যিক অৱদান
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে জীৱনকালত তিনিখন উপন্যাস ৰচনা কৰে — পিতৃভিঠা, শেষ আশ্ৰয়, আৰু অপৰাজিতা। ইয়াৰ ভিতৰত পিতৃভিঠা কেৱল প্ৰকাশিত হয় আৰু নাৰীবাদী উপন্যাস হিচাপে বিশেষ জনপ্ৰিয়তা লাভ কৰে। বাকী দুয়োখন অসম্পূৰ্ণ অৱস্থাত উদ্ধাৰ হয়। উপন্যাসৰ উপৰি তেওঁ গল্প, নাটক আৰু কবিতাও ৰচনা কৰে। মোৰ কবিতা তেওঁ লিখা কবিতাৰ সংকলন, লগতে অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগৰ উদ্যোগত প্ৰকাশিত মুক্ত মানব কবিতা সংকলনতো তেওঁৰ কবিতা অন্তৰ্ভুক্ত হয়। তেওঁ অভিযান আৰু অভিযাত্ৰী আলোচনীৰ সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা নিবাৰণৰ বিষয়ে দিয়া ভাষণ, কিতাপ আৰু প্ৰবন্ধসমূহ অনুবাদ কৰি আলোচনীসমূহত প্ৰকাশ কৰিছিল।
চন্দ্ৰপ্ৰভা শইকীয়ানী (Chandraprabha Saikiani) ৰ প্ৰেম আৰু বিবাহ
তেজপুৰত থাকোতে চন্দ্ৰপ্ৰভাৰ পৰিচয় হয় সাহিত্যিক দণ্ডিনাথ কলিতাৰ সৈতে। দুয়ো জনৰ মাজত আকৰ্ষণ জন্মে আৰু শীঘ্ৰেই প্ৰেমৰ সম্পৰ্ক স্থাপন হয়। কিন্তু তেতিয়াৰ ৰক্ষণশীল সমাজত পিতৃ-মাতৃয়ে এই সম্পৰ্কক গ্ৰহণ নকৰিল। অৱশেষত, গন্ধৰ্ব প্ৰথাত দুয়ো জনে বিয়া কৰে যদিও সমাজে সেই বিয়াক স্বীকৃতি নিছিল। ক্ৰমে, দণ্ডিনাথ কলিতাই সামাজিক চাপৰ সন্মুখীন হৈ আঁতৰি যায়। চন্দ্ৰপ্ৰভাৰ গৰ্ভত জন্ম লোৱা পুত্ৰ সন্তানৰ দায়িত্ব সাহসিকতাৰে নিজে লৈ, তেওঁ পুনৰ বজালীস্থিত পিতৃভিঠালৈ উভতি আহি সন্তানক অকলশৰীয়াকৈ লালন-পালন কৰাৰ সংকল্প কৰে।
জনপ্ৰিয় সংস্কৃতিত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ অৱদান
জীৱনীমূলক গ্ৰন্থসমূহ
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত চাৰিখন জীৱনী প্ৰকাশিত হৈছে—
- অগ্নিস্নাতা চন্দ্ৰপ্ৰভা – পুষ্পলতা দাস (১৯৯৮)[19]
- চন্দ্ৰপ্ৰভা শইকীয়ানী – অচ্যুত কুমাৰ শৰ্মা (২০০১)
- মুক্তিসংগ্ৰামী চন্দ্ৰপ্ৰভা – হিৰণ্ময়ী দেৱী (২০০২)
- চন্দ্ৰপ্ৰভা – অঞ্জলি শৰ্মা (২০১১)[20]
উপন্যাস
নিৰুপমা বৰগোঁহাঞিয়ে ৰচনা কৰা ‘অভিযাত্ৰী’ উপন্যাসখন সম্পূৰ্ণকৈ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক আধাৰ কৰি লিখা হৈছে। প্ৰদীপ্ত বৰগোহাইয়ে উপন্যাসখন ‘অভিযাত্ৰীঃ ৱান লাইফ মেনি ৰিভাৰ্ছ’ শীৰ্ষকেৰে ইংৰাজী ভাষালৈ অনুবাদ কৰে।
সাহিত্য অকাডেমী বঁটা
‘অভিযাত্ৰী’ উপন্যাসখন ১৯৯৬ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
মৃত্যু আৰু সন্মান
১৯৬৯ চনৰ পৰা স্বাস্থ্যৰ অবনতি হোৱা বাবে চন্দ্ৰপ্ৰভাই সামাজিক কাৰ্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখে। ১৯৭২ চনৰ ১৬ মাৰ্চত গুৱাহাটীস্থিত নিজ বাসগৃহত কৰ্কট ৰোগত আক্রান্ত হৈ তেওঁ পৰলোকগমন কৰে। মৃত্যুৰ কেইমাহ পূৰ্বে, ১৯৭২ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। পাছলৈ, ২০০২ চনত ডাক বিভাগে সমাজ সংস্কাৰকসকলৰ স্মৃতিৰক্ষার্থে জাৰী কৰা বিশেষ ডাক টিকটত তেওঁৰ নামো অন্তৰ্ভুক্ত কৰে। ২০০৯ চনত গুৱাহাটীৰ চৰকাৰী ছাত্ৰী পলিটেকনিক কলেজৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হয়। তদুপৰি, তেজপুৰ বিশ্ববিদ্যালয়ে “চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ” স্থাপন কৰি তেওঁৰ অৱদানক চিৰস্মৰণীয় কৰি ৰাখিছে।
উপসংহাৰ
চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল অসমীয়া সমাজৰ এগৰাকী সত্যিকাৰ নাৰী অগ্ৰদূত। শিক্ষাৰ প্ৰচাৰ, নাৰীৰ অধিকাৰ , সামাজিক সংস্কাৰ আৰু স্বাধীনতাৰ আন্দোলনত তেওঁৰ অৱদান অমূল্য। তেওঁৰ জীৱন আৰু কৰ্ম আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হিচাপে চিৰকাল জীয়াই থাকিব।
Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী
FAQs
1. চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৬ মাৰ্চ, ১৯০১ চনত।
2. তেওঁ কোন স্থানত জন্মগ্ৰহণ কৰিছিল?
উত্তৰ: দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা, অসম।
3. চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে লাভ কৰা উল্লেখযোগ্য বঁটা কি?
উত্তৰ: পদ্মশ্ৰী বঁটা (১৯৭২)।
4. চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কি আন্দোলনত অংশগ্ৰহণ কৰিছিল?
উত্তৰ: অসহযোগ আন্দোলন (১৯২০-২১) আৰু আইন অমান্য আন্দোলন (১৯৩২)।
5. তেওঁৰ উল্লেখযোগ্য উপন্যাস কি?
উত্তৰ: “পিতৃভিঠা” — নাৰীবাদী মনোভাৱ সম্বলিত উপন্যাস।

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.